Home  /  Quran  /  Surah
Loading...
بِسْمِ ٱللَّهِ ٱلرَّحْمَـٰنِ ٱلرَّحِيمِ

Surah Luqman

Surah Luqman (Luqman) is Surah 31 of the Holy Quran, a Meccan Surah with 34 verses, available here in Assamese.

Surah 31 Meccan 34 verses Assamese

Verse 31:1

الٓمّٓ ۟ۚ

ʹAlif-Laaam-Meeem.

আলিফ-লাম-মীম।

Verse 31:2

تِلْكَ اٰیٰتُ الْكِتٰبِ الْحَكِیْمِ ۟ۙ

Tilka ʹAayaatul Kitaabil Ḥakeem,―

এইবোৰ হৈছে প্ৰজ্ঞাপূৰ্ণ কিতাবৰ আয়াত,

Verse 31:3

هُدًی وَّرَحْمَةً لِّلْمُحْسِنِیْنَ ۟ۙ

Hudañw Wa-Raḥmatal lil-Muḥsineen,

সৎকৰ্মশীলসকলৰ বাবে হিদায়ত আৰু ৰহমতস্বৰূপ,

Verse 31:4

الَّذِیْنَ یُقِیْمُوْنَ الصَّلٰوةَ وَیُؤْتُوْنَ الزَّكٰوةَ وَهُمْ بِالْاٰخِرَةِ هُمْ یُوْقِنُوْنَ ۟ؕ

ʹAllaẓeena yuq̣eemoonaṣ Ṣalaata wa-yuʹtoonaz Zakaata wa-hum̃ bil-ʹAakhirati hum yooq̣inoon.

যিসকলে ছালাত কায়েম কৰে আৰু যাকাত প্ৰদান কৰে আৰু তেওঁলোকেই আখিৰাতৰ প্ৰতি নিশ্চিত বিশ্বাস স্থাপন কৰে।

Verse 31:5

اُولٰٓىِٕكَ عَلٰی هُدًی مِّنْ رَّبِّهِمْ وَاُولٰٓىِٕكَ هُمُ الْمُفْلِحُوْنَ ۟

ʹUlaaaʹika ʻalaa Hudam mir Rabbihim wa-ʹulaaaʹika humul Mufliḥoon.

তেওঁলোকেই নিজ প্ৰতিপালকৰ নিৰ্দেশিত হিদায়তৰ ওপৰত আছে আৰু তেওঁলোকেই হৈছে সাফল্যমণ্ডিত।

Verse 31:6

وَمِنَ النَّاسِ مَنْ یَّشْتَرِیْ لَهْوَ الْحَدِیْثِ لِیُضِلَّ عَنْ سَبِیْلِ اللّٰهِ بِغَیْرِ عِلْمٍ ۖۗ وَّیَتَّخِذَهَا هُزُوًا ؕ اُولٰٓىِٕكَ لَهُمْ عَذَابٌ مُّهِیْنٌ ۟

Wa-minan naasi mañy yashtaree lahwal ḥadees̤i liyuḍilla ʻañ Sabeelil laahi big̣ayri ʻilmiñw Wayattakhiẓahaa huzuwaa: ʹulaaaʹika lahum ʻAẓaabum muheen.

আৰু মানুহৰ মাজত কিছুমান এনেকুৱা মানুহো আছে যিসকলে আল্লাহৰ পথত বাধা দিয়াৰ বাবে অসাৰ বাক্য কিনি লয়, বিনা জ্ঞানে আৰু আল্লাহে দেখুৱা পথক ঠাট্টা-বিদ্ৰূপ কৰে। সিহঁতৰ বাবেই আছে অৱমাননাকৰ শাস্তি।

Verse 31:7

وَاِذَا تُتْلٰی عَلَیْهِ اٰیٰتُنَا وَلّٰی مُسْتَكْبِرًا كَاَنْ لَّمْ یَسْمَعْهَا كَاَنَّ فِیْۤ اُذُنَیْهِ وَقْرًا ۚ فَبَشِّرْهُ بِعَذَابٍ اَلِیْمٍ ۟

Wa-ʹiẓaa tutlaa ʻalayhi ʹAayaatunaa wallaa mustakbirañ kaʹal lam yasmaʻhaa kaʹanna feee ʹuẓunayhi waq̣raa: fabashshirhu biʻAẓaabin ʹaleem.

আৰু যেতিয়া তাৰ ওচৰত আমাৰ আয়াতসমূহ তিলাৱত কৰা হয় তেতিয়া সি অহংকাৰত মুখ ঘূৰাই নিয়ে যেনিবা সি এইটো শুনাই পোৱা নাই, যেনিবা তাৰ দুয়ো কাণ বধিৰ; এতেকে তাক যন্ত্ৰণাদায়ক শাস্তিৰ সংবাদ দিয়া।

Verse 31:8

اِنَّ الَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ لَهُمْ جَنّٰتُ النَّعِیْمِ ۟ۙ

ʹInnal laẓeena ʹaamanoo wa-ʻamiluṣ ṣaaliḥaati lahum Jannaatun Naʻeem.―

নিশ্চয় যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকৰ বাবে আছে নিয়ামতপূৰ্ণ জান্নাত;

Verse 31:9

خٰلِدِیْنَ فِیْهَا ؕ وَعْدَ اللّٰهِ حَقًّا ؕ وَهُوَ الْعَزِیْزُ الْحَكِیْمُ ۟

Khaalideena feehaa. Waʻdal laahi ḥaq̣q̣aa: wa-Huwal ʻAzeezul Ḥakeem.

তাত তেওঁলোক স্থায়ী হ’ব। আল্লাহৰ প্ৰতিশ্ৰুতি সত্য। তেওঁ মহাপৰাক্ৰমশালী, প্ৰজ্ঞাময়।

Verse 31:10

خَلَقَ السَّمٰوٰتِ بِغَیْرِ عَمَدٍ تَرَوْنَهَا وَاَلْقٰی فِی الْاَرْضِ رَوَاسِیَ اَنْ تَمِیْدَ بِكُمْ وَبَثَّ فِیْهَا مِنْ كُلِّ دَآبَّةٍ ؕ وَاَنْزَلْنَا مِنَ السَّمَآءِ مَآءً فَاَنْۢبَتْنَا فِیْهَا مِنْ كُلِّ زَوْجٍ كَرِیْمٍ ۟

Khalaq̣as samaawaati big̣ayri ʻamadiñ tarawnahaa wa-ʹalq̣aa fil ʹarḍi rawaasiya ʹañ tameeda bikum wa-bas̤s̤a feehaa miñ kulli daaabbah. Wa-ʹañzalnaa minas samaaaʹi maaaʹañ faʹambatnaa feehaa miñ kulli zawjiñ kareem.

তেৱেঁই আকাশসমূহ নিৰ্মাণ কৰিছে খুটাবিহীন, তোমালোকে সেইখনক দেখি আছা, তেৱেঁই পৃথিৱীত স্থাপন কৰিছে সুদৃঢ় পৰ্বতমালা, যাতে পৃথিৱীয়ে তোমালোকক লৈ ঢলি নপৰে, লগতে ইয়াত সিঁচৰতি কৰি দিছে সকলো ধৰণৰ জীৱ-জন্তু। আমিয়েই আকাশৰ পৰা পানী বৰ্ষণ কৰোঁ তাৰ পিছত ইয়াত উৎপন্ন কৰোঁ নানা প্ৰকাৰৰ কল্যাণকৰ উদ্ভিদ।

Verse 31:11

هٰذَا خَلْقُ اللّٰهِ فَاَرُوْنِیْ مَاذَا خَلَقَ الَّذِیْنَ مِنْ دُوْنِهٖ ؕ بَلِ الظّٰلِمُوْنَ فِیْ ضَلٰلٍ مُّبِیْنٍ ۟۠

Haaẓaa khalq̣ul laahi faʹaroonee maa-ẓaa khalaq̣al laẓeena miñ doonih: baliz̤̣ z̤̣aalimoona fee ḍalaalim mubeen.

এইবোৰ হৈছে আল্লাহৰ সৃষ্টি। এতেকে তেওঁৰ বাহিৰে আনে কি সৃষ্টি কৰিছে মোক দেখুৱাচোন? বৰং যালিমসকল আছে স্পষ্ট বিভ্ৰান্তিত।

Verse 31:12

وَلَقَدْ اٰتَیْنَا لُقْمٰنَ الْحِكْمَةَ اَنِ اشْكُرْ لِلّٰهِ ؕ وَمَنْ یَّشْكُرْ فَاِنَّمَا یَشْكُرُ لِنَفْسِهٖ ۚ وَمَنْ كَفَرَ فَاِنَّ اللّٰهَ غَنِیٌّ حَمِیْدٌ ۟

Wa-laq̣ad ʹaataynaa Luq̣maanal Ḥikmata ʹanish kur lillaah. Wa-mañy yashkur faʹinnamaa yashkuru linafsih: wa-mañ kafara faʹinnal laaha G̣aniyyun Ḥameed.

আৰু নিশ্চয় আমি লুক্বমানক হিকমত দান কৰিছিলোঁ আৰু কৈছিলোঁ যে, আল্লাহৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰা। যিয়ে কৃতজ্ঞতা প্ৰকাশ কৰে সি নিজৰ কল্যাণৰ বাবেই কৃতজ্ঞতা প্ৰকাশ কৰে আৰু যদি কোনোবাই অকৃতজ্ঞ হয় তেন্তে নিশ্চয় আল্লাহ অভাৱমুক্ত, চিৰ প্ৰশংসিত।

Verse 31:13

وَاِذْ قَالَ لُقْمٰنُ لِابْنِهٖ وَهُوَ یَعِظُهٗ یٰبُنَیَّ لَا تُشْرِكْ بِاللّٰهِ ؔؕ اِنَّ الشِّرْكَ لَظُلْمٌ عَظِیْمٌ ۟

Wa-ʹiẓ q̣aala Luq̣maanu libnihee wa-huwa yaʻiz̤̣uhoo yaabunayya laa- tushrik billaah. ʹInnash shirka laz̤̣ulmun ʻaz̤̣eem.

আৰু স্মৰণ কৰা, যেতিয়া লুক্বমানে তেওঁৰ পুত্ৰক উপদেশ দি কৈছিল, ‘হে মোৰ পুত্ৰ! আল্লাহৰ লগত শ্বিৰ্ক নকৰিবা। নিশ্চয় শ্বিৰ্ক হৈছে মহা অন্যায়’।

Verse 31:14

وَوَصَّیْنَا الْاِنْسَانَ بِوَالِدَیْهِ ۚ حَمَلَتْهُ اُمُّهٗ وَهْنًا عَلٰی وَهْنٍ وَّفِصٰلُهٗ فِیْ عَامَیْنِ اَنِ اشْكُرْ لِیْ وَلِوَالِدَیْكَ ؕ اِلَیَّ الْمَصِیْرُ ۟

Wa-waṣṣaynal ʹiñsaana biwaalidayh: ḥamalathu ʹummuhoo wahnan ʻalaa wahniñw wafiṣaaluhoo fee ʻaamayni ʹanish kur lee waliwaalidayka ʹilayyal Maṣeer.

আৰু আমি মানুহক তাৰ পিতৃ-মাতৃৰ প্ৰতি সদাচৰণ কৰিবলৈ নিৰ্দেশ দিছোঁ। তাৰ মাকে তাক কষ্টৰ পিছত কষ্ট সহ্য কৰি গৰ্ভত ধাৰণ কৰিছে, আৰু তাক পিয়াহ এৰোৱাবলৈ সময় লাগে দুবছৰ। এতেকে মোৰ প্ৰতি আৰু তোমাৰ পিতৃ-মাতৃৰ প্ৰতি কৃতজ্ঞ হোৱা। প্ৰত্যাৱৰ্তন কেৱল মোৰ ওচৰতেই।

Verse 31:15

وَاِنْ جَاهَدٰكَ عَلٰۤی اَنْ تُشْرِكَ بِیْ مَا لَیْسَ لَكَ بِهٖ عِلْمٌ ۙ فَلَا تُطِعْهُمَا وَصَاحِبْهُمَا فِی الدُّنْیَا مَعْرُوْفًا ؗ وَّاتَّبِعْ سَبِیْلَ مَنْ اَنَابَ اِلَیَّ ۚ ثُمَّ اِلَیَّ مَرْجِعُكُمْ فَاُنَبِّئُكُمْ بِمَا كُنْتُمْ تَعْمَلُوْنَ ۟

Wa-ʹiñ jaahadaaka ʻalaaa ʹañ tushrika bee maa- laysa laka bihee ʻilmuñ falaa tuṭiʻhumaa waṣaaḥibhumaa fid dunyaa maʻroofañw wattabiʻ sabeela man ʹanaaba ʹilayy: s̤umma ʹilayya marjiʻukum faʹunabbiʹukum̃ bimaa kuñtum taʻmaloon.

আৰু তোমাৰ পিতৃ-মাতৃয়ে যদি তোমাক মোৰ লগত শ্বিৰ্ক কৰিবলৈ হেঁচা প্ৰয়োগ কৰে যি বিষয়ে তোমাৰ কোনো জ্ঞান নাই, তেন্তে তুমি সিহঁতৰ কথা নামানিবা আৰু পৃথিৱীত সিহঁতৰ লগত বসবাস কৰিবা সদ্ভাৱে। তুমি সেই ব্যক্তিৰ পথ অৱলম্বন কৰা, যিয়ে মোৰ অভিমুখী হৈছে। তাৰ পিছত তোমালোকৰ প্ৰত্যাৱৰ্তন মোৰ ওচৰতেই হ’ব, তেতিয়া মই তোমালোকক সেই বিষয়ে অৱহিত কৰিম যিবোৰ তোমালোকে কৰিছিলা।

Verse 31:16

یٰبُنَیَّ اِنَّهَاۤ اِنْ تَكُ مِثْقَالَ حَبَّةٍ مِّنْ خَرْدَلٍ فَتَكُنْ فِیْ صَخْرَةٍ اَوْ فِی السَّمٰوٰتِ اَوْ فِی الْاَرْضِ یَاْتِ بِهَا اللّٰهُ ؕ اِنَّ اللّٰهَ لَطِیْفٌ خَبِیْرٌ ۟

Yaabunayya ʹinnahaaa ʹiñ taku mis̤q̣aala ḥabbatim min khardaliñ fatakuñ fee ṣakhratin ʹaw fis samaawaati ʹaw fil ʹarḍi yaʹti bihal laah: ʹinnal laaha Laṭeefun Khabeer.

‘হে মোৰ পুত্ৰ! নিশ্চয় সেয়া (পাপ-পূণ্য) যদি সৰিয়হৰ বীজৰ সমানো হয়, আৰু ই যদি থাকে শিলাগৰ্ভত অথবা আকাশসমূহত নাইবা পৃথিৱীত, আল্লাহে সেইটোকো উপস্থিত কৰিব। নিশ্চয় আল্লাহ সূক্ষ্মদৰ্শী, সম্যক অৱহিত।

Verse 31:17

یٰبُنَیَّ اَقِمِ الصَّلٰوةَ وَاْمُرْ بِالْمَعْرُوْفِ وَانْهَ عَنِ الْمُنْكَرِ وَاصْبِرْ عَلٰی مَاۤ اَصَابَكَ ؕ اِنَّ ذٰلِكَ مِنْ عَزْمِ الْاُمُوْرِ ۟ۚ

Yaa bunyya ʹaq̣imiṣ-Ṣalaata waʹmur bilmaʻroofi wanha ʻanil muñkari waṣbir ʻalaa maaa ʹaṣaabak: ʹinna ẓaalika min ʻazmil ʹumoor.

‘হে মোৰ পুত্ৰ! ছালাত কায়েম কৰা, সৎকৰ্মৰ আদেশ দিয়া আৰু অসৎকৰ্মৰ পৰা নিষেধ কৰা, লগতে তোমাৰ ওপৰত যি (বিপদ) আপতিত হয় তাৰ ওপৰত ধৈৰ্য্য ধাৰণ কৰা। নিশ্চয় এইটো অন্যতম দৃঢ় সংকল্পৰ কাম।

Verse 31:18

وَلَا تُصَعِّرْ خَدَّكَ لِلنَّاسِ وَلَا تَمْشِ فِی الْاَرْضِ مَرَحًا ؕ اِنَّ اللّٰهَ لَا یُحِبُّ كُلَّ مُخْتَالٍ فَخُوْرٍ ۟ۚ

Wa-laa tuṣaʻʻir khaddaka linnaasi wa-laa tamshi fil ʹarḍi maraḥaa; ʹInnal laaha laa- yuḥibbu kulla mukhtaaliñ fakhoor.

আৰু তুমি মানুহৰ প্ৰতি অৱজ্ঞা কৰি তোমাৰ গাল বেকা নকৰিবা, লগতে পৃথিৱীত ফিতাহি মাৰি নুফুৰিবা; নিশ্চয় আল্লাহে কোনো উদ্ধত, অহংকাৰীক পছন্দ নকৰে।

Verse 31:19

وَاقْصِدْ فِیْ مَشْیِكَ وَاغْضُضْ مِنْ صَوْتِكَ ؕ اِنَّ اَنْكَرَ الْاَصْوَاتِ لَصَوْتُ الْحَمِیْرِ ۟۠

Waq̣ṣid fee mashyika wag̣ḍuḍ miñ ṣawtik; ʹinna ʹañkaral ʹaṣwaati laṣawtul ḥameer.

আৰু তুমি তোমাৰ চলা-ফুৰাৰ ক্ষেত্ৰত মধ্যমপন্থা অৱলম্বন কৰা আৰু তোমাৰ কণ্ঠস্বৰ অৱনত কৰা, নিশ্চয় মাতৰ ভিতৰত আটাইতকৈ অপ্ৰীতিকৰ মাত হৈছে গাধৰ মাত।

Verse 31:20

اَلَمْ تَرَوْا اَنَّ اللّٰهَ سَخَّرَ لَكُمْ مَّا فِی السَّمٰوٰتِ وَمَا فِی الْاَرْضِ وَاَسْبَغَ عَلَیْكُمْ نِعَمَهٗ ظَاهِرَةً وَّبَاطِنَةً ؕ وَمِنَ النَّاسِ مَنْ یُّجَادِلُ فِی اللّٰهِ بِغَیْرِ عِلْمٍ وَّلَا هُدًی وَّلَا كِتٰبٍ مُّنِیْرٍ ۟

ʹAlam taraw ʹannal laaha sakhkhara lakum maa fis samaawaati wa-maa fil ʹarḍi wa-ʹasbag̣a ʻalaykum niʻamahoo z̤̣aahiratañw wa baaṭinah? Wa-minan naasi mañy yujaadilu fil laahi big̣ayri ʻilmiñw walaa hudañw walaa kitaabim muneer.

তোমালোকে লক্ষ্য কৰা নাইনে? নিশ্চয় আকাশসমূহ আৰু পৃথিৱীত যি আছে সকলোবোৰকেই আল্লাহে তোমালোকৰ কল্যাণত নিয়োজিত কৰিছে আৰু তোমালোকৰ প্ৰতি তেওঁৰ প্ৰকাশ্য আৰু অপ্ৰকাশ্য অনুগ্ৰহসমূহ সম্পূৰ্ণ কৰিছে; আৰু মানুহৰ মাজত কিছুমান এনেকুৱা মানুহো আছে যিসকলে কোনো জ্ঞান, কোনো পথনিৰ্দেশ অথবা কোনো দীপ্তিমান গ্ৰন্থ নোহোৱাকৈ আল্লাহ সম্পৰ্কে বাক-বিতণ্ডা কৰে।

Verse 31:21

وَاِذَا قِیْلَ لَهُمُ اتَّبِعُوْا مَاۤ اَنْزَلَ اللّٰهُ قَالُوْا بَلْ نَتَّبِعُ مَا وَجَدْنَا عَلَیْهِ اٰبَآءَنَا ؕ اَوَلَوْ كَانَ الشَّیْطٰنُ یَدْعُوْهُمْ اِلٰی عَذَابِ السَّعِیْرِ ۟

Wa-ʹiẓaa q̣eela lahumut tabiʻoo maaa ʹañzalal laahu q̣aaloo bal nattabiʻu maa- wajadnaa ʻalayhi ʹaabaaaʹanaa. ʹAwalaw kaanash Shayṭaanu yadʻoohum ʹilaa ʻaẓaabis Saʻeer?

আৰু সিহঁতক যেতিয়া কোৱা হয় যে, ‘আল্লাহে যি অৱতীৰ্ণ কৰিছে তোমালোকে সেয়া অনুসৰণ কৰা’। সিহঁতে কয়, ‘বৰং আমি আমাৰ পিতৃপুৰুষসকলক যিটোৰ ওপৰত পাইছোঁ, আমি সেইটোৰেই অনুসৰণ কৰিম’। চয়তানে যদি সিহঁতক জ্বলন্ত জুইৰ পিনে আহ্বান কৰে তথাপিও, (সিহঁতে পিতৃপুৰুষসকলৰ অনুসৰণ কৰিবনে)?

Verse 31:22

وَمَنْ یُّسْلِمْ وَجْهَهٗۤ اِلَی اللّٰهِ وَهُوَ مُحْسِنٌ فَقَدِ اسْتَمْسَكَ بِالْعُرْوَةِ الْوُثْقٰی ؕ وَاِلَی اللّٰهِ عَاقِبَةُ الْاُمُوْرِ ۟

Wa-mañy yuslim wajhahooo ʹilal laahi wa-huwa Muḥsinuñ faq̣adis tamsaka bilʻurwatil wus̤q̣aa: wa-ʹilal laahi ʻAaq̣ibatul ʹumoor.

আৰু যিয়ে একনিষ্ঠ আৰু বিশুদ্ধচিত্তে আল্লাহৰ ওচৰত নিজকে সমৰ্পন কৰে, তেওঁ নিশ্চিতভাৱে এডাল মজবুত ৰছী ধাৰণ কৰে; আৰু যাৱতীয় কৰ্মৰ পৰিণাম আল্লাহৰেই ওচৰত।

Verse 31:23

وَمَنْ كَفَرَ فَلَا یَحْزُنْكَ كُفْرُهٗ ؕ اِلَیْنَا مَرْجِعُهُمْ فَنُنَبِّئُهُمْ بِمَا عَمِلُوْا ؕ اِنَّ اللّٰهَ عَلِیْمٌۢ بِذَاتِ الصُّدُوْرِ ۟

Wa-mañ kafara falaa yaḥzuñka kufruh: ʹilaynaa Marjiʻuhum fanunabbiʹuhum̃ bimaa ʻamiloo: ʹinnal laaha ʻAleemum biẓaatiṣ ṣudoor.

আৰু কোনোবাই কুফৰী কৰিলে, তাৰ কুফৰীয়ে যেন তোমাক চিন্তিত নকৰে। আমাৰ ওচৰতেই সিহঁতৰ প্ৰত্যাৱৰ্তন। এতেকে আমি সিহঁতক অৱহিত কৰিম সিহঁতে যি কৰিছিল। নিশ্চয় অন্তৰসমূহত যি আছে সেই সম্পৰ্কে আল্লাহ সম্যক অৱগত।

Verse 31:24

نُمَتِّعُهُمْ قَلِیْلًا ثُمَّ نَضْطَرُّهُمْ اِلٰی عَذَابٍ غَلِیْظٍ ۟

Numattiʻuhum q̣aleelañ s̤umma naḍṭarruhum ʹilaa ʻaẓaabin g̣aleez̤̣.

আমি সিহঁতক অলপ সময় ভোগ কৰিবলৈ দিম। তাৰ পিছত আমি সিহঁতক কঠিন শাস্তি ভোগ কৰিবলৈ বাধ্য কৰাম।

Verse 31:25

وَلَىِٕنْ سَاَلْتَهُمْ مَّنْ خَلَقَ السَّمٰوٰتِ وَالْاَرْضَ لَیَقُوْلُنَّ اللّٰهُ ؕ قُلِ الْحَمْدُ لِلّٰهِ ؕ بَلْ اَكْثَرُهُمْ لَا یَعْلَمُوْنَ ۟

Wa-laʹiñ saʹaltahum man khalaq̣as samaawaati wal-ʹarḍa layaq̣oolunnal laah. Q̣ulil Ḥamdu lillaah! Bal ʹaks̤aruhum laa- yaʻlamoon.

আৰু যদি তুমি সিহঁতক সোধা, ‘আকাশসমূহ আৰু পৃথিৱী কোনে সৃষ্টি কৰিছে’? সিহঁতে নিশ্চয় ক’ব ‘আল্লাহে’। কোৱা, ‘সকলো ধৰণৰ প্ৰশংসা আল্লাহৰেই’। কিন্তু সিহঁতৰ অধিকাংশই নাজানে।

Verse 31:26

لِلّٰهِ مَا فِی السَّمٰوٰتِ وَالْاَرْضِ ؕ اِنَّ اللّٰهَ هُوَ الْغَنِیُّ الْحَمِیْدُ ۟

Lillaahi maa- fis samaawaati wal-ʹarḍ: ʹinnal laaha Huwal G̣aniyyul Ḥameed.

আকাশসমূহ আৰু পৃথিৱীত যি যি আছে সেই সকলো আল্লাহৰেই; নিশ্চয় আল্লাহ, তেৱেঁই অভাৱমুক্ত, চিৰপ্ৰশংসিত।

Verse 31:27

وَلَوْ اَنَّمَا فِی الْاَرْضِ مِنْ شَجَرَةٍ اَقْلَامٌ وَّالْبَحْرُ یَمُدُّهٗ مِنْ بَعْدِهٖ سَبْعَةُ اَبْحُرٍ مَّا نَفِدَتْ كَلِمٰتُ اللّٰهِ ؕ اِنَّ اللّٰهَ عَزِیْزٌ حَكِیْمٌ ۟

Walaw ʹannamaa- fil ʹarḍi miñ shajaratin ʹaq̣laamuñw wal-baḥru yamudduhoo mim baʻdihee sabʻatu ʹabḥurim maa nafidat Kalimaatul laah: ʹinnal laaha ʻAzeezun Ḥakeem.

আৰু পৃথিৱীৰ সকলো গছ-গছনি যদি কলম হয় আৰু সাগৰ, তাৰ পিছত আৰু সাতোখন সাগৰ যদি চিয়াঁহী হয়, তথাপিও আল্লাহৰ বাণী শেষ নহ’ব। নিশ্চয় আল্লাহ মহা পৰাক্ৰমশালী, প্ৰজ্ঞাময়।

Verse 31:28

مَا خَلْقُكُمْ وَلَا بَعْثُكُمْ اِلَّا كَنَفْسٍ وَّاحِدَةٍ ؕ اِنَّ اللّٰهَ سَمِیْعٌ بَصِیْرٌ ۟

Maa- khalq̣ukum wa-laa baʻs̤ukum ʹillaa kanafsiñw waaḥidah: ʹinnal laaha Sameeʻum Baṣeer.

তোমালোক সকলোৰে সৃষ্টি আৰু পুনৰুত্থান, কেৱল এটা প্ৰাণীৰ সৃষ্টি আৰু পুনৰুত্থানৰ দৰেই। নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সম্যক দ্ৰষ্টা।

Verse 31:29

اَلَمْ تَرَ اَنَّ اللّٰهَ یُوْلِجُ الَّیْلَ فِی النَّهَارِ وَیُوْلِجُ النَّهَارَ فِی الَّیْلِ وَسَخَّرَ الشَّمْسَ وَالْقَمَرَ ؗ كُلٌّ یَّجْرِیْۤ اِلٰۤی اَجَلٍ مُّسَمًّی وَّاَنَّ اللّٰهَ بِمَا تَعْمَلُوْنَ خَبِیْرٌ ۟

ʹAlam tara ʹannal laaha yoolijul layla fin nahaari wa-yoolijun nahaara fil layli wa-sakhkharash shamsa wal-q̣amar: kulluñy yajreee ʹilaaa ʹajalim musammañw waʹannal laaha bimaa taʻmaloona khabeer?

তুমি দেখা নাইনে, নিশ্চয় আল্লাহেই ৰাতিক দিনৰ মাজত প্ৰৱেশ কৰায় আৰু দিনক ৰাতিৰ মাজত প্ৰৱেশ কৰায়? তেৱেঁই চন্দ্ৰ-সূৰ্যক তোমালোকৰ কল্যাণত নিয়োজিত কৰিছে, প্ৰত্যেকেই বিচৰণ কৰে এটা নিৰ্দিষ্ট সময়লৈকে। নিশ্চয় তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক অৱহিত।

Verse 31:30

ذٰلِكَ بِاَنَّ اللّٰهَ هُوَ الْحَقُّ وَاَنَّ مَا یَدْعُوْنَ مِنْ دُوْنِهِ الْبَاطِلُ ۙ وَاَنَّ اللّٰهَ هُوَ الْعَلِیُّ الْكَبِیْرُ ۟۠

Ẓaalika biʹannal laaha Huwal Ḥaq̣q̣u waʹanna maa- yadʻoona miñ doonihil Baaṭilu wa-ʹannal laaha Huwal ʻAliyyul Kabeer.

এইবোৰেই প্ৰমাণ কৰে যে, নিশ্চয় আল্লাহ, তেৱেঁই সত্য আৰু সিহঁতে তেওঁৰ বাহিৰে যিবোৰক আহ্বান কৰে সেইবোৰ হৈছে বাতিল। নিশ্চয় আল্লাহ, তেৱেঁই হৈছে সৰ্বোচ্চ, সুমহান।

Verse 31:31

اَلَمْ تَرَ اَنَّ الْفُلْكَ تَجْرِیْ فِی الْبَحْرِ بِنِعْمَتِ اللّٰهِ لِیُرِیَكُمْ مِّنْ اٰیٰتِهٖ ؕ اِنَّ فِیْ ذٰلِكَ لَاٰیٰتٍ لِّكُلِّ صَبَّارٍ شَكُوْرٍ ۟

ʹAlam tara ʹannal fulka tajree fil baḥri biniʻmatil laahi liyuriyakum min ʹAayaatih? ʹInna fee ẓaalika laʹAayaatil likulli ṣabbaariñ shakoor.

তুমি লক্ষ্য কৰা নাইনে যে, আল্লাহৰ অনুগ্ৰহতেই নৌযানসমূহ সাগৰত বিচৰণ কৰে, যাতে তেওঁ তোমালোকক তেওঁৰ কিছুমান নিদৰ্শন দেখুৱাব পাৰে? নিশ্চয় ইয়াত বহুতো নিদৰ্শন আছে, প্ৰত্যেক ধৈৰ্য্যশীল কৃতজ্ঞ ব্যক্তিৰ বাবে।

Verse 31:32

وَاِذَا غَشِیَهُمْ مَّوْجٌ كَالظُّلَلِ دَعَوُا اللّٰهَ مُخْلِصِیْنَ لَهُ الدِّیْنَ ۚ۬ فَلَمَّا نَجّٰىهُمْ اِلَی الْبَرِّ فَمِنْهُمْ مُّقْتَصِدٌ ؕ وَمَا یَجْحَدُ بِاٰیٰتِنَاۤ اِلَّا كُلُّ خَتَّارٍ كَفُوْرٍ ۟

Wa-ʹiẓaa g̣ashiyahum mawjuñ kaz̤̣z̤̣ulali daʻawul laaha Mukhliṣeena lahud deen. Falammaa najjaahum ʹilal barri faminhum muq̣taṣid. Wa-maa yajḥadu biʹAayaatinaaa ʹillaa kullu khattariñ kafoor!

আৰু যেতিয়া ঢৌৱে সিহঁতক ছাঁৰ দৰে আচ্ছন্ন কৰে, তেতিয়া সিহঁতে একনিষ্ঠ অৱস্থাত আনুগত্যৰ সৈতে কেৱল আল্লাহকেই আহ্বান কৰে। তাৰ পিছত যেতিয়া তেওঁ সিহঁতক উদ্ধাৰ কৰি স্থলত পৌঁচাই দিয়ে তেতিয়া সিহঁতৰ কিছুমানে মধ্যম পন্থা অৱলম্বন কৰে। আৰু কেৱল বিশ্বাসঘাতক, কাফিৰ ব্যক্তিয়েই আমাৰ নিদৰ্শনাৱলীক অস্বীকাৰ কৰে।

Verse 31:33

یٰۤاَیُّهَا النَّاسُ اتَّقُوْا رَبَّكُمْ وَاخْشَوْا یَوْمًا لَّا یَجْزِیْ وَالِدٌ عَنْ وَّلَدِهٖ ؗ وَلَا مَوْلُوْدٌ هُوَ جَازٍ عَنْ وَّالِدِهٖ شَیْـًٔا ؕ اِنَّ وَعْدَ اللّٰهِ حَقٌّ فَلَا تَغُرَّنَّكُمُ الْحَیٰوةُ الدُّنْیَا ۥ وَلَا یَغُرَّنَّكُمْ بِاللّٰهِ الْغَرُوْرُ ۟

Yaaaʹayyuhan naasut taq̣oo Rabbakum wakhshaw yawmal laa yajzee waalidun ʻañw waladihee wa-laa mawloodun huwa jaazin ʻañw waalidihee shayʹaa. ʹInna waʻdal laahi ḥaq̣q̣uñ falaa tag̣urrannakumul ḥayaatud dunyaa: wa-laa yag̣urrannakum̃ billaahil G̣aroor.

হে মানৱ! তোমালোকে নিজ প্ৰতিপালকৰ তাক্বৱা অৱলম্বন কৰা আৰু ভয় কৰা সেই দিনটোক, যিদিনা কোনো পিতৃয়ে তাৰ সন্তানৰ ফালৰ পৰা একো আদায় নকৰিব, এইদৰেই কোনো সন্তানেও তাৰ পিতৃৰ ফালৰ পৰা একো আদায় নকৰিব। নিশ্চয় আল্লাহৰ প্ৰতিশ্ৰুতি সত্য, এতেকে পাৰ্থিৱ জীৱনে যেন তোমালোকক কেতিয়াও প্ৰতাৰিত কৰিব নোৱাৰে আৰু সেই প্ৰবঞ্চকেও যেন তোমালোকক কেতিয়াও আল্লাহ সম্পৰ্কে প্ৰবঞ্চিত কৰিব নোৱাৰে।

Verse 31:34

اِنَّ اللّٰهَ عِنْدَهٗ عِلْمُ السَّاعَةِ ۚ وَیُنَزِّلُ الْغَیْثَ ۚ وَیَعْلَمُ مَا فِی الْاَرْحَامِ ؕ وَمَا تَدْرِیْ نَفْسٌ مَّاذَا تَكْسِبُ غَدًا ؕ وَمَا تَدْرِیْ نَفْسٌ بِاَیِّ اَرْضٍ تَمُوْتُ ؕ اِنَّ اللّٰهَ عَلِیْمٌ خَبِیْرٌ ۟۠

ʹInnal laaha ʻiñdahoo ʻilmus Saaʻah. Wa-yunazzilul g̣ays̤a wayaʻlamu maa- fil ʹarḥaam. Wa-maa tadree nafsum maaẓaa taksibu g̣adaa: wamaa tadree nafsum biʹayyi ʹarḍiñ tamoot. ʹInnal laaha ʻAleemun khabeer.

নিশ্চয় আল্লাহৰ ওচৰতেই আছে কিয়ামতৰ সঠিক জ্ঞান, তেৱেঁই বৰষুণ অৱতীৰ্ণ কৰে আৰু তেৱেঁই জানে মাতৃগৰ্ভত যি আছে। কোনোৱেই নাজানে অহাকালি সি কি উপাৰ্জন কৰিব আৰু কোনোৱেই নাজানে কোন ঠাইত তাৰ মৃত্যু ঘটিব। নিশ্চয় আল্লাহ সৰ্বজ্ঞ, সম্যক অৱহিত।