Back to Quran

জুজ

Juz 29

67:1 ... 77:50 · 431 ayahs

অনুবাদক Shaykh Rafeequl Islam Habibur Rahman

  1. Surah Al-MulkBegins here at 67:1

  2. 67:1

    تَبَـٰرَكَ ٱلَّذِى بِيَدِهِ ٱلْمُلْكُ وَهُوَ عَلَىٰ كُلِّ شَىْءٍ قَدِيرٌ

    Tabaarakal laẓee bi-Yadihil MULK; wa-Huwa ʻalaa kulli shayʹiñ Q̣adeer:―

    বৰকতময় সেই সত্ত্বা, যাৰ হাতত সৰ্বময় কৰ্তৃত্ব; আৰু তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।

  3. 67:2

    ٱلَّذِى خَلَقَ ٱلْمَوْتَ وَٱلْحَيَوٰةَ لِيَبْلُوَكُمْ أَيُّكُمْ أَحْسَنُ عَمَلًا ۚ وَهُوَ ٱلْعَزِيزُ ٱلْغَفُورُ

    ʹAllaẓee khalaq̣al Mawta wal-Ḥayaata liyabluwakum ʹayyukum ʹaḥsanu ʻamalaa; wa-Huwal ʻAzeezul G̣afoor;―

    যিজনে মৃত্যু আৰু জীৱন সৃষ্টি কৰিছে, যাতে তোমালোকক পৰীক্ষা কৰিব পাৰে যে, তোমালোকৰ মাজত কোন আটাইতকৈ উত্তম আমলকাৰী? তেওঁ পৰাক্ৰমশালী, অতি ক্ষমাশীল।

  4. 67:3

    ٱلَّذِى خَلَقَ سَبْعَ سَمَـٰوَٰتٍ طِبَاقًا ۖ مَّا تَرَىٰ فِى خَلْقِ ٱلرَّحْمَـٰنِ مِن تَفَـٰوُتٍ ۖ فَٱرْجِعِ ٱلْبَصَرَ هَلْ تَرَىٰ مِن فُطُورٍ

    ʹAllaẓee khalaq̣a sabʻa samaawaatiñ ṭibaaq̣aa: maa- taraa fee Khalq̣ir Raḥmaani miñ tafaawut. Farjiʻil baṣara hal taraa miñ fuṭoor?

    যিজনে সাতখন আকাশ স্তৰে স্তৰে সৃষ্টি কৰিছে। ৰহমানৰ সৃষ্টিত তুমি কোনো ত্ৰুটি দেখিবলৈ নাপাবা; তুমি আকৌ ঘূৰি চোৱা, কোনো ত্ৰুটি দেখিবলৈ পাইছানে?

  5. 67:4

    ثُمَّ ٱرْجِعِ ٱلْبَصَرَ كَرَّتَيْنِ يَنقَلِبْ إِلَيْكَ ٱلْبَصَرُ خَاسِئًا وَهُوَ حَسِيرٌ

    S̤ummar jiʻil baṣara karratayni yañq̣alib ʹilaykal baṣaru khaasiʹañw wahuwa ḥaseer.

    তাৰ পিছত আকৌ তুমি দ্বিতীয়বাৰ দৃষ্টিপাত কৰা, এই দৃষ্টি ব্যৰ্থ আৰু ক্লান্ত হৈ তোমাৰ ফালেই উভতি আহিব।

  6. 67:5

    وَلَقَدْ زَيَّنَّا ٱلسَّمَآءَ ٱلدُّنْيَا بِمَصَـٰبِيحَ وَجَعَلْنَـٰهَا رُجُومًا لِّلشَّيَـٰطِينِ ۖ وَأَعْتَدْنَا لَهُمْ عَذَابَ ٱلسَّعِيرِ

    Wa-laq̣ad zayyannas samaaaʹad dunyaa bimaṣaabeeḥa wa-jaʻalnaahaa rujoomal lishshayaaṭeeni wa-ʹaʻtadnaa lahum ʻaẓaabas Saʻeer.

    নিশ্চয় আমি নিকটৱৰ্তী আকাশক প্ৰদীপপুঞ্জৰ দ্বাৰা সুশোভিত কৰিছোঁ আৰু সেইবোৰক চয়তানসকলৰ প্ৰতি নিক্ষেপৰ উপকৰণ বনাইছোঁ আৰু সিহঁতৰ বাবে প্ৰস্তুত কৰিছোঁ জ্বলন্ত অগ্নিকুণ্ডৰ শাস্তি।

  7. 67:6

    وَلِلَّذِينَ كَفَرُوا۟ بِرَبِّهِمْ عَذَابُ جَهَنَّمَ ۖ وَبِئْسَ ٱلْمَصِيرُ

    Wa-lillaẓeena kafaroo bi-Rabbihim ʻAẓaabu Jahannam: wa-biʻsal maṣeer.

    আৰু যিসকলে নিজ প্ৰতিপালকক অস্বীকাৰ কৰিছে, সিহঁতৰ বাবে আছে জাহান্নামৰ শাস্তি; আৰু কিমান যে নিকৃষ্ট সেই প্ৰত্যাৱৰ্তনস্থল।

  8. 67:7

    إِذَآ أُلْقُوا۟ فِيهَا سَمِعُوا۟ لَهَا شَهِيقًا وَهِىَ تَفُورُ

    ʹIẓaaa ʹulq̣oo feehaa samiʻoo lahaa shaheeq̣añw wahiya tafoor,―

    যেতিয়া সিহঁতক তাত নিক্ষেপ কৰা হ'ব, তাত সিহঁতে ইয়াৰ বিকট শব্দ শুনিবলৈ পাব, আৰু ই উথলি উঠিব।

  9. 67:8

    تَكَادُ تَمَيَّزُ مِنَ ٱلْغَيْظِ ۖ كُلَّمَآ أُلْقِىَ فِيهَا فَوْجٌ سَأَلَهُمْ خَزَنَتُهَآ أَلَمْ يَأْتِكُمْ نَذِيرٌ

    Takaadu tamayyazu minal g̣ayz̤̣: kullamaaa ʹulq̣iya feehaa fawjuñ saʹalahum khazanatuhaaa ʹalam yaʹtikum Naẓeer?

    ক্ৰোধত ই ছিন্ন-ভিন্ন হোৱাৰ উপক্ৰম হ'ব। যেতিয়াই তাত কোনো দলক নিক্ষেপ কৰা হ'ব, ইয়াৰ প্ৰহৰীসকলে সিহঁতক সুধিব, ‘তোমালোকৰ ওচৰলৈ কোনো সতৰ্ককাৰী অহা নাছিলনে’?

  10. 67:9

    قَالُوا۟ بَلَىٰ قَدْ جَآءَنَا نَذِيرٌ فَكَذَّبْنَا وَقُلْنَا مَا نَزَّلَ ٱللَّهُ مِن شَىْءٍ إِنْ أَنتُمْ إِلَّا فِى ضَلَـٰلٍ كَبِيرٍ

    Q̣aaloo balaa q̣ad jaaaʹanaa Naẓeer; fakaẓẓabnaa waq̣ulnaa maa- nazzalal laahu miñ shayʹ: ʹin ʹañtum ʹillaa fee ḍalaaliñ kabeer!

    সিহঁতে ক'ব হয়, 'নিশ্চয় আমাৰ ওচৰলৈ সতৰ্ককাৰী আহিছিল। তেতিয়া আমি (তেওঁলোকক) মিথ্যাৰোপ কৰিছিলোঁ আৰু কৈছিলোঁ, ‘আল্লাহে একোৱে অৱতীৰ্ণ কৰা নাই। তোমালোকে মহাবিভ্ৰান্তিত আছা’।

  11. 67:10

    وَقَالُوا۟ لَوْ كُنَّا نَسْمَعُ أَوْ نَعْقِلُ مَا كُنَّا فِىٓ أَصْحَـٰبِ ٱلسَّعِيرِ

    Wa-q̣aaloo law kunnaa nasmaʻu ʹaw naʻq̣ilu maa- kunnaa feee ʹAṣḥaabis Saʻeer!

    আৰু সিহঁতে ক'ব, ‘যদি আমি শুনিলোঁহেঁতেন আৰু বিবেক-বুদ্ধি প্ৰয়োগ কৰিলোঁহেঁতেন, তেন্তে আমি জ্বলন্ত জুইৰ অধিবাসী নহ'লোঁহেঁতেন’।

  12. 67:11

    فَٱعْتَرَفُوا۟ بِذَنۢبِهِمْ فَسُحْقًا لِّأَصْحَـٰبِ ٱلسَّعِيرِ

    Faʻtarafoo biẓambihim: fasuḥq̣al liʹAṣḥaabis Saʻeer!

    ফলত সিহঁতে নিজৰ অপৰাধ নিজে স্বীকাৰ কৰিব। এতেকে (আল্লাহৰ ৰহমতৰ পৰা) জাহান্নামীসকল দূৰ হওক (সিহঁতৰ ধ্বংস অনিবাৰ্য)।

  13. 67:12

    إِنَّ ٱلَّذِينَ يَخْشَوْنَ رَبَّهُم بِٱلْغَيْبِ لَهُم مَّغْفِرَةٌ وَأَجْرٌ كَبِيرٌ

    ʹInnal laẓeena yakhshawna Rabbahum̃ bilg̣aybi lahum Mag̣firatuñw WaʹAjruñ kabeer.

    নিশ্চয় যিসকলে নেদেখাকৈ নিজ প্ৰতিপালকক ভয় কৰে তেওঁলোকৰ বাবে আছে ক্ষমা আৰু ডাঙৰ প্ৰতিদান।

  14. 67:13

    وَأَسِرُّوا۟ قَوْلَكُمْ أَوِ ٱجْهَرُوا۟ بِهِۦٓ ۖ إِنَّهُۥ عَلِيمٌۢ بِذَاتِ ٱلصُّدُورِ

    Wa-ʹasirroo q̣awlakum ʹawij haroo bih; ʹinnahoo ʻAleemum biẓaatiṣ ṣudoor.

    আৰু তোমালোকে তোমালোকৰ কথা গোপনে কোৱা অথবা প্ৰকাশ্যভাৱে কোৱা, নিশ্চয় অন্তৰসমূহত যি আছে সেই বিষয়ে তেওঁ সম্যক অৱগত।

  15. 67:14

    أَلَا يَعْلَمُ مَنْ خَلَقَ وَهُوَ ٱللَّطِيفُ ٱلْخَبِيرُ

    ʹAlaa yaʻlamu man khalaq̣? Wa-Huwal Laṭeeful Khabeer.

    যিজনে সৃষ্টি কৰিছে, তেৱেঁই নাজানিবনে? অথচ তেওঁ সূক্ষ্মদৰ্শী, সম্যক অৱহিত।

  16. 67:15

    هُوَ ٱلَّذِى جَعَلَ لَكُمُ ٱلْأَرْضَ ذَلُولًا فَٱمْشُوا۟ فِى مَنَاكِبِهَا وَكُلُوا۟ مِن رِّزْقِهِۦ ۖ وَإِلَيْهِ ٱلنُّشُورُ

    Huwal laẓee jaʻala lakumul ʹarḍa ẓaloolañ famshoo fee manaakibihaa wa-kuloo mir rizq̣ih: wa-ʹilayhin Nushoor.

    তেৱেঁই তোমালোকৰ বাবে পৃথিৱীখনক সুগম কৰি দিছে, এতেকে তোমালোকে ইয়াৰ পথ-প্ৰান্তৰত বিচৰণ কৰা আৰু তেওঁৰ জীৱিকাৰ পৰা তোমালোকে আহাৰ কৰা; আৰু তেওঁৰ ওচৰতেই পুনৰুত্থিত হৈ যাব লাগিব।

  17. 67:16

    ءَأَمِنتُم مَّن فِى ٱلسَّمَآءِ أَن يَخْسِفَ بِكُمُ ٱلْأَرْضَ فَإِذَا هِىَ تَمُورُ

    ʹA-ʹamiñtum mañ fis Samaaaʹi ʹañy yakhsifa bikumul ʹarḍa faʹiẓaa hiya tamoor?

    তোমালোকে নিৰাপত্তা লাভ কৰিছা নেকি যে, আকাশত যিজন আছে তেওঁ তোমালোকক ভূমিস্খলনৰ দ্বাৰা (পুতি পেলাই) ধ্বংস নকৰিব? ফলত হঠাৎ ই (পৃথিৱীখন) থৰ থৰকৈ কঁপিবলৈ ধৰিব।

  18. 67:17

    أَمْ أَمِنتُم مَّن فِى ٱلسَّمَآءِ أَن يُرْسِلَ عَلَيْكُمْ حَاصِبًا ۖ فَسَتَعْلَمُونَ كَيْفَ نَذِيرِ

    ʹAm ʹamiñtum mañ fis Samaaaʹi ʹañy yursila ʻalaykum ḥaaṣibaa? Fasataʻlamoona kayfa naẓeer.

    অথবা তোমালোকে নিৰাপত্তা লাভ কৰিছা নেকি যে, যিজন আকাশত আছে, তেওঁ তোমালোকৰ ওপৰত শিল বৰ্ষণকাৰী প্ৰবল ধুমুহা নপঠাব? তেতিয়া তোমালোকে জানিবলৈ পাবা কেনেকুৱা আছিল মোৰ সতৰ্কবাণী!

  19. 67:18

    وَلَقَدْ كَذَّبَ ٱلَّذِينَ مِن قَبْلِهِمْ فَكَيْفَ كَانَ نَكِيرِ

    Wa-laq̣ad kaẓẓabal laẓeena miñ q̣ablihim fakayfa kaana nakeer?

    আৰু নিশ্চয় সিহঁতৰ পুৰ্বৱৰ্তীসকলেও মিথ্যাৰোপ কৰিছিল। ফলত কেনেকুৱা আছিল মোৰ প্ৰত্যাখ্যান (ইয়াৰ শাস্তি)?

  20. 67:19

    أَوَلَمْ يَرَوْا۟ إِلَى ٱلطَّيْرِ فَوْقَهُمْ صَـٰٓفَّـٰتٍ وَيَقْبِضْنَ ۚ مَا يُمْسِكُهُنَّ إِلَّا ٱلرَّحْمَـٰنُ ۚ إِنَّهُۥ بِكُلِّ شَىْءٍۭ بَصِيرٌ

    ʹAwalam yaraw ʹilaṭ ṭayri fawq̣ahum ṣaaaffaatiñw Wayaq̣biḍn? Maa- yum-siku-hunna ʹillar Raḥmaan: ʹinnahoo bikulli shayʹim Baṣeer.

    সিহঁতে সিহঁতৰ ওপৰত (উৰি ফুৰা) চৰাইবোৰৰ প্ৰতি লক্ষ্য নকৰে নেকি, যিবোৰে পাখি মেলি দিয়ে আৰু সংকুচিত কৰে? পৰম কৰুণাময় আল্লাহেই এইবোৰক স্থিৰ কৰি ৰাখে। নিশ্চয় তেওঁ সকলো বস্তুৰ সম্যক দ্ৰষ্টা।

  21. 67:20

    أَمَّنْ هَـٰذَا ٱلَّذِى هُوَ جُندٌ لَّكُمْ يَنصُرُكُم مِّن دُونِ ٱلرَّحْمَـٰنِ ۚ إِنِ ٱلْكَـٰفِرُونَ إِلَّا فِى غُرُورٍ

    ʹAmman haaẓal laẓee huwa juñdul lakum yañṣurukum miñ doonir Raḥmaan? ʹInil kaafiroona ʹillaa fee g̣uroor.

    পৰম কৰুণাময় আল্লাহৰ বাহিৰে তোমালোকৰ এনে কোনো সেনাবাহিনী আছেনে, যিসকলে তোমালোকক সহায় কৰিব? কাফিৰসকল আছে মাথোন প্ৰবঞ্চনাৰ মাজত।

  22. 67:21

    أَمَّنْ هَـٰذَا ٱلَّذِى يَرْزُقُكُمْ إِنْ أَمْسَكَ رِزْقَهُۥ ۚ بَل لَّجُّوا۟ فِى عُتُوٍّ وَنُفُورٍ

    ʹAmman haaẓal laẓee yarzuq̣ukum ʹin ʹamsaka Rizq̣ah? Bal lajjoo fee ʻutuwwiñw Wanufoor.

    তেওঁ যদি তেওঁৰ জীৱিকা বন্ধ কৰি দিয়ে, কোন আছে এনেকুৱা, যিজনে তোমালোকক জীৱিকা দান কৰিব? বৰং সিহঁত অবাধ্যতা আৰু (সত্য) বিমুখতাত অবিচল হৈ আছে।

  23. 67:22

    أَفَمَن يَمْشِى مُكِبًّا عَلَىٰ وَجْهِهِۦٓ أَهْدَىٰٓ أَمَّن يَمْشِى سَوِيًّا عَلَىٰ صِرَٰطٍ مُّسْتَقِيمٍ

    ʹAfamañy yamshee mukibban ʻalaa wajhiheee ʹahdaaa ʹammañy yamshee sawiyyan ʻalaa Ṣiraaṭim Mustaq̣eem.

    যি ব্যক্তিয়ে মুখৰ ওপৰত ভৰ দি হালি খোজকাঢ়ে, সিয়েই অধিক হিদায়ত প্ৰাপ্ত নে সেই ব্যক্তি, যিজনে পোন হৈ সৰল পথত খোজকাঢ়ে?

  24. 67:23

    قُلْ هُوَ ٱلَّذِىٓ أَنشَأَكُمْ وَجَعَلَ لَكُمُ ٱلسَّمْعَ وَٱلْأَبْصَـٰرَ وَٱلْأَفْـِٔدَةَ ۖ قَلِيلًا مَّا تَشْكُرُونَ

    Q̣ul Huwal laẓeee ʹañshaʹakum wa-jaʻala lakumus samʻa wal-ʹabṣaara wal-ʹafʹidah: q̣aleelam maa tashkuroon.

    কোৱা, তেৱেঁই তোমালোকক সৃষ্টি কৰিছে আৰু তোমালোকৰ বাবে শ্ৰৱণশক্তি আৰু দৃষ্টিশক্তি লগতে অন্তঃকৰণসমূহ প্ৰদান কৰিছে। তোমালোকে খুবেই কম কৃতজ্ঞতা প্ৰকাশ কৰা।

  25. 67:24

    قُلْ هُوَ ٱلَّذِى ذَرَأَكُمْ فِى ٱلْأَرْضِ وَإِلَيْهِ تُحْشَرُونَ

    Q̣ul Huwal laẓee ẓaraʹakum fil ʹarḍi wa-ʹilayhi tuḥsharoon.

    কোৱা, তেৱেঁই তোমালোকক পৃথিৱীত সৃষ্টি কৰি প্ৰসাৰিত কৰিছে আৰু তেওঁৰ ওচৰতেই তোমালোকক সমবেত কৰা হ'ব।

  26. 67:25

    وَيَقُولُونَ مَتَىٰ هَـٰذَا ٱلْوَعْدُ إِن كُنتُمْ صَـٰدِقِينَ

    Wa-yaq̣ooloona mataa haaẓal waʻdu ʹiñ kuñtum ṣaadiq̣een.

    আৰু সিহঁতে কয়, 'তোমালোকে যদি সত্যবাদী হোৱা তেন্তে কোৱাচোন এই প্ৰতিশ্ৰুতি কেতিয়া বাস্তৱায়িত হ’ব'?

  27. 67:26

    قُلْ إِنَّمَا ٱلْعِلْمُ عِندَ ٱللَّهِ وَإِنَّمَآ أَنَا۠ نَذِيرٌ مُّبِينٌ

    Q̣ul ʹinnamal ʻilmu ʻiñdal laah: wa-ʹinnamaaa ʹana Naẓeerum mubeen.

    কোৱা, এই বিষয়ৰ জ্ঞান কেৱল আল্লাহৰ ওচৰতেই আছে। আৰু মইতো কেৱল স্পষ্ট সতৰ্ককাৰীহে মাত্ৰ।

  28. 67:27

    فَلَمَّا رَأَوْهُ زُلْفَةً سِيٓـَٔتْ وُجُوهُ ٱلَّذِينَ كَفَرُوا۟ وَقِيلَ هَـٰذَا ٱلَّذِى كُنتُم بِهِۦ تَدَّعُونَ

    Falammaa raʹawhu zulfatañ seeeʹat wujoohul laẓeena kafaroo wa-q̣eela haaẓal laẓee kuñtum̃ bihee taddaʻoon!

    যেতিয়া সিহঁতে ইয়াক নিচেই ওচৰত দেখা পাব তেতিয়া কাফিৰসকলৰ চেহাৰা ম্লান হৈ পৰিব আৰু কোৱা হ’ব, ‘এইটোৱেই হৈছে সেই শাস্তি, যিটোক তোমালোকে (সোনকালে আনিবলৈ) আবেদন কৰিছিলা’।

  29. 67:28

    قُلْ أَرَءَيْتُمْ إِنْ أَهْلَكَنِىَ ٱللَّهُ وَمَن مَّعِىَ أَوْ رَحِمَنَا فَمَن يُجِيرُ ٱلْكَـٰفِرِينَ مِنْ عَذَابٍ أَلِيمٍ

    Q̣ul ʹaraʹaytum ʹin ʹahlakaniyal laahu wa-mam maʻiya ʹaw raḥimanaa famañy yujeerul kaafireena min ʻAẓaabin ʹaleem.

    কোৱা, তোমালোকে ভাবি চাইছানে, যদি আল্লাহে মোক আৰু মোৰ সঙ্গীসকলক ধ্বংস কৰি দিয়ে অথবা আমাৰ প্ৰতি দয়া কৰে, তেন্তে কাফিৰসকলক যন্ত্ৰণাদায়ক শাস্তিৰ পৰা কোনে ৰক্ষা কৰিব?

  30. 67:29

    قُلْ هُوَ ٱلرَّحْمَـٰنُ ءَامَنَّا بِهِۦ وَعَلَيْهِ تَوَكَّلْنَا ۖ فَسَتَعْلَمُونَ مَنْ هُوَ فِى ضَلَـٰلٍ مُّبِينٍ

    Q̣ul Huwar Raḥmaanu ʹaamannaa bihee wa-ʻalayhi tawakkalnaa: fasataʻlamoona man huwa fee ḍalaalim mubeen.

    কোৱা, তেৱেঁই পৰম কৰুণাময়। আমি তেওঁৰ ওপৰতেই ঈমান আনিছোঁ আৰু তেওঁৰ ওপৰতেই ভৰসা কৰিছোঁ। গতিকে তোমালোকে অনতিপলমে জানিবলৈ পাবা কোন স্পষ্ট বিভ্ৰান্তিত আছে।

  31. 67:30

    قُلْ أَرَءَيْتُمْ إِنْ أَصْبَحَ مَآؤُكُمْ غَوْرًا فَمَن يَأْتِيكُم بِمَآءٍ مَّعِينٍۭ

    Q̣ul ʹaraʹaytum ʹin ʹaṣbaḥa maaaʹukum g̣awrañ famañy yaʹteekum̃ bimaaaʹim maʻeen?

    কোৱা, তোমালোকে ভাবি চাইছানে, যদি তোমালোকৰ পানী ভূগৰ্ভলৈ গুচি যায়, তেতিয়া কোনে তোমালোকক প্ৰবাহমান পানী আনি দিব?

  32. Surah Al-QalamBegins here at 68:1

  33. 68:1

    نٓ ۚ وَٱلْقَلَمِ وَمَا يَسْطُرُونَ

    NOOON. WALQ̣ALAMI wa-maa yasṭuroon,―

    নূন; কলমৰ শপত আৰু তেওঁলোকে (ফিৰিস্তাসকলে) যি লিখে তাৰ শপত!

  34. 68:2

    مَآ أَنتَ بِنِعْمَةِ رَبِّكَ بِمَجْنُونٍ

    Maaa ʹañta biniʻmati Rabbika bimajnoon.

    তোমাৰ প্ৰতিপালকৰ অনুগ্ৰহত তুমি উন্মাদ নহয়।

  35. 68:3

    وَإِنَّ لَكَ لَأَجْرًا غَيْرَ مَمْنُونٍ

    Wa-ʹinna laka laʹAjran g̣ayra mamnoon:

    আৰু নিশ্চয় তোমাৰ বাবে আছে নিৰৱচ্ছিন্ন পুৰস্কাৰ।

  36. 68:4

    وَإِنَّكَ لَعَلَىٰ خُلُقٍ عَظِيمٍ

    Wa-ʹinnaka laʻalaa khuluq̣in ʻaz̤̣eem.

    আৰু নিশ্চয় তুমি মহান চৰিত্ৰৰ উচ্চ শৃঙ্গত অধিষ্ঠিত।

  37. 68:5

    فَسَتُبْصِرُ وَيُبْصِرُونَ

    Fasatubṣiru wa-yubṣiroon,

    এতেকে অনতিপলমে তুমি দেখিবলৈ পাবা আৰু সিহঁতেও দেখিবলৈ পাব--

  38. 68:6

    بِأَييِّكُمُ ٱلْمَفْتُونُ

    Biʹayyikumul maftoon.

    তোমালোকৰ মাজত কোন বিকাৰগ্ৰস্থ?

  39. 68:7

    إِنَّ رَبَّكَ هُوَ أَعْلَمُ بِمَن ضَلَّ عَن سَبِيلِهِۦ وَهُوَ أَعْلَمُ بِٱلْمُهْتَدِينَ

    ʹInna Rabbaka Huwa ʹaʻlamu bimañ ḍalla ʻañ Sabeelih: wa-Huwa ʹAʻlamu bil-Muhtadeen.

    নিশ্চয় তোমাৰ প্ৰতিপালকে ভালকৈয়ে জানে, কোন তেওঁৰ পথৰ পৰা বিচ্যুত হৈছে, আৰু এই কথাও ভালকৈয়ে জানে কোনসকল লোক হিদায়তপ্ৰাপ্ত।

  40. 68:8

    فَلَا تُطِعِ ٱلْمُكَذِّبِينَ

    Falaa tuṭiʻil mukaẓẓibeen.

    গতিকে তুমি মিথ্যাৰোপকাৰীসকলৰ আনুগত্য নকৰিবা।

  41. 68:9

    وَدُّوا۟ لَوْ تُدْهِنُ فَيُدْهِنُونَ

    Waddoo law tudhinu fayudhinoon.

    সিহঁতে কামনা কৰে যে, তুমি আপোচকামী হোৱা, তেন্তে সিহঁতেও আপোচকামী হ'ব।

  42. 68:10

    وَلَا تُطِعْ كُلَّ حَلَّافٍ مَّهِينٍ

    Wa-laa tuṭiʻ kulla ḥallaafim maheen,

    আৰু তুমি এনেকুৱা ব্যক্তিৰো আনুগত্য নকৰিবা যিয়ে অধিক শপত খায়, লাঞ্ছিত,

  43. 68:11

    هَمَّازٍ مَّشَّآءٍۭ بِنَمِيمٍ

    Hammaazim mashshaaaʹim binameem,

    পিঠিৰ আঁৰত নিন্দাকাৰী আৰু যিজনে চোগলখুৰী কৰি ফুৰে (ইজনৰ কথা সিজনক গাই ফুৰে),

  44. 68:12

    مَّنَّاعٍ لِّلْخَيْرِ مُعْتَدٍ أَثِيمٍ

    Mannaaʻil lilkhayri muʻtadin ʹas̤eem,

    কল্যাণৰ কামত বাধা প্ৰদানকাৰী, সীমালংঘনকাৰী, পাপিষ্ঠ,

  45. 68:13

    عُتُلٍّۭ بَعْدَ ذَٰلِكَ زَنِيمٍ

    ʻUtullim baʻda ẓaalika zaneem,―

    দুষ্ট প্ৰকৃতিৰ, তদুপৰি কুখ্যাত;

  46. 68:14

    أَن كَانَ ذَا مَالٍ وَبَنِينَ

    ʹAñ kaana ẓaa maaliñwwa baneen.

    এই কাৰণে যে, সি ধন-সম্পদ আৰু সন্তান-সন্ততিৰ ক্ষেত্ৰত সমৃদ্ধশালী।

  47. 68:15

    إِذَا تُتْلَىٰ عَلَيْهِ ءَايَـٰتُنَا قَالَ أَسَـٰطِيرُ ٱلْأَوَّلِينَ

    ʹIẓaa tutlaa ʻalayhi ʹAayaatunaa q̣aala ʹAsaaṭeerul ʹAwwaleen!

    যেতিয়া তাৰ ওচৰত আমাৰ আয়াতসমূহ তিলাৱাত কৰা হয় তেতিয়া সি কয়, এইবোৰ হৈছে পূৰ্বৱৰ্তীসকলৰ কল্প-কাহিনী মাত্ৰ।

  48. 68:16

    سَنَسِمُهُۥ عَلَى ٱلْخُرْطُومِ

    Sanasimuhoo ʻalal khurṭoom!

    শীঘ্ৰেই আমি তাৰ শুঁৰত (নাকত) দাগ দিম।

  49. 68:17

    إِنَّا بَلَوْنَـٰهُمْ كَمَا بَلَوْنَآ أَصْحَـٰبَ ٱلْجَنَّةِ إِذْ أَقْسَمُوا۟ لَيَصْرِمُنَّهَا مُصْبِحِينَ

    ʹInnaa balawnaahum kamaa balawnaaa ʹAṣḥaabal Jannah, ʹiẓ ʹaq̣samoo layaṣrimunnahaa muṣbiḥeen,

    নিশ্চয় আমি ইহঁতক পৰীক্ষা কৰিছোঁ, যেনেকৈ পৰীক্ষা কৰিছিলোঁ উদ্যান-অধিপতিসকলক, যেতিয়া সিহঁতে শপত কৰিছিল যে, পুৱাৰভাগতে সিহঁতে বাগানৰ ফল আহৰণ কৰিব।

  50. 68:18

    وَلَا يَسْتَثْنُونَ

    Wa-laa yastas̤noon.

    কিন্তু সিহঁতে ‘ইন শ্বা আল্লাহ’ কোৱা নাছিল।

  51. 68:19

    فَطَافَ عَلَيْهَا طَآئِفٌ مِّن رَّبِّكَ وَهُمْ نَآئِمُونَ

    Faṭaafa ʻalayhaa ṭaaaʹifum mir Rabbika wa-hum naaaʹimoon.

    ফলত তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা এটা প্ৰদক্ষিণকাৰী (বিপৰ্যয়, জুয়ে) বাগানৰ ওপৰত প্ৰদক্ষিণ কৰিলে, সেই সময়ত সিহঁত আছিল টোপনিত।

  52. 68:20

    فَأَصْبَحَتْ كَٱلصَّرِيمِ

    Faʹaṣbaḥat kaṣṣareem.

    ফলত বাগানখন (পুৰি) ক’লাবৰ্ণৰ নিচিনা হৈ গ’ল।

  53. 68:21

    فَتَنَادَوْا۟ مُصْبِحِينَ

    Fatanaadaw muṣbiḥeen,

    ৰাতিপুৱাই সিহঁতে ইজনে সিজনক মাতি ক’লে,

  54. 68:22

    أَنِ ٱغْدُوا۟ عَلَىٰ حَرْثِكُمْ إِن كُنتُمْ صَـٰرِمِينَ

    ʹAnig̣ doo ʻalaa ḥars̤ikum ʹiñ kuñtum ṣaarimeen.

    ‘যদি তোমালোকে ফল আহৰণ কৰিব বিচৰা, তেনেহ’লে পুৱতি নিশাই বাগানলৈ বলা’।

  55. 68:23

    فَٱنطَلَقُوا۟ وَهُمْ يَتَخَـٰفَتُونَ

    Fañṭalaq̣oo wa-hum yatakhaafatoon―

    তাৰ পিছত সিহঁতে নিম্নস্বৰে কথা পাতি যাবলৈ ধৰিলে--

  56. 68:24

    أَن لَّا يَدْخُلَنَّهَا ٱلْيَوْمَ عَلَيْكُم مِّسْكِينٌ

    ʹAl laa yadkhulannahal yawma ʻalaykum miskeen.

    যে ‘আজি যাতে তাত তোমালোকৰ ওচৰলৈ কোনো দুখীয়া-অভাৱী প্ৰৱেশ কৰিব নোৱাৰে’।

  57. 68:25

    وَغَدَوْا۟ عَلَىٰ حَرْدٍ قَـٰدِرِينَ

    Wa-g̣adaw ʻalaa ḥardiñ q̣aadireen.

    আৰু সিহঁতে (অভাৱীসকলক নিবৃত্ত কৰিবলৈ) সক্ষম বুলি ভাবি পুৱতি নিশাই দৃঢ় ইচ্ছা শক্তিৰে (বাগানলৈ) যাত্ৰা কৰিলে।

  58. 68:26

    فَلَمَّا رَأَوْهَا قَالُوٓا۟ إِنَّا لَضَآلُّونَ

    Falammaa raʹawhaa q̣aalooo ʹinnaa laḍaaalloon:

    তাৰ পিছত সিহঁতে যেতিয়া বাগানখন দেখিবলৈ পালে, তেতিয়া সিহঁতে ক’লে, ‘নিশ্চয় আমি পথ হেৰুৱাইছোঁ’।

  59. 68:27

    بَلْ نَحْنُ مَحْرُومُونَ

    Bal naḥnu maḥroomoon!

    ‘বৰং আমি বঞ্চিত হৈছোঁ’।

  60. 68:28

    قَالَ أَوْسَطُهُمْ أَلَمْ أَقُل لَّكُمْ لَوْلَا تُسَبِّحُونَ

    Q̣aala ʹawsaṭuhum ʹalam ʹaq̣ul lakum law-laa tusabbiḥoon?

    সিহঁতৰ মাজৰ শ্ৰেষ্ঠ ব্যক্তিজনে ক’লে, ‘মই তোমালোকক কোৱা নাছিলোঁনে যে, তোমালোকে কিয় আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা নকৰা’?

  61. 68:29

    قَالُوا۟ سُبْحَـٰنَ رَبِّنَآ إِنَّا كُنَّا ظَـٰلِمِينَ

    Q̣aaloo Subḥaana Rabbinaaa ʹinnaa kunnaa z̤̣aalimeen!

    সিহঁতে ক’লে, ‘পৱিত্ৰ মহান আমাৰ প্ৰতিপালক। নিশ্চয় আমি যালিম আছিলোঁ’।

  62. 68:30

    فَأَقْبَلَ بَعْضُهُمْ عَلَىٰ بَعْضٍ يَتَلَـٰوَمُونَ

    Faʹaq̣bala baʻḍuhum ʻalaa baʻḍiñy yatalaawamoon.

    তাৰ পিছত সিহঁতে ইজনে সিজনক দোষাৰোপ কৰিবলৈ ধৰিলে।

  63. 68:31

    قَالُوا۟ يَـٰوَيْلَنَآ إِنَّا كُنَّا طَـٰغِينَ

    Q̣aaloo yaa-waylanaaa ʹinnaa kunnaa ṭaag̣een!

    সিহঁতে ক’লে, ‘হায়, আমাৰ ধ্বংস! নিশ্চয় আমি সীমালংঘনকাৰী আছিলোঁ’।

  64. 68:32

    عَسَىٰ رَبُّنَآ أَن يُبْدِلَنَا خَيْرًا مِّنْهَآ إِنَّآ إِلَىٰ رَبِّنَا رَٰغِبُونَ

    ʻAsaa Rabbunaaa ʹañy yubdilanaa khayram minhaaa ʹinnaaa ʹilaa Rabbinaa raag̣iboon!

    আমি আশা কৰোঁ আমাৰ প্ৰতিপালকে আমাক ইয়াতকৈও উৎকৃষ্ট বিনিময় প্ৰদান কৰিব। নিশ্চয় আমি আমাৰ প্ৰতিপালকৰ প্ৰতি আগ্ৰহী।

  65. 68:33

    كَذَٰلِكَ ٱلْعَذَابُ ۖ وَلَعَذَابُ ٱلْـَٔاخِرَةِ أَكْبَرُ ۚ لَوْ كَانُوا۟ يَعْلَمُونَ

    Kaẓaalikal ʻAẓaab; wa-laʻAẓaabul ʹAakhirati ʹakbar. Law kaanoo yaʻlamoon!

    এইদৰেই হয় শাস্তি, আৰু আখিৰাতৰ শাস্তি ইয়াতকৈও ডাঙৰ, যদি সিহঁতে জানিলেহেঁতেন।

  66. 68:34

    إِنَّ لِلْمُتَّقِينَ عِندَ رَبِّهِمْ جَنَّـٰتِ ٱلنَّعِيمِ

    ʹInna lil-Muttaq̣eena ʻiñda Rabbihim Jannatin Naʻeem.

    নিশ্চয় মুত্তাক্বীসকলৰ বাবে তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত আছে নিয়ামতপূৰ্ণ জান্নাত।

  67. 68:35

    أَفَنَجْعَلُ ٱلْمُسْلِمِينَ كَٱلْمُجْرِمِينَ

    ʹAfanajʻalul Muslimeena kalmujrimeen?

    আমি মুছলিম (অনুগত)সকলক অপৰাধীসকলৰ দৰে গণ্য কৰিম নেকি?

  68. 68:36

    مَا لَكُمْ كَيْفَ تَحْكُمُونَ

    Maa- lakum? kayfa taḥkumoon?

    তোমালোকৰ কি হৈছে, এইটো তোমালোকৰ কেনেকুৱা সিদ্ধান্ত?

  69. 68:37

    أَمْ لَكُمْ كِتَـٰبٌ فِيهِ تَدْرُسُونَ

    ʹAm lakum Kitaabuñ feehi tadrusoon―

    তোমালোকৰ ওচৰত কোনো গ্ৰন্থ আছে নেকি, যিখন তোমালোকে অধ্যয়ন কৰা--

  70. 68:38

    إِنَّ لَكُمْ فِيهِ لَمَا تَخَيَّرُونَ

    ʹInna lakum feehi lamaa takhayyaroon?

    যে, তোমালোকৰ বাবে তাত এনেকুৱা বস্তু আছে যিবোৰ তোমালোকে পছন্দ কৰা?

  71. 68:39

    أَمْ لَكُمْ أَيْمَـٰنٌ عَلَيْنَا بَـٰلِغَةٌ إِلَىٰ يَوْمِ ٱلْقِيَـٰمَةِ ۙ إِنَّ لَكُمْ لَمَا تَحْكُمُونَ

    ʹAm lakum ʹAymaanun ʻalaynaa baalig̣atun ʹilaa Yawmil Q̣iyaamati ʹinna lakum lamaa taḥkumoon?

    অথবা ক্বিয়ামত পৰ্যন্ত বলৱৎ হ'ব পৰাকৈ তোমালোকৰ সৈতে আমাৰ এনেকুৱা কোনো অঙ্গীকাৰ আছে নেকি যে, তোমালোকে নিজৰ বাবে যিটোৱে ফয়চালা কৰিবা সেইটোৱে পাবা?

  72. 68:40

    سَلْهُمْ أَيُّهُم بِذَٰلِكَ زَعِيمٌ

    Salhum ʹayyuhum̃ biẓaalika zaʻeem!

    তুমি সিহঁতক সোধা, সিহঁতৰ মাজত এই দাবীৰ দায়িত্বশীল কোন?

  73. 68:41

    أَمْ لَهُمْ شُرَكَآءُ فَلْيَأْتُوا۟ بِشُرَكَآئِهِمْ إِن كَانُوا۟ صَـٰدِقِينَ

    ʹAm lahum shurakaaaʹu fal-yaʹtoo bishurakaaaʹihim ʹiñ kaanoo ṣaadiq̣een!

    অথবা সিহঁতৰ বাবে (আল্লাহৰ লগত) বহুতো অংশীদাৰ আছে নেকি? আছে যদি তেন্তে সিহঁতে সিহঁতৰ অংশীদাৰসকলক উপস্থিত কৰক—যদি সিহঁত সত্যবাদী হয়।

  74. 68:42

    يَوْمَ يُكْشَفُ عَن سَاقٍ وَيُدْعَوْنَ إِلَى ٱلسُّجُودِ فَلَا يَسْتَطِيعُونَ

    Yawma yukshafu ʻañ saaq̣iñw wayudʻawna ʹilas sujoodi falaa yastaṭeeʻoon,―

    (স্মৰণ কৰা) যিদিনা ভৰিৰ কলাফুলি উন্মোচিত কৰা হ’ব, সেইদিনা সিহঁতক মাতা হ’ব ছাজদাহ কৰিবলৈ, কিন্তু সিহঁত সক্ষম নহ’ব;

  75. 68:43

    خَـٰشِعَةً أَبْصَـٰرُهُمْ تَرْهَقُهُمْ ذِلَّةٌ ۖ وَقَدْ كَانُوا۟ يُدْعَوْنَ إِلَى ٱلسُّجُودِ وَهُمْ سَـٰلِمُونَ

    Khaashiʻatan ʹabṣaaruhum tarhaq̣uhum ẓillah: wa-q̣ad kaanoo yudʻawna ʹilas sujoodi wa-hum saalimoon.

    সিহঁতৰ দৃষ্টিসমূহ অৱনত অৱস্থাত থাকিব, অপমানে সিহঁতক আচ্ছন্ন কৰিব অথচ যেতিয়া সিহঁত নিৰাপদ (সুস্থ) আছিল তেতিয়া সিহঁতক মাতা হৈছিল ছাজদা কৰিবলৈ (কিন্তু সিহঁতে ছাজদা কৰা নাছিল)।

  76. 68:44

    فَذَرْنِى وَمَن يُكَذِّبُ بِهَـٰذَا ٱلْحَدِيثِ ۖ سَنَسْتَدْرِجُهُم مِّنْ حَيْثُ لَا يَعْلَمُونَ

    Faẓarnee wa-mañy yukaẓẓibu bihaaẓal Ḥadees̤: sanastadrijuhum min ḥays̤u laa- yaʻlamoon.

    এতেকে মোক আৰু সিহঁতক এৰি দিয়া, যিসকলে এই বাণীক প্ৰত্যাখ্যান কৰে। আমি সিহঁতক লাহে লাহে এনেকৈ ধৰিম যে, সিহঁতে গমেই নাপাব।

  77. 68:45

    وَأُمْلِى لَهُمْ ۚ إِنَّ كَيْدِى مَتِينٌ

    Wa-ʹumlee lahum: ʹinna kaydee mateen.

    আৰু মই সিহঁতক অৱকাশ দিওঁ। নিশ্চয় মোৰ কৌশল অত্যন্ত বলিষ্ঠ।

  78. 68:46

    أَمْ تَسْـَٔلُهُمْ أَجْرًا فَهُم مِّن مَّغْرَمٍ مُّثْقَلُونَ

    ʹAm tasʹaluhum ʹajrañ fahum mim mag̣ramim mus̤q̣aloon?

    তুমি সিহঁতৰ ওচৰত পাৰিশ্ৰমিক (বিনিময়) দাবী কৰিছা নেকি, যাৰ ফলত সিহঁতে ঋণৰ কাৰণে ভাৰাক্ৰান্ত হৈ পৰিছে?

  79. 68:47

    أَمْ عِندَهُمُ ٱلْغَيْبُ فَهُمْ يَكْتُبُونَ

    ʹAm ʻiñdahumul G̣aybu fahum yaktuboon?

    নে সিহঁতৰ ওচৰত গায়েবৰ জ্ঞান আছে, যিটো সিহঁতে লিখি ৰাখে!

  80. 68:48

    فَٱصْبِرْ لِحُكْمِ رَبِّكَ وَلَا تَكُن كَصَاحِبِ ٱلْحُوتِ إِذْ نَادَىٰ وَهُوَ مَكْظُومٌ

    Faṣbir li-Ḥukmi Rabbika wa-laa takuñ ka-Ṣaaḥibil Ḥoot. ʹIẓ naadaa wa-huwa makz̤̣oom.

    এতেকে তুমি তোমাৰ প্ৰতিপালকৰ আদেশৰ অপেক্ষাত ধৈৰ্য্য ধাৰণ কৰা, আৰু তুমি মাছৰ গৰাকীৰ দৰে (অধৈৰ্য্য) নহ’বা, যেতিয়া তেওঁ বিষাদ আচ্ছন্ন অৱস্থাত মিনতি কৰিছিল।

  81. 68:49

    لَّوْلَآ أَن تَدَٰرَكَهُۥ نِعْمَةٌ مِّن رَّبِّهِۦ لَنُبِذَ بِٱلْعَرَآءِ وَهُوَ مَذْمُومٌ

    Law-laaa ʹañ tadaarakahoo Niʻmatum mir Rabbihee lanubiẓa bilʻaraaaʹi wa-huwa maẓmoom.

    যদি তেওঁৰ প্ৰতিপালকৰ অনুগ্ৰহ তেওঁৰ ওচৰত আহি নাপালেহেঁতেন, তেন্তে তেওঁ লাঞ্ছিত অৱস্থাত উন্মুক্ত প্ৰান্তৰত নিক্ষিপ্ত হ’লহেঁতেন।

  82. 68:50

    فَٱجْتَبَـٰهُ رَبُّهُۥ فَجَعَلَهُۥ مِنَ ٱلصَّـٰلِحِينَ

    Fajtabaahu Rabbuhoo fajaʻalahoo minaṣ Ṣaaliḥeen.

    তাৰ পিছত তেওঁৰ প্ৰতিপালকে তেওঁক মনোনীত কৰিলে আৰু তেওঁক সৎকৰ্মপৰায়ণসকলৰ অন্তৰ্ভুক্ত কৰিলে।

  83. 68:51

    وَإِن يَكَادُ ٱلَّذِينَ كَفَرُوا۟ لَيُزْلِقُونَكَ بِأَبْصَـٰرِهِمْ لَمَّا سَمِعُوا۟ ٱلذِّكْرَ وَيَقُولُونَ إِنَّهُۥ لَمَجْنُونٌ

    Wa-ʹiñy yakaadul laẓeena kafaroo layuzliq̣oonaka biʹabṣaarihim lammaa samiʻuẓ Ẓikra wa-yaq̣ooloona ʹinnahoo lamajnoon!

    আৰু কাফিৰসকলে যেতিয়া উপদেশবাণী (কোৰআন) শুনে তেতিয়া সিহঁতে এনেকুৱা দৃষ্টিৰে তোমাৰ ফালে চায়, যেনিবা তোমাক বাগৰাই দিব, আৰু সিহঁতে কয়, ‘নিশ্চয় এওঁ হৈছে এজন উন্মাদ’।

  84. 68:52

    وَمَا هُوَ إِلَّا ذِكْرٌ لِّلْعَـٰلَمِينَ

    Wa-maa huwa ʹillaa Ẓikrul lilʻAalameen.

    অথচ এই কোৰআন হৈছে কেৱল বিশ্ববাসীৰ বাবে উপদেশ।

  85. Surah Al-HaqqahBegins here at 69:1

  86. 69:1

    ٱلْحَآقَّةُ

    ʹALḤAAAQ̣Q̣ATU!

    সেই অৱশ্যম্ভাৱী ঘটনা, (ক্বিয়ামত)

  87. 69:2

    مَا ٱلْحَآقَّةُ

    Mal Ḥaaaq̣q̣ah?

    কি সেই অৱশ্যম্ভাৱী ঘটনা?

  88. 69:3

    وَمَآ أَدْرَىٰكَ مَا ٱلْحَآقَّةُ

    Wa-maaa ʹadraaka mal Ḥaaaq̣q̣ah?

    আৰু তুমি কেনেকৈ গম পাবা সেই অৱশ্যম্ভাৱী ঘটনাটোনো কি?

  89. 69:4

    كَذَّبَتْ ثَمُودُ وَعَادٌۢ بِٱلْقَارِعَةِ

    Kaẓẓabat S̤amoodu wa-ʻAadum bil-Q̣aariʻah!

    ছামুদ আৰু আদ সম্প্ৰদায়ে মিথ্যাৰোপ কৰিছিল ভীতিপ্ৰদ মহাবিপদক।

  90. 69:5

    فَأَمَّا ثَمُودُ فَأُهْلِكُوا۟ بِٱلطَّاغِيَةِ

    Faʹammaa S̤amoodu faʹuhlikoo biṭ-Ṭaag̣iyah!

    সেয়ে ছামুদ সম্প্ৰদায়ক ধ্বংস কৰা হৈছিল এটা প্ৰলয়ংকৰ বিপৰ্যয়কাৰী প্ৰচণ্ড শব্দৰ দ্বাৰা।

  91. 69:6

    وَأَمَّا عَادٌ فَأُهْلِكُوا۟ بِرِيحٍ صَرْصَرٍ عَاتِيَةٍ

    Wa-ʹammaa ʻAaduñ faʹuhlikoo bi-Reeḥiñ ṣarṣarin ʻaatiyah;

    আৰু আদ সম্প্ৰদায়ক ধ্বংস কৰা হৈছিল প্ৰচণ্ড ঠাণ্ডা ধুমুহা বতাহৰ দ্বাৰা,

  92. 69:7

    سَخَّرَهَا عَلَيْهِمْ سَبْعَ لَيَالٍ وَثَمَـٰنِيَةَ أَيَّامٍ حُسُومًا فَتَرَى ٱلْقَوْمَ فِيهَا صَرْعَىٰ كَأَنَّهُمْ أَعْجَازُ نَخْلٍ خَاوِيَةٍ

    Sakhkharahaa ʻalayhim sabʻa layaaliñw was̤amaaniyata ʹayyaamin ḥusoomañ fataral q̣awma feehaa ṣarʻaa kaʹannahum ʹaʻjaazu nakhlin khaawiyah!

    ইয়াক তেওঁ সাত ৰাতি আৰু আঠ দিনলৈকে অবিৰামভাৱে সিহঁতৰ ওপৰত প্ৰবাহিত কৰিছিল; ফলত তুমি উক্ত সম্প্ৰদায়ক দেখিবলৈ পালাহেঁতেন---যে সিহঁত এনেকৈ সিঁচৰতি হৈ পৰি আছে যেনিবা সাৰশূন্য খেজুৰ গছৰ কাণ্ডহে।

  93. 69:8

    فَهَلْ تَرَىٰ لَهُم مِّنۢ بَاقِيَةٍ

    Fahal taraa lahum mim baaq̣iyah?

    এতেকে সিহঁতৰ মাজৰ কাৰোবাক তুমি অৱশিষ্ট দেখিবলৈ পোৱানে?

  94. 69:9

    وَجَآءَ فِرْعَوْنُ وَمَن قَبْلَهُۥ وَٱلْمُؤْتَفِكَـٰتُ بِٱلْخَاطِئَةِ

    Wa-jaaaʹa Firʻawnu wa-mañ q̣ablahoo wal-muʹtafikaatu bil-khaaṭiʹah,

    লগতে ফিৰআউন, তাৰ পূৰ্বৱৰ্তীসকলে আৰু ওলোটাই দিয়া জনপদবাসীয়েও জঘন্য পাপকৰ্মত লিপ্ত আছিল।

  95. 69:10

    فَعَصَوْا۟ رَسُولَ رَبِّهِمْ فَأَخَذَهُمْ أَخْذَةً رَّابِيَةً

    Faʻaṣaw rasoola Rabbihim faʹakhaẓahum ʹakhẓatar raabiyah.

    আৰু সিহঁতে নিজ প্ৰতিপালকৰ ৰাছুলক অমান্য কৰিছিল, ফলত তেওঁ সিহঁতক অত্যন্ত কঠোৰভাৱে কৰায়ত্ত কৰিছে।

  96. 69:11

    إِنَّا لَمَّا طَغَا ٱلْمَآءُ حَمَلْنَـٰكُمْ فِى ٱلْجَارِيَةِ

    ʹInnaa lammaa ṭag̣al maaaʹu ḥamalnaakum fil jaariyah.

    যেতিয়া বানপানী বিপদৰ সীমা চেৰাই গৈছিল, তেতিয়া নিশ্চয় আমি তোমালোকক নাৱত আৰোহণ কৰোৱাইছিলোঁ।

  97. 69:12

    لِنَجْعَلَهَا لَكُمْ تَذْكِرَةً وَتَعِيَهَآ أُذُنٌ وَٰعِيَةٌ

    Linajʻalahaa lakum Taẓkiratañwwa taʻiyahaaa ʹuẓunuñw waaʻiyah.

    আমি এইটো কৰিছিলোঁ তোমালোকক এটা স্মৰণীয় শিক্ষা দিয়াৰ বাবে আৰু এইকাৰণে যে, যাতে শ্ৰুতিধৰ কাণে ইয়াক সংৰক্ষণ কৰি ৰাখিব পাৰে।

  98. 69:13

    فَإِذَا نُفِخَ فِى ٱلصُّورِ نَفْخَةٌ وَٰحِدَةٌ

    Faʹiẓaa nufikha fiṣ Ṣoori nafkhatuñw waaḥidah,

    এতেকে যেতিয়া শিঙাত ফুঁ দিয়া হ’ব—কেৱল এটা ফুঁ।

  99. 69:14

    وَحُمِلَتِ ٱلْأَرْضُ وَٱلْجِبَالُ فَدُكَّتَا دَكَّةً وَٰحِدَةً

    Wa-ḥumilatil ʹarḍu wal-jibaalu fadukkataa dakkatañw waaḥidah,―

    আৰু পৃথিৱীসহ পৰ্বতসমূহক উঠাই নিয়া হ’ব আৰু মাত্ৰ এটা আঘাতত এইবোৰ চূৰ্ণ-বিচূৰ্ণ হৈ যাব।

  100. 69:15

    فَيَوْمَئِذٍ وَقَعَتِ ٱلْوَاقِعَةُ

    Fayawmaʹiẓiñw Waq̣aʻatil Waaq̣iʻah,

    ফলত সেইদিনা মহাঘটনা সংঘটিত হ’ব।

  101. 69:16

    وَٱنشَقَّتِ ٱلسَّمَآءُ فَهِىَ يَوْمَئِذٍ وَاهِيَةٌ

    Wañshaq̣q̣atis samaaaʹu fahiya Yawmaʹiẓiñw waahiyah,

    আৰু আকাশ বিদীৰ্ণ হৈ যাব, ফলত সেইদিনা ই দুৰ্বল-বিক্ষিপ্ত হৈ পৰিব।

  102. 69:17

    وَٱلْمَلَكُ عَلَىٰٓ أَرْجَآئِهَا ۚ وَيَحْمِلُ عَرْشَ رَبِّكَ فَوْقَهُمْ يَوْمَئِذٍ ثَمَـٰنِيَةٌ

    Wal-malaku ʻalaaa ʹarjaaaʹihaa, wa-yaḥmilu ʻArsha Rabbika fawq̣ahum Yawmaʹiẓiñ s̤amaaniyah.

    আৰু ফিৰিস্তাসকল আকাশৰ বিভিন্ন প্ৰান্তত থাকিব। সেইদিনা আঠজন ফিৰিস্তাই তোমাৰ প্ৰতিপালকৰ আৰছক বহন কৰিব।

  103. 69:18

    يَوْمَئِذٍ تُعْرَضُونَ لَا تَخْفَىٰ مِنكُمْ خَافِيَةٌ

    Yawmaʹiẓiñ tuʻraḍoona laa- takhfaa miñ-kum khaafiyah.

    সেইদিনা তোমালোকক উপস্থিত কৰোৱা হ’ব লগতে তোমালোকৰ কোনো গোপনীয়তাই আৰু গোপন নাথাকিব।

  104. 69:19

    فَأَمَّا مَنْ أُوتِىَ كِتَـٰبَهُۥ بِيَمِينِهِۦ فَيَقُولُ هَآؤُمُ ٱقْرَءُوا۟ كِتَـٰبِيَهْ

    Faʹammaa man ʹootiya Kitaabahoo biyameenihee fayaq̣oolu haaaʹumuq̣ raʹoo Kitaabiyah!

    তেতিয়া যাৰ আমলনামা তাৰ সোঁ হাতত দিয়া হ’ব সি (আনন্দত বেলেগক) ক’ব, ‘এয়া লোৱা, মোৰ আমলনামা পঢ়ি চোৱা’।

  105. 69:20

    إِنِّى ظَنَنتُ أَنِّى مُلَـٰقٍ حِسَابِيَهْ

    ʹInnee z̤̣anañtu ʹannee mulaaq̣in Ḥisaabiyah!

    ‘মোৰ দৃঢ় বিশ্বাস আছিল যে, মই মোৰ হিচাপৰ সন্মুখীন হম’।

  106. 69:21

    فَهُوَ فِى عِيشَةٍ رَّاضِيَةٍ

    Fahuwa fee ʻeeshatir raaḍiyah,

    তেওঁ থাকিব সন্তোষজনক জীৱনত;

  107. 69:22

    فِى جَنَّةٍ عَالِيَةٍ

    Fee Jannatin ʻaaliyah,

    সুউচ্চ জান্নাতত,

  108. 69:23

    قُطُوفُهَا دَانِيَةٌ

    Q̣utoofuhaa daaniyah.

    যাৰ ফলমূল ওলমি থাকিব নিচেই ওচৰত।

  109. 69:24

    كُلُوا۟ وَٱشْرَبُوا۟ هَنِيٓـًٔۢا بِمَآ أَسْلَفْتُمْ فِى ٱلْأَيَّامِ ٱلْخَالِيَةِ

    Kuloo washraboo haneeeʹam bimaaa ʹaslaftum fil ʹayyaamil khaaliyah!

    (কোৱা হ’ব) ‘বিগত দিনসমূহত তোমালোকে আগলৈ যি প্ৰেৰণ কৰিছিলা তাৰ বিনিময়ত তোমালোকে তৃপ্তি সহকাৰে খোৱা আৰু পান কৰা’।

  110. 69:25

    وَأَمَّا مَنْ أُوتِىَ كِتَـٰبَهُۥ بِشِمَالِهِۦ فَيَقُولُ يَـٰلَيْتَنِى لَمْ أُوتَ كِتَـٰبِيَهْ

    Wa-ʹammaa man ʹootiya Kitaabahoo bishimaalihee fayaq̣oolu yaalaytanee lam ʹoota Kitaabiyah!

    কিন্তু যাৰ আমলনামা তাৰ বাওঁ হাতত দিয়া হ’ব, সি ক’ব, ‘হায়, মোক যদি মোৰ আমলনামা দিয়া নহ’লহেঁতেন’!

  111. 69:26

    وَلَمْ أَدْرِ مَا حِسَابِيَهْ

    Wa-lam ʹadri maa- ḥisaabiyah!

    ‘আৰু মই যদি মোৰ হিচাপ সম্পৰ্কে গমেই নাপালোঁহেঁতেন!

  112. 69:27

    يَـٰلَيْتَهَا كَانَتِ ٱلْقَاضِيَةَ

    Yaa-laytahaa kaanatil q̣aaḍiyah!

    ‘হায়, মোৰ মৃত্যুৱেই যদি মোৰ বাবে শেষ চূড়ান্ত ফয়চালা হ’লহেঁতেন!

  113. 69:28

    مَآ أَغْنَىٰ عَنِّى مَالِيَهْ ۜ

    Maaa ʹag̣naa ʻannee maaliyah!

    ‘মোৰ ধন-সম্পদ মোৰ কোনো কামতে নাহিল।

  114. 69:29

    هَلَكَ عَنِّى سُلْطَـٰنِيَهْ

    Halaka ʻannee sulṭaaniyah!

    ‘মোৰ ক্ষমতা শক্তিও বিনষ্ট হৈছে’।

  115. 69:30

    خُذُوهُ فَغُلُّوهُ

    Khuẓoohu fag̣ullooh,

    (ফিৰিস্তাসকলক কোৱা হ’ব) ‘ধৰা তাক আৰু গলত পঘা লগাই দিয়া’।

  116. 69:31

    ثُمَّ ٱلْجَحِيمَ صَلُّوهُ

    S̤ummal Jaḥeema ṣallooh,

    ‘তাৰ পিছত তাক জাহান্নামত নিক্ষেপ কৰা’।

  117. 69:32

    ثُمَّ فِى سِلْسِلَةٍ ذَرْعُهَا سَبْعُونَ ذِرَاعًا فَٱسْلُكُوهُ

    S̤umma fee silsilatiñ ẓarʻuhaa sabʻoona ẓiraaʻañ faslukooh!

    তাৰ পিছত তাক বান্ধি থোৱা, এনে এডাল শিকলিৰে যাৰ দৈৰ্ঘ সত্তৰ হাত।

  118. 69:33

    إِنَّهُۥ كَانَ لَا يُؤْمِنُ بِٱللَّهِ ٱلْعَظِيمِ

    ʹInnahoo kaana laa- yuʹminu billaahil ʻAz̤̣eem,

    নিশ্চয় সি মহান আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা নাছিল,

  119. 69:34

    وَلَا يَحُضُّ عَلَىٰ طَعَامِ ٱلْمِسْكِينِ

    Wa-laa yaḥuḍḍu ʻalaa ṭaʻaamil miskeen!

    আৰু মিছকিনক খাদ্যদানতো উৎসাহিত কৰা নাছিল।

  120. 69:35

    فَلَيْسَ لَهُ ٱلْيَوْمَ هَـٰهُنَا حَمِيمٌ

    Falaysa lahul Yawma haahunaa ḥameem,

    এতেকে আজি ইয়াত তাৰ কোনো অন্তৰঙ্গ বন্ধু নাথাকিব।

  121. 69:36

    وَلَا طَعَامٌ إِلَّا مِنْ غِسْلِينٍ

    Wa-laa ṭaʻaamun ʹillaa min g̣isleen,

    আৰু ক্ষত-নিঃসৃত পুঁজৰ বাহিৰে আন কোনো খাদ্যও নাথাকিব,

  122. 69:37

    لَّا يَأْكُلُهُۥٓ إِلَّا ٱلْخَـٰطِـُٔونَ

    Laa- yaʹkuluhooo ʹillal khaaṭiʹoon.

    যিটো অপৰাধীসকলৰ বাহিৰে আন কোনেও নাখাব।

  123. 69:38

    فَلَآ أُقْسِمُ بِمَا تُبْصِرُونَ

    Falaaa ʹuq̣simu bimaa tubṣiroon

    এতেকে মই শপত কৰোঁ সেইবোৰ বস্তুৰ, যিবোৰক তোমালোকে দেখা পোৱা,

  124. 69:39

    وَمَا لَا تُبْصِرُونَ

    Wamaa laa- tubṣiroon,―

    লগতে যিবোৰক তোমালোকে দেখা নোপোৱা;

  125. 69:40

    إِنَّهُۥ لَقَوْلُ رَسُولٍ كَرِيمٍ

    ʹInnahoo laq̣awlu Rasooliñ Kareem;

    নিশ্চয় এয়া (কোৰআন) এজন সন্মানিত ৰাছুলৰ (বহনকৃত) বাণী।

  126. 69:41

    وَمَا هُوَ بِقَوْلِ شَاعِرٍ ۚ قَلِيلًا مَّا تُؤْمِنُونَ

    Wa-maa huwa biq̣awli shaaʻir: q̣aleelam maa tuʹminoon!

    আৰু এয়া কোনো কবিৰ কথা নহয়; (আফচোচ!) তোমালোকে খুবেই কম ঈমান পোষণ কৰা।

  127. 69:42

    وَلَا بِقَوْلِ كَاهِنٍ ۚ قَلِيلًا مَّا تَذَكَّرُونَ

    Wa-laa biq̣awli kaahin: q̣aleelam maa taẓakkaroon.

    আৰু এয়া কোনো গণকৰ কথাও নহয়; তোমালোকে খুবেই কম উপদেশ গ্ৰহণ কৰা।

  128. 69:43

    تَنزِيلٌ مِّن رَّبِّ ٱلْعَـٰلَمِينَ

    Tañzeelum mir Rabbil ʻAalameen.

    এয়া বিশ্বজগতৰ প্ৰতিপালকৰ তৰফৰ পৰা নাযিলকৃত।

  129. 69:44

    وَلَوْ تَقَوَّلَ عَلَيْنَا بَعْضَ ٱلْأَقَاوِيلِ

    Wa-law taq̣awwala ʻalaynaa baʻḍal ʹaq̣aaweel,

    তেওঁ যদি আমাৰ নামত কোনো মিছা ৰচনা কৰিলেহেঁতেন,

  130. 69:45

    لَأَخَذْنَا مِنْهُ بِٱلْيَمِينِ

    Laʹakhaẓnaa minhu bilyameen,

    তেন্তে নিশ্চয় আমি তাক সোঁহাতেৰে ধৰিলোঁহেঁতেন,

  131. 69:46

    ثُمَّ لَقَطَعْنَا مِنْهُ ٱلْوَتِينَ

    S̤umma laq̣aṭaʻnaa minhul wateen:

    তাৰ পিছত আমি তাৰ হৃদপিণ্ডৰ সিৰা (মহাধমনী) কাটি দিলোঁহেঁতেন,

  132. 69:47

    فَمَا مِنكُم مِّنْ أَحَدٍ عَنْهُ حَـٰجِزِينَ

    Famaa miñkum min ʹaḥadin ʻanhu ḥaajizeen.

    এতেকে তোমালোকৰ মাজত এনেকুৱা কোনো নাই, যিয়ে তেওঁক ৰক্ষা কৰিব পাৰিলেহেঁতেন।

  133. 69:48

    وَإِنَّهُۥ لَتَذْكِرَةٌ لِّلْمُتَّقِينَ

    Wa-ʹinnahoo la-Taẓkiratul lil-Muttaq̣een.

    আৰু এয়া (কোৰআন) মুত্তাক্বীসকলৰ বাবে নিশ্চিত এটা উপদেশ।

  134. 69:49

    وَإِنَّا لَنَعْلَمُ أَنَّ مِنكُم مُّكَذِّبِينَ

    Wa-ʹinnaa lanaʻlamu ʹanna miñkum mukaẓẓibeen.

    আৰু আমি নিশ্চয় জানো যে, তোমালোকৰ মাজত কিছুমান মিথ্যাৰোপকাৰী আছে।

  135. 69:50

    وَإِنَّهُۥ لَحَسْرَةٌ عَلَى ٱلْكَـٰفِرِينَ

    Wa-ʹinnahoo laḥasratun ʻalal kaafireen.

    আৰু নিশ্চয় এই (কোৰআন)খন কাফিৰসকলৰ বাবে এক নিশ্চিত অনুশোচনাৰ কাৰণ হ’ব।

  136. 69:51

    وَإِنَّهُۥ لَحَقُّ ٱلْيَقِينِ

    Wa-ʹinnahoo la-Ḥaq̣q̣ul yaq̣een.

    আৰু নিশ্চয় এইখন সুনিশ্চিত সত্য।

  137. 69:52

    فَسَبِّحْ بِٱسْمِ رَبِّكَ ٱلْعَظِيمِ

    Fasabbiḥ bismi Rabbikal ʻAz̤̣eem.

    এতেকে তুমি তোমাৰ মহান প্ৰতিপালকৰ নামত তছবীহ পাঠ কৰা।

  138. Surah Al-Ma'arijBegins here at 70:1

  139. 70:1

    سَأَلَ سَآئِلٌۢ بِعَذَابٍ وَاقِعٍ

    Saʹala saaʹilum biʻAẓaabiñw waaq̣iʻ―

    আবেদনকাৰীয়ে আবেদন কৰিলে, সংঘটিত হওক অৱধাৰিত শাস্তি-

  140. 70:2

    لِّلْكَـٰفِرِينَ لَيْسَ لَهُۥ دَافِعٌ

    Lil-kaafireena laysa lahoo daafiʻ,―

    কাফিৰসকলৰ ওপৰত, যাৰ কোনো প্ৰতিৰোধকাৰী নাই।

  141. 70:3

    مِّنَ ٱللَّهِ ذِى ٱلْمَعَارِجِ

    Minal laahi Ẓil MAʻAARIJ.

    এইটো আহিব আল্লাহৰ তৰফৰ পৰা, যিজন ঊৰ্ধ্বাৰোহণৰ খটখটীবোৰৰ (জখলা) অধিকাৰী,

  142. 70:4

    تَعْرُجُ ٱلْمَلَـٰٓئِكَةُ وَٱلرُّوحُ إِلَيْهِ فِى يَوْمٍ كَانَ مِقْدَارُهُۥ خَمْسِينَ أَلْفَ سَنَةٍ

    Taʻrujul malaaaʹikatu war-Rooḥu ʹilayhi fee Yawmiñ kaana miq̣daaruhoo khamseena ʹalfa sanah:

    ফিৰিস্তাসকল আৰু ৰূহ এনে এটা দিনত আল্লাহৰ দিশে ঊৰ্দ্ধগামী হয়, যাৰ পৰিমাণ পঞ্চাশ হাজাৰ বছৰ।

  143. 70:5

    فَٱصْبِرْ صَبْرًا جَمِيلًا

    Faṣbir Ṣabrañ jameelaa.

    এতেকে তুমি ধৈৰ্য ধাৰণ কৰা পৰম ধৈৰ্য।

  144. 70:6

    إِنَّهُمْ يَرَوْنَهُۥ بَعِيدًا

    ʹInnahum yarawnahoo baʻeedaa:

    নিশ্চয় সিহঁতে এই দিৱসটোক বহু দূৰত থকা বুলি ভাবে।

  145. 70:7

    وَنَرَىٰهُ قَرِيبًا

    Wa-naraahu q̣areebaa.

    আৰু আমি ইয়াক নিচেই ওচৰত দেখি আছোঁ।

  146. 70:8

    يَوْمَ تَكُونُ ٱلسَّمَآءُ كَٱلْمُهْلِ

    Yawma takoonus samaaaʹu kalmuhl,

    সেইদিনা আকাশ হৈ যাব গলিত ধাতুৰ দৰে,

  147. 70:9

    وَتَكُونُ ٱلْجِبَالُ كَٱلْعِهْنِ

    Wa-takoonul jibaalu kalʻihn,

    আৰু পৰ্বতসমূহ হৈ যাব ৰং-বিৰঙৰ ঊণৰ দৰে,

  148. 70:10

    وَلَا يَسْـَٔلُ حَمِيمٌ حَمِيمًا

    Wa-laa yasʹalu ḥameemun ḥameemaa,

    আৰু কোনো অন্তৰঙ্গ বন্ধুৱেও অন্তৰঙ্গ বন্ধুৰ খা-খবৰ নুসুধিব,

  149. 70:11

    يُبَصَّرُونَهُمْ ۚ يَوَدُّ ٱلْمُجْرِمُ لَوْ يَفْتَدِى مِنْ عَذَابِ يَوْمِئِذٍۭ بِبَنِيهِ

    Yubaṣṣaroonahum,: yawaddul mujrimu law yaftadee min ʻAẓaabi Yawmiʹiẓim bibaneeh,

    (যদিও) সিহঁতক পৰস্পৰৰ দৃষ্টিগোচৰ কৰোৱা হ’ব। অপৰাধীয়ে সেইদিৱসৰ শাস্তিৰ বিনিময়ত দিব বিচাৰিব তাৰ সন্তান-সন্ততিক,

  150. 70:12

    وَصَـٰحِبَتِهِۦ وَأَخِيهِ

    Wa-ṣaaḥibatihee wa-ʹakheeh,

    আৰু তাৰ স্ত্ৰী আৰু ভাতৃক,

  151. 70:13

    وَفَصِيلَتِهِ ٱلَّتِى تُـْٔوِيهِ

    Wa-faṣeelatihil latee tuʹweeh,

    আৰু তাৰ জাতি-গোষ্ঠিক, যিসকলে তাক আশ্ৰয় দিছিল,

  152. 70:14

    وَمَن فِى ٱلْأَرْضِ جَمِيعًا ثُمَّ يُنجِيهِ

    Wa-mañ fil ʹarḍi jameeʻañ s̤umma yuñjeeh:

    লগতে পৃথিৱীৰ সকলোকে (দিব বিচাৰিব), যাতে ইয়াৰ বিনিময়ত তাক মুক্তি দিয়া হয়।

  153. 70:15

    كَلَّآ ۖ إِنَّهَا لَظَىٰ

    Kallaa! ʹinnahaa laz̤̣aa!

    কেতিয়াও নহয়, নিশ্চয় এইটো হৈছে লেলিহান জুই,

  154. 70:16

    نَزَّاعَةً لِّلشَّوَىٰ

    Nazzaaʻatal lishshawaa!

    যিয়ে (তাৰ) মূৰৰ ছাল খহাই পেলাব।

  155. 70:17

    تَدْعُوا۟ مَنْ أَدْبَرَ وَتَوَلَّىٰ

    Tadʻoo man ʹadbara wa-tawallaa,

    জাহান্নামে সেই ব্যক্তিক মাতিব, যিয়ে (সত্যৰ প্ৰতি) পৃষ্ঠ প্ৰদৰ্শন কৰিছিল আৰু মুখ ঘূৰাই লৈছিল।

  156. 70:18

    وَجَمَعَ فَأَوْعَىٰٓ

    Wa-jamaʻa faʹawʻaa!

    আৰু সি সম্পদ সঞ্চয় কৰিছিল, লগতে সংৰক্ষণ কৰি ৰাখিছিল।

  157. 70:19

    ۞ إِنَّ ٱلْإِنسَـٰنَ خُلِقَ هَلُوعًا

    ʹInnal ʹiñsaana khuliq̣a halooʻaa;―

    নিশ্চয় মানুহক সৃষ্টি কৰা হৈছে অতিশয় ধৈৰ্যহীন অস্থিৰচিত্তৰূপে।

  158. 70:20

    إِذَا مَسَّهُ ٱلشَّرُّ جَزُوعًا

    ʹIẓaa massahush sharru jazooʻaa;

    যেতিয়া তাক বিপদে স্পৰ্শ কৰে, তেতিয়া সি অতিমাত্ৰা উৎকণ্ঠিত হৈ পৰে।

  159. 70:21

    وَإِذَا مَسَّهُ ٱلْخَيْرُ مَنُوعًا

    Wa-ʹiẓaa massahul khayru manooʻaa;―

    আৰু যেতিয়া তাক কল্যাণে স্পৰ্শ কৰে, তেতিয়া সি অতিশয় কৃপণ হৈ পৰে।

  160. 70:22

    إِلَّا ٱلْمُصَلِّينَ

    ʹIllal Muṣalleen;―

    কিন্তু ছালাত প্ৰতিষ্ঠাকাৰীসকলৰ বাহিৰে,

  161. 70:23

    ٱلَّذِينَ هُمْ عَلَىٰ صَلَاتِهِمْ دَآئِمُونَ

    ʹAllaẓeena hum ʻalaa Ṣalaatihim daaaʹimoon;

    যিসকলে নিজৰ ছালাতৰ ক্ষেত্ৰত সদায় প্ৰতিষ্ঠিত,

  162. 70:24

    وَٱلَّذِينَ فِىٓ أَمْوَٰلِهِمْ حَقٌّ مَّعْلُومٌ

    Wallaẓeena feee ʹamwaalihim ḥaq̣q̣um maʻloom

    আৰু যিসকলৰ ধন-সম্পদত আছে নিৰ্ধাৰিত হক্ব (প্ৰাপ্য),

  163. 70:25

    لِّلسَّآئِلِ وَٱلْمَحْرُومِ

    Lissaaaʹili walmaḥroom;

    খোজনীয়া-মগনীয়া আৰু বঞ্চিতসকলৰ বাবে,

  164. 70:26

    وَٱلَّذِينَ يُصَدِّقُونَ بِيَوْمِ ٱلدِّينِ

    Wallaẓeena yuṣaddiq̣oona bi-Yawmid Deen;

    আৰু যিসকলে প্ৰতিফল দিৱসক সত্য বুলি বিশ্বাস কৰে।

  165. 70:27

    وَٱلَّذِينَ هُم مِّنْ عَذَابِ رَبِّهِم مُّشْفِقُونَ

    Wallaẓeena hum min ʻazaabi Rabbihim mushfiq̣oon,―

    আৰু যিসকলে নিজ প্ৰতিপালকৰ শাস্তি সম্পৰ্কে ভীত-সন্ত্ৰস্ত--

  166. 70:28

    إِنَّ عَذَابَ رَبِّهِمْ غَيْرُ مَأْمُونٍ

    ʹInna ʻaẓaaba Rabbihim g̣ayru maʹ-moon;―

    নিশ্চয় তেওঁলোকৰ প্ৰতিপালকৰ শাস্তি কোনো নিৰাপদ বস্তু নহয়;

  167. 70:29

    وَٱلَّذِينَ هُمْ لِفُرُوجِهِمْ حَـٰفِظُونَ

    Wallaẓeena hum lifuroojihim ḥaafiz̤̣oon,

    আৰু যিসকলে নিজৰ যৌনাঙ্গৰ হিফাজত কৰে,

  168. 70:30

    إِلَّا عَلَىٰٓ أَزْوَٰجِهِمْ أَوْ مَا مَلَكَتْ أَيْمَـٰنُهُمْ فَإِنَّهُمْ غَيْرُ مَلُومِينَ

    ʹIllaa ʻalaaa ʹazwaajihim ʹaw maa- malakat ʹaymaanuhum faʹinnahum g̣ayru maloomeen,

    কিন্তু সিহঁতৰ পত্নী অথবা অধিকাৰভুক্ত দাসীৰ বাহিৰে, এনে ক্ষেত্ৰত সিহঁত নিন্দনীয় নহ’ব--

  169. 70:31

    فَمَنِ ٱبْتَغَىٰ وَرَآءَ ذَٰلِكَ فَأُو۟لَـٰٓئِكَ هُمُ ٱلْعَادُونَ

    Famanib tag̣aa waraaaʹa ẓaalika faʹulaaaʹika humul ʻaadoon;―

    কিন্তু যিসকলে এওঁলোকৰ বাহিৰে আনক কামনা কৰে, সিহঁতেই সীমালংঘনকাৰী।

  170. 70:32

    وَٱلَّذِينَ هُمْ لِأَمَـٰنَـٰتِهِمْ وَعَهْدِهِمْ رَٰعُونَ

    Wallaẓeena hum liʹamaanaatihim wa-ʻahdihim raaʻoon.

    আৰু যিসকলে নিজৰ আমানত আৰু প্ৰতিশ্ৰুতি ৰক্ষা কৰে,

  171. 70:33

    وَٱلَّذِينَ هُم بِشَهَـٰدَٰتِهِمْ قَآئِمُونَ

    Wallaẓeena hum̃ bishahaadaatihim q̣aaaʹimoon;

    আৰু যিসকলে সাক্ষ্যদানত অটল,

  172. 70:34

    وَٱلَّذِينَ هُمْ عَلَىٰ صَلَاتِهِمْ يُحَافِظُونَ

    Wallaẓeena hum ʻalaa Ṣalaatihim yuḥaafiz̤̣oon;―

    আৰু যিসকলে নিজৰ ছালাতৰ হিফাজত কৰে,

  173. 70:35

    أُو۟لَـٰٓئِكَ فِى جَنَّـٰتٍ مُّكْرَمُونَ

    ʹUlaaaʹika fee Jannaatim mukramoon.

    তেওঁলোকেই জান্নাতসমূহত সন্মানিত হ’ব।

  174. 70:36

    فَمَالِ ٱلَّذِينَ كَفَرُوا۟ قِبَلَكَ مُهْطِعِينَ

    Famaa lil-laẓeena kafaroo q̣ibalaka muhṭiʻeen―

    কাফিৰসকলৰ কি হ’ল, সিহঁতে দেখোন তোমাৰ ফালে ঢপলীয়াই আহি আছে?

  175. 70:37

    عَنِ ٱلْيَمِينِ وَعَنِ ٱلشِّمَالِ عِزِينَ

    ʻAnil yameeni wa-ʻanish shimaali ʻizeen?

    সোঁফালৰ পৰা আৰু বাওঁফালৰ পৰা, দলে দলে।

  176. 70:38

    أَيَطْمَعُ كُلُّ ٱمْرِئٍ مِّنْهُمْ أَن يُدْخَلَ جَنَّةَ نَعِيمٍ

    ʹAyaṭmaʻu kullum riʹim minhum ʹañy yudkhala Jannata Naʻeem?

    সিহঁতৰ প্ৰত্যেকেই এইটো আশা কৰে নেকি যে, তাক প্ৰাচুৰ্যময় জান্নাতত প্ৰৱেশ কৰোৱা হ’ব?

  177. 70:39

    كَلَّآ ۖ إِنَّا خَلَقْنَـٰهُم مِّمَّا يَعْلَمُونَ

    Kallaa! ʹInnaa khalaq̣naahum mimmaa yaʻlamoon!

    কেতিয়াও নহয়, নিশ্চয় আমি সিহঁতক যিটোৰে সৃষ্টি কৰিছোঁ, সেয়া সিহঁতে জানে।

  178. 70:40

    فَلَآ أُقْسِمُ بِرَبِّ ٱلْمَشَـٰرِقِ وَٱلْمَغَـٰرِبِ إِنَّا لَقَـٰدِرُونَ

    Falaaa ʹuq̣simu bi-Rabbil Mashaariq̣i wal-Mag̣aaribi ʹinnaa la-Q̣aadiroon.

    এতেকে মই শপত কৰিছোঁ উদয়াচল আৰু অস্তাচলসমূহৰ প্ৰতিপালকৰ, নিশ্চয় আমি সক্ষম,

  179. 70:41

    عَلَىٰٓ أَن نُّبَدِّلَ خَيْرًا مِّنْهُمْ وَمَا نَحْنُ بِمَسْبُوقِينَ

    ʻAlaaa ʹan nubaddila khayram minhum wa-maa Naḥnu bimasbooq̣een.

    সিহঁততকৈ উৎকৃষ্টসকলক সিহঁতৰ স্থলৱৰ্তী কৰিবলৈ, আৰু এইটো কৰিবলৈ আমি অক্ষম নহয়।

  180. 70:42

    فَذَرْهُمْ يَخُوضُوا۟ وَيَلْعَبُوا۟ حَتَّىٰ يُلَـٰقُوا۟ يَوْمَهُمُ ٱلَّذِى يُوعَدُونَ

    Faẓarhum yakhooḍoo wa-yalʻaboo ḥattaa yulaaq̣oo Yawmahumul laẓee yooʻadoon!

    এতেকে সিহঁতক নিৰৰ্থক কথা-বতৰা আৰু খেল-ধেমালিত মত্ত হৈ থাকিবলৈ দিয়া-- যিটো দিৱসৰ প্ৰতিশ্ৰুতি সিহঁতক দিয়া হৈছে সেই দিৱসৰ সন্মুখীন নোহোৱা পৰ্যন্ত।

  181. 70:43

    يَوْمَ يَخْرُجُونَ مِنَ ٱلْأَجْدَاثِ سِرَاعًا كَأَنَّهُمْ إِلَىٰ نُصُبٍ يُوفِضُونَ

    Yawma yakhrujoona minal ʹajdaas̤i siraaʻañ kaʹannahum ʹilaa nuṣubiñy yoofiḍoon,―

    সেইদিনা সিহঁত কবৰৰ পৰা দ্ৰুতবেগত ওলাই আহিব, এনে লাগিব যেনিবা সিহঁতে কোনো লক্ষ্যস্থলৰ ফালে ধাৱিত হৈছে,

  182. 70:44

    خَـٰشِعَةً أَبْصَـٰرُهُمْ تَرْهَقُهُمْ ذِلَّةٌ ۚ ذَٰلِكَ ٱلْيَوْمُ ٱلَّذِى كَانُوا۟ يُوعَدُونَ

    Khaashiʻatan ʹabṣaaruhum tarhaq̣uhum ẓillah! Ẓaalikal Yawmul laẓee kaanoo yooʻadoon!

    সিহঁতৰ দৃষ্টিসমূহ অৱনত অৱস্থাত থাকিব, অপমানে সিহঁতক আচ্ছন্ন কৰিব। এইটোৱে সেইদিৱস যাৰ বিষয়ে সিহঁতক সতৰ্ক কৰা হৈছিল।

  183. Surah NuhBegins here at 71:1

  184. 71:1

    إِنَّآ أَرْسَلْنَا نُوحًا إِلَىٰ قَوْمِهِۦٓ أَنْ أَنذِرْ قَوْمَكَ مِن قَبْلِ أَن يَأْتِيَهُمْ عَذَابٌ أَلِيمٌ

    ʹInnaaa ʹarsalnaa Nooḥan ʹilaa Q̣awmiheee ʹan ʹañẓir Q̣awmaka miñ q̣abli ʹañy yaʹtiyahum ʻAẓaabun ʹaleem,

    নিশ্চয় আমি নূহক তেওঁৰ সম্প্ৰদায়ৰ প্ৰতি এই নিৰ্দেশসহ প্ৰেৰণ কৰিছিলোঁ যে, ‘সিহঁতৰ ওচৰলৈ যন্ত্ৰণাদায়ক শাস্তি অহাৰ পূৰ্বেই তুমি সিহঁতক সতৰ্ক কৰি দিয়া’।

  185. 71:2

    قَالَ يَـٰقَوْمِ إِنِّى لَكُمْ نَذِيرٌ مُّبِينٌ

    Q̣aala yaa-Q̣awmi ʹinnee lakum Naẓeerum mubeen:

    তেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! নিশ্চয় মই তোমালোকৰ বাবে স্পষ্ট সতৰ্ককাৰী--

  186. 71:3

    أَنِ ٱعْبُدُوا۟ ٱللَّهَ وَٱتَّقُوهُ وَأَطِيعُونِ

    ʹAniʻ budul laaha wattaq̣oohu wa-ʹaṭeeʻoon:

    ‘এই বিষয়ে যে, তোমালোকে আল্লাহৰ ইবাদত কৰা আৰু তেওঁৰ তাক্বৱা অৱলম্বন কৰা, আৰু মোৰ আনুগত্য কৰা;

  187. 71:4

    يَغْفِرْ لَكُم مِّن ذُنُوبِكُمْ وَيُؤَخِّرْكُمْ إِلَىٰٓ أَجَلٍ مُّسَمًّى ۚ إِنَّ أَجَلَ ٱللَّهِ إِذَا جَآءَ لَا يُؤَخَّرُ ۖ لَوْ كُنتُمْ تَعْلَمُونَ

    Yag̣fir lakum miñ ẓunoobikum wa-yuʹakhkhirukum ʹilaaa ʹAjalim Musammaa: ʹinna ʹAjalal laahi ʹiẓaa jaaaʹa laa- yuʹakhkhar, Law kuñtum taʻlamoon.

    তেওঁ তোমালোকৰ বাবে তোমালোকৰ পাপসমূহ ক্ষমা কৰিব আৰু তোমালোকক এটা নিৰ্দিষ্ট সময় পৰ্যন্ত অৱকাশ দিব। নিশ্চয় আল্লাহৰ নিৰ্ধাৰিত সময় উপস্থিত হ’লে সেয়া (কেতিয়াও) বিলম্ব কৰা নহয়; যদি তোমালোকে এইটো জানিলাহেঁতেন!’

  188. 71:5

    قَالَ رَبِّ إِنِّى دَعَوْتُ قَوْمِى لَيْلًا وَنَهَارًا

    Q̣aala Rabbi ʹinnee daʻawtu Q̣awmee laylañw wanahaaraa:

    তেওঁ কৈছিল, ‘হে মোৰ প্ৰতিপালক! নিশ্চয় মই মোৰ সম্প্ৰদায়ক দিনে ৰাতিয়ে আহ্বান কৰিছোঁ,

  189. 71:6

    فَلَمْ يَزِدْهُمْ دُعَآءِىٓ إِلَّا فِرَارًا

    Falam yazidhum duʻaaaʹeee ʹillaa firaaraa.

    ‘কিন্তু মোৰ আহ্বানে সিহঁতৰ পলায়ন-প্ৰৱণতাহে বৃদ্ধি কৰিছে’।

  190. 71:7

    وَإِنِّى كُلَّمَا دَعَوْتُهُمْ لِتَغْفِرَ لَهُمْ جَعَلُوٓا۟ أَصَـٰبِعَهُمْ فِىٓ ءَاذَانِهِمْ وَٱسْتَغْشَوْا۟ ثِيَابَهُمْ وَأَصَرُّوا۟ وَٱسْتَكْبَرُوا۟ ٱسْتِكْبَارًا

    Wa-ʹinnee kullamaa daʻawtuhum litag̣fira lahum jaʻalooo ʹaṣaabiʻahum feee ʹaaẓaanihim wastag̣shaw s̤iyaabahum wa-ʹaṣarroo wastakbarus tikbaaraa,

    আৰু যেতিয়াই মই সিহঁতক আহ্বান কৰিছোঁ যাতে তুমি সিহঁতক ক্ষমা কৰা, সিহঁতে নিজৰ কাণত আঙুলিৰে সোপা দিছে আৰু কাপোৰেৰে নিজকে ঢাকি লৈছে, আৰু আঁকোৰগোজ হৈছে লগতে অতি দাম্ভিকতাৰে ঔদ্ধত্য প্ৰকাশ কৰিছে।

  191. 71:8

    ثُمَّ إِنِّى دَعَوْتُهُمْ جِهَارًا

    S̤umma ʹinnee daʻawtuhum jihaaraa;

    ‘তাৰ পিছতো মই সিহঁতক উচ্চস্বৰে আহ্বান কৰিছোঁ,

  192. 71:9

    ثُمَّ إِنِّىٓ أَعْلَنتُ لَهُمْ وَأَسْرَرْتُ لَهُمْ إِسْرَارًا

    S̤umma ʹinneee ʹaʻlañtu lahum wa-ʹasrartu lahum ʹisraaraa,

    ‘আকৌ সিহঁতক মই প্ৰকাশ্য আৰু অতি গোপনীয়ভাৱেও আহ্বান কৰিছোঁ’।

  193. 71:10

    فَقُلْتُ ٱسْتَغْفِرُوا۟ رَبَّكُمْ إِنَّهُۥ كَانَ غَفَّارًا

    Faq̣ultus tag̣firoo Rabbakum; ʹinnahoo kaana G̣affaaraa;

    আৰু কৈছোঁ, তোমালোকৰ প্ৰতিপালকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা, নিশ্চয় তেওঁ মহা ক্ষমাশীল,

  194. 71:11

    يُرْسِلِ ٱلسَّمَآءَ عَلَيْكُم مِّدْرَارًا

    Yursilis samaaaʹa ʻalaykum midraaraa;

    তেওঁ তোমালোকৰ বাবে প্ৰচুৰ পৰিমাণে বৰষুণ অৱতীৰ্ণ কৰিব,

  195. 71:12

    وَيُمْدِدْكُم بِأَمْوَٰلٍ وَبَنِينَ وَيَجْعَل لَّكُمْ جَنَّـٰتٍ وَيَجْعَل لَّكُمْ أَنْهَـٰرًا

    Wa-yumdidkum̃ biʹamwaaliñw wabaneena wa-yajʻal lakum Jannaatiñw Wa yajʻal lakum ʹanhaaraa.

    ‘আৰু তেওঁ তোমালোকক ধন-সম্পদ আৰু সন্তান-সন্ততি প্ৰদান কৰি সহায় কৰিব আৰু তোমালোকৰ বাবে উদ্যান স্থাপন কৰিব আৰু নদ-নদী প্ৰবাহিত কৰিব।

  196. 71:13

    مَّا لَكُمْ لَا تَرْجُونَ لِلَّهِ وَقَارًا

    Maa- lakum laa- tarjoona lillaahi wa-q̣aaraa,―

    তোমালোকৰ কি হ'ল, তোমালোকে আল্লাহৰ শ্ৰেষ্ঠত্ব উপলব্ধি নকৰা কিয়?

  197. 71:14

    وَقَدْ خَلَقَكُمْ أَطْوَارًا

    Wa-q̣ad khalaq̣akum ʹaṭwaaraa?

    ‘অথচ তেৱেঁই তোমালোকক সৃষ্টি কৰিছে পৰ্যায়ক্ৰমে।

  198. 71:15

    أَلَمْ تَرَوْا۟ كَيْفَ خَلَقَ ٱللَّهُ سَبْعَ سَمَـٰوَٰتٍ طِبَاقًا

    ʹAlam taraw kayfa khalaq̣al laahu sabʻa samaawaatiñ ṭibaaq̣aa,

    তোমালোকে লক্ষ্য কৰা নাইনে, আল্লাহে কেনেকৈ স্তৰে স্তৰে সাতখন আকাশ সৃষ্টি কৰিছে?

  199. 71:16

    وَجَعَلَ ٱلْقَمَرَ فِيهِنَّ نُورًا وَجَعَلَ ٱلشَّمْسَ سِرَاجًا

    Wa-jaʻalal q̣amara feehinna noorañw wajaʻalash shamsa Siraajaa?

    আৰু তাত চন্দ্ৰক সৃষ্টি কৰিছে পোহৰ হিচাপে আৰু সূৰ্যক বনাইছে প্ৰদীপ।

  200. 71:17

    وَٱللَّهُ أَنۢبَتَكُم مِّنَ ٱلْأَرْضِ نَبَاتًا

    Wallaahu ʹambatakum minal ʹarḍi nabaataa,

    ‘আৰু আল্লাহে তোমালোকক মাটিৰ পৰা উদ্ভূত কৰিছে,

  201. 71:18

    ثُمَّ يُعِيدُكُمْ فِيهَا وَيُخْرِجُكُمْ إِخْرَاجًا

    S̤umma yuʻeedukum feehaa wa-yukhrijukum ʹikhraajaa?

    ‘তাৰ পিছত তেৱেঁই তোমালোকক তালৈকে ওভতাই নিব আৰু নিশ্চিতভাৱে তোমালোকক পুনৰুত্থিত কৰিব,

  202. 71:19

    وَٱللَّهُ جَعَلَ لَكُمُ ٱلْأَرْضَ بِسَاطًا

    Wallaahu jaʻala lakumul ʹarḍa bisaaṭaa,

    ‘আৰু আল্লাহে পৃথিৱীখনক তোমালোকৰ বাবে বিস্তৃত কৰিছে,

  203. 71:20

    لِّتَسْلُكُوا۟ مِنْهَا سُبُلًا فِجَاجًا

    Litaslukoo minhaa subulañ fijaajaa.

    ‘যাতে তোমালোকে তাত প্ৰশস্ত পথত চলাচল কৰিব পাৰা’।

  204. 71:21

    قَالَ نُوحٌ رَّبِّ إِنَّهُمْ عَصَوْنِى وَٱتَّبَعُوا۟ مَن لَّمْ يَزِدْهُ مَالُهُۥ وَوَلَدُهُۥٓ إِلَّا خَسَارًا

    Q̣aala Nooḥur Rabbi ʹinnahum ʻaṣawnee wattabaʻoo mal lam yazidhu maaluhoo wa-waladuhooo ʹillaa khasaaraa.

    নুহে কৈছিল, ‘হে মোৰ প্ৰতিপালক! সিহঁতে মোক অমান্য কৰিছে আৰু এনে লোকৰ অনুসৰণ কৰিছে যাৰ ধন-সম্পদ আৰু সন্তান-সন্ততিয়ে কেৱল তাৰ ক্ষতিহে বৃদ্ধি কৰিছে’।

  205. 71:22

    وَمَكَرُوا۟ مَكْرًا كُبَّارًا

    Wa-makaroo Makrañ kubbaaraa.

    আৰু সিহঁতে ভয়াৱহ ষড়যন্ত্ৰ কৰিছে;

  206. 71:23

    وَقَالُوا۟ لَا تَذَرُنَّ ءَالِهَتَكُمْ وَلَا تَذَرُنَّ وَدًّا وَلَا سُوَاعًا وَلَا يَغُوثَ وَيَعُوقَ وَنَسْرًا

    Waq̣aaloo laa- taẓarunna ʹaalihatakum wa-laa taẓarunna Waddañw Walaa Suwaaʻaa, wa-laa Yag̣oos̤a wa-Yaʻooq̣a wa-Nasraa;―

    আৰু সিহঁতে কয়, ‘তোমালোকে কেতিয়াও তোমালোকৰ উপাস্যবোৰক বৰ্জন নকৰিবা; লগতে পৰিত্যাগ নকৰিবা অদ্দ, ছুৱাআ, ইয়াগুছ, ইয়াউক্ব আৰু নাছৰক’।

  207. 71:24

    وَقَدْ أَضَلُّوا۟ كَثِيرًا ۖ وَلَا تَزِدِ ٱلظَّـٰلِمِينَ إِلَّا ضَلَـٰلًا

    Wa-q̣ad ʹaḍalloo kas̤eeraa; wa-laa tazidiz̤̣ z̤̣aalimeena ʹillaa ḍalaalaa.

    ‘নিশ্চয় সিহঁতে বহুলোকক পথভ্ৰষ্ট কৰিছে, আৰু (হে আল্লাহ) তুমি যালিমসকলৰ বাবে ভ্ৰষ্টতাৰ বাহিৰে আন একো বৃদ্ধি নকৰিবা’।

  208. 71:25

    مِّمَّا خَطِيٓـَٔـٰتِهِمْ أُغْرِقُوا۟ فَأُدْخِلُوا۟ نَارًا فَلَمْ يَجِدُوا۟ لَهُم مِّن دُونِ ٱللَّهِ أَنصَارًا

    Mimmaa khaṭeeeʹaatihim ʹug̣riq̣oo faʹudkhiloo Naaraa: falam yajidoo lahum miñ doonil laahi ʹañṣaaraa.

    (ফলত) সিহঁতৰ অপৰাধৰ বাবে সিহঁতক ডুবাই দিয়া হ’ল, তাৰ পিছত সিহঁতক জুইত প্ৰৱেশ কৰোৱা হ’ল, এতেকে সিহঁতে আল্লাহৰ বাহিৰে আন কাকো সহায়কাৰী হিচাপে পোৱা নাছিল।

  209. 71:26

    وَقَالَ نُوحٌ رَّبِّ لَا تَذَرْ عَلَى ٱلْأَرْضِ مِنَ ٱلْكَـٰفِرِينَ دَيَّارًا

    Wa-q̣aala Nooḥur Rabbi laa- taẓar ʻalal ʹarḍi minal kaafireena dayyaaraa!

    নুহে আৰু কৈছিল, ‘হে মোৰ প্ৰতিপালক! পৃথিৱীৰ বুকুত কাফিৰসকলৰ এটা গৃহও অৱশিষ্ট নাৰাখিবা।

  210. 71:27

    إِنَّكَ إِن تَذَرْهُمْ يُضِلُّوا۟ عِبَادَكَ وَلَا يَلِدُوٓا۟ إِلَّا فَاجِرًا كَفَّارًا

    ʹInnaka ʹiñ taẓarhum yuḍilloo ʻibaadaka wa-laa yalidooo ʹillaa faajirañ kaffaaraa.

    ‘যদি তুমি সিহঁতক অৱশিষ্ট ৰাখা তেন্তে সিহঁতে তোমাৰ বান্দাসকলক পথভ্ৰষ্ট কৰিব আৰু সিহঁতে কেৱল দুস্কৃতিকাৰী কাফিৰকহে জন্ম দিব।

  211. 71:28

    رَّبِّ ٱغْفِرْ لِى وَلِوَٰلِدَىَّ وَلِمَن دَخَلَ بَيْتِىَ مُؤْمِنًا وَلِلْمُؤْمِنِينَ وَٱلْمُؤْمِنَـٰتِ وَلَا تَزِدِ ٱلظَّـٰلِمِينَ إِلَّا تَبَارًۢا

    Rabbig̣ fir lee wa-li-waalidayya wa-limañ dakhala baytiya Muʹminañw Walil-Muʹmineena wal-Muʹminaat: wa-laa tazidiz̤̣ z̤̣aalimeena ʹillaa tabaaraa!

    হে মোৰ প্ৰতিপালক! মোক আৰু মোৰ পিতৃ-মাতৃক, লগতে যিয়ে মুমিন হৈ মোৰ ঘৰত প্ৰৱেশ কৰিছে তাক, আৰু মুমিন পুৰুষ তথা মুমিনা নাৰীসকলক ক্ষমা কৰি দিয়া; আৰু যালিমসকলৰ বাবে ধ্বংসৰ বাহিৰে আন একো বৃদ্ধি নকৰিবা’।

  212. Surah Al-JinnBegins here at 72:1

  213. 72:1

    قُلْ أُوحِىَ إِلَىَّ أَنَّهُ ٱسْتَمَعَ نَفَرٌ مِّنَ ٱلْجِنِّ فَقَالُوٓا۟ إِنَّا سَمِعْنَا قُرْءَانًا عَجَبًا

    Q̣ul ʹooḥiya ʹilayya ʹanna hustamaʻa nafarum minal Jinni faq̣aalooo ʹinnaa samiʻnaa Q̣urʹaanan ʻajabaa,

    কোৱা, মোৰ প্ৰতি অহী কৰা হৈছে যে, নিশ্চয় জিনসকলৰ এটা দলে মনোযোগ সহকাৰে (এই কোৰআন) শুনিছে; তাৰ পিছত কৈছে, ‘নিশ্চয় আমি এক বিস্ময়কৰ কোৰআন শুনিছোঁ,

  214. 72:2

    يَهْدِىٓ إِلَى ٱلرُّشْدِ فَـَٔامَنَّا بِهِۦ ۖ وَلَن نُّشْرِكَ بِرَبِّنَآ أَحَدًا

    Yahdeee ʹilar Rushdi faʹaamannaa bih: wa-lan nushrika bi-Rabbinaaa ʹaḥadaa.

    ‘যিখনে সত্যৰ পথ দেখুৱায়, সেয়ে আমি তাৰ ওপৰত ঈমান আনিছোঁ। গতিকে আমি কেতিয়াও আমাৰ প্ৰতিপালকৰ সৈতে আন কাকো অংশী স্থাপন নকৰোঁ,

  215. 72:3

    وَأَنَّهُۥ تَعَـٰلَىٰ جَدُّ رَبِّنَا مَا ٱتَّخَذَ صَـٰحِبَةً وَلَا وَلَدًا

    Wa-ʹannahoo Taʻaalaa Jaddu Rabbinaa mat takhaẓa ṣaaḥibatañw walaa waladaa.

    ‘আৰু নিশ্চয় আমাৰ প্ৰতিপালকৰ মৰ্যাদা সুউচ্চ’ তেওঁ কোনো সঙ্গিনী আৰু কোনো সন্তানো গ্ৰহণ কৰা নাই।

  216. 72:4

    وَأَنَّهُۥ كَانَ يَقُولُ سَفِيهُنَا عَلَى ٱللَّهِ شَطَطًا

    Wa-ʹannahoo kaana yaq̣oolu safeehunaa ʻal allaahi shaṭaṭaa;

    ‘আৰু আমাৰ মাজৰ নিৰ্বোধসকলে আল্লাহৰ বিষয়ে অবাস্তৱ কথা-বতৰা কৈছিল’।

  217. 72:5

    وَأَنَّا ظَنَنَّآ أَن لَّن تَقُولَ ٱلْإِنسُ وَٱلْجِنُّ عَلَى ٱللَّهِ كَذِبًا

    Wa-ʹannaa z̤̣anannaaa ʹal lañ taq̣oolal ʹiñsu wal-jinnu ʻal allaahi kaẓibaa.

    ‘অথচ আমি ধাৰণা কৰিছিলোঁ যে, মানুহ আৰু জিন জাতিয়ে কেতিয়াও আল্লাহ সম্পৰ্কে মিছা আৰোপ কৰিব নোৱাৰে।

  218. 72:6

    وَأَنَّهُۥ كَانَ رِجَالٌ مِّنَ ٱلْإِنسِ يَعُوذُونَ بِرِجَالٍ مِّنَ ٱلْجِنِّ فَزَادُوهُمْ رَهَقًا

    Wa-ʹannahoo kaana rijaalum minal ʹiñsi yaʻooẓoona birijaalim minal Jinni fazaadoohum rahaq̣aa.

    ‘আৰু নিশ্চয় কিছুমান মানুহে কিছুমান জিনৰ আশ্ৰয় লৈছিল, ফলত সিহঁতে জিনসকলৰ অহংকাৰ বৃদ্ধি কৰিছিল’।

  219. 72:7

    وَأَنَّهُمْ ظَنُّوا۟ كَمَا ظَنَنتُمْ أَن لَّن يَبْعَثَ ٱللَّهُ أَحَدًا

    Wa-ʹannahum z̤̣annoo kamaa z̤̣anañtum ʹal lañy yabʻas̤al laahu ʹaḥadaa.

    ‘আৰু নিশ্চয় সিহঁতেও (মানুহেও) ধাৰণা কৰিছিল যেনেকৈ তোমালোকে ধাৰণা কৰিছা যে, আল্লাহে কাকো কেতিয়াও পুনৰুত্থিত নকৰিব’।

  220. 72:8

    وَأَنَّا لَمَسْنَا ٱلسَّمَآءَ فَوَجَدْنَـٰهَا مُلِئَتْ حَرَسًا شَدِيدًا وَشُهُبًا

    Wa-ʹannaa lamasnas samaaaʹa fawajadnaahaa muliʹat ḥarasañ shadeedañw washuhubaa.

    ‘আৰু নিশ্চয় আমি আকাশৰ তথ্য সংগ্ৰহ কৰিব বিচাৰিছিলোঁ, কিন্তু আমি দেখিলোঁ যে, আকাশখন কঠোৰ প্ৰহৰী আৰু উল্কাপিণ্ডৰ দ্বাৰা পৰিপূৰ্ণ;

  221. 72:9

    وَأَنَّا كُنَّا نَقْعُدُ مِنْهَا مَقَـٰعِدَ لِلسَّمْعِ ۖ فَمَن يَسْتَمِعِ ٱلْـَٔانَ يَجِدْ لَهُۥ شِهَابًا رَّصَدًا

    Wa-ʹannaa kunnaa naq̣ʻudu minhaa maq̣aaʻida lissamʻ; famañy yastamiʻil ʹaana yajid lahoo shihaabar raṣadaa.

    ‘আৰু আমি আগতে আকাশৰ বিভিন্ন ঘাঁটিত সংবাদ শুনাৰ বাবে বহিছিলোঁ কিন্তু এতিয়া কোনোবাই সংবাদ শুনিবলৈ বিচাৰিলে সি জলন্ত উল্কাপিণ্ডৰ সন্মুখীন হ'বলগীয়া হয়।

  222. 72:10

    وَأَنَّا لَا نَدْرِىٓ أَشَرٌّ أُرِيدَ بِمَن فِى ٱلْأَرْضِ أَمْ أَرَادَ بِهِمْ رَبُّهُمْ رَشَدًا

    Waʹannaa laa- nadreee ʹasharrun ʹureeda bimañ fil ʹarḍi ʹam ʹaraada bihim Rabbuhum rashadaa.

    ‘আৰু নিশ্চয় আমি নাজানো যে, পৃথিৱীবাসীৰ বাবে অমঙ্গল বিচৰা হৈছে, নে সিহঁতৰ প্ৰতিপালকে সিহঁতৰ মঙ্গল বিচাৰিছে।

  223. 72:11

    وَأَنَّا مِنَّا ٱلصَّـٰلِحُونَ وَمِنَّا دُونَ ذَٰلِكَ ۖ كُنَّا طَرَآئِقَ قِدَدًا

    Wa-ʹannaa minnaṣ ṣaaliḥoona wa-minnaa doona ẓaalik: kunnaa ṭaraaaʹiq̣a q̣idadaa.

    আৰু নিশ্চয় আমাৰ মাজৰ কিছুমান হৈছে সৎকৰ্মশীল আৰু কিছুমান ইয়াৰ ব্যতিক্ৰম, আমি আছিলোঁ বিভিন্ন পথৰ অনুসাৰী;

  224. 72:12

    وَأَنَّا ظَنَنَّآ أَن لَّن نُّعْجِزَ ٱللَّهَ فِى ٱلْأَرْضِ وَلَن نُّعْجِزَهُۥ هَرَبًا

    Wa-ʹannaa z̤̣anannaaa ʹal lan nuʻjizal laaha fil ʹarḍi wa-lan nuʻjizahoo harabaa.

    ‘আৰু আমি বুজি পাইছোঁ যে, আমি পৃথিৱীত কেতিয়াও আল্লাহক অপাৰগ কৰিব নোৱাৰিম আৰু পলায়ন কৰিও তেওঁক ব্যৰ্থ কৰিব নোৱাৰিম।

  225. 72:13

    وَأَنَّا لَمَّا سَمِعْنَا ٱلْهُدَىٰٓ ءَامَنَّا بِهِۦ ۖ فَمَن يُؤْمِنۢ بِرَبِّهِۦ فَلَا يَخَافُ بَخْسًا وَلَا رَهَقًا

    Wa-ʹannaa lammaa samiʻnal Hudaaa ʹaamannaa bih. Famañy yuʹmim bi-Rabbihee falaa yakhaafu bakhsañw walaa rahaq̣aa.

    ‘গতিকে আমি যেতিয়া হিদায়তৰ বাণী শুনিলোঁ, তেতিয়া তাৰ প্ৰতি ঈমান আনিলোঁ। এতেকে যিয়ে তাৰ প্ৰতিপালকৰ প্ৰতি ঈমান আনিব, তাৰ কোনো ক্ষতি আৰু কোনো অন্যায়ৰ আশংকা নাথাকিব।

  226. 72:14

    وَأَنَّا مِنَّا ٱلْمُسْلِمُونَ وَمِنَّا ٱلْقَـٰسِطُونَ ۖ فَمَنْ أَسْلَمَ فَأُو۟لَـٰٓئِكَ تَحَرَّوْا۟ رَشَدًا

    Wa-ʹannaa minnal Muslimoona wa-minnal Q̣aasiṭoon. Faman ʹaslama faʹulaaaʹika taḥarraw rashadaa.

    ‘আৰু নিশ্চয় আমাৰ মাজত আছে কিছু সংখ্যক আত্মসমৰ্পণকাৰী আৰু কিছু সংখ্যক আছে সীমালংঘনকাৰী; এতেকে যিসকলে ইছলাম গ্ৰহণ কৰিছে সিহঁতেই সঠিক পথ বাচি লৈছে।

  227. 72:15

    وَأَمَّا ٱلْقَـٰسِطُونَ فَكَانُوا۟ لِجَهَنَّمَ حَطَبًا

    Wa-ʹammal Q̣aasiṭoona fakaanoo li-Jahannama ḥaṭabaa―

    ‘আনহাতে সীমালংঘনকাৰীসকল হৈছে জাহান্নামৰেই ইন্ধন’।

  228. 72:16

    وَأَلَّوِ ٱسْتَقَـٰمُوا۟ عَلَى ٱلطَّرِيقَةِ لَأَسْقَيْنَـٰهُم مَّآءً غَدَقًا

    Wa-ʹalla-wis taq̣aamoo ʻalaṭ Ṭareeq̣ati laʹasq̣aynaahum maaaʹan g̣adaq̣aa.

    আৰু যদি সিহঁতে সঠিক পথত অবিচল থাকিলহেঁতেন, তেনেহ’লে আমি সিহঁতক নিশ্চয় প্ৰচুৰ পৰিমাণে পানী পান কৰালোঁহেঁতেন,

  229. 72:17

    لِّنَفْتِنَهُمْ فِيهِ ۚ وَمَن يُعْرِضْ عَن ذِكْرِ رَبِّهِۦ يَسْلُكْهُ عَذَابًا صَعَدًا

    Linaftinahum feeh. Wa-mañy yuʻriḍ ʻañ Ẓikri Rabbihee yaslukhu ʻAẓaabañ ṣaʻadaa.

    যাতে আমি ইয়াৰ দ্বাৰা সিহঁতক পৰীক্ষা কৰিব পাৰোঁ; আৰু যিয়ে নিজ প্ৰতিপালকৰ স্মৰণৰ পৰা মুখ ঘূৰাই লয়, তাক তেওঁ কঠিন শাস্তিত প্ৰৱেশ কৰাব।

  230. 72:18

    وَأَنَّ ٱلْمَسَـٰجِدَ لِلَّهِ فَلَا تَدْعُوا۟ مَعَ ٱللَّهِ أَحَدًا

    Wa-ʹannal Masaajida lil-laahi falaa tadʻoo maʻal laahi ʹaḥadaa;

    আৰু নিশ্চয় মছজিদসমূহ আল্লাহৰ বাবেই (নিৰ্মিত), গতিকে তোমালোকে আল্লাহৰ লগত আন কাকো নামাতিবা।

  231. 72:19

    وَأَنَّهُۥ لَمَّا قَامَ عَبْدُ ٱللَّهِ يَدْعُوهُ كَادُوا۟ يَكُونُونَ عَلَيْهِ لِبَدًا

    Wa-ʹannahoo lammaa q̣aama ʻAbdul laahi yadʻoohu kaadoo yakoonoona ʻalayhi libadaa.

    আৰু নিশ্চয় যেতিয়া আল্লাহৰ বান্দাই তেওঁক প্ৰাৰ্থনা কৰিবলৈ থিয় হ’ল, তেতিয়া সিহঁতে তেওঁৰ ওচৰত আহি ভিৰ কৰিলে।

  232. 72:20

    قُلْ إِنَّمَآ أَدْعُوا۟ رَبِّى وَلَآ أُشْرِكُ بِهِۦٓ أَحَدًا

    Q̣ul ʹinnamaaa ʹadʻoo Rabbee wa-laaa ʹushriku biheee ʹaḥadaa.

    কোৱা, ‘মই কেৱল মোৰ প্ৰতিপালককেই আহ্বান কৰোঁ আৰু তেওঁৰ লগত আন কাকো আংশী নকৰোঁ’।

  233. 72:21

    قُلْ إِنِّى لَآ أَمْلِكُ لَكُمْ ضَرًّا وَلَا رَشَدًا

    Q̣ul ʹinnee laaa ʹamliku lakum ḍarrañw walaa rashadaa.

    কোৱা, ‘নিশ্চয় মই তোমালোকৰ কোনো ক্ষতি আৰু কল্যাণৰ মালিক নহয়’।

  234. 72:22

    قُلْ إِنِّى لَن يُجِيرَنِى مِنَ ٱللَّهِ أَحَدٌ وَلَنْ أَجِدَ مِن دُونِهِۦ مُلْتَحَدًا

    Q̣ul ʹinnee lañy yujeeranee minal laahi ʹaḥad, wa-lan ʹajida miñ doonihee multaḥadaa,

    কোৱা, নিশ্চয় আল্লাহৰ পৰা কোনেও মোক ৰক্ষা কৰিব নোৱাৰিব আৰু তেওঁৰ বাহিৰে মই কেতিয়াও কোনো আশ্ৰয় নাপাম।

  235. 72:23

    إِلَّا بَلَـٰغًا مِّنَ ٱللَّهِ وَرِسَـٰلَـٰتِهِۦ ۚ وَمَن يَعْصِ ٱللَّهَ وَرَسُولَهُۥ فَإِنَّ لَهُۥ نَارَ جَهَنَّمَ خَـٰلِدِينَ فِيهَآ أَبَدًا

    ʹIllaa balaag̣am minal laahi wa-Risaalaatih: wa-mañy yaʻṣil laaha wa-Rasoolahoo faʹinna lahoo Naara Jahannama khaalideena feehaaa ʹabadaa.

    ‘কেৱল আল্লাহৰ তৰফৰ পৰা তেওঁৰ ৰিছালতৰ বাণী প্ৰচাৰ কৰাটোৱে হৈছে মোৰ দায়িত্ব। যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলক অমান্য কৰিব তাৰ বাবে আছে জাহান্নামৰ জুই, তাত সিহঁতে চিৰকাল থাকিব’।

  236. 72:24

    حَتَّىٰٓ إِذَا رَأَوْا۟ مَا يُوعَدُونَ فَسَيَعْلَمُونَ مَنْ أَضْعَفُ نَاصِرًا وَأَقَلُّ عَدَدًا

    Ḥattaaa ʹiẓaa raʹaw maa- yooʻadoona fasayaʻlamoona man ʹaḍʻafu naaṣirañw waʹaq̣allu ʻadadaa.

    অৱশেষত যেতিয়া সিহঁতে ইয়াক প্ৰত্যক্ষ কৰিব, যি বিষয়ে সিহঁতক সাৱধান কৰা হৈছিল। তেতিয়া সিহঁতে জানিবলৈ পাব যে, সহায়কাৰী হিচাপে কোন বেছি দুৰ্বল আৰু সংখ্যাত কোন আটাইতকৈ কম।

  237. 72:25

    قُلْ إِنْ أَدْرِىٓ أَقَرِيبٌ مَّا تُوعَدُونَ أَمْ يَجْعَلُ لَهُۥ رَبِّىٓ أَمَدًا

    Q̣ul ʹin ʹadreee ʹa-q̣areebum maa tooʻadoona ʹam yajʻalu lahoo Rabbeee ʹamadaa.

    কোৱা, ‘তোমালোকক যিটোৰ প্ৰতিশ্ৰুতি দিয়া হৈছে, সেইটো নিকটৱৰ্তী, নে মোৰ প্ৰতিপালকে ইয়াৰ বাবে কোনো দীৰ্ঘ ম্যাদ নিৰ্ধাৰণ কৰিব সেয়া মই নাজানো’।

  238. 72:26

    عَـٰلِمُ ٱلْغَيْبِ فَلَا يُظْهِرُ عَلَىٰ غَيْبِهِۦٓ أَحَدًا

    ʻAalimul G̣aybi falaa yuz̤̣hiru ʻalaa G̣aybiheee ʹaḥadaa,

    তেওঁ অদৃশ্য বিষয়ৰ জ্ঞানী, আৰু তেওঁ নিজৰ অদৃশ্যৰ জ্ঞান কাৰো ওচৰতেই প্ৰকাশ নকৰে,

  239. 72:27

    إِلَّا مَنِ ٱرْتَضَىٰ مِن رَّسُولٍ فَإِنَّهُۥ يَسْلُكُ مِنۢ بَيْنِ يَدَيْهِ وَمِنْ خَلْفِهِۦ رَصَدًا

    ʹIllaa manir taḍaa mir rasooliñ faʹinnahoo yasluku mim bayni yadayhi wa-min khalfihee raṣadaa,

    কিন্তু তেওঁৰ মনোনীত ৰাছুলৰ বাহিৰে। সেই ক্ষেত্ৰত আল্লাহে তেওঁৰ ৰাছুলৰ সন্মুখত আৰু পিছত প্ৰহৰী নিয়োজিত কৰে,

  240. 72:28

    لِّيَعْلَمَ أَن قَدْ أَبْلَغُوا۟ رِسَـٰلَـٰتِ رَبِّهِمْ وَأَحَاطَ بِمَا لَدَيْهِمْ وَأَحْصَىٰ كُلَّ شَىْءٍ عَدَدًۢا

    Liyaʻlama ʹañ q̣ad ʹablag̣oo Risaalaati Rabbihim wa-ʹaḥaaṭa bimaa ladayhim wa-ʹaḥṣaa kulla shayʹin ʻadadaa.

    যাতে তেওঁ প্ৰকাশ কৰিব পাৰে যে, নিশ্চয় তেওঁলোকে তেওঁলোকৰ প্ৰতিপালকৰ ৰিছালত পৌঁচাই দিছে। লগতে তেওঁলোকৰ ওচৰত যি আছে সেয়াও তেওঁ জ্ঞানৰ দ্বাৰা পৰিবেষ্টন কৰি ৰাখিছে আৰু তেওঁ প্ৰতিটো বস্তুৰ সংখ্যা হিচাপ কৰি ৰাখিছে।

  241. Surah Al-MuzzammilBegins here at 73:1

  242. 73:1

    يَـٰٓأَيُّهَا ٱلْمُزَّمِّلُ

    Yaaaʹayyuhal MUZZAMMIL!

    হে বস্ত্ৰাবৃত!

  243. 73:2

    قُمِ ٱلَّيْلَ إِلَّا قَلِيلًا

    Q̣umil layla ʹillaa q̣aleelaa,―

    ৰাতিত ছালাত আদায় কৰা, কিছু অংশৰ বাহিৰে,

  244. 73:3

    نِّصْفَهُۥٓ أَوِ ٱنقُصْ مِنْهُ قَلِيلًا

    Niṣfahooo ʹawiñ Q̣uṣ minhu q̣aleelaa,

    অৰ্দ্ধেক ৰাতি বা তাতকৈও অলপ কম;

  245. 73:4

    أَوْ زِدْ عَلَيْهِ وَرَتِّلِ ٱلْقُرْءَانَ تَرْتِيلًا

    ʹAw zid ʻalayhi wa-rattilil Q̣urʹaana tarteelaa.

    অথবা তাতকৈও অলপ বেছি। লগতে স্পষ্টভাৱে ধীৰে ধীৰে কোৰআন তিলাৱাত কৰা।

  246. 73:5

    إِنَّا سَنُلْقِى عَلَيْكَ قَوْلًا ثَقِيلًا

    ʹInnaa sanulq̣ee ʻalayka Q̣awlañ s̤aq̣eelaa.

    নিশ্চয় আমি তোমাৰ প্ৰতি এটি গধুৰ বাণী অৱতীৰ্ণ কৰিম।

  247. 73:6

    إِنَّ نَاشِئَةَ ٱلَّيْلِ هِىَ أَشَدُّ وَطْـًٔا وَأَقْوَمُ قِيلًا

    ʹInna naashiʹatal layli hiya ʹashaddu waṭ-ʹañw waʹaq̣wamu Q̣eelaa.

    নিশ্চয় ৰাতি-জাগৰণ হৈছে আত্মসংযমৰ বাবে অধিক প্ৰবল আৰু বাকস্ফুৰণত অধিক উপযোগী।

  248. 73:7

    إِنَّ لَكَ فِى ٱلنَّهَارِ سَبْحًا طَوِيلًا

    ʹInna laka fin nahaari sabḥañ ṭaweelaa.

    নিশ্চয় দিনৰ ভাগত তোমাৰ বাবে আছে দীৰ্ঘ কৰ্মব্যস্ততা।

  249. 73:8

    وَٱذْكُرِ ٱسْمَ رَبِّكَ وَتَبَتَّلْ إِلَيْهِ تَبْتِيلًا

    Waẓkuris ma Rabbika wa-tabattal ʹilayhi tabteelaa.

    গতিকে তুমি তোমাৰ প্ৰতিপালকৰ নাম স্মৰণ কৰা আৰু একনিষ্ঠভাৱে তেওঁৰ প্ৰতি মনোনিৱেশ কৰা।

  250. 73:9

    رَّبُّ ٱلْمَشْرِقِ وَٱلْمَغْرِبِ لَآ إِلَـٰهَ إِلَّا هُوَ فَٱتَّخِذْهُ وَكِيلًا

    Rabbul Mashriq̣i wal-Mag̣ribi Laaa ʹilaaha ʹillaa Huwa fattakhiẓhu Wakeelaa.

    তেৱেঁই পূৱ আৰু পশ্চিমৰ প্ৰতিপালক, তেওঁৰ বাহিৰে আন কোনো (সত্য) ইলাহ নাই। এতেকে কৰ্মবিধায়ক হিচাপে তুমি তেওঁকেই গ্ৰহণ কৰা।

  251. 73:10

    وَٱصْبِرْ عَلَىٰ مَا يَقُولُونَ وَٱهْجُرْهُمْ هَجْرًا جَمِيلًا

    Waṣbir ʻalaa maa- yaq̣ooloona wahjurhum hajrañ jameelaa.

    আৰু মানুহে যি কয় তাৰ ওপৰত তুমি ধৈৰ্য ধাৰণ কৰা আৰু সৌজন্যৰ সৈতে সিহঁতক পৰিহাৰ কৰি চলা।

  252. 73:11

    وَذَرْنِى وَٱلْمُكَذِّبِينَ أُو۟لِى ٱلنَّعْمَةِ وَمَهِّلْهُمْ قَلِيلًا

    Wa-ẓarnee walmukaẓẓibeena ʹulin naʻmati wa-mahhilhum q̣aleelaa.

    আৰু বিলাসী সামগ্ৰীৰ অধিকাৰী মিথ্যাৰোপকাৰীসকলক মোলৈ এৰি দিয়া আৰু সিহঁতক কিছু সময় অৱকাশ দিয়া।

  253. 73:12

    إِنَّ لَدَيْنَآ أَنكَالًا وَجَحِيمًا

    ʹInna ladaynaaa ʹañkaalañw Wa-Jaḥeemaa,

    নিশ্চয় আমাৰ ওচৰত আছে শিকলিসমূহ আৰু প্ৰজ্বলিত জুই,

  254. 73:13

    وَطَعَامًا ذَا غُصَّةٍ وَعَذَابًا أَلِيمًا

    Wa-Ṭaʻaamañ ẓaa g̣uṣṣatiñw waʻAẓaaban ʹaleemaa.

    লগতে আছে কাইটযুক্ত খাদ্য আৰু যন্ত্ৰণাদায়ক শাস্তি।

  255. 73:14

    يَوْمَ تَرْجُفُ ٱلْأَرْضُ وَٱلْجِبَالُ وَكَانَتِ ٱلْجِبَالُ كَثِيبًا مَّهِيلًا

    Yawma tarjuful ʹarḍu wal-Jibaalu wa-kaanatil jibaalu kas̤eebam maheelaa.

    যিদিনা পৃথিৱী আৰু পৰ্বতসমূহ প্ৰকম্পিত হ’ব আৰু পৰ্বতসমূহ বিক্ষিপ্ত চলমান বালীময়ত পৰিণত হ’ব।

  256. 73:15

    إِنَّآ أَرْسَلْنَآ إِلَيْكُمْ رَسُولًا شَـٰهِدًا عَلَيْكُمْ كَمَآ أَرْسَلْنَآ إِلَىٰ فِرْعَوْنَ رَسُولًا

    ʹInnaaa ʹarsalnaaa ʹilaykum Rasoolañ shaahidan ʻalaykum kamaaa ʹarsalnaaa ʹilaa Firʻawna Rasoolaa.

    নিশ্চয় আমি তোমালোকৰ বাবে সাক্ষী স্বৰূপে তোমালোকৰ ওচৰলৈ এজন ৰাছুল প্ৰেৰণ কৰিছোঁ, যেনেকৈ ৰাছুল প্ৰেৰণ কৰিছিলোঁ ফিৰআউনৰ ওচৰলৈ।

  257. 73:16

    فَعَصَىٰ فِرْعَوْنُ ٱلرَّسُولَ فَأَخَذْنَـٰهُ أَخْذًا وَبِيلًا

    Faʻaṣaa Firʻawnur Rasoola faʹakhaẓnaahu ʹakhẓañw Wabeelaa.

    কিন্তু ফিৰআউনে ৰাছুলক অমান্য কৰিছিল, সেয়ে আমি তাক শাস্তি বিহিছিলোঁ।

  258. 73:17

    فَكَيْفَ تَتَّقُونَ إِن كَفَرْتُمْ يَوْمًا يَجْعَلُ ٱلْوِلْدَٰنَ شِيبًا

    Fakayfa tattaq̣oona ʹiñ kafartum Yawmañy yajʻalul wildaana sheebaa―

    এতেকে তোমালোকে যদি কুফুৰী কৰা তেন্তে তোমালোকে সেই দিৱসটোত কেনেকৈ আত্ম ৰক্ষা কৰিবা যিদিনা শিশুসকলক বৃদ্ধাৱস্থালৈ পৰিণত কৰিব,

  259. 73:18

    ٱلسَّمَآءُ مُنفَطِرٌۢ بِهِۦ ۚ كَانَ وَعْدُهُۥ مَفْعُولًا

    ʹAssamaaaʹu muñfaṭirum bih? Kaana waʻduhoo mafʻoolaa.

    সেইদিনা আকাশ বিদীৰ্ণ হ’ব, তেওঁৰ প্ৰতিশ্ৰুতি বাস্তৱায়িত হ’ব।

  260. 73:19

    إِنَّ هَـٰذِهِۦ تَذْكِرَةٌ ۖ فَمَن شَآءَ ٱتَّخَذَ إِلَىٰ رَبِّهِۦ سَبِيلًا

    ʹInna haaẓihee Taẓkirah: famañ shaaaʹat takhaẓa ʹilaa Rabbihee Sabeelaa!

    নিশ্চয় এইটো এটা উপদেশ, এতেকে যিয়ে ইচ্ছা কৰে, সি যেন তাৰ প্ৰতিপালকৰ পথ অৱলম্বন কৰক।

  261. 73:20

    ۞ إِنَّ رَبَّكَ يَعْلَمُ أَنَّكَ تَقُومُ أَدْنَىٰ مِن ثُلُثَىِ ٱلَّيْلِ وَنِصْفَهُۥ وَثُلُثَهُۥ وَطَآئِفَةٌ مِّنَ ٱلَّذِينَ مَعَكَ ۚ وَٱللَّهُ يُقَدِّرُ ٱلَّيْلَ وَٱلنَّهَارَ ۚ عَلِمَ أَن لَّن تُحْصُوهُ فَتَابَ عَلَيْكُمْ ۖ فَٱقْرَءُوا۟ مَا تَيَسَّرَ مِنَ ٱلْقُرْءَانِ ۚ عَلِمَ أَن سَيَكُونُ مِنكُم مَّرْضَىٰ ۙ وَءَاخَرُونَ يَضْرِبُونَ فِى ٱلْأَرْضِ يَبْتَغُونَ مِن فَضْلِ ٱللَّهِ ۙ وَءَاخَرُونَ يُقَـٰتِلُونَ فِى سَبِيلِ ٱللَّهِ ۖ فَٱقْرَءُوا۟ مَا تَيَسَّرَ مِنْهُ ۚ وَأَقِيمُوا۟ ٱلصَّلَوٰةَ وَءَاتُوا۟ ٱلزَّكَوٰةَ وَأَقْرِضُوا۟ ٱللَّهَ قَرْضًا حَسَنًا ۚ وَمَا تُقَدِّمُوا۟ لِأَنفُسِكُم مِّنْ خَيْرٍ تَجِدُوهُ عِندَ ٱللَّهِ هُوَ خَيْرًا وَأَعْظَمَ أَجْرًا ۚ وَٱسْتَغْفِرُوا۟ ٱللَّهَ ۖ إِنَّ ٱللَّهَ غَفُورٌ رَّحِيمٌۢ

    ʹInna Rabbaka yaʻlamu ʹannaka taq̣oomu ʹadnaa miñ s̤ulus̤ayil layli wa-niṣfahoo wa-s̤ulus̤ahoo wa-ṭaaaʹifatum minal laẓeena maʻak. Wal-laahu yuq̣addirul layla wannahaar. ʻAlima ʹal lañ tuḥṣoohu fataaba ʻalaykum faq̣raʹoo maa- tayassara minal Q̣urʹaan. ʻAlima ʹañ sayakoonu miñkum marḍaa wa-ʹaakharoona yaḍriboona fil ʹarḍi yabtag̣oona miñ Faḍlil laahi wa-ʹaakharoona yuq̣aatiloona fee Sabeelil laah. Faq̣raʹoo maa- tayassara minhu wa-ʹaq̣eemuṣ Ṣalaata wa-ʹaatuz Zakaata wa-ʹaq̣riḍul laaha Q̣arḍan Ḥasanaa. Wa-maa tuq̣addimoo liʹañfusikum min khayriñ tajidoohu ʻiñdal laahi huwa khyrañw waʹAʻz̤̣ama ʹAjraa. Wastag̣firul laah: ʹinnal laaha G̣afoorur Raḥeem.

    নিশ্চয় তোমাৰ প্ৰতিপালকে জানে যে, তুমি ছালাতৰ বাবে থিয় দিয়া কেতিয়াবা ৰাতিৰ প্ৰায় দুই-তৃতীয়াংশত, কেতিয়াবা অৰ্ধাংশত আৰু কেতিয়াবা এক-তৃতীয়াংশত, লগতে তোমাৰ সংগীসকলৰ এটা দলেও থিয় দিয়ে। আল্লাহেই নিৰ্ধাৰণ কৰে দিন আৰু ৰাতিৰ পৰিমাণ। তেওঁ জানে যে, তোমালোকে ইয়াৰ সঠিক নিৰ্ধাৰণ পালন কৰিব নোৱাৰিবা, সেয়ে তেওঁ তোমালোকক ক্ষমা কৰিছে। এতেকে তোমালোকে কোৰআনৰ পৰা যিমানখিনি সহজ হয় সিমানখিনি পাঠ কৰা। তেওঁ জানে যে, তোমালোকৰ মাজৰ কিছুমান অসুস্থ হৈ পৰিব, আকৌ কিছুমানে আল্লাহৰ অনুগ্ৰহ সন্ধান কৰিবলৈ ভ্ৰমণ কৰিব আৰু আন কিছুমানে আল্লাহৰ পথত যুদ্ধৰত অৱস্থাত থাকিব। সেয়ে তোমালোকে কোৰআনৰ পৰা যিমানখিনি সহজ হয় সেইখিনি পাঠ কৰা; আৰু তোমালোকে ছালাত প্ৰতিষ্ঠা কৰা আৰু যাকাত প্ৰদান কৰা লগতে আল্লাহক উত্তম ঋণ প্ৰদান কৰা। তোমালোকৰ নিজৰ মঙ্গলৰ বাবে তোমালোকে যি আগতীয়াকৈ প্ৰেৰণ কৰিবা সেয়া আল্লাহৰ ওচৰত নিশ্চয় পাবা। ই উৎকৃষ্টতম আৰু পুৰস্কাৰ হিচাপে বৰ মহৎ। আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা; নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।

  262. Surah Al-MuddaththirBegins here at 74:1

  263. 74:1

    يَـٰٓأَيُّهَا ٱلْمُدَّثِّرُ

    Yaaaʹayyuhal Muddas̤s̤ir!

    হে বস্ত্ৰাবৃত!

  264. 74:2

    قُمْ فَأَنذِرْ

    Q̣um faʹañẓir!

    উঠা, আৰু সতৰ্ক কৰা,

  265. 74:3

    وَرَبَّكَ فَكَبِّرْ

    Wa-Rabbaka fakabbir!

    আৰু তোমাৰ প্ৰতিপালকৰ শ্ৰেষ্ঠত্ব ঘোষণা কৰা।

  266. 74:4

    وَثِيَابَكَ فَطَهِّرْ

    Wa-s̤iyaabaka faṭahhir!

    আৰু তোমাৰ পোছাক-পৰিচ্ছদ পৱিত্ৰ ৰাখিবা,

  267. 74:5

    وَٱلرُّجْزَ فَٱهْجُرْ

    Warrujza fahjur!

    আৰু অপৱিত্ৰতা (শ্বিৰ্ক) পৰিহাৰ কৰা,

  268. 74:6

    وَلَا تَمْنُن تَسْتَكْثِرُ

    Wa-laa tamnuñ tastaks̤ir.

    আৰু অধিক পোৱাৰ আশাত কাকো অনুগ্ৰহ নকৰিবা।

  269. 74:7

    وَلِرَبِّكَ فَٱصْبِرْ

    Wa-li-Rabbika faṣbir!

    আৰু তোমাৰ প্ৰতিপালকৰ বাবেই ধৈৰ্য ধাৰণ কৰা।

  270. 74:8

    فَإِذَا نُقِرَ فِى ٱلنَّاقُورِ

    Faʹiẓaa nuq̣ira fin naaq̣oor.

    এতেকে যেতিয়া শিঙাত ফুঁ দিয়া হ’ব,

  271. 74:9

    فَذَٰلِكَ يَوْمَئِذٍ يَوْمٌ عَسِيرٌ

    Faẓaalika Yawmaʹiẓiñy Yawmun ʻAseer,―

    সেই দিনটো হ’ব এটা সংকটৰ দিন-

  272. 74:10

    عَلَى ٱلْكَـٰفِرِينَ غَيْرُ يَسِيرٍ

    ʻAlal kaafireena g̣ayru yaseer.

    যিটো কাফিৰসকলৰ বাবে সহজ নহয়।

  273. 74:11

    ذَرْنِى وَمَنْ خَلَقْتُ وَحِيدًا

    Ẓarnee wa-man khalaq̣tu wa-ḥeedaa!―

    যাক মই অকলশৰীয়াকৈ সৃষ্টি কৰিছোঁ তাক মোলৈ এৰি দিয়া।

  274. 74:12

    وَجَعَلْتُ لَهُۥ مَالًا مَّمْدُودًا

    Wa-jaʻaltu lahoo maalam mamdoodaa,

    আৰু যাক মই প্ৰদান কৰিছোঁ বিপুল ধন-সম্পদ,

  275. 74:13

    وَبَنِينَ شُهُودًا

    Wa-baneena shuhoodaa!―

    আৰু (প্ৰদান কৰিছোঁ) নিত্যসঙ্গী পুত্ৰসকল।

  276. 74:14

    وَمَهَّدتُّ لَهُۥ تَمْهِيدًا

    Wa-mahhattu lahoo tamheedaa!

    আৰু তাক প্ৰদান কৰিছোঁ স্বাচ্ছন্দ জীৱনৰ প্ৰচুৰ উপকৰণ-

  277. 74:15

    ثُمَّ يَطْمَعُ أَنْ أَزِيدَ

    S̤umma yaṭ-maʻu ʹan ʹazeed;―

    তথাপিও সি কামনা কৰে যে, মই যেন তাক আৰু অধিক দিওঁ!

  278. 74:16

    كَلَّآ ۖ إِنَّهُۥ كَانَ لِـَٔايَـٰتِنَا عَنِيدًا

    Kallaa! ʹinnahoo kaana liʹAayaatinaa ʻaneedaa!

    কেতিয়াও নহয়, সি আমাৰ নিদৰ্শনসমূহৰ বিৰুদ্ধাচাৰী।

  279. 74:17

    سَأُرْهِقُهُۥ صَعُودًا

    Saʹurhiq̣uhoo ṣaʻoodaa!

    অনতিপলমে মই তাক (জাহান্নামৰ পিচল শিলত) আৰোহণ কৰিবলৈ বাধ্য কৰাম।

  280. 74:18

    إِنَّهُۥ فَكَّرَ وَقَدَّرَ

    ʹInnahoo fakkara wa-q̣addar;―

    নিশ্চয় সি চিন্তা কৰিলে আৰু সিদ্ধান্ত গ্ৰহণ কৰিলে।

  281. 74:19

    فَقُتِلَ كَيْفَ قَدَّرَ

    Faq̣utila kayfa q̣addar!―

    এতেকে সি ধ্বংস হওক! কেনেকৈ সি (এই) সিদ্ধান্ত গ্ৰহণ কৰিলে?

  282. 74:20

    ثُمَّ قُتِلَ كَيْفَ قَدَّرَ

    S̤umma q̣utila kayfa q̣addar!―

    আকৌ সি ধ্বংস হওক! কেনেকৈ সি (এই) সিদ্ধান্ত গ্ৰহণ কৰিলে?

  283. 74:21

    ثُمَّ نَظَرَ

    S̤umma naz̤̣ar;

    তাৰ পিছত সি লক্ষ্য কৰিলে।

  284. 74:22

    ثُمَّ عَبَسَ وَبَسَرَ

    S̤umma ʻabasa wa-basar;

    তাৰ পিছত সি ভ্ৰুঁ কোচ খোৱালে আৰু মুখ বিকৃত কৰিলে।

  285. 74:23

    ثُمَّ أَدْبَرَ وَٱسْتَكْبَرَ

    S̤umma ʹadbara wastakbar;

    তাৰ পিছত সি উভতিলে আৰু অহংকাৰ কৰিলে।

  286. 74:24

    فَقَالَ إِنْ هَـٰذَآ إِلَّا سِحْرٌ يُؤْثَرُ

    Faq̣aala ʹin haaẓaaa ʹillaa siḥruñy yuʹs̤ar;

    তাৰ পিছত সি ক’লে, ‘এয়া পূৰ্বৰে পৰা চলি অহা যাদুৰ বাহিৰে আন একো নহয়’,

  287. 74:25

    إِنْ هَـٰذَآ إِلَّا قَوْلُ ٱلْبَشَرِ

    ʹIn haaẓaaa ʹillaa q̣awlul bashar!

    ‘এয়াতো মানুহৰেই কথা’।

  288. 74:26

    سَأُصْلِيهِ سَقَرَ

    Saʹuṣleehi Saq̣ar!

    অনতিপলমে মই তাক ছাক্বাৰত (জাহান্নামত) প্ৰৱেশ কৰাম।

  289. 74:27

    وَمَآ أَدْرَىٰكَ مَا سَقَرُ

    Wa-maaa ʹadraaka maa- saq̣ar?

    আৰু কিহে তোমাক জনাব ছাক্বাৰ কি?

  290. 74:28

    لَا تُبْقِى وَلَا تَذَرُ

    Laa- tubq̣ee wa-laa taẓar!―

    ই তাক (জীৱিত থাকিবলৈও) অৱকাশ নিদিব আৰু (মৃত্যু হ’বলৈও) এৰি নিদিব।

  291. 74:29

    لَوَّاحَةٌ لِّلْبَشَرِ

    Lawwaaḥatul lilbashar!―

    ই শৰীৰৰ ছাল জ্বলাই ক'লা কৰি দিব।

  292. 74:30

    عَلَيْهَا تِسْعَةَ عَشَرَ

    ʻAlayhaa tisʻata ʻashar.

    ছাক্বাৰৰ তত্ত্বাৱধানত আছে ঊনৈশজন (প্ৰহৰী)।

  293. 74:31

    وَمَا جَعَلْنَآ أَصْحَـٰبَ ٱلنَّارِ إِلَّا مَلَـٰٓئِكَةً ۙ وَمَا جَعَلْنَا عِدَّتَهُمْ إِلَّا فِتْنَةً لِّلَّذِينَ كَفَرُوا۟ لِيَسْتَيْقِنَ ٱلَّذِينَ أُوتُوا۟ ٱلْكِتَـٰبَ وَيَزْدَادَ ٱلَّذِينَ ءَامَنُوٓا۟ إِيمَـٰنًا ۙ وَلَا يَرْتَابَ ٱلَّذِينَ أُوتُوا۟ ٱلْكِتَـٰبَ وَٱلْمُؤْمِنُونَ ۙ وَلِيَقُولَ ٱلَّذِينَ فِى قُلُوبِهِم مَّرَضٌ وَٱلْكَـٰفِرُونَ مَاذَآ أَرَادَ ٱللَّهُ بِهَـٰذَا مَثَلًا ۚ كَذَٰلِكَ يُضِلُّ ٱللَّهُ مَن يَشَآءُ وَيَهْدِى مَن يَشَآءُ ۚ وَمَا يَعْلَمُ جُنُودَ رَبِّكَ إِلَّا هُوَ ۚ وَمَا هِىَ إِلَّا ذِكْرَىٰ لِلْبَشَرِ

    Wa-maa jaʻalnaaa ʹAṣḥaaban naari ʹillaa malaaaʹikatañw wa-maa jaʻalnaa ʻiddatahum ʹillaa fitnatal lillaẓeena kafaroo liyastayq̣inal laẓeena ʹootul Kitaaba wa-yazdaadal laẓeena ʹaamanooo ʹeemaanañw Walaa yartaabal laẓeena ʹootul Kitaaba wal-Muʹminoona wa-liyaq̣oolal laẓeena fee q̣uloobihim maraḍuñw walkaafiroona maaẓaaa ʹaraadal laahu bihaaẓaa mas̤alaa? Kaẓaalika yuḍillul laahu mañy yashaaaʹu wa-yahdee mañy yashaaaʹ. Wa-maa yaʻlamu junooda Rabbika ʹillaa Hoo. Wa-maa hiya ʹillaa ẓikraa lil-bashar.

    আৰু আমি কেৱল ফিৰিস্তাসকলকেই জাহান্নামৰ তত্ত্বাৱধায়ক বনাইছোঁ; আৰু কাফিৰসকলৰ পৰীক্ষাস্বৰূপেই আমি সিহঁতৰ সংখ্যা উল্লেখ কৰিছোঁ, যাতে কিতাবপ্ৰাপ্তসকলে দৃঢ় বিশ্বাস কৰে, আৰু মুমিনসকলৰ ঈমান বৃদ্ধি পায়, আৰু যাতে মুমিনসকলে সন্দেহ পোষণ নকৰে; তথা যাতে ইয়াৰ ফলত যিসকলৰ অন্তৰত ব্যাধি আছে সিহঁতে আৰু কাফিৰসকলে কয়, আল্লাহে এই (সংখ্যাৰ) উদাহৰণ দি কি বুজাব বিচাৰিছে? এনেকৈ আল্লাহে যাক ইচ্ছা কৰে পথভ্ৰষ্ট কৰে আৰু যাক ইচ্ছা কৰে তাকেই হিদায়ত প্ৰদান কৰে; আৰু তোমাৰ প্ৰতিপালকৰ সৈন্যবাহিনী সম্পৰ্কে তেওঁৰ বাহিৰে আন কোনোৱে নাজানে; আৰু জাহান্নামৰ এই উদাহৰণ মানুহৰ বাবে এটা উপদেশ মাত্ৰ।

  294. 74:32

    كَلَّا وَٱلْقَمَرِ

    Kallaa wal-Q̣amar,

    কেতিয়াও নহয়, চন্দ্ৰৰ শপত,

  295. 74:33

    وَٱلَّيْلِ إِذْ أَدْبَرَ

    Wallayli ʹiẓ ʹadbar,

    শপত ৰাতিৰ, যেতিয়া ইয়াৰ অৱসান ঘটে,

  296. 74:34

    وَٱلصُّبْحِ إِذَآ أَسْفَرَ

    Waṣ-Ṣubḥi ʹiẓaaa ʹasfar,―

    প্ৰভাতৰ শপত, যেতিয়া ই আলোকোজ্জ্বল হয়-

  297. 74:35

    إِنَّهَا لَإِحْدَى ٱلْكُبَرِ

    ʹInnahaa laʹiḥdal kubar,

    নিশ্চয় জাহান্নাম হৈছে মহাবিপদসমূহৰ অন্যতম,

  298. 74:36

    نَذِيرًا لِّلْبَشَرِ

    Naẓeeral lilbashar,―

    মানুহৰ বাবে সতৰ্ককাৰী-

  299. 74:37

    لِمَن شَآءَ مِنكُمْ أَن يَتَقَدَّمَ أَوْ يَتَأَخَّرَ

    Limañ shaaaʹa miñkum ʹañy yataq̣addama ʹaw yataʹakhkhar;

    তোমালোকৰ মাজৰ যিয়ে অগ্ৰসৰ হ’ব বিচাৰে অথবা পিছমুৱা হ’ব বিচাৰে তাৰ বাবে।

  300. 74:38

    كُلُّ نَفْسٍۭ بِمَا كَسَبَتْ رَهِينَةٌ

    Kullu nafsim bimaa kasabat raheenah,

    প্ৰত্যেক ব্যক্তি নিজৰ কৃতকৰ্মৰ বাবে দায়বদ্ধ,

  301. 74:39

    إِلَّآ أَصْحَـٰبَ ٱلْيَمِينِ

    ʹIllaaa ʹAṣḥaabal yameen.

    কিন্তু সোঁপন্থী লোকসকলৰ বাহিৰে,

  302. 74:40

    فِى جَنَّـٰتٍ يَتَسَآءَلُونَ

    Fee Jannaatiñy yatasaaaʹaloon

    জান্নাতত তেওঁলোকে ইজনে সিজনক সুধিব,

  303. 74:41

    عَنِ ٱلْمُجْرِمِينَ

    ʻAnil mujrimeen:

    অপৰাধীবিলাকৰ বিষয়ে,

  304. 74:42

    مَا سَلَكَكُمْ فِى سَقَرَ

    Maa- salakakum fee Saq̣ar?

    কিহে তোমালোকক ছাক্বাৰত (জাহান্নামত) নিক্ষেপ কৰিছে?

  305. 74:43

    قَالُوا۟ لَمْ نَكُ مِنَ ٱلْمُصَلِّينَ

    Q̣aaloo lam naku minal Muṣalleen;

    সিহঁতে ক’ব, ‘আমি ছালাত আদায়কাৰীসকলৰ অন্তৰ্ভুক্ত নাছিলোঁ,

  306. 74:44

    وَلَمْ نَكُ نُطْعِمُ ٱلْمِسْكِينَ

    Wa-lam naku nuṭʻimul miskeen;

    ‘আৰু আমি দুখীয়াক খাদ্য দান কৰা নাছিলোঁ,

  307. 74:45

    وَكُنَّا نَخُوضُ مَعَ ٱلْخَآئِضِينَ

    Wa-kunnaa nakhooḍu maʻal khaaaʹiḍeen;

    লগতে আমি অনৰ্থক আলোচনাকাৰীসকলৰ লগত বেহুদা আলচ কৰাত মগ্ন আছিলোঁ।

  308. 74:46

    وَكُنَّا نُكَذِّبُ بِيَوْمِ ٱلدِّينِ

    Wa-kunnaa nukaẓẓibu bi-Yawmid Deen

    আৰু আমি প্ৰতিদান দিৱসক অস্বীকাৰ কৰিছিলোঁ,

  309. 74:47

    حَتَّىٰٓ أَتَىٰنَا ٱلْيَقِينُ

    Ḥattaaa ʹataanal yaq̣een.

    অৱশেষত আমাৰ ওচৰত মৃত্যু আহি পালে’।

  310. 74:48

    فَمَا تَنفَعُهُمْ شَفَـٰعَةُ ٱلشَّـٰفِعِينَ

    Famaa tañfaʻuhum shafaaʻatush shaafiʻeen.

    এতেকে চুপাৰিছকাৰীসকলৰ চুপাৰিছে সিহঁতৰ কোনো উপকাৰ নকৰিব।

  311. 74:49

    فَمَا لَهُمْ عَنِ ٱلتَّذْكِرَةِ مُعْرِضِينَ

    Famaa lahum ʻanit taẓkirati muʻriḍeen,

    এতেকে সিহঁতৰ কি হৈছে, কিয় সিহঁতে উপদেশ বাণীৰ পৰা বিমুখ হৈছে?

  312. 74:50

    كَأَنَّهُمْ حُمُرٌ مُّسْتَنفِرَةٌ

    Kaʹannahum ḥumurum mustañfirah,

    সিহঁত যেনিবা ভীত-সন্ত্ৰস্ত পলায়নৰত বনৰীয়া গাধ।

  313. 74:51

    فَرَّتْ مِن قَسْوَرَةٍۭ

    Farrat miñ q̣aswarah!

    যিবোৰে সিংহৰ ভয়ত পলায়ন কৰিছে।

  314. 74:52

    بَلْ يُرِيدُ كُلُّ ٱمْرِئٍ مِّنْهُمْ أَن يُؤْتَىٰ صُحُفًا مُّنَشَّرَةً

    Bal yureedu kullum riʹim minhum ʹañy yuʹtaa ṣuḥufam munashsharah!

    বৰং সিহঁতৰ মাজৰ প্ৰত্যেক ব্যক্তিয়েই কামনা কৰে যে তাক উন্মুক্ত গ্ৰন্থ প্ৰদান কৰা হওক।

  315. 74:53

    كَلَّا ۖ بَل لَّا يَخَافُونَ ٱلْـَٔاخِرَةَ

    Kaallaa! Bal laa- yakhaafoonal ʹAakhirah.

    কেতিয়াও নহয়, বৰং সিহঁতে আখিৰাতক ভয় নকৰে।

  316. 74:54

    كَلَّآ إِنَّهُۥ تَذْكِرَةٌ

    Kallaaa ʹinnahoo taẓkirah:

    কেতিয়াও নহয়, নিশ্চয় এই কোৰআন সকলোৰে বাবে উপদেশবাণী।

  317. 74:55

    فَمَن شَآءَ ذَكَرَهُۥ

    Famañ shaaaʹa ẓakarah!

    গতিকে যিয়ে ইচ্ছা কৰিব সি উপদেশ গ্ৰহণ কৰিব,

  318. 74:56

    وَمَا يَذْكُرُونَ إِلَّآ أَن يَشَآءَ ٱللَّهُ ۚ هُوَ أَهْلُ ٱلتَّقْوَىٰ وَأَهْلُ ٱلْمَغْفِرَةِ

    Wa-maa yaẓkuroona ʹillaaa ʹañy yashaaaʹal laah: Huwa ʹAhlut taq̣waa wa-ʹAhlul Mag̣firah.

    আৰু আল্লাহৰ ইচ্ছা অবিহনে কোনোৱেই উপদেশ গ্ৰহণ কৰিব নোৱাৰে, একমাত্ৰ তেৱেঁই ভয়ৰ যোগ্য, কেৱল তেওঁৰেই তাক্বৱা অৱলম্বন কৰা, আৰু তেৱেঁই ক্ষমা কৰাৰ অধিকাৰী।

  319. Surah Al-QiyamahBegins here at 75:1

  320. 75:1

    لَآ أُقْسِمُ بِيَوْمِ ٱلْقِيَـٰمَةِ

    Laaa ʹuq̣simu bi-Yawmil Q̣iyaamah;

    মই শপত কৰিছোঁ ক্বিয়ামতৰ দিৱসৰ,

  321. 75:2

    وَلَآ أُقْسِمُ بِٱلنَّفْسِ ٱللَّوَّامَةِ

    Wa-laaa ʹuq̣simu bin-nafsil lawwaamah.

    মই আৰু শপত কৰিছোঁ আত্মনিন্দাকাৰী আত্মাৰ,

  322. 75:3

    أَيَحْسَبُ ٱلْإِنسَـٰنُ أَلَّن نَّجْمَعَ عِظَامَهُۥ

    ʹAyaḥsabul ʹiñsaanu ʹal-lan najmaʻa ʻiz̤̣aamah?

    মানুহে ভাবে নেকি যে, আমি কেতিয়াও তাৰ অস্থিসমূহ একত্ৰিত কৰিব নোৱাৰিম?

  323. 75:4

    بَلَىٰ قَـٰدِرِينَ عَلَىٰٓ أَن نُّسَوِّىَ بَنَانَهُۥ

    Ballaa Q̣aadireena ʻalaaa ʹan nusawwiya banaanah.

    কিয় নোৱাৰিম, আমি তাৰ আঙুলিৰ অগ্ৰভাগসমূহকো (পাববোৰকো) পুনৰ্বিন্যস্ত কৰিবলৈ সক্ষম।

  324. 75:5

    بَلْ يُرِيدُ ٱلْإِنسَـٰنُ لِيَفْجُرَ أَمَامَهُۥ

    Bal yureedul ʹIñsaanu liyafjura ʹamaamah.

    বৰং মানুহে ভৱিষ্যতেও পাপকৰ্ম কৰিবলৈ ইচ্ছুক।

  325. 75:6

    يَسْـَٔلُ أَيَّانَ يَوْمُ ٱلْقِيَـٰمَةِ

    Yasʹalu ʹayyaana Yawmul Q̣IYAAMAH?

    সি প্ৰশ্ন কৰে, ক্বিয়ামত দিৱস কেতিয়া আহিব?

  326. 75:7

    فَإِذَا بَرِقَ ٱلْبَصَرُ

    Faʹiẓaa bariq̣al baṣar,

    এতেকে যেতিয়া চকু স্থিৰ হৈ যাব,

  327. 75:8

    وَخَسَفَ ٱلْقَمَرُ

    Wa-khasafal Q̣amar.

    আৰু চন্দ্ৰ জ্যোতিবিহীন হৈ পৰিব,

  328. 75:9

    وَجُمِعَ ٱلشَّمْسُ وَٱلْقَمَرُ

    Wa-jumiʻash shamsu wal-q̣amar,―

    আৰু যেতিয়া সূৰ্য আৰু চন্দ্ৰক একত্ৰিত কৰা হ’ব-

  329. 75:10

    يَقُولُ ٱلْإِنسَـٰنُ يَوْمَئِذٍ أَيْنَ ٱلْمَفَرُّ

    Yaq̣oolul ʹiñsaanu Yaw-maʹiẓin ʹaynal mafarr?

    সেইদিনা মানুহে ক’ব, ‘আজি পলাবলৈ স্থান ক’ত’?

  330. 75:11

    كَلَّا لَا وَزَرَ

    Kallaa laa- wazar!

    কেতিয়াও নহয়, কোনো আশ্ৰয়স্থল নাই।

  331. 75:12

    إِلَىٰ رَبِّكَ يَوْمَئِذٍ ٱلْمُسْتَقَرُّ

    ʹIlaa Rabbika Yawmaʹiẓinil mustaq̣arr.

    সেইদিনা ঠাই হ’ব কেৱল তোমাৰ প্ৰতিপালকৰ ওচৰত।

  332. 75:13

    يُنَبَّؤُا۟ ٱلْإِنسَـٰنُ يَوْمَئِذٍۭ بِمَا قَدَّمَ وَأَخَّرَ

    Yunabbaʹul ʹiñsaanu Yawmaʹiẓim bimaa q̣addama wa-ʹakhkhar.

    সেইদিনা মানুহক অৱহিত কৰোৱা হ’ব, সি আগলৈ কি পঠিয়াইছিল আৰু পিছফালে কি থৈ আহিছে।

  333. 75:14

    بَلِ ٱلْإِنسَـٰنُ عَلَىٰ نَفْسِهِۦ بَصِيرَةٌ

    Balil ʹiñsaanu ʻalaa nafsihee baṣeerah,

    বৰং মানুহে নিজেই নিজৰ বিষয়ে সম্যক অৱগত,

  334. 75:15

    وَلَوْ أَلْقَىٰ مَعَاذِيرَهُۥ

    Wa-law ʹalq̣aa maʻaaẓeerah.

    যদিও সি নানা অজুহাত দেখুৱায়।

  335. 75:16

    لَا تُحَرِّكْ بِهِۦ لِسَانَكَ لِتَعْجَلَ بِهِۦٓ

    Laa- tuḥarrik bihee lisaanaka litaʻjala bih.

    ততাতৈয়াকৈ অহী আয়ত্ত্ব কৰাৰ বাবে তুমি তোমাৰ জিভাক দ্ৰুত সঞ্চালন নকৰিবা।

  336. 75:17

    إِنَّ عَلَيْنَا جَمْعَهُۥ وَقُرْءَانَهُۥ

    ʹInna ʻalaynaa jamʻahoo wa-q̣urʹaanah:

    নিশ্চয় ইয়াৰ সংৰক্ষণ আৰু পাঠ কৰোৱাৰ দায়িত্ব আমাৰেই।

  337. 75:18

    فَإِذَا قَرَأْنَـٰهُ فَٱتَّبِعْ قُرْءَانَهُۥ

    Faʹiẓaa q̣araʹnaahu fattabiʻ q̣ur-ʹaanah:

    এতেকে আমি যেতিয়া (জিব্ৰীলৰ মাধ্যমত) ইয়াক পাঠ কৰোঁ তুমি তেতিয়া সেই পাঠৰ অনুসৰণ কৰিবা,

  338. 75:19

    ثُمَّ إِنَّ عَلَيْنَا بَيَانَهُۥ

    S̤umma ʹinna ʻalaynaa bayaanah:

    তাৰ পিছত ইয়াৰ বৰ্ণনাৰ দায়িত্বও নিশ্চিতভাৱে আমাৰেই।

  339. 75:20

    كَلَّا بَلْ تُحِبُّونَ ٱلْعَاجِلَةَ

    Kallaa bal tuḥibboonal ʻaajilah,―

    কেতিয়াও নহয়, বৰং তোমালোকে পৃথিৱীৰ জীৱনকহে ভাল পোৱা;

  340. 75:21

    وَتَذَرُونَ ٱلْـَٔاخِرَةَ

    Wa-taẓaroonal ʹAakhirah.

    আৰু তোমালোকে আখিৰাতক অৱহেলা কৰা।

  341. 75:22

    وُجُوهٌ يَوْمَئِذٍ نَّاضِرَةٌ

    Wujoohuñy Yawmaʹiẓin naaḍirah;―

    সেইদিনা কিছুমান মুখমণ্ডল উজ্জ্বল হ’ব,

  342. 75:23

    إِلَىٰ رَبِّهَا نَاظِرَةٌ

    ʹIlaa Rabbihaa naaz̤̣irah;

    সিহঁত নিজ প্ৰতিপালকৰ প্ৰতি চাই থাকিব।

  343. 75:24

    وَوُجُوهٌ يَوْمَئِذٍۭ بَاسِرَةٌ

    Wa-wujoohuñy Yawmaʹiẓim baasirah,

    আৰু সেইদিনা কিছুমান মুখমণ্ডল বিবৰ্ণ হৈ পৰিব,

  344. 75:25

    تَظُنُّ أَن يُفْعَلَ بِهَا فَاقِرَةٌ

    Taz̤̣unnu ʹañy yufʻala bihaa faaq̣irah;

    সিহঁতে ধাৰণা কৰিব যে, এটা ধ্বংসকাৰী বিপৰ্যয় সিহঁতৰ ওপৰত আপতিত হ’ব।

  345. 75:26

    كَلَّآ إِذَا بَلَغَتِ ٱلتَّرَاقِىَ

    Kallaaa ʹiẓaa balag̣atit taraaq̣ee,

    নিশ্চয়, যেতিয়া প্ৰাণ কণ্ঠাগত হ’ব,

  346. 75:27

    وَقِيلَ مَنْ ۜ رَاقٍ

    Wa-q̣eela man raaq̣?

    আৰু কোৱা হ’ব, ‘কোনে তাক ৰক্ষা কৰিব’?

  347. 75:28

    وَظَنَّ أَنَّهُ ٱلْفِرَاقُ

    Wa-z̤̣anna ʹannahul firaaq̣;

    তেতিয়া তাৰ প্ৰত্যেয় হ’ব যে, এইটোৱে বিদায়ক্ষণ।

  348. 75:29

    وَٱلْتَفَّتِ ٱلسَّاقُ بِٱلسَّاقِ

    Waltaffatis saaq̣u bissaaq̣:

    আৰু ভৰিৰ লগত ভৰি জোঁট খাই যাব।

  349. 75:30

    إِلَىٰ رَبِّكَ يَوْمَئِذٍ ٱلْمَسَاقُ

    ʹIlaa Rabbika Yawmaʹiẓinil masaaq̣!

    সেইদিনা তোমাৰ প্ৰতিপালকৰ ওচৰতেই সকলোকে খেদি নিয়া হ’ব।

  350. 75:31

    فَلَا صَدَّقَ وَلَا صَلَّىٰ

    Falaa Saddaq̣a wa-laa ṣallaa!―

    কাৰণ সি বিশ্বাস কৰা নাই আৰু ছালাতো আদায় কৰা নাই।

  351. 75:32

    وَلَـٰكِن كَذَّبَ وَتَوَلَّىٰ

    Wa-laakiñ kaẓẓaba wa-tawallaa!

    বৰং সি সত্য প্ৰত্যাখ্যান কৰিছিল আৰু মুখ ঘূৰাই লৈছিল।

  352. 75:33

    ثُمَّ ذَهَبَ إِلَىٰٓ أَهْلِهِۦ يَتَمَطَّىٰٓ

    S̤umma ẓahaba ʹilaaa ʹahlihee yatamaṭṭaa!

    তাৰ পিছত সি অহংকাৰ কৰি নিজ পৰিয়ালৰ ওচৰলৈ উভতি গৈছিল,

  353. 75:34

    أَوْلَىٰ لَكَ فَأَوْلَىٰ

    ʹAwlaa laka faʹawlaa!

    দুৰ্ভোগ তোমাৰ বাবে অতি দুৰ্ভোগ!

  354. 75:35

    ثُمَّ أَوْلَىٰ لَكَ فَأَوْلَىٰٓ

    S̤umma ʹawlaa laka faʹawlaa!

    আকৌ দুৰ্ভোগ তোমাৰ বাবে অতি দুৰ্ভোগ!

  355. 75:36

    أَيَحْسَبُ ٱلْإِنسَـٰنُ أَن يُتْرَكَ سُدًى

    ʹAyaḥsabul ʹiñsaanu ʹañy yutraka sudaa?

    মানুহে ভাবে নেকি যে, তাক এনেই এৰি দিয়া হ’ব?

  356. 75:37

    أَلَمْ يَكُ نُطْفَةً مِّن مَّنِىٍّ يُمْنَىٰ

    ʹAlam yaku nuṭfatam mim maniyyiñy yumnaa?

    সি বীৰ্যৰ শুক্ৰবিন্দু নাছিলনে, যিটো স্খলিত হয়?

  357. 75:38

    ثُمَّ كَانَ عَلَقَةً فَخَلَقَ فَسَوَّىٰ

    S̤umma kaana ʻalaq̣atañ fakhalaq̣a fasawwaa.

    তাৰ পিছত সেইটো ‘আলাক্বাত’ পৰিণত হয়। তাৰ পিছত আল্লাহে তাক সৃষ্টি কৰে আৰু সুঠাম কৰে।

  358. 75:39

    فَجَعَلَ مِنْهُ ٱلزَّوْجَيْنِ ٱلذَّكَرَ وَٱلْأُنثَىٰٓ

    Fajaʻala minhuz zawjayniẓ ẓakara wal-ʹuñs̤aa.

    তাৰ পিছত তেওঁ তাৰ পৰাই সৃষ্টি কৰে যোৰ যোৰকৈ নৰ-নাৰী।

  359. 75:40

    أَلَيْسَ ذَٰلِكَ بِقَـٰدِرٍ عَلَىٰٓ أَن يُحْـِۧىَ ٱلْمَوْتَىٰ

    ʹAlaysa ẓaalika biq̣aadirin ʻalaaa ʹañy yuḥyiyal mawtaa?

    সেইজন স্ৰষ্টা মৃতক পুনৰ্জীৱিত কৰিবলৈ সক্ষম নহয়নে বাৰু?

  360. Surah Al-InsanBegins here at 76:1

  361. 76:1

    هَلْ أَتَىٰ عَلَى ٱلْإِنسَـٰنِ حِينٌ مِّنَ ٱلدَّهْرِ لَمْ يَكُن شَيْـًٔا مَّذْكُورًا

    Hal ʹataa ʻalal ʹIÑSAANI ḥeenum minad DAHRI lam yakuñ shayʹam maẓkooraa?

    কালপ্ৰবাহত মানুহৰ ওপৰত এনেকুৱা এটা সময় অহা নাছিলনে যেতিয়া সি উল্লেখযোগ্য একোৱেই নাছিল?

  362. 76:2

    إِنَّا خَلَقْنَا ٱلْإِنسَـٰنَ مِن نُّطْفَةٍ أَمْشَاجٍ نَّبْتَلِيهِ فَجَعَلْنَـٰهُ سَمِيعًۢا بَصِيرًا

    ʹInnaa khalaq̣nal ʹiñsaana min nuṭfatin ʹamshaajin nabtaleehi fajaʻalnaahu sameeʻam baṣeeraa.

    নিশ্চয় আমি মানুহক সৃষ্টি কৰিছোঁ মিশ্ৰিত শুক্ৰবিন্দুৰ পৰা, আমি তাক পৰীক্ষা কৰিম, সেয়ে আমি তাক শ্ৰৱণশক্তি আৰু দৃষ্টিশক্তিসম্পন্ন বনাইছোঁ।

  363. 76:3

    إِنَّا هَدَيْنَـٰهُ ٱلسَّبِيلَ إِمَّا شَاكِرًا وَإِمَّا كَفُورًا

    ʹInnaa hadaynaahus sabeela ʹimmaa shakirañw waʹimmaa kafooraa.

    নিশ্চয় আমি তাক পথ নিৰ্দেশ দিছোঁ, হয় সি কৃতজ্ঞ হ’ব, নহয় সি অকৃতজ্ঞ হ’ব।

  364. 76:4

    إِنَّآ أَعْتَدْنَا لِلْكَـٰفِرِينَ سَلَـٰسِلَا۟ وَأَغْلَـٰلًا وَسَعِيرًا

    ʹInnaaa ʹaʻtadnaa lilkaafireena salaasila wa-ʹag̣laalañw wa-Saʻeeraa.

    নিশ্চয় আমি কাফিৰসকলৰ বাবে প্ৰস্তুত কৰি ৰাখিছোঁ শিকলি, গলবেৰি আৰু লেলিহান জুই।

  365. 76:5

    إِنَّ ٱلْأَبْرَارَ يَشْرَبُونَ مِن كَأْسٍ كَانَ مِزَاجُهَا كَافُورًا

    ʹInnal ʹabraara yashraboona miñ kaʹsiñ kaana mizaajuhaa kaafooraa,―

    নিশ্চয় সৎকৰ্মশীলসকলে পান কৰিব এনেকুৱা পানীয় যাৰ মিশ্ৰন হ’ব কৰ্পূৰ।

  366. 76:6

    عَيْنًا يَشْرَبُ بِهَا عِبَادُ ٱللَّهِ يُفَجِّرُونَهَا تَفْجِيرًا

    ʻAynañy yashrabu bihaa ʻIbaadul laahi yufajjiroonahaa tafjeeraa.

    এনেকুৱা এটা নিজৰাৰ পৰা আল্লাহৰ বান্দাসকলে পান কৰিব, যিটোক তেওঁলোকে নিজৰ ইচ্ছামতে প্ৰবাহিত কৰিব পাৰিব।

  367. 76:7

    يُوفُونَ بِٱلنَّذْرِ وَيَخَافُونَ يَوْمًا كَانَ شَرُّهُۥ مُسْتَطِيرًا

    Yoofoona binnaẓri wa-yakhaafoona yawmañ kaana sharruhoo mustaṭeeraa.

    (কাৰণ) তেওঁলোকে মান্নত পূৰণ কৰে, আৰু সেই দিৱসটোক ভয় কৰে যিটো দিৱসৰ অকল্যাণ হ’ব সুবিস্তৃত।

  368. 76:8

    وَيُطْعِمُونَ ٱلطَّعَامَ عَلَىٰ حُبِّهِۦ مِسْكِينًا وَيَتِيمًا وَأَسِيرًا

    Wa-yuṭʻimoonaṭ ṭaʻaama ʻalaa ḥubbihee miskeenañw wayateemañw waʹaseeraa,―

    তেওঁলোকে খাদ্যৰ প্ৰতি আসক্তি থকা সত্ত্বেও অভাৱগ্ৰস্ত, ইয়াতীম আৰু বন্দীক খাদ্য দান কৰে।

  369. 76:9

    إِنَّمَا نُطْعِمُكُمْ لِوَجْهِ ٱللَّهِ لَا نُرِيدُ مِنكُمْ جَزَآءً وَلَا شُكُورًا

    ʹInnamaa nuṭʻimukum liwajhil laahi laa- nureedu miñkum jazaaaʹañw walaa shukooraa.

    তেওঁলোকে কয়, ‘আমি কেৱল আল্লাহৰ সন্তুষ্টিৰ উদ্দেশ্যেহে তোমালোকক খাদ্য প্ৰদান কৰোঁ, আমি তোমালোকৰ ওচৰত কোনো প্ৰতিদান নিবিচাৰোঁ আৰু কৃতজ্ঞতাও কামনা নকৰোঁ।

  370. 76:10

    إِنَّا نَخَافُ مِن رَّبِّنَا يَوْمًا عَبُوسًا قَمْطَرِيرًا

    ʹInnaa nakhaafu mir Rabbinaa Yawman ʻaboosañ q̣amṭareeraa.

    নিশ্চয় আমি আমাৰ প্ৰতিপালকৰ তৰফৰ পৰা এটা ভয়ংকৰ ভীতিপ্ৰদ দিৱসৰ ভয় পোষণ কৰোঁ’।

  371. 76:11

    فَوَقَىٰهُمُ ٱللَّهُ شَرَّ ذَٰلِكَ ٱلْيَوْمِ وَلَقَّىٰهُمْ نَضْرَةً وَسُرُورًا

    Fawaq̣aahumul laahu sharra ẓaalikal Yawmi wa-laq̣q̣aahum naḍratañw wasurooraa.

    ফলত আল্লাহে তেওঁলোকক ৰক্ষা কৰিব সেই দিৱসৰ অনিষ্টৰ পৰা আৰু তেওঁলোকক প্ৰদান কৰিব উজ্জ্বলতা আৰু আনন্দ।

  372. 76:12

    وَجَزَىٰهُم بِمَا صَبَرُوا۟ جَنَّةً وَحَرِيرًا

    Wa-jazaahum̃ bimaa ṣabaroo Jannatañw Waḥareeraa.

    লগতে তেওঁলোকৰ ধৈৰ্য্যৰ পুৰস্কাৰ হিচাপে তেওঁলোকক প্ৰদান কৰিব উদ্যান আৰু ৰেচমী বস্ত্ৰ।

  373. 76:13

    مُّتَّكِـِٔينَ فِيهَا عَلَى ٱلْأَرَآئِكِ ۖ لَا يَرَوْنَ فِيهَا شَمْسًا وَلَا زَمْهَرِيرًا

    Muttakiʹeena feehaa ʻalal ʹaraaaʹik, laa- yarawna feehaa shamsañw walaa zamhareeraa.

    তাত তেওঁলোকে সুসজ্জিত আসনত আউজি বহি থাকিব, তেওঁলোকে তাত প্ৰখৰ গৰম আৰু অত্যাধিক শীতো অনুভৱ নকৰিব।

  374. 76:14

    وَدَانِيَةً عَلَيْهِمْ ظِلَـٰلُهَا وَذُلِّلَتْ قُطُوفُهَا تَذْلِيلًا

    Wa-daaniyatan ʻalayhim z̤̣ilaaluhaa wa-ẓullilat q̣uṭoofuhaa taẓleelaa.

    তেওঁলোকৰ ওপৰত সন্নিহিত থাকিব উদ্যানৰ ছাঁ, লগতে ইয়াৰ ফলমূলৰ থোকবোৰ সম্পূৰ্ণৰূপে তেওঁলোকৰ আয়ত্তাধীন কৰা হ’ব।

  375. 76:15

    وَيُطَافُ عَلَيْهِم بِـَٔانِيَةٍ مِّن فِضَّةٍ وَأَكْوَابٍ كَانَتْ قَوَارِيرَا۠

    Wa-yuṭaafu ʻalayhim̃ biʹaaniyatim miñ fiḍḍatiñw waʹakwaabiñ kaanat q̣awaareeraa,―

    আৰু তেওঁলোকক ঘূৰি ঘূৰি পৰিবেশন কৰা হ’ব ৰূপৰ পাত্ৰত আৰু ফটিকৰ দৰে স্বচ্ছ পান পাত্ৰত-

  376. 76:16

    قَوَارِيرَا۟ مِن فِضَّةٍ قَدَّرُوهَا تَقْدِيرًا

    Q̣awaareera miñ fiḍḍatiñ q̣addaroohaa taq̣deeraa.

    ৰূপৰ শুভ্ৰ ফটিক পাত্ৰ, পৰিবেশনকাৰীসকলে পৰিমিতভাৱে তাক পূৰ্ণ কৰিব।

  377. 76:17

    وَيُسْقَوْنَ فِيهَا كَأْسًا كَانَ مِزَاجُهَا زَنجَبِيلًا

    Wa-yusq̣awna feehaa kaʹsañ kaana mizaajuhaa zañjabeelaa,―

    আৰু তাত তেওঁলোকক পান কৰোৱা হ’ব শুকান আদাৰ মিশ্ৰিত পূৰ্ণপাত্ৰ-পানীয়,

  378. 76:18

    عَيْنًا فِيهَا تُسَمَّىٰ سَلْسَبِيلًا

    ʻAynañ feehaa tusammaa Salsabeelaa.

    জান্নাতৰ এনেকুৱা এটা নিজৰাৰ পৰা, যাৰ নাম হ’ব ছালছাবীল।

  379. 76:19

    ۞ وَيَطُوفُ عَلَيْهِمْ وِلْدَٰنٌ مُّخَلَّدُونَ إِذَا رَأَيْتَهُمْ حَسِبْتَهُمْ لُؤْلُؤًا مَّنثُورًا

    Wa-yaṭoofu ʻalayhim wildaanum mukhalladoon: ʹiẓaa raʹaytahum ḥasibtahum luʹluʹam mañs̤ooraa.

    আৰু তেওঁলোকৰ চাৰিওফালে প্ৰদক্ষিণ কৰিব চিৰ কিশোৰসকল; যেতিয়া তুমি সিহঁতক দেখিবা তোমাৰ এনেকুৱা লাগিব যেনিবা সিহঁত বিক্ষিপ্ত মুকুতাহে।

  380. 76:20

    وَإِذَا رَأَيْتَ ثَمَّ رَأَيْتَ نَعِيمًا وَمُلْكًا كَبِيرًا

    Wa-ʹiẓaa raʹayta s̤amma raʹayta Naʻeemañw Wa-Mulkañ Kabeeraa.

    আৰু তুমি যেতিয়া তাত দেখিবা, দেখিবলৈ পাবা স্বাচ্ছন্দ্য আৰু বিশাল সাম্ৰাজ্য।

  381. 76:21

    عَـٰلِيَهُمْ ثِيَابُ سُندُسٍ خُضْرٌ وَإِسْتَبْرَقٌ ۖ وَحُلُّوٓا۟ أَسَاوِرَ مِن فِضَّةٍ وَسَقَىٰهُمْ رَبُّهُمْ شَرَابًا طَهُورًا

    ʻAaliyahum s̤iyaabu suñdusin khuḍruñw waʹistabraq̣, wa-ḥullooo ʹasaawira miñ fiḍḍah; wa-saq̣aahum Rabbuhum Sharaabañ Ṭahooraa.

    তেওঁলোকৰ আৱৰণ হ’ব সূক্ষ্ম সেউজীয়া ৰেচম আৰু মোটা ৰেচমী পোছাক আৰু তেওঁলোক অলংকৃত হ’ব ৰূপেৰে নিৰ্মিত গামখাৰুৰে, আৰু তেওঁলোকৰ প্ৰতিপালকে তেওঁলোকক পৱিত্ৰ পানীয় পান কৰাব।

  382. 76:22

    إِنَّ هَـٰذَا كَانَ لَكُمْ جَزَآءً وَكَانَ سَعْيُكُم مَّشْكُورًا

    ʹInna haaẓaa kaana lakum jazaaaʹañw wakaana saʻyukum mashkooraa.

    (তেওঁলোকক কোৱা হ’ব) নিশ্চয় এইটোৱে হৈছে তোমালোকৰ পুৰস্কাৰ; আৰু তোমালোকৰ কৰ্মপ্ৰচেষ্টা আছিল প্ৰসংশাযোগ্য।

  383. 76:23

    إِنَّا نَحْنُ نَزَّلْنَا عَلَيْكَ ٱلْقُرْءَانَ تَنزِيلًا

    ʹInnaa Naḥnu nazzalnaa ʻalaykal Q̣urʹaana tañzeelaa.

    নিশ্চয় আমি তোমাৰ প্ৰতি পৰ্যায়ক্ৰমে আল-কোৰআন অৱতীৰ্ণ কৰিছোঁ।

  384. 76:24

    فَٱصْبِرْ لِحُكْمِ رَبِّكَ وَلَا تُطِعْ مِنْهُمْ ءَاثِمًا أَوْ كَفُورًا

    Faṣbir li-Ḥukmi Rabbika wa-laa tuṭiʻ minhum ʹaas̤iman ʹaw kafooraa.

    এতেকে তুমি ধৈৰ্য্যৰ সৈতে তোমাৰ প্ৰতিপালকৰ নিৰ্দেশৰ প্ৰতীক্ষা কৰা আৰু সিহঁতৰ মাজৰ কোনো পাপিষ্ঠ বা ঘোৰ অকৃতজ্ঞ কাফিৰৰ আনুগত্য নকৰিবা।

  385. 76:25

    وَٱذْكُرِ ٱسْمَ رَبِّكَ بُكْرَةً وَأَصِيلًا

    Waẓkuris ma Rabbika bukratañw waʹaṣeelaa.

    আৰু পুৱা-গধূলি তুমি তোমাৰ প্ৰতিপালকৰ নাম স্মৰণ কৰা।

  386. 76:26

    وَمِنَ ٱلَّيْلِ فَٱسْجُدْ لَهُۥ وَسَبِّحْهُ لَيْلًا طَوِيلًا

    Wa-minal layli fasjud lahoo wa-sabbiḥhu laylañ ṭaweelaa.

    আৰু ৰাতিৰ একাংশত তেওঁৰ প্ৰতি ছাজদাৱনত হোৱা, লগতে ৰাতিত দীৰ্ঘ সময়লৈকে তেওঁৰ পৱিত্ৰতা ঘোষণা কৰা তথা তাছবীহ পাঠ কৰা।

  387. 76:27

    إِنَّ هَـٰٓؤُلَآءِ يُحِبُّونَ ٱلْعَاجِلَةَ وَيَذَرُونَ وَرَآءَهُمْ يَوْمًا ثَقِيلًا

    ʹInna haaaʹulaaaʹi yuḥibboonal ʻaajilata wa-yaẓaroona wa-raaaʹahum Yawmañ s̤aq̣eelaa.

    নিশ্চয় সিহঁতে পৃথিৱীৰ জীৱনক ভালপায় আৰু সিহঁতে সিহঁতৰ সন্মুখৰ কঠিন দিৱসটোক উপেক্ষা কৰে।

  388. 76:28

    نَّحْنُ خَلَقْنَـٰهُمْ وَشَدَدْنَآ أَسْرَهُمْ ۖ وَإِذَا شِئْنَا بَدَّلْنَآ أَمْثَـٰلَهُمْ تَبْدِيلًا

    Naḥnu khalaq̣naahum wa-shadadnaaa ʹasrahum; wa-ʹiẓaa shiʹnaa baddalnaaa ʹams̤aalahum tabdeelaa.

    আমিয়েই সিহঁতক সৃষ্টি কৰিছোঁ আৰু সিহঁতৰ গঠন সুদৃঢ় কৰিছোঁ। আমি যেতিয়াই ইচ্ছা কৰিম তেতিয়াই সিহঁতৰ স্থানত সিহঁতৰ দৰেই (বেলেগ কোনো জাতিক) আনি পৰিবৰ্তন কৰি দিম।

  389. 76:29

    إِنَّ هَـٰذِهِۦ تَذْكِرَةٌ ۖ فَمَن شَآءَ ٱتَّخَذَ إِلَىٰ رَبِّهِۦ سَبِيلًا

    ʹinna haaẓihee taẓkirah: famañ shaaaʹat takhaẓa ʹilaa Rabbihee sabeelaa.

    নিশ্চয় এইটো এটা উপদেশ; এতেকে যিয়ে ইচ্ছা কৰে সি যেন তাৰ প্ৰতিপালকৰ ফালে উভতি অহাৰ পথ বাচি লয়।

  390. 76:30

    وَمَا تَشَآءُونَ إِلَّآ أَن يَشَآءَ ٱللَّهُ ۚ إِنَّ ٱللَّهَ كَانَ عَلِيمًا حَكِيمًا

    Wa-maa tashaaaʹoona ʹillaaa ʹañy yashaaaʹal laah; ʹinnal laaha kaana ʻAleeman Ḥakeemaa.

    আৰু আল্লাহে ইচ্ছা নকৰিলে তোমালোকে ইচ্ছা কৰিবলৈ সক্ষম নহ’বা; নিশ্চয় আল্লাহ মহাজ্ঞানী, প্ৰজ্ঞাময়।

  391. 76:31

    يُدْخِلُ مَن يَشَآءُ فِى رَحْمَتِهِۦ ۚ وَٱلظَّـٰلِمِينَ أَعَدَّ لَهُمْ عَذَابًا أَلِيمًۢا

    Yudkhilu mañy yashaaaʹu fee Raḥmatih; waz̤̣z̤̣aalimeena ʹaʻadda lahum ʻAẓaaban ʹaleemaa.

    তেওঁ যাক ইচ্ছা কৰে তাকেই তেওঁৰ ৰহমতৰ অন্তৰ্ভুক্ত কৰে, আৰু যালিমসকলৰ বাবে তেওঁ প্ৰস্তুত কৰি ৰাখিছে যন্ত্ৰণাদায়ক শাস্তি।

  392. Surah Al-MursalatBegins here at 77:1

  393. 77:1

    وَٱلْمُرْسَلَـٰتِ عُرْفًا

    WALMURSALAATI ʻurfaa,

    শপত কল্যাণস্বৰূপ প্ৰেৰিত বতাহৰ,

  394. 77:2

    فَٱلْعَـٰصِفَـٰتِ عَصْفًا

    Falʻaaṣifaati ʻaṣfaa,

    তাৰ পিছত প্ৰচণ্ড বেগত প্ৰবাহিত ধুমুহাৰ,

  395. 77:3

    وَٱلنَّـٰشِرَٰتِ نَشْرًا

    Wannaashiraati nashraa,

    শপত প্ৰচণ্ডভাৱে (মেঘপূঞ্জ) সঞ্চালনকাৰীৰ,

  396. 77:4

    فَٱلْفَـٰرِقَـٰتِ فَرْقًا

    Falfaariq̣aati farq̣aa,

    তাৰ পিছত সুস্পষ্টৰূপে পাৰ্থক্যকাৰীৰ,

  397. 77:5

    فَٱلْمُلْقِيَـٰتِ ذِكْرًا

    Falmulq̣iyaati ẓikraa,

    তাৰ পিছত সিহঁতৰ, যিসকলে মানুহৰ অন্তৰত উপদেশ পৌঁচাই দিয়ে---

  398. 77:6

    عُذْرًا أَوْ نُذْرًا

    ʻUẓran ʹaw nuẓraa;―

    ওজৰ-আপত্তি দূৰ কৰিবলৈ অথবা সতৰ্ক কৰিবলৈ,

  399. 77:7

    إِنَّمَا تُوعَدُونَ لَوَٰقِعٌ

    ʹInnamaa tooʻadoona lawaaq̣iʻ.

    নিশ্চয় তোমালোকক যি প্ৰতিশ্ৰুতি দিয়া হৈছে সেইটো অৱশ্যে সংঘটিত হ’ব।

  400. 77:8

    فَإِذَا ٱلنُّجُومُ طُمِسَتْ

    Faʹiẓan nujoomu ṭumisat;

    যেতিয়া নক্ষত্ৰৰাজি আলোহীন হ’ব,

  401. 77:9

    وَإِذَا ٱلسَّمَآءُ فُرِجَتْ

    Wa-ʹiẓas samaaaʹu furijat;

    আৰু যেতিয়া আকাশখন বিদীৰ্ণ হ’ব,

  402. 77:10

    وَإِذَا ٱلْجِبَالُ نُسِفَتْ

    Wa-ʹiẓal jibaalu nusifat;

    আৰু যেতিয়া পৰ্বতসমূহক চূৰ্ণ-বিচূৰ্ণ কৰা হ’ব,

  403. 77:11

    وَإِذَا ٱلرُّسُلُ أُقِّتَتْ

    Wa-ʹizar rusulu ʹuq̣q̣itat;

    আৰু যেতিয়া ৰাছুলসকলক নিৰ্ধাৰিত সময়ত উপস্থিত কৰা হ’ব,

  404. 77:12

    لِأَىِّ يَوْمٍ أُجِّلَتْ

    Liʹayyi Yawmin ʹujjilat?

    কোনটো দিৱসৰ বাবে এইবোৰ স্থগিত ৰখা হৈছে?

  405. 77:13

    لِيَوْمِ ٱلْفَصْلِ

    Li-Yawmil faṣl.

    বিচাৰ দিৱসৰ বাবে।

  406. 77:14

    وَمَآ أَدْرَىٰكَ مَا يَوْمُ ٱلْفَصْلِ

    Wa-maaa ʹadraaka maa- Yawmul faṣl?

    আৰু কিহে তোমাক জনাব বিচাৰ দিৱস কি?

  407. 77:15

    وَيْلٌ يَوْمَئِذٍ لِّلْمُكَذِّبِينَ

    Wayluñy Yawmaʹiẓil lilmukaẓẓibeen!

    সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,

  408. 77:16

    أَلَمْ نُهْلِكِ ٱلْأَوَّلِينَ

    ʹAlam nuhlikil ʹawwaleen?

    আমি পূৰ্বৱৰ্তীসকলক ধ্বংস কৰা নাইনে?

  409. 77:17

    ثُمَّ نُتْبِعُهُمُ ٱلْـَٔاخِرِينَ

    S̤umma nutbiʻuhumul ʹaakhireen.

    তাৰ পিছত পৰবৰ্তীসকলকো সিহঁতৰ অনুগামী বনাম।

  410. 77:18

    كَذَٰلِكَ نَفْعَلُ بِٱلْمُجْرِمِينَ

    Kaẓaalika nafʻalu bilmujrimeen.

    অপৰাধীবিলাকৰ লগত আমি এনেকুৱা আচৰণেই কৰোঁ।

  411. 77:19

    وَيْلٌ يَوْمَئِذٍ لِّلْمُكَذِّبِينَ

    Wayluñy Yawmaʹiẓil lil-mukaẓẓibeen!

    সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,

  412. 77:20

    أَلَمْ نَخْلُقكُّم مِّن مَّآءٍ مَّهِينٍ

    ʹAlam nakhlukkum mim maaaʹim maheen?

    আমি তোমালোকক তুচ্ছ পানীৰ পৰা সৃষ্টি কৰা নাইনে?

  413. 77:21

    فَجَعَلْنَـٰهُ فِى قَرَارٍ مَّكِينٍ

    Fajaʻalnaahu fee q̣araarim makeen,

    তাৰ পিছত আমি ইয়াক নিৰাপদ স্থানত সুৰক্ষিত কৰি ৰাখিছোঁ,

  414. 77:22

    إِلَىٰ قَدَرٍ مَّعْلُومٍ

    ʹIlaa q̣adarim maʻloom?

    এটা নিৰ্দিষ্ট সময়লৈকে,

  415. 77:23

    فَقَدَرْنَا فَنِعْمَ ٱلْقَـٰدِرُونَ

    Faq̣adarnaa faniʻmal Q̣aadiroon.

    তাৰ পিছত আমি পৰিমাপ কৰিছোঁ, এতেকে আমি কিমান নিপুণ পৰিমাপকাৰী!

  416. 77:24

    وَيْلٌ يَوْمَئِذٍ لِّلْمُكَذِّبِينَ

    Wayluñy Yawmaʹiẓil lilmukaẓẓibeen!

    সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,

  417. 77:25

    أَلَمْ نَجْعَلِ ٱلْأَرْضَ كِفَاتًا

    ʹAlam najʻalil ʹarḍa kifaataa,

    আমি পৃথিৱীখনক ধাৰণকাৰীৰূপে সৃষ্টি কৰা নাইনে?

  418. 77:26

    أَحْيَآءً وَأَمْوَٰتًا

    ʹAḥyaaaʹañw Waʹamwaataa,

    জীৱিত আৰু মৃতসকলৰ বাবে?

  419. 77:27

    وَجَعَلْنَا فِيهَا رَوَٰسِىَ شَـٰمِخَـٰتٍ وَأَسْقَيْنَـٰكُم مَّآءً فُرَاتًا

    Wa-jaʻalnaa feehaa rawaasiya shaamikhaatiñw waʹasq̣aynaakum maaaʹañ furaataa?

    আৰু আমি তাত স্থাপন কৰিছোঁ সুদৃঢ় আৰু সুউচ্চ পৰ্বতসমূহ আৰু তোমালোকক পান কৰোৱাইছোঁ তৃষ্ণা নিবাৰণকাৰী মিঠা উপযোগী পানী।

  420. 77:28

    وَيْلٌ يَوْمَئِذٍ لِّلْمُكَذِّبِينَ

    Wayluñy Yawmaʹiẓil lilmukaẓẓibeen!

    সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,

  421. 77:29

    ٱنطَلِقُوٓا۟ إِلَىٰ مَا كُنتُم بِهِۦ تُكَذِّبُونَ

    ʹIñṭaliq̣ooo ʹilaa maa- kuñtum̃ bihee tukaẓẓiboon:

    (সিহঁতক কোৱা হ’ব) তোমালোকে যাক অস্বীকাৰ কৰিছিলা, এতিয়া গতি কৰা তাৰফালে।

  422. 77:30

    ٱنطَلِقُوٓا۟ إِلَىٰ ظِلٍّ ذِى ثَلَـٰثِ شُعَبٍ

    ʹIñṭaliq̣ooo ʹilaa z̤̣illiñ ẓee s̤alaas̤i shuʻab.

    যোৱা তিনিটা শাখা বিশিষ্ট জুইৰ ছাঁৰ পিনে,

  423. 77:31

    لَّا ظَلِيلٍ وَلَا يُغْنِى مِنَ ٱللَّهَبِ

    laa-Laa z̤̣aleeliñw wa yug̣nee minal lahab.

    যিটো ছাঁ শীতলো নহয় আৰু ই অগ্নিশিখাৰ পৰা ৰক্ষাও নকৰিব,

  424. 77:32

    إِنَّهَا تَرْمِى بِشَرَرٍ كَٱلْقَصْرِ

    ʹInnahaa tarmee bisharariñ kalq̣aṣr,

    নিশ্চয় জাহান্নামে উৎক্ষেপন কৰিব বৃহৎ অট্ৰালিকা সদৃশ ফিৰিঙতি,

  425. 77:33

    كَأَنَّهُۥ جِمَـٰلَتٌ صُفْرٌ

    Kaʹannahoo jimaalatuñ ṣufr.

    যেনিবা হালধীয়া উটৰ শ্ৰেণী,

  426. 77:34

    وَيْلٌ يَوْمَئِذٍ لِّلْمُكَذِّبِينَ

    Wayluñy Yawmaʹiẓil lilmukaẓẓibeen!

    সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,

  427. 77:35

    هَـٰذَا يَوْمُ لَا يَنطِقُونَ

    Haaẓaa Yawmu laa- yañṭiq̣oon,

    এইটো এনেকুৱা এটা দিৱস যিদিনা সিহঁতে কথা ক’ব নোৱাৰিব,

  428. 77:36

    وَلَا يُؤْذَنُ لَهُمْ فَيَعْتَذِرُونَ

    Wa-laa yuʹẓanu lahum fayaʻtaẓiroon.

    আৰু সিহঁতক অজুহাত পেচ কৰাৰ অনুমতিও দিয়া নহ’ব।

  429. 77:37

    وَيْلٌ يَوْمَئِذٍ لِّلْمُكَذِّبِينَ

    Wayluñy Yawmaʹiẓil lilmukaẓẓibeen!

    সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,

  430. 77:38

    هَـٰذَا يَوْمُ ٱلْفَصْلِ ۖ جَمَعْنَـٰكُمْ وَٱلْأَوَّلِينَ

    Haaẓaa Yawmul Faṣl! Jamaʻnaakum wal-ʹawwaleen!

    ‘এইটো হৈছে ফয়চালাৰ দিন, আমি একত্ৰিত কৰিছোঁ তোমালোকক আৰু পূৰ্বৱৰ্তীসকলক’।

  431. 77:39

    فَإِن كَانَ لَكُمْ كَيْدٌ فَكِيدُونِ

    Faʹiñ kaana lakum kayduñ fakeedoon!

    এতেকে যদি তোমালোকৰ কোনো কৌশল আছে তেন্তে প্ৰয়োগ কৰা মোৰ বিৰুদ্ধে।

  432. 77:40

    وَيْلٌ يَوْمَئِذٍ لِّلْمُكَذِّبِينَ

    Wayluñy Yawmaʹiẓil lilmukaẓẓibeen!

    সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,

  433. 77:41

    إِنَّ ٱلْمُتَّقِينَ فِى ظِلَـٰلٍ وَعُيُونٍ

    ʹInnal Muttaq̣eena fee z̤̣ilaaliñw waʻuyoon,

    নিশ্চয় মুত্তাক্বীসকল থাকিব ছাঁৰ তলত আৰু নিজৰা বহুল স্থানত,

  434. 77:42

    وَفَوَٰكِهَ مِمَّا يَشْتَهُونَ

    Wa-fawaakiha mimmaa yashtahoon.

    লগতে তেওঁলোকৰ হেঁপাহ অনুযায়ী ফলমূলৰ মাজত।

  435. 77:43

    كُلُوا۟ وَٱشْرَبُوا۟ هَنِيٓـًٔۢا بِمَا كُنتُمْ تَعْمَلُونَ

    Kuloo washraboo haneeeʹam bimaa kuñtum taʻmaloon.

    (তেওঁলোকক কোৱা হ'ব) তোমালোকে যি আমল কৰিছিলা তাৰ প্ৰতিদানস্বৰূপে তৃপ্তিৰ সৈতে পানাহাৰ কৰা;

  436. 77:44

    إِنَّا كَذَٰلِكَ نَجْزِى ٱلْمُحْسِنِينَ

    ʹInnaa kaẓaalika najzil Muḥsineen.

    সৎকৰ্মশীলসকলক আমি এনেকৈয়ে প্ৰতিদান দি থাকোঁ।

  437. 77:45

    وَيْلٌ يَوْمَئِذٍ لِّلْمُكَذِّبِينَ

    Wayluñy Yawmaʹiẓil lil-Mukaẓẓibeen!

    সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,

  438. 77:46

    كُلُوا۟ وَتَمَتَّعُوا۟ قَلِيلًا إِنَّكُم مُّجْرِمُونَ

    Kuloo wa-tamattaʻoo q̣aleelan ʹinnakum mujrimoon.

    (হে কাফিৰসকল!) তোমালোকে আহাৰ কৰা আৰু ভোগ কৰা খন্তেকৰ বাবে; নিশ্চয় তোমালোক অপৰাধী।

  439. 77:47

    وَيْلٌ يَوْمَئِذٍ لِّلْمُكَذِّبِينَ

    Wayluñy Yawmaʹiẓil lil-Mukaẓẓibeen!

    সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,

  440. 77:48

    وَإِذَا قِيلَ لَهُمُ ٱرْكَعُوا۟ لَا يَرْكَعُونَ

    Wa-ʹiẓaa q̣eela lahumur kaʻoo laa- yarkaʻoon.

    যেতিয়া সিহঁতক কোৱা হয়, ‘ৰুকু’ কৰা (ছালাত আদায় কৰা), (তেতিয়া) সিহঁতে ৰুকু’ নকৰে (ছালাত আদায় নকৰে)’।

  441. 77:49

    وَيْلٌ يَوْمَئِذٍ لِّلْمُكَذِّبِينَ

    Wayluñy Yawmaʹiẓil lil-Mukaẓẓibeen!

    সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,

  442. 77:50

    فَبِأَىِّ حَدِيثٍۭ بَعْدَهُۥ يُؤْمِنُونَ

    Fabiʹayyi Ḥadees̤im baʻdahoo yuʹminoon?

    এতেকে কোৰআনৰ পৰিবৰ্তে সিহঁতে আৰু কোনটো বাণীৰ প্ৰতি ঈমান আনিব?