-
1
قَدْ أَفْلَحَ ٱلْمُؤْمِنُونَ
Q̣ad ʹaflaḥal muʹminoon,
নিশ্চয় মুমিনসকল সফল হৈছে,
-
2
ٱلَّذِينَ هُمْ فِى صَلَاتِهِمْ خَـٰشِعُونَ
ʹAllaẓeena hum fee Ṣalaatihim khaashiʻoon;
যিসকল নিজৰ চালাতৰ ক্ষেত্ৰত ভীতি-অৱনত,
-
3
وَٱلَّذِينَ هُمْ عَنِ ٱللَّغْوِ مُعْرِضُونَ
Wallaẓeena hum ʻanil lag̣wi muʻriḍoon;
আৰু যিসকল অসাৰ কথা-বতৰাৰ পৰা বিমুখ,
-
4
وَٱلَّذِينَ هُمْ لِلزَّكَوٰةِ فَـٰعِلُونَ
Wallaẓeena hum liz-Zakaati faaʻiloon;
আৰু যিসকল যাকাতৰ ক্ষেত্ৰত সক্ৰিয়,
-
5
وَٱلَّذِينَ هُمْ لِفُرُوجِهِمْ حَـٰفِظُونَ
Wallaẓeena hum lifuroojihim ḥaafiz̤̣oon,
আৰু যিসকল নিজৰ যৌনাঙ্গসমূহৰ হিফাজতকাৰী,
-
6
إِلَّا عَلَىٰٓ أَزْوَٰجِهِمْ أَوْ مَا مَلَكَتْ أَيْمَـٰنُهُمْ فَإِنَّهُمْ غَيْرُ مَلُومِينَ
ʹIllaa ʻalaaa ʹazwaajihim ʹaw maa- malakat ʹaymaanuhum faʹinnahum g̣ayru maloomeen.
কিন্তু তেওঁলোকৰ পত্নী অথবা অধিকাৰভুক্ত দাসীৰ বাহিৰে, এনে ক্ষেত্ৰত তেওঁলোক নিন্দনীয় নহ’ব--
-
7
فَمَنِ ٱبْتَغَىٰ وَرَآءَ ذَٰلِكَ فَأُو۟لَـٰٓئِكَ هُمُ ٱلْعَادُونَ
Famanib tag̣aa waraaaʹa ẓaalika faʹulaaaʹika humul ʻaadoon;
কিন্তু যিসকলে ইয়াৰ বাহিৰে আনক কামনা কৰে, সিহঁতেই হৈছে সীমালঙ্ঘনকাৰী।
-
8
وَٱلَّذِينَ هُمْ لِأَمَـٰنَـٰتِهِمْ وَعَهْدِهِمْ رَٰعُونَ
Wallaẓeena hum liʹamaanaatihim wa-ʻahdihim raaʻoon;
আৰু যিসকলে নিজৰ আমানত আৰু প্ৰতিশ্ৰুতি ৰক্ষা কৰে,
-
9
وَٱلَّذِينَ هُمْ عَلَىٰ صَلَوَٰتِهِمْ يُحَافِظُونَ
wallaẓeena hum ʻalaa Ṣalawaatihim yuḥaafiz̤̣oon.
আৰু যিসকলে নিজৰ চালাতত থাকে যত্নৱান,
-
10
أُو۟لَـٰٓئِكَ هُمُ ٱلْوَٰرِثُونَ
ʹUlaaaʹika humul waaris̤oon,
তেওঁলোকেই হ’ব উত্তৰাধিকাৰী--
-
11
ٱلَّذِينَ يَرِثُونَ ٱلْفِرْدَوْسَ هُمْ فِيهَا خَـٰلِدُونَ
ʹAllaẓeena yaris̤oonal Firdaws: hum feehaa khaalidoon.
তেওঁলোকে উত্তৰাধিকাৰী হ’ব ফিৰদাউছৰ, য’ত তেওঁলোক স্থায়ী হ’ব।
-
12
وَلَقَدْ خَلَقْنَا ٱلْإِنسَـٰنَ مِن سُلَـٰلَةٍ مِّن طِينٍ
Wa-laq̣ad khalaq̣nal ʹiñsaana miñ sulaalatim miñ ṭeen;
নিশ্চয় আমি মানুহক সৃষ্টি কৰিছোঁ মাটিৰ উপাদানৰ পৰা,
-
13
ثُمَّ جَعَلْنَـٰهُ نُطْفَةً فِى قَرَارٍ مَّكِينٍ
S̤umma jaʻalnaahu nuṭfatañ fee q̣araarim makeen;
তাৰ পিছত আমি তাক স্থাপন কৰোঁ শুক্ৰবিন্দুৰূপে এটা নিৰাপদ ভাণ্ডাৰত (জৰায়ুত);
-
14
ثُمَّ خَلَقْنَا ٱلنُّطْفَةَ عَلَقَةً فَخَلَقْنَا ٱلْعَلَقَةَ مُضْغَةً فَخَلَقْنَا ٱلْمُضْغَةَ عِظَـٰمًا فَكَسَوْنَا ٱلْعِظَـٰمَ لَحْمًا ثُمَّ أَنشَأْنَـٰهُ خَلْقًا ءَاخَرَ ۚ فَتَبَارَكَ ٱللَّهُ أَحْسَنُ ٱلْخَـٰلِقِينَ
S̤umma khalaq̣nan nuṭfata ʻalaq̣atañ fakhalaq̣nal ʻalaq̣ata muḍg̣atañ fakhalaq̣nal muḍg̣ata ʻiz̤̣aamañ fakasawnal ʻiz̤̣aama laḥmaa; s̤umma ʹañshaʹnaahu khalq̣an ʹaakhar. Fatabaarakal laahu ʹAḥsanul khaaliq̣een!
তাৰ পিছত আমি শুক্ৰবিন্দুক আলাকাত পৰিণত কৰোঁ, পিছত আলাকাক পৰিণত কৰোঁ মাংসপিণ্ডত, মাংসপিণ্ডক পৰিণত কৰোঁ অস্থিত, তাৰ পিছত অস্থিক ঢাকি দিওঁ মাংসৰে, অৱশেষত আমি তাক গঢ়ি তোলোঁ আন এটা সৃষ্টিৰূপে। এতেকে (চোৱা) সৰ্বোত্তম স্ৰষ্টা আল্লাহ কিমান বৰকতময়!
-
15
ثُمَّ إِنَّكُم بَعْدَ ذَٰلِكَ لَمَيِّتُونَ
S̤umma ʹinnakum baʻda ẓaalika lamayyitoon.
ইয়াৰ পিছত নিশ্চয় তোমালোকে মৃত্যুবৰণ কৰিবা,
-
16
ثُمَّ إِنَّكُمْ يَوْمَ ٱلْقِيَـٰمَةِ تُبْعَثُونَ
S̤umma ʹinnakum Yawmal Q̣iyaamati tubʻas̤oon.
তাৰ পিছত কিয়ামতৰ দিনা তোমালোকক নিশ্চয় উত্থিত কৰা হ’ব।
-
17
وَلَقَدْ خَلَقْنَا فَوْقَكُمْ سَبْعَ طَرَآئِقَ وَمَا كُنَّا عَنِ ٱلْخَلْقِ غَـٰفِلِينَ
Wa-laq̣ad khalaq̣naa fawq̣akum sabʻa ṭaraaaʹiq̣a wa-maa kunnaa ʻanil khalq̣i g̣aafileen.
আৰু নিশ্চয় আমি তোমালোকৰ ওপৰত সৃষ্টি কৰিছোঁ সাতখন আকাশ আৰু আমি সৃষ্টি সম্পৰ্কে কদাপিও উদাসীন নহয়,
-
18
وَأَنزَلْنَا مِنَ ٱلسَّمَآءِ مَآءًۢ بِقَدَرٍ فَأَسْكَنَّـٰهُ فِى ٱلْأَرْضِ ۖ وَإِنَّا عَلَىٰ ذَهَابٍۭ بِهِۦ لَقَـٰدِرُونَ
Wa-ʹañzalnaa minas samaaaʹi maaaʹam biq̣adariñ faʹaskannaahu fil ʹarḍi wa-ʹInnaa ʻalaa ẓahaabim bihee la-Q̣aadiroon.
আৰু আমি আকাশৰ পৰা পানী বৰ্ষণ কৰোঁ পৰিমিতভাৱে, ফলত সেয়া আমি মাটিত সংৰক্ষিত কৰোঁ, আৰু আমি তাক অপসাৰণ কৰিবলৈও সম্পূৰ্ণ সক্ষম।
-
19
فَأَنشَأْنَا لَكُم بِهِۦ جَنَّـٰتٍ مِّن نَّخِيلٍ وَأَعْنَـٰبٍ لَّكُمْ فِيهَا فَوَٰكِهُ كَثِيرَةٌ وَمِنْهَا تَأْكُلُونَ
Faʹañshaʹnaa lakum̃ bihee jannaatim min nakheeliñw waʹaʻnaab. Lakum feehaa fawaakihu kas̤eeratuñw waminhaa taʹkuloon,
ইয়াৰ পিছত আমি তাৰ দ্বাৰা তোমালোকৰ বাবে খেজুৰ আৰু আঙুৰৰ বাগান সৃষ্টি কৰোঁ, য’ত তোমালোকৰ বাবে থাকে প্ৰচুৰ ফল, যিবোৰ তোমালোকে খোৱা;
-
20
وَشَجَرَةً تَخْرُجُ مِن طُورِ سَيْنَآءَ تَنۢبُتُ بِٱلدُّهْنِ وَصِبْغٍ لِّلْـَٔاكِلِينَ
Wa-shajaratañ takhruju miñ Ṭoori Saynaaaʹa tambutu bidduhni waṣibg̣illil ʹaa-kileen.
আৰু (ইয়াৰ দ্বাৰাই) সৃষ্টি কৰোঁ এটা গছ যিটো উৎপন্ন হয় চিনাই পৰ্বতত, যিটোৰ পৰা উৎপন্ন হয় আহাৰকাৰীসকলৰ বাবে তেল আৰু তৰকাৰি।
-
21
وَإِنَّ لَكُمْ فِى ٱلْأَنْعَـٰمِ لَعِبْرَةً ۖ نُّسْقِيكُم مِّمَّا فِى بُطُونِهَا وَلَكُمْ فِيهَا مَنَـٰفِعُ كَثِيرَةٌ وَمِنْهَا تَأْكُلُونَ
Wa-ʹinna lakum fil ʹanʻaami laʻibrah: nusq̣eekum mimmaa fee buṭoonihaa wa-lakum feehaa manaafiʻu kas̤eeratuñw waminhaa taʹkuloon;
আৰু নিশ্চয় তোমালোকৰ বাবে ঘৰচীয়া জন্তুবোৰৰ মাজত আছে শিক্ষণীয় বিষয়, সেইবোৰৰ পেটত যি (গাখীৰ) আছে তাৰ পৰা আমি তোমালোকক সেৱন কৰাওঁ আৰু তাত তোমালোকৰ বাবে আছে প্ৰচুৰ উপকাৰিতা, সেইবোৰ (জন্তু)ক তোমালোকে ভক্ষণো কৰা।
-
22
وَعَلَيْهَا وَعَلَى ٱلْفُلْكِ تُحْمَلُونَ
Wa-ʻalayhaa wa-ʻalal fulki tuḥmaloon.
লগতে এইবোৰ পশু (ৰ পিঠিত) আৰু নৌযানত তোমালোকক আৰোহণ কৰোৱা হয়।
-
23
وَلَقَدْ أَرْسَلْنَا نُوحًا إِلَىٰ قَوْمِهِۦ فَقَالَ يَـٰقَوْمِ ٱعْبُدُوا۟ ٱللَّهَ مَا لَكُم مِّنْ إِلَـٰهٍ غَيْرُهُۥٓ ۖ أَفَلَا تَتَّقُونَ
Wa-laq̣ad. ʹarsalnaa Nooḥan ʹilaa q̣awmihee faq̣aala yaa q̣awmiʻbudul laaha maa- lakum min ʹilaahin g̣ayruh. ʹAfalaa tattaq̣oon?
নিশ্চয় আমি নূহক প্ৰেৰণ কৰিছিলোঁ তেওঁৰ সম্প্ৰদায়ৰ ওচৰলৈ। তেওঁ কৈছিল হে মোৰ সম্প্ৰদায়! তোমালোকে কেৱল আল্লাহৰ ইবাদত কৰা, তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো সত্য ইলাহ নাই, তথাপিও তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে?
-
24
فَقَالَ ٱلْمَلَؤُا۟ ٱلَّذِينَ كَفَرُوا۟ مِن قَوْمِهِۦ مَا هَـٰذَآ إِلَّا بَشَرٌ مِّثْلُكُمْ يُرِيدُ أَن يَتَفَضَّلَ عَلَيْكُمْ وَلَوْ شَآءَ ٱللَّهُ لَأَنزَلَ مَلَـٰٓئِكَةً مَّا سَمِعْنَا بِهَـٰذَا فِىٓ ءَابَآئِنَا ٱلْأَوَّلِينَ
Faq̣aalal malaʹul laẓeena kafaroo miñ q̣awmihee maa- haaẓaaa ʹillaa basharum mis̤lukum yureedu ʹañy yatafaḍḍala ʻalaykum: wa-law shaaaʹal laahu laʹañzala malaaaʹikah: maa- samiʻnaa bihaaẓaa feee ʹaabaaaʹinal ʹawwaleen.
তাৰ পিছত তেওঁৰ সম্প্ৰদায়ৰ নেতা শ্ৰেণীৰ যিসকল লোকে কুফৰী কৰিছিল সিহঁতে কৈছিল, এওঁ দেখোন তোমালোকৰ দৰেই এজন মানুহ, এওঁ কেৱল তোমালোকৰ ওপৰত শ্ৰেষ্ঠত্ব লাভ কৰিব বিচাৰিছে, যদি আল্লাহে ইচ্ছা কৰিলেহেঁতেন তেন্তে ফিৰিস্তাকেই অৱতীৰ্ণ কৰিলেহেঁতেন, আমি আমাৰ পূৰ্বপূৰুষসকলৰ ওচৰত এনেকুৱা ঘটনা কেতিয়াও শুনা নাই।
-
25
إِنْ هُوَ إِلَّا رَجُلٌۢ بِهِۦ جِنَّةٌ فَتَرَبَّصُوا۟ بِهِۦ حَتَّىٰ حِينٍ
ʹIn huwa ʹillaa rajulum bihee jinnatuñ fatarabbaṣoo bihee ḥattaa ḥeen.
নিশ্চয় এওঁ বলিয়া হৈছে। গতিকে তোমালোকে এওঁৰ বিষয়ে কিছুদিন ধৈৰ্য্য ধৰা।
-
26
قَالَ رَبِّ ٱنصُرْنِى بِمَا كَذَّبُونِ
Q̣aala Rabbiñ ṣurnee bimaa kaẓẓaboon!
নূহে (আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰি) কৈছিল, ‘হে মোৰ প্ৰতিপালক! মোক সহায় কৰা, কাৰণ সিহঁতে মোক মিছলীয়া বুলি অস্বীকাৰ কৰিছে’।
-
27
فَأَوْحَيْنَآ إِلَيْهِ أَنِ ٱصْنَعِ ٱلْفُلْكَ بِأَعْيُنِنَا وَوَحْيِنَا فَإِذَا جَآءَ أَمْرُنَا وَفَارَ ٱلتَّنُّورُ ۙ فَٱسْلُكْ فِيهَا مِن كُلٍّ زَوْجَيْنِ ٱثْنَيْنِ وَأَهْلَكَ إِلَّا مَن سَبَقَ عَلَيْهِ ٱلْقَوْلُ مِنْهُمْ ۖ وَلَا تُخَـٰطِبْنِى فِى ٱلَّذِينَ ظَلَمُوٓا۟ ۖ إِنَّهُم مُّغْرَقُونَ
Faʹawḥaynaaa ʹilayhi ʹaniṣ naʻil Fulka biʹaʻyuninaa wa-waḥyinaa faʹiẓaa jaaaʹa ʹAmrunaa wa-faarat tannooru fasluk feehaa miñ kulliñ zawjaynis̤ nayni wa-ʹahlaka ʹillaa mañ sabaq̣a ʻalayhil Q̣awlu minhum: wa-laa tukhaaṭibnee fil laẓeena z̤̣alamoo; ʹinnahum mug̣raq̣oon.
তাৰ পিছত আমি তেওঁৰ ওচৰলৈ অহী প্ৰেৰণ কৰিছিলোঁ, তুমি আমাৰ চাক্ষুষ তত্ত্বাৱধায়নত আৰু আমাৰ অহী অনুযায়ী নৌযান নিৰ্মাণ কৰা, ইয়াৰ পিছত যেতিয়া আমাৰ আদেশ আহিব আৰু চৌকাৰ পানী উথলি উঠিব, তেতিয়া প্ৰত্যেক জীৱ-জন্তুৰে একো একোযোৰকৈ লৈ (নাৱত) উঠিবা আৰু তোমাৰ পৰিয়ালবৰ্গকো লগত লবা, কেৱল সেইসকল লোকৰ বাহিৰে যিসকলৰ বিৰুদ্ধে পূৰ্বেই সিদ্ধান্ত লোৱা হৈছে। লগতে যিসকলে অন্যায় কৰিছে সিহঁতৰ বিষয় লৈ তুমি মোক সম্বোধন নকৰিবা। নিশ্চয় সিহঁত ডুবি মৰিব।
-
28
فَإِذَا ٱسْتَوَيْتَ أَنتَ وَمَن مَّعَكَ عَلَى ٱلْفُلْكِ فَقُلِ ٱلْحَمْدُ لِلَّهِ ٱلَّذِى نَجَّىٰنَا مِنَ ٱلْقَوْمِ ٱلظَّـٰلِمِينَ
Faʹiẓas tawayta ʹañta wa-mam maʻaka ʻalal Fulki faq̣ulil Ḥamdu lillaahil laẓee najjaanaa minal q̣awmiz̤̣ z̤̣aalimeen.
এতেকে যেতিয়া তুমি আৰু তোমাৰ সঙ্গীসকল নৌযানৰ ওপৰত স্থিৰ হ’বা তেতিয়া ক’বা, ‘সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰ বাবেই, যিয়ে আমাক যালিম সম্প্ৰদায়ৰ পৰা উদ্ধাৰ কৰিছে’।
-
29
وَقُل رَّبِّ أَنزِلْنِى مُنزَلًا مُّبَارَكًا وَأَنتَ خَيْرُ ٱلْمُنزِلِينَ
Wa-q̣ur Rabbi ʹañzilnee muñzalam mubaarakañw waʹAñta Khayrul Muñzileen.
তুমি আৰু কোৱা, ‘হে মোৰ প্ৰতিপালক! মোক বৰকতময় অৱতৰণস্থলত অৱতৰণ কৰোৱা; যিহেতু তুমিয়েই শ্ৰেষ্ঠ অৱতাৰণকাৰী’।
-
30
إِنَّ فِى ذَٰلِكَ لَـَٔايَـٰتٍ وَإِن كُنَّا لَمُبْتَلِينَ
ʹInna fee ẓaalika laʹAayaatiñw waʹiñ kunnaa lamubtaleen.
নিশ্চয় ইয়াত আছে বহুতো নিদৰ্শন; আৰু আমি সিহঁতক পৰীক্ষাহে কৰিছিলোঁ।
-
31
ثُمَّ أَنشَأْنَا مِنۢ بَعْدِهِمْ قَرْنًا ءَاخَرِينَ
S̤umma ʹañshaʹnaa mim baʻdihim q̣arnan ʹaakhareen.
এতেকে আমি সিহঁতৰ পিছত আন এটা প্ৰজন্ম সৃষ্টি কৰিছিলোঁ,
-
32
فَأَرْسَلْنَا فِيهِمْ رَسُولًا مِّنْهُمْ أَنِ ٱعْبُدُوا۟ ٱللَّهَ مَا لَكُم مِّنْ إِلَـٰهٍ غَيْرُهُۥٓ ۖ أَفَلَا تَتَّقُونَ
Faʹarsalnaa feehim rasoolam minhum ʹaniʻ budul laaha maa- lakum min ʹilaahin g̣ayruh. ʹAfalaa tattaq̣oon?
ইয়াৰ পিছত আমি সিহঁতৰ মাজৰ পৰাই এজনক ৰাছুল হিচাপে প্ৰেৰণ কৰিছিলোঁ, তেওঁ কৈছিল, ‘তোমালোকে কেৱল আল্লাহৰেই ইবাদত কৰা, তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো সত্য ইলাহ নাই, তথাপিও তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে?
-
33
وَقَالَ ٱلْمَلَأُ مِن قَوْمِهِ ٱلَّذِينَ كَفَرُوا۟ وَكَذَّبُوا۟ بِلِقَآءِ ٱلْـَٔاخِرَةِ وَأَتْرَفْنَـٰهُمْ فِى ٱلْحَيَوٰةِ ٱلدُّنْيَا مَا هَـٰذَآ إِلَّا بَشَرٌ مِّثْلُكُمْ يَأْكُلُ مِمَّا تَأْكُلُونَ مِنْهُ وَيَشْرَبُ مِمَّا تَشْرَبُونَ
Wa-q̣aalal malaʹu miñ q̣awmihil laẓeena kafaroo wa-kaẓẓaboo bi-Liq̣aaaʹil ʹAakhirati wa-ʹatrafnaahum fil ḥayaatid dunyaa maa- haaẓaaa ʹillaa basharum mis̤lukum yaʹkulu mimmaa taʹkuloona minhu wa-yashrabu mimmaa tashraboon.
আৰু তেওঁৰ সম্প্ৰদায়ৰ নেতাসকলে, যিসকলে কুফৰী কৰিছিল আৰু আখিৰাতৰ সাক্ষাতক অস্বীকাৰ কৰিছিল আৰু যিসকলক আমি প্ৰদান কৰিছিলোঁ পাৰ্থিৱ জীৱনৰ প্ৰচুৰ ভোগ-সম্ভাৰ, সিহঁতে কৈছিল, ‘এওঁ দেখোন তোমালোকৰ দৰেই এজন মানুহ, তোমালোকে যি খোৱা তেৱোঁ তাকেই খায় আৰু তোমালোকে যি পান কৰা তেৱোঁ তাকেই পান কৰে;
-
34
وَلَئِنْ أَطَعْتُم بَشَرًا مِّثْلَكُمْ إِنَّكُمْ إِذًا لَّخَـٰسِرُونَ
Wa-laʹin ʹaṭaʻtum̃ basharam mis̤lakum ʹinnakum ʹiẓal lakhaasiroon.
‘যদি তোমালোকে তোমালোকৰ দৰেই এজন মানুহৰ আনুগত্য কৰা তেন্তে নিশ্চয় তোমালোকে ক্ষতিগ্ৰস্ত হ’বা;
-
35
أَيَعِدُكُمْ أَنَّكُمْ إِذَا مِتُّمْ وَكُنتُمْ تُرَابًا وَعِظَـٰمًا أَنَّكُم مُّخْرَجُونَ
ʹA-yaʻidukum ʹannakum ʹiẓaa mittum wa-kuñtum turaabañw waʻiz̤̣aaman ʹannakum mukhrajoon?
‘এওঁ তোমালোকক এই প্ৰতিশ্ৰুতি দিয়ে নেকি যে, তোমালোকে যেতিয়া মৃত্যুবৰণ কৰিবা আৰু তোমালোক মাটি আৰু অস্থিত পৰিণত হ’বা; তাৰ পিছতো তোমালোকক আকৌ উত্থিত কৰা হ’ব?
-
36
۞ هَيْهَاتَ هَيْهَاتَ لِمَا تُوعَدُونَ
Hayhaata hayhaata limaa tooʻadoon!
‘অসম্ভৱ, তোমালোকক যি বিষয়ে প্ৰতিশ্ৰুতি দিয়া হৈছে সেয়া অসম্ভৱ।
-
37
إِنْ هِىَ إِلَّا حَيَاتُنَا ٱلدُّنْيَا نَمُوتُ وَنَحْيَا وَمَا نَحْنُ بِمَبْعُوثِينَ
ʹIn hiya ʹillaa ḥayaatunad dunyaa namootu wa-naḥyaa wa-maa naḥnoo bimabʻoos̤een!
‘একমাত্ৰ পাৰ্থিৱ জীৱনেই হৈছে আমাৰ জীৱন, আমাৰ জীৱন-মৰণ ইয়াতেই; আৰু আমি কেতিয়াও পুনৰুত্থিত নহওঁ।
-
38
إِنْ هُوَ إِلَّا رَجُلٌ ٱفْتَرَىٰ عَلَى ٱللَّهِ كَذِبًا وَمَا نَحْنُ لَهُۥ بِمُؤْمِنِينَ
ʹIn huwa ʹillaa rajulunif taraa ʻalal laahi kaẓibañw wamaa naḥnu lahoo bimuʹmineen!
‘এওঁ এনেকুৱা এজন ব্যক্তি যিয়ে আল্লাহ সম্পৰ্কে মিছা অপবাদ দি আছে, আমি তেওঁক কেতিয়াও বিশ্বাস নকৰোঁ’।
-
39
قَالَ رَبِّ ٱنصُرْنِى بِمَا كَذَّبُونِ
Q̣aala Rabbiñ ṣurnee bimaa kaẓẓaboon.
নূহে (আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰি) ক’লে, ‘হে মোৰ প্ৰতিপালক! মোক সহায় কৰা, কাৰণ সিহঁতে মোক মিছলীয়া বুলি অস্বীকাৰ কৰিছে’।
-
40
قَالَ عَمَّا قَلِيلٍ لَّيُصْبِحُنَّ نَـٰدِمِينَ
Q̣aala ʻammaa q̣aleelil layuṣbiḥunna naadimeen!
আল্লাহে ক’লে, ‘কিছু সময়ৰ মাজতেই সিহঁত নিশ্চিতৰূপে অনুতপ্ত হ’ব’।
-
41
فَأَخَذَتْهُمُ ٱلصَّيْحَةُ بِٱلْحَقِّ فَجَعَلْنَـٰهُمْ غُثَآءً ۚ فَبُعْدًا لِّلْقَوْمِ ٱلظَّـٰلِمِينَ
Faʹakhaẓathumuṣ Ṣayḥatu bilḥaq̣q̣i fajaʻalnaahum g̣us̤aaaʹaa! Fabuʻdal lilq̣awmiz̤̣ z̤̣aalimeen!
তাৰ পিছত এটা বিকট শব্দই সত্য-ন্যায়ৰ সৈতে সিহঁতক আক্ৰান্ত কৰিলে, ফলত আমি সিহঁতক বতাহে উৰুৱাই নিয়া আৱৰ্জনাৰ দৰে কৰি দিলোঁ। এতেকে যালিম সম্প্ৰদায়ৰ বাবে আছে কেৱল ধ্বংস।
-
42
ثُمَّ أَنشَأْنَا مِنۢ بَعْدِهِمْ قُرُونًا ءَاخَرِينَ
S̤umma ʹañshaʹnaa mim baʻdihim q̣uroonan ʹaakhareen.
ইয়াৰ পিছত আমি আৰু বহুতো প্ৰজন্ম সৃষ্টি কৰিছিলোঁ।
-
43
مَا تَسْبِقُ مِنْ أُمَّةٍ أَجَلَهَا وَمَا يَسْتَـْٔخِرُونَ
Maa- tasbiq̣u min ʹummatin ʹajalahaa wa-maa yastaʹkhiroon.
কোনো জাতিয়েই সিহঁতৰ নিৰ্দিষ্ট সময়ক আগতীয়াকৈ আনিব নোৱাৰে আৰু পিছলৈও ঠেলি দিব নোৱাৰে।
-
44
ثُمَّ أَرْسَلْنَا رُسُلَنَا تَتْرَا ۖ كُلَّ مَا جَآءَ أُمَّةً رَّسُولُهَا كَذَّبُوهُ ۚ فَأَتْبَعْنَا بَعْضَهُم بَعْضًا وَجَعَلْنَـٰهُمْ أَحَادِيثَ ۚ فَبُعْدًا لِّقَوْمٍ لَّا يُؤْمِنُونَ
S̤umma ʹarsalnaa rusulanaa tatraa. Kulla maa jaaaʹa ʹummatar rasooluhaa kaẓẓaboohu faʹatbaʻnaa baʻḍahum baʻḍañw wajaʹalnaahum ʹaḥaadees̤: fabuʻdal liq̣awmil laa yuʹminoon!
ইয়াৰ পিছত আমি এজনৰ পিছত এজনকৈ আমাৰ ৰাছুলসকলক প্ৰেৰণ কৰিছিলোঁ। যেতিয়াই কোনো জাতিৰ ওচৰলৈ সিহঁতৰ ৰাছুল আহিছিল তেতিয়াই সিহঁতে তেওঁক অস্বীকাৰ কৰিছিল। ফলত আমি সিহঁতক এটাৰ পিছত এটাকৈ ধ্বংস কৰি কাহিনীত পৰিণত কৰিছিলোঁ। এতেকে যিসকলে ঈমান পোষণ নকৰে সেইবোৰ সম্প্ৰদায়ৰ বাবে কেৱল ধ্বংসই ধ্বংস!
-
45
ثُمَّ أَرْسَلْنَا مُوسَىٰ وَأَخَاهُ هَـٰرُونَ بِـَٔايَـٰتِنَا وَسُلْطَـٰنٍ مُّبِينٍ
S̤umma ʹarsalnaa Moosaa wa-ʹakhaahu Haaroona biʹAayaatinaa wa-sulṭaanim mubeen.
তাৰ পিছত আমি মুছা আৰু তেওঁৰ ভাতৃ হাৰূনক আমাৰ নিদৰ্শনাৱলীসহ লগতে সুস্পষ্ট প্ৰমাণসহ প্ৰেৰণ কৰিলোঁ,
-
46
إِلَىٰ فِرْعَوْنَ وَمَلَإِي۟هِۦ فَٱسْتَكْبَرُوا۟ وَكَانُوا۟ قَوْمًا عَالِينَ
ʹIlaa Firʻawna wa-malaʹihee fastakbaroo wa-kaanoo q̣awman ʻaaleen.
ফিৰআউন আৰু তাৰ পৰিষদবৰ্গৰ ওচৰলৈ। কিন্তু সিহঁতে অহংকাৰ কৰিলে; আৰু সিহঁত আছিল উদ্ধত সম্প্ৰদায়।
-
47
فَقَالُوٓا۟ أَنُؤْمِنُ لِبَشَرَيْنِ مِثْلِنَا وَقَوْمُهُمَا لَنَا عَـٰبِدُونَ
Faq̣aalooo ʹanuʹminu libasharayni mis̤linaa wa-q̣awmuhumaa lanaa ʻaabidoon?
তাৰ পিছত সিহঁতে ক’লে, ‘আমি আমাৰ দৰেই দুজন ব্যক্তিৰ প্ৰতি ঈমান পোষণ কৰিম নেকি, অথচ তেওঁলোকৰ জাতিৰ মানুহবিলাক হৈছে আমাৰ দাস’?
-
48
فَكَذَّبُوهُمَا فَكَانُوا۟ مِنَ ٱلْمُهْلَكِينَ
Fakaẓẓaboohumaa fakaanoo minal muhlakeen.
এতেকে সিহঁতে তেওঁলোক উভয়কে অস্বীকাৰ কৰিলে, ফলত সিহঁত ধ্বংসপ্ৰাপ্তসকলৰ অন্তৰ্ভুক্ত হ’ল।
-
49
وَلَقَدْ ءَاتَيْنَا مُوسَى ٱلْكِتَـٰبَ لَعَلَّهُمْ يَهْتَدُونَ
Wa-laq̣ad ʹaataynaa Moosal Kitaaba laʻallahum yahtadoon.
আৰু নিশ্চয় আমি মুছাক কিতাব প্ৰদান কৰিছিলোঁ; যাতে সিহঁতে হিদায়ত পাব পাৰে।
-
50
وَجَعَلْنَا ٱبْنَ مَرْيَمَ وَأُمَّهُۥٓ ءَايَةً وَءَاوَيْنَـٰهُمَآ إِلَىٰ رَبْوَةٍ ذَاتِ قَرَارٍ وَمَعِينٍ
Wa-jaʻalnab na Maryama wa-ʹummahooo ʹAayatañw Waʹaawaynaahumaaa ʹilaa rabwatiñ ẓaati q̣araariñw wamaʻeen.
লগতে আমি ইবনে মৰিয়ম আৰু তেওঁৰ মাতৃক এটা নিদৰ্শন বনাইছিলোঁ আৰু তেওঁলোকক আশ্ৰয় দিছিলোঁ এটা অৱস্থানযোগ্য আৰু প্ৰস্ৰৱণবিশিষ্ট উচ্চ ভূমিত।
-
51
يَـٰٓأَيُّهَا ٱلرُّسُلُ كُلُوا۟ مِنَ ٱلطَّيِّبَـٰتِ وَٱعْمَلُوا۟ صَـٰلِحًا ۖ إِنِّى بِمَا تَعْمَلُونَ عَلِيمٌ
Yaaaʹayyuhar rusulu kuloo minaṭ ṭayyibaati waʻmaloo ṣaaliḥaa: ʹinnee bimaa taʻmaloona ʻAleem.
‘হে ৰাছুলসকল! তোমালোকে পৱিত্ৰ বস্তুৰ পৰা খাদ্য গ্ৰহণ কৰা আৰু সৎকৰ্ম কৰা; নিশ্চয় তোমালোকে যি কৰা সেই সম্পৰ্কে আমি সবিশেষ অৱগত।
-
52
وَإِنَّ هَـٰذِهِۦٓ أُمَّتُكُمْ أُمَّةً وَٰحِدَةً وَأَنَا۠ رَبُّكُمْ فَٱتَّقُونِ
Wa-ʹinna haaẓiheee ʹummatukum ʹummatañw Waaḥidatañw WaʹAna Rabbukum fattaq̣oon.
‘আৰু তোমালোকৰ এই উম্মত কেৱল এটাই উম্মত, আৰু ময়েই তোমালোকৰ প্ৰতিপালক; গতিকে কেৱল মোৰেই তাক্বৱা অৱলম্বন কৰা’।
-
53
فَتَقَطَّعُوٓا۟ أَمْرَهُم بَيْنَهُمْ زُبُرًا ۖ كُلُّ حِزْبٍۭ بِمَا لَدَيْهِمْ فَرِحُونَ
Fataq̣aṭṭaʻooo ʹamrahum̃ baynahum zuburaa: kullu ḥizbim bimaa ladayhim fariḥoon.
পিছতহে মানুহে সিহঁতৰ নিজৰ মাজত সিহঁতৰ এই দ্বীনক বহুধা বিভক্ত কৰিছে। প্ৰত্যেক দলেই সিহঁতৰ ওচৰত যি আছে সেইটো লৈহে আনন্দিত।
-
54
فَذَرْهُمْ فِى غَمْرَتِهِمْ حَتَّىٰ حِينٍ
Faẓarhum fee g̣amratihim ḥattaa ḥeen.
এতেকে কিছু সময়ৰ বাবে সিহঁতক সিহঁতৰ বিভ্ৰান্তিৰ মাজতে এৰি দিয়া।
-
55
أَيَحْسَبُونَ أَنَّمَا نُمِدُّهُم بِهِۦ مِن مَّالٍ وَبَنِينَ
ʹA-yaḥsaboona ʹannamaa numidduhum̃ bihee mim maaliñw wabaneen,
সিহঁতে ভাবে নেকি যে, আমি সিহঁতক যি ধন-সম্পদ আৰু সন্তান-সন্ততিৰ দ্বাৰা সহযোগিতা কৰিছোঁ, তাৰ মাধ্যমত--
-
56
نُسَارِعُ لَهُمْ فِى ٱلْخَيْرَٰتِ ۚ بَل لَّا يَشْعُرُونَ
Nusaariʻu lahum fil khayraat? Bal laa yashʻuroon.
আমি সিহঁতৰ বাবে সকলো মঙ্গল তৰান্বিত কৰিম? নহয়, বৰং সিহঁতে উপলব্ধি কৰিব পৰা নাই।
-
57
إِنَّ ٱلَّذِينَ هُم مِّنْ خَشْيَةِ رَبِّهِم مُّشْفِقُونَ
ʹInnal laẓeena hum min khashyati Rabbihim mushfiq̣oon;
নিশ্চয় যিসকলে নিজ প্ৰতিপালকৰ ভয়ত ভীত-সন্ত্ৰস্ত,
-
58
وَٱلَّذِينَ هُم بِـَٔايَـٰتِ رَبِّهِمْ يُؤْمِنُونَ
Wallaẓeena hum̃ biʹAayaati Rabbihim yuʹminoon;
আৰু যিসকলে নিজ প্ৰতিপালকৰ নিদৰ্শনসমূহৰ প্ৰতি বিশ্বাস পোষণ কৰে,
-
59
وَٱلَّذِينَ هُم بِرَبِّهِمْ لَا يُشْرِكُونَ
Wallaẓeena hum̃ bi-Rabbihim laa- yushrikoon;
আৰু যিসকলে নিজ প্ৰতিপালকৰ লগত শ্বিৰ্ক নকৰে,
-
60
وَٱلَّذِينَ يُؤْتُونَ مَآ ءَاتَوا۟ وَّقُلُوبُهُمْ وَجِلَةٌ أَنَّهُمْ إِلَىٰ رَبِّهِمْ رَٰجِعُونَ
Wallaẓeena yuʹtoona maaa ʹaataw Waq̣uloobuhum wajilatun ʹannahum ʹilaa Rabbihim raajiʻoon;
আৰু যিসকলে দান কৰিবলগীয়া বস্তু ভীত-কম্পিত হৃদয়ত দান কৰে, এইকাৰণে যে, তেওঁলোকে নিজ প্ৰতিপালকৰ ওচৰলৈ প্ৰত্যাৱৰ্তন কৰিব লাগিব।
-
61
أُو۟لَـٰٓئِكَ يُسَـٰرِعُونَ فِى ٱلْخَيْرَٰتِ وَهُمْ لَهَا سَـٰبِقُونَ
ʹUlaaaʹika yusaariʻoona fil khayraati wa-hum lahaa saabiq̣oon.
তেওঁলোকেই কল্যাণ সাধনত খৰধৰ কৰে, আৰু এই ক্ষেত্ৰত তেওঁলোক অগ্ৰগামী হয়।
-
62
وَلَا نُكَلِّفُ نَفْسًا إِلَّا وُسْعَهَا ۖ وَلَدَيْنَا كِتَـٰبٌ يَنطِقُ بِٱلْحَقِّ ۚ وَهُمْ لَا يُظْلَمُونَ
Wa-laa nukallifu nafsan ʹillaa wusʻahaa wa-ladaynaa Kitaabuñy yañṭiq̣u bilḥaq̣q̣i wahum laa- yuz̤̣lamoon.
আৰু আমি কাকো তাৰ সাধ্যাতীত দায়িত্বৰ বোজা অৰ্পন নকৰোঁ আৰু আমাৰ ওচৰত আছে এনে এখন কিতাপ যিখনে সত্য ব্যক্ত কৰে আৰু সিহঁতৰ প্ৰতি অকণো অন্যায় কৰা নহ’ব।
-
63
بَلْ قُلُوبُهُمْ فِى غَمْرَةٍ مِّنْ هَـٰذَا وَلَهُمْ أَعْمَـٰلٌ مِّن دُونِ ذَٰلِكَ هُمْ لَهَا عَـٰمِلُونَ
Bal q̣uloobuhum fee g̣amratim min haaẓaa wa-lahum ʹaʻmaalum miñ dooni ẓaalika hum lahaa ʻaamiloon,
বৰং এই বিষয়ে সিহঁতৰ অন্তৰ অজ্ঞানতাত আচ্ছন্ন, ইয়াৰ বাহিৰেও সিহঁতৰ আৰু কৰ্ম আছে যিবোৰ সিহঁতে কৰি আছে।
-
64
حَتَّىٰٓ إِذَآ أَخَذْنَا مُتْرَفِيهِم بِٱلْعَذَابِ إِذَا هُمْ يَجْـَٔرُونَ
Ḥattaaa ʹiẓaaa ʹakhaẓnaa mutrafeehim̃ bilʻAẓaabi ʹiẓaa hum yajʹaroon!
অৱশেষত যেতিয়া আমি সিহঁতৰ মাজৰ বিলাসী ব্যক্তিসকলক শাস্তি দিওঁ তেতিয়াহে সিহঁতে আৰ্তনাদ কৰি উঠে।
-
65
لَا تَجْـَٔرُوا۟ ٱلْيَوْمَ ۖ إِنَّكُم مِّنَّا لَا تُنصَرُونَ
Laaa tajʹarul yawm: ʹinnakum minnaa laa- tuñṣaroon.
সিহঁতক কোৱা হ’ব, ‘আজি আৰ্তনাদ নকৰিবা, নিশ্চয় তোমালোকে আমাৰ ফালৰ পৰা কোনো সহায় নাপাবা’।
-
66
قَدْ كَانَتْ ءَايَـٰتِى تُتْلَىٰ عَلَيْكُمْ فَكُنتُمْ عَلَىٰٓ أَعْقَـٰبِكُمْ تَنكِصُونَ
Q̣ad kaanat ʹAayaatee tutlaa ʻalaykum fakuñtum ʻalaaa ʹaʻq̣aabikum tañkiṣoon.
নিশ্চয় মোৰ আয়াতসমূহ তোমালোকৰ সন্মুখত তিলাৱত কৰা হৈছিল, কিন্তু তোমালোকে উলটি পিছফালেহে গুচি গৈছিলা--
-
67
مُسْتَكْبِرِينَ بِهِۦ سَـٰمِرًا تَهْجُرُونَ
Mustakbireena bihee saamirañ tahjuroon.
দাম্ভিকতাৰে এই বিষয়ত অৰ্থহীন গল্প-গুজব কৰি তোমালোকে ৰাতি অতিবাহিত কৰিছিলা।
-
68
أَفَلَمْ يَدَّبَّرُوا۟ ٱلْقَوْلَ أَمْ جَآءَهُم مَّا لَمْ يَأْتِ ءَابَآءَهُمُ ٱلْأَوَّلِينَ
ʹAfalam yaddabbarul Q̣awla ʹam jaaaʹahum maa lam yaʹti ʹaabaaaʹahumul ʹawwaleen?
এতেকে সিহঁতে এই বাণী সম্পৰ্কে চিন্তা-গৱেষণা কৰা নাইনে? নে এইকাৰণে যে, সিহঁতৰ ওচৰলৈ এনেকুৱা বস্তু আহিছে যিটো সিহঁতৰ পূৰ্বপুৰুষসকলৰ ওচৰলৈ অহা নাছিল?
-
69
أَمْ لَمْ يَعْرِفُوا۟ رَسُولَهُمْ فَهُمْ لَهُۥ مُنكِرُونَ
ʹAm lam yaʻrifoo Rasoolahum fahum lahoo muñkiroon?
অথবা সিহঁতে নিজ ৰাছুলক চিনিব পৰা নাই বুলি অস্বীকাৰ কৰিছে নেকি?
-
70
أَمْ يَقُولُونَ بِهِۦ جِنَّةٌۢ ۚ بَلْ جَآءَهُم بِٱلْحَقِّ وَأَكْثَرُهُمْ لِلْحَقِّ كَـٰرِهُونَ
ʹAm yaq̣ooloona bihee jinnah? Bal jaaaʹahum̃ bil-Ḥaq̣q̣i wa-ʹaks̤aruhum lil-Ḥaq̣q̣i kaarihoon.
নাইবা সিহঁতে এইটো কয় নেকি যে, এওঁ উন্মাদনাগ্ৰস্ত? নহয়, বৰং তেওঁ সিহঁতৰ ওচৰত সত্য লৈ আহিছে, আৰু সিহঁতৰ অধিকাংশই সত্যক অপছন্দ কৰে।
-
71
وَلَوِ ٱتَّبَعَ ٱلْحَقُّ أَهْوَآءَهُمْ لَفَسَدَتِ ٱلسَّمَـٰوَٰتُ وَٱلْأَرْضُ وَمَن فِيهِنَّ ۚ بَلْ أَتَيْنَـٰهُم بِذِكْرِهِمْ فَهُمْ عَن ذِكْرِهِم مُّعْرِضُونَ
Wa-lawit tabaʻal Ḥaq̣q̣u ʹahwaaaʹahum lafasadatis samaawaatu wal-ʹarḍu wa-mañ feehinn! Bal ʹataynaahum̃ biẓikrihim fahum ʻañ ẓikrihim muʻriḍoon.
আৰু সত্য যদি সিহঁতৰ কামনা-বাসনাৰ অনুগামী হ’লহেঁতেন তেন্তে আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰে মাজত থকা সকলো বস্তু বিশৃংখল হৈ পৰিলহেঁতেন। বৰং আমি সিহঁতৰ ওচৰত লৈ আহিছোঁ সিহঁতৰ সন্মান সম্বলিত যিকৰ (কোৰআন) কিন্তু সিহঁতে সিহঁতৰ এই উপদেশবাণীৰ (কোৰআনৰ) পৰা মুখ ঘূৰাই লয়।
-
72
أَمْ تَسْـَٔلُهُمْ خَرْجًا فَخَرَاجُ رَبِّكَ خَيْرٌ ۖ وَهُوَ خَيْرُ ٱلرَّٰزِقِينَ
ʹAm tasʹaluhum kharjañ fakharaaju Rabbika khayr: wa-Huwa Khayrur raaziq̣een.
অথবা তুমি সিহঁতৰ ওচৰত কোনো প্ৰতিদান বিচৰা নেকি? (জানি থোৱা) তোমাৰ প্ৰতিপালকৰ প্ৰতিদানেই শ্ৰেষ্ঠ আৰু তেৱেঁই শ্ৰেষ্ঠ জীৱিকাদাতা।
-
73
وَإِنَّكَ لَتَدْعُوهُمْ إِلَىٰ صِرَٰطٍ مُّسْتَقِيمٍ
Wa-ʹinnaka latadʻoohum ʹilaa Ṣiraaṭim Mustaq̣eem.
আৰু নিশ্চয় তুমি সিহঁতক সৰল পথৰ পিনেই আহ্বান কৰি আছা।
-
74
وَإِنَّ ٱلَّذِينَ لَا يُؤْمِنُونَ بِٱلْـَٔاخِرَةِ عَنِ ٱلصِّرَٰطِ لَنَـٰكِبُونَ
Waʹinnal laẓeena laa- yuʹminoona bil-ʹAakhirati ʻaniṣ Ṣiraaṭi lanaakiboon.
নিশ্চয় যিসকলে আখিৰাতৰ প্ৰতি ঈমান পোষণ নকৰে, সিহঁতেই হৈছে সৰল পথৰ পৰা বিচ্যুত,
-
75
۞ وَلَوْ رَحِمْنَـٰهُمْ وَكَشَفْنَا مَا بِهِم مِّن ضُرٍّ لَّلَجُّوا۟ فِى طُغْيَـٰنِهِمْ يَعْمَهُونَ
Wa-law raḥimnaahum wakashafnaa maa- bihim miñ ḍurril lalajjoo fee ṭug̣yaanihim yaʻmahoon.
আৰু যদি আমি সিহঁতৰ প্ৰতি দয়া কৰোঁ আৰু সিহঁতৰ দুখ-দৈন্য দূৰ কৰি দিওঁ তথাপিও সিহঁতে অবাধ্যতাত বিভ্ৰান্তৰ দৰে ঘূৰি থাকিব।
-
76
وَلَقَدْ أَخَذْنَـٰهُم بِٱلْعَذَابِ فَمَا ٱسْتَكَانُوا۟ لِرَبِّهِمْ وَمَا يَتَضَرَّعُونَ
Wa-laq̣ad ʹakhaẓnaahum̃ bilʻAẓaabi famas takaanoo li-Rabbihim wa-maa yataḍarraʻoon,
নিশ্চয় আমি সিহঁতক শাস্তিৰ দ্বাৰা সতৰ্ক কৰিছোঁ, তথাপিও সিহঁতে নিজ প্ৰতিপালকৰ প্ৰতি অৱনত নহ’ল আৰু বিনীত হৈ প্ৰাৰ্থনাও নকৰিলে।
-
77
حَتَّىٰٓ إِذَا فَتَحْنَا عَلَيْهِم بَابًا ذَا عَذَابٍ شَدِيدٍ إِذَا هُمْ فِيهِ مُبْلِسُونَ
Ḥattaaa ʹiẓaa fataḥnaa ʻalayhim baabañ ẓaa ʻaẓaabiñ shadeedin ʹiẓaa hum feehi mublisoon!
অৱশেষত যেতিয়া আমি সিহঁতৰ ওপৰত কঠিন শাস্তিৰ দুৱাৰ খুলি দিলোঁ তেতিয়াহে সিহঁতে হতাশ হৈ পৰিল।
-
78
وَهُوَ ٱلَّذِىٓ أَنشَأَ لَكُمُ ٱلسَّمْعَ وَٱلْأَبْصَـٰرَ وَٱلْأَفْـِٔدَةَ ۚ قَلِيلًا مَّا تَشْكُرُونَ
Wa-Huwal laẓeee ʹañshaʹa lakumus samʻa wal-ʹabṣaara wal-ʹafʹidah: q̣aleelam maa tashkuroon!
তেৱেঁই তোমালোকৰ বাবে কাণ, চকু আৰু অন্তকৰণ সৃষ্টি কৰিছে; কিন্তু তোমালোকে খুবেই কম কৃতজ্ঞতা প্ৰকাশ কৰা।
-
79
وَهُوَ ٱلَّذِى ذَرَأَكُمْ فِى ٱلْأَرْضِ وَإِلَيْهِ تُحْشَرُونَ
Wa-Huwal laẓee ẓaraʹakum fil ʹarḍi wa-ʹilayhi tuḥsharoon.
তেৱেঁই তোমালোকক পৃথিৱীত বিস্তৃত কৰিছে আৰু তোমালোকক তেওঁৰ ওচৰতেই সমবেত কৰা হ’ব।
-
80
وَهُوَ ٱلَّذِى يُحْىِۦ وَيُمِيتُ وَلَهُ ٱخْتِلَـٰفُ ٱلَّيْلِ وَٱلنَّهَارِ ۚ أَفَلَا تَعْقِلُونَ
Wa-Huwal laẓee yuḥyee wa-yumeetu wa-lahukh tilaaful layli wannahaar: ʹafalaa taʻq̣iloon?
তেৱেঁই জীৱন দান কৰে আৰু তেৱেঁই মৃত্যু ঘটায়, তেওঁৰ অধিকাৰতেই ৰাতি আৰু দিনৰ পৰিবৰ্তন হয়। তথাপিও তোমালোকে বুজি নোপোৱানে?
-
81
بَلْ قَالُوا۟ مِثْلَ مَا قَالَ ٱلْأَوَّلُونَ
Bal q̣aaloo mis̤la maa- q̣aalal ʹAwwaloon.
বৰং সিহঁতেও সেই কথাকেই কয় যি কথা সিহঁতৰ পূৰ্বৱৰ্তীসকলে কৈছিল।
-
82
قَالُوٓا۟ أَءِذَا مِتْنَا وَكُنَّا تُرَابًا وَعِظَـٰمًا أَءِنَّا لَمَبْعُوثُونَ
Q̣aalooo ʹa-ʹiẓaa mitnaa wa-kunnaa turaabañw waʻiz̤̣aaman ʹa-ʹinnaa lamabʻoos̤oon?
সিহঁতে কয়, ‘যেতিয়া আমি মৃত্যুবৰণ কৰিম আৰু আমি মাটি তথা অস্থিত পৰিণত হ'ম, তাৰ পিছতো আমি পুনৰুত্থিত হ'মনে?
-
83
لَقَدْ وُعِدْنَا نَحْنُ وَءَابَآؤُنَا هَـٰذَا مِن قَبْلُ إِنْ هَـٰذَآ إِلَّآ أَسَـٰطِيرُ ٱلْأَوَّلِينَ
Laq̣ad wuʻidnaa naḥnu wa-ʹaabaaaʹunaa haaẓaa miñ q̣ablu ʹin haaẓa illaaa ʹasaaṭeerul ʹawwaleen!
‘নিশ্চয় আমাক আৰু ইতিপূৰ্বে আমাৰ পূৰ্বপুৰুষসকলকো এনে ধৰণৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল। এয়া পূৰ্বৱৰ্তীসকলৰ উপকথাৰ বাহিৰে আন একো নহয়’।
-
84
قُل لِّمَنِ ٱلْأَرْضُ وَمَن فِيهَآ إِن كُنتُمْ تَعْلَمُونَ
Q̣ul limanil ʹarḍu wa-mañ feehaaa ʹiñ kuñtum taʻlamoon?
কোৱা, ‘পৃথিৱী আৰু ইয়াত যি আছে সেই সকলোবোৰ(ৰঅধিকাৰ) কাৰ? যদি তোমালোকে জানা (তেন্তে কোৱা)’।
-
85
سَيَقُولُونَ لِلَّهِ ۚ قُلْ أَفَلَا تَذَكَّرُونَ
Sayaq̣ooloona lillaah! Q̣ul ʹafalaa taẓakkaroon?
সিহঁতে তৎক্ষণাত ক’ব, ‘আল্লাহৰ’। কোৱা, ‘তথাপিও তোমালোকে শিক্ষা গ্ৰহণ নকৰিবানে’?
-
86
قُلْ مَن رَّبُّ ٱلسَّمَـٰوَٰتِ ٱلسَّبْعِ وَرَبُّ ٱلْعَرْشِ ٱلْعَظِيمِ
Q̣ul mar Rabbus samaawaatis sabʻi wa-Rabbul ʻArshil ʻAz̤̣eem?
কোৱা, ‘সপ্ত আকাশ আৰু মহা আৰছৰ প্ৰতিপালক কোন’?
-
87
سَيَقُولُونَ لِلَّهِ ۚ قُلْ أَفَلَا تَتَّقُونَ
Sayaq̣ooloona lillaah. Q̣ul ʹafalaa tattaq̣oon?
শীঘ্ৰেই সিহঁতে ক’ব, ‘আল্লাহ’। কোৱা, ‘তথাপিও তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে’?
-
88
قُلْ مَنۢ بِيَدِهِۦ مَلَكُوتُ كُلِّ شَىْءٍ وَهُوَ يُجِيرُ وَلَا يُجَارُ عَلَيْهِ إِن كُنتُمْ تَعْلَمُونَ
Q̣ul mam biyadihee Malakootu kulli shayʹiñw wa-Huwa yujeeru wa-laa yujaaru ʻalayhi ʹiñ kuñtum taʻlamoon?
কোৱা, ‘কাৰ হাতত সকলো বস্তুৰ কৰ্তৃত্ব? যিজনে আশ্ৰয় দান কৰে অথচ তেওঁৰ বিপক্ষে কোনোৱেই কাকো আশ্ৰয় দিব নোৱাৰে, যদি তোমালোকে জানা (তেন্তে কোৱা)’।
-
89
سَيَقُولُونَ لِلَّهِ ۚ قُلْ فَأَنَّىٰ تُسْحَرُونَ
Sayaq̣ooloona lillaah. Q̣ul faʹannaa tus-ḥaroon?
অচিৰেই সিহঁতে ক’ব ‘আল্লাহ’। কোৱা, ‘তেন্তে ক’ৰ পৰা তোমালোকে যাদুগ্ৰস্ত হৈছা’?
-
90
بَلْ أَتَيْنَـٰهُم بِٱلْحَقِّ وَإِنَّهُمْ لَكَـٰذِبُونَ
Bal ʹataynaahum̃ bil-Ḥaq̣q̣i wa-ʹinnahum lakaaẓiboon!
বৰং আমি সিহঁতৰ ওচৰলৈ সত্য আনিছোঁ; নিশ্চয় সিহঁত মিছলীয়া।
-
91
مَا ٱتَّخَذَ ٱللَّهُ مِن وَلَدٍ وَمَا كَانَ مَعَهُۥ مِنْ إِلَـٰهٍ ۚ إِذًا لَّذَهَبَ كُلُّ إِلَـٰهٍۭ بِمَا خَلَقَ وَلَعَلَا بَعْضُهُمْ عَلَىٰ بَعْضٍ ۚ سُبْحَـٰنَ ٱللَّهِ عَمَّا يَصِفُونَ
Mat takhaẓal laahu miñw waladiñw wamaa kaana maʻahoo min ʹilaahin ʹiẓal laẓahaba kullu ʹilaahim bimaa khalaq̣a wa-laʻalaa baʻḍuhum ʻalaa baʻḍ! Subḥaanal laahi ʻammaa yaṣifoon!
আল্লাহে কোনো সন্তান গ্ৰহণ কৰা নাই, আৰু তেওঁৰ লগত আন কোনো উপাস্যও নাই; যদি থাকিলহেঁতেন তেন্তে প্ৰত্যেক ইলাহে নিজ নিজ সৃষ্টিক লৈ পৃথক হৈ গ’লহেঁতেন আৰু এজনে আনজনৰ ওপৰত প্ৰাধান্য বিস্তাৰ কৰিলেহেঁতেন। সিহঁতে আল্লাহৰ প্ৰতি যিবোৰ আৰোপ কৰে সেইবোৰৰ পৰা তেওঁ অতি পৱিত্ৰ অতি মহান!
-
92
عَـٰلِمِ ٱلْغَيْبِ وَٱلشَّهَـٰدَةِ فَتَعَـٰلَىٰ عَمَّا يُشْرِكُونَ
ʻAalimil g̣aybi washshahaadati fataʻaalaa ʻammaa yushrikoon!
গোপন আৰু প্ৰকাশ্য সকলো বিষয়ে তেওঁ জ্ঞাত, এতেকে সিহঁতে যি অংশী কৰে তাৰ পৰা তেওঁ বহু উৰ্দ্ধত।
-
93
قُل رَّبِّ إِمَّا تُرِيَنِّى مَا يُوعَدُونَ
Q̣ur Rabbi ʹimmaa turiyannee maa- yooʻadoon,
কোৱা, ‘হে মোৰ প্ৰতিপালক! যি বিষয়ে সিহঁতক প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে, তুমি যদি সেয়া মোক (মোৰ জীৱন কালতে) দেখুৱাব বিচৰা---
-
94
رَبِّ فَلَا تَجْعَلْنِى فِى ٱلْقَوْمِ ٱلظَّـٰلِمِينَ
Rabbi falaa tajʻalnee fil q̣awmiz̤̣ z̤̣aalimeen!
‘তেনেহ’লে, হে মোৰ প্ৰতিপালক! তুমি মোক যালিম সম্প্ৰদায়ৰ অন্তৰ্ভুক্ত নকৰিবা’।
-
95
وَإِنَّا عَلَىٰٓ أَن نُّرِيَكَ مَا نَعِدُهُمْ لَقَـٰدِرُونَ
Wa-ʹinnaa ʻalaaa ʹan nuriyaka maa- naʻiduhum la-Q̣aadiroon.
আৰু আমি সিহঁতক যি বিষয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ, নিশ্চয় সেয়া আমি তোমাক দেখুৱাবলৈ সক্ষম।
-
96
ٱدْفَعْ بِٱلَّتِى هِىَ أَحْسَنُ ٱلسَّيِّئَةَ ۚ نَحْنُ أَعْلَمُ بِمَا يَصِفُونَ
ʹIdfaʻ billatee hiya ʹaḥsanus sayyiʹah: Naḥnu ʹaʻlamu bimaa yaṣifoon.
তুমি সৎকৰ্মৰ দ্বাৰা অসৎকৰ্মক প্ৰতিহত কৰা; সিহঁতে (আমাৰ প্ৰতি) যি আৰোপ কৰে সেই সম্পৰ্কে আমি সবিশেষ অৱগত।
-
97
وَقُل رَّبِّ أَعُوذُ بِكَ مِنْ هَمَزَٰتِ ٱلشَّيَـٰطِينِ
Wa-q̣ur Rabbi ʹaʻooẓu bika min hamazaatish shayaaṭeen.
আৰু কোৱা, ‘হে মোৰ প্ৰতিপালক! মই চয়তানৰ প্ৰৰোচনাৰ পৰা তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰোঁ’।
-
98
وَأَعُوذُ بِكَ رَبِّ أَن يَحْضُرُونِ
Wa-ʹaʻooẓu bika Rabbi ʹañy yaḥḍuroon.
‘লগতে কোৱা, হে মোৰ প্ৰতিপালক! মোৰ ওচৰত সিহঁতৰ (চয়তানবোৰৰ) উপস্থিতিৰ পৰা মই তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰোঁ’।
-
99
حَتَّىٰٓ إِذَا جَآءَ أَحَدَهُمُ ٱلْمَوْتُ قَالَ رَبِّ ٱرْجِعُونِ
Ḥattaaa ʹiẓaa jaaaʹa ʹaḥadahumul mawtu q̣aala Rabbir jiʻoon,
অৱশেষত যেতিয়া সিহঁতৰ কাৰোবাৰ ওচৰলৈ মৃত্যু আহে, তেতিয়া সি কয়, হে মোৰ প্ৰতিপালক! মোক আকৌ (পৃথিৱীলৈ) ওভতাই দিয়া,
-
100
لَعَلِّىٓ أَعْمَلُ صَـٰلِحًا فِيمَا تَرَكْتُ ۚ كَلَّآ ۚ إِنَّهَا كَلِمَةٌ هُوَ قَآئِلُهَا ۖ وَمِن وَرَآئِهِم بَرْزَخٌ إِلَىٰ يَوْمِ يُبْعَثُونَ
Laʻalleee ʹaʻmalu ṣaaliḥañ feemaa taraktu kallaa! ʹInnahaa kalimatun huwa q̣aaaʹiluhaa. Wa-miñw waraaaʹihim Barzakhun ʹilaa Yawmi yubʻas̤oon.
যাতে মই সৎকৰ্ম কৰিব পাৰোঁ যিটো মই আগতে কৰা নাছিলোঁ। নহয়, এইটো কেতিয়াও নহ'ব। সি যি কৈছে নিশ্চয় সেইটো হৈছে এটা বাক্যমাত্ৰ। পুনৰুত্থানৰ দিৱসলৈকে সিহঁতৰ সন্মুখত থাকিব বাৰযাখ।
-
101
فَإِذَا نُفِخَ فِى ٱلصُّورِ فَلَآ أَنسَابَ بَيْنَهُمْ يَوْمَئِذٍ وَلَا يَتَسَآءَلُونَ
Faʹiẓaa nufikha fiṣ Ṣoori falaaa ʹañsaaba baynahum Yawmaʹiẓiñw Walaa yatasaaaʹaloon!
এতেকে যিদিনা শিঙাত ফুঁ দিয়া হ’ব সেইদিনা পৰস্পৰৰ মাজত আত্মীয়তাৰ কোনো বন্ধন নাথাকিব আৰু কোনোৱেই কাৰো খা-খবৰ নল’ব,
-
102
فَمَن ثَقُلَتْ مَوَٰزِينُهُۥ فَأُو۟لَـٰٓئِكَ هُمُ ٱلْمُفْلِحُونَ
Famañ s̤aq̣ulat mawaazeenuhoo faʹulaaaʹika humul Mufliḥoon:
এতেকে যিসকলৰ তুলাচনী গধূৰ হ’ব তেওঁলোকেই হ’ব সফলকাম,
-
103
وَمَنْ خَفَّتْ مَوَٰزِينُهُۥ فَأُو۟لَـٰٓئِكَ ٱلَّذِينَ خَسِرُوٓا۟ أَنفُسَهُمْ فِى جَهَنَّمَ خَـٰلِدُونَ
Wa-man khaffat mawaazeenuhoo faʹulaaaʹikal laẓeena khasirooo ʹañfusahum fee Jahannama khaalidoon.
আৰু যিসকলৰ তুলাচনী পাতল হ’ব, সিহঁতেই সেইসকল লোক যিসকলে নিজৰেই ক্ষতি কৰিছে; সিহঁত জাহান্নামত স্থায়ী হ’ব।
-
104
تَلْفَحُ وُجُوهَهُمُ ٱلنَّارُ وَهُمْ فِيهَا كَـٰلِحُونَ
Talfaḥu wujoohahumun Naaru wa-hum feehaa kaaliḥoon.
জুয়ে সিহঁতৰ মুখমণ্ডল দগ্ধ কৰিব আৰু সিহঁতে তাত থাকিব বীভৎস চেহেৰালৈ;
-
105
أَلَمْ تَكُنْ ءَايَـٰتِى تُتْلَىٰ عَلَيْكُمْ فَكُنتُم بِهَا تُكَذِّبُونَ
ʹAlam takun ʹAayaatee tutlaa ʻalaykum fakuñtum̃ bihaa tukaẓẓiboon?
তোমালোকৰ ওচৰত মোৰ আয়াতসমূহ তিলাৱত কৰা হোৱা নাছিলনে? অথচ তোমালোকে সেইবোৰক অস্বীকাৰ কৰিছিলা।
-
106
قَالُوا۟ رَبَّنَا غَلَبَتْ عَلَيْنَا شِقْوَتُنَا وَكُنَّا قَوْمًا ضَآلِّينَ
Q̣aaloo Rabbanaa g̣alabat ʻalaynaa shiq̣watunaa wa-kunnaa q̣awmañ ḍaaalleen!
সিহঁতে ক’ব, ‘হে আমাৰ প্ৰতিপালক! দুৰ্ভাগ্যই আমাক পৰাজয় কৰিছিল আৰু আমি আছিলোঁ এটা পথভ্ৰষ্ট সম্প্ৰদায়;
-
107
رَبَّنَآ أَخْرِجْنَا مِنْهَا فَإِنْ عُدْنَا فَإِنَّا ظَـٰلِمُونَ
Rabbanaaa ʹakhrijnaa minhaa faʹin ʻudnaa faʹinnaa z̤̣aalimoon!
‘হে আমাৰ প্ৰতিপালক! এই অগ্নিৰ পৰা আমাক মুক্ত কৰা; ইয়াৰ পিছতো যদি আমি পুনৰ কুফৰী কৰোঁ তেন্তে নিশ্চয় আমি যালিম হ'ম’।
-
108
قَالَ ٱخْسَـُٔوا۟ فِيهَا وَلَا تُكَلِّمُونِ
Q̣aalakh saʹoo feehaa wa-laa tukallimoon!
আল্লাহে ক’ব, ‘তোমালোকে নিকৃষ্ট অৱস্থাত ইয়াতেই থাকা আৰু মোৰ লগত কোনো কথা নক'বা’।
-
109
إِنَّهُۥ كَانَ فَرِيقٌ مِّنْ عِبَادِى يَقُولُونَ رَبَّنَآ ءَامَنَّا فَٱغْفِرْ لَنَا وَٱرْحَمْنَا وَأَنتَ خَيْرُ ٱلرَّٰحِمِينَ
ʹInnahoo kaana fareeq̣um min ʻibaadee yaq̣ooloona ˹Rabbanaaa ʹaamannaa fag̣fir lanaa warḥamnaa wa-ʹAñta Khayrur raaḥimeen˺!
মোৰ বান্দাসকলৰ মাজৰ এনেকুৱা এটা দল আছিল যিসকলে কৈছিল, ‘হে আমাৰ প্ৰতিপালক! আমি ঈমান আনিছোঁ, এতেকে তুমি আমাক ক্ষমা কৰা আৰু আমাৰ প্ৰতি দয়া কৰা, আৰু তুমি সৰ্বশ্ৰেষ্ঠ দয়ালু’।
-
110
فَٱتَّخَذْتُمُوهُمْ سِخْرِيًّا حَتَّىٰٓ أَنسَوْكُمْ ذِكْرِى وَكُنتُم مِّنْهُمْ تَضْحَكُونَ
Fattakhaẓtumoohum sikhriyyan ḥattaaa ʹañsawkum Ẓikree wa-kuñtum minhum taḍḥakoon!
‘কিন্তু তোমালোকে তেওঁলোকক লৈ ইমান ঠাট্টা-বিদ্ৰূপ কৰিছিলা যে, সেই ঠাট্টা-বিদ্ৰূপে তোমালোকক মোৰ স্মৰণ পাহৰাই দিছিল। তোমালোকে তেওঁলোকৰ বিষয়ে কেৱল উপহাসহে কৰিছিলা’।
-
111
إِنِّى جَزَيْتُهُمُ ٱلْيَوْمَ بِمَا صَبَرُوٓا۟ أَنَّهُمْ هُمُ ٱلْفَآئِزُونَ
ʹInnee jazaytuhumul yawma bimaa ṣabarooo ʹannahum humul Faaaʹizoon.
নিশ্চয় আমি তেওঁলোকৰ ধৈৰ্য্যৰ কাৰণে আজি আমি তেওঁলোকক পুৰস্কৃত কৰিলোঁ; নিশ্চয় তেওঁলোকেই হৈছে সাফল্যমণ্ডিত।
-
112
قَـٰلَ كَمْ لَبِثْتُمْ فِى ٱلْأَرْضِ عَدَدَ سِنِينَ
Q̣aala kam labis̤tum fil ʹarḍi ʻadada sineen?
আল্লাহে ক’ব, ‘তোমালোকে পৃথিৱীত কিমান বছৰ অৱস্থান কৰিছিলা’?
-
113
قَالُوا۟ لَبِثْنَا يَوْمًا أَوْ بَعْضَ يَوْمٍ فَسْـَٔلِ ٱلْعَآدِّينَ
Q̣aaloo labis̤naa yawman ʹaw baʻḍa yawmiñ fasʹalil ʻaaaddeen.
সিহঁতে ক’ব, ‘আমি অৱস্থান কৰিছিলোঁ এদিন অথবা দিনৰ কিছু অংশ; এতেকে তুমি গণনাকাৰীসকলক সুধি চোৱা’।
-
114
قَـٰلَ إِن لَّبِثْتُمْ إِلَّا قَلِيلًا ۖ لَّوْ أَنَّكُمْ كُنتُمْ تَعْلَمُونَ
Q̣aala ʹil labis̤tum ʹillaa q̣aleelal law ʹannakum kuñtum taʻlamoon!
তেওঁ ক’ব, ‘তোমালোকে অতি কম সময়হে অৱস্থান কৰিছিলা; যদি তোমালোকে নিশ্চিতভাৱে জানিব পাৰিলাহেঁতেন!
-
115
أَفَحَسِبْتُمْ أَنَّمَا خَلَقْنَـٰكُمْ عَبَثًا وَأَنَّكُمْ إِلَيْنَا لَا تُرْجَعُونَ
ʹAfaḥasibtum ʹannamaa khalaq̣naakum ʻabas̤añw Waʹannakum ʹilaynaa laa- turjaʻoon?
‘তোমালোকে ভাবিছিলা নেকি যে, আমি তোমালোকক অনৰ্থক সৃষ্টি কৰিছোঁ আৰু তোমালোকক আমাৰ ওচৰলৈকে ওভোতাই আনা নহ’ব?
-
116
فَتَعَـٰلَى ٱللَّهُ ٱلْمَلِكُ ٱلْحَقُّ ۖ لَآ إِلَـٰهَ إِلَّا هُوَ رَبُّ ٱلْعَرْشِ ٱلْكَرِيمِ
Fataʻaalal laahul Malikul Ḥaq̣q̣: Laaa ʹilaaha ʹillaa Hoo: Rabbul ʻArshil Kareem!
এতেকে আল্লাহ মহিমাময়, প্ৰকৃত মালিক, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই; তেৱেঁই সন্মানিত আৰছৰ অধিপতি।
-
117
وَمَن يَدْعُ مَعَ ٱللَّهِ إِلَـٰهًا ءَاخَرَ لَا بُرْهَـٰنَ لَهُۥ بِهِۦ فَإِنَّمَا حِسَابُهُۥ عِندَ رَبِّهِۦٓ ۚ إِنَّهُۥ لَا يُفْلِحُ ٱلْكَـٰفِرُونَ
Wa-mañy yadʻu maʻal laahi ʹilaahan ʹaakhara laa- burhaana lahoo bihee faʹinnamaa ḥisaabuhoo ʻiñda Rabbih! ʹInnahoo laa- yufliḥul Kaafiroon!
আৰু যিয়ে আল্লাহৰ লগত অন্য কোনো উপাস্যকো আহ্বান কৰে, (অথচ) সেই বিষয়ে তাৰ ওচৰত কোনো প্ৰমাণ নাই, তাৰ হিচাপ-নিকাচ কেৱল তাৰ প্ৰতিপালকৰ ওচৰত আছে, নিশ্চয় কাফিৰসকল সফল হ’ব নোৱাৰিব।
-
118
وَقُل رَّبِّ ٱغْفِرْ وَٱرْحَمْ وَأَنتَ خَيْرُ ٱلرَّٰحِمِينَ
Wa-q̣ur Rabbig̣ fir warḥam wa-ʹAñta Khayrur raaḥimeen!
আৰু কোৱা, ‘হে মোৰ প্ৰতিপালক! ক্ষমা কৰা আৰু দয়া কৰা, আৰু তুমিয়েই সৰ্বশ্ৰেষ্ঠ দয়ালু’।