Home  /  Quran  /  Surah
Loading...
بِسْمِ ٱللَّهِ ٱلرَّحْمَـٰنِ ٱلرَّحِيمِ

Surah Al-Ahqaf

Surah Al-Ahqaf (The Wind-Curved Sandhills) is Surah 46 of the Holy Quran, a Meccan Surah with 35 verses, available here in Assamese.

Surah 46 Meccan 35 verses Assamese

Verse 46:1

حٰمٓ ۟ۚ

Ḥaa-Meeem.

হা-মীম।

Verse 46:2

تَنْزِیْلُ الْكِتٰبِ مِنَ اللّٰهِ الْعَزِیْزِ الْحَكِیْمِ ۟

Tañzeelul Kitaabi minal laahil ʻAzeezil Ḥakeem.

মহাপৰাক্ৰমশালী প্ৰজ্ঞাময় আল্লাহৰ তৰফৰ পৰা এইখন কিতাব অৱতীৰ্ণ হৈছে।

Verse 46:3

مَا خَلَقْنَا السَّمٰوٰتِ وَالْاَرْضَ وَمَا بَیْنَهُمَاۤ اِلَّا بِالْحَقِّ وَاَجَلٍ مُّسَمًّی ؕ وَالَّذِیْنَ كَفَرُوْا عَمَّاۤ اُنْذِرُوْا مُعْرِضُوْنَ ۟

Maa- khalaq̣nas samaawaati wal-ʹarḍa wa-maa baynahumaaa ʹillaa bilḥaq̣q̣i wa-ʹajalim musammaa: wallaẓeena kafaroo ʻammaaa ʹuñẓiroo muʻriḍoon.

আকাশমণ্ডল, পৃথিৱী আৰু এই দুয়োৰে মাজত থকা সকলো বস্তু আমি যথাযথভাৱে আৰু নিৰ্দিষ্ট সময়ৰ বাবে সৃষ্টি কৰিছোঁ; কিন্তু যিসকলে কুফৰী কৰিছে, সিহঁতক যি বিষয়ে সতৰ্ক কৰা হৈছে তাৰ পৰা সিহঁতে বিমুখ হয়।

Verse 46:4

قُلْ اَرَءَیْتُمْ مَّا تَدْعُوْنَ مِنْ دُوْنِ اللّٰهِ اَرُوْنِیْ مَاذَا خَلَقُوْا مِنَ الْاَرْضِ اَمْ لَهُمْ شِرْكٌ فِی السَّمٰوٰتِ ؕ اِیْتُوْنِیْ بِكِتٰبٍ مِّنْ قَبْلِ هٰذَاۤ اَوْ اَثٰرَةٍ مِّنْ عِلْمٍ اِنْ كُنْتُمْ صٰدِقِیْنَ ۟

Q̣ul ʹaraʹaytum maa tadʻoona miñ doonil laahi ʹaroonee maaẓaa khalaq̣oo minal ʹarḍi ʹam lahum shirkuñ fis samaawaat? ʹEetoonee bi-Kitaabim miñ q̣abli haaẓaaa ʹaw ʹas̤aaratim min ʻilmin ʹiñ kuñtum ṣaadiq̣een!

সিহঁতক কোৱা, ‘তোমালোকৰ ধাৰণা কি? তোমালোকে আল্লাহৰ পৰিবৰ্তে যিসকলক আহ্বান কৰা, মোক দেখুৱাচোন সিহঁতে পৃথিৱীত কিবা সৃষ্টি কৰিছে নেকি? অথবা আকাশসমূহত সিহঁতৰ কিবা অৰিহণা আছে নেকি? ইয়াৰ পূৰ্বৱৰ্তী কোনো কিতাবত অথবা পৰম্পৰাগত কোনো জ্ঞান থাকিলে সেয়া তোমালোকে মোৰ ওচৰলৈ লৈ আহা, যদি তোমালোকে সত্যবাদী হোৱা’।

Verse 46:5

وَمَنْ اَضَلُّ مِمَّنْ یَّدْعُوْا مِنْ دُوْنِ اللّٰهِ مَنْ لَّا یَسْتَجِیْبُ لَهٗۤ اِلٰی یَوْمِ الْقِیٰمَةِ وَهُمْ عَنْ دُعَآىِٕهِمْ غٰفِلُوْنَ ۟

Wa-man ʹaḍallu mimmañy yadʻoo miñ doonil laahi mal laa yastajeebu lahooo ʹilaa Yawmil Q̣iyaamati wa-hum ʻañ duʻaaaʹihim g̣aafiloon?

আৰু সেই ব্যক্তিতকৈ অধিক বিভ্ৰান্ত আৰুনো কোন হ’ব পাৰে, যিয়ে আল্লাহৰ পৰিবৰ্তে এনে কিছুমানক আহ্বান কৰে যিবোৰে কিয়ামত দিৱসলৈকে তাৰ আহ্বানত সঁহাৰি দিব নোৱাৰে? আনকি সেইবোৰ সিহঁতৰ আহ্বান সম্পৰ্কেও উদাসীন।

Verse 46:6

وَاِذَا حُشِرَ النَّاسُ كَانُوْا لَهُمْ اَعْدَآءً وَّكَانُوْا بِعِبَادَتِهِمْ كٰفِرِیْنَ ۟

Wa-ʹiẓaa ḥushiran naasu kaanoo lahum ʹaʻdaaaʹañw Wakaanoo biʻibaadatihim kaafireen!

আৰু কিয়ামতৰ দিনা যেতিয়া মানুহক একত্ৰিত কৰা হ’ব তেতিয়া সেই উপাস্যবোৰেই হ’ব সিহঁতৰ শত্ৰু, আৰু সেইবোৰে সিহঁতৰ উপাসনাক অস্বীকাৰ কৰিব।

Verse 46:7

وَاِذَا تُتْلٰی عَلَیْهِمْ اٰیٰتُنَا بَیِّنٰتٍ قَالَ الَّذِیْنَ كَفَرُوْا لِلْحَقِّ لَمَّا جَآءَهُمْ ۙ هٰذَا سِحْرٌ مُّبِیْنٌ ۟ؕ

Wa-ʹiẓaa tutlaa ʻalayhim ʹAayaatunaa Bayyinaatiñ q̣aalal laẓeena kafaroo lil-Ḥaq̣q̣i lammaa jaaaʹahum haaẓaa siḥrum mubeen!

আৰু যেতিয়া সিহঁতৰ ওচৰত আমাৰ সুস্পষ্ট আয়াতসমূহ তিলাৱত কৰা হয়, তেতিয়া যিসকলে কুফৰী কৰিছে সিহঁতৰ ওচৰলৈ সত্য অহাৰ পিছতো সিহঁতে কয়, ‘এয়া দেখোন সুস্পষ্ট যাদু’।

Verse 46:8

اَمْ یَقُوْلُوْنَ افْتَرٰىهُ ؕ قُلْ اِنِ افْتَرَیْتُهٗ فَلَا تَمْلِكُوْنَ لِیْ مِنَ اللّٰهِ شَیْـًٔا ؕ هُوَ اَعْلَمُ بِمَا تُفِیْضُوْنَ فِیْهِ ؕ كَفٰی بِهٖ شَهِیْدًا بَیْنِیْ وَبَیْنَكُمْ ؕ وَهُوَ الْغَفُوْرُ الرَّحِیْمُ ۟

ʹAm yaq̣ooloonaf taraah? Q̣ul ʹinif taraytuhoo falaa tamlikoona lee minal laahi shayʹaa. Huwa ʹaʻlamu bimaa tufeeḍoona feeh! Kafaa bihee Shaheedam baynee wa-baynakum! Wa-Huwal G̣afoorur Raḥeem.

অথবা সিহঁতে কয় যে, ‘এওঁ এইখন নিজেই উদ্ভাৱন কৰিছে’। কোৱা, ‘যদি এইখন মই নিজে উদ্ভাৱন কৰিছোঁ, তেন্তে আল্লাহৰ পৰা মোক বচাবলৈ তোমালোকৰ কোনো ক্ষমতা নাই। তোমালোকে যি বিষয়ে আলোচনাত লিপ্ত হৈছা, সেই বিষয়ে আল্লাহ সবিশেষ অৱগত। মোৰ আৰু তোমালোকৰ মাজত সাক্ষী হিচাপে তেৱেঁই যথেষ্ট আৰু তেওঁ ক্ষমাশীল, পৰম দয়ালু’।

Verse 46:9

قُلْ مَا كُنْتُ بِدْعًا مِّنَ الرُّسُلِ وَمَاۤ اَدْرِیْ مَا یُفْعَلُ بِیْ وَلَا بِكُمْ ؕ اِنْ اَتَّبِعُ اِلَّا مَا یُوْحٰۤی اِلَیَّ وَمَاۤ اَنَا اِلَّا نَذِیْرٌ مُّبِیْنٌ ۟

Q̣ul maa- kuñtu bidʻam minar rusuli wa-maaa ʹadree maa- yufʻalu bee wa-laa bikum. ʹIn ʹattabiʻu ʹillaa maa- yooḥaaa ʹilayya wa-maaa ʹana ʹillaa Naẓeerum mubeen.

কোৱা, ‘মই কোনো নতুন (বা প্ৰথম) ৰাছুল নহয়। মই এই কথাও নাজানো যে, মোৰ আৰু তোমালোকৰ বিষয়ে কি কৰা হ’ব। মই কেৱল মোৰ প্ৰতি যি অহী কৰা হয় সেইটোৰহে অনুসৰণ কৰোঁ। মই এজন সুস্পষ্ট সতৰ্ককাৰী মাত্ৰ’।

Verse 46:10

قُلْ اَرَءَیْتُمْ اِنْ كَانَ مِنْ عِنْدِ اللّٰهِ وَكَفَرْتُمْ بِهٖ وَشَهِدَ شَاهِدٌ مِّنْ بَنِیْۤ اِسْرَآءِیْلَ عَلٰی مِثْلِهٖ فَاٰمَنَ وَاسْتَكْبَرْتُمْ ؕ اِنَّ اللّٰهَ لَا یَهْدِی الْقَوْمَ الظّٰلِمِیْنَ ۟۠

Q̣ul ʹaraaytum ʹiñ kaana min ʻiñdil laahi wa-kafartum̃ bihee wa-shahida shaahidum mim Baneee ʹIsraaaʹeela ʻalaa mis̤lihee faʹaamana wastakbartum? ʹInnal laaha laa- yahdil q̣awmaz̤̣ z̤̣aalimeen.

সিহঁতক কোৱা, ‘তোমালোকে ভাবি দেখিছানে, যদি এই কোৰআনখন আল্লাহৰ তৰফৰ পৰা অৱতীৰ্ণ হৈ থাকে আৰু তোমালোকে ইয়াক অস্বীকাৰ কৰিছা, অথচ বনী ইছৰাঈলৰ এজন সাক্ষীয়ে এই বিষয়ে অনুৰূপ সাক্ষী প্ৰদান কৰি তাৰ প্ৰতি ঈমান আনিছে; কিন্তু তোমালোকে ঔদ্ধত্য প্ৰকাশ কৰিছা, (তেনেহ’লে তোমালোকৰ পৰিণাম কি হ’ব?) নিশ্চয় আল্লাহে যালিম সম্প্ৰদায়ক হিদায়ত নকৰে’।

Verse 46:11

وَقَالَ الَّذِیْنَ كَفَرُوْا لِلَّذِیْنَ اٰمَنُوْا لَوْ كَانَ خَیْرًا مَّا سَبَقُوْنَاۤ اِلَیْهِ ؕ وَاِذْ لَمْ یَهْتَدُوْا بِهٖ فَسَیَقُوْلُوْنَ هٰذَاۤ اِفْكٌ قَدِیْمٌ ۟

Wa-q̣aalal laẓeena kafaroo lillaẓeena ʹaamanoo law kaana khayram maa sabaq̣oonaaa ʹilayh! Wa-ʹiẓ lam yahtadoo bihee fasayaq̣ooloona haaẓaaa ʹifkuñ q̣adeem!

যিসকলে কুফৰী কৰিছে সিহঁতে মুমিনসকলৰ বিষয়ে কয়, ‘ইয়াৰ মাজত কোনো কল্যাণ থাকিলে সিহঁতে কেতিয়াও আমাতকৈ অগ্ৰণী হ’ব নোৱাৰিলেহেঁতেন’। সিহঁতে যিহেতু ইয়াৰ দ্বাৰা হিদায়ত পোৱা নাই সেয়ে সিহঁতে অচিৰেই ক’ব, ‘এয়া এটা প্ৰাচীন মিছা কথাহে’।

Verse 46:12

وَمِنْ قَبْلِهٖ كِتٰبُ مُوْسٰۤی اِمَامًا وَّرَحْمَةً ؕ وَهٰذَا كِتٰبٌ مُّصَدِّقٌ لِّسَانًا عَرَبِیًّا لِّیُنْذِرَ الَّذِیْنَ ظَلَمُوْا ۖۗ وَبُشْرٰی لِلْمُحْسِنِیْنَ ۟ۚ

Wa-miñ q̣ablihee Kitaabu Moosaaa ʹimaamañw Waraḥmah: wa-haaẓaa Kitaabum muṣaddiq̣ul lisaanan ʻArabiyyal liyuñẓiral laẓeena z̤̣alamoo wa-Bushraa lil-Muḥsineen.

ইয়াৰ পূৰ্বে মুছাৰ কিতাব আছিল পথ প্ৰদৰ্শক আৰু ৰহমতস্বৰূপ, আৰু এই কিতাবখন (সেইখনৰে) সমৰ্থক, আৰবী ভাষাত, যাতে ই যালিমসকলক সতৰ্ক কৰে, লগতে ই হৈছে সৎকৰ্মশীলসকলৰ বাবে সুসংবাদ।

Verse 46:13

اِنَّ الَّذِیْنَ قَالُوْا رَبُّنَا اللّٰهُ ثُمَّ اسْتَقَامُوْا فَلَا خَوْفٌ عَلَیْهِمْ وَلَا هُمْ یَحْزَنُوْنَ ۟ۚ

ʹInnal laẓeena q̣aaloo Rabbunal laahu s̤ummas taq̣aamoo falaa khawfun ʻalayhim wa-laa hum yaḥzanoon.

নিশ্চয় যিসকলে কয়, ‘আমাৰ প্ৰতিপালক হৈছে আল্লাহ’, তাৰ পিছত অবিচল থাকে, তেওঁলোকৰ কোনো ভয় নাই আৰু তেওঁলোক চিন্তিতও নহ’ব।

Verse 46:14

اُولٰٓىِٕكَ اَصْحٰبُ الْجَنَّةِ خٰلِدِیْنَ فِیْهَا ۚ جَزَآءً بِمَا كَانُوْا یَعْمَلُوْنَ ۟

ʹUlaaaʹika ʹAṣḥaabul Jannati khaalideena feehaa: jazaaaʹam bimaa kaanoo yaʻmaloon.

তেওঁলোকেই হৈছে জান্নাতৰ অধিবাসী, তেওঁলোকে যি আমল কৰিছিল তাৰ পুৰস্কাৰ হিচাপে তাত তেওঁলোক স্থায়ী হ’ব।

Verse 46:15

وَوَصَّیْنَا الْاِنْسَانَ بِوَالِدَیْهِ اِحْسٰنًا ؕ حَمَلَتْهُ اُمُّهٗ كُرْهًا وَّوَضَعَتْهُ كُرْهًا ؕ وَحَمْلُهٗ وَفِصٰلُهٗ ثَلٰثُوْنَ شَهْرًا ؕ حَتّٰۤی اِذَا بَلَغَ اَشُدَّهٗ وَبَلَغَ اَرْبَعِیْنَ سَنَةً ۙ قَالَ رَبِّ اَوْزِعْنِیْۤ اَنْ اَشْكُرَ نِعْمَتَكَ الَّتِیْۤ اَنْعَمْتَ عَلَیَّ وَعَلٰی وَالِدَیَّ وَاَنْ اَعْمَلَ صَالِحًا تَرْضٰىهُ وَاَصْلِحْ لِیْ فِیْ ذُرِّیَّتِیْ ؕۚ اِنِّیْ تُبْتُ اِلَیْكَ وَاِنِّیْ مِنَ الْمُسْلِمِیْنَ ۟

Wa-waṣṣaynal ʹiñsaana biwaalidayhi ʹiḥsaanaa: ḥamalathu ʹummuhoo kurhañw wawaḍaʻathu kurhaa. Wa-ḥamluhoo wa-fiṣaaluhoo s̤alaas̤oona shahraa. Ḥattaaa ʹiẓaa balag̣a ʹashuddahoo wa-balag̣a ʹarbaʻeena sanatañ q̣aala Rabbi ʹawziʻneee ʹan ʹashkura niʻmatakal lateee ʹanʻamta ʻalayya wa-ʻalaa waalidayya wa-ʹan ʹaʻmala ṣaaliḥañ tarḍaahu wa-ʹaṣliḥ lee fee ẓurriyyatee. ʹInnee tubtu ʹilayka wa-ʹinnee minal Muslimeen.

আৰু আমি মানুহক সিহঁতৰ পিতৃ-মাতৃৰ প্ৰতি সদয় ব্যৱহাৰৰ নিৰ্দেশ প্ৰদান কৰিছোঁ। তাৰ মাকে তাক বহু কষ্টৰে গৰ্ভত ধাৰণ কৰিছিল আৰু বহু কষ্টৰে প্ৰসৱ কৰিছে, তাক গৰ্ভত ধাৰণ কৰা আৰু পিয়াহ খুওৱা এৰুৱাবলৈ লাগিছিল ত্ৰিশ মাহ, অৱশেষত যেতিয়া সি পূৰ্ণ শক্তি প্ৰাপ্ত হয় আৰু চল্লিশ বছৰত উপনীত হয়, তেতিয়া সি কয়, হে মোৰ প্ৰতিপালক! তুমি মোক সামৰ্থ দিয়া, যাতে মই তোমাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিব পাৰোঁ, মোৰ প্ৰতি আৰু মোৰ পিতৃ-মাতৃৰ প্ৰতি তুমি যি অনুগ্ৰহ কৰিছা তাৰ বাবে, লগতে যাতে মই এনেকুৱা সৎকৰ্ম কৰিব পাৰোঁ যিটো তুমি পছন্দ কৰা, আৰু মোৰ বাবে মোৰ সন্তান-সন্ততিসকলক সংশোধন কৰি দিয়া, নিশ্চয় মই তোমাৰেই অভিমুখী হৈছোঁ আৰু নিশ্চয় মই মুছলিমসকলৰ অন্তৰ্ভুক্ত।

Verse 46:16

اُولٰٓىِٕكَ الَّذِیْنَ نَتَقَبَّلُ عَنْهُمْ اَحْسَنَ مَا عَمِلُوْا وَنَتَجَاوَزُ عَنْ سَیِّاٰتِهِمْ فِیْۤ اَصْحٰبِ الْجَنَّةِ ؕ وَعْدَ الصِّدْقِ الَّذِیْ كَانُوْا یُوْعَدُوْنَ ۟

ʹUlaaaʹikal laẓeena nataq̣abbalu ʻanhum ʹaḥsana maa- ʻamiloo wa-natajaawazu ʻañ sayyiʹaatihim feee ʹaṣḥaabil Jannah: waʻdaṣ ṣidq̣il laẓee kaanoo yooʻadoon.

এওঁলোকেই হৈছে সেইসকল লোক, যিসকলৰ উৎকৃষ্ট আমলসমূহ আমি কবুল কৰোঁ, আৰু তেওঁলোকৰ বেয়া আমলসমূহ আমি ক্ষমা কৰি দিওঁ, তেওঁলোকেই জান্নাতবাসীসকলৰ অন্তৰ্ভুক্ত। তেওঁলোকক যিটো প্ৰতিশ্ৰুতি দিয়া হৈছে, সেয়া নিশ্চিতভাৱে সত্য প্ৰমাণিত হ’ব।

Verse 46:17

وَالَّذِیْ قَالَ لِوَالِدَیْهِ اُفٍّ لَّكُمَاۤ اَتَعِدٰنِنِیْۤ اَنْ اُخْرَجَ وَقَدْ خَلَتِ الْقُرُوْنُ مِنْ قَبْلِیْ ۚ وَهُمَا یَسْتَغِیْثٰنِ اللّٰهَ وَیْلَكَ اٰمِنْ ۖۗ اِنَّ وَعْدَ اللّٰهِ حَقٌّ ۖۚ فَیَقُوْلُ مَا هٰذَاۤ اِلَّاۤ اَسَاطِیْرُ الْاَوَّلِیْنَ ۟

Wallaẓee q̣aala liwaalidayhi ʹuffil lakumaaa ʹataʻidaanineee ʹan ʹukhraja wa-q̣ad khalatil q̣uroonu miñ q̣ablee? Wa-humaa yastag̣ees̤aanil laaha waylaka ʹaamin! ʹInna waʻdal laahi ḥaq̣q̣. Fayaq̣oolu maa- haaẓaaa ʹillaaa ʹasaaṭeerul ʹawwaleen!

আৰু যিয়ে তাৰ পিতৃ-মাতৃক কয়, ‘আফচোচ তোমালোকৰ বাবে! তোমালোকে মোক এই প্ৰতিশ্ৰুতি দিয়া নেকি যে, মোক পুনৰুত্থিত কৰা হ’ব, অথচ মোৰ পূৰ্বে বহু প্ৰজন্ম অতীত হৈছে’? তেতিয়া তাৰ পিতৃ-মাতৃয়ে আল্লাহৰ ওচৰত সহায় প্ৰাৰ্থনা কৰে, আৰু তাক কয়, ‘দুৰ্ভাগ্য তোৰ! ঈমান পোষণ কৰ, নিশ্চয় আল্লাহৰ প্ৰতিশ্ৰুতি সত্য’। তেতিয়া সি কয়, ‘এয়া অতীত কালৰ উপকথাৰ বাহিৰে আন একো নহয়’।

Verse 46:18

اُولٰٓىِٕكَ الَّذِیْنَ حَقَّ عَلَیْهِمُ الْقَوْلُ فِیْۤ اُمَمٍ قَدْ خَلَتْ مِنْ قَبْلِهِمْ مِّنَ الْجِنِّ وَالْاِنْسِ ؕ اِنَّهُمْ كَانُوْا خٰسِرِیْنَ ۟

ʹUlaaaʹikal laẓeena ḥaq̣q̣a ʻalayhimul Q̣awlu feee ʹumamiñ q̣ad khalat miñ q̣ablihim minal jinni wal-ʹiñs: ʹinnahum kaanoo khaasireen.

ইহঁতেই হৈছে সেইসকল লোক, যিসকলৰ প্ৰতি শাস্তিৰ সেই ফয়চালা সাব্যস্ত হৈছে, যিটো সত্য প্ৰমাণিত হৈছিল সিহঁতৰ পূৰ্বে জিন আৰু মানৱৰ পৰা অতিবাহিত হোৱা উম্মতৰ ওপৰত। নিশ্চয় সিহঁত আছিল ক্ষতিগ্ৰস্ত।

Verse 46:19

وَلِكُلٍّ دَرَجٰتٌ مِّمَّا عَمِلُوْا ۚ وَلِیُوَفِّیَهُمْ اَعْمَالَهُمْ وَهُمْ لَا یُظْلَمُوْنَ ۟

Wa-likulliñ darajaatum mimmaa ʻamiloo, wa-liyuwaf-fiyahum ʹaʻmaalahum Wahum laa- yuz̤̣lamoon.

আৰু প্ৰত্যেকৰে বাবে সিহঁতৰ আমল অনুসাৰে মৰ্যাদা আছে; যাতে আল্লাহে প্ৰত্যেকৰে কৰ্মৰ পূৰ্ণ প্ৰতিফল প্ৰদান কৰে। লগতে সিহঁতৰ প্ৰতি অকণো অন্যায় কৰা নহ’ব।

Verse 46:20

وَیَوْمَ یُعْرَضُ الَّذِیْنَ كَفَرُوْا عَلَی النَّارِ ؕ اَذْهَبْتُمْ طَیِّبٰتِكُمْ فِیْ حَیَاتِكُمُ الدُّنْیَا وَاسْتَمْتَعْتُمْ بِهَا ۚ فَالْیَوْمَ تُجْزَوْنَ عَذَابَ الْهُوْنِ بِمَا كُنْتُمْ تَسْتَكْبِرُوْنَ فِی الْاَرْضِ بِغَیْرِ الْحَقِّ وَبِمَا كُنْتُمْ تَفْسُقُوْنَ ۟۠

Wa-Yawma yuʻraḍul laẓeena kafaroo ʻalan Naar. ʹAẓhabtum ṭayyibaatikum fee ḥayaatikumud dunyaa wastamtaʻtum̃ bihaa: fal-Yawma tujzawna ʻaẓaabal hooni bimaa kuñtum tastakbiroona fil ʹarḍi big̣ayril ḥaq̣q̣i wa-bimaa kuñtum tafsuq̣oon.

আৰু যিসকলে কুফৰী কৰিছে যিদিনা সিহঁতক জাহান্নামৰ সন্মুখত পেচ কৰা হ’ব (সেইদিনা সিহঁতক কোৱা হ’ব) তোমালোকে তোমালোকৰ পাৰ্থিৱ জীৱনতেই যাৱতীয় সুখ-শান্তি ভোগ কৰি নিঃশেষ কৰিছা। এতেকে আজি তোমালোকক দিয়া হ’ব অৱমাননাকৰ শাস্তি; কাৰণ তোমালোকে পৃথিৱীত অন্যায়ভাৱে ঔদ্ধত্য প্ৰকাশ কৰিছিলা আৰু তোমালোকে অবাধ্যতা কৰিছিলা।

Verse 46:21

وَاذْكُرْ اَخَا عَادٍ ؕ اِذْ اَنْذَرَ قَوْمَهٗ بِالْاَحْقَافِ وَقَدْ خَلَتِ النُّذُرُ مِنْ بَیْنِ یَدَیْهِ وَمِنْ خَلْفِهٖۤ اَلَّا تَعْبُدُوْۤا اِلَّا اللّٰهَ ؕ اِنِّیْۤ اَخَافُ عَلَیْكُمْ عَذَابَ یَوْمٍ عَظِیْمٍ ۟

Waẓkur ʹAkhaa ʻAad: ʹIẓ ʹañẓara q̣awmahoo bil-ʹAḤQ̣AAFI wa-q̣ad khalatin nuẓuru mim bayni yadayhi wa-min khalfiheee ʹallaa taʻbudooo ʹillal laah: ʹinneee ʹakhaafu ʻalaykum ʻaẓaaba Yawmin ʻaz̤̣eem.

আৰু স্মৰণ কৰা আদ সম্প্ৰদায়ৰ ভাতৃৰ কথা, যেতিয়া তেওঁ আহক্বাফত নিজ সম্প্ৰদায়ক সতৰ্ক কৰিছিল। যাৰ আগত আৰু পিছতো সতৰ্ককাৰী আহিছিল (এই নিৰ্দেশ লৈ) যে, ‘তোমালোকে একমাত্ৰ আল্লাহৰ বাহিৰে আন কাৰো ইবাদত নকৰিবা। নিশ্চয় মই তোমালোকৰ বাবে মহাদিৱসৰ শাস্তিৰ আশংকা কৰিছোঁ’।

Verse 46:22

قَالُوْۤا اَجِئْتَنَا لِتَاْفِكَنَا عَنْ اٰلِهَتِنَا ۚ فَاْتِنَا بِمَا تَعِدُنَاۤ اِنْ كُنْتَ مِنَ الصّٰدِقِیْنَ ۟

Q̣aalooo ʹajiʹtanaa litaʹfikanaa ʻan ʹaalihatinaa? Faʹtinaa bimaa taʻidunaaa ʹiñ kuñta minaṣ ṣaadiq̣een!

সিহঁতে ক’লে, ‘তুমি আমাক আমাৰ উপাস্যবোৰৰ পৰা নিবৃত্ত কৰিবলৈ আহিছা নেকি? অন্যথা তুমি যদি সত্যবাদীসকলৰ অন্তৰ্ভুক্ত হৈ থকা তেন্তে আমাৰ লগত তুমি যি প্ৰতিশ্ৰুতি কৰিছা সেয়া লৈ আহা’।

Verse 46:23

قَالَ اِنَّمَا الْعِلْمُ عِنْدَ اللّٰهِ ۖؗ وَاُبَلِّغُكُمْ مَّاۤ اُرْسِلْتُ بِهٖ وَلٰكِنِّیْۤ اَرٰىكُمْ قَوْمًا تَجْهَلُوْنَ ۟

Q̣aala ʹinnamal ʻilmu ʻiñdal laah: wa-ʹuballig̣ukum maaa ʹursiltu bihee wa-laakinneee ʹaraakum q̣awmañ tajhaloon!

তেওঁ ক’লে, ‘এই জ্ঞান কেৱল আল্লাহৰ ওচৰতহে আছে। মই যিটো লৈ প্ৰেৰিত হৈছোঁ কেৱল সেইটোহে মই তোমালোকৰ ওচৰত প্ৰচাৰ কৰোঁ, কিন্তু মই দেখি আছোঁ তোমালোক এটা মুৰ্খ সম্প্ৰদায়’।

Verse 46:24

فَلَمَّا رَاَوْهُ عَارِضًا مُّسْتَقْبِلَ اَوْدِیَتِهِمْ ۙ قَالُوْا هٰذَا عَارِضٌ مُّمْطِرُنَا ؕ بَلْ هُوَ مَا اسْتَعْجَلْتُمْ بِهٖ ؕ رِیْحٌ فِیْهَا عَذَابٌ اَلِیْمٌ ۟ۙ

falammaa raʹawhu ʻaariḍam mustaq̣bila ʹawdiyatihim q̣aaloo haaẓaa ʻaariḍum mumṭirunaa! Bal huwa mas taʻjaltum̃ bih! reeḥuñ feehaa ʻAẓaabun ʹaleem!

তাৰ পিছত যেতিয়া সিহঁতে সিহঁতৰ উপত্যকাৰ পিনে মেঘ অহা দেখিলে তেতিয়া সিহঁতে ক’বলৈ ধৰিলে, ‘এই মেঘে আমাৰ ইয়াত বৰষুণ দিব’। (হূদে ক’লে) নহয়, বৰং এইটোৱে হৈছে সেই শাস্তি যিটোৰ বাবে তোমালোকে খৰধৰ কৰিছিলা, এজাক বৰষুণ, য’ত আছে যন্ত্ৰণাদায়ক শাস্তি।

Verse 46:25

تُدَمِّرُ كُلَّ شَیْءٍ بِاَمْرِ رَبِّهَا فَاَصْبَحُوْا لَا یُرٰۤی اِلَّا مَسٰكِنُهُمْ ؕ كَذٰلِكَ نَجْزِی الْقَوْمَ الْمُجْرِمِیْنَ ۟

Tudammiru kulla shayʹim biʹamri Rabbihaa faʹaṣbaḥoo laa- yuraaa ʹillaa masaakinuhum! Kaẓaalika najzil q̣awmal mujrimeen!

‘ই তাৰ প্ৰতিপালকৰ নিৰ্দেশত সকলো বস্তু ধ্বংস কৰি দিব’। ফলত সিহঁত এনেকৈ (ধ্বংস) হৈ গ’ল যে, সিহঁতৰ আবাসস্থলৰ বাহিৰে আন একো দৃশ্যমান নাছিল। এইদৰেই আমি অপৰাধী সম্প্ৰদায়ক প্ৰতিফল প্ৰদান কৰি থাকোঁ।

Verse 46:26

وَلَقَدْ مَكَّنّٰهُمْ فِیْمَاۤ اِنْ مَّكَّنّٰكُمْ فِیْهِ وَجَعَلْنَا لَهُمْ سَمْعًا وَّاَبْصَارًا وَّاَفْـِٕدَةً ۖؗ فَمَاۤ اَغْنٰی عَنْهُمْ سَمْعُهُمْ وَلَاۤ اَبْصَارُهُمْ وَلَاۤ اَفْـِٕدَتُهُمْ مِّنْ شَیْءٍ اِذْ كَانُوْا یَجْحَدُوْنَ ۙ بِاٰیٰتِ اللّٰهِ وَحَاقَ بِهِمْ مَّا كَانُوْا بِهٖ یَسْتَهْزِءُوْنَ ۟۠

Wa-laq̣ad makkannaahum feemaaa ʹim makkannaakum feehi wa-jaʻalnaa lahum samʻañw waʹabṣaarañw waʹafʹidah: famaaa ʹag̣naa ʻanhum samʻuhum wa-laaa ʹabṣaaruhum wa-laaa ʹafʹidatuhum miñ shayʹin ʹiẓ kaanoo yajḥadoona biʹAayaatil laahi wa-ḥaaq̣a bihim maa kaanoo bihee yastahziʹoon!

নিশ্চয় আমি সিহঁতক যেনেকৈ প্ৰতিষ্ঠিত কৰিছিলোঁ, তোমালোকক তেনেকৈ প্ৰতিষ্ঠিত কৰা নাই; আৰু আমি সিহঁতক দিছিলোঁ কাণ, চকু আৰু হৃদয়; তথাপিও সিহঁতৰ কাণ, চকু আৰু হৃদয় কোনো কামত অহা নাছিল, যেতিয়া সিহঁতে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিছিল। যিটো বিষয়কলৈ সিহঁতে ঠাট্টা-বিদ্ৰূপ কৰিছিল, অৱশেষত সেইটোৱেই সিহঁতক পৰিবেষ্টন কৰিলে।

Verse 46:27

وَلَقَدْ اَهْلَكْنَا مَا حَوْلَكُمْ مِّنَ الْقُرٰی وَصَرَّفْنَا الْاٰیٰتِ لَعَلَّهُمْ یَرْجِعُوْنَ ۟

Wa-laq̣ad ʹahlaknaa maa- ḥawlakum minal q̣uraa wa-ṣarrafnal ʹAayaati laʻallahum yarjiʻoon.

নিশ্চয় আমি ধ্বংস কৰিছিলোঁ তোমালোকৰ চাৰিওফালে থকা জনপদমূহক; আৰু আমি বিভিন্নভাৱে আয়াতসমূহ বিবৃত কৰিছিলোঁ, যাতে সিহঁতে (সৎপথলৈ) উভতি আহে।

Verse 46:28

فَلَوْلَا نَصَرَهُمُ الَّذِیْنَ اتَّخَذُوْا مِنْ دُوْنِ اللّٰهِ قُرْبَانًا اٰلِهَةً ؕ بَلْ ضَلُّوْا عَنْهُمْ ۚ وَذٰلِكَ اِفْكُهُمْ وَمَا كَانُوْا یَفْتَرُوْنَ ۟

Falawlaa naṣarahumul laẓeenat takhaẓoo miñ doonil laahi q̣urbaanan ʹaalihah? Bal ḍalloo ʻanhum: wa-ẓaalika ʹifkuhum wa-maa kaanoo yaftaroon.

এতেকে যিসকলে আল্লাহৰ সান্নিধ্য লাভ কৰাৰ বাবে আল্লাহৰ পৰিবৰ্তে যিবোৰক উপাস্যৰূপে গ্ৰহণ কৰিছিল সেইবোৰে সিহঁতক সহায় নকৰিলে কিয়? বৰং সেইবোৰ সিহঁতৰ পৰা উধাও হৈ গ’ল, কাৰণ এইটো আছিল সিহঁতৰ মনেসজা মিছা প্ৰতাৰণা; যিটো সিহঁতে অলীক উদ্ভাৱন কৰিছিল।

Verse 46:29

وَاِذْ صَرَفْنَاۤ اِلَیْكَ نَفَرًا مِّنَ الْجِنِّ یَسْتَمِعُوْنَ الْقُرْاٰنَ ۚ فَلَمَّا حَضَرُوْهُ قَالُوْۤا اَنْصِتُوْا ۚ فَلَمَّا قُضِیَ وَلَّوْا اِلٰی قَوْمِهِمْ مُّنْذِرِیْنَ ۟

Wa-ʹiẓ ṣarafnaaa ʹilayka nafaram minal Jinni yastamiʻoonal Q̣urʹaan. Falammaa ḥaḍaroohu q̣aalooo ʹañṣitoo! Falammaa q̣uḍiya wallaw ʹilaa q̣awmihim muñẓireen.

আৰু স্মৰণ কৰা, যেতিয়া আমি তোমাৰ ফালে জিনৰ এটা দল আনিছিলোঁ। যিসকলে মনোযোগ সহকাৰে কোৰআন পাঠ শুনি আছিল। এতেকে যেতিয়া তেওঁলোকে তেওঁৰ ওচৰত আহি উপস্থিত হৈছিল, তেতিয়া তেওঁলোকে পৰস্পৰে কৈছিল, ‘মনে মনে শুনা’। তাৰ পিছত যেতিয়া কোৰআন পাঠ সমাপ্ত হ’ল তেতিয়া তেওঁলোকে সতৰ্ককাৰীৰূপে নিজ নিজ সম্প্ৰদায়ৰ ওচৰলৈ উভতি গ’ল।

Verse 46:30

قَالُوْا یٰقَوْمَنَاۤ اِنَّا سَمِعْنَا كِتٰبًا اُنْزِلَ مِنْ بَعْدِ مُوْسٰی مُصَدِّقًا لِّمَا بَیْنَ یَدَیْهِ یَهْدِیْۤ اِلَی الْحَقِّ وَاِلٰی طَرِیْقٍ مُّسْتَقِیْمٍ ۟

Q̣aaloo yaa-q̣awmanaaa ʹinnaa samiʻnaa Kitaaban ʹuñzila mim baʻdi Moosaa muṣaddiq̣al limaa bayna yadayhi yahdeee ʹilal Ḥaq̣q̣i wa-ʹilaa Ṭareeq̣im Mustaq̣eem.

তেওঁলোকে কৈছিল, ‘হে আমাৰ সম্প্ৰদায়! নিশ্চয় আমি এনে এখন গ্ৰন্থৰ পাঠ শুনিছোঁ যিখন অৱতীৰ্ণ হৈছে মুছাৰ পিছত, এই গ্ৰন্থখনে ইয়াৰ পূৰ্বৱৰ্তী কিতাবসমূহক সত্যায়ন কৰে, লগতে সত্য আৰু সৰল পথৰ পিনে হিদায়ত কৰে।

Verse 46:31

یٰقَوْمَنَاۤ اَجِیْبُوْا دَاعِیَ اللّٰهِ وَاٰمِنُوْا بِهٖ یَغْفِرْ لَكُمْ مِّنْ ذُنُوْبِكُمْ وَیُجِرْكُمْ مِّنْ عَذَابٍ اَلِیْمٍ ۟

Yaa-q̣awmanaaa ʹajeeboo Daaʻiyal laahi wa-ʹaaminoo bihee yag̣fir lakum miñ ẓunoobikum wa-yujirkum min ʻAẓaabin ʹaleem.

‘হে আমাৰ সম্প্ৰদায়! আল্লাহৰ ফালে আহ্বানকাৰীৰ প্ৰতি সঁহাৰি দিয়া আৰু তেওঁৰ প্ৰতি ঈমান পোষণ কৰা, তেওঁ তোমালোকৰ পাপসমূহ ক্ষমা কৰি দিব আৰু যন্ত্ৰণাদায়ক শাস্তিৰ পৰা তোমালোকক ৰক্ষা কৰিব’।

Verse 46:32

وَمَنْ لَّا یُجِبْ دَاعِیَ اللّٰهِ فَلَیْسَ بِمُعْجِزٍ فِی الْاَرْضِ وَلَیْسَ لَهٗ مِنْ دُوْنِهٖۤ اَوْلِیَآءُ ؕ اُولٰٓىِٕكَ فِیْ ضَلٰلٍ مُّبِیْنٍ ۟

Wa-mal laa yujib Daaʻiyal laahi falaysa bimuʻjiziñ fil ʹarḍi wa-laysa lahoo miñ dooniheee ʹawliyaaaʹ: ʹulaaaʹika fee ḍalaalim mubeen.

আৰু আল্লাহৰ ফালে আহ্বানকাৰীৰ প্ৰতি যিয়ে সঁহাৰি নিদিয়ে (মনত ৰখা উচিত) সি কিন্তু পৃথিৱীত আল্লাহক অপাৰগ কৰিব নোৱাৰিব; আৰু আল্লাহৰ বাহিৰে তাৰ কোনো অভিভাৱকো নাই। সিহঁতেই আছে সুস্পষ্ট বিভ্ৰান্তিৰ মাজত।

Verse 46:33

اَوَلَمْ یَرَوْا اَنَّ اللّٰهَ الَّذِیْ خَلَقَ السَّمٰوٰتِ وَالْاَرْضَ وَلَمْ یَعْیَ بِخَلْقِهِنَّ بِقٰدِرٍ عَلٰۤی اَنْ یُّحْیِ الْمَوْتٰی ؕ بَلٰۤی اِنَّهٗ عَلٰی كُلِّ شَیْءٍ قَدِیْرٌ ۟

ʹAwalam yaraw ʹannal laahal laẓee khalaq̣as samaawaati wal-ʹarḍa wa-lam yaʻya bikhalq̣ihinna biq̣aadirin ʻalaaa ʹañy yuḥyiyal mawtaa? Balaaa ʹinnahoo ʻalaa kulli shayʹiñ Q̣adeer.

সিহঁতে দেখা নাইনে যে, নিশ্চয় আল্লাহ, যিজনে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে আৰু এইবোৰৰ সৃষ্টিত তেওঁ কোনো ক্লান্তিবোধ কৰা নাই, তেৱেঁই মৃতক জীৱন দান কৰিবলৈ সক্ষম? নিশ্চয় হয়, নিশ্চয় তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।

Verse 46:34

وَیَوْمَ یُعْرَضُ الَّذِیْنَ كَفَرُوْا عَلَی النَّارِ ؕ اَلَیْسَ هٰذَا بِالْحَقِّ ؕ قَالُوْا بَلٰی وَرَبِّنَا ؕ قَالَ فَذُوْقُوا الْعَذَابَ بِمَا كُنْتُمْ تَكْفُرُوْنَ ۟

Wa-Yawma yuʻraḍul laẓeena kafaroo ʻalan Naar; ʹalaysa haaẓaa bil-Ḥaq̣q̣? Q̣aaloo balaa wa-Rabbinaa! Q̣aala faẓooq̣ul ʻaẓaaba bimaa kuñtum takfuroon!

আৰু যিসকলে কুফৰী কৰিছে যিদিনা সিহঁতক জাহান্নামৰ সন্মুখত উপস্থিত কৰা হ’ব (সেইদিনা সিহঁতক কোৱা হ’ব) ‘এইটো সঁচা নহয়নে’? সিহঁতে ক’ব, ‘আমাৰ প্ৰতিপালকৰ শপত! নিশ্চয় সঁচা’। তেওঁ ক’ব, ‘তেন্তে শাস্তি ভোগ কৰা; কাৰণ তোমালোকে কুফৰী কৰিছিলা’।

Verse 46:35

فَاصْبِرْ كَمَا صَبَرَ اُولُوا الْعَزْمِ مِنَ الرُّسُلِ وَلَا تَسْتَعْجِلْ لَّهُمْ ؕ كَاَنَّهُمْ یَوْمَ یَرَوْنَ مَا یُوْعَدُوْنَ ۙ لَمْ یَلْبَثُوْۤا اِلَّا سَاعَةً مِّنْ نَّهَارٍ ؕ بَلٰغٌ ۚ فَهَلْ یُهْلَكُ اِلَّا الْقَوْمُ الْفٰسِقُوْنَ ۟۠

Faṣbir kamaa ṣabara ʹulul ʻazmi minar rusuli wa-laa tastaʻjil lahum. Kaʹannahum Yawma yarawna maa- yooʻadoona lam yalbas̤ooo ʹillaa saaʻatam min nahaar. Balaag̣uñ fahal yuhlaku ʹillal q̣awmul faasiq̣oon.

এতেকে তুমি ধৈৰ্য্য ধাৰণ কৰা যেনেকৈ ধৈৰ্য্য ধাৰণ কৰিছিল দৃঢ়প্ৰতিজ্ঞ ৰাছুলসকলে। তুমি সিহঁতৰ বাবে খৰখেদা নকৰিবা। সিহঁতক যি বিষয়ে সতৰ্ক কৰা হৈছে সেইটোক যিদিনা সিহঁতে দেখিবলৈ পাব, সেইদিনা সিহঁতৰ ধাৰণা হ’ব, সিহঁতে যেনিবা পৃথিৱীত এটা মুহূৰ্তৰ বেছি সময় অৱস্থান কৰা নাছিল। এইটো হৈছে এটা ঘোষণা, এতেকে কেৱল ফাছিক্ব সম্প্ৰদায়কেই ধ্বংস কৰা হ’ব।