Surah An-NisaBegins here at 4:24
-
4:24
۞ وَٱلْمُحْصَنَـٰتُ مِنَ ٱلنِّسَآءِ إِلَّا مَا مَلَكَتْ أَيْمَـٰنُكُمْ ۖ كِتَـٰبَ ٱللَّهِ عَلَيْكُمْ ۚ وَأُحِلَّ لَكُم مَّا وَرَآءَ ذَٰلِكُمْ أَن تَبْتَغُوا۟ بِأَمْوَٰلِكُم مُّحْصِنِينَ غَيْرَ مُسَـٰفِحِينَ ۚ فَمَا ٱسْتَمْتَعْتُم بِهِۦ مِنْهُنَّ فَـَٔاتُوهُنَّ أُجُورَهُنَّ فَرِيضَةً ۚ وَلَا جُنَاحَ عَلَيْكُمْ فِيمَا تَرَٰضَيْتُم بِهِۦ مِنۢ بَعْدِ ٱلْفَرِيضَةِ ۚ إِنَّ ٱللَّهَ كَانَ عَلِيمًا حَكِيمًا
Walmuḥṣanaatu minan Nisaaaʹi ʹillaa maa- malakat ʹaymaanukum. Kitaabal laahi ʻalaykum. Wa-ʹuḥilla lakum maa waraaaʹa ẓaalikum ʹañ tabtag̣oo biʹamwaalikum muḥṣineena g̣ayra musaafiḥeen. Famas tamtaʻtum̃ bihee minhunna faʹaatoohunna ʹujoorahunna fareeḍah. Wa-laa junaaḥa ʻalaykum fimaa taraaḍaytum̃ bihee mim baʻdil fareeḍati, ʹinnal laaha kaana ʻAleeman Ḥakeemaa.
আৰু নাৰীসকলৰ মাজৰ তোমালোকৰ অধিকাৰভুক্ত দাসীৰ বাহিৰে আনৰ বিবাহ বন্ধনত থকা তিৰোতাসকল তোমালোকৰ বাবে নিষিদ্ধ কৰা হৈছে, তোমালোকৰ বাবে এইবোৰ হৈছে আল্লাহৰ বিধান। উল্লেখিত নাৰীসকলৰ বাহিৰে অন্য সকলো নাৰীক বিবাহ কৰাটো তোমালোকৰ বাবে বৈধ কৰা হৈছে, এই চৰ্তত যে তোমালোকে সিহঁতক নিজৰ সম্পদৰ বিনিময়ত (মোহৰ প্ৰদান কৰি) বিবাহৰ মাধ্যমত গ্ৰহণ কৰিবা, অবৈধ যৌন সম্পৰ্কৰ বাবে নহয়। সিহঁতৰ মাজৰ যিসকলৰ সৈতে তোমালোকে সম্ভোগ কৰিছা সিহঁতক সিহঁতৰ নিৰ্ধাৰিত মোহৰ অৰ্পণ কৰিবা। মোহৰ নিৰ্ধাৰণৰ পিছত তোমালোকে কোনো (কম-বেছি কৰাৰ) বিষয়ত পৰস্পৰ সহমত হ’লে তাত তোমালোকৰ কোনো দোষ নাই। নিশ্চয় আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।
-
4:25
وَمَن لَّمْ يَسْتَطِعْ مِنكُمْ طَوْلًا أَن يَنكِحَ ٱلْمُحْصَنَـٰتِ ٱلْمُؤْمِنَـٰتِ فَمِن مَّا مَلَكَتْ أَيْمَـٰنُكُم مِّن فَتَيَـٰتِكُمُ ٱلْمُؤْمِنَـٰتِ ۚ وَٱللَّهُ أَعْلَمُ بِإِيمَـٰنِكُم ۚ بَعْضُكُم مِّنۢ بَعْضٍ ۚ فَٱنكِحُوهُنَّ بِإِذْنِ أَهْلِهِنَّ وَءَاتُوهُنَّ أُجُورَهُنَّ بِٱلْمَعْرُوفِ مُحْصَنَـٰتٍ غَيْرَ مُسَـٰفِحَـٰتٍ وَلَا مُتَّخِذَٰتِ أَخْدَانٍ ۚ فَإِذَآ أُحْصِنَّ فَإِنْ أَتَيْنَ بِفَـٰحِشَةٍ فَعَلَيْهِنَّ نِصْفُ مَا عَلَى ٱلْمُحْصَنَـٰتِ مِنَ ٱلْعَذَابِ ۚ ذَٰلِكَ لِمَنْ خَشِىَ ٱلْعَنَتَ مِنكُمْ ۚ وَأَن تَصْبِرُوا۟ خَيْرٌ لَّكُمْ ۗ وَٱللَّهُ غَفُورٌ رَّحِيمٌ
Wa-mal lam yastaṭiʻ miñkum ṭawlan ʹañy yañkiḥal Muḥṣanaatil Muʹminaati famim maa malakat ʹaymaanukum miñ fatayaatikumul Muʹminaat: wallaahu ʹaʻlamu biʹeemaanikum Baʻḍukum mim baʻḍ: fañkiḥoohunna biʹiẓni ʹahlihinna wa-ʹaatoohunna ʹujoorahunna bilmaʻroofi muḥṣanaatin g̣ayra musaafiḥaatiñw walaa muttakhiẓaati ʹakhdaan. Faʹiẓaaa ʹuḥṣinna faʹin ʹatayna bifaaḥishatiñ faʻalayhinna niṣfu maa- ʻalal muḥṣanaati minal ʻaẓaab. Ẓaalika liman khashiyal ʻanata miñkum. Wa-ʹañ taṣbiroo khayrul lakum: wallaahu G̣afoorur Raḥeem.
আৰু তোমালোকৰ মাজৰ যাৰ স্বাধীন ঈমান্দাৰ নাৰী বিবাহ কৰাৰ সামৰ্থ নাই, সি যেন তোমালোকৰ অধিকাৰভুক্ত ঈমান্দাৰ দাসীক বিবাহ কৰে; আল্লাহে তোমালোকৰ ঈমান সম্পৰ্কে পৰিজ্ঞাত। তোমালোক ইজনে সিজনৰ সমান; এতেকে তোমালোকে সিহঁতক সিহঁতৰ মালিকৰ অনুমতিক্ৰমে বিবাহ কৰিবা আৰু সিহঁতক সিহঁতৰ মোহৰ ন্যায়সংগত হিচাপে প্ৰদান কৰিবা। সিহঁত হ’ব সজচৰিত্ৰা, ব্যভিচাৰিণী নহয় আৰু উপপতি (গোপন যৌনসঙ্গী) গ্ৰহণকাৰীণীও নহয়। এতেকে বিবাহিতা হোৱাৰ পিছত যদি সিহঁতে ব্যভিচাৰ কৰে তেন্তে সিহঁতৰ শাস্তি হ’ব স্বাধীন নাৰীৰ শাস্তিৰ অৰ্দ্ধেক; (দাসী বিবাহৰ) এই বিধান তোমালোকৰ মাজৰ সেইসকল লোকৰ বাবে, যিসকলে ব্যভিচাৰত লিপ্ত হোৱাৰ আশংকা কৰে; আনহাতে যদি তোমালোকে ধৈৰ্য্য ধাৰণ কৰা তেন্তে তোমালোকৰ বাবে মঙ্গল আছে। আল্লাহ ক্ষমাপৰায়ণ, পৰম দয়ালু।
-
4:26
يُرِيدُ ٱللَّهُ لِيُبَيِّنَ لَكُمْ وَيَهْدِيَكُمْ سُنَنَ ٱلَّذِينَ مِن قَبْلِكُمْ وَيَتُوبَ عَلَيْكُمْ ۗ وَٱللَّهُ عَلِيمٌ حَكِيمٌ
Yureedul laahu liyubayyina lakum wa-yahdiyakum sunanal laẓeena miñ q̣ablikum wa-yatooba ʻalaykum: wallaahu ʻAleemun Ḥakeem.
আল্লাহে তোমালোকৰ ওচৰত (তেওঁৰ বিধান) বিশদভাৱে বৰ্ণনা কৰিব বিচাৰে, আৰু তোমালোকৰ পূৰ্বৱৰ্তীসকলৰ ৰীতিনীতি তোমালোকক অৱহিত কৰিব বিচাৰে লগতে তোমালোকক ক্ষমা কৰিব বিচাৰে। আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।
-
4:27
وَٱللَّهُ يُرِيدُ أَن يَتُوبَ عَلَيْكُمْ وَيُرِيدُ ٱلَّذِينَ يَتَّبِعُونَ ٱلشَّهَوَٰتِ أَن تَمِيلُوا۟ مَيْلًا عَظِيمًا
Wallaahu yureedu ʹañy yatooba ʻalaykum; Wayureedul laẓeena yattabiʻoonash shahawaati ʹañ tameeloo maylan ʻaz̤̣eemaa.
আৰু আল্লাহে তোমালোকৰ তাওবা কবুল কৰিব বিচাৰে; আনহাতে যিসকলে কুপ্ৰবৃত্তিৰ অনুসৰণ কৰে সিহঁতে বিচাৰে যে, তোমালোকে প্ৰবলভাৱে (সত্য পথৰ পৰা) বিচ্যুত হোৱা।
-
4:28
يُرِيدُ ٱللَّهُ أَن يُخَفِّفَ عَنكُمْ ۚ وَخُلِقَ ٱلْإِنسَـٰنُ ضَعِيفًا
Yureedul laahu ʹañy yukhaffifa ʻañkum; wa-khuliq̣al ʹiñsaanu ḍaʻeefaa.
আল্লাহে তোমালোকৰ পৰা (বোজা) লঘু কৰিব বিচাৰে, কাৰণ মানুহক সৃষ্টি কৰা হৈছে অতি দুৰ্বল হিচাপে।
-
4:29
يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوا۟ لَا تَأْكُلُوٓا۟ أَمْوَٰلَكُم بَيْنَكُم بِٱلْبَـٰطِلِ إِلَّآ أَن تَكُونَ تِجَـٰرَةً عَن تَرَاضٍ مِّنكُمْ ۚ وَلَا تَقْتُلُوٓا۟ أَنفُسَكُمْ ۚ إِنَّ ٱللَّهَ كَانَ بِكُمْ رَحِيمًا
Yaaaʹayyuhal laẓeena ʹaamanoo laa- taʹkulooo ʹamwaalakum̃ baynakum̃ bilbaaṭili ʹillaaa ʹañ takoona tijaaratan ʻañ taraaḍim miñkum: walaa taq̣tulooo ʹanfusakum: ʹinnal laaha kaana bikum Raḥeemaa!
হে মুমিনসকল! তোমালোকে ইজনে সিজনৰ সম্পত্তি অন্যায়ভাৱে গ্ৰাস নকৰিবা; কিন্তু পাৰস্পৰিক সন্মতিক্ৰমে ব্যৱসায়-বাণিজ্যৰ মাধ্যমত হ’লে সেয়া ভিন্ন কথা; আৰু নিজেই নিজক হত্যা নকৰিবা; নিশ্চয় আল্লাহ তোমালোকৰ প্ৰতি পৰম দয়ালু।
-
4:30
وَمَن يَفْعَلْ ذَٰلِكَ عُدْوَٰنًا وَظُلْمًا فَسَوْفَ نُصْلِيهِ نَارًا ۚ وَكَانَ ذَٰلِكَ عَلَى ٱللَّهِ يَسِيرًا
Wa-mañy yafʻal ẓaalika ʻudwaanañw wa-Z̤̣ulmañ fasawfa nuṣleehi Naaraa: wa-kaana ẓaalika ʻalal laahi yaseeraa.
আৰু যিয়ে সীমালংঘন কৰি অন্যায়ভাৱে এনেকুৱা কৰিব, অনতিপলমে আমি তাক জুইত নিক্ষেপ কৰিম, আৰু এই কাম আল্লাহৰ বাবে অতি সহজ।
-
4:31
إِن تَجْتَنِبُوا۟ كَبَآئِرَ مَا تُنْهَوْنَ عَنْهُ نُكَفِّرْ عَنكُمْ سَيِّـَٔاتِكُمْ وَنُدْخِلْكُم مُّدْخَلًا كَرِيمًا
ʹIñ tajtaniboo kabaaaʹira maa- tunhawna ʻanhu nukaffir ʻañkum sayyiʹaatikum wa-nudkhilkum Mudkhalañ kareemaa.
তোমালোকক যি নিষেধ কৰা হৈছে, তাৰ মাজৰ পৰা যিবোৰ কবীৰা গুণাহ সেইবোৰৰ পৰা তোমালোকে যদি বিৰত থাকা, তেন্তে আমি তোমালোকৰ সৰু-সুৰা পাপসমূহ ক্ষমা কৰি দিম, আৰু তোমালোকক সন্মানজনক স্থানত প্ৰৱেশ কৰাম।
-
4:32
وَلَا تَتَمَنَّوْا۟ مَا فَضَّلَ ٱللَّهُ بِهِۦ بَعْضَكُمْ عَلَىٰ بَعْضٍ ۚ لِّلرِّجَالِ نَصِيبٌ مِّمَّا ٱكْتَسَبُوا۟ ۖ وَلِلنِّسَآءِ نَصِيبٌ مِّمَّا ٱكْتَسَبْنَ ۚ وَسْـَٔلُوا۟ ٱللَّهَ مِن فَضْلِهِۦٓ ۗ إِنَّ ٱللَّهَ كَانَ بِكُلِّ شَىْءٍ عَلِيمًا
Wa-laa tatamannaw maa- faḍḍalal laahu bihee baʻḍakum ʻalaa baʻḍ. Lirrijaali naṣeebum mimmak tasaboo, wa-lin-Nisaaaʹi naṣeebum mimmak tasabn. Wasʹalul laaha miñ faḍlih. ʹInnal laaha kaana bikulli shayʹin ʻAleemaa.
আৰু তোমালোকে সেইবোৰ বস্তুৰ আকাংক্ষা নকৰিবা, যাৰ দ্বাৰা আল্লাহে তোমালোকৰ মাজৰ এজনক আনজনৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছে। পুৰুষসকলে যি অৰ্জন কৰে সেয়া সিহঁতৰ প্ৰাপ্য অংশ আৰু নাৰীসকলে যি অৰ্জন কৰে সেয়া তাইহঁতৰ প্ৰাপ্য অংশ; (গতিকে তোমালোকে) আল্লাহৰ ওচৰত তেওঁৰ অনুগ্ৰহ প্ৰাৰ্থনা কৰা, নিশ্চয় আল্লাহ সকলো বস্তু সম্পৰ্কে সৰ্বজ্ঞ।
-
4:33
وَلِكُلٍّ جَعَلْنَا مَوَٰلِىَ مِمَّا تَرَكَ ٱلْوَٰلِدَانِ وَٱلْأَقْرَبُونَ ۚ وَٱلَّذِينَ عَقَدَتْ أَيْمَـٰنُكُمْ فَـَٔاتُوهُمْ نَصِيبَهُمْ ۚ إِنَّ ٱللَّهَ كَانَ عَلَىٰ كُلِّ شَىْءٍ شَهِيدًا
Wa-likulliñ jaʻalnaa mawaaliya mimmaa tarakal waalidaani wal-ʹaq̣raboon. Wallaẓeena ʻaq̣adat ʹaymaanukum faʹaatoohum naṣeebahum. ʹInnal laaha kaana ʻalaa kulli shayʹiñ Shaheedaa.
পিতৃ-মাতৃ আৰু আত্মীয়-স্বজনৰ পৰিত্যক্ত সম্পত্তিত (নাৰী-পুৰুষ) প্ৰত্যেককে আমি উত্তৰাধিকাৰী কৰিছোঁ আৰু যিসকলৰ লগত তোমালোকে অঙ্গীকাৰাৱদ্ধ সিহঁতৰ (প্ৰাপ্য) অংশ সিহঁতক দি দিয়া। নিশ্চয় আল্লাহ সকলো বিষয়ৰ প্ৰত্যক্ষদৰ্শী।
-
4:34
ٱلرِّجَالُ قَوَّٰمُونَ عَلَى ٱلنِّسَآءِ بِمَا فَضَّلَ ٱللَّهُ بَعْضَهُمْ عَلَىٰ بَعْضٍ وَبِمَآ أَنفَقُوا۟ مِنْ أَمْوَٰلِهِمْ ۚ فَٱلصَّـٰلِحَـٰتُ قَـٰنِتَـٰتٌ حَـٰفِظَـٰتٌ لِّلْغَيْبِ بِمَا حَفِظَ ٱللَّهُ ۚ وَٱلَّـٰتِى تَخَافُونَ نُشُوزَهُنَّ فَعِظُوهُنَّ وَٱهْجُرُوهُنَّ فِى ٱلْمَضَاجِعِ وَٱضْرِبُوهُنَّ ۖ فَإِنْ أَطَعْنَكُمْ فَلَا تَبْغُوا۟ عَلَيْهِنَّ سَبِيلًا ۗ إِنَّ ٱللَّهَ كَانَ عَلِيًّا كَبِيرًا
ʹArrijaalu q̣awwaamoona ʻalan Nisaaaʹi bimaa faḍ-ḍalal laahu baʻḍahum ʻalaa baʻḍiñw wabimaaa ʹañfaq̣oo min ʹamwaalihim, Faṣ-Ṣaaliḥaatu q̣aanitaatun ḥaafi-Z̤̣atul lil-g̣aybi bimaa ḥafi-Z̤̣al laah. Wallaatee takhaafoona nushoozahunna faʻi-Z̤̣oohunna wahjuroohunna fil maḍaajiʻi waḍriboohunn. Faʹin ʹaṭaʻnakum falaa tabg̣oo ʻalayhinna sabeelaa: ʹinnal laaha kaana ʻAliyyañ Kabeeraa.
পুৰুষসকল হৈছে নাৰীসকলৰ তত্ত্বাৱধায়ক, কাৰণ আল্লাহে সিহঁতৰ এজনক আনজনৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছে আৰু এইবাবেও যে, পুৰুষসকলে (নাৰীসকলৰ ওপৰত) নিজৰ ধন-সম্পদ ব্যয় কৰে। সেয়ে পূণ্যৱতী স্ত্ৰীসকল অনুগত হৈ থাকে, লগতে তেওঁলোকে মানুহৰ দৃষ্টিৰ অন্তৰালতো (স্বামীৰ সম্পদ আৰু নিজৰ মান-সন্মান) সংৰক্ষণ কৰে, যিবোৰ আল্লাহে সংৰক্ষণ কৰিছে; আৰু তোমালোকে স্ত্ৰীসকলৰ মাজৰ যিসকলকলৈ অবাধ্যতাৰ আশংকা কৰা সিহঁতক সদুপদেশ দিয়া, আৰু সিহঁতৰ শয্যা বৰ্জন কৰা, লগতে সিহঁতক (শাসনমূলক) প্ৰহাৰ কৰা। যদি সিহঁতে তোমালোকৰ অনুগত হয় তেন্তে সিহঁতৰ বিৰুদ্ধে কোনো পথ অন্বেষণ নকৰিবা। নিশ্চয় আল্লাহ শ্ৰেষ্ঠ, মহান।
-
4:35
وَإِنْ خِفْتُمْ شِقَاقَ بَيْنِهِمَا فَٱبْعَثُوا۟ حَكَمًا مِّنْ أَهْلِهِۦ وَحَكَمًا مِّنْ أَهْلِهَآ إِن يُرِيدَآ إِصْلَـٰحًا يُوَفِّقِ ٱللَّهُ بَيْنَهُمَآ ۗ إِنَّ ٱللَّهَ كَانَ عَلِيمًا خَبِيرًا
Wa-ʹin khiftum shiq̣aaq̣a baynihimaa fabʻas̤oo ḥakamam min ʹahlihee waḥakamam min ʹahlihaa. ʹIñy yureedaaa ʹiṣlaaḥ añyyuwaffiq̣il laahu baynahumaa: ʹinnal laaha kaana ʻAleeman Khabeeraa.
আৰু যদি তোমালোকে সিহঁত উভয়ৰ মাজত বিৰোধ আশংকা কৰা তেন্তে তোমালোকে স্বামীৰ পৰিয়ালৰ পৰা এজন আৰু স্ত্ৰীৰ পৰিয়ালৰ পৰা এজন বিচাৰক নিযুক্ত কৰা; সিহঁত উভয়ে যদি নিষ্পত্তি বিচাৰে তেন্তে আল্লাহে সিহঁতৰ মাজত মীমাংসাৰ অনুকূল অৱস্থা সৃষ্টি কৰি দিব। নিশ্চয় আল্লাহ সৰ্বজ্ঞ, সবিশেষ অৱহিত।
-
4:36
۞ وَٱعْبُدُوا۟ ٱللَّهَ وَلَا تُشْرِكُوا۟ بِهِۦ شَيْـًٔا ۖ وَبِٱلْوَٰلِدَيْنِ إِحْسَـٰنًا وَبِذِى ٱلْقُرْبَىٰ وَٱلْيَتَـٰمَىٰ وَٱلْمَسَـٰكِينِ وَٱلْجَارِ ذِى ٱلْقُرْبَىٰ وَٱلْجَارِ ٱلْجُنُبِ وَٱلصَّاحِبِ بِٱلْجَنۢبِ وَٱبْنِ ٱلسَّبِيلِ وَمَا مَلَكَتْ أَيْمَـٰنُكُمْ ۗ إِنَّ ٱللَّهَ لَا يُحِبُّ مَن كَانَ مُخْتَالًا فَخُورًا
Waʻbudul laaha wa-laa tushrikoo bihee shayʹañw wabilwaalidayni ʹiḥsaanañw Wabiẓil q̣urbaa wal-yataamaa wal-masaakeeni wal-jaari ẓil q̣urbaa wal-jaaril junubi waṣ-ṣaaḥibi biljambi wabnis sabeeli wa-maa malakat ʹaymaanukum: ʹinnal laaha laa- yuḥibbu mañ kaana mukhtaalañ fakhooraa;
তোমালোকে আল্লাহৰ ইবাদত কৰা, আৰু তেওঁৰ লগত আন কাকো অংশীদাৰ স্থাপন নকৰিবা; লগতে পিতৃ-মাতৃ আৰু আত্মীয়-স্বজন, এতীম, অভাৱগ্ৰস্ত, নিকট প্ৰতিৱেশী, দূৰ-প্ৰতিৱেশী, সঙ্গী-সাৰথি, মুছাফিৰ আৰু তোমালোকৰ অধিকাৰভুক্ত দাস-দাসীসকলৰ প্ৰতি সদ্ব্যৱহাৰ কৰা। নিশ্চয় আল্লাহে দাম্ভিক, অহংকাৰীক পছন্দ নকৰে।
-
4:37
ٱلَّذِينَ يَبْخَلُونَ وَيَأْمُرُونَ ٱلنَّاسَ بِٱلْبُخْلِ وَيَكْتُمُونَ مَآ ءَاتَىٰهُمُ ٱللَّهُ مِن فَضْلِهِۦ ۗ وَأَعْتَدْنَا لِلْكَـٰفِرِينَ عَذَابًا مُّهِينًا
ʹAllaẓeena yabkhaloona wa-yaʹmuroonan naasa bilbukhli wa-yaktumoona maaa ʹaataahumul laahu miñ faḍlih; wa-ʹaʻtadnaa lilkaafireena ʻaẓaabam muheenaa;
(আল্লাহে সিহঁতকো ভাল নাপায়) যিসকলে নিজে কৃপণতা কৰে আৰু মানুহকো কৃপণতাৰ নিৰ্দেশ দিয়ে, আৰু আল্লাহে নিজ অনুগ্ৰহত সিহঁতক যি প্ৰদান কৰিছে সেয়া গোপন কৰে; আৰু আমি কাফিৰসকলৰ বাবে লাঞ্ছনাদায়ক শাস্তি প্ৰস্তুত কৰি ৰাখিছোঁ।
-
4:38
وَٱلَّذِينَ يُنفِقُونَ أَمْوَٰلَهُمْ رِئَآءَ ٱلنَّاسِ وَلَا يُؤْمِنُونَ بِٱللَّهِ وَلَا بِٱلْيَوْمِ ٱلْـَٔاخِرِ ۗ وَمَن يَكُنِ ٱلشَّيْطَـٰنُ لَهُۥ قَرِينًا فَسَآءَ قَرِينًا
Wallaẓeena yuñfiq̣oona ʹamwaalahum riʹaaaʹan naasi wa-laa yuʹminoona billaahi wa-laa bil-Yawmil ʹAakhir. Wa-mañy yakunish shayṭaanu lahoo q̣areenañ fasaaaʹa q̣areenaa.
আৰু যিসকলে মানুহক দেখুৱাবলৈ নিজৰ ধন-সম্পদ ব্যয় কৰে, লগতে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান পোষণ নকৰে (আল্লাহে সিহঁতকো ভাল নাপায়) আৰু চয়তান যাৰ সংগী হয়, তাৰ সংগী কিমান যে নিকৃষ্ট!
-
4:39
وَمَاذَا عَلَيْهِمْ لَوْ ءَامَنُوا۟ بِٱللَّهِ وَٱلْيَوْمِ ٱلْـَٔاخِرِ وَأَنفَقُوا۟ مِمَّا رَزَقَهُمُ ٱللَّهُ ۚ وَكَانَ ٱللَّهُ بِهِمْ عَلِيمًا
Wa-maaẓaa ʻalayhim law ʹaamanoo billaahi wal-Yawmil ʹAakhiri wa-ʹañfaq̣oo mimmaa razaq̣ahumul laah? Wa- kaanallaahu bihim ʻAleemaa.
সিহঁতে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান আনিলে, আৰু আল্লাহে সিহঁতক যি প্ৰদান কৰিছে তাৰ পৰা ব্যয় কৰিলে, সিহঁতৰ কি ক্ষতি হ’লহেঁতেন? আৰু আল্লাহে সিহঁতৰ বিষয়ে সম্যক অৱগত।
-
4:40
إِنَّ ٱللَّهَ لَا يَظْلِمُ مِثْقَالَ ذَرَّةٍ ۖ وَإِن تَكُ حَسَنَةً يُضَـٰعِفْهَا وَيُؤْتِ مِن لَّدُنْهُ أَجْرًا عَظِيمًا
ʹInnal laaha laa- yaz̤̣limu mis̤q̣aala z̤̣arrah: wa-ʹiñ taku ḥaṣanatañy yuḍaaʻifhaa wa-yuʻti mil ladunhu ʹajran ʻaz̤̣eemaa.
নিশ্চয় আল্লাহে অণু পৰিমাণও অন্যায় নকৰে আৰু যদি সেয়া কোনো ধৰণৰ পূণ্য হয়, তেন্তে তেওঁ সেইটোক বহুগুণ বৃদ্ধি কৰি দিয়ে, আনকি নিজৰ ফালৰ পৰা মহাপ্ৰতিদান প্ৰদান কৰে।
-
4:41
فَكَيْفَ إِذَا جِئْنَا مِن كُلِّ أُمَّةٍۭ بِشَهِيدٍ وَجِئْنَا بِكَ عَلَىٰ هَـٰٓؤُلَآءِ شَهِيدًا
Fakayfa ʹiẓaa jiʹnaa miñ kulli ʹummatim bishaheediñw wa jiʹnaabika ʻalaa haaaʹulaaaʹi Shaheedaa?
এতেকে যেতিয়া আমি প্ৰত্যেক উম্মতৰ পৰা এজন সাক্ষী (নবী) উপস্থিত কৰিম আৰু তোমাকো সিহঁতৰ বিৰুদ্ধে সাক্ষীৰূপে উপস্থিত কৰিম তেতিয়া সিহঁতৰ কি অৱস্থা হ’ব?
-
4:42
يَوْمَئِذٍ يَوَدُّ ٱلَّذِينَ كَفَرُوا۟ وَعَصَوُا۟ ٱلرَّسُولَ لَوْ تُسَوَّىٰ بِهِمُ ٱلْأَرْضُ وَلَا يَكْتُمُونَ ٱللَّهَ حَدِيثًا
Yawmaʹiẓiñy yawad dullaẓeena kafaroo wa-ʻaṣawur Rasoola law tusawwaa bihimul ʹarḍ: wa-laa yaktumoonal laaha ḥadees̤aa!
যিসকলে কুফৰী কৰিছে আৰু ৰাছুলৰ অবাধ্য হৈছে সিহঁতে সেইদিনা কামনা কৰিব, সিহঁত যদি মাটিৰ লগত মিহলি সমান হৈ গ’লহেঁতেন! আৰু সিহঁতে (সেইদিনা) আল্লাহৰ পৰা কোনো কথাই গোপন কৰিব নোৱাৰিব।
-
4:43
يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوا۟ لَا تَقْرَبُوا۟ ٱلصَّلَوٰةَ وَأَنتُمْ سُكَـٰرَىٰ حَتَّىٰ تَعْلَمُوا۟ مَا تَقُولُونَ وَلَا جُنُبًا إِلَّا عَابِرِى سَبِيلٍ حَتَّىٰ تَغْتَسِلُوا۟ ۚ وَإِن كُنتُم مَّرْضَىٰٓ أَوْ عَلَىٰ سَفَرٍ أَوْ جَآءَ أَحَدٌ مِّنكُم مِّنَ ٱلْغَآئِطِ أَوْ لَـٰمَسْتُمُ ٱلنِّسَآءَ فَلَمْ تَجِدُوا۟ مَآءً فَتَيَمَّمُوا۟ صَعِيدًا طَيِّبًا فَٱمْسَحُوا۟ بِوُجُوهِكُمْ وَأَيْدِيكُمْ ۗ إِنَّ ٱللَّهَ كَانَ عَفُوًّا غَفُورًا
Yaaaʹayyuhal laẓeena ʹaamanoo laa- taq̣rabuṣ ṣalaata wa-ʹañtum sukaaraa ḥattaa taʻlamoo maa- taq̣ooloona wa-laa junuban ʹillaa ʻaabiree sabeelin ḥatta tag̣tasiloo. Wa-ʹiñ kuñtum marḍaaa ʹaw ʻalaa safarin ʹaw jaaaʹa ʹaḥadum miñkum minal g̣aaaʹiṭi ʹaw laamastumun niṣaaaʹa falam tajidoo maaaʹañ fatayammamoo ṣaʻeedañ ṭayyibañ famsaḥoo biwujoohikum wa-ʹaydeekum: ʹinnal laaha kaana ʻAfuwwan G̣afooraa.
হে মুমিনসকল! তোমালোকে নিচাগ্ৰস্ত অৱস্থাত মুখেৰে যি কোৱা সেয়া নুবুজালৈকে ছালাতৰ নিকটৱৰ্তী নহ’বা, আৰু জুনুবী (অপৱিত্ৰ) অৱস্থাতো নহয়, যেতিয়ালৈকে তোমালোকে গোছল নকৰা, কিন্তু মুছাফিৰ হ’লে সেয়া সুকীয়া কথা; আৰু যদি তোমালোকে অসুস্থ হোৱা অথবা ভ্ৰমণত থকা নাইবা তোমালোকৰ কোনোবাই শৌচস্থানৰ পৰা আহি অথবা তোমালোকে নাৰী সম্ভোগ কৰাৰ পিছত পানী নোপোৱা তেন্তে পৱিত্ৰ মাটিৰ দ্বাৰা তায়াম্মুম কৰা, এতেকে তোমালোকে নিজৰ মুখমণ্ডল আৰু হাত মছেহ কৰা; নিশ্চয় আল্লাহ পাপ মোচনকাৰী, ক্ষমাশীল।
-
4:44
أَلَمْ تَرَ إِلَى ٱلَّذِينَ أُوتُوا۟ نَصِيبًا مِّنَ ٱلْكِتَـٰبِ يَشْتَرُونَ ٱلضَّلَـٰلَةَ وَيُرِيدُونَ أَن تَضِلُّوا۟ ٱلسَّبِيلَ
ʹAlam tara ʹilal laẓeena ʹootoo naṣeebam minal Kitaabi yashtaroonaḍ ḍalaalata wa-yureedoona ʹañ taḍillus sabeel.
তুমি সিহঁতক দেখা নাইনে যিসকলক কিতাবৰ এটা অংশ প্ৰদান কৰা হৈছিল? সিহঁতে পথভ্ৰষ্টতা ক্ৰয় কৰে আৰু সিহঁতে বিচাৰে যে, তোমালোকেও পথভ্ৰষ্ট হোৱা।
-
4:45
وَٱللَّهُ أَعْلَمُ بِأَعْدَآئِكُمْ ۚ وَكَفَىٰ بِٱللَّهِ وَلِيًّا وَكَفَىٰ بِٱللَّهِ نَصِيرًا
Wallaahu ʹaʻlamu biʹaʻdaaaʹikum; wa-kafaa billaahi Waliyyañw Wakafaa billaahi Naṣeeraa.
আল্লাহে তোমালোকৰ শত্ৰুসকলক ভালদৰেই চিনি পায়; আৰু অভিভাৱক হিচাপে আল্লাহেই যথেষ্ট, লগতে সহায়কাৰী হিচাপেও আল্লাহেই যথেষ্ট।
-
4:46
مِّنَ ٱلَّذِينَ هَادُوا۟ يُحَرِّفُونَ ٱلْكَلِمَ عَن مَّوَاضِعِهِۦ وَيَقُولُونَ سَمِعْنَا وَعَصَيْنَا وَٱسْمَعْ غَيْرَ مُسْمَعٍ وَرَٰعِنَا لَيًّۢا بِأَلْسِنَتِهِمْ وَطَعْنًا فِى ٱلدِّينِ ۚ وَلَوْ أَنَّهُمْ قَالُوا۟ سَمِعْنَا وَأَطَعْنَا وَٱسْمَعْ وَٱنظُرْنَا لَكَانَ خَيْرًا لَّهُمْ وَأَقْوَمَ وَلَـٰكِن لَّعَنَهُمُ ٱللَّهُ بِكُفْرِهِمْ فَلَا يُؤْمِنُونَ إِلَّا قَلِيلًا
Minal laẓeena haadoo yuḥarrifoonal kalima ʻam mawaaḍiʻihee wa-yaq̣ooloona samiʻnaa wa-ʻaṣaynaa wasmaʻ g̣ayra musmaʻiñw waraaʻinaa lay-yam biʹalsinatihim waṭaʻnañ fid deen. Wa-law ʹannahum q̣aaloo samiʻnaa wa-ʹaṭaʻnaa wasmaʻ wañz̤̣urnaa lakaana khayral lahum wa-ʹaq̣wama wa-laakil laʻanahumul laahu bikufrihim falaa yuʹminoona ʹillaa q̣aleelaa.
ইয়াহুদীসকলৰ মাজত এনেকুৱা কিছুমান লোকো আছে যিসকলে (তাওৰাতৰ) কালামসমূহক তাৰ স্থানৰ পৰা পৰিবৰ্তন কৰি বিকৃত কৰে আৰু (মুহাম্মদক) কয়, ‘আমি শুনিলোঁ আৰু অমান্য কৰিলোঁ, আৰু (সিহঁতে কয়) শুনিবা নুশুনাৰ দৰে’; আৰু নিজৰ জিভা ঘূৰাই লগতে দ্বীনৰ প্ৰতি তাচ্ছিল্য কৰি কয়, ‘ৰা-ঈনা’। কিন্তু সিহঁতে যদি ক’লেহেঁতেন, ‘আমি শুনিলোঁ আৰু মানিলোঁ, আৰু শুনা আৰু আমাৰ প্ৰতি লক্ষ্য কৰা’, তেন্তে এয়া সিহঁতৰ বাবে ভাল আৰু সঙ্গত হ’লহেঁতেন। কিন্তু সিহঁতৰ কুফৰীৰ বাবে আল্লাহে সিহঁতক অভিসম্পাত কৰিছে। ফলত সিহঁতৰ মাজৰ অতি কম সংখ্যক লোকে ঈমান পোষণ কৰে।
-
4:47
يَـٰٓأَيُّهَا ٱلَّذِينَ أُوتُوا۟ ٱلْكِتَـٰبَ ءَامِنُوا۟ بِمَا نَزَّلْنَا مُصَدِّقًا لِّمَا مَعَكُم مِّن قَبْلِ أَن نَّطْمِسَ وُجُوهًا فَنَرُدَّهَا عَلَىٰٓ أَدْبَارِهَآ أَوْ نَلْعَنَهُمْ كَمَا لَعَنَّآ أَصْحَـٰبَ ٱلسَّبْتِ ۚ وَكَانَ أَمْرُ ٱللَّهِ مَفْعُولًا
Yaaaʹayyuhal laẓeena ʹootul Kitaaba ʹaaminoo bimaa nazzalnaa muṣaddiq̣al limaa maʻakum miñ q̣abli ʹañ naṭmisa wujoohañ fanaruddahaa ʻalaaa ʹadbaarihaaa ʹaw nalʻanahum kamaa laʻannaaa ʹAṣḥaabas Sabt. Wa-kaana ʹamrul laahi mafʻoolaa.
হে কিতাবপ্ৰাপ্তসকল! আমি মুখমণ্ডলসমূহক বিকৃত কৰি পশ্চাদফালে ঘূৰাই দিয়াৰ আগতে অথবা আচহাবুচ ছাবতক(শনিবাৰ অমান্যকাৰীসকলক) যিদৰে অভিসম্পাত কৰিছিলোঁ সেইদৰে অভিসম্পাত কৰাৰ আগতে তোমালোকৰ ওচৰত যি আছে তাৰ সমৰ্থকৰূপে আমি যি অৱতীৰ্ণ কৰিছোঁ তাৰ প্ৰতি তোমালোকে ঈমান পোষণ কৰা; (জানি থোৱা) আল্লাহৰ আদেশ কাৰ্যকৰী হ’বই হ’ব।
-
4:48
إِنَّ ٱللَّهَ لَا يَغْفِرُ أَن يُشْرَكَ بِهِۦ وَيَغْفِرُ مَا دُونَ ذَٰلِكَ لِمَن يَشَآءُ ۚ وَمَن يُشْرِكْ بِٱللَّهِ فَقَدِ ٱفْتَرَىٰٓ إِثْمًا عَظِيمًا
ʹInnal laaha laa- yag̣firu ʹañy yushraka bihee wayag̣firu maa- doona ẓaalika limañy yashaaaʹ. Wa-mañy yushrik billaahi faq̣adif taraaa ʹis̤man ʻa-Z̤̣eemaa.
নিশ্চয় আল্লাহে তেওঁৰ লগত অংশী স্থাপন (শ্বিৰ্ক) কৰাক ক্ষমা নকৰে। ইয়াৰ বাহিৰে অন্যান্য অপৰাধসমূহ যাক ইচ্ছা ক্ষমা কৰে আৰু যিয়ে আল্লাহৰ লগত আনক অংশী কৰে সি নিশ্চয় মহাপাপ ৰচনা কৰে।
-
4:49
أَلَمْ تَرَ إِلَى ٱلَّذِينَ يُزَكُّونَ أَنفُسَهُم ۚ بَلِ ٱللَّهُ يُزَكِّى مَن يَشَآءُ وَلَا يُظْلَمُونَ فَتِيلًا
ʹAlam tara ʹilal laẓeena yuzakkoona ʹañfusahum? Balil laahu yuzakkee mañy yashaaaʹu wa-laa yuz̤̣lamoona fateela.
তুমি সিহঁতক দেখা নাইনে, যিসকলে নিজকে পৱিত্ৰ বুলি ধাৰণা কৰে? অথচ আল্লাহে যাক ইচ্ছা কৰে পৱিত্ৰ কৰে, আৰু সিহঁতৰ ওপৰত সূতা পৰিমাণো অন্যায় কৰা নহ’ব।
-
4:50
ٱنظُرْ كَيْفَ يَفْتَرُونَ عَلَى ٱللَّهِ ٱلْكَذِبَ ۖ وَكَفَىٰ بِهِۦٓ إِثْمًا مُّبِينًا
ʹUñz̤̣ur kayfa yaftaroona ʻalal laahil kaẓib! wa-kafaa biheee ʹiṣmam mubeenaa!
চোৱা, সিহঁতে আল্লাহ সম্পৰ্কে কেনেকৈ মিছা উদ্ভাৱন কৰি আছে, আৰু প্ৰকাশ্য পাপ হিচাপে এইটোৱেই যথেষ্ট।
-
4:51
أَلَمْ تَرَ إِلَى ٱلَّذِينَ أُوتُوا۟ نَصِيبًا مِّنَ ٱلْكِتَـٰبِ يُؤْمِنُونَ بِٱلْجِبْتِ وَٱلطَّـٰغُوتِ وَيَقُولُونَ لِلَّذِينَ كَفَرُوا۟ هَـٰٓؤُلَآءِ أَهْدَىٰ مِنَ ٱلَّذِينَ ءَامَنُوا۟ سَبِيلًا
ʹAlam tara ʹilal laẓeena ʹootoo naṣeebam minal Kitaabi yuʹminoona bil-Jibti waṭ-Ṭaag̣ooti wa-yaq̣ooloona lillaẓeena kafaroo haaaʹulaaaʹi ʹahdaa minal laẓeena ʹaamanoo sabeelaa?
তুমি সিহঁতৰ প্ৰতি লক্ষ্য কৰা নাইনে, যিসকলক কিতাবৰ এটা অংশ প্ৰদান কৰা হৈছিল? সিহঁতে জিব’ত (চয়তান, শ্বিৰ্ক আৰু যাদু আদি) আৰু তাগুতক (বাতিল উপাস্যক) বিশ্বাস কৰে, লগতে সিহঁতে কাফিৰসকলৰ বিষয়ে কয়, ‘এওঁলোকেই মুমিনসকলতকৈ অধিক সঠিক পথপ্ৰাপ্ত’।
-
4:52
أُو۟لَـٰٓئِكَ ٱلَّذِينَ لَعَنَهُمُ ٱللَّهُ ۖ وَمَن يَلْعَنِ ٱللَّهُ فَلَن تَجِدَ لَهُۥ نَصِيرًا
ʹUlaaaʹikal laẓeena laʻanahumul laah: wa-mañy yalʻanil laahu falañ tajida lahoo naṣeeraa.
ইহঁতেই হৈছে সেইসকল লোক, যিসকলৰ ওপৰত আল্লাহে অভিসম্পাত কৰিছে আৰু আল্লাহে যাক অভিসম্পাত কৰে তুমি কেতিয়াও তাৰ কোনো সহায়কাৰী নাপাবা।
-
4:53
أَمْ لَهُمْ نَصِيبٌ مِّنَ ٱلْمُلْكِ فَإِذًا لَّا يُؤْتُونَ ٱلنَّاسَ نَقِيرًا
ʹAm lahum naṣeebum minal mulki faʹiẓal laa yuʹtoonan naasa naq̣eeraa?
(আল্লাহৰ) ৰাজত্বত সিহঁতৰ কোনো অংশ আছে নেকি? (সঁচাই যদি থাকিলহেঁতেন) তেতিয়াহ’লে সিহঁতে খেজুৰৰ গুটিৰ ওপৰত থকা মিহি আৱৰণ পৰিমাণো কোনো বস্তু মানুহক নিদিলেহেঁতেন।
-
4:54
أَمْ يَحْسُدُونَ ٱلنَّاسَ عَلَىٰ مَآ ءَاتَىٰهُمُ ٱللَّهُ مِن فَضْلِهِۦ ۖ فَقَدْ ءَاتَيْنَآ ءَالَ إِبْرَٰهِيمَ ٱلْكِتَـٰبَ وَٱلْحِكْمَةَ وَءَاتَيْنَـٰهُم مُّلْكًا عَظِيمًا
ʹAm yaḥsudoonan naasa ʻalaa maaa ʹaataahumul laahu miñ faḍlih? Faq̣ad ʹaataynaaa ʹAala ʹIbraaheemal Kitaaba wal-Ḥikmata wa-ʹaataynaahum mulkan ʻa-Z̤̣eemaa.
অথবা আল্লাহে নিজ অনুগ্ৰহত মানুহক যি প্ৰদান কৰিছে সেইকাৰণে সিহঁতে মানুহক ঈৰ্ষা কৰে নেকি? তেনেহ’লে আমিতো ইব্ৰাহীমৰ বংশধৰসকলকো কিতাব আৰু হিকমত প্ৰদান কৰিছিলোঁ আৰু আমি তেওঁলোকক বিশাল ৰাজ্য দান কৰিছিলোঁ।
-
4:55
فَمِنْهُم مَّنْ ءَامَنَ بِهِۦ وَمِنْهُم مَّن صَدَّ عَنْهُ ۚ وَكَفَىٰ بِجَهَنَّمَ سَعِيرًا
Faminhum man ʹaamana bihee wa-minhum mañ ṣadda ʻanh: wa-kafaa bi-Jahannama saʻeeraa.
তাৰ পিছত সিহঁতৰ কিছুমানে ঈমান আনিছিল আৰু আন কিছুমানে ইয়াৰ পৰা বিমুখ হৈছিল; প্ৰকৃততে দগ্ধ কৰিবলৈ জাহান্নামেই যথেষ্ট।
-
4:56
إِنَّ ٱلَّذِينَ كَفَرُوا۟ بِـَٔايَـٰتِنَا سَوْفَ نُصْلِيهِمْ نَارًا كُلَّمَا نَضِجَتْ جُلُودُهُم بَدَّلْنَـٰهُمْ جُلُودًا غَيْرَهَا لِيَذُوقُوا۟ ٱلْعَذَابَ ۗ إِنَّ ٱللَّهَ كَانَ عَزِيزًا حَكِيمًا
ʹInnal laẓeena kafaroo biʹAayaatinaa sawfa nuṣleehim Naaraa. kullamaa naḍijat julooduhum baddalnaahum juloodan g̣ayrahaa liyaẓooq̣ul ʻaẓaab: ʹinnal laha kaana ʻAzeezan Ḥakeemaa.
নিশ্চয় যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰে, অচিৰেই আমি সিহঁতক জুইত প্ৰৱেশ কৰাম; যেতিয়াই সিহঁতৰ ছাল জুইত পুৰি পকি যাব (দগ্ধ হ’ব), তেতিয়াই ইয়াৰ ঠাইত নতুন ছাল সলনি কৰি দিম, যাতে সিহঁতে শাস্তি ভোগ কৰিব পাৰে। নিশ্চয় আল্লাহ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
-
4:57
وَٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّـٰلِحَـٰتِ سَنُدْخِلُهُمْ جَنَّـٰتٍ تَجْرِى مِن تَحْتِهَا ٱلْأَنْهَـٰرُ خَـٰلِدِينَ فِيهَآ أَبَدًا ۖ لَّهُمْ فِيهَآ أَزْوَٰجٌ مُّطَهَّرَةٌ ۖ وَنُدْخِلُهُمْ ظِلًّا ظَلِيلًا
Wallaẓeena ʹaamanoo wa-ʻamiluṣ ṣaaliḥaati sanudkhiluhum Jannaatiñ tajree miñ taḥtihal ʹanhaaru khaalideena feehaaa ʹabadaa: lahum feehaaa ʹazwaajum muṭahharah: wa-nudkhiluhum z̤̣illañ z̤̣aleelaa.
আৰু যিসকলে ঈমান আনিছে আৰু নেক আমল কৰিছে, অতিশীঘ্ৰে আমি তেওঁলোকক এনেকুৱা জান্নাতত প্ৰৱেশ কৰাম, যাৰ তলত নিজৰাসমূহ প্ৰবাহিত; তাত তেওঁলোক চিৰস্থায়ী হ’ব, লগতে তাত থাকিব তেওঁলোকৰ বাবে পৱিত্ৰ স্ত্ৰী, আৰু তেওঁলোকক আমি বিস্তৃত ঘন ছাঁত আশ্ৰয় দান কৰিম।
-
4:58
۞ إِنَّ ٱللَّهَ يَأْمُرُكُمْ أَن تُؤَدُّوا۟ ٱلْأَمَـٰنَـٰتِ إِلَىٰٓ أَهْلِهَا وَإِذَا حَكَمْتُم بَيْنَ ٱلنَّاسِ أَن تَحْكُمُوا۟ بِٱلْعَدْلِ ۚ إِنَّ ٱللَّهَ نِعِمَّا يَعِظُكُم بِهِۦٓ ۗ إِنَّ ٱللَّهَ كَانَ سَمِيعًۢا بَصِيرًا
ʹInnal laaha yaʹmurukum ʹañ tuʹaddul ʹamaanaati ʹilaaa ʹahlihaa wa-ʹiẓaa ḥakamtum̃ baynan naasi ʹañ taḥkumoo bil-ʻadl! ʹInnal laaha niʻimmaa yaʻiz̤̣ukum̃ bih! ʹInnal laaha kaana Sameeʻam Baṣeeraa.
নিশ্চয় আল্লাহে তোমালোকক আমানতসমূহ তাৰ গৰাকীলৈ ঘূৰাই দিয়াৰ নিৰ্দেশ দিছে। তোমালোকে যেতিয়া মানুহৰ মাজত বিচাৰকাৰ্য পৰিচালনা কৰিবা তেতিয়া তোমালোকে ন্যায়পৰায়ণতাৰ সৈতে বিচাৰ কৰিবা। আল্লাহে তোমালোকক যি উপদেশ দিয়ে সেয়া কিমান যে উৎকৃষ্ট! নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা।
-
4:59
يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوٓا۟ أَطِيعُوا۟ ٱللَّهَ وَأَطِيعُوا۟ ٱلرَّسُولَ وَأُو۟لِى ٱلْأَمْرِ مِنكُمْ ۖ فَإِن تَنَـٰزَعْتُمْ فِى شَىْءٍ فَرُدُّوهُ إِلَى ٱللَّهِ وَٱلرَّسُولِ إِن كُنتُمْ تُؤْمِنُونَ بِٱللَّهِ وَٱلْيَوْمِ ٱلْـَٔاخِرِ ۚ ذَٰلِكَ خَيْرٌ وَأَحْسَنُ تَأْوِيلًا
Yaaaʹayyuhal laẓeena ʹaamanooo ʹaṭeeʻul laaha wa-ʹaṭeeʻur Rasoola wa-ʹulil ʹamri miñkum. Faʹiñ tanaazaʻtum fee shayʹiñ faruddoohu ʹilal laahi war-Rasooli ʹiñ kuntum tuʹminoona billaahi wal-Yawmil ʹAakhir. Ẓaalika khayruñw waʹaḥsanu taʹweelaa.
হে মুমিনসকল! তোমালোকে আল্লাহৰ আনুগত্য কৰা আৰু ৰাছুলৰ আনুগত্য কৰা লগতে আনুগত্য কৰা তোমালোকৰ মাজৰ ক্ষমতাশীলসকলৰ, তাৰ পিছত তোমালোকৰ মাজত কোনো বিষয় লৈ মতভেদ ঘটিলে সেয়া উপস্থাপন কৰা আল্লাহ আৰু তেওঁৰ ৰাছুলৰ ওচৰত, যদি তোমালোকে আল্লাহ আৰু আখিৰাতক বিশ্বাস কৰা। এই পন্থাই উত্তম আৰু পৰিণামত প্ৰকৃষ্টতৰ।
-
4:60
أَلَمْ تَرَ إِلَى ٱلَّذِينَ يَزْعُمُونَ أَنَّهُمْ ءَامَنُوا۟ بِمَآ أُنزِلَ إِلَيْكَ وَمَآ أُنزِلَ مِن قَبْلِكَ يُرِيدُونَ أَن يَتَحَاكَمُوٓا۟ إِلَى ٱلطَّـٰغُوتِ وَقَدْ أُمِرُوٓا۟ أَن يَكْفُرُوا۟ بِهِۦ وَيُرِيدُ ٱلشَّيْطَـٰنُ أَن يُضِلَّهُمْ ضَلَـٰلًۢا بَعِيدًا
ʹAlam tara ʹilal laẓeena yazʻumoona ʹannahum aamanoo bimaaa ʹuñzila ʹilayka wa-maaa ʹuñzila miñ q̣ablika yureedoona ʹañy yataḥaakamooo ʹilaṭ Ṭaag̣ooti wa-q̣ad ʹumirooo ʹañy yakfuroo bih. Wayureedush Shayṭaanu ʹañy yuḍillahum ḍalaalam baʻeedaa.
তুমি সিহঁতক দেখা নাইনে? যিসকলে দাবী কৰে যে, তোমাৰ প্ৰতি যি অৱতীৰ্ণ হৈছে আৰু তোমাৰ পূৰ্বে যি অৱতীৰ্ণ হৈছে তাত সিহঁতে ঈমান আনিছে, অথচ সিহঁতে তাগুতৰ ওচৰত বিচাৰপ্ৰাৰ্থী হ’ব বিচাৰে, যদিও সেইটোক প্ৰত্যাখ্যান কৰাৰ বাবে সিহঁতক নিৰ্দেশ দিয়া হৈছিল; আৰু চয়তানে সিহঁতক ভীষণভাৱে পথভ্ৰষ্ট কৰিব বিচাৰে।
-
4:61
وَإِذَا قِيلَ لَهُمْ تَعَالَوْا۟ إِلَىٰ مَآ أَنزَلَ ٱللَّهُ وَإِلَى ٱلرَّسُولِ رَأَيْتَ ٱلْمُنَـٰفِقِينَ يَصُدُّونَ عَنكَ صُدُودًا
Wa-ʹiẓaa q̣eela lahum taʻaalaw ʹilaa maaa ʹañzalal laahu wa-ʹilar Rasooli raʹaytal Munaafiq̣eena yaṣuddoona ʻañka ṣudoodaa.
সিহঁতক যেতিয়া কোৱা হয়, আল্লাহে যি অৱতীৰ্ণ কৰিছে তাৰ পিনে আৰু ৰাছুলৰ পিনে আহা, তেতিয়া তুমি মুনাফিকসকলক দেখিবা যে, সিহঁতে তোমাৰ পৰা ফালৰি কাটি আঁতৰি গৈছে।
-
4:62
فَكَيْفَ إِذَآ أَصَـٰبَتْهُم مُّصِيبَةٌۢ بِمَا قَدَّمَتْ أَيْدِيهِمْ ثُمَّ جَآءُوكَ يَحْلِفُونَ بِٱللَّهِ إِنْ أَرَدْنَآ إِلَّآ إِحْسَـٰنًا وَتَوْفِيقًا
Fakayfa ʹiẓaaa ʹaṣaabathum muṣeebatum bimaa q̣addamat ʹaydeehim s̤umma jaaaʹooka yaḥlifoona billaahi ʹin ʹaradnaaa ʹillaaa iḥsaanañw watawfeeq̣aa!
এতেকে তেতিয়া সিহঁতৰ কি অৱস্থা হ’ব, যেতিয়া সিহঁতৰ কৃতকৰ্মৰ বাবে সিহঁতে কোনো মুছিবতত পতিত হ’ব? তাৰ পিছত সিহঁতে আল্লাহৰ শপতলৈ তোমাৰ ওচৰত আহি ক’ব, ‘আমি কল্যাণ আৰু সম্প্ৰীতিৰ বাহিৰে আন একো বিচৰা নাছিলোঁ’।
-
4:63
أُو۟لَـٰٓئِكَ ٱلَّذِينَ يَعْلَمُ ٱللَّهُ مَا فِى قُلُوبِهِمْ فَأَعْرِضْ عَنْهُمْ وَعِظْهُمْ وَقُل لَّهُمْ فِىٓ أَنفُسِهِمْ قَوْلًۢا بَلِيغًا
ʹUlaaaʹikal laẓeena yaʻla mullaahu maa- fee q̣uloobihim faʹaʻriḍ ʻanhum wa-ʻiẓhum wa-q̣ul lahum feee ʹañfusihim q̣awlam baleeg̣aa.
এওঁলোকৰ অন্তৰত যি আছে সেয়া আল্লাহে ভালদৰেই জানে। সেয়ে তুমি সিহঁতক বৰ্জন কৰা, সিহঁতক সদুপদেশ দিয়া, আৰু সিহঁতৰ সৈতে সিহঁতৰ নিজৰ বিষয়ে মৰ্মস্পৰ্শকাৰী কথা কোৱা।
-
4:64
وَمَآ أَرْسَلْنَا مِن رَّسُولٍ إِلَّا لِيُطَاعَ بِإِذْنِ ٱللَّهِ ۚ وَلَوْ أَنَّهُمْ إِذ ظَّلَمُوٓا۟ أَنفُسَهُمْ جَآءُوكَ فَٱسْتَغْفَرُوا۟ ٱللَّهَ وَٱسْتَغْفَرَ لَهُمُ ٱلرَّسُولُ لَوَجَدُوا۟ ٱللَّهَ تَوَّابًا رَّحِيمًا
Wa-maaa ʹarsalnaa mir Rasoolin ʹillaa liyuṭaaʻa biʹIẓnil laah. Wa-law ʹannahum ʹiz̤̣ z̤̣alamooo ʹañfusahum jaaaʹooka fastag̣farul laaha wastag̣fara lahumur Rasoolu lawajadul laaha Tawwaabar Raḥeemaa.
আৰু আমি প্ৰতিজন ৰাছুলকে এইকাৰণে প্ৰেৰণ কৰিছোঁ, যাতে আল্লাহৰ অনুমতিক্ৰমে তেওঁলোকৰ আনুগত্য কৰা হয়। এতেকে যেতিয়া সিহঁতে নিজৰ প্ৰতি অন্যায় কৰিছিল তেতিয়া যদি সিহঁত তোমাৰ ওচৰলৈ আহিলহেঁতেন, আৰু আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিলেহেঁতেন, লগতে ৰাছুলেও যদি সিহঁতৰ হৈ ক্ষমা প্ৰাৰ্থনা কৰিলেহেঁতেন, তেন্তে নিশ্চয় সিহঁতে আল্লাহক পৰম ক্ষমাশীল আৰু পৰম দয়ালুৰূপে পালেহেঁতেন।
-
4:65
فَلَا وَرَبِّكَ لَا يُؤْمِنُونَ حَتَّىٰ يُحَكِّمُوكَ فِيمَا شَجَرَ بَيْنَهُمْ ثُمَّ لَا يَجِدُوا۟ فِىٓ أَنفُسِهِمْ حَرَجًا مِّمَّا قَضَيْتَ وَيُسَلِّمُوا۟ تَسْلِيمًا
Falaa Wa-Rabbika laa- yuʹminoona ḥattaa yuḥakkimooka fee-ma shajara baynahum s̤umma laa- yajidoo feee ʹañfusihim ḥarajam mimmaa q̣aḍayta wa-yusal-limoo tasleemaa.
কিন্তু নহয়, তোমাৰ প্ৰতিপালকৰ শপত! সিহঁত (কেতিয়াও প্ৰকৃত) মুমিন হ’ব নোৱাৰে যেতিয়ালৈকে সিহঁতে নিজৰ মাজত সৃষ্টি হোৱা বিবাদ-বিসম্বাদৰ বিচাৰ কাৰ্যৰ বাবে তোমাক মীমাংসাকাৰী হিচাপে মানি নল’ব; তাৰ পিছত তোমাৰ মীমাংসা সম্পৰ্কে সিহঁতৰ মনত কোনো দ্বিধা থাকিব নালাগে, লগতে যেতিয়ালৈকে সৰ্বান্তকৰণে সেই সিদ্ধান্তক মানি নল’ব।
-
4:66
وَلَوْ أَنَّا كَتَبْنَا عَلَيْهِمْ أَنِ ٱقْتُلُوٓا۟ أَنفُسَكُمْ أَوِ ٱخْرُجُوا۟ مِن دِيَـٰرِكُم مَّا فَعَلُوهُ إِلَّا قَلِيلٌ مِّنْهُمْ ۖ وَلَوْ أَنَّهُمْ فَعَلُوا۟ مَا يُوعَظُونَ بِهِۦ لَكَانَ خَيْرًا لَّهُمْ وَأَشَدَّ تَثْبِيتًا
Wa-law ʹannaa katabnaa ʻalayhim ʹaniq̣ tulooo ʹanfusakum ʹawikh rujoo miñ diyarikum maa faʻaloohu ʹillaa q̣aleelum minhum: wa-law ʹannahum faʻaloo maa- yooʻaz̤̣oona bihee lakaana khayral lahum wa-ʹashadda tas̤beetaa;
আৰু যদি আমি সিহঁতক আদেশ কৰিলোহেঁতেন যে, তোমালোকে নিজেই নিজকে হত্যা কৰা অথবা নিজ ঘৰৰ পৰা ওলাই যোৱা তেন্তে সিহঁতৰ কিছু সংখ্যকেই এই আদেশ পালন কৰিলেহেঁতেন। যিটো সিহঁতক আদেশ কৰা হৈছিল সেয়া সিহঁতে পালন কৰিলে, নিশ্চয় সিহঁতৰ বাবে কল্যাণকৰ হ’লহেঁতেন আৰু চিত্তস্থিৰতাত সিহঁত দৃঢ়তৰ হ’লহেঁতেন।
-
4:67
وَإِذًا لَّـَٔاتَيْنَـٰهُم مِّن لَّدُنَّآ أَجْرًا عَظِيمًا
Wa-ʹiẓal laʹaataynaahum mil ladunnaaa ʹajran ʻaz̤̣eemaa;
আৰু তেতিয়া আমি নিশ্চয় সিহঁতক আমাৰ তৰফৰ পৰা মহাপুৰস্কাৰ প্ৰদান কৰিলোহেঁতেন।
-
4:68
وَلَهَدَيْنَـٰهُمْ صِرَٰطًا مُّسْتَقِيمًا
Wa-la-hadynaahum Ṣiraaṭam Mustaq̣eema.
আৰু নিশ্চয় সিহঁতক সৰল পথত পৰিচালিত কৰিলোহেঁতেন।
-
4:69
وَمَن يُطِعِ ٱللَّهَ وَٱلرَّسُولَ فَأُو۟لَـٰٓئِكَ مَعَ ٱلَّذِينَ أَنْعَمَ ٱللَّهُ عَلَيْهِم مِّنَ ٱلنَّبِيِّـۧنَ وَٱلصِّدِّيقِينَ وَٱلشُّهَدَآءِ وَٱلصَّـٰلِحِينَ ۚ وَحَسُنَ أُو۟لَـٰٓئِكَ رَفِيقًا
Wa-mañy yuṭiʻil laaha war-Rasoola faʹulaaaʹika maʻal laẓeena ʹanʻamal laahu ʻalayhim minan Nabiyeena waṣ-Ṣiddeeq̣eena wash-Shuhadaaaʹi waṣ-Ṣaaliḥeen: waḥasuna ʹulaaʹika Rafeeq̣aa.
আৰু যিয়ে আল্লাহ আৰু ৰাছুলৰ আনুগত্য কৰিব, তেওঁ সেইসকল লোকৰ সঙ্গী হ’ব যিসকলৰ প্ৰতি আল্লাহে অনুগ্ৰহ কৰিছে, তেওঁলোক হৈছে নবী, ছিদ্দীক্ব (সত্যনিষ্ঠ), শ্বহীদ আৰু সৎকৰ্মপৰায়ণ- আৰু তেওঁলোক কিমান যে উত্তম সঙ্গী!
-
4:70
ذَٰلِكَ ٱلْفَضْلُ مِنَ ٱللَّهِ ۚ وَكَفَىٰ بِٱللَّهِ عَلِيمًا
Ẓaalikal Faḍlu minal laah: wa-kafaa billaahi ʻAleemaa.
এইবোৰ হৈছে আল্লাহৰ ফালৰ পৰা অনুগ্ৰহ। সৰ্বজ্ঞ হিচাপে আল্লাহেই যথেষ্ট।
-
4:71
يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوا۟ خُذُوا۟ حِذْرَكُمْ فَٱنفِرُوا۟ ثُبَاتٍ أَوِ ٱنفِرُوا۟ جَمِيعًا
Yaaaʹayyuhal laẓeena ʹaamanoo khuẓoo ḥiẓrakum fañfiroo s̤ubaatin ʹawiñ firoo jameeʻaa.
হে মুমিনসকল! তোমালোকে আত্মৰক্ষাৰ বাবে সতৰ্কতা অৱলম্বন কৰা, তাৰ পিছত সুবিধানুযায়ী দলে দলে বিভক্ত হৈ অগ্ৰসৰ হোৱা অথবা একগোট হৈ অগ্ৰসৰ হোৱা।
-
4:72
وَإِنَّ مِنكُمْ لَمَن لَّيُبَطِّئَنَّ فَإِنْ أَصَـٰبَتْكُم مُّصِيبَةٌ قَالَ قَدْ أَنْعَمَ ٱللَّهُ عَلَىَّ إِذْ لَمْ أَكُن مَّعَهُمْ شَهِيدًا
Wa-ʹinna miñkum lamal layubaṭṭiʹann: faʹin ʹaṣaabatkum muṣeebatuñ q̣aala q̣ad ʹanʻamal laahu ʻalayya ʹiẓ lam ʹakum maʻahum shaheedaa.
আৰু তোমালোকৰ মাজত কিছুমান এনেকুৱা লোকো আছে যিয়ে নিশ্চয় পিছহোঁহকা মাৰিব। তাৰ পিছত তোমালোকৰ ওপৰত কোনো বিপদ আপতিত হ’লে সি ক’ব, ‘আল্লাহে মোৰ ওপৰত অনুগ্ৰহ কৰিছে যে, মই সিহঁতৰ লগত উপস্থিত নাছিলোঁ’।
-
4:73
وَلَئِنْ أَصَـٰبَكُمْ فَضْلٌ مِّنَ ٱللَّهِ لَيَقُولَنَّ كَأَن لَّمْ تَكُنۢ بَيْنَكُمْ وَبَيْنَهُۥ مَوَدَّةٌ يَـٰلَيْتَنِى كُنتُ مَعَهُمْ فَأَفُوزَ فَوْزًا عَظِيمًا
Wa-laʹin ʹaṣaabakum faḍlum minal laahi layaq̣oolanna kaʹal lam takum baynakum wabaynahoo mawaddatuñy yaa-laytanee kuñtu maʻahum faʹafooza fawzan ʻa-Z̤̣eemaa!
আৰু আল্লাহৰ তৰফৰ পৰা তোমালোকৰ প্ৰতি কোনো অনুগ্ৰহ আহিলে নিশ্চয় সি এনেকৈ ক’ব যেনিবা তোমালোকৰ আৰু তাৰ মাজত কোনো সম্পৰ্কই নাছিল, ‘হায়, যদি সিহঁতৰ লগত থাকিলোঁহেঁতেন তেন্তে ময়ো বিৰাট সাফল্য লাভ কৰিলোঁহেঁতেন’।
-
4:74
۞ فَلْيُقَـٰتِلْ فِى سَبِيلِ ٱللَّهِ ٱلَّذِينَ يَشْرُونَ ٱلْحَيَوٰةَ ٱلدُّنْيَا بِٱلْـَٔاخِرَةِ ۚ وَمَن يُقَـٰتِلْ فِى سَبِيلِ ٱللَّهِ فَيُقْتَلْ أَوْ يَغْلِبْ فَسَوْفَ نُؤْتِيهِ أَجْرًا عَظِيمًا
Falyuq̣aatil fee Sabeelil laahil laẓeena yashroonal ḥayaatad dunyaa bil-ʹAakhirah. Wa-mañy yuq̣aatil fee Sabeelil laahi fayuq̣tal ʹaw yag̣lib fasawfa nuʹteehi ʹajran ʻaz̤̣eemaa.
এতেকে যিসকলে আখিৰাতৰ বিনিময়ত পাৰ্থিৱ জীৱন বিক্ৰী কৰে তেওঁলোকে আল্লাহৰ পথত যুদ্ধ কৰা উচিত। কাৰণ যিয়ে আল্লাহৰ পথত যুদ্ধ কৰিব তেওঁ শ্বহীদ হওক অথবা জয়লাভ কৰক, আমি তাক মহা পুৰস্কাৰ প্ৰদান কৰিম।
-
4:75
وَمَا لَكُمْ لَا تُقَـٰتِلُونَ فِى سَبِيلِ ٱللَّهِ وَٱلْمُسْتَضْعَفِينَ مِنَ ٱلرِّجَالِ وَٱلنِّسَآءِ وَٱلْوِلْدَٰنِ ٱلَّذِينَ يَقُولُونَ رَبَّنَآ أَخْرِجْنَا مِنْ هَـٰذِهِ ٱلْقَرْيَةِ ٱلظَّالِمِ أَهْلُهَا وَٱجْعَل لَّنَا مِن لَّدُنكَ وَلِيًّا وَٱجْعَل لَّنَا مِن لَّدُنكَ نَصِيرًا
Wa-maa lakum laa- tuq̣aatiloona fee Sabeelil laahi walmustaḍʻafeena minar rijaali wan-Nisaaaʹi walwildaanil laẓeena yaq̣ooloona Rabbanaaa ʹakhrijnaa min haaẓihil q̣aryatiz̤̣ z̤̣aalimi ʹahluhaa; wajʻal lanaa mil laduñka waliyyañw wajʻal lanaa mil laduñka naṣeeraa!
তোমালোকৰ কি হ’ল যে, তোমালোকে আল্লাহৰ পথত যুদ্ধ নকৰা, অথচ নিঃসহায় নৰ-নাৰী আৰু শিশুসকলে এই বুলি প্ৰাৰ্থনা কৰি আছে যে, ‘হে আমাৰ প্ৰতিপালক! আমাক এই জনপদৰ পৰা উদ্ধাৰ কৰা, ইয়াৰ অধিবাসীসকল হৈছে অত্যাচাৰী; তোমাৰ ফালৰ পৰা আমাৰ বাবে এজন অভিভাৱক নিৰ্ধাৰণ কৰা আৰু তোমাৰ ফালৰ পৰা আমাৰ বাবে এজন সহায়কাৰী নিৰ্ধাৰণ কৰা।
-
4:76
ٱلَّذِينَ ءَامَنُوا۟ يُقَـٰتِلُونَ فِى سَبِيلِ ٱللَّهِ ۖ وَٱلَّذِينَ كَفَرُوا۟ يُقَـٰتِلُونَ فِى سَبِيلِ ٱلطَّـٰغُوتِ فَقَـٰتِلُوٓا۟ أَوْلِيَآءَ ٱلشَّيْطَـٰنِ ۖ إِنَّ كَيْدَ ٱلشَّيْطَـٰنِ كَانَ ضَعِيفًا
Allaẓeena ʹaamanoo yuq̣aatiloona fee Sabeelil laahi wallaẓeena kafaroo yuq̣aatiloona fee Sabeeliṭ Ṭaag̣ooti faq̣aatilooo ʹawliyaaʹash Shayṭaan: ʹinna kaydash Shayṭaani kaana ḍaʻeefaa.
যিসকলে ঈমান আনিছে তেওঁলোকে আল্লাহৰ পথত যুদ্ধ কৰে, আৰু কাফিৰসকলে তাগুতৰ পথত যুদ্ধ কৰে। এতেকে তোমালোকে চয়তানৰ বন্ধুসকলৰ বিৰুদ্ধে যুদ্ধ কৰা; চয়তানৰ চক্ৰান্ত নিশ্চয় দুৰ্বল।
-
4:77
أَلَمْ تَرَ إِلَى ٱلَّذِينَ قِيلَ لَهُمْ كُفُّوٓا۟ أَيْدِيَكُمْ وَأَقِيمُوا۟ ٱلصَّلَوٰةَ وَءَاتُوا۟ ٱلزَّكَوٰةَ فَلَمَّا كُتِبَ عَلَيْهِمُ ٱلْقِتَالُ إِذَا فَرِيقٌ مِّنْهُمْ يَخْشَوْنَ ٱلنَّاسَ كَخَشْيَةِ ٱللَّهِ أَوْ أَشَدَّ خَشْيَةً ۚ وَقَالُوا۟ رَبَّنَا لِمَ كَتَبْتَ عَلَيْنَا ٱلْقِتَالَ لَوْلَآ أَخَّرْتَنَآ إِلَىٰٓ أَجَلٍ قَرِيبٍ ۗ قُلْ مَتَـٰعُ ٱلدُّنْيَا قَلِيلٌ وَٱلْـَٔاخِرَةُ خَيْرٌ لِّمَنِ ٱتَّقَىٰ وَلَا تُظْلَمُونَ فَتِيلًا
ʹAlam tara ʹilal laẓeena q̣eela lahum kuffooo ʻaydiyakum wa-ʹaq̣eemuṣ Ṣalaata wa-ʹaatuz Zakaah? Falammaa kutiba ʻalayhimul q̣italu ʹiẓaa fareeq̣um minhum yakhshawnan naasa kakhashyatil laahi ʹaw ʹashadda khashyah: wa-q̣aaloo Rabbana lima katabta ʻalaynal q̣itaal? Law- laaa ʹakhkhartanaaa ʹilaaa ʹajaliñ q̣areeb? Q̣ul mataaʻud dunyaa q̣aleel: wal-ʹAakhiratu khayrul limanit taq̣aa: wa-laa tuz̤̣lamoona fateelaa.
তুমি সিহঁতক দেখা নাইনে? যিসকলক কোৱা হৈছিল, ‘তোমালোকে নিজৰ হাত সংবৰণ কৰা, ছালাত কায়েম কৰা আৰু যাকাত প্ৰদান কৰা’; তাৰ পিছত যেতিয়া সিহঁতক যুদ্ধৰ বিধান দিয়া হ’ল তেতিয়া সিহঁতৰ এটা দলে মানুহক এনেকৈ ভয় কৰিছিল যেনেকৈ আল্লাহক ভয় কৰা হয় অথবা তাতোকৈ বেছি ভয় কৰিছিল আৰু কৈছিল, ‘হে আমাৰ প্ৰতিপালক! আমাক যুদ্ধৰ বিধান কিয় প্ৰদান কৰিলা? আমাক কেইটামান দিনৰ অৱকাশ কিয় নিদিলা? কোৱা, ‘পাৰ্থিৱ ভোগ-বিলাস অতি সামান্য আৰু যিয়ে তাক্বৱা অৱলম্বন কৰে তাৰ বাবে আখিৰাতেই উত্তম, আৰু তোমালোকৰ প্ৰতি সামান্য পৰিমাণো অন্যায় কৰা নহ’ব’।
-
4:78
أَيْنَمَا تَكُونُوا۟ يُدْرِككُّمُ ٱلْمَوْتُ وَلَوْ كُنتُمْ فِى بُرُوجٍ مُّشَيَّدَةٍ ۗ وَإِن تُصِبْهُمْ حَسَنَةٌ يَقُولُوا۟ هَـٰذِهِۦ مِنْ عِندِ ٱللَّهِ ۖ وَإِن تُصِبْهُمْ سَيِّئَةٌ يَقُولُوا۟ هَـٰذِهِۦ مِنْ عِندِكَ ۚ قُلْ كُلٌّ مِّنْ عِندِ ٱللَّهِ ۖ فَمَالِ هَـٰٓؤُلَآءِ ٱلْقَوْمِ لَا يَكَادُونَ يَفْقَهُونَ حَدِيثًا
ʹAynamaa takoonoo yudrikkumul mawtu walaw kuñtum fee buroojim mushayyadah. Wa-ʹiñ tuṣibhum ḥasanatuñy yaq̣ooloo haaẓihee min ʻiñdil laah; wa-ʹiñ tuṣibhum sayyiʹatuñy yaq̣ooloo haaẓihee min ʻiñdik. Q̣ul kullum min ʻiñdil laah. Famaali haaaʹulaaaʹil q̣awmi laa- yakaadoona yafq̣ahoona ḥadees̤aa?
তোমালোকে য’তেই নাথাকা কিয় মৃত্যুৱে তোমালোকক লগ পাবই, যদিও তোমালোকে সুউচ্চ সুদৃঢ় দুৰ্গত অৱস্থান নকৰা কিয়। যদি সিহঁতৰ কোনো কল্যাণ হয় তেন্তে সিহঁতে কয়, ‘এইটো আল্লাহৰ তৰফৰ পৰা আহিছে’, আৰু যদি সিহঁতৰ কোনো অকল্যাণ হয় তেন্তে সিহঁতে কয়, ‘এইটো তোমাৰ কাৰণেই হৈছে’। কোৱা, ‘সকলো আল্লাহৰ তৰফৰ পৰা হয়’। এই সম্প্ৰদায়ৰ কি হ’ল যে, ইহঁতে একেবাৰেই কোনো কথা নুবুজে!
-
4:79
مَّآ أَصَابَكَ مِنْ حَسَنَةٍ فَمِنَ ٱللَّهِ ۖ وَمَآ أَصَابَكَ مِن سَيِّئَةٍ فَمِن نَّفْسِكَ ۚ وَأَرْسَلْنَـٰكَ لِلنَّاسِ رَسُولًا ۚ وَكَفَىٰ بِٱللَّهِ شَهِيدًا
Maaa ʹaṣaabaka min ḥasanatiñ faminal laah; wa-maaa ʹaṣaabaka miñ sayyiʹatiñ famin nafsik Wa-ʹarsalnaaka linnaasi Rasoolaa. Wa-kafaa billaahi Shaheedaa.
তোমাৰ ওচৰত যি কল্যাণ আহে সেয়া আল্লাহৰ তৰফৰ পৰা আহে, আৰু তোমাৰ যি অকল্যাণ হয় সেয়া তোমাৰ নিজৰ কাৰণে হয় আৰু আমি তোমাক মানুহৰ বাবে ৰাছুল হিচাপে প্ৰেৰণ কৰিছোঁ; সাক্ষী হিচাপে আল্লাহেই যথেষ্ট।
-
4:80
مَّن يُطِعِ ٱلرَّسُولَ فَقَدْ أَطَاعَ ٱللَّهَ ۖ وَمَن تَوَلَّىٰ فَمَآ أَرْسَلْنَـٰكَ عَلَيْهِمْ حَفِيظًا
Mañy yuṭiʻir Rasoola faq̣ad ʹaṭaaʻal laah: wa-mañ tawallaa famaaa ʹarsalnaaka ʻalayhim ḥafeez̤̣aa.
যিয়ে ৰাছুলৰ আনুগত্য কৰে, তেওঁ দৰাচলতে আল্লাহৰেই আনুগত্য কৰে। আনহাতে যিয়ে বিমুখ হয়, তেন্তে (জানি থোৱা) আমি তোমাক সিহঁতৰ ওপৰত তত্ত্বাৱধায়কৰূপে প্ৰেৰণ কৰা নাই।
-
4:81
وَيَقُولُونَ طَاعَةٌ فَإِذَا بَرَزُوا۟ مِنْ عِندِكَ بَيَّتَ طَآئِفَةٌ مِّنْهُمْ غَيْرَ ٱلَّذِى تَقُولُ ۖ وَٱللَّهُ يَكْتُبُ مَا يُبَيِّتُونَ ۖ فَأَعْرِضْ عَنْهُمْ وَتَوَكَّلْ عَلَى ٱللَّهِ ۚ وَكَفَىٰ بِٱللَّهِ وَكِيلًا
Wa-yaq̣ooloona Ṭaaʻatun faʹiẓaa barazoo min ʻiñdika bayyata ṭaaaʹifatum minhum g̣ayral laẓee taq̣ool. Wallaahu yaktubu maa- yubayyitoon; faʹaʻriḍ ʻanhum wa-tawakkal ʻalal lah: wa-kafaa billaahi Wakeelaa.
আৰু সিহঁতে কয়, ‘(আমি) আনুগত্য কৰোঁ’; তাৰ পিছত যেতিয়া তোমাৰ ওচৰৰ পৰা সিহঁত গুচি যায়, তেতিয়া সিহঁতৰ এটা দলে যি কয় ৰাতিত তাৰ বিপৰীত পৰামৰ্শ কৰে। ৰাতিত সিহঁতে যি পৰামৰ্শ কৰে আল্লাহে সেয়া লিপিবদ্ধ কৰি ৰাখে। সেয়ে তুমি সিহঁতক উপেক্ষা কৰা আৰু আল্লাহৰ প্ৰতি ভৰসা কৰা; আৰু কৰ্মবিধায়ক হিচাপে আল্লাহেই যথেষ্ট।
-
4:82
أَفَلَا يَتَدَبَّرُونَ ٱلْقُرْءَانَ ۚ وَلَوْ كَانَ مِنْ عِندِ غَيْرِ ٱللَّهِ لَوَجَدُوا۟ فِيهِ ٱخْتِلَـٰفًا كَثِيرًا
ʹAfalaa yatadabbaroonal Q̣urʹaan? Wa-law kaana min ʻiñdi g̣ayril laahi lawajadoo fee-hikh tilaafañ kas̤eeraa
সিহঁতে কোৰআনকলৈ গভীৰভাৱে চিন্তা-চৰ্চা নকৰে নেকি? যদি এয়া আল্লাহৰ বাহিৰে আন কাৰোবাৰ পৰা অহা হ’লহেঁতেন, তেন্তে নিশ্চয় সিহঁতে ইয়াৰ মাজত বহুতো অসঙ্গতি পালেহেঁতেন।
-
4:83
وَإِذَا جَآءَهُمْ أَمْرٌ مِّنَ ٱلْأَمْنِ أَوِ ٱلْخَوْفِ أَذَاعُوا۟ بِهِۦ ۖ وَلَوْ رَدُّوهُ إِلَى ٱلرَّسُولِ وَإِلَىٰٓ أُو۟لِى ٱلْأَمْرِ مِنْهُمْ لَعَلِمَهُ ٱلَّذِينَ يَسْتَنۢبِطُونَهُۥ مِنْهُمْ ۗ وَلَوْلَا فَضْلُ ٱللَّهِ عَلَيْكُمْ وَرَحْمَتُهُۥ لَٱتَّبَعْتُمُ ٱلشَّيْطَـٰنَ إِلَّا قَلِيلًا
Wa-ʹiẓaa jaaaʹahum ʹamrum minal ʹamni ʹawil khawfi ʹaẓaaʻoo bih. Wa-law raddoohu ʹilar rasooli wa-ʹilaaa ʹulil ʹamri minhum laʻalimahul laẓeena yastambiṭoonahoo minhum. Wa-lawlaa Faḍlul laahi ʻalaykum wa-Raḥmatuhoo lattabaʻtumush Shayṭaana ʹillaa q̣aleelaa.
আৰু যেতিয়া সিহঁতৰ ওচৰলৈ শান্তি অথবা শংকাৰ কোনো সংবাদ আহে তেতিয়া সিহঁতে সেইটো প্ৰচাৰ কৰি ফুৰে। যদি সিহঁতে সেই সংবাদটো ৰাছুল অথবা সিহঁতৰ মাজত যিসকলে নিৰ্দেশ প্ৰদানৰ অধিকাৰী তেওঁলোকক জনালেহেঁতেন তেন্তে সিহঁতৰ মাজত যিসকলে তথ্য অনুসন্ধান কৰে তেওঁলোকে সেইটোৰ যথাৰ্থতা নিৰ্ণয় কৰিব পাৰিলেহেঁতেন। তোমালোকৰ প্ৰতি যদি আল্লাহৰ অনুগ্ৰহ আৰু ৰহমত নাথাকিলহেঁতেন তেন্তে তোমালোকৰ মাজৰ কিছুমানৰ বাহিৰে আটায়ে চয়তানৰ অনুসৰণ কৰিলেহেঁতেন।
-
4:84
فَقَـٰتِلْ فِى سَبِيلِ ٱللَّهِ لَا تُكَلَّفُ إِلَّا نَفْسَكَ ۚ وَحَرِّضِ ٱلْمُؤْمِنِينَ ۖ عَسَى ٱللَّهُ أَن يَكُفَّ بَأْسَ ٱلَّذِينَ كَفَرُوا۟ ۚ وَٱللَّهُ أَشَدُّ بَأْسًا وَأَشَدُّ تَنكِيلًا
Faq̣aatil fee Sabeelil laahi laa- tukallafu ʹillaa nafsaka waḥarriḍil Muʹmineen. ʻAsal laahu ʹañy yakuffa baʹsal laẓeena kafaroo: wallaahu ʹashaddu baʹsañw waʹashaddu tañkeelaa.
এতেকে তুমি আল্লাহৰ পথত যুদ্ধ কৰা, তুমি তোমাৰ নিজৰ বাহিৰে আনৰ বাবে দায়ী নোহোৱা আৰু মুমিনসকলক (যুদ্ধৰ বাবে) উদ্বুদ্ধ কৰা; সম্ভৱতঃ আল্লাহে কাফিৰসকলৰ শক্তি সংযত কৰিব; আৰু আল্লাহৰ শক্তি সৰ্বপেক্ষা প্ৰবল আৰু শাস্তি দানত অতি কঠোৰ।
-
4:85
مَّن يَشْفَعْ شَفَـٰعَةً حَسَنَةً يَكُن لَّهُۥ نَصِيبٌ مِّنْهَا ۖ وَمَن يَشْفَعْ شَفَـٰعَةً سَيِّئَةً يَكُن لَّهُۥ كِفْلٌ مِّنْهَا ۗ وَكَانَ ٱللَّهُ عَلَىٰ كُلِّ شَىْءٍ مُّقِيتًا
Mañy yashfaʻ shafaaʻatan ḥasanatañy yakul lahoo naṣeebum minhaa; wa-mañy yashfaʻ shafaaʻatañ sayyiʹatañy yakul lahoo kiflum minhaa: wa-kaanal laahu ʻalaa kulli shayʹim Muq̣eetaa.
যিয়ে ভাল কামৰ বাবে চুপাৰিছ কৰিব তাৰ বাবে তাত এটা অংশ থাকিব আৰু যিয়ে বেয়া কামৰ বাবে চুপাৰিছ কৰিব তাৰ বাবেও তাত এটা অংশ থাকিব। (জানি থোৱা) আল্লাহ প্ৰতিটো বস্তুৰ ওপৰত ক্ষমতাৱান।
-
4:86
وَإِذَا حُيِّيتُم بِتَحِيَّةٍ فَحَيُّوا۟ بِأَحْسَنَ مِنْهَآ أَوْ رُدُّوهَآ ۗ إِنَّ ٱللَّهَ كَانَ عَلَىٰ كُلِّ شَىْءٍ حَسِيبًا
Wa-ʹiẓaa ḥuyyeetum̃ bitaḥiyatiñ faḥayyoo biʹaḥsana minhaaa ʹaw ruddoohaa. ʹInnal laaha kaana ʻalaa kulli shayʹin Ḥas̤eebaa.
আৰু যেতিয়া তোমালোকক ছালাম দিয়া হয় তেতিয়া তোমালোকে তাতোকৈ উত্তমৰূপে ছালামৰ উত্তৰ দিবা নাইবা অনুৰূপ প্ৰত্যুত্তৰ দিবা। নিশ্চয় আল্লাহ সকলো বিষয়ে পূৰ্ণ হিচাপ গ্ৰহণকাৰী।
-
4:87
ٱللَّهُ لَآ إِلَـٰهَ إِلَّا هُوَ ۚ لَيَجْمَعَنَّكُمْ إِلَىٰ يَوْمِ ٱلْقِيَـٰمَةِ لَا رَيْبَ فِيهِ ۗ وَمَنْ أَصْدَقُ مِنَ ٱللَّهِ حَدِيثًا
ʹAllaahu laaa ʹilaaha ʹillaa huwa layajmaʻannakum ʹilaa yawmil Q̣iyaamati laa- rayba feeh. Wa-man ʹaṣdaq̣u minal laahi ḥadees̤aa?
আল্লাহ, তেওঁৰ বাহিৰে আন কোনো (সত্য) ইলাহ নাই; নিশ্চয় তেৱেঁই তোমালোকক ক্বিয়ামতৰ দিনা একত্ৰিত কৰিব, ইয়াত কোনো সন্দেহ নাই; আৰু কথাত আল্লাহতকৈ অধিক সত্যবাদী আৰু কোন হ’ব পাৰে?
-
4:88
۞ فَمَا لَكُمْ فِى ٱلْمُنَـٰفِقِينَ فِئَتَيْنِ وَٱللَّهُ أَرْكَسَهُم بِمَا كَسَبُوٓا۟ ۚ أَتُرِيدُونَ أَن تَهْدُوا۟ مَنْ أَضَلَّ ٱللَّهُ ۖ وَمَن يُضْلِلِ ٱللَّهُ فَلَن تَجِدَ لَهُۥ سَبِيلًا
Famaa lakum fil Munaafiq̣eena fiʹatayni wallaahu ʹarkasahum̃ bimaa kasaboo? ʹAtureedoona ʹañ tahdoo man ʹaḍallal laah? Wa-mañy yuḍlilil laahu falañ tajida lahoo Sabeelaa.
তোমালোকৰ কি হৈছে যে, তোমালোকে মুনাফিকসকলৰ বিষয়ে দুই দলত বিভক্ত হৈ গ’লা? অথচ সিহঁতে যি অৰ্জন কৰিছে তাৰ বাবে আল্লাহে সিহঁতক পূৰ্বাৱস্থালৈ ওভতাই দিছে। আল্লাহে যাক পথভ্ৰষ্ট কৰিছে তোমালোকে তাক সৎপথত পৰিচালিত কৰিব বিচৰা নেকি? আৰু আল্লাহে কাৰোবাক পথভ্ৰষ্ট কৰিলে তুমি তাৰ বাবে কেতিয়াও কোনো পথ বিচাৰি নাপাবা।
-
4:89
وَدُّوا۟ لَوْ تَكْفُرُونَ كَمَا كَفَرُوا۟ فَتَكُونُونَ سَوَآءً ۖ فَلَا تَتَّخِذُوا۟ مِنْهُمْ أَوْلِيَآءَ حَتَّىٰ يُهَاجِرُوا۟ فِى سَبِيلِ ٱللَّهِ ۚ فَإِن تَوَلَّوْا۟ فَخُذُوهُمْ وَٱقْتُلُوهُمْ حَيْثُ وَجَدتُّمُوهُمْ ۖ وَلَا تَتَّخِذُوا۟ مِنْهُمْ وَلِيًّا وَلَا نَصِيرًا
Waddoo law takfuroona kamaa kafaroo fatakoonoona sawaaaʹa; falaa tattakhiẓoo minhum ʹawliyaaaʹa ḥattaa yuhaajiroo fee sabeelil laah; faʹiñ tawallaw fakhuẓoohum waq̣tuloohum ḥays̤u wajattumoohum; wa-laa tattakhiẓoo minhum waliyyañw walaa naṣeeraa:
সিহঁতে এইটোৱেই কামনা কৰে যে, সিহঁতে যেনেকৈ কুফৰী কৰিছে তোমালোকেও তেনেকৈ কুফৰী কৰা, যাতে তোমালোকে সিহঁতৰ সমান হ’ব পাৰা। সেয়ে আল্লাহৰ পথত হিজৰত নকৰালৈকে সিহঁতৰ কাকো বন্ধুৰূপে গ্ৰহণ নকৰিবা। যদি সিহঁতে মুখ ঘূৰাই লয়, তেন্তে সিহঁতক য’তেই পাবা গ্ৰেফতাৰ কৰিবা আৰু হত্যা কৰিবা আৰু সিহঁতৰ মাজৰ কাকো বন্ধু আৰু সহায়কৰূপে গ্ৰহণ নকৰিবা।
-
4:90
إِلَّا ٱلَّذِينَ يَصِلُونَ إِلَىٰ قَوْمٍۭ بَيْنَكُمْ وَبَيْنَهُم مِّيثَـٰقٌ أَوْ جَآءُوكُمْ حَصِرَتْ صُدُورُهُمْ أَن يُقَـٰتِلُوكُمْ أَوْ يُقَـٰتِلُوا۟ قَوْمَهُمْ ۚ وَلَوْ شَآءَ ٱللَّهُ لَسَلَّطَهُمْ عَلَيْكُمْ فَلَقَـٰتَلُوكُمْ ۚ فَإِنِ ٱعْتَزَلُوكُمْ فَلَمْ يُقَـٰتِلُوكُمْ وَأَلْقَوْا۟ إِلَيْكُمُ ٱلسَّلَمَ فَمَا جَعَلَ ٱللَّهُ لَكُمْ عَلَيْهِمْ سَبِيلًا
ʹIllal laẓeena yaṣiloona ʹilaa q̣awmim baynakum wa-baynahum mees̤aaq̣un ʹaw jaaaʹookum ḥaṣirat ṣudooruhum ʹañy yuq̣aatilookum ʹaw yuq̣aatiloo q̣awmahum. Wa-law shaaaʹal laahu lasallaṭahum ʹalaykum falaq̣aatalookum Faʹiniʻ tazalookum falam yuq̣aatilookum wa-ʹalq̣aw ʹilaykumus salama famaa jaʻalal laahu lakum ʻalayhim sabeelaa.
কিন্তু (সিহঁতৰ মাজৰ সেইসকল লোকক হত্যা নকৰিবা) যিসকলে এনে এটা সম্প্ৰদায়ৰ লগত মিলিত হয় যাৰ মাজত আৰু তোমালোকৰ মাজত সন্ধিচুক্তি আছে অথবা যিসকলে তোমালোকৰ ওচৰত এনেকুৱা অৱস্থাত আগমন কৰে যেতিয়া সিহঁতৰ মন তোমালোকৰ লগত বা সিহঁতৰ সম্প্ৰদায়ৰ লগত যুদ্ধ কৰিবলৈ সংকুচিত হয়। আল্লাহে যদি ইচ্ছা কৰিলেহেঁতেন তেন্তে সিহঁতক তোমালোকৰ ওপৰত ক্ষমতা দিলেহেঁতেন ফলত সিহঁতে তোমালোকৰ লগত যুদ্ধ কৰিলেহেঁতেন। এতেকে সিহঁতে যদি তোমালোকৰ পৰা আঁতৰি যায়, তোমালোকৰ লগত যুদ্ধ নকৰে আৰু তোমালোকৰ ওচৰত শান্তিৰ প্ৰস্তাৱ উপস্থাপন কৰে তেন্তে আল্লাহে তোমালোকৰ বাবে সিহঁতৰ বিৰুদ্ধে কোনো ব্যৱস্থা অৱলম্বনৰ পথ ৰখা নাই।
-
4:91
سَتَجِدُونَ ءَاخَرِينَ يُرِيدُونَ أَن يَأْمَنُوكُمْ وَيَأْمَنُوا۟ قَوْمَهُمْ كُلَّ مَا رُدُّوٓا۟ إِلَى ٱلْفِتْنَةِ أُرْكِسُوا۟ فِيهَا ۚ فَإِن لَّمْ يَعْتَزِلُوكُمْ وَيُلْقُوٓا۟ إِلَيْكُمُ ٱلسَّلَمَ وَيَكُفُّوٓا۟ أَيْدِيَهُمْ فَخُذُوهُمْ وَٱقْتُلُوهُمْ حَيْثُ ثَقِفْتُمُوهُمْ ۚ وَأُو۟لَـٰٓئِكُمْ جَعَلْنَا لَكُمْ عَلَيْهِمْ سُلْطَـٰنًا مُّبِينًا
Satajidoona ʹaakhareena yureedoona ʹañy yaʹmanookum wa-yaʹmanoo q̣awmahum: kulla maa- ruddooo ʹilal fitnati ʹurkisoo feehaa: faʹil lam yaʻtazilookum wa-yulq̣ooo ʹilaykumus salama wa-yakuffooo ʹaydiyahum fakhuẓoohum waq̣tuloohum ḥays̤u s̤aq̣iftumoohum: wa-ʹulaaaʹikum jaʻalnaa lakum ʻalayhim sulṭaanam mubeenaa.
তোমালোকে অনতিপলমে কিছুমান লোকক দেখিবলৈ পাবা, যিসকলে তোমালোকৰ লগত আৰু সিহঁতৰ সম্প্ৰদায়ৰ লগত শান্তি বিচাৰিব। যেতিয়াই সিহঁতক ফিতনাৰ ফালে মনোনিবেশ কৰোৱা হয় তেতিয়াই এই বিষয়ে সিহঁতে সিহঁতৰ আগৰ অৱস্থালৈ উভতি যায়। যদি সিহঁতে তোমালোকৰ পৰা বিৰত নাথাকে, তোমালোকৰ ওচৰত শান্তি প্ৰস্তাৱ নকৰে আৰু সিহঁতৰ হস্ত সংবৰণ নকৰে তেন্তে সিহঁতক য’তেই পাবা গ্ৰেফতাৰ কৰিবা আৰু হত্যা কৰিবা, আৰু আমি তোমালোকক ইহঁতৰ বিৰুদ্ধাচৰণৰ স্পষ্ট অধিকাৰ দিছোঁ।
-
4:92
وَمَا كَانَ لِمُؤْمِنٍ أَن يَقْتُلَ مُؤْمِنًا إِلَّا خَطَـًٔا ۚ وَمَن قَتَلَ مُؤْمِنًا خَطَـًٔا فَتَحْرِيرُ رَقَبَةٍ مُّؤْمِنَةٍ وَدِيَةٌ مُّسَلَّمَةٌ إِلَىٰٓ أَهْلِهِۦٓ إِلَّآ أَن يَصَّدَّقُوا۟ ۚ فَإِن كَانَ مِن قَوْمٍ عَدُوٍّ لَّكُمْ وَهُوَ مُؤْمِنٌ فَتَحْرِيرُ رَقَبَةٍ مُّؤْمِنَةٍ ۖ وَإِن كَانَ مِن قَوْمٍۭ بَيْنَكُمْ وَبَيْنَهُم مِّيثَـٰقٌ فَدِيَةٌ مُّسَلَّمَةٌ إِلَىٰٓ أَهْلِهِۦ وَتَحْرِيرُ رَقَبَةٍ مُّؤْمِنَةٍ ۖ فَمَن لَّمْ يَجِدْ فَصِيَامُ شَهْرَيْنِ مُتَتَابِعَيْنِ تَوْبَةً مِّنَ ٱللَّهِ ۗ وَكَانَ ٱللَّهُ عَلِيمًا حَكِيمًا
Wa-maa kaana limuʹminin ʹañy yaq̣tula Muʹminan ʹillaa khaṭaʹaa. Wa-mañ q̣atala Muʹminan khaṭaʹañ fataḥreeru raq̣abatim Muʹminatiñw wadiyatum musallamatun ʹilaaa ʹahliheee ʹillaaa ʹañy yaṣṣaddaq̣oo. Faʹiñ kaana miñ q̣awmin ʻaduwwil lakum wa-huwa Muʹminuñ fataḥreeru raq̣abatim Muʹminah. Wa-ʹiñ kaana miñ q̣awmim baynakum wa-baynahum mees̤aaq̣uñ fadiyatum musallamatun ʹilaaa ʹahlihee wa-taḥreeru raq̣abatim Muʹminah. Famal lam yajid fa-Ṣiyaamu Shahrayni mutataabiʻayn: tawbatam minal laah: wa-kaanal laahu ʻaleeman Ḥakeemaa.
কোনো এজন মুমিনে আন কোনো মুমিনক হত্যা কৰা বৈধ নহয়, কিন্তু ভুলবশতঃ কৰিলে সেয়া সুকীয়া কথা; আৰু যিয়ে কোনো মুমিনক ভুলবশতঃ হত্যা কৰিছে তেন্তে তাৰ কৰ্তব্য হৈছে এজন মুমিন দাস মুক্ত কৰা আৰু তাৰ পৰিয়ালবৰ্গক ৰক্তপণ আদায় কৰা কৰ্তব্য, যদি সিহঁতে ক্ষমা নকৰে; আৰু যদি সেইজন তোমালোকৰ শত্ৰু পক্ষৰ লোক হয় তেন্তে এজন মুমিন দাস মুক্ত কৰা কৰ্তব্য; আৰু যদি সেইজন এনে সম্প্ৰদায়ভুক্ত হয় যিসকলৰ লগত তোমালোক অঙ্গীকাৰাৱদ্ধ তেন্তে তাৰ পৰিয়ালবৰ্গক ৰক্তপণ আদায় দিয়াৰ লগতে এজন মুমিন দাস মুক্ত কৰা তেওঁৰ কৰ্তব্য। আনহাতে যদি (মুক্ত কৰিবলৈ কোনো দাস) নাপায় (বা মুক্ত কৰাৰ সামৰ্থ নাথাকে) তেন্তে তেওঁ একাদিক্ৰমে দুমাহ ছিয়াম পালন কৰিব। এইটো আল্লাহৰ তৰফৰ পৰা ক্ষমাস্বৰূপ; আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।
-
4:93
وَمَن يَقْتُلْ مُؤْمِنًا مُّتَعَمِّدًا فَجَزَآؤُهُۥ جَهَنَّمُ خَـٰلِدًا فِيهَا وَغَضِبَ ٱللَّهُ عَلَيْهِ وَلَعَنَهُۥ وَأَعَدَّ لَهُۥ عَذَابًا عَظِيمًا
Wa-mañy yaq̣tul Muʹminam mutaʻammidañ fajazaaaʹuhoo Jahannamu khaalidañ feehaa wa-g̣aḍibal laahu ʻalayhi wa-laʻanahoo wa-ʹaʻadda lahoo ʻaẓaaban ʻa-Z̤̣eemaa.
পক্ষান্তৰে যিয়ে ইচ্ছাকৃতভাৱে কোনো মুমিনক হত্যা কৰিব তাৰ শাস্তি হৈছে জাহান্নাম, তাত সি স্থায়ী হ’ব; আৰু আল্লাহে তাৰ প্ৰতি ক্ৰুদ্ধ হয়, লগতে তাৰ ওপৰত অভিসম্পাত কৰে আৰু তাৰ বাবে প্ৰস্তুত ৰাখিছে মহাশাস্তি।
-
4:94
يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوٓا۟ إِذَا ضَرَبْتُمْ فِى سَبِيلِ ٱللَّهِ فَتَبَيَّنُوا۟ وَلَا تَقُولُوا۟ لِمَنْ أَلْقَىٰٓ إِلَيْكُمُ ٱلسَّلَـٰمَ لَسْتَ مُؤْمِنًا تَبْتَغُونَ عَرَضَ ٱلْحَيَوٰةِ ٱلدُّنْيَا فَعِندَ ٱللَّهِ مَغَانِمُ كَثِيرَةٌ ۚ كَذَٰلِكَ كُنتُم مِّن قَبْلُ فَمَنَّ ٱللَّهُ عَلَيْكُمْ فَتَبَيَّنُوٓا۟ ۚ إِنَّ ٱللَّهَ كَانَ بِمَا تَعْمَلُونَ خَبِيرًا
Yaaaʹayyuhal laẓeena ʹaamanooo ʹiẓaa ḍarabtum fee Sabeelil laahi fatabayyanoo wa-laa taq̣ooloo liman ʹalq̣aaa ʹilaykumus salaama lasta Muʹminaa! tabtag̣oona ʻaraḍal ḥayaatid dunyaa: faʻiñdal laahi mag̣aanimu kas̤eerah. Kaẓaalika kuñtum miñ q̣ablu famannal laahu ʻalaykum fatabayyanoo. ʹInnal laaha kaana bimaa taʻmaloona Khabeeraa.
হে মুমিনসকল! তোমালোকে যেতিয়া আল্লাহৰ পথত যাত্ৰা কৰিবা তেতিয়া পাৰ্থক্য নিৰ্ণয় কৰিবা আৰু কোনোবাই তোমালোকক ছালাম কৰিলে পাৰ্থিৱ জীৱনৰ সম্পদৰ আশাত তাক এই বুলি নক’বা যে, ‘তুমি মুমিন নহয়’, কাৰণ আল্লাহৰ ওচৰত অনায়াসলভ্য সম্পদ প্ৰচুৰ আছে। তোমালোকেও আগতে এনেকুৱাই আছিলা, তাৰ পিছত আল্লাহে তোমালোকৰ প্ৰতি অনুগ্ৰহ কৰিছে, সেয়ে তোমালোকে পাৰ্থক্য নিৰ্ণয় কৰিবা। নিশ্চয় তোমালোকে যি কৰা সেই বিষয়ে আল্লাহ সবিশেষ অৱগত।
-
4:95
لَّا يَسْتَوِى ٱلْقَـٰعِدُونَ مِنَ ٱلْمُؤْمِنِينَ غَيْرُ أُو۟لِى ٱلضَّرَرِ وَٱلْمُجَـٰهِدُونَ فِى سَبِيلِ ٱللَّهِ بِأَمْوَٰلِهِمْ وَأَنفُسِهِمْ ۚ فَضَّلَ ٱللَّهُ ٱلْمُجَـٰهِدِينَ بِأَمْوَٰلِهِمْ وَأَنفُسِهِمْ عَلَى ٱلْقَـٰعِدِينَ دَرَجَةً ۚ وَكُلًّا وَعَدَ ٱللَّهُ ٱلْحُسْنَىٰ ۚ وَفَضَّلَ ٱللَّهُ ٱلْمُجَـٰهِدِينَ عَلَى ٱلْقَـٰعِدِينَ أَجْرًا عَظِيمًا
Laa- yastawil q̣aaʻidoona minal Muʹmineena g̣ayru ʹuliḍ ḍarari wal-Mujaahidoona fee Sabeelil laahi biʹamwaalihim wa-ʹañfusihim. Faḍḍalal laahul Mujaahideena biamwaalihim wa-ʹañfusihim ʻalal q̣aaʻideena darajah wa-kullañw waʻdal laahul ḥusnaa: wa-faḍḍalal laahul Mujaahideena ʻalal q̣aaʻideena ʹajran ʻaz̤̣eemaa;―
মুমিনসকলৰ মাজত যিসকল অক্ষম নহয় তথাপিও ঘৰত বহি থাকে, আৰু যিসকলে আল্লাহৰ পথত নিজৰ ধন-প্ৰাণৰ দ্বাৰা জিহাদ কৰে তেওঁলোক সমান নহয়। যিসকলে নিজৰ ধন-প্ৰাণৰ দ্বাৰা জিহাদ কৰে আল্লাহে তেওঁলোকক সিহঁতৰ ওপৰত মৰ্যাদা প্ৰদান কৰিছে যিসকলে ঘৰত বহি থাকে, আল্লাহে প্ৰত্যেককে কল্যাণৰ প্ৰতিশ্ৰুতি দিছে। আল্লাহে মুজাহিদসকলক মহাপুৰস্কাৰৰ জৰিয়তে ঘৰত বহি থকা লোকসকলৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছে।
-
4:96
دَرَجَـٰتٍ مِّنْهُ وَمَغْفِرَةً وَرَحْمَةً ۚ وَكَانَ ٱللَّهُ غَفُورًا رَّحِيمًا
Darajaatim minhu wa-mag̣firatañw waraḥmah. Wa-kaanal laahu G̣afoorar Raḥeemaa.
এইবোৰ হৈছে তেওঁৰ তৰফৰ পৰা মৰ্যাদা, ক্ষমা আৰু ৰহমত; (জানি থোৱা) আল্লাহ ক্ষমাশীল, পৰম দয়ালু।
-
4:97
إِنَّ ٱلَّذِينَ تَوَفَّىٰهُمُ ٱلْمَلَـٰٓئِكَةُ ظَالِمِىٓ أَنفُسِهِمْ قَالُوا۟ فِيمَ كُنتُمْ ۖ قَالُوا۟ كُنَّا مُسْتَضْعَفِينَ فِى ٱلْأَرْضِ ۚ قَالُوٓا۟ أَلَمْ تَكُنْ أَرْضُ ٱللَّهِ وَٰسِعَةً فَتُهَاجِرُوا۟ فِيهَا ۚ فَأُو۟لَـٰٓئِكَ مَأْوَىٰهُمْ جَهَنَّمُ ۖ وَسَآءَتْ مَصِيرًا
ʹInnal laẓeena tawaffaahumul malaaaʹikatu z̤̣aalimeee ʹañfusihim q̣aaloo feema kuñtum: Q̣aaloo kunnaa mustaḍʻafeena fil ʹarḍ. Q̣aalooo ʹalam takun ʹarḍul laahi waasiʻatañ fatuhaajiroo feehaa? Faʹulaaaika maʹwaahum Jahannam, Wasaaaʹat maṣeeraa:
নিশ্চয় যিসকলে নিজৰ ওপৰত অন্যায় কৰে সিহঁতৰ প্ৰাণগ্ৰহণৰ সময়ত ফিৰিস্তাসকলে কয়, ‘তোমালোকে কি অৱস্থাত আছিলা’? সিহঁতে কয়, ‘পৃথিৱীত আমি নিঃসহায় আছিলোঁ’, সিহঁতে কয়, ‘আল্লাহৰ পৃথিৱী ইমান প্ৰশস্ত নাছিলনে যে তোমালোকে আন ঠাইলৈ হিজৰত কৰি যাব নোৱাৰিলা’? ইহঁতৰেই আবাসস্থল জাহান্নাম, আৰু এইটো কিমান যে নিকৃষ্ট আবাস!
-
4:98
إِلَّا ٱلْمُسْتَضْعَفِينَ مِنَ ٱلرِّجَالِ وَٱلنِّسَآءِ وَٱلْوِلْدَٰنِ لَا يَسْتَطِيعُونَ حِيلَةً وَلَا يَهْتَدُونَ سَبِيلًا
ʹIllal mustaḍʻafeena minar rijaali wannisaaaʹi walwildaani laa- yastaṭeeʻoona ḥeelatañw walaa yahtadoona sabeelaa.
কিন্তু যিসকল অসহায় পুৰুষ, নাৰী আৰু শিশুৱে কোনো উপায় অৱলম্বন কৰিব নোৱাৰে আৰু কোনো পথ বিচাৰিও নাপায় (সিহঁতৰ বিষয়টো সুকীয়া)।
-
4:99
فَأُو۟لَـٰٓئِكَ عَسَى ٱللَّهُ أَن يَعْفُوَ عَنْهُمْ ۚ وَكَانَ ٱللَّهُ عَفُوًّا غَفُورًا
Faʹulaaaʹika ʻasal laahu ʹañy yaʻfuwa ʻanhum: wa-kaanal laahu ʻAfuwwan G̣afooraa.
আল্লাহে হয়তো শীঘ্ৰেই সিহঁতৰ পাপ মোচন কৰিব, কাৰণ আল্লাহ পাপ মোচনকাৰী, ক্ষমাশীল।
-
4:100
۞ وَمَن يُهَاجِرْ فِى سَبِيلِ ٱللَّهِ يَجِدْ فِى ٱلْأَرْضِ مُرَٰغَمًا كَثِيرًا وَسَعَةً ۚ وَمَن يَخْرُجْ مِنۢ بَيْتِهِۦ مُهَاجِرًا إِلَى ٱللَّهِ وَرَسُولِهِۦ ثُمَّ يُدْرِكْهُ ٱلْمَوْتُ فَقَدْ وَقَعَ أَجْرُهُۥ عَلَى ٱللَّهِ ۗ وَكَانَ ٱللَّهُ غَفُورًا رَّحِيمًا
Wa-mañy yuhaajir fee Sabeelil laahi yajid fil ʹarḍi muraag̣amañ kas̤eerañw wasaʻah. wa-mañy yakhruj mim baytihee muhaajiran ʹilal laahi wa-Rasoolihee s̤umma yudrikhul mawtu faq̣ad waq̣aʻa ajruhoo ʻalal laah: wa-kaanal laahu G̣afoorar Raḥeemaa.
আৰু যিয়ে আল্লাহৰ পথত হিজৰত কৰিব তেওঁ পৃথিৱীত বহুতো আশ্ৰয়স্থল আৰু প্ৰাচুৰ্য লাভ কৰিব; লগতে আল্লাহ আৰু ৰাছুলৰ উদ্দেশ্যে নিজ ঘৰৰ পৰা মুহাজিৰ হৈ ওলাই যোৱাৰ পিছত যাৰ মৃত্যু ঘটিব তাৰ পুৰস্কাৰৰ দায়িত্ব হৈছে আল্লাহৰ ওপৰত; আৰু আল্লাহ ক্ষমাশীল, পৰম দয়ালু।
-
4:101
وَإِذَا ضَرَبْتُمْ فِى ٱلْأَرْضِ فَلَيْسَ عَلَيْكُمْ جُنَاحٌ أَن تَقْصُرُوا۟ مِنَ ٱلصَّلَوٰةِ إِنْ خِفْتُمْ أَن يَفْتِنَكُمُ ٱلَّذِينَ كَفَرُوٓا۟ ۚ إِنَّ ٱلْكَـٰفِرِينَ كَانُوا۟ لَكُمْ عَدُوًّا مُّبِينًا
Wa-ʹiẓaa ḍarabtum fil ʹarḍi fallaysa ʻalaykum junaaḥun ʹañ taq̣ṣuroo minaṣ Ṣalaati ʹin khiftum ʹañy yaftinakumul laẓeena kafaroo: ʹinnal kaafireena kaanoo lakum ʻaduwwam mubeenaa.
আৰু তোমালোকে যেতিয়া দেশ-বিদেশলৈ ছফৰ কৰিবা তেতিয়া যদি তোমালোকৰ আশংকা হয় যে, কাফিৰসকলে তোমালোকৰ বাবে ফিতনা সৃষ্টি কৰিব তেন্তে ছালাত কছৰ (সংক্ষিপ্ত) কৰিলে তোমালোকৰ বাবে কোনো দোষণীয় নহয়। নিশ্চয় কাফিৰসকল তোমালোকৰ প্ৰকাশ্য শত্ৰু।
-
4:102
وَإِذَا كُنتَ فِيهِمْ فَأَقَمْتَ لَهُمُ ٱلصَّلَوٰةَ فَلْتَقُمْ طَآئِفَةٌ مِّنْهُم مَّعَكَ وَلْيَأْخُذُوٓا۟ أَسْلِحَتَهُمْ فَإِذَا سَجَدُوا۟ فَلْيَكُونُوا۟ مِن وَرَآئِكُمْ وَلْتَأْتِ طَآئِفَةٌ أُخْرَىٰ لَمْ يُصَلُّوا۟ فَلْيُصَلُّوا۟ مَعَكَ وَلْيَأْخُذُوا۟ حِذْرَهُمْ وَأَسْلِحَتَهُمْ ۗ وَدَّ ٱلَّذِينَ كَفَرُوا۟ لَوْ تَغْفُلُونَ عَنْ أَسْلِحَتِكُمْ وَأَمْتِعَتِكُمْ فَيَمِيلُونَ عَلَيْكُم مَّيْلَةً وَٰحِدَةً ۚ وَلَا جُنَاحَ عَلَيْكُمْ إِن كَانَ بِكُمْ أَذًى مِّن مَّطَرٍ أَوْ كُنتُم مَّرْضَىٰٓ أَن تَضَعُوٓا۟ أَسْلِحَتَكُمْ ۖ وَخُذُوا۟ حِذْرَكُمْ ۗ إِنَّ ٱللَّهَ أَعَدَّ لِلْكَـٰفِرِينَ عَذَابًا مُّهِينًا
Wa-ʹiẓaa kuñta feehim faʹaq̣amta lahumuṣ Ṣalaata faltaq̣um ṭaaaʹifatum minhum maʻaka wal-yaʹkhuẓooo ʹasliḥatahum: faʹiẓaa sajadoo fal-yakoonoo miñw waraaaʹikum. Wal-taʹti ṭaaaʹifatun ʹukhraa lam yuṣalloo falyuṣalloo maʻaka wal-yaʹkhuẓoo ḥiẓrahum wa-ʹasliḥatahum. Waddal laẓeena kafaroo law tag̣fuloona ʻan ʹasliḥatikum wa-ʹamtiʻatikum fayameeloona ʻalaykum maylatañw waaḥidah. Wa-laa junaaḥa ʻalaykum ʹiñ kaana bikum ʹaẓam mim maṭarin ʹaw kuñtum marḍaaa ʹañ taḍaʻooo ʹasliḥatakum: wa-khuẓoo ḥiẓrakum. ʹInnal laaha ʹaʻadda lilkaafireena ʻaẓaabam muheenaa.
আৰু যেতিয়া তুমি সিহঁতৰ মাজত অৱস্থান কৰিবা তাৰ পিছত সিহঁতৰ লগত ছালাত কায়েম কৰিবা, তেতিয়া সিহঁতৰ এটা দল যাতে তোমাৰ সৈতে থিয় হয় আৰু সিহঁত যেন সশস্ত্ৰ থাকে। এতেকে সিহঁতৰ ছাজদাহ (নামাজ পঢ়া) কৰা হ’লে সিহঁত যেন তোমালোকৰ পিছফালে গৈ অৱস্থান কৰে, আৰু আন এটা দল যিসকলে ছালাতত অংশ লোৱা নাছিল সিহঁতে যেন আহি তোমাৰ লগত ছালাতত অংশ লয় আৰু সিহঁতে যেন সতৰ্ক আৰু সশস্ত্ৰ থাকে। কাফিৰসকলে কামনা কৰে যে, তোমালোকে যাতে তোমালোকৰ অস্ত্ৰ-শস্ত্ৰ আৰু আচবাব-পত্ৰ সম্পৰ্কে অসতৰ্ক হোৱা যাতে সিহঁতে তোমালোকৰ ওপৰত এবাৰতেই আক্ৰমণ কৰিব পাৰে। যদি তোমালোকে বৰষুণৰ বাবে কষ্ট পোৱা অথবা অসুস্থ অৱস্থাত থকা তেন্তে এনে অৱস্থাত অস্ত্ৰ ৰাখি থলে তোমালোকৰ বাবে কোনো দোষণীয় নহয়; কিন্তু তোমালোকে সতৰ্কতা অৱলম্বন কৰিবা। নিশ্চয় আল্লাহে কাফিৰসকলৰ বাবে লাঞ্ছনাদায়ক শাস্তি প্ৰস্তুত কৰি থৈছে।
-
4:103
فَإِذَا قَضَيْتُمُ ٱلصَّلَوٰةَ فَٱذْكُرُوا۟ ٱللَّهَ قِيَـٰمًا وَقُعُودًا وَعَلَىٰ جُنُوبِكُمْ ۚ فَإِذَا ٱطْمَأْنَنتُمْ فَأَقِيمُوا۟ ٱلصَّلَوٰةَ ۚ إِنَّ ٱلصَّلَوٰةَ كَانَتْ عَلَى ٱلْمُؤْمِنِينَ كِتَـٰبًا مَّوْقُوتًا
Faʹiẓaa q̣aḍaytumuṣ Ṣalaata faẓkurul laaha q̣iyaamañw waq̣uʻoodañw waʻalaa junoobikum. Faʹiẓaṭ maʹnañtum faʹaq̣eemuṣ Ṣalaah: ʹinnaṣ Ṣalaata kanat ʻalal Muʹmineena kitaabam mawq̣ootaa.
এতেকে যেতিয়া তোমালোকে ছালাত সমাপ্ত কৰিবা তেতিয়া তোমালোকে থিয় হৈ, বহি আৰু শুই থকা অৱস্থাতো আল্লাহক স্মৰণ কৰিবা, তাৰ পিছত যেতিয়া তোমালোকে নিৰাপদ হ’বা তেতিয়া যথাযথভাৱে ছালাত কায়েম কৰিবা; নিশ্চয় নিৰ্ধাৰিত সময়ত ছালাত কায়েম কৰাটো মুমিনসকলৰ বাবে অৱশ্য কৰ্তব্য।
-
4:104
وَلَا تَهِنُوا۟ فِى ٱبْتِغَآءِ ٱلْقَوْمِ ۖ إِن تَكُونُوا۟ تَأْلَمُونَ فَإِنَّهُمْ يَأْلَمُونَ كَمَا تَأْلَمُونَ ۖ وَتَرْجُونَ مِنَ ٱللَّهِ مَا لَا يَرْجُونَ ۗ وَكَانَ ٱللَّهُ عَلِيمًا حَكِيمًا
Wa-laa tahinoo fib tig̣aaaʹil q̣awm ʹIñ takoonoo taʹlamoona faʹinnahum yaʹlamoona kamaa taʹlamoon; wa-tarjoona minal laahi maa laa- yar-joon. Wa-kaanal laahu ʻAleeman Ḥakeemaa.
আৰু শত্ৰু সম্প্ৰদায়ৰ অনুসন্ধানত তোমালোকে দুৰ্বল নহ’বা। যদি তোমালোকে যন্ত্ৰণা পাই আছা তেন্তে সিহঁতেও তোমালোকৰ দৰেই যন্ত্ৰণা পাই আছে কিন্তু আল্লাহৰ ওচৰত তোমালোকে যিটো আশা কৰা সিহঁতে সেইটো আশা নকৰে; আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।
-
4:105
إِنَّآ أَنزَلْنَآ إِلَيْكَ ٱلْكِتَـٰبَ بِٱلْحَقِّ لِتَحْكُمَ بَيْنَ ٱلنَّاسِ بِمَآ أَرَىٰكَ ٱللَّهُ ۚ وَلَا تَكُن لِّلْخَآئِنِينَ خَصِيمًا
ʹInnaaa ʹañzalnaaa ʹilaykal Kitaaba bilḥaq̣q̣i litaḥkuma baynan naasi bimaaa ʹaraakal laah: Wa-laa takul lilkhaaaʹineena khaṣeemaa;
নিশ্চয় আমি তোমাৰ প্ৰতি সত্য সহকাৰে কিতাব অৱতীৰ্ণ কৰিছোঁ, যাতে আল্লাহে তোমাক যি জনাইছে সেই অনুযায়ী তুমি মানুহৰ মাজত বিচাৰ মীমাংসা কৰিব পাৰা; লগতে (জানি থোৱা) তুমি বিশ্বাস ভংগকাৰীসকলৰ সমৰ্থনত তৰ্ক নকৰিবা।
-
4:106
وَٱسْتَغْفِرِ ٱللَّهَ ۖ إِنَّ ٱللَّهَ كَانَ غَفُورًا رَّحِيمًا
Wastag̣firil laah; innal laaha kaana G̣afoorar Raḥeemaa.
আৰু তুমি আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা। নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।
-
4:107
وَلَا تُجَـٰدِلْ عَنِ ٱلَّذِينَ يَخْتَانُونَ أَنفُسَهُمْ ۚ إِنَّ ٱللَّهَ لَا يُحِبُّ مَن كَانَ خَوَّانًا أَثِيمًا
Wa-laa tujaadil ʻanil laẓeena yakhtaanoona ʹañfusahum: ʹinnal laaha laa- yuḥibboo mañ kaana khawwaanan ʹas̤eemaa;
আৰু যিসকলে নিজকে প্ৰতাৰিত কৰে তুমি সিহঁতৰ সমৰ্থনত বিতৰ্ক নকৰিবা; নিশ্চয় আল্লাহে বিশ্বাস ভংগকাৰী পাপীক পছন্দ নকৰে।
-
4:108
يَسْتَخْفُونَ مِنَ ٱلنَّاسِ وَلَا يَسْتَخْفُونَ مِنَ ٱللَّهِ وَهُوَ مَعَهُمْ إِذْ يُبَيِّتُونَ مَا لَا يَرْضَىٰ مِنَ ٱلْقَوْلِ ۚ وَكَانَ ٱللَّهُ بِمَا يَعْمَلُونَ مُحِيطًا
Yastakhfoona minan naasi wa-laa yastakhfoona minal laahi wa-Huwa maʻahum ʹiẓ yubayyitoona maa laa- yarḍaa minal q̣awl: wa-kaanal laahu bimaa yaʻmaloona Muḥeeṭaa.
সিহঁতে মানুহৰ পৰা গোপন কৰিব বিচাৰে অথচ আল্লাহৰ পৰা গোপন নকৰে, অথচ তেওঁ সিহঁতৰ লগতেই আছে, যেতিয়া সিহঁতে ৰাতিত এনেকুৱা কথাৰ পৰিকল্পনা কৰে যিটো তেওঁ পছন্দ নকৰে, আৰু সিহঁতে যি কৰে সেয়া আল্লাহে পৰিবেষ্টন কৰি আছে।
-
4:109
هَـٰٓأَنتُمْ هَـٰٓؤُلَآءِ جَـٰدَلْتُمْ عَنْهُمْ فِى ٱلْحَيَوٰةِ ٱلدُّنْيَا فَمَن يُجَـٰدِلُ ٱللَّهَ عَنْهُمْ يَوْمَ ٱلْقِيَـٰمَةِ أَم مَّن يَكُونُ عَلَيْهِمْ وَكِيلًا
Haaaʹañtum haaaʹulaaaʹi jaadaltum ʻanhum fil ḥayaatid dunyaa. Famañy yujaadilul laaha ʻanhum Yawmal Q̣iyaamati ʹam mañy yakoonu ʻalayhim wakeelaa?
চোৱা, তোমালোকেই সেইসকল লোক যিসকলে পাৰ্থিৱ জীৱনত সিহঁতৰ সমৰ্থনত বিতৰ্ক কৰিছা; কিন্তু ক্বিয়ামতৰ দিনা আল্লাহৰ সন্মুখত কোনে সিহঁতৰ সমৰ্থনত বিতৰ্ক কৰিব অথবা কোন হ’ব সিহঁতৰ তত্ত্বাৱধায়ক?
-
4:110
وَمَن يَعْمَلْ سُوٓءًا أَوْ يَظْلِمْ نَفْسَهُۥ ثُمَّ يَسْتَغْفِرِ ٱللَّهَ يَجِدِ ٱللَّهَ غَفُورًا رَّحِيمًا
Wa-mañy yaʻmal soooʹan ʹaw yaz̤̣lim nafsahoo s̤umma yastag̣firil laaha yajidil laaha G̣afoorar Raḥeemaa.
আনহাতে (যদি) কোনোবাই পাপ কাম কৰে অথবা নিজৰ ওপৰত অন্যায় কৰে, তাৰ পিছত (যদি) আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰে তেন্তে তেওঁ (নিশ্চয়) আল্লাহক ক্ষমাশীল, পৰম দয়ালুৰূপে পাব।
-
4:111
وَمَن يَكْسِبْ إِثْمًا فَإِنَّمَا يَكْسِبُهُۥ عَلَىٰ نَفْسِهِۦ ۚ وَكَانَ ٱللَّهُ عَلِيمًا حَكِيمًا
Wa-mañy yaksib is̤mañ faʹinnamaa yaksibuhoo ʻalaa nafsih: wa-kaanal laahu ʻAleeman Ḥakeemaa.
এতেকে যিয়ে পাপ কাম কৰে, প্ৰকৃততে সি নিজৰেই ক্ষতি কৰে, আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।
-
4:112
وَمَن يَكْسِبْ خَطِيٓـَٔةً أَوْ إِثْمًا ثُمَّ يَرْمِ بِهِۦ بَرِيٓـًٔا فَقَدِ ٱحْتَمَلَ بُهْتَـٰنًا وَإِثْمًا مُّبِينًا
Wa-mañy yaksib khaṭeeeʹatan ʹaw ʹis̤mañ s̤ummaa yarmi bihee bareeeʹañ faq̣adiḥ tamala buhtaanañw waʹis̤mam mubeenaa.
লগতে যি ব্যক্তিয়ে কোনো অপৰাধ কৰে বা পাপ কাম কৰে, তাৰ পিছত সেইটো কোনো নিৰ্দোষ ব্যক্তিলৈ আৰোপ কৰে, তেন্তে সি দৰাচলতে মিছা অপবাদ আৰু স্পষ্ট গুণাহৰ বোজাহে বহন কৰে।
-
4:113
وَلَوْلَا فَضْلُ ٱللَّهِ عَلَيْكَ وَرَحْمَتُهُۥ لَهَمَّت طَّآئِفَةٌ مِّنْهُمْ أَن يُضِلُّوكَ وَمَا يُضِلُّونَ إِلَّآ أَنفُسَهُمْ ۖ وَمَا يَضُرُّونَكَ مِن شَىْءٍ ۚ وَأَنزَلَ ٱللَّهُ عَلَيْكَ ٱلْكِتَـٰبَ وَٱلْحِكْمَةَ وَعَلَّمَكَ مَا لَمْ تَكُن تَعْلَمُ ۚ وَكَانَ فَضْلُ ٱللَّهِ عَلَيْكَ عَظِيمًا
Wa-lawlaa faḍlul laahi ʻalayka wa-Raḥmatuhoo lahammaṭ ṭaaaʹifatum minhum ʹañy yuḍillook. Wa-maa yuḍilloona ʹillaaa ʹañfusahum; wa-maa yaḍurroonaka miñ shayʹ. Wa-ʹañzalal laahu ʻalaykal Kitaaba wal-Ḥikmata waʻallamaka maa- lam takuñ taʻlam: wa-kaana faḍlul laahi ʻalayka ʻaz̤̣eemaa.
আৰু তোমাৰ ওপৰত যদি আল্লাহৰ অনুগ্ৰহ আৰু দয়া নাথাকিলহেঁতেন তেন্তে সিহঁতৰ মাজৰ এটা দলে তোমাক পথভ্ৰষ্ট কৰাৰ সংকল্প কৰিয়ে পেলাইছিল। কিন্তু সিহঁতে নিজৰ বাহিৰে আন কাকো পথভ্ৰষ্ট কৰিব নোৱাৰে আৰু তোমাৰো কোনো ক্ষতি কৰিব নোৱাৰে। আল্লাহে তোমাৰ প্ৰতি কিতাব আৰু হিকমত অৱতীৰ্ণ কৰিছে আৰু তুমি যি জনা নাছিলা সেয়া তোমাক শিক্ষা দিছে, তোমাৰ প্ৰতি আল্লাহৰ মহা অনুগ্ৰহ আছে।
-
4:114
۞ لَّا خَيْرَ فِى كَثِيرٍ مِّن نَّجْوَىٰهُمْ إِلَّا مَنْ أَمَرَ بِصَدَقَةٍ أَوْ مَعْرُوفٍ أَوْ إِصْلَـٰحٍۭ بَيْنَ ٱلنَّاسِ ۚ وَمَن يَفْعَلْ ذَٰلِكَ ٱبْتِغَآءَ مَرْضَاتِ ٱللَّهِ فَسَوْفَ نُؤْتِيهِ أَجْرًا عَظِيمًا
Laa- khayra fee kas̤eerim min najwaahum ʹillaa man ʹamara biṣadaq̣atin ʹaw maʻroofin ʹaw ʹiṣlaahim baynan naas. Wa-mañy yafʻal ẓaalikab tig̣aaaʹa marḍaatil laahi fasawfa nuʹteehi ʹajran ʻaz̤̣eemaa.
সিহঁতৰ অধিকাংশ গোপন পৰামৰ্শৰে কোনো কল্যাণ নাই, কিন্তু কল্যাণ আছে (তাৰ পৰামৰ্শত) যিয়ে ছাদাকাহ, সৎকৰ্ম আৰু মানুহৰ মাজত শান্তি স্থাপনৰ নিৰ্দেশ দিয়ে, আল্লাহৰ সন্তুষ্টি লাভৰ আশাত যিয়ে এইটো পালন কৰিব নিশ্চয় আমি তাক মহা পুৰস্কাৰ প্ৰদান কৰিম।
-
4:115
وَمَن يُشَاقِقِ ٱلرَّسُولَ مِنۢ بَعْدِ مَا تَبَيَّنَ لَهُ ٱلْهُدَىٰ وَيَتَّبِعْ غَيْرَ سَبِيلِ ٱلْمُؤْمِنِينَ نُوَلِّهِۦ مَا تَوَلَّىٰ وَنُصْلِهِۦ جَهَنَّمَ ۖ وَسَآءَتْ مَصِيرًا
Wa-mañy yushaaq̣iq̣ir Rasoola mim baʹdi maa- tabayyana lahul hudaa wa-yattabiʻ g̣ayra sabeelil Muʹmineena nuwallihee maa- tawallaa wa-nuṣlihee Jahannam: wa-saaaʹat maṣeeraa!
আৰু যাৰ ওচৰত সৎপথ প্ৰকাশ হোৱাৰ পিছতো ৰাছুলৰ বিৰুদ্ধাচৰণ কৰে আৰু মুমিনসকলৰ পথৰ বাহিৰে অন্য পথ অনুসৰণ কৰে, তেন্তে আমি তাক সেইফালেই ওভতাই দিম যিফালে সি উভতি যায়, আৰু তাক জাহান্নামত প্ৰৱেশ কৰাম, আৰু সেয়া কিমান যে বেয়া আবাসস্থল!
-
4:116
إِنَّ ٱللَّهَ لَا يَغْفِرُ أَن يُشْرَكَ بِهِۦ وَيَغْفِرُ مَا دُونَ ذَٰلِكَ لِمَن يَشَآءُ ۚ وَمَن يُشْرِكْ بِٱللَّهِ فَقَدْ ضَلَّ ضَلَـٰلًۢا بَعِيدًا
ʹInnal laaha laa- yag̣firu ʹañy yushraka bihee wayag̣firu maa- doona ẓaalika limañy yashaaaʹ. Wa-mañy yushrik billaahi faq̣ad ḍalla ḍalaalam baʻeedaa.
নিশ্চয় আল্লাহে তেওঁৰ লগত অংশী স্থাপন (শ্বিৰ্ক) কৰাক ক্ষমা নকৰিব। ইয়াৰ বাহিৰে অন্যান্য অপৰাধসমূহ যাক ইচ্ছা কৰিব ক্ষমা কৰি দিব আৰু যিয়ে আল্লাহৰ লগত আনক অংশী কৰে সি ভীষণভাৱে পথভ্ৰষ্ট হয়।
-
4:117
إِن يَدْعُونَ مِن دُونِهِۦٓ إِلَّآ إِنَـٰثًا وَإِن يَدْعُونَ إِلَّا شَيْطَـٰنًا مَّرِيدًا
ʹIñy yadʻoona miñ doonihee ʹillaaa ʹinaas̤aa: wa-ʹiñy yadʻoona ʹillaa Shayṭaanam mareedaa.
তেওঁৰ পৰিবৰ্তে সিহঁতে কেৱল দেৱীৰেই পূজা-পাঠ কৰে লগতে বিদ্ৰোহী চয়তানৰ পূজা কৰে।
-
4:118
لَّعَنَهُ ٱللَّهُ ۘ وَقَالَ لَأَتَّخِذَنَّ مِنْ عِبَادِكَ نَصِيبًا مَّفْرُوضًا
Laʻanahul laah. Wa-q̣aala laʹattakhiẓanna min ʻibaadika naṣeebam mafrooḍaa;
আল্লাহে তাক (চয়তানক) অভিসম্পাত কৰিছে আৰু সি (চয়তানে) কয়, ‘নিশ্চয় মই তোমাৰ বান্দাসকলৰ পৰা এটা নিৰ্দিষ্ট অংশক মোৰ অনুসাৰী বনাই লম।
-
4:119
وَلَأُضِلَّنَّهُمْ وَلَأُمَنِّيَنَّهُمْ وَلَـَٔامُرَنَّهُمْ فَلَيُبَتِّكُنَّ ءَاذَانَ ٱلْأَنْعَـٰمِ وَلَـَٔامُرَنَّهُمْ فَلَيُغَيِّرُنَّ خَلْقَ ٱللَّهِ ۚ وَمَن يَتَّخِذِ ٱلشَّيْطَـٰنَ وَلِيًّا مِّن دُونِ ٱللَّهِ فَقَدْ خَسِرَ خُسْرَانًا مُّبِينًا
Wa-laʹuḍillannahum wa-laʹumanni-yannahum wa-la-aamurannahum falayubattikunna ʹaaẓaanal ʹanʻaami wa-laʹaamurannahum falayug̣ayeerunna khalq̣al laah. Wa-mañy yattakhiẓish Shayṭaana waliyyam miñ doonil laahi faq̣ad khasira khusraanam mubeenaa.
‘আৰু মই নিশ্চয় সিহঁতক পথভ্ৰষ্ট কৰিম, লগতে সিহঁতৰ হৃদয়ত মিছা বাসনাৰ সৃষ্টি কৰিম, আৰু নিশ্চয় মই সিহঁতক নিৰ্দেশ কৰিম ফলত সিহঁতে পশুৰ কাণ ফুটা কৰিব, আৰু অৱশ্যে মই সিহঁতক নিৰ্দেশ কৰিম ফলত সিহঁতে আল্লাহৰ সৃষ্টিকো বিকৃত কৰিব’। এতেকে যিয়ে আল্লাহৰ পৰিবৰ্তে চয়তানক অভিভাৱকৰূপে গ্ৰহণ কৰিব সি নিশ্চয় স্পষ্ট ক্ষতিগ্ৰস্ত হ’ব।
-
4:120
يَعِدُهُمْ وَيُمَنِّيهِمْ ۖ وَمَا يَعِدُهُمُ ٱلشَّيْطَـٰنُ إِلَّا غُرُورًا
Yaʻiduhum wa-yuman-neehim; wa-maa yaʻiduhumush Shayṭaanu ʹillaa g̣urooraa.
সি (চয়তানে) সিহঁতক প্ৰতিশ্ৰুতি দিয়ে আৰু সিহঁতৰ হৃদয়ত মিছা বাসনাৰ সৃষ্টি কৰে, (জানি থোৱা) চয়তানে সিহঁতক কেৱল প্ৰতাৰণামূলক প্ৰতিশ্ৰুতিহে দিয়ে।
-
4:121
أُو۟لَـٰٓئِكَ مَأْوَىٰهُمْ جَهَنَّمُ وَلَا يَجِدُونَ عَنْهَا مَحِيصًا
ʹUlaaaʹika maʹwaahum jahannamu wa-laa yajidoona ʻanhaa maḥeeṣaa.
এইসকল লোকৰেই আশ্ৰয়স্থল হৈছে জাহান্নাম, তাৰ পৰা সিহঁতে নিষ্কৃতিৰ উপায় বিচাৰি নাপাব।
-
4:122
وَٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّـٰلِحَـٰتِ سَنُدْخِلُهُمْ جَنَّـٰتٍ تَجْرِى مِن تَحْتِهَا ٱلْأَنْهَـٰرُ خَـٰلِدِينَ فِيهَآ أَبَدًا ۖ وَعْدَ ٱللَّهِ حَقًّا ۚ وَمَنْ أَصْدَقُ مِنَ ٱللَّهِ قِيلًا
Wallaẓeena ʹaamanoo wa-ʻamiluṣ ṣaalihaati sanudkhiluhum Jannaatiñ tajree miñ taḥtihal ʹanhaaru khaalideena fihaaa ʹabadaa. Waʻdal laahi ḥaq̣q̣aa: wa-man ʹaṣdaq̣u minal laahi q̣eelaa?
আৰু যিসকলে ঈমান আনিছে আৰু নেক আমল কৰিছে, অনতিপলমে আমি তেওঁলোকক এনেকুৱা জান্নাতত প্ৰৱেশ কৰাম, যাৰ তলত নিজৰাসমূহ প্ৰবাহিত; তাত তেওঁলোক চিৰস্থায়ী হ’ব, আল্লাহৰ প্ৰতিশ্ৰুতি সত্য, কথাত আল্লাহতকৈ অধিক সত্যবাদী আৰু কোন হ’ব পাৰে?
-
4:123
لَّيْسَ بِأَمَانِيِّكُمْ وَلَآ أَمَانِىِّ أَهْلِ ٱلْكِتَـٰبِ ۗ مَن يَعْمَلْ سُوٓءًا يُجْزَ بِهِۦ وَلَا يَجِدْ لَهُۥ مِن دُونِ ٱللَّهِ وَلِيًّا وَلَا نَصِيرًا
Laysa biʹamaaniyyikum wa-laaa ʹamaaniyyi ʹAhlil Kitaab. Mañy yaʻmal soooʹañy yujza bihee wa-laa yajid lahoo miñ doonil laahi waliyyañw walaa naṣeeraa.
(শেষ পৰিণতি) তোমালোকৰ আশাৰ ওপৰত অথবা কিতাবীসকলৰ কামনাৰ ওপৰত নিৰ্ভৰ নকৰে; বৰং যিয়ে বেয়া আমল কৰিব সি তাৰ প্ৰতিফল ভোগ কৰিব, আৰু সি এইক্ষেত্ৰত আল্লাহৰ বাহিৰে আন কোনো অভিভাৱক আৰু সহায়ক বিচাৰি নাপাব।
-
4:124
وَمَن يَعْمَلْ مِنَ ٱلصَّـٰلِحَـٰتِ مِن ذَكَرٍ أَوْ أُنثَىٰ وَهُوَ مُؤْمِنٌ فَأُو۟لَـٰٓئِكَ يَدْخُلُونَ ٱلْجَنَّةَ وَلَا يُظْلَمُونَ نَقِيرًا
Wa-mañy yaʻmal minaṣ ṣaaliḥaati miñ ẓakarin ʹaw ʹuñs̤aa wa-huwa Muʹminuñ faʹulaaaʹika yadkhuloonal jannata wa-laa yuz̤̣lamoona naq̣eeraa.
আনহাতে পুৰুষেই হওক বা নাৰী যিয়েই ঈমানৰ অৱস্থাত সৎকৰ্ম কৰিব, তেওঁলোকেই জান্নাতত প্ৰৱেশ কৰিব আৰু তেওঁলোকৰ প্ৰতি অণু পৰিমাণো অন্যায় কৰা নহ’ব।
-
4:125
وَمَنْ أَحْسَنُ دِينًا مِّمَّنْ أَسْلَمَ وَجْهَهُۥ لِلَّهِ وَهُوَ مُحْسِنٌ وَٱتَّبَعَ مِلَّةَ إِبْرَٰهِيمَ حَنِيفًا ۗ وَٱتَّخَذَ ٱللَّهُ إِبْرَٰهِيمَ خَلِيلًا
wa-man ʹaḥsanu deenam mimman ʹaslama wajhahoo lillaahi wa-huwa Muḥsinuñw wattabaʻa Millata ʹIbraaheema Ḥaneefaa? Wattakhaẓal laahu ʹIbraaheema khaleelaa.
সেই ব্যক্তিতকৈ দ্বীনৰ মাজত আৰু কোন উত্তম হ’ব পাৰে? যিয়ে সৎকৰ্মপৰায়ণ হৈ আল্লাহৰ ওচৰত আত্মসমৰ্পণ কৰে আৰু একনিষ্ঠভাৱে ইব্ৰাহীমৰ মিল্লাতক অনুসৰণ কৰে, (জানি থোৱা) আল্লাহে ইব্ৰাহীমক অন্তৰঙ্গ বন্ধু হিচাপে গ্ৰহণ কৰিছে।
-
4:126
وَلِلَّهِ مَا فِى ٱلسَّمَـٰوَٰتِ وَمَا فِى ٱلْأَرْضِ ۚ وَكَانَ ٱللَّهُ بِكُلِّ شَىْءٍ مُّحِيطًا
Walillaahi maa- fis samaawaati wa-maa fil ʹarḍ: wa-kaanal laahu bikulli shayʹim Muḥeeṭaa.
আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো আল্লাহৰেই আৰু আল্লাহে সকলোকে (নিজৰ জ্ঞানৰ দ্বাৰা) পৰিবেষ্টন কৰি আছে।
-
4:127
وَيَسْتَفْتُونَكَ فِى ٱلنِّسَآءِ ۖ قُلِ ٱللَّهُ يُفْتِيكُمْ فِيهِنَّ وَمَا يُتْلَىٰ عَلَيْكُمْ فِى ٱلْكِتَـٰبِ فِى يَتَـٰمَى ٱلنِّسَآءِ ٱلَّـٰتِى لَا تُؤْتُونَهُنَّ مَا كُتِبَ لَهُنَّ وَتَرْغَبُونَ أَن تَنكِحُوهُنَّ وَٱلْمُسْتَضْعَفِينَ مِنَ ٱلْوِلْدَٰنِ وَأَن تَقُومُوا۟ لِلْيَتَـٰمَىٰ بِٱلْقِسْطِ ۚ وَمَا تَفْعَلُوا۟ مِنْ خَيْرٍ فَإِنَّ ٱللَّهَ كَانَ بِهِۦ عَلِيمًا
Wa-yastaftoonaka fin nisaaaʹ. Q̣ulil laahu yufteekum feehinna wa-maa yutlaa ʻalaykum fil Kitaabi fee yataaman Nisaaaʹil laatee laa- tuʹtoonahunna maa- kutiba lahunna wa-targ̣aboona ʹañ tañkiḥoohunna wal-mustaḍʻa-feena minal wildaani wa-ʹañ taq̣oomoo lilyataamaa bilq̣isṭ. Wa-maa tafʻaloo min khayriñ faʹinnal laaha kaana bihee ʻAleemaa.
আৰু মানুহে তোমাৰ ওচৰত নাৰীসকলৰ বিষয়ে সমাধান বিচাৰে। কোৱা, ‘আল্লাহে তোমালোকক সিহঁতৰ বিষয়ে সমাধান দিছে আৰু কিতাবৰ পৰা তোমালোকক যি পাঠ কৰি শুনোৱা হয়, সেইটো হৈছে সেইসকল পিতৃহীন নাৰীৰ বিধান যিসকলৰ নিৰ্ধাৰিত প্ৰাপ্য তোমালোকে প্ৰদান নকৰা, অথচ তোমালোকে সিহঁতক বিবাহ কৰিবলৈ আগ্ৰহী (নহয়)। লগতে অসহায় শিশুসকলৰ বিষয়ে বিধান এই যে, ন্যায়পৰায়ণতাৰ সৈতে তোমালোকে এতীমসকলক চোৱাচিতা কৰা। এতেকে (জানি থোৱা) তোমালোকে যি সৎকৰ্মই নকৰা কিয় নিশ্চয় আল্লাহ সেই সম্পৰ্কে সবিশেষ অৱগত।
-
4:128
وَإِنِ ٱمْرَأَةٌ خَافَتْ مِنۢ بَعْلِهَا نُشُوزًا أَوْ إِعْرَاضًا فَلَا جُنَاحَ عَلَيْهِمَآ أَن يُصْلِحَا بَيْنَهُمَا صُلْحًا ۚ وَٱلصُّلْحُ خَيْرٌ ۗ وَأُحْضِرَتِ ٱلْأَنفُسُ ٱلشُّحَّ ۚ وَإِن تُحْسِنُوا۟ وَتَتَّقُوا۟ فَإِنَّ ٱللَّهَ كَانَ بِمَا تَعْمَلُونَ خَبِيرًا
Wa-ʹinim raʹatun khaafat mim baʻlihaa nushoozan ʹaw ʹiʻraaḍañ falaa junaaḥa ʻalayhimaaa ʹañy yuṣliḥaa baynahumaa ṣulḥaa waṣ-Ṣulhu khayr; wa-ʹuḥḍiratil ʹañfusush shuḥḥ. Wa-ʹiñ tuḥsinoo wa-tattaq̣oo faʹinnal laaha kaana bimaa taʻmaloona Khabeeraa.
যদি কোনো স্ত্ৰীয়ে তাইৰ স্বামীৰ ফালৰ পৰা দুৰ্ব্যৱহাৰ অথবা উপেক্ষাৰ আশংকা কৰে তেন্তে সিহঁত উভয়ে আপোচ-নিষ্পত্তি কৰিব বিচাৰিলে সিহঁতৰ কোনো গুণাহ নাই; আৰু আপোচ-নিষ্পত্তি কৰাটোৱেই শ্ৰেয়। মানুহৰ অন্তৰত লোভণীয় কৃপণতা আছে। যদি তোমালোকে সৎকৰ্মপৰায়ণ হোৱা আৰু মুত্তাক্বী হোৱা, তেন্তে তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহেতো জানেই।
-
4:129
وَلَن تَسْتَطِيعُوٓا۟ أَن تَعْدِلُوا۟ بَيْنَ ٱلنِّسَآءِ وَلَوْ حَرَصْتُمْ ۖ فَلَا تَمِيلُوا۟ كُلَّ ٱلْمَيْلِ فَتَذَرُوهَا كَٱلْمُعَلَّقَةِ ۚ وَإِن تُصْلِحُوا۟ وَتَتَّقُوا۟ فَإِنَّ ٱللَّهَ كَانَ غَفُورًا رَّحِيمًا
Wa-lañ tastaṭeeʻooo ʹañ taʻdiloo baynan Nisaaaʹi wa-law ḥaraṣtum falaa tameeloo kullal mayli fataẓaroohaa kalmuʻal-laq̣ah. Wa-ʹiñ tuṣliḥoo wa-tattaq̣oo faʹinnal laaha kaana G̣afoorar Raḥeemaa.
আৰু তোমালোকে যিমানেই ইচ্ছা নকৰা কিয় তোমালোকৰ স্ত্ৰীসকলৰ মাজত তোমালোকে কেতিয়াও সমান ব্যৱহাৰ কৰিব নোৱাৰিবা, কিন্তু তোমালোকে কোনো এজনীৰ প্ৰতি সম্পূৰ্ণৰূপে ধাৱিত নহ’বা আৰু আনজনীক ওলোমা অৱস্থাত এৰি নিদিবা; যদি তোমালোকে নিজকে সংশোধন কৰা আৰু তাক্বৱা অৱলম্বন কৰা তেন্তে নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।
-
4:130
وَإِن يَتَفَرَّقَا يُغْنِ ٱللَّهُ كُلًّا مِّن سَعَتِهِۦ ۚ وَكَانَ ٱللَّهُ وَٰسِعًا حَكِيمًا
Wa-ʹiñy yatafarraq̣aa yug̣nil laahu kullam miñ saʻatih: wa-kaanal laahu Waasiʻan Ḥakeemaa.
আৰু যদি সিহঁতে পৰস্পৰে পৃথক হৈ যায় তেন্তে আল্লাহে তেওঁৰ প্ৰাচুৰ্যৰ দ্বাৰা প্ৰত্যেককে অভাৱমুক্ত কৰিব; আল্লাহ প্ৰাচুৰ্যময়, প্ৰজ্ঞাময়।
-
4:131
وَلِلَّهِ مَا فِى ٱلسَّمَـٰوَٰتِ وَمَا فِى ٱلْأَرْضِ ۗ وَلَقَدْ وَصَّيْنَا ٱلَّذِينَ أُوتُوا۟ ٱلْكِتَـٰبَ مِن قَبْلِكُمْ وَإِيَّاكُمْ أَنِ ٱتَّقُوا۟ ٱللَّهَ ۚ وَإِن تَكْفُرُوا۟ فَإِنَّ لِلَّهِ مَا فِى ٱلسَّمَـٰوَٰتِ وَمَا فِى ٱلْأَرْضِ ۚ وَكَانَ ٱللَّهُ غَنِيًّا حَمِيدًا
Walillaahi maa- fis samaawaati wa-maa fil ʹarḍ. Wa-laq̣ad waṣṣaynal laẓeena ʹootul Kitaaba miñ q̣ablikum wa-ʹiyyaakum ʹanit taq̣ul laah. Wa-ʹin takfuroo faʹinna lillaahi maa- fis samaawaati wa-maa fil ʹarḍ; wa-kaanal laahu G̣aniyyan Ḥameedaa.
আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো আল্লাহৰেই, তোমালোকৰ পূৰ্বে যিসকলক কিতাব দিয়া হৈছিল সিহঁতক আৰু তোমালোককো নিৰ্দেশ দিছোঁ যে, তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা। আৰু যদি তোমালোকে কুফৰী কৰা তথাপিও আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো আল্লাহৰেই, আল্লাহ অভাৱমুক্ত, প্ৰশংসিত।
-
4:132
وَلِلَّهِ مَا فِى ٱلسَّمَـٰوَٰتِ وَمَا فِى ٱلْأَرْضِ ۚ وَكَفَىٰ بِٱللَّهِ وَكِيلًا
Walillaahi maa- fis samaawaati wa-maa fil ʹarḍ: wakafaa billaahi Wakeelaa.
আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো আল্লাহৰেই। (এতেকে জানি থোৱা) কৰ্ম-বিধায়ক হিচাপে আল্লাহেই যথেষ্ট।
-
4:133
إِن يَشَأْ يُذْهِبْكُمْ أَيُّهَا ٱلنَّاسُ وَيَأْتِ بِـَٔاخَرِينَ ۚ وَكَانَ ٱللَّهُ عَلَىٰ ذَٰلِكَ قَدِيرًا
ʹIñy yashaʹ yuẓhibkum ʹay-yuhan naasu wa-yaʹti biʹaakhareen; wa-kaanal laahu ʻalaa ẓaalika Q̣adeeraa.
হে মানৱজাতি! তেওঁ ইচ্ছা কৰিলে তোমালোকক অপসাৰিত কৰি অন্য লোকক আনিব পাৰে; আৰু আল্লাহ এই কাম কৰিবলৈ সম্পূৰ্ণ সক্ষম।
-
4:134
مَّن كَانَ يُرِيدُ ثَوَابَ ٱلدُّنْيَا فَعِندَ ٱللَّهِ ثَوَابُ ٱلدُّنْيَا وَٱلْـَٔاخِرَةِ ۚ وَكَانَ ٱللَّهُ سَمِيعًۢا بَصِيرًا
Mañ kaana yureedu s̤awaabad dunyaa faʻiñdal laahi s̤awaabud dunyaa wal-ʹAakhirah: wa-kaanal laahu Sameeʻam Baṣeeraa.
যিয়ে পৃথিৱীৰ প্ৰতিদান বিচাৰে তেন্তে (সি জানি লোৱা উচিত যে) পৃথিৱী আৰু আখিৰাতৰ পুৰস্কাৰ কেৱল আল্লাহৰ ওচৰতেই আছে; আৰু আল্লাহ সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা।
-
4:135
۞ يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوا۟ كُونُوا۟ قَوَّٰمِينَ بِٱلْقِسْطِ شُهَدَآءَ لِلَّهِ وَلَوْ عَلَىٰٓ أَنفُسِكُمْ أَوِ ٱلْوَٰلِدَيْنِ وَٱلْأَقْرَبِينَ ۚ إِن يَكُنْ غَنِيًّا أَوْ فَقِيرًا فَٱللَّهُ أَوْلَىٰ بِهِمَا ۖ فَلَا تَتَّبِعُوا۟ ٱلْهَوَىٰٓ أَن تَعْدِلُوا۟ ۚ وَإِن تَلْوُۥٓا۟ أَوْ تُعْرِضُوا۟ فَإِنَّ ٱللَّهَ كَانَ بِمَا تَعْمَلُونَ خَبِيرًا
Yaaa-ʹayyuhal laaẓeena ʹaamanoo koonoo q̣awwaameena bilq̣isṭi shuhadaaaʹa lillaahi wa-law ʻalaaa ʹañfusikum ʹawil waalidayni wal-ʹaq̣rabeen, ʹiñy yakun g̣aniyyan ʹaw faq̣eeran fallaahu awlaa bihimaa. Falaa tattabiʻul hawaaa ʹañ taʻdiloo. wa-ʹiñ talwooo ʹaw tuʻriḍoo faʹinnal laaha kaana bimaa taʻmaloona Khabeeraa.
হে মুমিনসকল! তোমালোকে ন্যায় বিচাৰত দৃঢ় প্ৰতিষ্ঠিত থাকিবা, আল্লাহৰ উদ্দেশ্যে সাক্ষী দিবা, যদিও সেয়া তোমালোকৰ নিজৰ বা পিতৃ-মাতৃ আৰু আত্মীয়-স্বজনৰ বিৰুদ্ধেই নহওক কিয়, সি বিত্তবানে হওক অথবা বিত্তহীন, আল্লাহ উভয়ৰেই ঘনিষ্টতৰ। সেয়ে তোমালোকে ন্যায় বিচাৰ কৰিবলৈ প্ৰবৃত্তিৰ অনুসৰণ নকৰিবা। তোমালোকে যদি পাক লগাই কথা কোৱা আৰু অমোনোযোগী হোৱা তেন্তে তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক অৱগত।
-
4:136
يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوٓا۟ ءَامِنُوا۟ بِٱللَّهِ وَرَسُولِهِۦ وَٱلْكِتَـٰبِ ٱلَّذِى نَزَّلَ عَلَىٰ رَسُولِهِۦ وَٱلْكِتَـٰبِ ٱلَّذِىٓ أَنزَلَ مِن قَبْلُ ۚ وَمَن يَكْفُرْ بِٱللَّهِ وَمَلَـٰٓئِكَتِهِۦ وَكُتُبِهِۦ وَرُسُلِهِۦ وَٱلْيَوْمِ ٱلْـَٔاخِرِ فَقَدْ ضَلَّ ضَلَـٰلًۢا بَعِيدًا
Yaaaʹayyuhal laẓeena ʹaamanooo ʹaaminoo billaahi wa-Rasoolihee wal-Kitaabil laẓee nazzala ʻalaa Rasoolihee wal-Kitaabil laẓeee ʹañzala miñ q̣abl. Wa-mañy yakfur billaahi wa-malaaaʹikatihee wa-Kutubihee wa-Rusulihee wal-Yawmil ʹAakhiri faq̣ad ḍalla ḍalaalam baʹeedaa.
হে মুমিনসকল! তোমালোকে ঈমান পোষণ কৰা আল্লাহৰ প্ৰতি, তেওঁৰ ৰাছুলৰ প্ৰতি আৰু সেই গ্ৰন্থৰ প্ৰতি যিখন তেওঁ তেওঁৰ ৰাছুলৰ প্ৰতি অৱতীৰ্ণ কৰিছে আৰু সেই গ্ৰন্থৰ প্ৰতিও ঈমান পোষণ কৰা যিখন তেওঁ ইয়াৰ পূৰ্বে অৱতীৰ্ণ কৰিছিল। আনহাতে যিয়ে আল্লাহক, তেওঁৰ ফিৰিস্তাসকলক, তেওঁৰ কিতাপসমূহক, তেওঁৰ ৰাছুলসকলক আৰু শেষ দিৱসক অস্বীকাৰ কৰিব, সি দৰাচলতে ভ্ৰষ্টতাত বহু দূৰ আঁতৰি গৈছে।
-
4:137
إِنَّ ٱلَّذِينَ ءَامَنُوا۟ ثُمَّ كَفَرُوا۟ ثُمَّ ءَامَنُوا۟ ثُمَّ كَفَرُوا۟ ثُمَّ ٱزْدَادُوا۟ كُفْرًا لَّمْ يَكُنِ ٱللَّهُ لِيَغْفِرَ لَهُمْ وَلَا لِيَهْدِيَهُمْ سَبِيلًۢا
ʹInnal laẓeena ʹaamanoo s̤umma kafaroo s̤umma ʹaamanoo s̤umma kafaroo s̤ummaz daadoo kufral lam yakunil laahu liyag̣fira lahum wa-laa liyahdiyahum Sabeelaa.
নিশ্চয় যিসকলে ঈমান আনিছে তাৰ পিছত কুফৰী কৰিছে, আকৌ ঈমান আনিছে আকৌ কুফৰী কৰিছে, তাৰ পিছত সিহঁতৰ কুফৰী প্ৰবৃত্তি বৃদ্ধি পাইছে, আল্লাহে সিহঁতক কেতিয়াও ক্ষমা নকৰিব আৰু সিহঁতক কোনো পথো নেদেখুৱাব।
-
4:138
بَشِّرِ ٱلْمُنَـٰفِقِينَ بِأَنَّ لَهُمْ عَذَابًا أَلِيمًا
Bashshiril Munaafiq̣eena biʹanna lahum ʻaẓaaban ʹaleemaa;―
মুনাফিকসকলক সুসংবাদ দিয়া যে, নিশ্চয় সিহঁতৰ বাবে কষ্টদায়ক শাস্তি আছে।
-
4:139
ٱلَّذِينَ يَتَّخِذُونَ ٱلْكَـٰفِرِينَ أَوْلِيَآءَ مِن دُونِ ٱلْمُؤْمِنِينَ ۚ أَيَبْتَغُونَ عِندَهُمُ ٱلْعِزَّةَ فَإِنَّ ٱلْعِزَّةَ لِلَّهِ جَمِيعًا
ʹAllaẓeena yattakhiẓoonal kaafireena ʹawliyaaaʹa miñ doonil Muʹmineen: ʹa-yabtag̣oona ʻiñdahumul ʻizzata faʹinnal ʻizzata lillaahi jameeʻaa?
মুমিনসকলৰ পৰিবৰ্তে যিসকলে কাফিৰসকলক বন্ধুৰূপে গ্ৰহণ কৰে সেইসকল লোকে সিহঁতৰ ওচৰত সন্মান বিচাৰে নেকি? অথচ যাৱতীয় সন্মান আল্লাহৰেই।
-
4:140
وَقَدْ نَزَّلَ عَلَيْكُمْ فِى ٱلْكِتَـٰبِ أَنْ إِذَا سَمِعْتُمْ ءَايَـٰتِ ٱللَّهِ يُكْفَرُ بِهَا وَيُسْتَهْزَأُ بِهَا فَلَا تَقْعُدُوا۟ مَعَهُمْ حَتَّىٰ يَخُوضُوا۟ فِى حَدِيثٍ غَيْرِهِۦٓ ۚ إِنَّكُمْ إِذًا مِّثْلُهُمْ ۗ إِنَّ ٱللَّهَ جَامِعُ ٱلْمُنَـٰفِقِينَ وَٱلْكَـٰفِرِينَ فِى جَهَنَّمَ جَمِيعًا
Wa-q̣ad nazzala ʻalaykum fil Kitaabi ʹan ʹiẓaa samiʻtum ʹAayaatil laahi yukfaru bihaa wa-yustahzaʹu bihaa falaa taq̣ʻudoo maʻahum ḥattaa yakhooḍoo fee ḥadees̤in g̣ayrih. Innakum ʹiẓam mis̤luhum. ʹInnal laha jaamiʻul Munaafiq̣eena wal-kaafireena fee jahannama jameeʻaa;―
কিতাবত তেওঁ তোমালোকৰ বাবে (এই বিধান) অৱতীৰ্ণ কৰিছে যে, যেতিয়া তোমালোকে শুনিবা যে, আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰা হৈ আছে আৰু বিদ্ৰূপ কৰা হৈ আছে তেতিয়া তোমালোকে সিহঁতৰ লগত নবহিবা, যেতিয়ালৈকে সিহঁতে বেলেগ কোনো প্ৰসঙ্গলৈ ঘূৰি নাহে; অন্যথা তোমালোকেও সিহঁতৰ দৰেই গণ্য হ’বা। নিশ্চয় আল্লাহে মুনাফিকসকলক আৰু কাফিৰসকলক জাহান্নামত একত্ৰিত কৰিব।
-
4:141
ٱلَّذِينَ يَتَرَبَّصُونَ بِكُمْ فَإِن كَانَ لَكُمْ فَتْحٌ مِّنَ ٱللَّهِ قَالُوٓا۟ أَلَمْ نَكُن مَّعَكُمْ وَإِن كَانَ لِلْكَـٰفِرِينَ نَصِيبٌ قَالُوٓا۟ أَلَمْ نَسْتَحْوِذْ عَلَيْكُمْ وَنَمْنَعْكُم مِّنَ ٱلْمُؤْمِنِينَ ۚ فَٱللَّهُ يَحْكُمُ بَيْنَكُمْ يَوْمَ ٱلْقِيَـٰمَةِ ۗ وَلَن يَجْعَلَ ٱللَّهُ لِلْكَـٰفِرِينَ عَلَى ٱلْمُؤْمِنِينَ سَبِيلًا
ʹAllaẓeena yatarabbaṣoona bikum: faʹiñ kaana lakum fatḥum minal laahi q̣aalooo ʹalam nakum maʻakum? Wa-ʹiñ kaana lilkaafireena naṣeebuñ q̣aalooo ʹalam nastaḥwiẓ ʻalaykum wa-namnaʻkum minal Muʹmineen? Fallaahu yaḥkumu baynakum Yawmal Q̣iyaamah. Wa-lañy yajʻalal laahu lilkaafireena ʻalal Muʹmineena sabeelaa.
যিসকলে তোমালোকৰ অমঙ্গলৰ অপেক্ষাত থাকে, তাৰ পিছত আল্লাহৰ তৰফৰ পৰা যদি তোমালোকে বিজয় লাভ কৰা তেন্তে সিহঁতে কয়, ‘আমি তোমালোকৰ লগত নাছিলোনে’? আনহাতে যদি কাফিৰসকলে আংশিক জয়লাভ কৰে তেন্তে কয়, ‘আমি তোমালোকৰ বিৰুদ্ধে প্ৰবল নাছিলোনে আৰু আমি তোমালোকক মুমিনসকলৰ পৰা ৰক্ষা কৰা নাইনে’? এতেকে আল্লাহে ক্বিয়ামতৰ দিনা তোমালোকৰ মাজত বিচাৰ মীমাংসা কৰিব আৰু আল্লাহে কাফিৰসকলৰ বাবে কেতিয়াও মুমিনসকলৰ বিৰুদ্ধে কোনো পথ (উন্মুক্ত) নাৰাখে।
-
4:142
إِنَّ ٱلْمُنَـٰفِقِينَ يُخَـٰدِعُونَ ٱللَّهَ وَهُوَ خَـٰدِعُهُمْ وَإِذَا قَامُوٓا۟ إِلَى ٱلصَّلَوٰةِ قَامُوا۟ كُسَالَىٰ يُرَآءُونَ ٱلنَّاسَ وَلَا يَذْكُرُونَ ٱللَّهَ إِلَّا قَلِيلًا
ʹInnal Munaafiq̣eena yukhaadiʻoonal laaha wa-Huwa khaadiʻuhum. Wa-ʹiẓaa q̣aamooo ʹilaṣ Ṣalaati q̣aamoo kusaalaa yuraaaʹoonan naasa wa-laa yaẓkuroonal laaha ʹillaa q̣aleelaa;
নিশ্চয় মুনাফিকসকলে আল্লাহৰ লগত প্ৰতাৰণা কৰিব বিচাৰে, প্ৰকৃততে তেৱেঁই সিহঁতক প্ৰতাৰিত কৰে, আৰু যেতিয়া সিহঁতে ছালাতত থিয় হয় তেতিয়া অলসতা কৰি কেৱল মানুহক দেখুৱাবলৈ ছালাতত থিয় হয়। আল্লাহক সিহঁতে খুবেই কম স্মৰণ কৰে।
-
4:143
مُّذَبْذَبِينَ بَيْنَ ذَٰلِكَ لَآ إِلَىٰ هَـٰٓؤُلَآءِ وَلَآ إِلَىٰ هَـٰٓؤُلَآءِ ۚ وَمَن يُضْلِلِ ٱللَّهُ فَلَن تَجِدَ لَهُۥ سَبِيلًا
Muẓabẓabeena bayna ẓaalika, Laaa ʹilaa haaaʹulaaaʹi wa-laaa ʹilaa haaaʹulaaaʹ. Wa-mañy yuḍlilil laahu falañ tajida lahoo Sabeelaa.
সিহঁত দোদুল্যমান অৱস্থাত থাকে, ইফালেও নহয় সিফালেও নহয়। আল্লাহে যাক পথভ্ৰষ্ট কৰে, তুমি তাৰ বাবে কেতিয়াও কোনো পথ বিচাৰি নাপাবা।
-
4:144
يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوا۟ لَا تَتَّخِذُوا۟ ٱلْكَـٰفِرِينَ أَوْلِيَآءَ مِن دُونِ ٱلْمُؤْمِنِينَ ۚ أَتُرِيدُونَ أَن تَجْعَلُوا۟ لِلَّهِ عَلَيْكُمْ سُلْطَـٰنًا مُّبِينًا
Yaaaʹayoohal laẓeena ʹaamanoo laa- tattakhiẓul kaafireena ʹawliyaaaʹa miñ doonil Muʹmineen. Atureedoona ʹañ tajʻaloo lillaahi ʻalaykum sulṭaanam mubeenaa?
হে মুমিনসকল! তোমালোকে মুমিনসকলৰ বাহিৰে কাফিৰসকলক বন্ধুৰূপে গ্ৰহণ নকৰিবা। তোমালোকে নিজৰ ওপৰত আল্লাহৰ প্ৰকাশ্য অভিযোগ কায়েম কৰিব বিচৰা নেকি?
-
4:145
إِنَّ ٱلْمُنَـٰفِقِينَ فِى ٱلدَّرْكِ ٱلْأَسْفَلِ مِنَ ٱلنَّارِ وَلَن تَجِدَ لَهُمْ نَصِيرًا
ʹInnal Munaafiq̣eena fid darkil ʹasfali minan naar: wa-lan tajida lahum naṣeeraa;
নিশ্চয় মুনাফিকসকলে জাহান্নামৰ সৰ্বনিম্ন স্তৰত থাকিব আৰু সিহঁতৰ বাবে তুমি কেতিয়াও কোনো সহায়ক নাপাবা।
-
4:146
إِلَّا ٱلَّذِينَ تَابُوا۟ وَأَصْلَحُوا۟ وَٱعْتَصَمُوا۟ بِٱللَّهِ وَأَخْلَصُوا۟ دِينَهُمْ لِلَّهِ فَأُو۟لَـٰٓئِكَ مَعَ ٱلْمُؤْمِنِينَ ۖ وَسَوْفَ يُؤْتِ ٱللَّهُ ٱلْمُؤْمِنِينَ أَجْرًا عَظِيمًا
ʹIllal laẓeena taaboo wa-ʹaṣlaḥoo waʻtaṣamoo billaahi wa-ʹakhlaṣoo deenahum lillaahi faʹulaaaʹika maʻal Muʹmineen. Wa-sawfa yuʹtil laahul Muʹmineena ʹajran ʻaz̤̣eemaa.
কিন্তু যিসকলে তাওবা কৰে, নিজকে সংশোধন কৰে, আৰু আল্লাহক দৃঢ়ভাৱে অৱলম্বন কৰে, লগতে আল্লাহৰ উদ্দেশ্যে নিৰ্ভেজালভাৱে নিজৰ দ্বীন পালন কৰে, তেন্তে তেওঁলোক মুমিনসকলৰ লগত থাকিব। (জানি থোৱা) শীঘ্ৰেই আল্লাহে মুমিনসকলক মহাপুৰস্কাৰ প্ৰদান কৰিব।
-
4:147
مَّا يَفْعَلُ ٱللَّهُ بِعَذَابِكُمْ إِن شَكَرْتُمْ وَءَامَنتُمْ ۚ وَكَانَ ٱللَّهُ شَاكِرًا عَلِيمًا
Maa- yafʻalul laahu biʻaẓaabikum ʹiñ shakartum wa-ʹaamañtum? Wa-kaanal laahu Shaakiran ʻAleema.
যদি তোমালোকে কৃতজ্ঞতা প্ৰকাশ কৰা আৰু ঈমান পোষণ কৰা, তেনেহ’লে তোমালোকক শাস্তি প্ৰদান কৰি আল্লাহৰ কি হ’ব? (জানি থোৱা) প্ৰকৃততে আল্লাহ হৈছে গুণগ্ৰাহী, সৰ্বজ্ঞ।