Surah Ibrahim
Surah Ibrahim (Abraham) is Surah 14 of the Holy Quran, a Meccan Surah with 52 verses, available here in Assamese.
Verse 14:1
الٓرٰ ۫ كِتٰبٌ اَنْزَلْنٰهُ اِلَیْكَ لِتُخْرِجَ النَّاسَ مِنَ الظُّلُمٰتِ اِلَی النُّوْرِ ۙ۬ بِاِذْنِ رَبِّهِمْ اِلٰی صِرَاطِ الْعَزِیْزِ الْحَمِیْدِ ۟ۙ
ʹAlif-Laaam-Raa. Kitaabun ʹañzalnaahu ʹilayka litukhrijan naasa minaz̤̣ z̤̣ulumaati ʹilan Noori― biʹiẓni Rabbihim ʹilaa Ṣiraaṭil ʻAzeezil Ḥameed!―
আলিফ-লাম-ৰা, এইখন এখন কিতাব, যিখন আমি তোমাৰ প্ৰতি অৱতীৰ্ণ কৰিছোঁ, যাতে তুমি মানুহক সিহঁতৰ প্ৰতিপালকৰ অনুমতিক্ৰমে অন্ধকাৰৰ পৰা পোহৰলৈ উলিয়াই আনিব পাৰা, সেই সত্তাৰ পথৰ পিনে যিজন পৰাক্ৰমশালী, সৰ্বপ্ৰশংসিত।
Verse 14:2
اللّٰهِ الَّذِیْ لَهٗ مَا فِی السَّمٰوٰتِ وَمَا فِی الْاَرْضِ ؕ وَوَیْلٌ لِّلْكٰفِرِیْنَ مِنْ عَذَابٍ شَدِیْدِ ۟ۙ
ʹAllaahil laẓee lahoo maa- fis samaawaati wa-maa fil ʹarḍ! Wa-waylul lilkaafireena min ʻaẓaabiñ shadeed!
আল্লাহৰ পথলৈ, যিজন আকাশসমূহ আৰু পৃথিৱীৰ সকলো বস্তুৰেই গৰাকী, আৰু কাফিৰসকলৰ বাবে আছে কঠিন শাস্তিৰ দুৰ্ভোগ,
Verse 14:3
لَّذِیْنَ یَسْتَحِبُّوْنَ الْحَیٰوةَ الدُّنْیَا عَلَی الْاٰخِرَةِ وَیَصُدُّوْنَ عَنْ سَبِیْلِ اللّٰهِ وَیَبْغُوْنَهَا عِوَجًا ؕ اُولٰٓىِٕكَ فِیْ ضَلٰلٍ بَعِیْدٍ ۟
ʹAllaẓeena yastaḥibboonal ḥayaatad dunyaa ʻalal ʹAakhirati wa-yaṣuddoona ʻañ sabeelil laahi wa-yabg̣oonahaa ʻiwajaa: ʹUlaaaʹika fee ḍalaalim baʻeed.
যিসকলে পাৰ্থিৱ জীৱনক আখিৰাততকৈ অধিক ভালপায় আৰু মানুহক আল্লাহৰ পথৰ পৰা বিৰত ৰাখে, আৰু তাত বক্ৰতা অনুসন্ধান কৰে; সিহঁতেই হৈছে ঘোৰ বিভ্ৰান্তিত নিপতিত।
Verse 14:4
وَمَاۤ اَرْسَلْنَا مِنْ رَّسُوْلٍ اِلَّا بِلِسَانِ قَوْمِهٖ لِیُبَیِّنَ لَهُمْ ؕ فَیُضِلُّ اللّٰهُ مَنْ یَّشَآءُ وَیَهْدِیْ مَنْ یَّشَآءُ ؕ وَهُوَ الْعَزِیْزُ الْحَكِیْمُ ۟
Wa-maaa ʹarsalnaa mir rasoolin ʹillaa bilisaani q̣awmihee liyubayyina Lahum. Fayuḍillul laahu mañy yashaaaʹu wa-yahdee mañy yashaaaʹ: wa-Huwal ʻAzeezul Ḥakeem.
আৰু আমি প্ৰতিজন ৰাছুলকে তেওঁৰ স্ব-জাতিৰ ভাষাতেই প্ৰেৰণ কৰিছোঁ, যাতে তেওঁ সিহঁতৰ ওচৰত স্পষ্টৰূপে ব্যাখ্যা কৰিব পাৰে। এতেকে আল্লাহে যাক ইচ্ছা কৰে বিভ্ৰান্ত কৰে আৰু যাক ইচ্ছা কৰে সৎপথত পৰিচালিত কৰে; আৰু তেওঁ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
Verse 14:5
وَلَقَدْ اَرْسَلْنَا مُوْسٰی بِاٰیٰتِنَاۤ اَنْ اَخْرِجْ قَوْمَكَ مِنَ الظُّلُمٰتِ اِلَی النُّوْرِ ۙ۬ وَذَكِّرْهُمْ بِاَیّٰىمِ اللّٰهِ ؕ اِنَّ فِیْ ذٰلِكَ لَاٰیٰتٍ لِّكُلِّ صَبَّارٍ شَكُوْرٍ ۟
wa-laq̣ad ʹarsalnaa Moosaa biʹAayaatinaaa ʹan ʹakhrij q̣awmaka minaz̤̣ z̤̣ulumaati ʹilan Noori, waẓakkirhum̃ biʹAyyaamil laah. ʹInna fee ẓaalika laʹAayaatil likulli ṣabbaariñ shakoor.
আৰু নিশ্চয় আমি মুছাক আমাৰ নিদৰ্শনসহ প্ৰেৰণ কৰিছিলোঁ (আৰু কৈছিলোঁ,) ‘তুমি তোমাৰ সম্প্ৰদায়ক অন্ধকাৰৰ পৰা পোহৰলৈ উলিয়াই আনা, আৰু সিহঁতক আল্লাহৰ দিনবোৰৰ (অৰ্থাৎ বিভিন্ন সম্প্ৰদায়ৰ শাস্তিৰ দিনবোৰৰ) দ্বাৰা উপদেশ দিয়া’। ইয়াত নিদৰ্শন আছে প্ৰত্যেক পৰম ধৈৰ্য্যশীল আৰু পৰম কৃতজ্ঞ ব্যক্তিৰ বাবে।
Verse 14:6
وَاِذْ قَالَ مُوْسٰی لِقَوْمِهِ اذْكُرُوْا نِعْمَةَ اللّٰهِ عَلَیْكُمْ اِذْ اَنْجٰىكُمْ مِّنْ اٰلِ فِرْعَوْنَ یَسُوْمُوْنَكُمْ سُوْٓءَ الْعَذَابِ وَیُذَبِّحُوْنَ اَبْنَآءَكُمْ وَیَسْتَحْیُوْنَ نِسَآءَكُمْ ؕ وَفِیْ ذٰلِكُمْ بَلَآءٌ مِّنْ رَّبِّكُمْ عَظِیْمٌ ۟۠
Wa-ʹiẓ q̣aala Moosaa liq̣awmihiẓ kuroo niʻmatal laahi ʻalaykum ʹiẓ ʹañjaakum min ʹAali Firʻawna yasoomoonakum soooʹal ʻaẓaabi wa-yuẓabbiḥoona ʹabnaaaʹakum wa-yastaḥyoona nisaaʹakum: wa-fee ẓaalikum balaaaʹum mir Rabbikum ʻaz̤̣eem.
আৰু স্মৰণ কৰা, যেতিয়া মূছাই তেওঁৰ সম্প্ৰদায়ক কৈছিল, ‘আল্লাহে তোমালোকৰ ওপৰত কৰা অনুগ্ৰহবোৰক তোমালোকে স্মৰণ কৰা, যেতিয়া তেওঁ তোমালোকক ৰক্ষা কৰিছিল ফিৰআউন গোষ্ঠীৰ কবলৰ পৰা, যিসকলে তোমালোকক নিকৃষ্ট শাস্তি প্ৰদান কৰিছিল, তোমালোকৰ পুত্ৰ সন্তানসকলক জবেহ কৰিছিল আৰু তোমালোকৰ নাৰীসকলক জীৱিত ৰাখিছিল; আৰু ইয়াত আছিল তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা এটা মহাপৰীক্ষা’।
Verse 14:7
وَاِذْ تَاَذَّنَ رَبُّكُمْ لَىِٕنْ شَكَرْتُمْ لَاَزِیْدَنَّكُمْ وَلَىِٕنْ كَفَرْتُمْ اِنَّ عَذَابِیْ لَشَدِیْدٌ ۟
Wa-ʹiẓ taʹaẓẓana Rabbukum laʹiñ shakartum laʹazeedannakum wa-laʹiñ kafartum ʹinna ʻaẓaabee lashadeed.
আৰু স্মৰণ কৰা, যেতিয়া তোমালোকৰ প্ৰতিপালকে ঘোষণা কৰিছিল, যদি তোমালোক কৃতজ্ঞ হোৱা তেন্তে নিশ্চয় মই তোমালোকক আৰু অধিক প্ৰদান কৰিম, আৰু যদি অকৃতজ্ঞ হোৱা তেন্তে (জানি থোৱা) নিশ্চয় মোৰ শাস্তি অতি কঠোৰ।
Verse 14:8
وَقَالَ مُوْسٰۤی اِنْ تَكْفُرُوْۤا اَنْتُمْ وَمَنْ فِی الْاَرْضِ جَمِیْعًا ۙ فَاِنَّ اللّٰهَ لَغَنِیٌّ حَمِیْدٌ ۟
Wa-q̣aala Moosaaa ʹiñ takfurooo ʹañtum wa-mañ fil ʹarḍi jameeʻañ faʹinnal laaha la-G̣aniyyun Ḥameed.
আৰু মূছাই কৈছিল, ‘যদি তোমালোকে আৰু পৃথিৱীৰ সকলোৱে অকৃতজ্ঞ হোৱা, তথাপিও নিশ্চয় আল্লাহ অভাৱমুক্ত, সৰ্বপ্ৰশংসিত’।
Verse 14:9
اَلَمْ یَاْتِكُمْ نَبَؤُا الَّذِیْنَ مِنْ قَبْلِكُمْ قَوْمِ نُوْحٍ وَّعَادٍ وَّثَمُوْدَ ۛؕ۬ وَالَّذِیْنَ مِنْ بَعْدِهِمْ ۛؕ لَا یَعْلَمُهُمْ اِلَّا اللّٰهُ ؕ جَآءَتْهُمْ رُسُلُهُمْ بِالْبَیِّنٰتِ فَرَدُّوْۤا اَیْدِیَهُمْ فِیْۤ اَفْوَاهِهِمْ وَقَالُوْۤا اِنَّا كَفَرْنَا بِمَاۤ اُرْسِلْتُمْ بِهٖ وَاِنَّا لَفِیْ شَكٍّ مِّمَّا تَدْعُوْنَنَاۤ اِلَیْهِ مُرِیْبٍ ۟
ʹAlam yaʹtikum nabaʹul laẓeena miñ q̣ablikum Q̣awmi Nooḥiñw waʻAadiñw wa-S̤amooda wallaẓeena mim baʻdihim? Laa- yaʻlamuhum ʹillallaah. Jaaaʹat hum rusuluhum bilbayyinaati faraddooo ʹaydiyahum feee ʹafwaahihim wa-q̣aalooo ʹinnaa kafarnaa bimaaa ʹursiltum̃ bihee wa-ʹinnaa lafee shakkim mimmaa tadʻoonanaaa ʹilayhi mureeb.
তোমালোকৰ ওচৰলৈ তোমালোকৰ পূৰ্বৱৰ্তীসকলৰ সংবাদ আহি পোৱা নাইনে, নূহ সম্প্ৰদায়ৰ, আদ আৰু ছামূদৰ লগতে সিহঁতৰ পৰবৰ্তীসকলৰ? যিসকলৰ বিষয়ে আল্লাহৰ বাহিৰে আন কোনেও নাজানে। সিহঁতৰ ওচৰলৈ সিহঁতৰ ৰাছুলসকলে স্পষ্ট প্ৰমাণাদি লৈ আহিছিল, তেতিয়া সিহঁতে নিজৰ হাত নিজৰে মুখত স্থাপন কৰি কৈছিল, ‘তোমালোকে যি লৈ প্ৰেৰিত হৈছা তাক আমি নিশ্চিতভাৱে অস্বীকাৰ কৰিছোঁ, লগতে নিশ্চয় আমি বিভ্ৰান্তিকৰ সন্দেহত আছোঁ সেই বিষয়ে, যাৰ পিনে তোমালোকে আমাক আহ্বান কৰি আছা’।
Verse 14:10
قَالَتْ رُسُلُهُمْ اَفِی اللّٰهِ شَكٌّ فَاطِرِ السَّمٰوٰتِ وَالْاَرْضِ ؕ یَدْعُوْكُمْ لِیَغْفِرَ لَكُمْ مِّنْ ذُنُوْبِكُمْ وَیُؤَخِّرَكُمْ اِلٰۤی اَجَلٍ مُّسَمًّی ؕ قَالُوْۤا اِنْ اَنْتُمْ اِلَّا بَشَرٌ مِّثْلُنَا ؕ تُرِیْدُوْنَ اَنْ تَصُدُّوْنَا عَمَّا كَانَ یَعْبُدُ اٰبَآؤُنَا فَاْتُوْنَا بِسُلْطٰنٍ مُّبِیْنٍ ۟
Q̣aalat rusuluhum ʹafil laahi shakkuñ Faaṭiris samaawaati wal-ʹarḍ? Yadʻookum liyag̣fira lakum miñ ẓunoobikum wa-yuʹakhkhirakum ʹilaaa ʹajalim musammaa! Q̣aalooo ʹin ʹañtum ʹillaa basharum mis̤lunaa! Tureedoona ʹañ taṣuddoonaa ʻammaa kaana yaʻbudu ʹaabaaaʹunaa faʹtoonaa bisulṭaanim mubeen.
সিহঁতৰ ৰাছুলসকলে কৈছিল, ‘আল্লাহ সম্পৰ্কে কোনো সন্দেহ আছে নেকি, যিজন আকাশসমূহ আৰু পৃথিৱীৰ সৃষ্টিকৰ্তা? তেওঁ তোমালোকক আহ্বান কৰে তোমালোকৰ পাপসমূহ মোচন কৰিবলৈ আৰু তোমালোকক নিৰ্দিষ্ট কাল পৰ্যন্ত অৱকাশ দিবলৈ’। সিহঁতে ক’লে, ‘তোমালোকে দেখোন আমাৰ দৰেই মানুহ। আমাৰ পিতৃ-পুৰুষসকলে যিসকলৰ ইবাদত কৰিছিল তোমালোকে কেৱল সিহঁতৰ ইবাদতৰ পৰা আমাক বিৰত ৰাখিব বিচৰা। এতেকে তোমালোকে আমাৰ ওচৰলৈ কোনো অকাট্য প্ৰমাণ লৈ আহা’।
Verse 14:11
قَالَتْ لَهُمْ رُسُلُهُمْ اِنْ نَّحْنُ اِلَّا بَشَرٌ مِّثْلُكُمْ وَلٰكِنَّ اللّٰهَ یَمُنُّ عَلٰی مَنْ یَّشَآءُ مِنْ عِبَادِهٖ ؕ وَمَا كَانَ لَنَاۤ اَنْ نَّاْتِیَكُمْ بِسُلْطٰنٍ اِلَّا بِاِذْنِ اللّٰهِ ؕ وَعَلَی اللّٰهِ فَلْیَتَوَكَّلِ الْمُؤْمِنُوْنَ ۟
Q̣aalat lahum rusuluhum ʹin naḥnu ʹillaa basharum mis̤lukum wa-laakinnal laaha yamunnu ʻalaa mañy yashaaaʹu min ʻibaadih. Wa-maa kaana lanaaa ʹan naʹtiyakum̃ bisulṭaanin ʹillaa biʹiẓnil laah. Wa-ʻalal laahi falyatawakkalil Muʹminoon.
সিহঁতৰ ৰাছুলসকলে সিহঁতক ক’লে, ‘(সঁচা কথা) আমি তোমালোকৰ দৰেই মানুহ, কিন্তু আল্লাহে তেওঁৰ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা কৰে অনুগ্ৰহ প্ৰদান কৰে আৰু আল্লাহৰ অনুমতি অবিহনে তোমালোকৰ ওচৰত প্ৰমাণ উপস্থিত কৰিবলৈ আমাৰ কোনো ক্ষমতা নাই’। আল্লাহৰ ওপৰতেই মুমিনসকলৰ তাৱাক্কুল (ভৰসা) কৰা উচিত।
Verse 14:12
وَمَا لَنَاۤ اَلَّا نَتَوَكَّلَ عَلَی اللّٰهِ وَقَدْ هَدٰىنَا سُبُلَنَا ؕ وَلَنَصْبِرَنَّ عَلٰی مَاۤ اٰذَیْتُمُوْنَا ؕ وَعَلَی اللّٰهِ فَلْیَتَوَكَّلِ الْمُتَوَكِّلُوْنَ ۟۠
Wa-maa lanaaa ʹallaa natawakkala ʻalal laahi wa-q̣ad hadaanaa Subulanaa. Wa-lanaṣbiranna ʻalaa maaa ʹaaẓaytumoonaa. Wa-ʻalal laahi falyatawakkalil Mutawakkiloon.
‘আৰু আমাৰ কি হৈছে, আমি কিয় আল্লাহৰ ওপৰত ভৰসা নকৰিম? অথচ তেৱেঁই আমাক পথ দেখুৱাইছে। (আৰু শুনা) তোমালোকে আমাক যি কষ্ট দি আছা, নিশ্চয় আমি এই ক্ষেত্ৰত ধৈৰ্য্য ধাৰণ কৰিম। এতেকে নিৰ্ভৰকাৰীসকলৰ কেৱল আল্লাহৰ ওপৰতেই নিৰ্ভৰ কৰা উচিত’।
Verse 14:13
وَقَالَ الَّذِیْنَ كَفَرُوْا لِرُسُلِهِمْ لَنُخْرِجَنَّكُمْ مِّنْ اَرْضِنَاۤ اَوْ لَتَعُوْدُنَّ فِیْ مِلَّتِنَا ؕ فَاَوْحٰۤی اِلَیْهِمْ رَبُّهُمْ لَنُهْلِكَنَّ الظّٰلِمِیْنَ ۟ۙ
Wa-q̣aalal laẓeena kafaroo lirusulihim lanukhrijannakum min ʹarḍinaaa ʹaw lataʻoodunna fee millatinaa. Faʹawḥaaa ʹilayhim Rabbuhum lanuhlikannaz̤̣ z̤̣aalimeen!
আৰু কাফিৰসকলে সিহঁতৰ ৰাছুলসকলক কৈছিল, ‘আমি তোমালোকক আমাৰ দেশৰ পৰা নিশ্চিতভাৱে বহিষ্কাৰ কৰিম নাইবা তোমালোকে আমাৰ ধৰ্মাদৰ্শলৈ ধৰ্মান্তৰিত হ’ব লাগিব’। তাৰ পিছত ৰাছুলসকলক তেওঁলোকৰ প্ৰতিপালকে অহী প্ৰেৰণ কৰিলে, ‘যালিমসকলক আমি অৱশ্যেই বিনাশ কৰিম’;
Verse 14:14
وَلَنُسْكِنَنَّكُمُ الْاَرْضَ مِنْ بَعْدِهِمْ ؕ ذٰلِكَ لِمَنْ خَافَ مَقَامِیْ وَخَافَ وَعِیْدِ ۟
Wa-lanuskinan-nakumul ʹarḍa mim baʻdihim. Ẓaalika liman khaafa Maq̣aamee wa-khaafa waʻeed.
নিশ্চয় আমি সিহঁতৰ পিছত তোমালোকক এই দেশত বাস কৰাম; এইটো সেই ব্যক্তিৰ বাবে, যিয়ে আমাৰ সন্মুখত উপস্থিত হ’বলৈ ভয় কৰে আৰু ভয় কৰে আমাৰ শাস্তিক।
Verse 14:15
وَاسْتَفْتَحُوْا وَخَابَ كُلُّ جَبَّارٍ عَنِیْدٍ ۟ۙ
wastaftaḥoo wa-khaaba kullu jabbaarin ʻaneed;
আৰু সিহঁতে বিজয় কামনা কৰিলে কিন্তু প্ৰত্যেক উদ্ধত স্বৈৰাচাৰী ব্যৰ্থ মনোৰথ হ’ল।
Verse 14:16
مِّنْ وَّرَآىِٕهٖ جَهَنَّمُ وَیُسْقٰی مِنْ مَّآءٍ صَدِیْدٍ ۟ۙ
Miñw waraaaʹihee Jahannamu wa-yusq̣aa mim maaaʹiñ ṣadeed.
সিহঁতৰ প্ৰত্যেকৰে সন্মুখত আছে জাহান্নাম আৰু প্ৰত্যেককে সেৱন কৰোৱা হ’ব পূঁজমিশ্ৰিত পানী;
Verse 14:17
یَّتَجَرَّعُهٗ وَلَا یَكَادُ یُسِیْغُهٗ وَیَاْتِیْهِ الْمَوْتُ مِنْ كُلِّ مَكَانٍ وَّمَا هُوَ بِمَیِّتٍ ؕ وَمِنْ وَّرَآىِٕهٖ عَذَابٌ غَلِیْظٌ ۟
Yatajarraʻuhoo wa-laa yakaadu yuseeg̣uhoo wayaʹteehil mawtu miñ kulli makaaniñw wamaa huwa bimayyit: wa-miñw waraaaʹihee ʻaẓaabun g̣aleez̤̣.
যিটো সি অতি কষ্টৰে ঢোকে ঢোকে গিলি খাবলৈ চেষ্টা কৰিব, কিন্তু সহজে গিলিব নোৱাৰিব। কেউফালৰ পৰা তাৰ ওচৰলৈ আহিব মৃত্যু-যন্ত্ৰণা, অথচ তাৰ মৃত্যু নহ’ব, লগতে ইয়াৰ পিছত আছে অতি কঠোৰ শাস্তি।
Verse 14:18
مَثَلُ الَّذِیْنَ كَفَرُوْا بِرَبِّهِمْ اَعْمَالُهُمْ كَرَمَادِ شْتَدَّتْ بِهِ الرِّیْحُ فِیْ یَوْمٍ عَاصِفٍ ؕ لَا یَقْدِرُوْنَ مِمَّا كَسَبُوْا عَلٰی شَیْءٍ ؕ ذٰلِكَ هُوَ الضَّلٰلُ الْبَعِیْدُ ۟
Mas̤alul laẓeena kafaroo bi-Rabbihim ʹaʻmaaluhum karamaadinish taddat bihir reeḥu fee yawmin ʻaaṣif: laa- yaq̣diroona mimmaa kasaboo ʻalaa shayʹ: ẓaalika huwaḍ ḍalaalul baʻeed.
যিসকলে নিজ প্ৰতিপালকৰ লগত কুফুৰী কৰিছে সিহঁতৰ উপমা এই যে, সিহঁতৰ আমলবোৰ হৈছে ভস্মৰ দৰে, যিবোৰক ধুমুহাৰ দিনত প্ৰবল বতাহে প্ৰচণ্ড গতিত উৰুৱাই লৈ যায়। সিহঁতে যি উপাৰ্জন কৰে তাৰ একোৱেই সিহঁতে নিজৰ কামত লগাব নোৱাৰে। এইটোৱেই হৈছে চৰম বিভ্ৰান্তি।
Verse 14:19
اَلَمْ تَرَ اَنَّ اللّٰهَ خَلَقَ السَّمٰوٰتِ وَالْاَرْضَ بِالْحَقِّ ؕ اِنْ یَّشَاْ یُذْهِبْكُمْ وَیَاْتِ بِخَلْقٍ جَدِیْدٍ ۟ۙ
ʹAlam tara ʹannal laaha khalaq̣as samaawaati wal-ʹarḍa bil-Ḥaq̣q̣? ʹIñy yashaʹ yuẓhibkum wa-yaʹti bikhalq̣iñ jadeed.
তুমি লক্ষ্য কৰা নাইনে যে, আল্লাহে আকাশসমূহ আৰু পৃথিৱী যথাযথভাৱেই সৃষ্টি কৰিছে? তেওঁ ইচ্ছা কৰিলে তোমালোকৰ অস্তিত্ব বিলোপ কৰিব পাৰে আৰু এটা নতুন সৃষ্টিক অস্তিত্বলৈ আনিব পাৰে,
Verse 14:20
وَّمَا ذٰلِكَ عَلَی اللّٰهِ بِعَزِیْزٍ ۟
Wa-maa ẓaalika ʻalal laahi biʻazeez.
আৰু এইটো আল্লাহৰ বাবে একো টান কাম নহয়।
Verse 14:21
وَبَرَزُوْا لِلّٰهِ جَمِیْعًا فَقَالَ الضُّعَفٰٓؤُا لِلَّذِیْنَ اسْتَكْبَرُوْۤا اِنَّا كُنَّا لَكُمْ تَبَعًا فَهَلْ اَنْتُمْ مُّغْنُوْنَ عَنَّا مِنْ عَذَابِ اللّٰهِ مِنْ شَیْءٍ ؕ قَالُوْا لَوْ هَدٰىنَا اللّٰهُ لَهَدَیْنٰكُمْ ؕ سَوَآءٌ عَلَیْنَاۤ اَجَزِعْنَاۤ اَمْ صَبَرْنَا مَا لَنَا مِنْ مَّحِیْصٍ ۟۠
Wa-barazoo lillaahi jameeʻañ faq̣aalaḍ ḍuʻafaaaʹu lil-laẓeenas takbarooo ʹinnaa kunnaa lakum tabaʻañ fahal ʹañtum mug̣noona ʻannaa min ʻAẓaabil laahi miñ shayʹ? Q̣aaloo law hadaanal laahu lahadaynaakum! Sawaaaʹun ʻalaynaaa ʹajaziʻnaaa ʹam ṣabarnaa maa- lanaa mim maḥeeṣ.
আৰু সিহঁত সকলোৱে আল্লাহৰ ওচৰত প্ৰকাশিত হ’ব। তেতিয়া দুৰ্বলসকলে অহংকাৰীসকলক ক’ব, ‘নিশ্চয় আমি তোমালোকৰ অনুসাৰী আছিলোঁ, এতিয়া তোমালোকে আমাক আল্লাহৰ শাস্তিৰ পৰা অলপ হ’লেও ৰক্ষা কৰিব পাৰিবানে’? সিহঁতে ক’ব, ‘আল্লাহে যদি আমাক সৎপথত পৰিচালিত কৰিলেহেঁতেন তেন্তে আমিও তোমালোকক সৎপথত পৰিচালিত কৰিলোঁহেঁতেন। এতিয়া আমি ধৈৰ্য্যচ্যুত হওঁ অথবা ধৈৰ্য্যশীল- উভয় অৱস্থাই আমাৰ বাবে সমান; আমাৰ পলোৱাৰ কোনো ঠাই নাই’।
Verse 14:22
وَقَالَ الشَّیْطٰنُ لَمَّا قُضِیَ الْاَمْرُ اِنَّ اللّٰهَ وَعَدَكُمْ وَعْدَ الْحَقِّ وَوَعَدْتُّكُمْ فَاَخْلَفْتُكُمْ ؕ وَمَا كَانَ لِیَ عَلَیْكُمْ مِّنْ سُلْطٰنٍ اِلَّاۤ اَنْ دَعَوْتُكُمْ فَاسْتَجَبْتُمْ لِیْ ۚ فَلَا تَلُوْمُوْنِیْ وَلُوْمُوْۤا اَنْفُسَكُمْ ؕ مَاۤ اَنَا بِمُصْرِخِكُمْ وَمَاۤ اَنْتُمْ بِمُصْرِخِیَّ ؕ اِنِّیْ كَفَرْتُ بِمَاۤ اَشْرَكْتُمُوْنِ مِنْ قَبْلُ ؕ اِنَّ الظّٰلِمِیْنَ لَهُمْ عَذَابٌ اَلِیْمٌ ۟
Wa-q̣aalash shayṭaanu lammaa q̣uḍiyal ʹamru ʹinnal laaha waʻadakum waʻdal Ḥaq̣q̣i wa-waʻattukum faʹakhlaftukum. Wa-maa kaana liya ʻalaykum miñ sulṭaanin ʹillaaa ʹañ daʻawtukum fastajabtum lee: falaa taloomoonee wa-loomooo ʹañfusakum. Maaa ʹana bimuṣrikhikum wa-maaa ʹañtum bimuṣrikhiyy. ʹInnee kafartu bimaaa ʹashraktumooni miñ q̣abl. ʹInnaz̤̣ z̤̣aalimeena lahum ʻaẓaabun ʹaleem.
আৰু যেতিয়া বিচাৰকাৰ্য সম্পন্ন হ’ব তেতিয়া চয়তানে ক’ব, ‘নিশ্চয় আল্লাহে তোমালোকক প্ৰতিশ্ৰুতি দিছিল, সত্য প্ৰতিশ্ৰুতি; ময়ো তোমালোকক প্ৰতিশ্ৰুতি দিছিলোঁ, কিন্তু মই তোমালোকক দিয়া প্ৰতিশ্ৰুতি ভংগ কৰিছোঁ। তোমালোকৰ ওপৰত মোৰ কোনো আধিপত্য নাছিল, মই কেৱল তোমালোকক আহ্বান কৰিছিলোঁ ফলত তোমালোকে মোৰ আহ্বানত সঁহাৰি দিছিলা। গতিকে তোমালোকে মোক দোষ নিদিবা, তোমালোকে নিজেই নিজকে দোষ দিয়াগৈ। মই তোমালোকৰ উদ্ধাৰকাৰী নহয় আৰু তোমালোকেও মোৰ উদ্ধাৰকাৰী নহয়। তোমালোকে মোক যে ইয়াৰ আগত আল্লাহৰ অংশী কৰি লৈছিলা সেই বিষয়টোক নিশ্চিতভাৱে মই অস্বীকাৰ কৰিছোঁ’। নিশ্চয় যালিমসকলৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।
Verse 14:23
وَاُدْخِلَ الَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ جَنّٰتٍ تَجْرِیْ مِنْ تَحْتِهَا الْاَنْهٰرُ خٰلِدِیْنَ فِیْهَا بِاِذْنِ رَبِّهِمْ ؕ تَحِیَّتُهُمْ فِیْهَا سَلٰمٌ ۟
Wa-ʹudkhilal laẓeena ʹaamanoo wa-ʻamiluṣ ṣaaliḥaati Jannaatiñ tajree miñ taḥtihal ʹanhaaru khaalideena feehaa biʹiẓni Rabbihim. Taḥiyyatuhum feehaa salaam!
যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকক প্ৰৱেশ কৰোৱা হ’ব জান্নাতত, যাৰ তলত নদীসমূহ প্ৰবাহিত। তাত তেওঁলোকে নিজ প্ৰতিপালকৰ অনুমতিক্ৰমে স্থায়িত্ব লাভ কৰিব, তাত তেওঁলোকৰ অভিবাদন হ’ব ‘ছালাম’।
Verse 14:24
اَلَمْ تَرَ كَیْفَ ضَرَبَ اللّٰهُ مَثَلًا كَلِمَةً طَیِّبَةً كَشَجَرَةٍ طَیِّبَةٍ اَصْلُهَا ثَابِتٌ وَّفَرْعُهَا فِی السَّمَآءِ ۟ۙ
ʹAlam tara kayfa ḍarabal laahu mas̤alañ Kalimatañ Ṭayyibatañ kashajaratiñ ṭayyibatin ʹaṣluhaa s̤aabituñw wafarʻuhaa fis samaaaʹ,―
তুমি লক্ষ্য কৰা নাইনে, আল্লাহে কেনেকৈ উপমা দাঙি ধৰিছে? কলিমা তায়্যিবা (সৎবাক্য)ৰ উপমা হৈছে উৎকৃষ্ট গছৰ দৰে, যাৰ মূল সুদৃঢ় আৰু যাৰ শাখা-প্ৰশাখা হৈছে আকাশত বিস্তৃত,
Verse 14:25
تُؤْتِیْۤ اُكُلَهَا كُلَّ حِیْنٍ بِاِذْنِ رَبِّهَا ؕ وَیَضْرِبُ اللّٰهُ الْاَمْثَالَ لِلنَّاسِ لَعَلَّهُمْ یَتَذَكَّرُوْنَ ۟
Tuʹteee ʹukulahaa kulla ḥeenim biʹiẓni Rabbihaa. Wa-yaḍribul laahul ʹams̤aala linnaasi laʻallahum yataẓakkaroon.
যিটোৱে তাৰ প্ৰতিপালকৰ অনুমতিক্ৰমে সদায় তাৰ ফল দান কৰে; আৰু আল্লাহে মানুহৰ বাবে উপমা দাঙি ধৰে, যাতে সিহঁতে শিক্ষা গ্ৰহণ কৰে।
Verse 14:26
وَمَثَلُ كَلِمَةٍ خَبِیْثَةٍ كَشَجَرَةٍ خَبِیْثَةِ جْتُثَّتْ مِنْ فَوْقِ الْاَرْضِ مَا لَهَا مِنْ قَرَارٍ ۟
Wa-mas̤alu kalimatin khabees̤atiñ kashajaratin khabees̤atinij tus̤s̤at miñ fawq̣il ʹarḍi maa- lahaa miñ q̣araar.
আনহাতে অসৎ বাক্যৰ উপমা হৈছে এটা বেয়া গছৰ দৰে, যাৰ মূল ভূপৃষ্ঠৰ পৰা বিচ্ছিন্নকৃত, যাৰ কোনো স্থায়িত্ব নাই।
Verse 14:27
یُثَبِّتُ اللّٰهُ الَّذِیْنَ اٰمَنُوْا بِالْقَوْلِ الثَّابِتِ فِی الْحَیٰوةِ الدُّنْیَا وَفِی الْاٰخِرَةِ ۚ وَیُضِلُّ اللّٰهُ الظّٰلِمِیْنَ ۙ۫ وَیَفْعَلُ اللّٰهُ مَا یَشَآءُ ۟۠
Yus̤abbitul laahul laẓeena ʹaamanoo bil-Q̣awlis̤ S̤aabiti fil ḥayaatid dunyaa wa-fil ʹAakhirah; wa-yuḍillul laahuz̤̣ z̤̣aalimeena wayafʻalul laahu maa- yashaaaʹ.
যিসকলে ঈমান আনিছে, আল্লাহে তেওঁলোকক সুদৃঢ় বাক্যৰ দ্বাৰা পাৰ্থিৱ জীৱনত আৰু আখিৰাতত সুপ্ৰতিষ্ঠিত ৰাখিব, আৰু আল্লাহে যালিমসকলক বিভ্ৰান্তিত ৰাখিব। কাৰণ আল্লাহৰ যি ইচ্ছা সেইটোৱেই কৰে।
Verse 14:28
اَلَمْ تَرَ اِلَی الَّذِیْنَ بَدَّلُوْا نِعْمَتَ اللّٰهِ كُفْرًا وَّاَحَلُّوْا قَوْمَهُمْ دَارَ الْبَوَارِ ۟ۙ
ʹAlam tara ʹilal laẓeena baddaloo niʻmatal laahi kufrañw waʹaḥalloo q̣awmahum Daaral Bawaar.―
তুমি সিহঁতৰ প্ৰতি লক্ষ্য কৰা নাইনে, যিসকলে আল্লাহৰ অনুগ্ৰহক কুফুৰীৰ দ্বাৰা পৰিবৰ্তন কৰিছে? আৰু সিহঁতে নিজৰ সম্প্ৰদায়ক নমাই আনিছে ধ্বংসৰ আবাসত---
Verse 14:29
جَهَنَّمَ ۚ یَصْلَوْنَهَا ؕ وَبِئْسَ الْقَرَارُ ۟
Jahannama yaṣlawnahaa, wa-biʹsal q̣araar!
জাহান্নামত, যাৰ মাজত সিহঁত দগ্ধ হ’ব, আৰু কিমান যে নিকৃষ্ট এই আবাসস্থল!
Verse 14:30
وَجَعَلُوْا لِلّٰهِ اَنْدَادًا لِّیُضِلُّوْا عَنْ سَبِیْلِهٖ ؕ قُلْ تَمَتَّعُوْا فَاِنَّ مَصِیْرَكُمْ اِلَی النَّارِ ۟
Wa-jaʻaloo lillaahi ʹañdaadal liyuḍilloo ʻañ Sabeelih! Q̣ul tamattaʻoo faʹinna maṣeerakum ʹilan Naar!
আৰু সিহঁতে আল্লাহৰ বাবে সমকক্ষ নিৰ্ধাৰণ কৰে, যাতে সিহঁতে তেওঁৰ পথৰ পৰা (মানুহক) বিভ্ৰান্ত কৰিব পাৰে। কোৱা, ভোগ কৰি লোৱা, অৱশেষত জাহান্নামেই হৈছে তোমালোকৰ গন্তব্যস্থল।
Verse 14:31
قُلْ لِّعِبَادِیَ الَّذِیْنَ اٰمَنُوْا یُقِیْمُوا الصَّلٰوةَ وَیُنْفِقُوْا مِمَّا رَزَقْنٰهُمْ سِرًّا وَّعَلَانِیَةً مِّنْ قَبْلِ اَنْ یَّاْتِیَ یَوْمٌ لَّا بَیْعٌ فِیْهِ وَلَا خِلٰلٌ ۟
Q̣ul liʻibaadiyal laẓeena ʹaamanoo yuq̣eemuṣ ṣalaata wa-yuñfiq̣oo mimmaa razaq̣naahum sirrañw waʻalaaniyatam miñ q̣abli ʹañy yaʹtiya Yawmul laa bayʻuñ feehi wa-laa khilaal.
মোৰ বান্দাসকলৰ মাজৰ যিসকলে ঈমান আনিছে তেওঁলোকক তুমি কোৱা, ‘ছালাত কায়েম কৰিবলৈ আৰু মই তেওঁলোকক যি জীৱিকা দান কৰিছোঁ তাৰ পৰা গোপনে আৰু প্ৰকাশ্যভাৱে ব্যয় কৰিবলৈ—সেই দিৱস অহাৰ পূৰ্বেই যিদিনা কোনো ক্ৰয়-বিক্ৰয়ৰ সুবিধা নাথাকিব আৰু কোনো বন্ধুত্বও নাথাকিব’।
Verse 14:32
اَللّٰهُ الَّذِیْ خَلَقَ السَّمٰوٰتِ وَالْاَرْضَ وَاَنْزَلَ مِنَ السَّمَآءِ مَآءً فَاَخْرَجَ بِهٖ مِنَ الثَّمَرٰتِ رِزْقًا لَّكُمْ ۚ وَسَخَّرَ لَكُمُ الْفُلْكَ لِتَجْرِیَ فِی الْبَحْرِ بِاَمْرِهٖ ۚ وَسَخَّرَ لَكُمُ الْاَنْهٰرَ ۟ۚ
ʹAllaahul laẓee khalaq̣as samaawaati wal-ʹarḍa wa-ʹañzala minas samaaʹi maaaʹañ faʹakhraja bihee minas̤ s̤amaraati rizq̣al lakum: wa-sakhkhara lakumul fulka litajriya fil baḥri biʹAmrih: wa-sakhkhara lakumul ʹanhaar.
আল্লাহ সেইজন, যিজনে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে, যিজনে আকাশৰ পৰা পানী বৰ্ষণ কৰে আৰু তাৰ দ্বাৰা তোমালোকৰ জীৱিকাৰ বাবে ফলমূল উৎপাদন কৰে আৰু তেৱেঁই নৌযানক তোমালোকৰ অনুগত কৰি দিছে, যাতে তেওঁৰ নিৰ্দেশত সেইবোৰ সাগৰত বিচৰণ কৰে আৰু তেৱেঁই তোমালোকৰ কল্যাণত নিয়োজিত কৰিছে নদীসমূহক।
Verse 14:33
وَسَخَّرَ لَكُمُ الشَّمْسَ وَالْقَمَرَ دَآىِٕبَیْنِ ۚ وَسَخَّرَ لَكُمُ الَّیْلَ وَالنَّهَارَ ۟ۚ
Wa-sakhkhara lakumush shamsa walq̣amara daaaʹibayni; wa-sakhkhara lakumul layla wan-Nahaar.
আৰু তেৱেঁই তোমালোকৰ কল্যাণত নিয়োজিত কৰিছে সূৰ্য আৰু চন্দ্ৰক, যিবোৰ অবিৰামভাৱে একেই নিয়মৰ অনুবৰ্তিত, লগতে তোমালোকৰ কল্যাণত নিয়োজিত কৰিছে দিন আৰু ৰাতিক।
Verse 14:34
وَاٰتٰىكُمْ مِّنْ كُلِّ مَا سَاَلْتُمُوْهُ ؕ وَاِنْ تَعُدُّوْا نِعْمَتَ اللّٰهِ لَا تُحْصُوْهَا ؕ اِنَّ الْاِنْسَانَ لَظَلُوْمٌ كَفَّارٌ ۟۠
Waʹaataakum miñ kulli maa- saʹaltumooh. Wa-ʹiñ taʻuddoo niʻmatal laahi laa- tuḥṣoohaa. ʹInnal ʹiñsaana laz̤̣aloomuñ kaffaar.
আৰু তেওঁ তোমালোকক প্ৰত্যেক সেই বস্তু প্ৰদান কৰিছে যিটো তোমালোকে তেওঁৰ ওচৰত বিচাৰিছা। যদি তোমালোকে আল্লাহৰ অনুগ্ৰহ গণনা কৰা তেন্তে (কেতিয়াও) তাৰ সংখ্যা নিৰ্ণয় কৰিব নোৱাৰিবা। নিশ্চয় মানুহ অতিমাত্ৰা যালিম, অকৃতজ্ঞ।
Verse 14:35
وَاِذْ قَالَ اِبْرٰهِیْمُ رَبِّ اجْعَلْ هٰذَا الْبَلَدَ اٰمِنًا وَّاجْنُبْنِیْ وَبَنِیَّ اَنْ نَّعْبُدَ الْاَصْنَامَ ۟ؕ
Wa-ʹiẓ q̣aala ʹIbraaheemu Rabbij ʻal haaẓal Balada ʹaaminañw wajnubnee wa-baniyya ʹan naʻbudal ʹaṣnaam.
আৰু স্মৰণ কৰা, যেতিয়া ইব্ৰাহীমে কৈছিল, ‘হে মোৰ প্ৰতিপালক! এই চহৰখনক (মক্কাক) নিৰাপদ কৰি দিয়া, লগতে মোক আৰু মোৰ পুত্ৰসকলক মূৰ্তি পূজাৰ পৰা দূৰৈত ৰখা’।
Verse 14:36
رَبِّ اِنَّهُنَّ اَضْلَلْنَ كَثِیْرًا مِّنَ النَّاسِ ۚ فَمَنْ تَبِعَنِیْ فَاِنَّهٗ مِنِّیْ ۚ وَمَنْ عَصَانِیْ فَاِنَّكَ غَفُوْرٌ رَّحِیْمٌ ۟
Rabbi ʹinnahunna ʹaḍlalna kas̤eeram minan naas; famañ tabiʻanee faʹinnahoo minnee, wa-man ʻaṣaanee faʹinnaka G̣afoorur Raḥeem.
‘হে মোৰ প্ৰতিপালক! এইবোৰ মূৰ্তিয়ে বহু মানুহক বিভ্ৰান্ত কৰিছে। এতেকে যিয়ে মোৰ অনুসৰণ কৰিব তেওঁহে মোৰ দলভুক্ত, আৰু যিয়ে মোৰ অবাধ্য হ’ব তেন্তে তুমিতো ক্ষমাশীল, পৰম দয়ালু’।
Verse 14:37
رَبَّنَاۤ اِنِّیْۤ اَسْكَنْتُ مِنْ ذُرِّیَّتِیْ بِوَادٍ غَیْرِ ذِیْ زَرْعٍ عِنْدَ بَیْتِكَ الْمُحَرَّمِ ۙ رَبَّنَا لِیُقِیْمُوا الصَّلٰوةَ فَاجْعَلْ اَفْىِٕدَةً مِّنَ النَّاسِ تَهْوِیْۤ اِلَیْهِمْ وَارْزُقْهُمْ مِّنَ الثَّمَرٰتِ لَعَلَّهُمْ یَشْكُرُوْنَ ۟
Rabbanaaa ʹinneee ʹaskañtu miñ ẓurriyyatee biwaadin g̣ayri ẓee zarʻin ʻiñda Baytikal Muḥarrami Rabbanaa liyuq̣eemus Ṣalaata fajʻal ʹafʹidatam minan naasi tahweee ʹilayhim warzuq̣hum minas̤ s̤amaraati laʻallahum yashkuroon.
‘হে আমাৰ প্ৰতিপালক! নিশ্চয় মই মোৰ বংশৰ কিছুমান লোকক অনুৰ্বৰ উপত্যকাত, তোমাৰ পৱিত্ৰ ঘৰৰ ওচৰত বসবাস কৰালোঁ। হে আমাৰ প্ৰতিপালক! এই কাৰণে যে, তেওঁলোকে যেন ছালাত কায়েম কৰে। এতেকে তুমি কিছুমান লোকৰ অন্তৰ তেওঁলোকৰ প্ৰতি অনুৰাগী কৰি দিয়া আৰু ফলমূলেৰে তেওঁলোকৰ জীৱিকাৰ ব্যৱস্থা কৰা, যাতে তেওঁলোকে কৃতজ্ঞতা প্ৰকাশ কৰে’।
Verse 14:38
رَبَّنَاۤ اِنَّكَ تَعْلَمُ مَا نُخْفِیْ وَمَا نُعْلِنُ ؕ وَمَا یَخْفٰی عَلَی اللّٰهِ مِنْ شَیْءٍ فِی الْاَرْضِ وَلَا فِی السَّمَآءِ ۟
Rabbanaaa ʹinnaka taʻlamu maa- nukhfee wa-maa nuʻlin: wa-maa yakhfaa ʻalal laahi miñ shayʹiñ fil ʹarḍi wa-laa fis samaaaʹ.
‘হে আমাৰ প্ৰতিপালক! যিবোৰ আমি গোপন কৰোঁ আৰু যি আমি প্ৰকাশ কৰোঁ নিশ্চয় সেইবোৰ তুমি জানা, আকাশ আৰু পৃথিৱীৰ কোনো বস্তুৱেই আল্লাহৰ পৰা গোপন নহয়’।
Verse 14:39
اَلْحَمْدُ لِلّٰهِ الَّذِیْ وَهَبَ لِیْ عَلَی الْكِبَرِ اِسْمٰعِیْلَ وَاِسْحٰقَ ؕ اِنَّ رَبِّیْ لَسَمِیْعُ الدُّعَآءِ ۟
ʹAl-Ḥamdu lillaahil laẓee wahaba lee ʻalal kibari ʹIsmaaʻeela wa-ʹIsḥaaq̣: ʹInna Rabbee la-Sameeʻud duʻaaaʹ!
সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰেই প্ৰাপ্য, যিজনে মোক মোৰ বৃদ্ধ অৱস্থাত ইছমাঈল আৰু ইছহাক্ব দান কৰিছে। নিশ্চয় মোৰ প্ৰতিপালক দুআ শ্ৰৱণকাৰী।
Verse 14:40
رَبِّ اجْعَلْنِیْ مُقِیْمَ الصَّلٰوةِ وَمِنْ ذُرِّیَّتِیْ ۖۗ رَبَّنَا وَتَقَبَّلْ دُعَآءِ ۟
Rabbij ʻalnee muq̣eemaṣ Ṣalaati wa-miñ ẓurriyyatee, Rabbanaa wa-taq̣abbal Duʻaaaʹ.
‘হে মোৰ প্ৰতিপালক! মোক ছালাত প্ৰতিষ্ঠাকাৰী বনাই দিয়া লগতে মোৰ বংশধৰসকলৰ পৰাও। হে মোৰ প্ৰতিপালক! আৰু মোৰ দুআ কবুল কৰা’।
Verse 14:41
رَبَّنَا اغْفِرْ لِیْ وَلِوَالِدَیَّ وَلِلْمُؤْمِنِیْنَ یَوْمَ یَقُوْمُ الْحِسَابُ ۟۠
Rabbanag̣ fir lee wa-liwaalidayya wa-lil-Muʹmineena Yawma yaq̣oomul Ḥisaab!
‘হে আমাৰ প্ৰতিপালক! যিদিনা হিচাপ-নিকাচ অনুষ্ঠিত হ’ব সেইদিনা মোক আৰু মোৰ পিতৃ-মাতৃক লগতে মুমিনসকলক ক্ষমা কৰি দিবা’।
Verse 14:42
وَلَا تَحْسَبَنَّ اللّٰهَ غَافِلًا عَمَّا یَعْمَلُ الظّٰلِمُوْنَ ؕ۬ اِنَّمَا یُؤَخِّرُهُمْ لِیَوْمٍ تَشْخَصُ فِیْهِ الْاَبْصَارُ ۟ۙ
Wa-laa taḥsabannal laaha g̣aafilan ʻammaa yaʻmaluz̤̣ z̤̣aalimoon. ʹInnamaa yuʹakhkhiruhum li-Yawmiñ tashkhaṣu feehil ʹabṣaar,―
যালিমসকলে যি কৰে সেই বিষয়ে তুমি কেতিয়াও আল্লাহক অমনোযোগী বুলি নাভাবিবা, দৰাচলতে তেওঁ সিহঁতক সেই দিৱসলৈকে অৱকাশ দিয়ে, যিদিনা সিহঁতৰ চকু (আতংকত) স্থিৰ হৈ পৰিব।
Verse 14:43
مُهْطِعِیْنَ مُقْنِعِیْ رُءُوْسِهِمْ لَا یَرْتَدُّ اِلَیْهِمْ طَرْفُهُمْ ۚ وَاَفْـِٕدَتُهُمْ هَوَآءٌ ۟ؕ
Muhṭiʻeena muq̣niʻee ruʹoosihim laa- yartaddu ʹilayhim ṭarfuhum, wa-ʹafʹidatuhum hawaaaʹ!
ভীত-বিহ্বল চিত্তে ওপৰৰ পিনে চাই সিহঁতে পলাবলৈ দৌৰিব, নিজৰ প্ৰতি সিহঁতৰ দৃষ্টি উভতি নাহিব, আৰু সিহঁতৰ অন্তৰ হ’ব উদাস, (জ্ঞান)শূন্য।
Verse 14:44
وَاَنْذِرِ النَّاسَ یَوْمَ یَاْتِیْهِمُ الْعَذَابُ فَیَقُوْلُ الَّذِیْنَ ظَلَمُوْا رَبَّنَاۤ اَخِّرْنَاۤ اِلٰۤی اَجَلٍ قَرِیْبٍ ۙ نُّجِبْ دَعْوَتَكَ وَنَتَّبِعِ الرُّسُلَ ؕ اَوَلَمْ تَكُوْنُوْۤا اَقْسَمْتُمْ مِّنْ قَبْلُ مَا لَكُمْ مِّنْ زَوَالٍ ۟ۙ
Wa-ʹañẓirin naasa Yawma yaʹteehimul ʻAẓaabu fayaq̣oolul laẓeena z̤̣alamoo Rabbanaaa ʹakhkhirnaaa ʹilaaa ʹajaliñ q̣areebin nujib Daʻwataka wa-nattabiʻir rusul! ʹAwalam takoonooo ʹaq̣samtum miñ q̣ablu maa- lakum miñ zawaal?
আৰু যিদিনা সিহঁতৰ শাস্তি আহিব সেইদিন সম্পৰ্কে তুমি মানুহক সতৰ্ক কৰা, তেতিয়া অন্যায়কাৰীসকলে ক’ব, ‘হে আমাৰ প্ৰতিপালক! তুমি আমাক অলপ সময়ৰ বাবে অৱকাশ দিয়া, আমি তোমাৰ আহ্বানত সঁহাৰি দিম আৰু ৰাছুলসকলৰ অনুসৰণ কৰিম’। (উত্তৰত কোৱা হ’ব) কিয় তোমালোকে জানো ইয়াৰ আগত শপত খাই কোৱা নাছিলা যে, তোমালোকৰ কেতিয়াও পতন নহয়?
Verse 14:45
وَّسَكَنْتُمْ فِیْ مَسٰكِنِ الَّذِیْنَ ظَلَمُوْۤا اَنْفُسَهُمْ وَتَبَیَّنَ لَكُمْ كَیْفَ فَعَلْنَا بِهِمْ وَضَرَبْنَا لَكُمُ الْاَمْثَالَ ۟
Wa-sakañtum fee masaakinil laẓeena z̤̣alamooo ʹañfusahum wa-tabayyana lakum kayfa faʻalnaa bihim wa-ḍarabnaa lakumul ʹAms̤aal!
আৰু তোমালোকে বাস কৰিছিলা সিহঁতৰ ভূমিত, যিসকলে নিজৰে প্ৰতি অন্যায় কৰিছিল আৰু সিহঁতৰ লগত আমি কি ধৰণৰ (আচৰণ) কৰিছিলোঁ সেয়াও তোমালোকৰ ওচৰত স্পষ্ট আছিল। লগতে আমি তোমালোকৰ বাবে বহুতো দৃষ্টান্তও উপস্থাপন কৰিছিলোঁ।
Verse 14:46
وَقَدْ مَكَرُوْا مَكْرَهُمْ وَعِنْدَ اللّٰهِ مَكْرُهُمْ ؕ وَاِنْ كَانَ مَكْرُهُمْ لِتَزُوْلَ مِنْهُ الْجِبَالُ ۟
Wa-q̣ad makaroo makrahum: wa-ʻindal laahi makruhum: wa-ʹiñ kaana makruhum litazoola minhul jibaal!
আৰু সিহঁতে ভীষণ চক্ৰান্ত কৰিছিল, কিন্তু আল্লাহৰ ওচৰত সিহঁতৰ চক্ৰান্ত (জনা) আছিল, সিহঁতৰ চক্ৰান্ত এনেকুৱা নাছিল যে, পৰ্বতকো টলাব পাৰিব।
Verse 14:47
فَلَا تَحْسَبَنَّ اللّٰهَ مُخْلِفَ وَعْدِهٖ رُسُلَهٗ ؕ اِنَّ اللّٰهَ عَزِیْزٌ ذُو انْتِقَامٍ ۟ؕ
Falaa taḥsabannal laaha mukhlifa waʻdihee rusulah: ʹinnal laaha ʻAzeezuñ Ẓuñ tiq̣aam.
এতেকে তুমি কেতিয়াও নাভাবিবা যে, আল্লাহে তেওঁৰ ৰাছুলসকলক দিয়া প্ৰতিশ্ৰুতি ভঙ্গ কৰিব। নিশ্চয় আল্লাহ পৰাক্ৰমশালী, প্ৰতিশোধ গ্ৰহণকাৰী।
Verse 14:48
یَوْمَ تُبَدَّلُ الْاَرْضُ غَیْرَ الْاَرْضِ وَالسَّمٰوٰتُ وَبَرَزُوْا لِلّٰهِ الْوَاحِدِ الْقَهَّارِ ۟
Yawma tubaddalul ʹArḍu g̣ayral ʹArḍi was-Samaawaatu wa-barazoo lillaahil Waaḥidil Q̣ahhaar;
(স্মৰণ কৰা) যিদিনা এইখন পৃথিৱী ভিন্ন পৃথিৱীলৈ ৰূপান্তৰিত হ’ব আৰু আকাশসমূহও (ৰূপান্তৰিত হ’ব); আৰু মানুহে (কবৰৰ পৰা) উন্মুক্তভাৱে উপস্থিত হ’ব মহাপৰাক্ৰমশালী এক আল্লাহৰ সন্মুখত।
Verse 14:49
وَتَرَی الْمُجْرِمِیْنَ یَوْمَىِٕذٍ مُّقَرَّنِیْنَ فِی الْاَصْفَادِ ۟ۚ
Wa-taral Mujrimeena yawmaʹiẓim muq̣arraneena fil ʹaṣfaad;
সেইদিনা তুমি অপৰাধীবিলাকক শিকলিৰে বান্ধি থোৱা অৱস্থাত দেখিবলৈ পাবা,
Verse 14:50
سَرَابِیْلُهُمْ مِّنْ قَطِرَانٍ وَّتَغْشٰی وُجُوْهَهُمُ النَّارُ ۟ۙ
Saraabeeluhum miñ q̣aṭiraaniñw watag̣shaa wujoohahumun Naar:
সিহঁতৰ পোছাক হ’ব আলকাতৰাৰ আৰু জুয়ে সিহঁতৰ মুখমণ্ডল আচ্ছন্ন কৰি ৰাখিব;
Verse 14:51
لِیَجْزِیَ اللّٰهُ كُلَّ نَفْسٍ مَّا كَسَبَتْ ؕ اِنَّ اللّٰهَ سَرِیْعُ الْحِسَابِ ۟
Liyajziyal laahu kulla nafsim maa kasabat; ʹinnal laaha Sareeʻul Ḥisaab.
এইকাৰণে যে, আল্লাহে প্ৰত্যেককে সিহঁতৰ কৃতকৰ্মৰ প্ৰতিদান দিব। নিশ্চয় আল্লাহ হিচাপ গ্ৰহণত অতি তৎপৰ।
Verse 14:52
هٰذَا بَلٰغٌ لِّلنَّاسِ وَلِیُنْذَرُوْا بِهٖ وَلِیَعْلَمُوْۤا اَنَّمَا هُوَ اِلٰهٌ وَّاحِدٌ وَّلِیَذَّكَّرَ اُولُوا الْاَلْبَابِ ۟۠
Haaẓaa Balaag̣ul linnaasi wa-liyuñẓaroo bihee wa-liyaʻlamooo ʹannamaa Huwa ʹIlaahuñw Waaḥiduñw Waliyaẓẓakkara ʹulul ʹalbaab.
এইটো হৈছে মানুহৰ বাবে এটা বাৰ্তা, যাতে ইয়াৰ দ্বাৰা সিহঁতক সতৰ্ক কৰা হয় আৰু যাতে সিহঁতে জানিব পাৰে যে, কেৱল তেৱেঁই একক সত্য ইলাহ, লগতে যাতে বিবেকসম্পন্ন লোকসকলে উপদেশ গ্ৰহণ কৰিব পাৰে।