Home  /  Quran  /  Surah
Loading...
بِسْمِ ٱللَّهِ ٱلرَّحْمَـٰنِ ٱلرَّحِيمِ

Surah Muhammad

Surah Muhammad (Muhammad) is Surah 47 of the Holy Quran, a Medinan Surah with 38 verses, available here in Assamese.

Surah 47 Medinan 38 verses Assamese

Verse 47:1

اَلَّذِیْنَ كَفَرُوْا وَصَدُّوْا عَنْ سَبِیْلِ اللّٰهِ اَضَلَّ اَعْمَالَهُمْ ۟

ʹAllaẓeena kafaroo wa-ṣaddoo ʻañ Sabeelil laahi ʹaḍalla ʹaʻmaalahum.

যিসকলে কুফৰী কৰিছে আৰু আল্লাহৰ পথৰ পৰা আনক নিবৃত্ত কৰিছে তেওঁ (আল্লাহে) সিহঁতৰ আমলসমূহক ব্যৰ্থ কৰি দিছে।

Verse 47:2

وَالَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ وَاٰمَنُوْا بِمَا نُزِّلَ عَلٰی مُحَمَّدٍ وَّهُوَ الْحَقُّ مِنْ رَّبِّهِمْ ۙ كَفَّرَ عَنْهُمْ سَیِّاٰتِهِمْ وَاَصْلَحَ بَالَهُمْ ۟

Wallaẓeena ʹaamanoo wa-ʻamiluṣ ṣaaliḥaati wa-ʹaamanoo bimaa nuzzila ʻalaa MUḤAMMADIÑ-W Wahuwal Ḥaq̣q̣u mir Rabbihim kaffara ʻanhum sayyiʹaatihim wa-ʹaṣlaḥa baalahum.

আৰু যিসকলে ঈমান আনিছে, সৎকৰ্ম কৰিছে লগতে মুহাম্মদৰ প্ৰতি যি অৱতীৰ্ণ হৈছে তাৰ ওপৰত বিশ্বাস স্থাপন কৰিছে, আৰু এইখন হৈছে তেওঁলোকৰ প্ৰতিপালকৰ তৰফৰ পৰা (প্ৰেৰিত) সত্য, তেৱেঁই তেওঁলোকৰ বেয়া আমলসমূহ দূৰ কৰিব আৰু তেওঁলোকৰ অৱস্থাৰ সংশোধন কৰিব।

Verse 47:3

ذٰلِكَ بِاَنَّ الَّذِیْنَ كَفَرُوا اتَّبَعُوا الْبَاطِلَ وَاَنَّ الَّذِیْنَ اٰمَنُوا اتَّبَعُوا الْحَقَّ مِنْ رَّبِّهِمْ ؕ كَذٰلِكَ یَضْرِبُ اللّٰهُ لِلنَّاسِ اَمْثَالَهُمْ ۟

Ẓaalika biʹannal laẓeena kafarut tabaʻul baaṭila wa-ʹannal laẓeena ʹaamanut tabaʻul Ḥaq̣q̣a mir Rabbihim: kaẓaalika yaḍribul laahu linnaasi ʹams̤aalahum.

এইটো এইকাৰণে যে, যিসকলে কুফৰী কৰিছে সিহঁতে বাতিলৰ অনুসৰণ কৰিছে আৰু যিসকলে ঈমান আনিছে তেওঁলোকে নিজ প্ৰতিপালকৰ প্ৰেৰিত সত্যৰ অনুসৰণ কৰিছে। এইদৰে আল্লাহে মানুহৰ বাবে সিহঁতৰ দৃষ্টান্তসমূহ উপস্থাপন কৰে।

Verse 47:4

فَاِذَا لَقِیْتُمُ الَّذِیْنَ كَفَرُوْا فَضَرْبَ الرِّقَابِ ؕ حَتّٰۤی اِذَاۤ اَثْخَنْتُمُوْهُمْ فَشُدُّوا الْوَثَاقَ ۙۗ فَاِمَّا مَنًّا بَعْدُ وَاِمَّا فِدَآءً حَتّٰی تَضَعَ الْحَرْبُ اَوْزَارَهَا ذٰؔلِكَ ۛؕ وَلَوْ یَشَآءُ اللّٰهُ لَانْتَصَرَ مِنْهُمْ ۙ وَلٰكِنْ لِّیَبْلُوَاۡ بَعْضَكُمْ بِبَعْضٍ ؕ وَالَّذِیْنَ قُتِلُوْا فِیْ سَبِیْلِ اللّٰهِ فَلَنْ یُّضِلَّ اَعْمَالَهُمْ ۟

Faʹiẓaa laq̣eetumul laẓeena kafaroo faḍarbar riq̣aab; ḥattaaa ʹiẓaaa ʹas̤khañtumoohum fashuddul was̤aaq̣a faʹimmaa mannam baʻdu wa-ʹimmaa fidaaaʹan ḥattaa taḍaʻal ḥarbu ʹawzaarahaa. Ẓaalika wa-law yashaaaʹul laahu lañtaṣara minhum wa-laakil liyabluwa baʻḍakum̃ bibaʻḍ. Wallaẓeena q̣utiloo fee Sabeelil laahi falañy yuḍilla ʹaʻmaalahum.

এতকে যেতিয়া তোমালোকে কাফিৰসকলৰ লগত যুদ্ধ ক্ষেত্ৰত মুকাবিলা কৰা তেতিয়া (সিহঁতৰ) ঘাৰত আঘাত কৰিবা, অৱশেষত যেতিয়া তোমালোকে সিহঁতক সম্পূৰ্ণৰূপে পৰ্যুদস্ত কৰিবা তেতিয়া সিহঁতক কটকটীয়াকৈ বান্ধি লবা; তাৰ পিছত হ’লে অনুকম্পা, নহ’লে মুক্তিপণ, যেতিয়ালৈকে (সিহঁতে) যুদ্ধৰ ভাৰ (অস্ত্ৰ-শস্ত্ৰ) নমাই নথয়। এইদৰেই, আল্লাহে ইচ্ছা কৰিলে সিহঁতৰ পৰা প্ৰতিশোধ লব পাৰিলেহেঁতেন, কিন্তু তেওঁ তোমালোকৰ এজনক আনজনৰ দ্বাৰা পৰীক্ষা কৰিব বিচাৰে। যিসকলে আল্লাহৰ পথত নিহত হয় আল্লাহে তেওঁলোকৰ আমল কেতিয়াও বিনষ্ট হ’বলৈ নিদিয়ে।

Verse 47:5

سَیَهْدِیْهِمْ وَیُصْلِحُ بَالَهُمْ ۟ۚ

Sayahdeehim wa-yuṣliḥu baalahum,―

অনতিপলমে আল্লাহে তেওঁলোকক পথনিৰ্দেশ কৰিব আৰু তেওঁলোকৰ অৱস্থাৰ সংশোধন কৰিব।

Verse 47:6

وَیُدْخِلُهُمُ الْجَنَّةَ عَرَّفَهَا لَهُمْ ۟

Wayudkhiluhumul Jannata ʻarrafahaa lahum.

আৰু তেওঁলোকক প্ৰৱেশ কৰাব জান্নাতত, যাৰ পৰিচয় তেওঁ তেওঁলোকক জনাই দিছে।

Verse 47:7

یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْۤا اِنْ تَنْصُرُوا اللّٰهَ یَنْصُرْكُمْ وَیُثَبِّتْ اَقْدَامَكُمْ ۟

Yaaaʹayyuhal laẓeena ʹaamanooo ʹiñ tañṣurul laaha yañṣurkum wa-yus̤abbit ʹaq̣daamakum.

হে মুমিনসকল! যদি তোমালোকে আল্লাহক সহায় কৰা তেন্তে তেওঁ তোমালোকক সহায় কৰিব আৰু তোমালোকৰ ভৰি সুদৃঢ় ৰাখিব।

Verse 47:8

وَالَّذِیْنَ كَفَرُوْا فَتَعْسًا لَّهُمْ وَاَضَلَّ اَعْمَالَهُمْ ۟

Wallaẓeena kafaroo fataʻsal lahum wa-ʹaḍalla ʹaʻmaalahum.

আৰু যিসকলে কুফৰী কৰিছে সিহঁতৰ বাবে আছে ধ্বংস আৰু তেওঁ সিহঁতৰ আমলসমূহ ব্যৰ্থ কৰি দিছে।

Verse 47:9

ذٰلِكَ بِاَنَّهُمْ كَرِهُوْا مَاۤ اَنْزَلَ اللّٰهُ فَاَحْبَطَ اَعْمَالَهُمْ ۟

Ẓaalika biʹannahum karihoo maaa ʹañzalal laahu faʹaḥbaṭa ʹaʻmaalahum.

এইটো এইকাৰণে যে, আল্লাহে যি অৱতীৰ্ণ কৰিছে, সিহঁতে তাক অপছন্দ কৰিছে। সেয়ে তেওঁ সিহঁতৰ আমলসমূহক নিষ্ফল কৰি দিছে।

Verse 47:10

اَفَلَمْ یَسِیْرُوْا فِی الْاَرْضِ فَیَنْظُرُوْا كَیْفَ كَانَ عَاقِبَةُ الَّذِیْنَ مِنْ قَبْلِهِمْ ؕ دَمَّرَ اللّٰهُ عَلَیْهِمْ ؗ وَلِلْكٰفِرِیْنَ اَمْثَالُهَا ۟

ʹAfalam yaseeroo fil ʹarḍi fayañz̤̣uroo kayfa kaana ʻAaq̣ibatul laẓeena miñ q̣ablihim? Dammaral laahu ʻalayhim, wa-lilkaafireena ʹams̤aaluhaa.

তেন্তে সিহঁতে পৃথিৱীত ভ্ৰমণ কৰি চোৱা নাইনে সিহঁতৰ পূৰ্বৱৰ্তীসকলৰ পৰিণাম কি হৈছিল? আল্লাহে সিহঁতক ধ্বংস কৰিছে। কাফিৰসকলৰ বাবে আছে অনুৰূপ পৰিণাম।

Verse 47:11

ذٰلِكَ بِاَنَّ اللّٰهَ مَوْلَی الَّذِیْنَ اٰمَنُوْا وَاَنَّ الْكٰفِرِیْنَ لَا مَوْلٰی لَهُمْ ۟۠

Ẓaalika biʹannal laaha Mawlal laẓeena ʹaamanoo waʹannal kaafireena laa- mawlaa lahum.

এইটো এইকাৰণে যে, নিশ্চয় আল্লাহ হৈছে মুমিনসকলৰ অভিভাৱক আৰু এই কথাও নিশ্চিত যে, কাফিৰসকলৰ কোনো অভিভাৱক নাই।

Verse 47:12

اِنَّ اللّٰهَ یُدْخِلُ الَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ جَنّٰتٍ تَجْرِیْ مِنْ تَحْتِهَا الْاَنْهٰرُ ؕ وَالَّذِیْنَ كَفَرُوْا یَتَمَتَّعُوْنَ وَیَاْكُلُوْنَ كَمَا تَاْكُلُ الْاَنْعَامُ وَالنَّارُ مَثْوًی لَّهُمْ ۟

ʹInnal laaha yudkhilul laẓeena ʹaamanoo wa-ʻamiluṣ ṣaaliḥaati Jannaatiñ tajree miñ taḥtihal ʹanhaar; wallaẓeena kafaroo yatamattaʻoona wa-yaʹkuloona kamaa taʹkulul ʹanʻaamu wan-Naaru mas̤wal lahum.

নিশ্চয় যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে আল্লাহে তেওঁলোকক প্ৰৱেশ কৰাব জান্নাতত, যাৰ তলত নদীসমূহ প্ৰবাহিত; কিন্তু যিসকলে কুফৰী কৰিছে সিহঁতে ভোগ-বিলাসত মত্ত থাকে আৰু সেইদৰে আহাৰ কৰে যিদৰে চতুষ্পদ জন্তুবোৰে আহাৰ কৰে; এতেকে জাহান্নামেই হৈছে সিহঁতৰ আবাসস্থল।

Verse 47:13

وَكَاَیِّنْ مِّنْ قَرْیَةٍ هِیَ اَشَدُّ قُوَّةً مِّنْ قَرْیَتِكَ الَّتِیْۤ اَخْرَجَتْكَ ۚ اَهْلَكْنٰهُمْ فَلَا نَاصِرَ لَهُمْ ۟

Wa-kaʹayyim miñ q̣aryatin hiya ʹashaddu q̣uwwatam miñ q̣aryatikal lateee ʹakhrajatka: ʹAhlaknaahum falaa naaṣira lahum.

আৰু তোমাৰ জনপদ যিটোৰ পৰা সিহঁতে তোমাক বহিষ্কাৰ কৰিছে, সেই জনপদৰ তুলনাত অধিক শক্তিশালী আৰু বহুতো জনপদ আছিল; যিবোৰক আমি ধ্বংস কৰিছোঁ, ফলত সিহঁতৰ কোনো সহায়কাৰী নাছিল।

Verse 47:14

اَفَمَنْ كَانَ عَلٰی بَیِّنَةٍ مِّنْ رَّبِّهٖ كَمَنْ زُیِّنَ لَهٗ سُوْٓءُ عَمَلِهٖ وَاتَّبَعُوْۤا اَهْوَآءَهُمْ ۟

ʹAfamañ kaana ʻalaa Bayyinatim mir Rabbihee kamañ zuyyina lahoo soooʹu ʻamalihee wattabaʻooo ʹahwaaaʹahum?

যিজন ব্যক্তি তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰেৰিত সুস্পষ্ট প্ৰমাণৰ ওপৰত প্ৰতিষ্ঠিত আছে, সেইজন ব্যক্তি তাৰ দৰে নেকি যাৰ ওচৰত নিজৰ বেয়া আমলসমূহক শোভনীয় কৰি দিয়া হৈছে, লগতে যিসকলে নিজৰ কামনা-বাসনাৰ অনুসৰণ কৰি আছে?

Verse 47:15

مَثَلُ الْجَنَّةِ الَّتِیْ وُعِدَ الْمُتَّقُوْنَ ؕ فِیْهَاۤ اَنْهٰرٌ مِّنْ مَّآءٍ غَیْرِ اٰسِنٍ ۚ وَاَنْهٰرٌ مِّنْ لَّبَنٍ لَّمْ یَتَغَیَّرْ طَعْمُهٗ ۚ وَاَنْهٰرٌ مِّنْ خَمْرٍ لَّذَّةٍ لِّلشّٰرِبِیْنَ ۚ۬ وَاَنْهٰرٌ مِّنْ عَسَلٍ مُّصَفًّی ؕ وَلَهُمْ فِیْهَا مِنْ كُلِّ الثَّمَرٰتِ وَمَغْفِرَةٌ مِّنْ رَّبِّهِمْ ؕ كَمَنْ هُوَ خَالِدٌ فِی النَّارِ وَسُقُوْا مَآءً حَمِیْمًا فَقَطَّعَ اَمْعَآءَهُمْ ۟

Mas̤alul Jannatil latee wuʻidal Muttaq̣oon: feehaaa ʹanhaarum mim maaaʹin g̣ayri ʹaasin; wa-ʹanhaarum mil labanil lam yatag̣ayyar ṭaʻmuh; wa-ʹanhaarum min khamril laẓẓatil lishshaaribeen; wa-ʹanhaarum min ʻasalim muṣaffaa. Wa-lahum feehaa miñ kullis̤ s̤amaraati wa-mag̣firatum mir Rabbihim: Kaman huwa khaaliduñ fin Naari wa-suq̣oo maaaʹan ḥameemañ faq̣aṭṭaʹa ʹamʻaaaʹahum?

মুত্তাক্বীসকলক যি জান্নাতৰ প্ৰতিশ্ৰুতি দিয়া হৈছে তাৰ দৃষ্টান্ত হৈছে এনেকুৱা, তাত আছে নিৰ্মল পানীৰ নিজৰাসমূহ, আৰু আছে গাখীৰৰ নদীসমূহ যাৰ সোৱাদ অপৰিবৰ্তনীয়, লগতে সেৱনকাৰীসকলৰ বাবে আছে সুস্বাদু সুৰাৰ নহৰসমূহ, আৰু আছে পৰিশোধিত মৌজোলৰ নদীসমূহ, লগতে তাত তেওঁলোকৰ বাবে থাকিব প্ৰত্যেক প্ৰকাৰৰ ফলমূল, আৰু আছে তেওঁলোকৰ প্ৰতিপালকৰ তৰফৰ পৰা ক্ষমা। তেওঁলোক সিহঁতৰ দৰে নেকি যিসকলে জাহান্নামত স্থায়ী হ’ব আৰু যিসকলক পান কৰোৱা হ’ব উতলা পানী, ফলত সেই পানীয়ে সিহঁতৰ নাড়ী-ভুৰু ছিন্ন-বিচ্ছিন্ন কৰি পেলাব।

Verse 47:16

وَمِنْهُمْ مَّنْ یَّسْتَمِعُ اِلَیْكَ ۚ حَتّٰۤی اِذَا خَرَجُوْا مِنْ عِنْدِكَ قَالُوْا لِلَّذِیْنَ اُوْتُوا الْعِلْمَ مَاذَا قَالَ اٰنِفًا ۫ اُولٰٓىِٕكَ الَّذِیْنَ طَبَعَ اللّٰهُ عَلٰی قُلُوْبِهِمْ وَاتَّبَعُوْۤا اَهْوَآءَهُمْ ۟

Wa-minhum mañy yastamiʻu ʹilayka ḥattaaa ʹiẓaa kharajoo min ʻiñdika q̣aaloo lil-laẓeena ʹootul ʻIlma maaẓaa q̣aala ʹaanifaa? ʹUlaaaʹikal laẓeena ṭabaʻal laahu ʻalaa q̣uloobihim wattabaʻooo ʹahwaaaʹahum.

সিহঁতৰ মাজৰ কিছুমানে তোমাৰ কথা মনোযোগ সহকাৰে শুনে, অৱশেষত তোমাৰ ওচৰৰ পৰা ওলাই গৈ তেওঁলোকক সোধে যিসকলক জ্ঞান দান কৰা হৈছে, ‘এই মাত্ৰ তেওঁ কি ক’লে’? ইহঁতেই হৈছে সেইসকল লোক, যিসকলৰ অন্তৰসমূহত আল্লাহে মোহৰ মাৰি দিছে আৰু সিহঁতে নিজৰ কামনা-বাসনাৰ অনুসৰণ কৰিছে।

Verse 47:17

وَالَّذِیْنَ اهْتَدَوْا زَادَهُمْ هُدًی وَّاٰتٰىهُمْ تَقْوٰىهُمْ ۟

Wallaẓeenah tadaw zaadahum hudañw waʹataahum taq̣waahum.

আৰু যিসকলে হিদায়ত প্ৰাপ্ত হৈছে, আল্লাহে তেওঁলোকৰ হিদায়ত আৰু অধিক বৃদ্ধি কৰি দিয়ে, লগতে তেওঁলোকক তেওঁলোকৰ তাক্বৱা প্ৰদান কৰে।

Verse 47:18

فَهَلْ یَنْظُرُوْنَ اِلَّا السَّاعَةَ اَنْ تَاْتِیَهُمْ بَغْتَةً ۚ فَقَدْ جَآءَ اَشْرَاطُهَا ۚ فَاَنّٰی لَهُمْ اِذَا جَآءَتْهُمْ ذِكْرٰىهُمْ ۟

Fahal yañz̤̣uroona ʹillas Saaʻata ʹañ taʹtiyahum̃ bag̣tah? Faq̣ad jaaaʹa ʹashraaṭuhaa. Faʹannaa lahum ʹiẓaa jaaaʹathum ẓikraahum?

এতেকে সিহঁতে কেৱল এই অপেক্ষাত আছে নেকি যে, কিয়ামত সিহঁতৰ ওচৰলৈ আকস্মিকভাৱে আহি পৰক? কিয়ামতৰ লক্ষণসমূহ কিন্তু আহিয়ে পৰিছে! এতেকে কিয়ামত আহিলে সিহঁতে উপদেশ গ্ৰহণ কৰিব কেনেকৈ!

Verse 47:19

فَاعْلَمْ اَنَّهٗ لَاۤ اِلٰهَ اِلَّا اللّٰهُ وَاسْتَغْفِرْ لِذَنْۢبِكَ وَلِلْمُؤْمِنِیْنَ وَالْمُؤْمِنٰتِ ؕ وَاللّٰهُ یَعْلَمُ مُتَقَلَّبَكُمْ وَمَثْوٰىكُمْ ۟۠

Faʻlam ʹannahoo Laaa ʹilaaha ʹillal laahu wastag̣fir liẓambika wa-lil-Muʹmineena wal-Muʹminaat: wallaahu yaʻlamu mutaq̣allabakum wa-mas̤waakum.

গতিকে জানি থোৱা! আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। লগতে ক্ষমা প্ৰাৰ্থনা কৰা নিজৰ আৰু মুমিন নৰ-নাৰীসকলৰ ভুল-ত্ৰুটিৰ বাবে। আল্লাহে তোমালোকৰ গতিবিধি আৰু অৱস্থান সম্পৰ্কে অৱগত।

Verse 47:20

وَیَقُوْلُ الَّذِیْنَ اٰمَنُوْا لَوْلَا نُزِّلَتْ سُوْرَةٌ ۚ فَاِذَاۤ اُنْزِلَتْ سُوْرَةٌ مُّحْكَمَةٌ وَّذُكِرَ فِیْهَا الْقِتَالُ ۙ رَاَیْتَ الَّذِیْنَ فِیْ قُلُوْبِهِمْ مَّرَضٌ یَّنْظُرُوْنَ اِلَیْكَ نَظَرَ الْمَغْشِیِّ عَلَیْهِ مِنَ الْمَوْتِ ؕ فَاَوْلٰى لَهُمْ ۟ۚ

Wa-yaq̣oolul laẓeena ʹaamanoo Law-laa nuzzilat Soorah? Faʹiẓaaa ʹuñzilat Sooratum Muḥkamatuñw Waẓukira feehal q̣itaalu raʹaytal laẓeena fee q̣uloobihim maraḍuñy yañz̤̣uroona ʹilayka naz̤̣aral mag̣shiyyi ʻalayhi minal mawt. Faʹawlaa lahum!

আৰু যিসকলে ঈমান আনিছে তেওঁলোকে কয়, এটা ছুৰা অৱতীৰ্ণ কৰা নহয় কিয়, তাৰ পিছত যদি কোনো মুহকাম ছুৰা অৱতীৰ্ণ হয় আৰু তাত যুদ্ধৰ কোনো নিৰ্দেশ থাকে, তেতিয়া তুমি দেখিবা যিসকলৰ অন্তৰত ব্যাধি আছে সিহঁতে মৃত্যুৰ ভয়ত বিহ্বল মানুহৰ দৰে তোমাৰ ফালে চাই আছে। এতেকে সিহঁতৰ বাবে উত্তম আছিল----

Verse 47:21

طَاعَةٌ وَّقَوْلٌ مَّعْرُوْفٌ ۫ فَاِذَا عَزَمَ الْاَمْرُ ۫ فَلَوْ صَدَقُوا اللّٰهَ لَكَانَ خَیْرًا لَّهُمْ ۟ۚ

Ṭaaʻatuñw Waq̣awlum maʻroof. Faʹiẓaa ʻazamal ʹamr. Falaw ṣadaq̣ul laaha lakaana khayral lahum.

আনুগত্য আৰু ন্যায়সংগত বাক্য; এতেকে চূড়ান্ত সিদ্ধান্ত হোৱাৰ পিছত সিহঁতে যদি আল্লাহৰ লগত কৰা প্ৰতিশ্ৰুতি সত্যত পৰিণত কৰিলেহেঁতেন, তেন্তে নিশ্চয় সেয়া সিহঁতৰ বাবে কল্যাণকৰ হ’লহেঁতেন।

Verse 47:22

فَهَلْ عَسَیْتُمْ اِنْ تَوَلَّیْتُمْ اَنْ تُفْسِدُوْا فِی الْاَرْضِ وَتُقَطِّعُوْۤا اَرْحَامَكُمْ ۟

Fahal ʻasaytum ʹiñ tawallaytum ʹañ tufsidoo fil ʹarḍi wa-tuq̣aṭṭiʻooo ʹarḥaamakum?

ক্ষমতাত অধিষ্ঠিত হ’লে সম্ভৱতঃ তোমালোকে পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰিবা আৰু আত্মীয়তাৰ বন্ধন বিচ্ছিন্ন কৰিবা?

Verse 47:23

اُولٰٓىِٕكَ الَّذِیْنَ لَعَنَهُمُ اللّٰهُ فَاَصَمَّهُمْ وَاَعْمٰۤی اَبْصَارَهُمْ ۟

ʹUlaaaʹikal laẓeena laʻanahumul laahu faʹaṣammahum wa-ʹaʻmaaa ʹabṣaarahum.

ইহঁতকেই আল্লাহে লানত কৰিছে, ফলত তেওঁ সিহঁতক বধিৰ কৰি দিছে আৰু সিহঁতৰ দৃষ্টিসমূহক অন্ধ কৰি দিছে।

Verse 47:24

اَفَلَا یَتَدَبَّرُوْنَ الْقُرْاٰنَ اَمْ عَلٰی قُلُوْبٍ اَقْفَالُهَا ۟

ʹAfalaa yatadabbaroonal Q̣ur-ʹaana ʹam ʻalaa q̣uloobin ʹaq̣faaluhaa?

তেন্তে সিহঁতে কোৰআনক লৈ গভীৰ চিন্তা-চৰ্চা নকৰে নেকি? নে সিহঁতৰ অন্তৰত তলা লগোৱা আছে?

Verse 47:25

اِنَّ الَّذِیْنَ ارْتَدُّوْا عَلٰۤی اَدْبَارِهِمْ مِّنْ بَعْدِ مَا تَبَیَّنَ لَهُمُ الْهُدَی ۙ الشَّیْطٰنُ سَوَّلَ لَهُمْ ؕ وَاَمْلٰی لَهُمْ ۟

ʹInnal laẓeenar taddoo ʻalaaa ʹadbaarihim mim baʻdi maa- tabayyana lahumul Hudash Shayṭaanu sawwala lahum, wa-ʹamlaa lahum.

নিশ্চয় যিসকলে নিজৰ ওচৰত সৎপথ স্পষ্ট হোৱাৰ পিছতো তাৰ পৰা পৃষ্ঠপ্ৰদৰ্শন কৰে, চয়তানে সিহঁতৰ কৰ্মক শোভনীয় কৰি দেখুৱায় আৰু সিহঁতক মিছা আশা দিয়ে।

Verse 47:26

ذٰلِكَ بِاَنَّهُمْ قَالُوْا لِلَّذِیْنَ كَرِهُوْا مَا نَزَّلَ اللّٰهُ سَنُطِیْعُكُمْ فِیْ بَعْضِ الْاَمْرِ ۖۚ وَاللّٰهُ یَعْلَمُ اِسْرَارَهُمْ ۟

Ẓaalika biʹannahum q̣aaloo lillaẓeena karihoo maa- nazzalal laahu sanuṭeeʻukum fee baʻḍil ʹamr; wallaahu yaʻlamu ʹisraarahum.

এইটো এইকাৰণে যে, আল্লাহে যি অৱতীৰ্ণ কৰিছে, তাক যিসকলে অপছন্দ কৰে সিহঁতক ইহঁতে কয়, ‘অনতিপলমে আমিও কিছুমান বিষয়ত তোমালোকৰ অনুসৰণ কৰিম’। কিন্তু আল্লাহে সিহঁতৰ গোপন অভিসন্ধিসমূহ জানে।

Verse 47:27

فَكَیْفَ اِذَا تَوَفَّتْهُمُ الْمَلٰٓىِٕكَةُ یَضْرِبُوْنَ وُجُوْهَهُمْ وَاَدْبَارَهُمْ ۟

Fakayfa ʹizaa tawaffathumul malaaaʹikatu yaḍriboona wujoohahum wa-ʹadbaa-rahum?

এতেকে সেই সময়ত সিহঁতৰ কি দশা হ’ব! যেতিয়া ফিৰিস্তাসকলে সিহঁতৰ মুখমণ্ডল আৰু পিঠিত মৰিয়াই মৰিয়াই প্ৰাণ হৰণ কৰিব!

Verse 47:28

ذٰلِكَ بِاَنَّهُمُ اتَّبَعُوْا مَاۤ اَسْخَطَ اللّٰهَ وَكَرِهُوْا رِضْوَانَهٗ فَاَحْبَطَ اَعْمَالَهُمْ ۟۠

Ẓaalika biʹannahumut tabaʻoo maaa ʹaskhaṭal laaha wa-karihoo riḍwaanahoo faʹaḥbaṭa ʹaʻmaalahum.

এইটো এইকাৰণে যে, সিহঁতে এনে কিছুমান বিষয়ৰ অনুসৰণ কৰিছে যিবোৰে আল্লাহক অসন্তুষ্ট কৰিছে, লগতে সিহঁতে তেওঁৰ সন্তুষ্টিক অপছন্দ কৰিছে, সেয়ে তেওঁ সিহঁতৰ আমলসমূহক নিষ্ফল কৰি দিছে।

Verse 47:29

اَمْ حَسِبَ الَّذِیْنَ فِیْ قُلُوْبِهِمْ مَّرَضٌ اَنْ لَّنْ یُّخْرِجَ اللّٰهُ اَضْغَانَهُمْ ۟

ʹAm ḥasibal laẓeena fee q̣uloobihim maraḍun ʹal lañy yukhrijal laahu ʹaḍg̣aanahum?

যিসকলৰ অন্তৰত ব্যাধি আছে সিহঁতে এইটো ভাবে নেকি যে, আল্লাহে কেতিয়াও সিহঁতৰ বিদ্বেষভাৱ প্ৰকাশ কৰি নিদিব?

Verse 47:30

وَلَوْ نَشَآءُ لَاَرَیْنٰكَهُمْ فَلَعَرَفْتَهُمْ بِسِیْمٰهُمْ ؕ وَلَتَعْرِفَنَّهُمْ فِیْ لَحْنِ الْقَوْلِ ؕ وَاللّٰهُ یَعْلَمُ اَعْمَالَكُمْ ۟

Wa-law nashaaaʹu laʹaraynaakahum falaʻaraftahum̃ biseemaahum: wa-lataʻrifan-nahum fee laḥnil q̣awl! Wallaahu yaʻlamu ʹaʻmaalakum.

আৰু আমি ইচ্ছা কৰিলে তোমাক সিহঁতৰ পৰিচয় দিলোঁহেঁতেন; ফলত তুমি সিহঁতৰ লক্ষণ দেখিয়ে সিহঁতক চিনিব পাৰিলাহেঁতেন। কিন্তু নিশ্চয় তুমি সিহঁতৰ কথাৰ ভঙ্গিতে সিহঁতক চিনিব পাৰিবা। আল্লাহে তোমালোকৰ যাৱতীয় আমল সম্পৰ্কে জানে।

Verse 47:31

وَلَنَبْلُوَنَّكُمْ حَتّٰی نَعْلَمَ الْمُجٰهِدِیْنَ مِنْكُمْ وَالصّٰبِرِیْنَ ۙ وَنَبْلُوَاۡ اَخْبَارَكُمْ ۟

Wa-lanabluwannakum ḥattaa naʻlamal mujaahideena miñkum waṣṣaabireena wa-nabluwa ʹakhbaarakum.

আৰু আমি নিশ্চয় তোমালোকক পৰীক্ষা কৰিম এই কথা প্ৰকাশ নকৰালৈকে যে, তোমালোকৰ মাজত মুজাহিদ আৰু ধৈৰ্য্যশীল লোক কোনসকল, আৰু আমিয়েই তোমালোকৰ কৰ্মকাণ্ড পৰীক্ষা কৰোঁ।

Verse 47:32

اِنَّ الَّذِیْنَ كَفَرُوْا وَصَدُّوْا عَنْ سَبِیْلِ اللّٰهِ وَشَآقُّوا الرَّسُوْلَ مِنْ بَعْدِ مَا تَبَیَّنَ لَهُمُ الْهُدٰی ۙ لَنْ یَّضُرُّوا اللّٰهَ شَیْـًٔا ؕ وَسَیُحْبِطُ اَعْمَالَهُمْ ۟

ʹInnal laẓeena kafaroo wa-ṣaddoo ʻañ Sabeelil laahi wa-shaaaq̣q̣ur Rasoola mim baʻdi maa- tabayyana lahumul Hudaa lañy yaḍurrul laaha shayʹaa: wa-sa-yuḥbiṭu ʹaʻmaalahum.

নিশ্চয় যিসকলে কুফৰী কৰিছে আৰু মানুহক আল্লাহৰ পথৰ পৰা নিবৃত্ত কৰিছে লগতে সিহঁতৰ ওচৰত হিদায়ত সুস্পষ্ট হোৱাৰ পিছতো ৰাছুলৰ বিৰোধিতা কৰিছে, সিহঁতে কেতিয়াও আল্লাহৰ কোনো ক্ষতি কৰিব নোৱাৰিব। অতিশীঘ্ৰে তেওঁ সিহঁতৰ আমলসমূহক নিষ্ফল কৰি দিব।

Verse 47:33

یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْۤا اَطِیْعُوا اللّٰهَ وَاَطِیْعُوا الرَّسُوْلَ وَلَا تُبْطِلُوْۤا اَعْمَالَكُمْ ۟

Yaaaʹayyuhal laẓeena ʹaamanooo ʹaṭeeʻul laaha wa-ʹaṭeeʻur Rasoola wa-laa tubṭilooo ʹaʻmaalakum!

হে মুমিনসকল! তোমালোকে আল্লাহৰ আনুগত্য কৰা আৰু ৰাছুলৰ আনুগত্য কৰা, আৰু তোমালোকে নিজৰ আমলসমূহক বিনষ্ট নকৰিবা।

Verse 47:34

اِنَّ الَّذِیْنَ كَفَرُوْا وَصَدُّوْا عَنْ سَبِیْلِ اللّٰهِ ثُمَّ مَاتُوْا وَهُمْ كُفَّارٌ فَلَنْ یَّغْفِرَ اللّٰهُ لَهُمْ ۟

ʹInnal laẓeena kafaroo wa-ṣaddoo ʻañ Sabeelil laahi s̤umma maatoo wa-hum kuffaaruñ falañy yag̣firal laahu lahum.

নিশ্চয় যিসকলে কুফৰী কৰিছে আৰু আল্লাহৰ পথৰ পৰা মানুহক নিবৃত্ত কৰিছে, তাৰ পিছত কাফিৰ অৱস্থাত মৃত্যুবৰণ কৰিছে, আল্লাহে সিহঁতক কেতিয়াও ক্ষমা নকৰিব।

Verse 47:35

فَلَا تَهِنُوْا وَتَدْعُوْۤا اِلَی السَّلْمِ ۖۗ وَاَنْتُمُ الْاَعْلَوْنَ ۖۗ وَاللّٰهُ مَعَكُمْ وَلَنْ یَّتِرَكُمْ اَعْمَالَكُمْ ۟

Falaa tahinoo wa-tadʻooo ʹilas salmi wa-ʹañtumul ʹaʻlawna wallaahu maʻakum wa-lañy yatirakum ʹaʻmaalakum.

এতেকে তোমালোকে মনোবল নেহেৰুৱাবা আৰু সন্ধিৰ প্ৰস্তাবো নিদিবা, তোমালোকেই প্ৰবল, কাৰণ তোমালোকৰ লগত (সহায়ক হিচাপে) আল্লাহ আছে, আৰু তেওঁ তোমালোকৰ কৰ্মফল কেতিয়াও ক্ষুণ্ণ নকৰিব।

Verse 47:36

اِنَّمَا الْحَیٰوةُ الدُّنْیَا لَعِبٌ وَّلَهْوٌ ؕ وَاِنْ تُؤْمِنُوْا وَتَتَّقُوْا یُؤْتِكُمْ اُجُوْرَكُمْ وَلَا یَسْـَٔلْكُمْ اَمْوَالَكُمْ ۟

ʹInnamal ḥayaatud dunyaa laʻibuñw walahw: wa-ʹiñ tuʹminoo wa-tattaq̣oo yuʹtikum ʹujoorakum wa-laa yasʹalkum ʹamwaalakum.

পাৰ্থিৱ জীৱন হৈছে কেৱল খেল-ধেমালি আৰু অৰ্থহীন কথা-বতৰাহে। যদি তোমালোকে ঈমান পোষণ কৰা আৰু তাক্বৱা অৱলম্বন কৰা তেন্তে আল্লাহে তোমালোকক তোমালোকৰ পুৰস্কাৰ প্ৰদান কৰিব। তেওঁ তোমালোকৰ ধন-সম্পদ নিবিচাৰে।

Verse 47:37

اِنْ یَّسْـَٔلْكُمُوْهَا فَیُحْفِكُمْ تَبْخَلُوْا وَیُخْرِجْ اَضْغَانَكُمْ ۟

ʹIñy yasʹalkumoohaa fayuḥfikum tabkhaloo wa-yukhrij ʹaḍg̣aanakum.

যদি তেওঁ তোমালোকৰ ওচৰত সেয়া (ধন-সম্পদ) বিচাৰে, লগতে যদি তেওঁ তোমালোকৰ ওপৰত প্ৰবল চাপ দিয়ে তেন্তে তোমালোকে কৃপণালিহে কৰিবা আৰু তেওঁ তেতিয়া তোমালোকৰ বিদ্বেষভাৱ প্ৰকাশ কৰি দিব।

Verse 47:38

هٰۤاَنْتُمْ هٰۤؤُلَآءِ تُدْعَوْنَ لِتُنْفِقُوْا فِیْ سَبِیْلِ اللّٰهِ ۚ فَمِنْكُمْ مَّنْ یَّبْخَلُ ۚ وَمَنْ یَّبْخَلْ فَاِنَّمَا یَبْخَلُ عَنْ نَّفْسِهٖ ؕ وَاللّٰهُ الْغَنِیُّ وَاَنْتُمُ الْفُقَرَآءُ ۚ وَاِنْ تَتَوَلَّوْا یَسْتَبْدِلْ قَوْمًا غَیْرَكُمْ ۙ ثُمَّ لَا یَكُوْنُوْۤا اَمْثَالَكُمْ ۟۠

Haaaʹañtum haaaʹulaaaʹi tudʻawna lituñfiq̣oo fee Sabeelil laah: famiñkum mañy yabkhal Wa-mañy yabkhal faʹinnamaa yabkhalu ʻan nafsih. Wallaahul G̣aniyyu wa-ʹañtumul Fuq̣araaaʹ. Wa-ʹiñ tatawallaw yastabdil q̣awman g̣ayrakum s̤umma laa- yakoonooo ʹams̤aalakum!

চোৱা, তোমালোকেই সেইসকল লোক, যিসকলক আল্লাহৰ পথত ব্যয় কৰিবলৈ কোৱা হৈছে অথচ তোমালোকৰ কিছুমানে কৃপণতাহে কৰিছে, কিন্তু যিয়ে কৃপণালি কৰিছে সি নিজৰ প্ৰতিহে কৃপণালি কৰিছে। (জানি থোৱা!) আল্লাহ অভাৱমুক্ত আৰু তোমালোক হৈছা অভাৱগ্ৰস্ত। যদি তোমালোকে বিমুখ হোৱা, তেন্তে তেওঁ তোমালোকৰ বাহিৰে বেলেগ এটা সম্প্ৰদায়ক তোমালোকৰ স্থলৱৰ্তী কৰিব; সিহঁত কিন্তু তোমালোকৰ দৰে নহ’ব।