Surah Al-Fath
Surah Al-Fath (The Victory) is Surah 48 of the Holy Quran, a Medinan Surah with 29 verses, available here in Assamese.
Verse 48:1
اِنَّا فَتَحْنَا لَكَ فَتْحًا مُّبِیْنًا ۟ۙ
ʹInnaa fataḥnaa laka Fatḥam Mubeenaa,
(হে ৰাছুল!) নিশ্চয় আমি তোমাক প্ৰদান কৰিছোঁ সুস্পষ্ট বিজয়,
Verse 48:2
لِّیَغْفِرَ لَكَ اللّٰهُ مَا تَقَدَّمَ مِنْ ذَنْۢبِكَ وَمَا تَاَخَّرَ وَیُتِمَّ نِعْمَتَهٗ عَلَیْكَ وَیَهْدِیَكَ صِرَاطًا مُّسْتَقِیْمًا ۟ۙ
Liyag̣fira lakal laahu maa- taq̣addama miñ ẓambika wa-maa taʹakhkhara wa-yutimma niʻmatahoo ʻalayka wa-yahdiyaka Ṣiraaṭam Mustaq̣eemaa,
যাতে আল্লাহে তোমাৰ অতীত আৰু ভৱিষ্যতৰ ত্ৰুটিসমূহ মাৰ্জনা কৰে আৰু তোমাৰ প্ৰতি তেওঁৰ অনুগ্ৰহ পূৰ্ণ কৰে, লগতে তেওঁ যাতে তোমাক সৰল পথৰ হিদায়ত দিয়ে,
Verse 48:3
وَّیَنْصُرَكَ اللّٰهُ نَصْرًا عَزِیْزًا ۟
Wa-yañṣurakal laahu Naṣran ʻAzeezaa.
লগতে যাতে আল্লাহে তোমাক বলিষ্ঠ সাহায্য দান কৰে।
Verse 48:4
هُوَ الَّذِیْۤ اَنْزَلَ السَّكِیْنَةَ فِیْ قُلُوْبِ الْمُؤْمِنِیْنَ لِیَزْدَادُوْۤا اِیْمَانًا مَّعَ اِیْمَانِهِمْ ؕ وَلِلّٰهِ جُنُوْدُ السَّمٰوٰتِ وَالْاَرْضِ ؕ وَكَانَ اللّٰهُ عَلِیْمًا حَكِیْمًا ۟ۙ
Huwal laẓee ʹañzalas Sakeenata fee q̣uloobil Muʹmineena liyazdaadooo ʹeemaanam maʻa ʹeemaanihim: wa-lillaahi Junoodus samaawaati wal-ʹarḍ; wa-kaanal laahu ʻAleeman Ḥakeemaa,
তেৱেঁই মুমিনসকলৰ অন্তৰত প্ৰশান্তি নাযিল কৰিছে, যাতে তেওঁলোকে নিজৰ ঈমানৰ সৈতে ঈমান বৃদ্ধি কৰি লয়। আকাশসমূহ আৰু পৃথিৱীৰ সেনাবাহিনী কেৱল আল্লাহৰেই; আৰু আল্লাহ হৈছে সৰ্বজ্ঞ, প্ৰজ্ঞাময়।
Verse 48:5
لِّیُدْخِلَ الْمُؤْمِنِیْنَ وَالْمُؤْمِنٰتِ جَنّٰتٍ تَجْرِیْ مِنْ تَحْتِهَا الْاَنْهٰرُ خٰلِدِیْنَ فِیْهَا وَیُكَفِّرَ عَنْهُمْ سَیِّاٰتِهِمْ ؕ وَكَانَ ذٰلِكَ عِنْدَ اللّٰهِ فَوْزًا عَظِیْمًا ۟ۙ
Liyudkhilal Muʹmineena wal-Muʹminaati Jannaatiñ tajree miñ taḥtihal ʹanhaaru khaalideena feehaa wa-yukaffira ʻanhum sayyiʹaatihim;― wakaana ẓaalika ʻiñdal laahi fawzan ʻaz̤̣eemaa,―
যাতে তেওঁ মুমিন পুৰুষ আৰু মুমিনা নাৰীসকলক জান্নাতত প্ৰৱেশ কৰাব পাৰে, যাৰ তলত নদীসমূহ প্ৰবাহিত, য’ত তেওঁলোক স্থায়ী হ’ব আৰু তেৱেঁই তেওঁলোকৰ পাপসমূহ মোচন কৰিব; এইটোৱে হৈছে আল্লাহৰ ওচৰত মহা সফলতা।
Verse 48:6
وَّیُعَذِّبَ الْمُنٰفِقِیْنَ وَالْمُنٰفِقٰتِ وَالْمُشْرِكِیْنَ وَالْمُشْرِكٰتِ الظَّآنِّیْنَ بِاللّٰهِ ظَنَّ السَّوْءِ ؕ عَلَیْهِمْ دَآىِٕرَةُ السَّوْءِ ۚ وَغَضِبَ اللّٰهُ عَلَیْهِمْ وَلَعَنَهُمْ وَاَعَدَّ لَهُمْ جَهَنَّمَ ؕ وَسَآءَتْ مَصِیْرًا ۟
Wa-yuʻaẓẓibal Munaafiq̣eena wal-Munaafiq̣aati wal-Mushrikeena wal-Mushrikaatiz̤̣ z̤̣aaanneena billaahi z̤̣annas sawʹ. ʻAlayhim daaaʹiratus sawʹ: wa-g̣aḍibal laahu ʻalayhim wa-laʻanahum wa-ʹaʻadda lahum Jahannam; wa-saaaʹat maṣeeraa.
লগতে মুনাফিক পুৰুষ আৰু মুনাফিকা নাৰী, মুশ্বৰিক পুৰুষ আৰু মুশ্বৰিকা নাৰী যিসকলে আল্লাহৰ বিষয়ে বেয়া ধাৰণা পোষণ কৰে, সিহঁতক যাতে তেওঁ শাস্তি বিহিব পাৰে। অমঙ্গল চক্ৰ সিহঁতৰ ওপৰতেই আপতিত হয়। আল্লাহে সিহঁতৰ ওপৰত ক্ৰোধান্বিত হৈছে আৰু সিহঁতক লানত কৰিছে; আৰু সিহঁতৰ বাবে প্ৰস্তুত কৰি ৰাখিছে জাহান্নাম। সেইটো কিমান যে নিকৃষ্ট প্ৰত্যাৱৰ্তনস্থল!
Verse 48:7
وَلِلّٰهِ جُنُوْدُ السَّمٰوٰتِ وَالْاَرْضِ ؕ وَكَانَ اللّٰهُ عَزِیْزًا حَكِیْمًا ۟
Wa-lillaahi Junoodus samaawaati wal-ʹarḍ: wa-kaanal laahu ʻAzeezan Ḥakeemaa.
আকাশসমূহ আৰু পৃথিৱীৰ সেনাবাহিনী কেৱল আল্লাহৰেই; আৰু আল্লাহ হৈছে পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
Verse 48:8
اِنَّاۤ اَرْسَلْنٰكَ شَاهِدًا وَّمُبَشِّرًا وَّنَذِیْرًا ۟ۙ
ʹInnaaa ʹarsalnaaka Shaahidañw Wa-Mubashshirañw Wa-Naẓeeraa:
নিশ্চয় আমি তোমাক প্ৰেৰণ কৰিছোঁ সাক্ষীৰূপে, সুসংবাদদাতা আৰু সতৰ্ককাৰীৰূপে,
Verse 48:9
لِّتُؤْمِنُوْا بِاللّٰهِ وَرَسُوْلِهٖ وَتُعَزِّرُوْهُ وَتُوَقِّرُوْهُ ؕ وَتُسَبِّحُوْهُ بُكْرَةً وَّاَصِیْلًا ۟
Lituʹminoo billaahi wa-Rasoolihee wa-tuʹazziroohu wa-tuwaq̣q̣irooh, wa-tusabbiḥoohu bukratañw waʹaṣeelaa.
যাতে তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰা আৰু তেওঁক সহায়-সহযোগিতাৰ দ্বাৰা শক্তি যুগুৱা লগতে তেওঁক সন্মান কৰা; আৰু পুৱা-গধূলি তেওঁৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা।
Verse 48:10
اِنَّ الَّذِیْنَ یُبَایِعُوْنَكَ اِنَّمَا یُبَایِعُوْنَ اللّٰهَ ؕ یَدُ اللّٰهِ فَوْقَ اَیْدِیْهِمْ ۚ فَمَنْ نَّكَثَ فَاِنَّمَا یَنْكُثُ عَلٰی نَفْسِهٖ ۚ وَمَنْ اَوْفٰی بِمَا عٰهَدَ عَلَیْهُ اللّٰهَ فَسَیُؤْتِیْهِ اَجْرًا عَظِیْمًا ۟۠
ʹInnal laẓeena yubaayiʻoonaka ʹinnamaa yubaayiʻoonal laah: Yadul laahi fawq̣a ʹaydeehim: faman nakas̤a faʹinnamaa yañkus̤u ʻalaa nafsih; wa-man ʹawfaa bimaa ʻaahada ʻalayhul laaha fasayuʹteehi ʹajran ʻaz̤̣eemaa.
নিশ্চয় যিসকলে তোমাৰ ওচৰত বাইআত কৰে, অৱশ্যে তেওঁলোকে আল্লাহৰ হাততেই বাইআত কৰে। আল্লাহৰ হাত তেওঁলোকৰ হাতৰ ওপৰত। তাৰ পিছত যিয়ে সেইটো ভংগ কৰিব, সেই ভংগ কৰাৰ পৰিণাম তাৰেই ওপৰত বৰ্তিব আৰু যিয়ে আল্লাহৰ লগত কৰা অংগীকাৰ পূৰ্ণ কৰিব তাক আল্লাহে শীঘ্ৰেই মহাপুৰস্কাৰ প্ৰদান কৰিব।
Verse 48:11
سَیَقُوْلُ لَكَ الْمُخَلَّفُوْنَ مِنَ الْاَعْرَابِ شَغَلَتْنَاۤ اَمْوَالُنَا وَاَهْلُوْنَا فَاسْتَغْفِرْ لَنَا ۚ یَقُوْلُوْنَ بِاَلْسِنَتِهِمْ مَّا لَیْسَ فِیْ قُلُوْبِهِمْ ؕ قُلْ فَمَنْ یَّمْلِكُ لَكُمْ مِّنَ اللّٰهِ شَیْـًٔا اِنْ اَرَادَ بِكُمْ ضَرًّا اَوْ اَرَادَ بِكُمْ نَفْعًا ؕ بَلْ كَانَ اللّٰهُ بِمَا تَعْمَلُوْنَ خَبِیْرًا ۟
Sayaq̣oolu lakal mukhal-lafoona minal ʹAʻraabi shag̣alatnaaa ʹamwaalunaa wa-ʹahloonaa fastag̣fir lanaa. Yaq̣ooloona biʹalsinatihim maa laysa fee q̣uloobihim. Q̣ul famañy yamliku lakum minal laahi shayʹan ʹin ʹaraada bikum ḍarran ʹaw ʹaraada bikum nafʻaa? Bal kaanal laahu bimaa taʻmaloona khabeeraa.
যিসকল বেদুইনে পিছ হোঁহকা দিছিল, সিহঁতে তোমাক অনতিপলমে আহি ক’ব, ‘আমাৰ ধন-সম্পদ আৰু পৰিয়ালবৰ্গই আমাক ব্যস্ত কৰি ৰাখিছিল, গতিকে আমাৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰি দিয়ক’। সিহঁতে মুখেৰে যি কয় সেয়া সিহঁতৰ অন্তৰত নাই। সিহঁতক কোৱা, ‘আল্লাহে যদি তোমালোকৰ কোনো ক্ষতি কৰিব বিচাৰে অথবা কোনো উপকাৰ কৰিব বিচাৰে, তেন্তে তেওঁক বাধা দিয়াৰ ক্ষমতা কাৰ আছে? বৰং তোমালোকে যি কৰা সেই বিষয়ে আল্লাহ সবিশেষ অৱহিত’।
Verse 48:12
بَلْ ظَنَنْتُمْ اَنْ لَّنْ یَّنْقَلِبَ الرَّسُوْلُ وَالْمُؤْمِنُوْنَ اِلٰۤی اَهْلِیْهِمْ اَبَدًا وَّزُیِّنَ ذٰلِكَ فِیْ قُلُوْبِكُمْ وَظَنَنْتُمْ ظَنَّ السَّوْءِ ۖۚ وَكُنْتُمْ قَوْمًا بُوْرًا ۟
Bal z̤̣anañtum ʹal lañy yañq̣alibar Rasoolu wal-Muʹminoona ʹilaaa ʹahleehim ʹabadañw wa-zuyyina ẓaalika fee q̣uloobikum wa-z̤̣anañtum z̤̣annas sawʹi wa-kuñtum q̣awmam booraa.
বৰং তোমালোকে ধাৰণা কৰিছিলা যে, ৰাছুল আৰু মুমিনসকলে তেওঁলোকৰ নিজ নিজ পৰিয়ালৰ ওচৰলৈ কেতিয়াও উভতি আহিব নোৱাৰিব; আৰু এই ধাৰণা তোমালোকৰ অন্তৰত সুশোভিত হৈছিল, আৰু তোমালোকে এইটো বৰ নিকৃষ্ট ধাৰণা পোষণ কৰিছিলা, আৰু তোমালোক আছিলা ধ্বংসমুখী এটা সম্প্ৰদায়!
Verse 48:13
وَمَنْ لَّمْ یُؤْمِنْ بِاللّٰهِ وَرَسُوْلِهٖ فَاِنَّاۤ اَعْتَدْنَا لِلْكٰفِرِیْنَ سَعِیْرًا ۟
Wa-mal lam yuʹmim billaahi wa-Rasoolihee faʹinnaaa ʹaʻtadnaa lilkaafireena Saʻeeraa!
আৰু যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ নকৰে, নিশ্চয় আমি সেইসকল কাফিৰৰ বাবে প্ৰস্তুত কৰি ৰাখিছোঁ জলন্ত জুই।
Verse 48:14
وَلِلّٰهِ مُلْكُ السَّمٰوٰتِ وَالْاَرْضِ ؕ یَغْفِرُ لِمَنْ یَّشَآءُ وَیُعَذِّبُ مَنْ یَّشَآءُ ؕ وَكَانَ اللّٰهُ غَفُوْرًا رَّحِیْمًا ۟
Wa-lillaahi Mulkus samaawaati wal-ʹarḍ: yag̣firu limañy yashaaaʹu wa-yuʻaẓẓibu mañy yashaaaʹ: wa-kaanal laahu G̣afoorar Raḥeemaa.
আকাশসমূহ আৰু পৃথিৱীৰ সাৰ্বভৌম কৰ্তৃত্ব একমাত্ৰ আল্লাহৰেই, তেওঁ যাক ইচ্ছা কৰে ক্ষমা কৰি দিয়ে আৰু যাক ইচ্ছা কৰে শাস্তি দিয়ে। আল্লাহ অতি ক্ষমাশীল, পৰম দয়ালু।
Verse 48:15
سَیَقُوْلُ الْمُخَلَّفُوْنَ اِذَا انْطَلَقْتُمْ اِلٰی مَغَانِمَ لِتَاْخُذُوْهَا ذَرُوْنَا نَتَّبِعْكُمْ ۚ یُرِیْدُوْنَ اَنْ یُّبَدِّلُوْا كَلٰمَ اللّٰهِ ؕ قُلْ لَّنْ تَتَّبِعُوْنَا كَذٰلِكُمْ قَالَ اللّٰهُ مِنْ قَبْلُ ۚ فَسَیَقُوْلُوْنَ بَلْ تَحْسُدُوْنَنَا ؕ بَلْ كَانُوْا لَا یَفْقَهُوْنَ اِلَّا قَلِیْلًا ۟
Sayaq̣oolul mukhallafoona ʹiẓañ ṭalaq̣tum ʹilaa mag̣aanima litaʹkhuẓoohaa ẓaroonaa nattabiʻkum: yureedoona ʹañy yubaddiloo Kalaamal laah. Q̣ul lañ tattabiʻoonaa kaẓaalikum q̣aalal laahu miñ q̣abl: fasayaq̣ooloona bal taḥsudoonanaa. Bal kaanoo laa- yafq̣ahoona ʹillaa q̣aleelaa.
তোমালোকে যেতিয়া যুদ্ধলব্ধ সম্পদ সংগ্ৰহ কৰিবলৈ যাবা, তেতিয়া যিসকলে পিছ হোঁহকা দিছিল সিহঁতে আহি ক’ব, ‘আমাকো আপোনালোকৰ লগত যাবলৈ অনুমতি দিয়ক’। সিহঁতে আল্লাহৰ বাণী পৰিবৰ্তন কৰিব বিচাৰে। কোৱা, ‘তোমালোকে কোনো মতেই আমাৰ লগত যাব নোৱাৰা। এই ঘোষণা আল্লাহে আগতেই কৰি থৈছে’। সিহঁতে ক’ব, ‘বৰং আপোনালোকে আমাক হিংসা কৰে’। নহয়, দৰাচলতে সিহঁতে অতি সামান্যহে বুজি পায়।
Verse 48:16
قُلْ لِّلْمُخَلَّفِیْنَ مِنَ الْاَعْرَابِ سَتُدْعَوْنَ اِلٰی قَوْمٍ اُولِیْ بَاْسٍ شَدِیْدٍ تُقَاتِلُوْنَهُمْ اَوْ یُسْلِمُوْنَ ۚ فَاِنْ تُطِیْعُوْا یُؤْتِكُمُ اللّٰهُ اَجْرًا حَسَنًا ۚ وَاِنْ تَتَوَلَّوْا كَمَا تَوَلَّیْتُمْ مِّنْ قَبْلُ یُعَذِّبْكُمْ عَذَابًا اَلِیْمًا ۟
Q̣ul lilmukhallafeena minal ʹAʻraabi satudʻawna ʹilaa q̣awmin ʹulee baʹsiñ shadeediñ tuq̣aatiloonahum ʹaw yuslimoon. Faʹiñ tuṭeeʻoo yuʹtikumul laahu ʹajran ḥasanaa: wa-ʹiñ tatawallaw kamaa tawallaytum miñ q̣ablu yuʻaẓẓibkum ʻaẓaaban ʹaleemaa.
পিছ হোঁহকা দিয়া বেদুইনবিলাকক কোৱা, ‘শীঘ্ৰেই তোমালোকক এটা কঠোৰ যুদ্ধা জাতিৰ বিৰুদ্ধে আহ্বান কৰা হ’ব; তোমালোকে সিহঁতৰ বিৰুদ্ধে যুদ্ধ কৰিবা নাইবা সিহঁতে আত্মসমৰ্পণ কৰিব। এতেকে তোমালোকে এই আদেশ পালন কৰিলে আল্লাহে তোমালোকক উত্তম পুৰস্কাৰ দান কৰিব। অন্যথা তোমালোকে যদি আগৰ দৰে পৃষ্ঠ প্ৰদৰ্শন কৰা, তেন্তে তেওঁ তোমালোকক যন্ত্ৰণাদায়ক শাস্তি দিব’।
Verse 48:17
لَیْسَ عَلَی الْاَعْمٰی حَرَجٌ وَّلَا عَلَی الْاَعْرَجِ حَرَجٌ وَّلَا عَلَی الْمَرِیْضِ حَرَجٌ ؕ وَمَنْ یُّطِعِ اللّٰهَ وَرَسُوْلَهٗ یُدْخِلْهُ جَنّٰتٍ تَجْرِیْ مِنْ تَحْتِهَا الْاَنْهٰرُ ۚ وَمَنْ یَّتَوَلَّ یُعَذِّبْهُ عَذَابًا اَلِیْمًا ۟۠
Laysa ʻalal ʹaʻmaa ḥarajuñw walaa ʻalal ʹaʻraji ḥarajuñw walaa ʻalal mareeḍi haraj. Wa-mañy yuṭiʻil laaha wa-Rasoolahoo yudkhilhu Jannaatiñ tajree miñ taḥtihal ʹanhaar; wa-mañy yatawalla yuʻaẓẓibhu ʻaẓaaban ʹaleemaa.
অন্ধৰ বাবে কোনো অপৰাধ নাই, খঞ্জৰ বাবেও কোনো অপৰাধ নাই আৰু অসুস্থ লোকৰ বাবেও কোনো অপৰাধ নাই; আৰু যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰিব, তেওঁ তাক এনেকুৱা জান্নাতত প্ৰৱেশ কৰাব, যাৰ তলত নদীসমূহ প্ৰবাহিত; কিন্তু যিয়ে পৃষ্ঠ প্ৰদৰ্শন কৰিব তেওঁ তাক যন্ত্ৰণাদায়ক শাস্তি দিব।
Verse 48:18
لَقَدْ رَضِیَ اللّٰهُ عَنِ الْمُؤْمِنِیْنَ اِذْ یُبَایِعُوْنَكَ تَحْتَ الشَّجَرَةِ فَعَلِمَ مَا فِیْ قُلُوْبِهِمْ فَاَنْزَلَ السَّكِیْنَةَ عَلَیْهِمْ وَاَثَابَهُمْ فَتْحًا قَرِیْبًا ۟ۙ
Laq̣ad raḍiyal laahu ʻanil Muʹmineena ʹiẓ yubaayiʻoonaka taḥtash Shajarati faʻalima maa- q̣uloobihim fee faʹañzalas Sakeenata ʻalayhim wa-ʹas̤aabahum Fat-ḥañ q̣areebaa;
নিশ্চয় আল্লাহে মুমিনসকলৰ প্ৰতি সন্তুষ্ট হৈছে, যেতিয়া তেওঁলোকে গছৰ তলত তোমাৰ বাইআত গ্ৰহণ কৰিছিল, এতেকে তেওঁলোকৰ অন্তৰত যি আছিল সেই বিষয়ে তেওঁ অৱগত আছিল; ফলত তেওঁলোকৰ ওপৰত তেওঁ প্ৰশান্তি অৱতীৰ্ণ কৰিলে আৰু তেওঁলোকক আসন্ন বিজয়েৰে পুৰস্কৃত কৰিলে;
Verse 48:19
وَّمَغَانِمَ كَثِیْرَةً یَّاْخُذُوْنَهَا ؕ وَكَانَ اللّٰهُ عَزِیْزًا حَكِیْمًا ۟
Wa-mag̣aanima kas̤eeratañy yaʹkhuẓoonahaa: wa-kaanal laahu ʻAzeezan Ḥakeemaa.
লগতে বিপুল পৰিমাণ যুদ্ধলব্ধ সম্পদৰ দ্বাৰা (তেওঁলোকক পুৰস্কৃত কৰিব) যিবোৰ তেওঁলোকে গ্ৰহণ কৰিব; আৰু আল্লাহ প্ৰবল পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
Verse 48:20
وَعَدَكُمُ اللّٰهُ مَغَانِمَ كَثِیْرَةً تَاْخُذُوْنَهَا فَعَجَّلَ لَكُمْ هٰذِهٖ وَكَفَّ اَیْدِیَ النَّاسِ عَنْكُمْ ۚ وَلِتَكُوْنَ اٰیَةً لِّلْمُؤْمِنِیْنَ وَیَهْدِیَكُمْ صِرَاطًا مُّسْتَقِیْمًا ۟ۙ
Waʻadakumul laahu mag̣aanima kas̤eeratañ taʹkhuẓoonahaa faʻajjala lakum haaẓihee wa-kaffa ʹaydiyan naasi ʻañkum; wa-litakoona ʹAayatal lil-Muʹmineena wa-yahdiyakum Ṣiraaṭam Mustaq̣eemaa;
আল্লাহে তোমালোকক প্ৰভূত যুদ্ধলব্ধ সম্পদৰ প্ৰতিশ্ৰুতি দান কৰিছে, যাৰ অধিকাৰী কেৱল তোমালোক হ’বা। লগতে তেওঁ এইটো তোমালোকৰ বাবে ত্বৰান্বিত কৰিছে। তেৱেঁই তোমালোকৰ পৰা মানুহৰ হাত নিবাৰিত কৰিছে, যাতে এইটো মুমিনসকলৰ বাবে এটা নিদৰ্শন হয়, তেৱেঁই তোমালোকক সৰল পথত পৰিচালিত কৰে;
Verse 48:21
وَّاُخْرٰی لَمْ تَقْدِرُوْا عَلَیْهَا قَدْ اَحَاطَ اللّٰهُ بِهَا ؕ وَكَانَ اللّٰهُ عَلٰی كُلِّ شَیْءٍ قَدِیْرًا ۟
Wa-ʹukhraa lam taq̣diroo ʻalayhaa q̣ad ʹaḥaaṭal laahu bihaa: wa-kaanal laahu ʻalaa kulli shayʹiñ Q̣adeeraa.
ইয়াৰ বাহিৰেও আৰু আছে বহু সম্পদ, যিবোৰ এতিয়াও তোমালোকৰ অধিকাৰত অহা নাই, সেইবোৰক আল্লাহেই পৰিবেষ্টন কৰি ৰাখিছে। আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।
Verse 48:22
وَلَوْ قٰتَلَكُمُ الَّذِیْنَ كَفَرُوْا لَوَلَّوُا الْاَدْبَارَ ثُمَّ لَا یَجِدُوْنَ وَلِیًّا وَّلَا نَصِیْرًا ۟
Wa-law q̣aatalakumul laẓeena kafaroo lawallawul ʹadbaara s̤umma laa- yajidoona wa-liyyañwwa laa- naṣeeraa.
আৰু যিসকলে কুফৰী কৰিছে সিহঁতে যদি তোমালোকৰ লগত যুদ্ধ কৰিলেহেঁতেন তেন্তে নিশ্চয় সিহঁতে পৃষ্ট প্ৰদৰ্শন কৰিলেহেঁতেন, তাৰ পিছত সিহঁতে কোনো অভিভাৱক আৰু সহায়কাৰীও নাপালেহেঁতেন।
Verse 48:23
سُنَّةَ اللّٰهِ الَّتِیْ قَدْ خَلَتْ مِنْ قَبْلُ ۖۚ وَلَنْ تَجِدَ لِسُنَّةِ اللّٰهِ تَبْدِیْلًا ۟
Sunnatal laahil latee q̣ad khalat miñ q̣ablu wa-lañ tajida li-Sunnatil laahi tabdeelaa.
এইটোৱে হৈছে আল্লাহৰ বিধান--- যিটো পূৰ্বৰে পৰা চলি আহিছে, তুমি আল্লাহৰ বিধানত কোনো পৰিবৰ্তন নাপাবা।
Verse 48:24
وَهُوَ الَّذِیْ كَفَّ اَیْدِیَهُمْ عَنْكُمْ وَاَیْدِیَكُمْ عَنْهُمْ بِبَطْنِ مَكَّةَ مِنْ بَعْدِ اَنْ اَظْفَرَكُمْ عَلَیْهِمْ ؕ وَكَانَ اللّٰهُ بِمَا تَعْمَلُوْنَ بَصِیْرًا ۟
Wa-Huwal laẓee kaffa ʹaydiyahum ʻañkum wa-ʹaydiyakum ʻanhum bibaṭni Makkata mim baʻdi ʹan ʹaz̤̣farakum ʻalayhim. Wa-kaanal laahu bimaa taʻmaloona Baṣeeraa.
আৰু তেৱেঁই মক্কা উপত্যকাত সিহঁতৰ হাত তোমালোকৰ পৰা আৰু তোমালোকৰ হাত সিহঁতৰ পৰা নিবাৰিত কৰিছিল, সিহঁতৰ ওপৰত তোমালোকক বিজয়ী কৰাৰ পিছত, আৰু তোমালোকে যি কৰা আল্লাহে তাৰ সম্যক দ্ৰষ্টা।
Verse 48:25
هُمُ الَّذِیْنَ كَفَرُوْا وَصَدُّوْكُمْ عَنِ الْمَسْجِدِ الْحَرَامِ وَالْهَدْیَ مَعْكُوْفًا اَنْ یَّبْلُغَ مَحِلَّهٗ ؕ وَلَوْلَا رِجَالٌ مُّؤْمِنُوْنَ وَنِسَآءٌ مُّؤْمِنٰتٌ لَّمْ تَعْلَمُوْهُمْ اَنْ تَطَـُٔوْهُمْ فَتُصِیْبَكُمْ مِّنْهُمْ مَّعَرَّةٌ بِغَیْرِ عِلْمٍ ۚ لِیُدْخِلَ اللّٰهُ فِیْ رَحْمَتِهٖ مَنْ یَّشَآءُ ۚ لَوْ تَزَیَّلُوْا لَعَذَّبْنَا الَّذِیْنَ كَفَرُوْا مِنْهُمْ عَذَابًا اَلِیْمًا ۟
Humul laẓeena kafaroo wa-ṣaddookum ʻanil Masjidil Ḥaraami walhadya maʻkoofan ʹañy yablug̣a maḥillah. Wa-lawlaa rijaalum Muʹminoona wa-nisaaaʹum Muʹminaatul lam taʻlamoohum ʹañ taṭaʹoohum fatuṣeebakum minhum maʻarratum big̣ayri ʻilm, liyudkhilal laahu fee Raḥmatihee mañy yashaaaʹ. Law tazayyaloo laʻaẓẓabnal laẓeena kafaroo minhum ʻaẓaaban ʹaleemaa.
সিহঁতেই কুফৰী কৰিছিল আৰু তোমালোকক বাধা প্ৰদান কৰিছিল মছজিদুল হাৰামৰ পৰা, লগতে বাধা প্ৰদান কৰিছিল কুৰাবানীৰ বাবে আৱদ্ধ পশুবিলাকক যথাস্থানলৈ লৈ যোৱাত। যদি (মক্কাত) মুমিন পুৰুষ আৰু মুমিনা নাৰীসকল নাথাকিলহেঁতেন, যিসকলৰ বিষয়ে তোমালোকে নাজানা যে, তোমালোকে অজ্ঞতাবশতঃ তেওঁলোকক পদদলিত কৰিবা, ফলত তেওঁলোকৰ কাৰণে তোমালোকেই অপৰাধী আৰু দোষী সাব্যস্ত হ’লাহেঁতেন, (তথাপিও তেওঁ যুদ্ধৰ অনুমতি দিলেহেঁতেন, কিন্তু আল্লাহে তোমালোকক তেতিয়া যুদ্ধৰ অনুমতি দিয়া নাছিল) এইকাৰণে যে, আল্লাহে যাক ইচ্ছা কৰে তাক তেওঁ নিজ অনুগ্ৰহত প্ৰৱেশ কৰায়। যদি তেওঁলোক পৃথক হৈ থাকিলহেঁতেন, তেন্তে অৱশ্যে আমি সিহঁতৰ মাজত কাফিৰবিলাকক যন্ত্ৰণাদায়ক শাস্তি প্ৰদান কৰিলোঁহেঁতেন।
Verse 48:26
اِذْ جَعَلَ الَّذِیْنَ كَفَرُوْا فِیْ قُلُوْبِهِمُ الْحَمِیَّةَ حَمِیَّةَ الْجَاهِلِیَّةِ فَاَنْزَلَ اللّٰهُ سَكِیْنَتَهٗ عَلٰی رَسُوْلِهٖ وَعَلَی الْمُؤْمِنِیْنَ وَاَلْزَمَهُمْ كَلِمَةَ التَّقْوٰی وَكَانُوْۤا اَحَقَّ بِهَا وَاَهْلَهَا ؕ وَكَانَ اللّٰهُ بِكُلِّ شَیْءٍ عَلِیْمًا ۟۠
ʹIẓ jaʻalal laẓeena kafaroo fee q̣uloobihimul ḥamiyyata Ḥamiyyatal Jaahiliyyati faʹañzalal laahu Sakeenatahoo ʻalaa Rasoolihee wa-ʻalal Muʹmineena wa-ʹalzamahum kalimatat taq̣waa wa-kanooo ʹaḥaq̣q̣a bihaa wa-ʹahlahaa. Wa-kaanal laahu bikulli shayʹin ʻAleemaa.
যেতিয়া কাফিৰসকলে সিহঁতৰ অন্তৰত গোত্ৰীয় অহমিকা পোষণ কৰিছিল— অজ্ঞতা যুগৰ অহমিকা, তেতিয়া আল্লাহে তেওঁৰ ৰাছুলৰ ওপৰত আৰু মুমিনসকলৰ ওপৰত তেওঁৰ প্ৰশান্তি অৱতীৰ্ণ কৰিলে, আৰু তেওঁলোকক তাক্বৱাৰ কলিমাত সুদৃঢ় কৰিলে, তেওঁলোকেই আছিল ইয়াৰ অধিক যোগ্য আৰু উপযুক্ত; আৰু আল্লাহ সকলো বিষয়ে সৰ্বজ্ঞ।
Verse 48:27
لَقَدْ صَدَقَ اللّٰهُ رَسُوْلَهُ الرُّءْیَا بِالْحَقِّ ۚ لَتَدْخُلُنَّ الْمَسْجِدَ الْحَرَامَ اِنْ شَآءَ اللّٰهُ اٰمِنِیْنَ ۙ مُحَلِّقِیْنَ رُءُوْسَكُمْ وَمُقَصِّرِیْنَ ۙ لَا تَخَافُوْنَ ؕ فَعَلِمَ مَا لَمْ تَعْلَمُوْا فَجَعَلَ مِنْ دُوْنِ ذٰلِكَ فَتْحًا قَرِیْبًا ۟
Laq̣ad ṣadaq̣al laahu Rasoolahur ruʹyaa bilḥaq̣q̣: latadkhulunnal Masjidal Ḥaraama ʹiñ shaaaʹal laahu ʹaamineena muḥalliq̣eena ruʹoosakum wa-muq̣aṣṣireena laa takhaafoon. Faʻalima maa- lam taʻlamoo fajaʻala miñ dooni ẓaalika fatḥañ q̣areebaa.
নিশ্চয় আল্লাহে তেওঁৰ ৰাছুলৰ সপোনক যথাযথভাৱে বাস্তৱায়িত কৰিছে, আল্লাহৰ ইচ্ছাত তোমালোকে নিশ্চিতভাৱে নিৰাপদে মূৰ খুৰোৱাই আৰু চুলি চুটি কৰি নিৰ্ভয়ে মছজিদুল হাৰামত প্ৰৱেশ কৰিবা। এতেকে তোমালোকে যিটো নাজানা সেইটো তেওঁ জানে। সেয়ে ইয়াৰ বাহিৰেও তেওঁ তোমালোকক প্ৰদান কৰিছে এটা সদ্য বিজয়।
Verse 48:28
هُوَ الَّذِیْۤ اَرْسَلَ رَسُوْلَهٗ بِالْهُدٰی وَدِیْنِ الْحَقِّ لِیُظْهِرَهٗ عَلَی الدِّیْنِ كُلِّهٖ ؕ وَكَفٰی بِاللّٰهِ شَهِیْدًا ۟ؕ
Huwal laẓeee ʹarsala Rasoolahoo bil-Hudaa wa-Deenil Ḥaq̣q̣i liyuz̤̣hirahoo ʻalad deeni kullih: wa-kafaa billaahi Shaheedaa.
তেৱেঁই নিজ ৰাছুলক পথনিৰ্দেশ আৰু সত্য দ্বীন সহকাৰে প্ৰেৰণ কৰিছে, আন সকলো দ্বীনৰ ওপৰত ইয়াক জয়যুক্ত কৰিবলৈ; আৰু সাক্ষী হিচাপে আল্লাহেই যথেষ্ট।
Verse 48:29
مُحَمَّدٌ رَّسُوْلُ اللّٰهِ ؕ وَالَّذِیْنَ مَعَهٗۤ اَشِدَّآءُ عَلَی الْكُفَّارِ رُحَمَآءُ بَیْنَهُمْ تَرٰىهُمْ رُكَّعًا سُجَّدًا یَّبْتَغُوْنَ فَضْلًا مِّنَ اللّٰهِ وَرِضْوَانًا ؗ سِیْمَاهُمْ فِیْ وُجُوْهِهِمْ مِّنْ اَثَرِ السُّجُوْدِ ؕ ذٰلِكَ مَثَلُهُمْ فِی التَّوْرٰىةِ ۛۖۚ وَمَثَلُهُمْ فِی الْاِنْجِیْلِ ۛ۫ۚ كَزَرْعٍ اَخْرَجَ شَطْـَٔهٗ فَاٰزَرَهٗ فَاسْتَغْلَظَ فَاسْتَوٰی عَلٰی سُوْقِهٖ یُعْجِبُ الزُّرَّاعَ لِیَغِیْظَ بِهِمُ الْكُفَّارَ ؕ وَعَدَ اللّٰهُ الَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ مِنْهُمْ مَّغْفِرَةً وَّاَجْرًا عَظِیْمًا ۟۠
Muḥammadur Rasoolul laah: wallaẓeena maʻahooo ʹashiddaaaʹu ʻalal kuffaari ruḥamaaaʹu baynahum taraahum rukkaʻañ sujjadañy yabtag̣oona faḍlam minal laahi wa-Riḍwaanaa. Seemaahum fee wujoohihim min ʹas̤aris sujood. Ẓaalika mas̤aluhum fit Tawraati wa-mas̤aluhum fil ʹIñjeel: kazarʻin ʹakhraja shaṭʹahoo faʹaazarahoo fastag̣laz̤̣a fastawaa ʻalaa sooq̣ihee yuʻjibuz zurraaʻa liyag̣eez̤̣a bihimul kuffaar. Waʻadal laahul laẓeena ʹaamanoo wa-ʻamiluṣ ṣaaliḥaati minhum Mag̣firatañw WaʹAjran ʻaz̤̣eemaa.
মুহাম্মদ হৈছে আল্লাহৰ ৰাছুল, আৰু তেওঁৰ সহচৰসকল কাফিৰসকলৰ প্ৰতি অতি কঠোৰ, পৰস্পৰৰ মাজত সহানুভূতিশীল; তুমি তেওঁলোকক ৰুকু আৰু ছাজদাহ অৱনত অৱস্থাত আল্লাহৰ অনুগ্ৰহ আৰু সন্তুষ্টি কামনা কৰা দেখিবলৈ পাবা। তেওঁলোকৰ মুখমণ্ডলত থাকিব ছাজদাৰ চিহ্ন; এইটোৱে হৈছে তাওৰাতত তেওঁলোকৰ দৃষ্টান্ত। ইঞ্জীলত তেওঁলোকৰ দৃষ্টান্ত হৈছে এনেকুৱা এটি গছপুলিৰ দৰে, যিটোৰ পৰা ওলায় কোমল পাত, তাৰ পিছত সেইটো মজবুত হয় আৰু পুষ্ট হয়, লগতে দৃঢ়ভাৱে কাণ্ডৰ ওপৰত থিয় দিয়ে, যিটো খেতিয়কৰ বাবে বৰ আনন্দদায়ক। এইদৰে আল্লাহে মুমিনসকলৰ সমৃদ্ধিৰ দ্বাৰা কাফিৰসকলৰ অন্তৰ্দহন বৃদ্ধি কৰে। যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে আল্লাহে তেওঁলোকক ক্ষমা আৰু মহাপ্ৰতিদানৰ প্ৰতিশ্ৰুতি দিছে।