Home  /  Quran  /  Surah
Loading...
بِسْمِ ٱللَّهِ ٱلرَّحْمَـٰنِ ٱلرَّحِيمِ

Surah Hud

Surah Hud (Hud) is Surah 11 of the Holy Quran, a Meccan Surah with 123 verses, available here in Assamese.

Surah 11 Meccan 123 verses Assamese

Verse 11:1

الٓرٰ ۫ كِتٰبٌ اُحْكِمَتْ اٰیٰتُهٗ ثُمَّ فُصِّلَتْ مِنْ لَّدُنْ حَكِیْمٍ خَبِیْرٍ ۟ۙ

ʹAlif-laaam-Raa. Kitaabun ʹuḥkimat ʹAayaatuhoo s̤umma fuṣṣilat mil ladun Ḥakeemin Khabeer.

আলিফ-লাম-ৰা, এই (কোৰআন) এনেকুৱা এখন কিতাব যাৰ আয়াতসমূহ সুস্পষ্ট, সুবিন্যস্ত আৰু তাৰ পিছত বিশদভাৱে বিবৃত প্ৰজ্ঞাময়, সবিশেষ অৱহিত সত্তাৰ তৰফৰ পৰা (অৱতীৰ্ণ);

Verse 11:2

اَلَّا تَعْبُدُوْۤا اِلَّا اللّٰهَ ؕ اِنَّنِیْ لَكُمْ مِّنْهُ نَذِیْرٌ وَّبَشِیْرٌ ۟ۙ

ʹAllaa taʻbudooo ʹillal laah. ʹInnanee lakum minhu basheer! naẓeeruñwwa

(এই কথা কোৱা হৈছে) যে, তোমালোকে আল্লাহৰ বাহিৰে আন কাৰো ইবাদত নকৰিবা, নিশ্চয় মই তেওঁৰ তৰফৰ পৰা তোমালোকৰ বাবে সতৰ্ককাৰী আৰু সুসংবাদদাতা।

Verse 11:3

وَّاَنِ اسْتَغْفِرُوْا رَبَّكُمْ ثُمَّ تُوْبُوْۤا اِلَیْهِ یُمَتِّعْكُمْ مَّتَاعًا حَسَنًا اِلٰۤی اَجَلٍ مُّسَمًّی وَّیُؤْتِ كُلَّ ذِیْ فَضْلٍ فَضْلَهٗ ؕ وَاِنْ تَوَلَّوْا فَاِنِّیْۤ اَخَافُ عَلَیْكُمْ عَذَابَ یَوْمٍ كَبِیْرٍ ۟

Wa-ʹanis tag̣firoo Rabbakum s̤umma toobooo ʹilayhi yumattiʻkum mataaʻan ḥasanan ʹilaaa ʹajalim musammañw wayuʹti kulla ẓee faḍliñ faḍlah! Wa-ʹiñ tawallaw faʹinneee ʹakhaafu ʻalaykum ʻAẓaaba Yawmiñ Kabeer.

লগতে তোমালোকে নিজ প্ৰতিপালকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা, তাৰ পিছত তেওঁৰ পিনে উভতি আহা, তেওঁ তোমালোকক এটা নিৰ্দিষ্ট সময়ৰ বাবে এটা উত্তম জীৱন উপভোগ কৰিবলৈ দিব আৰু তেওঁ প্ৰত্যেক গুণী ব্যক্তিক তাৰ প্ৰাপ্য মৰ্যাদা প্ৰদান কৰিব; আৰু যদি তোমালোকে মুখ ঘূৰাই লোৱা, তেন্তে নিশ্চয় মই তোমালোকৰ ওপৰত মহা দিৱসৰ শাস্তিৰ আশংকা কৰোঁ।

Verse 11:4

اِلَی اللّٰهِ مَرْجِعُكُمْ ۚ وَهُوَ عَلٰی كُلِّ شَیْءٍ قَدِیْرٌ ۟

ʹIlal laahi marjiʻukum, wa-Huwa ʻalaa kulli shayʹiñ Q̣adeer.

আল্লাহৰ ওচৰতেই তোমালোকৰ প্ৰত্যাৱৰ্তন আৰু তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।

Verse 11:5

اَلَاۤ اِنَّهُمْ یَثْنُوْنَ صُدُوْرَهُمْ لِیَسْتَخْفُوْا مِنْهُ ؕ اَلَا حِیْنَ یَسْتَغْشُوْنَ ثِیَابَهُمْ ۙ یَعْلَمُ مَا یُسِرُّوْنَ وَمَا یُعْلِنُوْنَ ۚ اِنَّهٗ عَلِیْمٌۢ بِذَاتِ الصُّدُوْرِ ۟

ʹAlaaa ʹinnahum yas̤noona ṣudoorahum liyastakhfoo minh! ʹAlaa ḥeena yastag̣shoona s̤iyaabahum yaʻlamu maa- yusirroona wa-maa yuʻlinoon: ʹinnahoo ʻAleemum biẓaatiṣ ṣudoor.

জানি থোৱা! সিহঁতে তেওঁৰ পৰা লুকাবলৈ নিজৰ বুকু জপাই ৰাখে। জানি থোৱা! সিহঁতে যেতিয়া নিজকে বস্ত্ৰৰ দ্বাৰা আচ্ছাদিত কৰে তেতিয়া সিহঁতে যি গোপন কৰে আৰু যি প্ৰকাশ কৰে, তেওঁ সেয়াও জানে। অন্তৰত যি আছে, নিশ্চয় তেওঁ সেই বিষয়ে সবিশেষ অৱগত।

Verse 11:6

وَمَا مِنْ دَآبَّةٍ فِی الْاَرْضِ اِلَّا عَلَی اللّٰهِ رِزْقُهَا وَیَعْلَمُ مُسْتَقَرَّهَا وَمُسْتَوْدَعَهَا ؕ كُلٌّ فِیْ كِتٰبٍ مُّبِیْنٍ ۟

Wa-maa miñ daaabbatiñ fil ʹarḍi ʹillaa ʻalal laahi rizq̣uhaa wa-yaʻlamu mustaq̣arrahaa wa-mustawdaʻahaa: Kulluñ fee Kitaabim Mubeen.

আৰু পৃথিৱীত বিচৰণকাৰী প্ৰতিটো প্ৰাণীৰ জীৱিকাৰ দায়িত্ব হৈছে কেৱল আল্লাহৰেই, আৰু তেওঁ সেইবোৰৰ স্থায়ী ও অস্থায়ী অৱস্থিতি সম্পৰ্কেও অৱহিত; প্ৰতিটো বিষয় সুস্পষ্ট কিতাবত (লওহে মাহফুজত লিপিবদ্ধ) আছে।

Verse 11:7

وَهُوَ الَّذِیْ خَلَقَ السَّمٰوٰتِ وَالْاَرْضَ فِیْ سِتَّةِ اَیَّامٍ وَّكَانَ عَرْشُهٗ عَلَی الْمَآءِ لِیَبْلُوَكُمْ اَیُّكُمْ اَحْسَنُ عَمَلًا ؕ وَلَىِٕنْ قُلْتَ اِنَّكُمْ مَّبْعُوْثُوْنَ مِنْ بَعْدِ الْمَوْتِ لَیَقُوْلَنَّ الَّذِیْنَ كَفَرُوْۤا اِنْ هٰذَاۤ اِلَّا سِحْرٌ مُّبِیْنٌ ۟

Wa-Huwal laẓee khalaq̣as samaawaati wal-ʹarḍa fee Sittati ʹayyaamiñw Wakaana ʻArshuhoo ʻalal Maaaʹi liyabluwakum ʹayyukum ʹaḥsanu ʻamalaa. Wa-laʹiñ q̣ulta ʹinnakum mabʻoos̤oona mim baʻdil mawti layaq̣oolannal laẓeena kafarooo ʹin haaẓaaa ʹillaa siḥrum mubeen!

আৰু তেৱেঁই আকাশসমূহ আৰু পৃথিৱীক ছয় দিনত সৃষ্টি কৰিছে; আৰু তেওঁৰ আৰশ্ব আছিল পানীৰ ওপৰত; যাতে তেওঁ তোমালোকক পৰীক্ষা কৰিব পাৰে যে, আমলৰ ক্ষেত্ৰত তোমালোকৰ মাজত উত্তম কোন? আৰু যদি তুমি কোৱা যে, ‘নিশ্চয় মৃত্যুৰ পিছত তোমালোকক পুনৰুত্থান কৰা হ’ব’, তেতিয়া কাফিৰসকলে অৱশ্যে ক’ব, ‘এয়া হৈছে স্পষ্ট যাদু’।

Verse 11:8

وَلَىِٕنْ اَخَّرْنَا عَنْهُمُ الْعَذَابَ اِلٰۤی اُمَّةٍ مَّعْدُوْدَةٍ لَّیَقُوْلُنَّ مَا یَحْبِسُهٗ ؕ اَلَا یَوْمَ یَاْتِیْهِمْ لَیْسَ مَصْرُوْفًا عَنْهُمْ وَحَاقَ بِهِمْ مَّا كَانُوْا بِهٖ یَسْتَهْزِءُوْنَ ۟۠

Wa-laʹin ʹakhkharnaa ʻanhumul ʻaẓaaba ʹilaaa ʹummatim maʻdoodatil layaq̣oolunna maa- yaḥbisuh? ʹAlaa yawma yaʹteehim laysa maṣroofan ʻanhum waḥaaq̣a bihim maa kaanoo bihee yastahziʹoon!

আৰু যদি নিৰ্দিষ্ট সময়ৰ বাবে আমি সিহঁতৰ পৰা শাস্তি স্থগিত ৰাখোঁ তেন্তে সিহঁতে অৱশ্যে ক’ব, ‘শাস্তিক কিহে আটক কৰিছে’? সাৱধান! যিদিনা সিহঁতৰ ওচৰলৈ এইটো আহিব, সেইদিনা এইটোক সিহঁতৰ পৰা নিবৃত্ত কৰা নহ’ব আৰু যি বিষয়টোক সিহঁতে ঠাট্টা-বিদ্ৰূপ কৰিছিল সেইটোৱেই সিহঁতক আগুৰি ধৰিব।

Verse 11:9

وَلَىِٕنْ اَذَقْنَا الْاِنْسَانَ مِنَّا رَحْمَةً ثُمَّ نَزَعْنٰهَا مِنْهُ ۚ اِنَّهٗ لَیَـُٔوْسٌ كَفُوْرٌ ۟

Wa-laʹin ʹaẓaq̣nal ʹiñsaana minnaa Raḥmatañ s̤umma nazaʻnaahaa minhu, ʹinnahoo layaʹoosuñ kafoor.

আৰু যদি আমি মানুহক আমাৰ ফালৰ পৰা ৰহমতৰ সোৱাদ লবলৈ দিওঁ আৰু পিছত তাৰ পৰা সেয়া কাঢ়ি লওঁ তেন্তে নিশ্চয় সি হতাশ আৰু অকৃতজ্ঞ হৈ পৰে।

Verse 11:10

وَلَىِٕنْ اَذَقْنٰهُ نَعْمَآءَ بَعْدَ ضَرَّآءَ مَسَّتْهُ لَیَقُوْلَنَّ ذَهَبَ السَّیِّاٰتُ عَنِّیْ ؕ اِنَّهٗ لَفَرِحٌ فَخُوْرٌ ۟ۙ

Wa-laʹin ʹaẓaq̣naahu naʻmaaaʹa baʻda ḍarraaaʹa massathu layaq̣oolanna ẓahabas sayyiʹaatu ʻannee: ʹinnahoo lafariḥuñ fakhoor.

আৰু যদি দুখ-দৈন্যই স্পৰ্শ কৰাৰ পিছত আমি তাক সুখৰ সোৱাদ লবলৈ দিওঁ তেতিয়া সি অৱশ্যে ক’ব, ‘মোৰ পৰা বিপদ-আপদ দূৰ হৈছে’, আৰু (তেতিয়া) সি উৎফুল্লিত অহংকাৰী হৈ পৰে।

Verse 11:11

اِلَّا الَّذِیْنَ صَبَرُوْا وَعَمِلُوا الصّٰلِحٰتِ ؕ اُولٰٓىِٕكَ لَهُمْ مَّغْفِرَةٌ وَّاَجْرٌ كَبِیْرٌ ۟

Illal laẓeena ṣabaroo wa-ʻamiluṣ ṣaaliḥaat: ʹulaaaʹika lahum mag̣firatuñw waʹajruñ Kabeer.

কিন্তু যিসকলে ধৈৰ্য্য ধাৰণ কৰিছে আৰু সৎকৰ্ম কৰিছে (তেওঁলোকে এনেকুৱা নকৰে) তেওঁলোকৰ বাবেই আছে ক্ষমা আৰু মহাপুৰস্কাৰ।

Verse 11:12

فَلَعَلَّكَ تَارِكٌ بَعْضَ مَا یُوْحٰۤی اِلَیْكَ وَضَآىِٕقٌ بِهٖ صَدْرُكَ اَنْ یَّقُوْلُوْا لَوْلَاۤ اُنْزِلَ عَلَیْهِ كَنْزٌ اَوْ جَآءَ مَعَهٗ مَلَكٌ ؕ اِنَّمَاۤ اَنْتَ نَذِیْرٌ ؕ وَاللّٰهُ عَلٰی كُلِّ شَیْءٍ وَّكِیْلٌ ۟ؕ

Falaʻallaka taarikum baʻḍa maa- yooḥaaa ʹilayka wa-ḍaaaʹiq̣um bihee ṣadruka ʹañy yaq̣ooloo laaa-law ʹuñzila ʻalayhi kañzun ʹaw jaaaʹa maʻahoo malak? ʹInnamaaa ʹañta naẓeer! Wallaahu ʻalaa kulli shayʹiñw Wakeel!

তেন্তে তোমাৰ প্ৰতি যি অৱতীৰ্ণ কৰা হৈছে তাৰ পৰা কিবা তুমি বৰ্জন কৰিবা নেকি আৰু সিহঁতৰ এনেকুৱা কথাৰ বাবে তোমাৰ মন সংকুচিত হ’ব নেকি যে, ‘তাৰ ওচৰলৈ ধন-ভাণ্ডাৰ কিয় অৱতীৰ্ণ কৰা নহয় অথবা তাৰ লগত ফিৰিস্তা কিয় নাহে’? (কিন্তু হে নবী!) তুমি কেৱল এজন সতৰ্ককাৰীহে আৰু আল্লাহ সকলো বস্তুৰ ওপৰত কৰ্মবিধায়ক।

Verse 11:13

اَمْ یَقُوْلُوْنَ افْتَرٰىهُ ؕ قُلْ فَاْتُوْا بِعَشْرِ سُوَرٍ مِّثْلِهٖ مُفْتَرَیٰتٍ وَّادْعُوْا مَنِ اسْتَطَعْتُمْ مِّنْ دُوْنِ اللّٰهِ اِنْ كُنْتُمْ صٰدِقِیْنَ ۟

ʹAm yaq̣ooloonaf taraah. Q̣ul faʹtoo biʻashri Suwarim mis̤lihee muftarayaatiñw wadʻoo manis taṭaʻtum miñ doonil laahi ʹiñ kuñtum ṣaadiq̣een.

অথবা সিহঁতে এই কথা কয় নেকি যে, ‘তেওঁ এইখন নিজেই ৰচনা কৰিছে’? কোৱা, ‘তোমালোকে যদি (তোমালোকৰ দাবীত) সত্যবাদী হোৱা তেন্তে তোমালোকে ইয়াৰ দৰে দহটা ছুৰা ৰচনা কৰি লৈ আহা আৰু আল্লাহৰ বাহিৰে আন যাক ইচ্ছা (এই বিষয়ে সহযোগৰ বাবে) মাতি লোৱা’।

Verse 11:14

فَاِلَّمْ یَسْتَجِیْبُوْا لَكُمْ فَاعْلَمُوْۤا اَنَّمَاۤ اُنْزِلَ بِعِلْمِ اللّٰهِ وَاَنْ لَّاۤ اِلٰهَ اِلَّا هُوَ ۚ فَهَلْ اَنْتُمْ مُّسْلِمُوْنَ ۟

Faʹillam yastajeeboo lakum faʻlamooo annamaaa ʹuñzila biʻilmil laahi wa-ʹal laaa ʹilaaha ʹillaa Hoo! Fahal ʹañtum Muslimoon?

তথাপিও যদি সিহঁতে তোমালোকৰ আহ্বানত সঁহাৰি নিদিয়ে তেন্তে জানি থোৱা, এইটো আল্লাহৰ জ্ঞান অনুসাৰেই অৱতীৰ্ণ কৰা হৈছে আৰু তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। এতেকে তোমালোকে আত্মসমৰ্পণকাৰী (মুছলিম) হ’বানে?

Verse 11:15

مَنْ كَانَ یُرِیْدُ الْحَیٰوةَ الدُّنْیَا وَزِیْنَتَهَا نُوَفِّ اِلَیْهِمْ اَعْمَالَهُمْ فِیْهَا وَهُمْ فِیْهَا لَا یُبْخَسُوْنَ ۟

Mañ kaana yureedul Ḥayaatad Dunyaa wa-zeenatahaa nuwaffi ʹilayhim ʹaʻmaalahum feehaa wa-hum feehaa laa- yubkhasoon.

যিয়ে পাৰ্থিৱ জীৱন আৰু ইয়াৰ সৌন্দৰ্য কামনা কৰে, আমি এনেকুৱা লোকক পৃথিৱীতেই সিহঁতৰ আমলৰ পৰিপূৰ্ণ ফলাফল প্ৰদান কৰোঁ আৰু এইক্ষেত্ৰত সিহঁতক কম দিয়া নহয়।

Verse 11:16

اُولٰٓىِٕكَ الَّذِیْنَ لَیْسَ لَهُمْ فِی الْاٰخِرَةِ اِلَّا النَّارُ ۖؗ وَحَبِطَ مَا صَنَعُوْا فِیْهَا وَبٰطِلٌ مَّا كَانُوْا یَعْمَلُوْنَ ۟

ʹUlaaaʹikal laẓeena laysa lahum fil ʹAakhirati ʹillan Naar: Waḥabiṭa maa- ṣanaʻoo feehaa wa-baaṭilum maa kaanoo yaʻmaloon!

ইহঁতেই হৈছে সেইসকল লোক, যিসকলৰ বাবে আখিৰাতত (জাহান্নামৰ) জুইৰ বাহিৰে আন একো নাই; আৰু সিহঁতে পাৰ্থিৱ জীৱনত যি (আমল) কৰিছিল আখিৰাতত সেইবোৰ নিষ্ফল হৈ যাব আৰু সিহঁতে যি কৰিছিল সেইবোৰ আছিল নিৰৰ্থক।

Verse 11:17

اَفَمَنْ كَانَ عَلٰی بَیِّنَةٍ مِّنْ رَّبِّهٖ وَیَتْلُوْهُ شَاهِدٌ مِّنْهُ وَمِنْ قَبْلِهٖ كِتٰبُ مُوْسٰۤی اِمَامًا وَّرَحْمَةً ؕ اُولٰٓىِٕكَ یُؤْمِنُوْنَ بِهٖ ؕ وَمَنْ یَّكْفُرْ بِهٖ مِنَ الْاَحْزَابِ فَالنَّارُ مَوْعِدُهٗ ۚ فَلَا تَكُ فِیْ مِرْیَةٍ مِّنْهُ ۗ اِنَّهُ الْحَقُّ مِنْ رَّبِّكَ وَلٰكِنَّ اَكْثَرَ النَّاسِ لَا یُؤْمِنُوْنَ ۟

ʹAfamañ kaa-na ʻalaa Bayyinatim mir Rabbihee wa-yatloohu Shaahidum minhu wa-miñ q̣ablihee Kitaabu Moosaaa ʹimaamañw Waraḥmah? ʹUlaaaʹika yuʹminoona bih. Wa-mañy yakfur bihee minal ʹAḥzaabi fan-naaru mawʻiduh. Falaa taku fee miryatim minh: ʹinnahul Ḥaq̣q̣u mir Rabbika wa-laakinna ʹaks̤aran naasi laa- yuʹminoon!

যিয়ে নিজ প্ৰতিপালকৰ তৰফৰ পৰা অহা স্পষ্ট প্ৰমাণৰ ওপৰত প্ৰতিষ্ঠিত আৰু যাৰ লগত আছে তেওঁৰ প্ৰেৰিত সাক্ষী লগতে যাৰ আগত আছিল মুছাৰ কিতাব আদৰ্শ আৰু অনুগ্ৰহস্বৰূপ, (এনেকুৱা ব্যক্তি সেইসকল লোকৰ দৰে নে যিসকলে পৃথিৱীৰ কামনাত বিভোৰ) বৰং উক্ত গুণ সম্পন্ন ব্যক্তিসকলেই এই (কোৰআনৰ) ওপৰত ঈমান পোষণ কৰে। আনহাতে বিভিন্ন দলৰ যিসকলে ইয়াক অস্বীকাৰ কৰিব, অগ্নিয়েই হ’ব সিহঁতৰ প্ৰতিশ্ৰুত স্থান। এতেকে তুমি কেতিয়াও ইয়াত সন্দেহ পোষণ নকৰিবা। এইখন তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰেৰিত সত্য (গ্ৰন্থ); কিন্তু অধিকাংশ মানুহেই বিশ্বাস নকৰে।

Verse 11:18

وَمَنْ اَظْلَمُ مِمَّنِ افْتَرٰی عَلَی اللّٰهِ كَذِبًا ؕ اُولٰٓىِٕكَ یُعْرَضُوْنَ عَلٰی رَبِّهِمْ وَیَقُوْلُ الْاَشْهَادُ هٰۤؤُلَآءِ الَّذِیْنَ كَذَبُوْا عَلٰی رَبِّهِمْ ۚ اَلَا لَعْنَةُ اللّٰهِ عَلَی الظّٰلِمِیْنَ ۟ۙ

Wa-man ʹaz̤̣lamu mimmanif taraa ʻalal laahi kaẓibaa? ʹUlaaaʹika yuʻraḍoona ʻalaa Rabbihim wa-yaq̣oolul ʹashhaa Duhaaaʹulaaaʹil laẓeena kaẓaboo ʻalaa Rabbihim! ʹAlaa laʻnatul laahi ʻalaz̤̣ z̤̣aalimeen:

সেই ব্যক্তিতকৈ অধিক অন্যায়কাৰী আৰুনো কোন হ’ব পাৰে যিয়ে আল্লাহ সম্পৰ্কে মিছা ৰচনা কৰে? এনেকুৱা লোকক সিহঁতৰ প্ৰতিপালকৰ সন্মুখত উপস্থিত কৰোৱা হ’ব আৰু সাক্ষী (ফিৰিস্তা)সকলে ক’ব, ‘ইহঁতেই হৈছে সেইসকল লোক, যিসকলে নিজ প্ৰতিপালকৰ বিষয়ে মিছা কৈছিল’। সাৱধান! যালিমসকলৰ ওপৰত আল্লাহৰ অভিশাপ।

Verse 11:19

الَّذِیْنَ یَصُدُّوْنَ عَنْ سَبِیْلِ اللّٰهِ وَیَبْغُوْنَهَا عِوَجًا ؕ وَهُمْ بِالْاٰخِرَةِ هُمْ كٰفِرُوْنَ ۟

ʹAllaẓeena yaṣuddoona ʻañ Sabeelil laahi wa-yabg̣oonahaa ʻiwajaa: wa-hum̃ bil ʹAakhiratihum kaafiroon!

যিসকলে আল্লাহৰ পথত (মানুহক) বাধা দিয়ে আৰু তাত বক্ৰতা অনুসন্ধান কৰে; আৰু ইহঁতেই হৈছে আখিৰাত অস্বীকাৰকাৰী।

Verse 11:20

اُولٰٓىِٕكَ لَمْ یَكُوْنُوْا مُعْجِزِیْنَ فِی الْاَرْضِ وَمَا كَانَ لَهُمْ مِّنْ دُوْنِ اللّٰهِ مِنْ اَوْلِیَآءَ ۘ یُضٰعَفُ لَهُمُ الْعَذَابُ ؕ مَا كَانُوْا یَسْتَطِیْعُوْنَ السَّمْعَ وَمَا كَانُوْا یُبْصِرُوْنَ ۟

ʹUlaaaʹika lam yakoonoo muʻjizeena fil ʹarḍi wa-maa kaana lahum miñ doonil laahi min ʹawliyaaaʹ! Yuḍaaʻafu lahumul ʻaẓaab! Maa- kaanoo yastaṭeeʻoonas samʻa wa-maa kaanoo yubṣiroon.

পৃথিৱীত আল্লাহক ব্যৰ্থ কৰাৰ ক্ষমতা সিহঁতৰ নাছিল আৰু আল্লাহৰ বাহিৰে সিহঁতৰ কোনো সহায়কাৰীও নাছিল; সিহঁতৰ শাস্তি দ্বিগুণ কৰা হ’ব; সিহঁতৰ শুনিবলৈও সামৰ্থ নাছিল আৰু দেখিবলৈও নাছিল।

Verse 11:21

اُولٰٓىِٕكَ الَّذِیْنَ خَسِرُوْۤا اَنْفُسَهُمْ وَضَلَّ عَنْهُمْ مَّا كَانُوْا یَفْتَرُوْنَ ۟

ʹUlaaaʹikal laẓeena khasirooo ʹañfusahum wa-ḍalla ʻanhum maa kaanoo yaftaroon!

ইহঁতেই হৈছে সেইসকল লোক যিসকলে নিজেই নিজৰ ক্ষতি সাধন কৰিছে আৰু সিহঁতে যিবোৰ মিছা (উপাস্যক) কল্পনা কৰিছিল সেইবোৰ সিহঁতৰ পৰা উধাও হৈ গৈছে।

Verse 11:22

لَا جَرَمَ اَنَّهُمْ فِی الْاٰخِرَةِ هُمُ الْاَخْسَرُوْنَ ۟

Laa- jarama ʹannahum fil ʹAakhirati humul ʹakhsaroon!

এইটো সুনিশ্চিত যে, নিঃসন্দেহে সিহঁতেই আখিৰাতত সৰ্বাধিক ক্ষতিগ্ৰস্ত হ’ব।

Verse 11:23

اِنَّ الَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ وَاَخْبَتُوْۤا اِلٰی رَبِّهِمْ ۙ اُولٰٓىِٕكَ اَصْحٰبُ الْجَنَّةِ ۚ هُمْ فِیْهَا خٰلِدُوْنَ ۟

ʹInnal laẓeena ʹaamanoo wa-ʻamiluṣ ṣaaliḥaati wa-ʹakhbatooo ʹilaa Rabbihim ʹulaaaʹika ʹAṣḥaabul Jannah, hum feehaa khaalidoon!

নিশ্চয় যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে লগতে নিজ প্ৰতিপালকৰ প্ৰতি বিনীত হৈছে; তেওঁলোকেই হ’ব জান্নাতৰ অধিবাসী, তাত তেওঁলোক চিৰকাল থাকিব।

Verse 11:24

مَثَلُ الْفَرِیْقَیْنِ كَالْاَعْمٰی وَالْاَصَمِّ وَالْبَصِیْرِ وَالسَّمِیْعِ ؕ هَلْ یَسْتَوِیٰنِ مَثَلًا ؕ اَفَلَا تَذَكَّرُوْنَ ۟۠

Mas̤alul fareeq̣ayni kal-ʹaʻmaa wal-ʹaṣammi walbaṣeeri wassameeʻ. Hal yastawiyaani mas̤alaa? ʹAfalaa taẓakkaroon?

দুয়ো দলৰ উদাহৰণ হৈছে এনেকুৱা, এজন হৈছে অন্ধ আৰু বধিৰ, আৰু আনজন হৈছে দৃষ্টি আৰু শ্ৰৱণশক্তিসম্পন্ন। তুলনাত এই দুয়োজন ব্যক্তি সমান হ’ব পাৰেনে? (কেতিয়াও নহয়) তথাপিও তোমালোকে শিক্ষা গ্ৰহণ নকৰিবানে?

Verse 11:25

وَلَقَدْ اَرْسَلْنَا نُوْحًا اِلٰی قَوْمِهٖۤ ؗ اِنِّیْ لَكُمْ نَذِیْرٌ مُّبِیْنٌ ۟ۙ

Wa-laq̣ad ʹarsalnaa Nooḥan ʹilaa Q̣awmih: ʹinnee lakum naẓeerum mubeen:

নিশ্চয় আমি নূহক তেওঁৰ সম্প্ৰদায়ৰ ওচৰলৈ পঠিয়াইছিলোঁ। (তেওঁ কৈছিল,) ‘নিশ্চয় মই হৈছোঁ তোমালোকৰ বাবে প্ৰকাশ্য সতৰ্ককাৰী’।

Verse 11:26

اَنْ لَّا تَعْبُدُوْۤا اِلَّا اللّٰهَ ؕ اِنِّیْۤ اَخَافُ عَلَیْكُمْ عَذَابَ یَوْمٍ اَلِیْمٍ ۟

ʹAl laa taʻbudooo ʹillal laah: ʹinneee ʹakhaafu ʻalaykum ʻAẓaaba Yawmin ʹAleem.

তোমালোকে আল্লাহৰ বাহিৰে আন কাৰো ইবাদত নকৰিবা, নিশ্চয় মই তোমালোকৰ বাবে এটা যন্ত্ৰণাদায়ক দিৱসৰ শাস্তিৰ আশংকা কৰিছোঁ।

Verse 11:27

فَقَالَ الْمَلَاُ الَّذِیْنَ كَفَرُوْا مِنْ قَوْمِهٖ مَا نَرٰىكَ اِلَّا بَشَرًا مِّثْلَنَا وَمَا نَرٰىكَ اتَّبَعَكَ اِلَّا الَّذِیْنَ هُمْ اَرَاذِلُنَا بَادِیَ الرَّاْیِ ۚ وَمَا نَرٰی لَكُمْ عَلَیْنَا مِنْ فَضْلٍۢ بَلْ نَظُنُّكُمْ كٰذِبِیْنَ ۟

Faq̣aalal Malaʹul laẓeena kafaroo miñ q̣awmihee maa- naraaka ʹillaa basharam mis̤lanaa wa-maa naraakat tabaʻaka ʹillal laẓeena hum ʹaraaẓilunaa baadiyar raʹy: wa-maa naraa lakum ʻalaynaa miñ faḍlim bal naz̤̣unnukum kaaẓibeen!

তাৰ পিছত তেওঁৰ সম্প্ৰদায়ৰ কাফিৰ নেতাসকলে ক’লে, ‘আমিতো তোমাক এজন আমাৰ নিচিনাই মানুহ বুলিহে দেখি আছোঁ, লগতে আমি দেখি আছোঁ তোমাক কেৱল সেইসকল লোকেই অনুসৰণ কৰে, বাহ্যিক দৃষ্টিত যিসকল আমাৰ মাজত অধম আৰু আমাৰ ওপৰত তোমালোকৰ কোনো শ্ৰেষ্ঠত্ব আমি দেখা পোৱা নাই, বৰং আমি তোমালোকক মিছলীয়া বুলি গণ্য কৰোঁ’।

Verse 11:28

قَالَ یٰقَوْمِ اَرَءَیْتُمْ اِنْ كُنْتُ عَلٰی بَیِّنَةٍ مِّنْ رَّبِّیْ وَاٰتٰىنِیْ رَحْمَةً مِّنْ عِنْدِهٖ فَعُمِّیَتْ عَلَیْكُمْ ؕ اَنُلْزِمُكُمُوْهَا وَاَنْتُمْ لَهَا كٰرِهُوْنَ ۟

Q̣aala yaa-q̣awmi ʹaraʹaytum ʹiñ kuñtu ʻalaa Bayyinatim mir Rabbee wa-ʹaataanee Raḥmatam min ʻIñdihee faʻummiyat ʻalaykum? ʹAnulzimukumoohaa wa-ʹañtum lahaa kaarihoon?

তেওঁ ক’লে, ‘হে মোৰ সম্প্ৰদায়! কোৱাচোন তোমালোকে, যদি মই মোৰ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰেৰিত প্ৰমাণৰ ওপৰত প্ৰতিষ্ঠিত থাকোঁ আৰু তেওঁ যদি মোক তেওঁৰ তৰফৰ পৰা অনুগ্ৰহ (নবুওৱত) দান কৰি থাকে, আৰু সেইটো যদি তোমালোকৰ চকুত নপৰে, তেন্তে মই তোমালোকক সেইটো মানিবলৈ বাধ্য কৰিম নেকি, অথচ তোমালোকে সেইটোক অপছন্দ কৰা’?

Verse 11:29

وَیٰقَوْمِ لَاۤ اَسْـَٔلُكُمْ عَلَیْهِ مَالًا ؕ اِنْ اَجْرِیَ اِلَّا عَلَی اللّٰهِ وَمَاۤ اَنَا بِطَارِدِ الَّذِیْنَ اٰمَنُوْا ؕ اِنَّهُمْ مُّلٰقُوْا رَبِّهِمْ وَلٰكِنِّیْۤ اَرٰىكُمْ قَوْمًا تَجْهَلُوْنَ ۟

Wa-yaaq̣awmi laaa ʹasʹalukum ʻalayhi maalaa: ʹin ʹajriya ʹillaa ʻalal laahi wa-maaa ʹana biṭaaridil laẓeena ʹaamanoo: ʹinnahum mulaaq̣oo Rabbihim wa-laakinneee ʹaraakum q̣awmañ tajhaloon!

‘হে মোৰ সম্প্ৰদায়! ইয়াৰ বিনিময়ত মই তোমালোকৰ ওচৰত কোনো ধন-সম্পদ নিবিচাৰোঁ। মোৰ প্ৰতিদান কেৱল আল্লাহৰ ওচৰত। যিসকলে ঈমান আনিছে তেওঁলোকক খেদি দিয়াটোও মোৰ কাম নহয়; তেওঁলোকে নিশ্চিতভাৱে তেওঁলোকৰ প্ৰতিপালকক সাক্ষাৎ কৰিব। কিন্তু মোৰ দৃষ্টিত তোমালোক হৈছা এটা অজ্ঞ সম্প্ৰদায়’।

Verse 11:30

وَیٰقَوْمِ مَنْ یَّنْصُرُنِیْ مِنَ اللّٰهِ اِنْ طَرَدْتُّهُمْ ؕ اَفَلَا تَذَكَّرُوْنَ ۟

Wa-yaaq̣awmi mañy yañṣurunee minal laahi ʹiñ ṭarattuhum? ʹAfalaa taẓakkaroon!

‘হে মোৰ সম্প্ৰদায়! মই যদি তেওঁলোকক খেদি পঠিয়াওঁ তেন্তে আল্লাহৰ শাস্তিৰ পৰা (ৰক্ষা কৰিবলৈ) মোক কোনে সহায় কৰিব? তথাপিও তোমালোকে উপদেশ গ্ৰহণ নকৰিবানে?

Verse 11:31

وَلَاۤ اَقُوْلُ لَكُمْ عِنْدِیْ خَزَآىِٕنُ اللّٰهِ وَلَاۤ اَعْلَمُ الْغَیْبَ وَلَاۤ اَقُوْلُ اِنِّیْ مَلَكٌ وَّلَاۤ اَقُوْلُ لِلَّذِیْنَ تَزْدَرِیْۤ اَعْیُنُكُمْ لَنْ یُّؤْتِیَهُمُ اللّٰهُ خَیْرًا ؕ اَللّٰهُ اَعْلَمُ بِمَا فِیْۤ اَنْفُسِهِمْ ۖۚ اِنِّیْۤ اِذًا لَّمِنَ الظّٰلِمِیْنَ ۟

Wa-laaa ʹaq̣oolu lakum ʻiñdee khazaaaʹinul laahi wa-laaa ʹaʻlamul g̣ayba wa-laaa ʹaq̣oolu ʹinnee malakuñw walaaa ʹaq̣oolu lillaẓeena tazdareee ʹaʻyunukum lañy yuʹtiyahumul laahu khayraa: ʹAllaahu ʹaʻlamu bimaa feee ʹañfusihim: ʹinneee ʹiẓal laminaz̤̣ z̤̣aalimeen.

‘আৰু মই তোমালোকক এই বুলিও নকওঁ যে, ‘মোৰ ওচৰত আল্লাহৰ ধন-ভাণ্ডাৰ আছে’। মই গায়েব নাজানো আৰু মই এই বুলিও নকওঁ যে, ‘মই এজন ফিৰিস্তা’। তোমালোকৰ দৃষ্টিত যিসকল হীন, সিহঁতৰ বিষয়েও মই এইটো নকওঁ যে, ‘আল্লাহে সিহঁতক কেতিয়াও কল্যাণ প্ৰদান নকৰিব’; সিহঁতৰ অন্তৰত যি আছে সেই বিষয়ে আল্লাহেই অধিক অৱগত। (যদি মই উক্ত কথাবোৰ কোৱাহেঁতেন) তেন্তে নিশ্চয় মই যালিমসকলৰ অন্তৰ্ভুক্ত হ'ম’।

Verse 11:32

قَالُوْا یٰنُوْحُ قَدْ جٰدَلْتَنَا فَاَكْثَرْتَ جِدَالَنَا فَاْتِنَا بِمَا تَعِدُنَاۤ اِنْ كُنْتَ مِنَ الصّٰدِقِیْنَ ۟

Q̣aaloo yaa-Nooḥu q̣ad jaadaltanaa faʹaks̤arta jidaalanaa faʹtinaa bimaa taʻidunaaa ʹiñ kuñta minaṣ ṣaadiq̣een?

সিহঁতে ক’লে, ‘হে নূহ! তুমি কেৱল আমাৰ সৈতে বাদানুবাদ কৰিছা--- অতিমাত্ৰা বাক-বিতণ্ডা কৰিছা; গতিকে যদি তুমি সত্যবাদী হোৱা তেন্তে তুমি আমাক যি প্ৰতিশ্ৰুতি দিছা, সেয়া আমাৰ ওচৰলৈ লৈ আহা’।

Verse 11:33

قَالَ اِنَّمَا یَاْتِیْكُمْ بِهِ اللّٰهُ اِنْ شَآءَ وَمَاۤ اَنْتُمْ بِمُعْجِزِیْنَ ۟

Q̣aala ʹinnamaa yaʹteekum̃ bihil laahu ʹiñ shaaʹa wa-maaa ʹañtum̃ bimuʻjizeen!

তেওঁ ক’লে, ‘সেইটো আল্লাইহে তোমালোকৰ সন্মুখত আনিব পাৰিব যদি তেওঁ ইচ্ছা কৰে, আৰু তেওঁক তোমালোকে ব্যৰ্থ কৰিব নোৱাৰিবা’।

Verse 11:34

وَلَا یَنْفَعُكُمْ نُصْحِیْۤ اِنْ اَرَدْتُّ اَنْ اَنْصَحَ لَكُمْ اِنْ كَانَ اللّٰهُ یُرِیْدُ اَنْ یُّغْوِیَكُمْ ؕ هُوَ رَبُّكُمْ ۫ وَاِلَیْهِ تُرْجَعُوْنَ ۟ؕ

Wa-laa yañfaʻukum nuṣḥeee ʹin ʹarattu ʹan ʹañṣaḥa lakum ʹiñ kaanal laahu yureedu ʹañy yug̣wiyakum: Huwa Rabbukum! wa-ʹilayhi turjaʻoon!

‘যদি আল্লাহে তোমালোকক বিভ্ৰান্ত কৰিব বিচাৰে তেন্তে মই তোমালোকক উপদেশ দিব বিচাৰিলেও মোৰ উপদেশ তোমালোকৰ কোনো কামত নাহিব। তেৱেঁই তোমালোকৰ প্ৰতিপালক, তেওঁৰ ওচৰতেই তোমালোকক ওভতাই নিয়া হ’ব’।

Verse 11:35

اَمْ یَقُوْلُوْنَ افْتَرٰىهُ ؕ قُلْ اِنِ افْتَرَیْتُهٗ فَعَلَیَّ اِجْرَامِیْ وَاَنَا بَرِیْٓءٌ مِّمَّا تُجْرِمُوْنَ ۟۠

ʹAm yaq̣ooloonaf taraah? Q̣ul ʹinif taraytuhoo faʻalayya ʹijraamee wa-ʹana bareeeʹum mimmaa tujrimoon!

অথবা সিহঁতে এই কথা কয় নেকি যে, ‘তেওঁ এইখন নিজেই ৰচনা কৰিছে’? কোৱা, ‘যদি মই এইখন নিজেই ৰচনা কৰিছোঁ তেন্তে এই অপৰাধৰ বাবে ময়েই দায়ী হ'ম। কিন্তু তোমালোকে যি অপৰাধ কৰিছা তাৰ লগত মোৰ কোনো সম্পৰ্ক নাই’।

Verse 11:36

وَاُوْحِیَ اِلٰی نُوْحٍ اَنَّهٗ لَنْ یُّؤْمِنَ مِنْ قَوْمِكَ اِلَّا مَنْ قَدْ اٰمَنَ فَلَا تَبْتَىِٕسْ بِمَا كَانُوْا یَفْعَلُوْنَ ۟ۚۖ

Wa-ʹooḥiya ʹilaa Nooḥin ʹannahu lañy yuʹmina miñ q̣awmika ʹillaa mañ q̣ad ʹaamana falaa tabtaʹis bimaa kaanoo yafʻaloon.

আৰু নূহৰ প্ৰতি অহী কৰা হ’ল, ‘যিসকলে ঈমান আনিছে তেওঁলোকৰ বাহিৰে তোমাৰ সম্প্ৰদায়ৰ আন কোনেও ঈমান পোষণ নকৰিব। গতিকে সিহঁতে যি কৰে তাৰ বাবে তুমি চিন্তিত নহ’বা’।

Verse 11:37

وَاصْنَعِ الْفُلْكَ بِاَعْیُنِنَا وَوَحْیِنَا وَلَا تُخَاطِبْنِیْ فِی الَّذِیْنَ ظَلَمُوْا ۚ اِنَّهُمْ مُّغْرَقُوْنَ ۟

Waṣnaʻil Fulka biʹaʻyuninaa wa-Waḥyinaa wa-laa tukhaaṭibnee fil laẓeena z̤̣alamoo: ʹinnahum mug̣raq̣oon.

‘তুমি আমাৰ চকুৰ সন্মুখত আৰু আমাৰ অহী অনুযায়ী এখন নাও নিৰ্মাণ কৰা আৰু যিসকলে অপৰাধ কৰিছে সিহঁতৰ বিষয়ে তুমি মোৰ ওচৰত কোনো আবেদন নকৰিবা; নিশ্চয় সিহঁতক পানীত ডুবোৱা হ’ব’।

Verse 11:38

وَیَصْنَعُ الْفُلْكَ ۫ وَكُلَّمَا مَرَّ عَلَیْهِ مَلَاٌ مِّنْ قَوْمِهٖ سَخِرُوْا مِنْهُ ؕ قَالَ اِنْ تَسْخَرُوْا مِنَّا فَاِنَّا نَسْخَرُ مِنْكُمْ كَمَا تَسْخَرُوْنَ ۟ؕ

Wa-yaṣnaʻul Fulk: wa-kullamaa marra ʻalayhi malaʹum miñ q̣awmihee sakhiroo minh. Q̣aala ʹiñ taskharoo minnaa faʹinnaa naskharu miñkum kamaa taskharoon!

আৰু তেওঁ নাও নিৰ্মাণ কৰিবলৈ ধৰিলে, যেতিয়াই তেওঁৰ সম্প্ৰদায়ৰ নেতাসকলে তেওঁৰ ওচৰেদি পাৰ হৈছিল, তেতিয়াই তেওঁৰ প্ৰতি উপহাস কৰিছিল; তেওঁ কৈছিল, ‘তোমালোকে যদি আমাকলৈ উপহাস কৰা, তেন্তে নিশ্চয় আমিও তোমালোকক উপহাস কৰিম, যেনেকৈ তোমালোকে উপহাস কৰি আছা’।

Verse 11:39

فَسَوْفَ تَعْلَمُوْنَ ۙ مَنْ یَّاْتِیْهِ عَذَابٌ یُّخْزِیْهِ وَیَحِلُّ عَلَیْهِ عَذَابٌ مُّقِیْمٌ ۟

Fasawfa taʻlamoona mañy yaʹteehi ʻAẓaabuñy yukhzeehi wa-yaḥillu ʻalayhi ʻaẓaabum muq̣eem:

এতেকে তোমালোকে শীঘ্ৰেই জানিব পাৰিবা, কাৰ ওপৰত আহিব এনেকুৱা শাস্তি যিটোৱে তাক লাঞ্ছিত কৰিব, আৰু তাৰ ওপৰত আপতিত হ’ব স্থায়ী শাস্তি।

Verse 11:40

حَتّٰۤی اِذَا جَآءَ اَمْرُنَا وَفَارَ التَّنُّوْرُ ۙ قُلْنَا احْمِلْ فِیْهَا مِنْ كُلٍّ زَوْجَیْنِ اثْنَیْنِ وَاَهْلَكَ اِلَّا مَنْ سَبَقَ عَلَیْهِ الْقَوْلُ وَمَنْ اٰمَنَ ؕ وَمَاۤ اٰمَنَ مَعَهٗۤ اِلَّا قَلِیْلٌ ۟

Ḥattaaa ʹiẓaa jaaaʹa ʹAmrunaa wa-faarat tannooru q̣ulnaḥ mil feehaa miñ kulliñ zawjaynis̤ nayni wa-ʹahlaka ʹillaa mañ sabaq̣a ʻalayhil Q̣awlu wa-man ʹaaman. Wa-maaa ʹaamana maʻahooo ʹillaa q̣aleel.

অৱশেষত যেতিয়া আমাৰ আদেশ আহি পৰিল আৰু চৌকা উথলি উঠিল, আমি ক’লোঁ, ‘প্ৰত্যেক জাতৰে এযোৰ এযোৰকৈ (প্ৰাণী) নাৱত তুলি লোৱা, লগতে তোমাৰ পৰিয়ালকো তুলি লোৱা কিন্তু যিসকলৰ বিৰুদ্ধে পূৰ্ব-সিদ্ধান্ত হৈছে সিহঁতৰ বাহিৰে, আৰু অন্যান্য মুমিনসকলকো তুলি লোৱা। প্ৰকৃততে তেওঁৰ সৈতে কিছুসংখ্যক লোকেহে ঈমান আনিছিল’।

Verse 11:41

وَقَالَ ارْكَبُوْا فِیْهَا بِسْمِ اللّٰهِ مَؔجْرٖىهَا وَمُرْسٰىهَا ؕ اِنَّ رَبِّیْ لَغَفُوْرٌ رَّحِیْمٌ ۟

Wa-q̣aalar kaboo feeha bismil laahi majraihaa wa-mursaahaa! ʹInna Rabbee la-G̣afoorur Raḥeem!

আৰু তেওঁ ক’লে, ‘তোমালোকে ইয়াত আৰোহণ কৰা, ইয়াৰ গতি আৰু স্থিতি হ’ব আল্লাহৰ নামত, নিশ্চয় মোৰ প্ৰতিপালক, অতি ক্ষমাশীল, পৰম দয়ালু’।

Verse 11:42

وَهِیَ تَجْرِیْ بِهِمْ فِیْ مَوْجٍ كَالْجِبَالِ ۫ وَنَادٰی نُوْحُ بْنَهٗ وَكَانَ فِیْ مَعْزِلٍ یّٰبُنَیَّ ارْكَبْ مَّعَنَا وَلَا تَكُنْ مَّعَ الْكٰفِرِیْنَ ۟

Wa-hiya tajree bihim fee mawjiñ kaljibaal. Wa-naadaa Nooḥunib nahoo wa-kaana fee maʻziliñy yaa-bunay yarkam maʻanaa wa-laa takum maʻal Kaafireen!

আৰু সেই নাওখনে পৰ্বতৰ দৰে তৰঙ্গৰ মাজত তেওঁলোকক লৈ গতি কৰিলে; নূহে তেওঁৰ পুত্ৰক মাতিলে, যিজন আছিল ভিন্ন স্থানত, ‘হে মোৰ প্ৰিয় পুত্ৰ! আমাৰ লগত আৰোহণ কৰা আৰু কাফিৰসকলৰ সংগী নহ’বা’।

Verse 11:43

قَالَ سَاٰوِیْۤ اِلٰی جَبَلٍ یَّعْصِمُنِیْ مِنَ الْمَآءِ ؕ قَالَ لَا عَاصِمَ الْیَوْمَ مِنْ اَمْرِ اللّٰهِ اِلَّا مَنْ رَّحِمَ ۚ وَحَالَ بَیْنَهُمَا الْمَوْجُ فَكَانَ مِنَ الْمُغْرَقِیْنَ ۟

Q̣aala saʹaaweee ʹilaa jabaliñy yaʻṣimunee minal maaaʹ. Q̣aala laa- ʻaaṣimal yawma min ʹAmril laahi ʹillaa mar raḥim! Waḥaala baynahumal mawju fakaana minal mug̣raq̣een.

সি ক’লে, ‘ (নালাগে দিয়ক) মই কোনো এখন পৰ্বতত গৈ আশ্ৰয় লম যিয়ে মোক পানীৰ পৰা ৰক্ষা কৰিব’। তেওঁ ক’লে, ‘আজি আল্লাহৰ আদেশৰ পৰা ৰক্ষা কৰিবলৈ কোনো নাই, কিন্তু যাক আল্লাহে দয়া কৰিব তাৰ বাহিৰে’। এনেতে তৰঙ্গ এটা আহি সিহঁতৰ মাজত অন্তৰায় হৈ পৰিল, ফলত সি ডুবি মৰাসকলৰ অন্তৰ্ভুক্ত হৈ গ’ল’।

Verse 11:44

وَقِیْلَ یٰۤاَرْضُ ابْلَعِیْ مَآءَكِ وَیٰسَمَآءُ اَقْلِعِیْ وَغِیْضَ الْمَآءُ وَقُضِیَ الْاَمْرُ وَاسْتَوَتْ عَلَی الْجُوْدِیِّ وَقِیْلَ بُعْدًا لِّلْقَوْمِ الظّٰلِمِیْنَ ۟

Wa-q̣eela yaaaʹarḍub laʻee maaaʹaki wa-yaasamaaaʹu ʹaq̣liʻee wa-g̣eeḍal maaaʹu wa-q̣uḍiyal ʹamru wastawat ʻalal joodiyyi wa-q̣eela buʻdal lilq̣awmiz̤̣ z̤̣aalimeen!

অৱশেষত কোৱা হ’ল, ‘হে মাটি! তুমি তোমাৰ পানী গ্ৰাস কৰি লোৱা, আৰু হে আকাশ! ক্ষেন্ত হোৱা’। ফলত পানী হ্ৰাস কৰা হ’ল আৰু সিদ্ধান্ত বাস্তৱায়িত হ’ল; আৰু নাওখন আল-জুদী পৰ্বতৰ ওপৰত স্থিৰ হ’ল, আৰু কোৱা হ’ল, ‘যালিম সম্প্ৰদায় ধ্বংস হওক’।

Verse 11:45

وَنَادٰی نُوْحٌ رَّبَّهٗ فَقَالَ رَبِّ اِنَّ ابْنِیْ مِنْ اَهْلِیْ وَاِنَّ وَعْدَكَ الْحَقُّ وَاَنْتَ اَحْكَمُ الْحٰكِمِیْنَ ۟

Wa-naadaa Nooḥur Rabbahoo faq̣aala Rabbi ʹinnab Nee min ʹahlee wa-ʹinna waʻdakal ḥaq̣q̣u wa-ʹAñta ʹaḥkamul Ḥaakimeen!

আৰু নূহে তেওঁৰ প্ৰতিপালকক আহ্বান কৰি ক’লে, ‘হে মোৰ প্ৰতিপালক! নিশ্চয় মোৰ পুত্ৰ মোৰ পৰিয়ালৰে অন্তৰ্ভুক্ত আৰু নিশ্চয় তোমাৰ প্ৰতিশ্ৰুতি সত্য, তুমি বিচাৰকসকলৰ মাজত আটাইতকৈ শ্ৰেষ্ঠ বিচাৰক’।

Verse 11:46

قَالَ یٰنُوْحُ اِنَّهٗ لَیْسَ مِنْ اَهْلِكَ ۚ اِنَّهٗ عَمَلٌ غَیْرُ صَالِحٍ ۖؗۗ فَلَا تَسْـَٔلْنِ مَا لَیْسَ لَكَ بِهٖ عِلْمٌ ؕ اِنِّیْۤ اَعِظُكَ اَنْ تَكُوْنَ مِنَ الْجٰهِلِیْنَ ۟

Q̣aala yaa-Nooḥu ʹinnahoo laysa min ʹahlik: ʹinnahoo ʻamalun g̣ayru ṣaaliḥ. Falaa tasʹalni maa- laysa laka bihee ʻilm! ʹInneee ʹaʻiz̤̣uka ʹañ takoona minal jaahileen!

আল্লাহে ক’লে, ‘হে নূহ! নিশ্চয় সি তোমাৰ পৰিয়ালৰ অন্তৰ্ভুক্ত নহয়। অৱশ্যে সি হৈছে অসৎকৰ্মপৰায়ণ। সেয়ে যি বিষয়ে তোমাৰ কোনো জ্ঞান নাই সেই বিষয়ে তুমি মোক অনুৰোধ নকৰিবা। মই তোমাক উপদেশ দিওঁ যে, তুমি অজ্ঞসকলৰ অন্তৰ্ভুক্ত নহ’বা’।

Verse 11:47

قَالَ رَبِّ اِنِّیْۤ اَعُوْذُ بِكَ اَنْ اَسْـَٔلَكَ مَا لَیْسَ لِیْ بِهٖ عِلْمٌ ؕ وَاِلَّا تَغْفِرْ لِیْ وَتَرْحَمْنِیْۤ اَكُنْ مِّنَ الْخٰسِرِیْنَ ۟

Q̣aala Rabbi ʹinneee ʹaʻooẓu bika ʹan ʹasʹalaka maa- laysa lee bihee ʻilm. Wa-ʹillaa tag̣fir lee wa-tarḥamnee ʹakum minal khaasireen!

তেওঁ ক’লে, ‘হে মোৰ প্ৰতিপালক! যি বিষয়ে মোৰ কোনো জ্ঞান নাই সেই বিষয়ে মই যাতে তোমাক অনুৰোধ নকৰোঁ তাৰ বাবে মই তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰিছোঁ। তুমি যদি মোক ক্ষমা নকৰা আৰু মোক দয়া নকৰা, তেন্তে মই ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হৈ যাম’।

Verse 11:48

قِیْلَ یٰنُوْحُ اهْبِطْ بِسَلٰمٍ مِّنَّا وَبَرَكٰتٍ عَلَیْكَ وَعَلٰۤی اُمَمٍ مِّمَّنْ مَّعَكَ ؕ وَاُمَمٌ سَنُمَتِّعُهُمْ ثُمَّ یَمَسُّهُمْ مِّنَّا عَذَابٌ اَلِیْمٌ ۟

Q̣eela yaa-Nooḥuh biṭ bi-Salaamim minnaa wa-Barakaatin ʻalayka wa-ʻalaaa ʹUmamim mimmam maʻak: wa-ʹumamuñ sanumattiʻuhum s̤umma yamassuhum minnaa ʻaẓaabun ʹaleem.

কোৱা হ’ল, ‘হে নূহ! আমাৰ ফালৰ পৰা শান্তি আৰু কল্যাণৰ সৈতে তুমি অৱতৰণ কৰা (নাৱৰ পৰা), (এই শান্তি আৰু কল্যাণ দান কৰা হৈছে) তোমাৰ প্ৰতি আৰু তোমাৰ লগত থকা জাতিসকলৰ প্ৰতি; আৰু কিছুমান এনেকুৱা সম্প্ৰদায়ো আছে যিসকলক আমি কিছুকাল (পাৰ্থিৱ) জীৱন উপভোগ কৰিবলৈ দিম, কিন্তু পিছত আমাৰ ফালৰ পৰা যন্ত্ৰণাদায়ক শাস্তিয়ে সিহঁতক স্পৰ্শ কৰিব;

Verse 11:49

تِلْكَ مِنْ اَنْۢبَآءِ الْغَیْبِ نُوْحِیْهَاۤ اِلَیْكَ ۚ مَا كُنْتَ تَعْلَمُهَاۤ اَنْتَ وَلَا قَوْمُكَ مِنْ قَبْلِ هٰذَا ۛؕ فَاصْبِرْ ۛؕ اِنَّ الْعَاقِبَةَ لِلْمُتَّقِیْنَ ۟۠

Tilka min ʹambaaaʹil g̣aybi nooḥeehaaa ʹilayk: maa- kuñta taʻlamuhaaa ʹañta wa-laa q̣awmuka miñ q̣abli haaẓaa. Faṣbir ʹinnal ʻAaq̣ibata lil-Muttaq̣een.

‘এইবোৰ হৈছে গায়েবৰ সংবাদ, আমি তোমাক অহীৰ জৰিয়তে অৱহিত কৰিছোঁ, যিবোৰ ইয়াৰ আগত তুমি জনা নাছিলা আৰু তোমাৰ সম্প্ৰদায়েও জনা নাছিল। গতিকে তুমি ধৈৰ্য্য ধাৰণ কৰা। নিশ্চয় শুভ পৰিণাম কেৱল মুত্তাক্বীসকলৰ বাবেই (নিৰ্ধাৰিত)’।

Verse 11:50

وَاِلٰی عَادٍ اَخَاهُمْ هُوْدًا ؕ قَالَ یٰقَوْمِ اعْبُدُوا اللّٰهَ مَا لَكُمْ مِّنْ اِلٰهٍ غَیْرُهٗ ؕ اِنْ اَنْتُمْ اِلَّا مُفْتَرُوْنَ ۟

Wa-ʹilaa ʻAadin ʹakhaahum Hoodaa. Q̣aala yaa-q̣awmiʻ budul laaha maa- lakum min ʹilaahin g̣ayruh. ʹIn ʹañtum ʹillaa muftaroon!

আৰু আদ জাতিৰ ওচৰলৈ সিহঁতৰ ভাতৃ হূদক (নবী হিচাপে) প্ৰেৰণ কৰিছিলোঁ, তেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে কেৱল আল্লাহৰ ইবাদত কৰা। তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো (সত্য) ইলাহ নাই। তোমালোকে কেৱল মিছাহে ৰচনা কৰা’।

Verse 11:51

یٰقَوْمِ لَاۤ اَسْـَٔلُكُمْ عَلَیْهِ اَجْرًا ؕ اِنْ اَجْرِیَ اِلَّا عَلَی الَّذِیْ فَطَرَنِیْ ؕ اَفَلَا تَعْقِلُوْنَ ۟

Yaa-q̣awmi laaa ʹasʹalukum ʻalayhi ʹajraa. ʹIn ʹajriya ʹillaa ʻalal laẓee faṭaranee: ʹafalaa taʻq̣iloon?

‘হে মোৰ সম্প্ৰদায়! মই তোমালোকৰ ওচৰত ইয়াৰ বিনিময়ত কোনো পাৰিশ্ৰমিক নিবিচাৰোঁ। মোৰ পাৰিশ্ৰমিকৰ দায়িত্ব হৈছে সেই সত্ত্বাৰ ওপৰত, যিজনে মোক সৃষ্টি কৰিছে। তথাপিও তোমালোকে বুজি নোপোৱানে’?

Verse 11:52

وَیٰقَوْمِ اسْتَغْفِرُوْا رَبَّكُمْ ثُمَّ تُوْبُوْۤا اِلَیْهِ یُرْسِلِ السَّمَآءَ عَلَیْكُمْ مِّدْرَارًا وَّیَزِدْكُمْ قُوَّةً اِلٰی قُوَّتِكُمْ وَلَا تَتَوَلَّوْا مُجْرِمِیْنَ ۟

Wa-yaaq̣awmis tag̣firoo Rabbakum s̤umma toobooo ʹilayhi yursilis samaaaʹa ʻalaykum midraarañw wayazidkum q̣uwwatan ʹilaa q̣uwwatikum wa-laa tatawallaw mujrimeen!

‘হে মোৰ সম্প্ৰদায়! তোমালোকে নিজ প্ৰতিপালকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা, আৰু তেওঁৰ ওচৰতেই তাওবা কৰা (উভতি আহা)। তেওঁ তোমালোকৰ ওপৰত ধাৰাষাৰ বৰষুণ অৱতীৰ্ণ কৰিব; আৰু তেৱেঁই তোমালোকক শক্তি প্ৰদান কৰি অধিক শক্তিশালী কৰিব। এতেকে তোমালোকে অপৰাধী হৈ মুখ ঘূৰাই নল’বা’।

Verse 11:53

قَالُوْا یٰهُوْدُ مَا جِئْتَنَا بِبَیِّنَةٍ وَّمَا نَحْنُ بِتَارِكِیْۤ اٰلِهَتِنَا عَنْ قَوْلِكَ وَمَا نَحْنُ لَكَ بِمُؤْمِنِیْنَ ۟

Q̣aaloo yaa-Hoodu maa- jiʹtanaa bi-Bayyinatiñw wamaa naḥnu bitaarikeee ʹaalihatinaa ʻañ q̣awlika wa-maa naḥnu laka bi-Muʹmineen!

সিহঁতে ক’লে, ‘হে হূদ! তুমি আমাৰ ওচৰলৈ কোনো স্পষ্ট প্ৰমাণ লৈ আহা নাই। গতিকে তোমাৰ কথাত আমি আমাৰ উপাস্যবোৰক এৰি নিদিওঁ আৰু আমি তোমাৰ প্ৰতি বিশ্বাসো নকৰোঁ’।

Verse 11:54

اِنْ نَّقُوْلُ اِلَّا اعْتَرٰىكَ بَعْضُ اٰلِهَتِنَا بِسُوْٓءٍ ؕ قَالَ اِنِّیْۤ اُشْهِدُ اللّٰهَ وَاشْهَدُوْۤا اَنِّیْ بَرِیْٓءٌ مِّمَّا تُشْرِكُوْنَ ۟ۙ

ʹIn naq̣oolu ʹillaʻ taraaka baʻḍu ʹaalihatinaa bisoooʹ. Q̣aala ʹinneee ʹushhidul laaha washhadooo ʹannee bareeeʹum mimmaa tushrikoon.

আমি কেৱল এইটোৱে কওঁ যে, ‘হয়তো আমাৰ উপাস্যবোৰৰ কোনোবাই তোমাক হানি কৰিছে’। তেওঁ ক’লে, ‘নিশ্চয় মই আল্লাহক সাক্ষী কৰিলোঁ আৰু তোমালোকেও সাক্ষী থাকা যে, নিশ্চয় সেইবোৰৰ লগত মোৰ কোনো সম্পৰ্ক নাই যিবোৰক তোমালোকে অংশী কৰা’,

Verse 11:55

مِنْ دُوْنِهٖ فَكِیْدُوْنِیْ جَمِیْعًا ثُمَّ لَا تُنْظِرُوْنِ ۟

Miñ doonihee fakeedoonee jameeʻañ s̤umma laa- tuñz̤̣iroon.

‘কেৱল আল্লাহৰ বাহিৰে। এতেকে তোমালোক সকলোৱে মিলি মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা; আৰু মোক অকণো অৱকাশ নিদিবা’।

Verse 11:56

اِنِّیْ تَوَكَّلْتُ عَلَی اللّٰهِ رَبِّیْ وَرَبِّكُمْ ؕ مَا مِنْ دَآبَّةٍ اِلَّا هُوَ اٰخِذٌ بِنَاصِیَتِهَا ؕ اِنَّ رَبِّیْ عَلٰی صِرَاطٍ مُّسْتَقِیْمٍ ۟

ʹInnee tawakkaltu ʻalal laahi Rabbee Wa-Rabbikum! Maa- miñ daaabbatin ʹillaa Huwa ʹaakhiẓum binaasiyatihaa. ʹInna Rabbee ʻalaa Ṣiraaṭim Mustaq̣eem.

‘নিশ্চয় মই কেৱল নিৰ্ভৰ কৰোঁ মোৰ আৰু তোমালোকৰ প্ৰতিপালক আল্লাহৰ ওপৰত; (ভূ-পৃষ্ঠত বিচৰণকাৰী) যিমানবোৰ জীৱ-জন্তু আছে, প্ৰত্যেকৰে আগচুলি তেওঁ ধৰি আছে (অৰ্থাৎ সেইবোৰ তেওঁৰ পূৰ্ণ আয়ত্তাধীন); নিশ্চয় মোৰ প্ৰতিপালক সৰল পথত আছে’।

Verse 11:57

فَاِنْ تَوَلَّوْا فَقَدْ اَبْلَغْتُكُمْ مَّاۤ اُرْسِلْتُ بِهٖۤ اِلَیْكُمْ ؕ وَیَسْتَخْلِفُ رَبِّیْ قَوْمًا غَیْرَكُمْ ۚ وَلَا تَضُرُّوْنَهٗ شَیْـًٔا ؕ اِنَّ رَبِّیْ عَلٰی كُلِّ شَیْءٍ حَفِیْظٌ ۟

Faʹiñ tawallaw faq̣ad ʹablag̣tukum maaa ʹursiltu biheee ʹilaykum. Wa-yastakhlifu Rabbee q̣awman g̣ayrakum, wa-laa taḍurroonahoo shayʹaa. ʹInna Rabbee ʻalaa kulli shayʹin Ḥafeez̤̣.

‘এতেকে তোমালোকে যদি বিমুখ হোৱা, তেন্তে (জানি থোৱা) মই যি বাৰ্তাসহ তোমালোকৰ ওচৰলৈ প্ৰেৰিত হৈছোঁ সেয়া মই তোমালোকক অৱগত কৰিছোঁ; আৰু মোৰ প্ৰতিপালকে তোমালোকৰ ঠাইত বেলেগ কোনো জাতিক তোমালোকৰ স্থলাভিষিক্ত কৰিব আৰু তোমালোকে তেওঁৰ কোনো ক্ষতি সাধন কৰিব নোৱাৰিবা। নিশ্চয় মোৰ প্ৰতিপালক সকলো বস্তুৰ ৰক্ষণাবেক্ষণকাৰী’।

Verse 11:58

وَلَمَّا جَآءَ اَمْرُنَا نَجَّیْنَا هُوْدًا وَّالَّذِیْنَ اٰمَنُوْا مَعَهٗ بِرَحْمَةٍ مِّنَّا ۚ وَنَجَّیْنٰهُمْ مِّنْ عَذَابٍ غَلِیْظٍ ۟

Wa-lammaa jaaaʹa ʹamrunaa naj-jaynaa Hoodañw wallaẓeena ʹaamanoo maʻahoo bi-Raḥmatim minnaa: wa-najjaynaahum min ʻaẓaabin g̣aleez̤̣.

এতেকে যেতিয়া আমাৰ (শাস্তিৰ) নিৰ্দেশ আহিল, তেতিয়া আমি হূদ আৰু তেওঁৰ লগত যিসকলে ঈমান আনিছিল তেওঁলোকক আমাৰ অনুগ্ৰহৰ দ্বাৰা উদ্ধাৰ কৰিছিলোঁ আৰু তেওঁলোকক ৰক্ষা কৰিছিলোঁ কঠিন শাস্তিৰ পৰা।

Verse 11:59

وَتِلْكَ عَادٌ ۙ۫ جَحَدُوْا بِاٰیٰتِ رَبِّهِمْ وَعَصَوْا رُسُلَهٗ وَاتَّبَعُوْۤا اَمْرَ كُلِّ جَبَّارٍ عَنِیْدٍ ۟

Wa-tilka ʻAaduñ jaḥadoo biʹAayaati Rabbihim wa-ʻaṣaw Rusulahoo wattabaʻooo ʹamra kulli jabbaarin ʻaneed.

আৰু এই আদ জাতিয়ে সিহঁতৰ প্ৰতিপালকৰ আয়াতসমূহক অস্বীকাৰ কৰিছিল আৰু অমান্য কৰিছিল তেওঁৰ ৰাছুলসকলক। আনহাতে সিহঁতে প্ৰত্যেক প্ৰতাপশালী স্বৈৰাচাৰীৰ নিৰ্দেশৰ অনুসৰণ কৰিছিল।

Verse 11:60

وَاُتْبِعُوْا فِیْ هٰذِهِ الدُّنْیَا لَعْنَةً وَّیَوْمَ الْقِیٰمَةِ ؕ اَلَاۤ اِنَّ عَادًا كَفَرُوْا رَبَّهُمْ ؕ اَلَا بُعْدًا لِّعَادٍ قَوْمِ هُوْدٍ ۟۠

Wa-ʹutbiʻoo fee haaẓihid dunyaa laʻnatañw wa-Yawmal Q̣iyaamah. ʹAlaaa ʹinna ʻAadañ kafaroo Rabbahum! ʹAlaa buʻdal liʻAadiñ Q̣awmi Hood!

আৰু এই পৃথিৱীতেই সিহঁতক অভিশপ্ত কৰা হৈছিল আৰু ক্বিয়ামতৰ দিনাও সিহঁত অভিশপ্ত হ’ব। জানি থোৱা! আদ সম্প্ৰদায়ে নিজ প্ৰতিপালককে অস্বীকাৰ কৰিছিল। জানি থোৱা! ধ্বংসই হৈছে হূদৰ সম্প্ৰদায় আদ জাতিৰ পৰিণাম।

Verse 11:61

وَاِلٰی ثَمُوْدَ اَخَاهُمْ صٰلِحًا ۘ قَالَ یٰقَوْمِ اعْبُدُوا اللّٰهَ مَا لَكُمْ مِّنْ اِلٰهٍ غَیْرُهٗ ؕ هُوَ اَنْشَاَكُمْ مِّنَ الْاَرْضِ وَاسْتَعْمَرَكُمْ فِیْهَا فَاسْتَغْفِرُوْهُ ثُمَّ تُوْبُوْۤا اِلَیْهِ ؕ اِنَّ رَبِّیْ قَرِیْبٌ مُّجِیْبٌ ۟

Wa-ʹilaa S̤amooda ʹakhaahum Ṣaaliḥaa. Q̣aala yaa-q̣awmiʻ budul laaha maa- min lakum ʹilahin g̣ayruh. Huwa ʹañshaʹakum minal ʹarḍi wastaʻmarakum feehaa fastag̣firoohu s̤umma toobooo ʹilayh: ʹinna Rabbee Q̣areebum Mujeeb.

আৰু আমি ছামূদ জাতিৰ ওচৰলৈ সিহঁতৰ ভাতৃ ছলেহক (নবী হিচাপে) প্ৰেৰণ কৰিছিলোঁ। তেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে আল্লাহৰ ইবাদত কৰা, তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো (সত্য) ইলাহ নাই। তেৱেঁই তোমালোকক মাটিৰ পৰা সৃষ্টি কৰিছে আৰু তাতেই তেওঁ তোমালোকৰ বসবাস কৰাৰ ব্যৱস্থা কৰিছে। গতিকে তোমালোকে তেওঁৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা আৰু তেওঁৰ পিনেই উভতি আহা। নিশ্চয় মোৰ প্ৰতিপালক অতি নিকটৱৰ্তী, আহ্বানত সঁহাৰি প্ৰদানকাৰী’।

Verse 11:62

قَالُوْا یٰصٰلِحُ قَدْ كُنْتَ فِیْنَا مَرْجُوًّا قَبْلَ هٰذَاۤ اَتَنْهٰىنَاۤ اَنْ نَّعْبُدَ مَا یَعْبُدُ اٰبَآؤُنَا وَاِنَّنَا لَفِیْ شَكٍّ مِّمَّا تَدْعُوْنَاۤ اِلَیْهِ مُرِیْبٍ ۟

Q̣aaloo yaa-Ṣaaliḥu q̣ad kuñta feenaa marjuwwañ q̣abla haaẓaaa ʹatanhaanaaa ʹan naʻbuda maa- yaʻbudu ʹaabaaaʹunaa wa-ʹinnanaa lafee shakkim mimmaa tadʻoonaaa ʹilayhi mureeb.

সিহঁতে ক’লে, ‘হে ছলেহ! ইয়াৰ পূৰ্বে তুমি আছিলা আমাৰ আশাৰ পাত্ৰ। (এতিয়া) তুমি আমাক সেইবোৰ (উপাস্য)ৰ উপাসনাৰ পৰা নিষেধ কৰি আছা নেকি যিবোৰৰ উপাসনা আমাৰ পিতৃ-পুৰুষসকলে কৰিছিল? প্ৰকৃততে তুমি আমাক যি ধৰ্মৰ প্ৰতি আহ্বান কৰি আছা, সেই বিষয়ে নিশ্চয় আমি বিভ্ৰান্তিকৰ সন্দেহ তথা দ্বিধাদ্বন্দৰ মাজত আছোঁ’।

Verse 11:63

قَالَ یٰقَوْمِ اَرَءَیْتُمْ اِنْ كُنْتُ عَلٰی بَیِّنَةٍ مِّنْ رَّبِّیْ وَاٰتٰىنِیْ مِنْهُ رَحْمَةً فَمَنْ یَّنْصُرُنِیْ مِنَ اللّٰهِ اِنْ عَصَیْتُهٗ ۫ فَمَا تَزِیْدُوْنَنِیْ غَیْرَ تَخْسِیْرٍ ۟

Q̣aala yaa-q̣awmi ʹaraʹaytum ʹiñ kuñtu ʻalaa Bayyinatim mir Rabbee wa-ʹaataanee minhu Raḥmatañ famañy yañṣurunee minal laahi ʹin ʻaṣaytuh? Famaa tazeedunanee g̣ayra takhseeer?

তেওঁ ক’লে, ‘হে মোৰ সম্প্ৰদায়! কোৱাচোন তোমালোকে, মই যদি মোৰ প্ৰতিপালকৰ পৰা প্ৰেৰিত প্ৰমাণৰ ওপৰত প্ৰতিষ্ঠিত থাকোঁ আৰু তেওঁ যদি মোক তেওঁৰ তৰফৰ পৰা অনুগ্ৰহ (নবুওৱত) দান কৰে, ইয়াৰ পিছতো যদি মই আল্লাহৰ অবাধ্য হওঁ, তেন্তে আল্লাহৰ শাস্তিৰ পৰা মোক কোনে ৰক্ষা কৰিব? গতিকে তোমালোকে কেৱল মোৰ ক্ষতিহে বৃদ্ধি কৰি আছা’।

Verse 11:64

وَیٰقَوْمِ هٰذِهٖ نَاقَةُ اللّٰهِ لَكُمْ اٰیَةً فَذَرُوْهَا تَاْكُلْ فِیْۤ اَرْضِ اللّٰهِ وَلَا تَمَسُّوْهَا بِسُوْٓءٍ فَیَاْخُذَكُمْ عَذَابٌ قَرِیْبٌ ۟

Wa-yaaq̣awmi haaẓihee naaq̣atul laahi lakum ʹaayatañ faẓaroohaa taʹkul feee ʹarḍil laahi wa-laa tamassoohaa bisoooʹiñ fayaʹkhuẓakum ʻAẓaabuñ q̣areeb!

‘হে মোৰ সম্প্ৰদায়! এইজনী হৈছে আল্লাহৰ উট, তোমালোকৰ বাবে নিদৰ্শনস্বৰূপ। এতেকে ইয়াক আল্লাহৰ ভূমিত চৰি খাবলৈ দিয়া। ইয়াক কোনো ধৰণৰ কষ্ট নিদিবা, অন্যথা আশু শাস্তিয়ে তোমালোকক আক্ৰান্ত কৰিব’।

Verse 11:65

فَعَقَرُوْهَا فَقَالَ تَمَتَّعُوْا فِیْ دَارِكُمْ ثَلٰثَةَ اَیَّامٍ ؕ ذٰلِكَ وَعْدٌ غَیْرُ مَكْذُوْبٍ ۟

Faʻaq̣aroohaa faq̣aala tamattaʻoo fee daarikum s̤alaas̤ata ʹay-yaam: ẓaalika waʻdun g̣ayru makẓoob!

তথাপিও সিহঁতে তাইক হত্যা কৰিলে। তেতিয়া তেওঁ ক’লে, ‘তোমালোকে নিজৰ ঘৰত তিনিদিন পৰ্যন্ত জীৱন উপভোগ কৰি লোৱা। এইটো এনেকুৱা এটা প্ৰতিশ্ৰুতি যিটো কেতিয়াও মিছা নহয়’।

Verse 11:66

فَلَمَّا جَآءَ اَمْرُنَا نَجَّیْنَا صٰلِحًا وَّالَّذِیْنَ اٰمَنُوْا مَعَهٗ بِرَحْمَةٍ مِّنَّا وَمِنْ خِزْیِ یَوْمِىِٕذٍ ؕ اِنَّ رَبَّكَ هُوَ الْقَوِیُّ الْعَزِیْزُ ۟

Falammaa jaaaʹa ʹAmrunaa najjaynaa Ṣaaliḥañw wal-laẓeena ʹaamanoo maʻahoo bi-Raḥmatim minnaa wa-min khizyi Yawmiʹiẓ. ʹInna Rabbaka Huwal Q̣awiyyul ʻAzeez.

ফলত যেতিয়া আমাৰ (শাস্তিৰ) নিৰ্দেশ আহি পালে, তেতিয়া আমি ছলেহ আৰু তেওঁৰ লগত যিসকলে ঈমান আনিছিল তেওঁলোকক আমাৰ অনুগ্ৰহৰ দ্বাৰা উদ্ধাৰ কৰিলোঁ আৰু ৰক্ষা কৰিলোঁ সেইদিনাৰ লাঞ্ছনাৰ পৰা। নিশ্চয় তোমাৰ প্ৰতিপালক, তেৱেঁই মহা শক্তিমান, মহাপৰাক্ৰমশালী।

Verse 11:67

وَاَخَذَ الَّذِیْنَ ظَلَمُوا الصَّیْحَةُ فَاَصْبَحُوْا فِیْ دِیَارِهِمْ جٰثِمِیْنَ ۟ۙ

Wa-ʹakhaẓal laẓeena z̤̣alamuṣ Ṣayḥatu faʹaṣbaḥoo fee diyaarihim jaas̤imeen.

আৰু যিসকলে অন্যায় কৰিছিল সিহঁতক এটা ভীষণ শব্দই আক্ৰান্ত কৰিলে; ফলত সিহঁত নিজ নিজ গৃহতে (মৃত অৱস্থাত) নতজানু হৈ পৰি ৰ’ল;

Verse 11:68

كَاَنْ لَّمْ یَغْنَوْا فِیْهَا ؕ اَلَاۤ اِنَّ ثَمُوْدَاۡ كَفَرُوْا رَبَّهُمْ ؕ اَلَا بُعْدًا لِّثَمُوْدَ ۟۠

Kaʹal lam yag̣naw feehaa. ʹAlaaa ʹinna S̤amooda kafaroo Rabbahum! ʹAlaa buʻdal li-S̤amood.

যেনিবা সিহঁতে কেতিয়াও তাত বাস কৰা নাছিল। জানি থোৱা! ছামূদ সম্প্ৰদায়ে নিজ প্ৰতিপালকৰ লগত কুফুৰী কৰিছিল। জানি থোৱা! ধ্বংসই হৈছে ছামূদ সম্প্ৰদায়ৰ পৰিণাম।

Verse 11:69

وَلَقَدْ جَآءَتْ رُسُلُنَاۤ اِبْرٰهِیْمَ بِالْبُشْرٰی قَالُوْا سَلٰمًا ؕ قَالَ سَلٰمٌ فَمَا لَبِثَ اَنْ جَآءَ بِعِجْلٍ حَنِیْذٍ ۟

Wa-laq̣ad jaaaʹat Rusulunaaa ʹIbraaheema bilbushraa q̣aaloo Salaamaa! Q̣aala Salaamuñ famaa labis̤a ʹañ jaaaʻa ḥaneeẓ. biʻijlin

আৰু নিশ্চয় আমাৰ ফিৰিস্তাসকলে সুসংবাদ লৈ ইব্ৰাহীমৰ ওচৰত আহি ক’লে, ‘ছালাম’। তেৱোঁ (উত্তৰত) ক’লে, ‘ছালাম’। তাৰ পিছত তেওঁ পলম নকৰি এটা কাবাবকৃত দামুৰি লৈ আহিল।

Verse 11:70

فَلَمَّا رَاٰۤ اَیْدِیَهُمْ لَا تَصِلُ اِلَیْهِ نَكِرَهُمْ وَاَوْجَسَ مِنْهُمْ خِیْفَةً ؕ قَالُوْا لَا تَخَفْ اِنَّاۤ اُرْسِلْنَاۤ اِلٰی قَوْمِ لُوْطٍ ۟ؕ

Falammaa raʹaaa ʹaydiyahum laa- taṣilu ʹilayhi nakirahum wa-ʹawjasa minhum kheefah. Q̣aaloo laa- takhaf ʹinnaaa ʹursilnaaa ʹilaa Q̣awmi Looṭ.

এতেকে তেওঁ যেতিয়া দেখিলে যে, তেওঁলোকৰ হাত সেই খাদ্যৰ ফালে প্ৰসাৰিত হোৱা নাই, তেতিয়া তেওঁলোকক অবাঞ্ছিত বুলি ভাবিলে আৰু তেওঁলোকৰ বিষয়ে তেওঁৰ মনত ভীতিৰ সঞ্চাৰ হ’ল। তেওঁলোকে ক’লে, ‘ভয় নকৰিব, আমি লূত সম্প্ৰদায়ৰ প্ৰতিহে প্ৰেৰিত হৈছোঁ’।

Verse 11:71

وَامْرَاَتُهٗ قَآىِٕمَةٌ فَضَحِكَتْ فَبَشَّرْنٰهَا بِاِسْحٰقَ ۙ وَمِنْ وَّرَآءِ اِسْحٰقَ یَعْقُوْبَ ۟

Wamraʹatuhoo q̣aaaʹimatuñ faḍaḥikat fabashsharnaahaa biʹIsḥaaq̣a wa-miñw waraaaʹi ʹIs-ḥaaq̣a Yaʻq̣oob.

আৰু তেওঁৰ স্ত্ৰী থিয় হৈ আছিল, ফলত তেওঁ হাঁহি উঠিল। তাৰ পিছত আমি তেওঁক (ইব্ৰাহীমৰ স্ত্ৰীক) সুসংবাদ দিলোঁ ইছহাক্বৰ, আৰু ইছহাক্বৰ পিছত ইয়াকূবৰ।

Verse 11:72

قَالَتْ یٰوَیْلَتٰۤی ءَاَلِدُ وَاَنَا عَجُوْزٌ وَّهٰذَا بَعْلِیْ شَیْخًا ؕ اِنَّ هٰذَا لَشَیْءٌ عَجِیْبٌ ۟

Q̣aalat yaa-waylataaa ʹaʹalidu wa-ʹana ʻajoozuñw Wahaaẓaa baʻlee shaykhaa? ʹInna haaẓaa lashayʹun ʻajeeb!

তেওঁ ক’লে, ‘হায়, কি আচৰিত! মই সন্তান জন্ম দিমনে! অথচ মই এজনী বৃদ্ধা নাৰী আৰু মোৰ স্বামীও হৈছে বৃদ্ধ, নিশ্চয় এইটো এটা অদ্ভুদ কথা’!

Verse 11:73

قَالُوْۤا اَتَعْجَبِیْنَ مِنْ اَمْرِ اللّٰهِ رَحْمَتُ اللّٰهِ وَبَرَكٰتُهٗ عَلَیْكُمْ اَهْلَ الْبَیْتِ ؕ اِنَّهٗ حَمِیْدٌ مَّجِیْدٌ ۟

Q̣aalooo ʹataʻjabeena min ʹAmril laahi Raḥmatul laahi wa-Barakaatuhoo ʻalaykum ʹAhlal Bayt! ʹInnahoo Ḥameedum Majeed!

তেওঁলোকে ক’লে, ‘আল্লাহৰ কামত তুমি বিস্ময়বোধ কৰিছা নেকি? হে নবীৰ পৰিয়াল! তোমালোকৰ প্ৰতি আছে আল্লাহৰ (বিশেষ) অনুগ্ৰহ আৰু কল্যাণ। নিশ্চয় তেওঁ প্ৰশংসাৰ যোগ্য আৰু অত্যন্ত সন্মানিত’।

Verse 11:74

فَلَمَّا ذَهَبَ عَنْ اِبْرٰهِیْمَ الرَّوْعُ وَجَآءَتْهُ الْبُشْرٰی یُجَادِلُنَا فِیْ قَوْمِ لُوْطٍ ۟ؕ

Falammaa ẓahaba ʻan ʹIbraaheemar rawʻu wa-jaaaʹat hul-bushraa yujaadilunaa fee Q̣awmi Looṭ.

তাৰ পিছত যেতিয়া ইব্ৰাহীমৰ সেই ভয় দূৰ হ’ল আৰু তেওঁৰ ওচৰলৈ সুসংবাদ আহিল, তেতিয়া তেওঁ লূতৰ সম্প্ৰদায়ৰ বিষয়ে আমাৰ (প্ৰেৰিত ফিৰিস্তাসকলৰ) লগত বাদানুবাদ কৰিবলৈ ধৰিলে।

Verse 11:75

اِنَّ اِبْرٰهِیْمَ لَحَلِیْمٌ اَوَّاهٌ مُّنِیْبٌ ۟

ʹInna ʹIbraaheema laḥaleemun ʹawwaahum muneeb.

নিশ্চয় ইব্ৰাহীম আছিল অত্যন্ত সহনশীল, কোমল হৃদয়, সদায় আল্লাহ অভিমুখী।

Verse 11:76

یٰۤاِبْرٰهِیْمُ اَعْرِضْ عَنْ هٰذَا ۚ اِنَّهٗ قَدْ جَآءَ اَمْرُ رَبِّكَ ۚ وَاِنَّهُمْ اٰتِیْهِمْ عَذَابٌ غَیْرُ مَرْدُوْدٍ ۟

YaaaʹIbraaheemu ʹaʻriḍ ʻan haaẓaa. ʹInnahoo q̣ad jaaaʹa ʹamru Rabbik: wa-ʹinnahum ʹaateehim ʻaẓaabun g̣ayru mardood!

হে ইব্ৰাহীম! তুমি এই (বিতৰ্কৰ) পৰা বিৰত হোৱা; নিশ্চয় তোমাৰ প্ৰতিপালকৰ বিধান আহি পৰিছে; আৰু অৱশ্যে সিহঁতৰ প্ৰতি আহিব এনেকুৱা এটা শাস্তি যিটোক প্ৰতিৰোধ কৰা সম্ভৱ নহয়।

Verse 11:77

وَلَمَّا جَآءَتْ رُسُلُنَا لُوْطًا سِیْٓءَ بِهِمْ وَضَاقَ بِهِمْ ذَرْعًا وَّقَالَ هٰذَا یَوْمٌ عَصِیْبٌ ۟

Wa-lammaa jaaaʹat Rusulunaa Looṭañ seeeʹa bihim wa-ḍaaq̣a bihim ẓarʻañw waq̣aala haaẓaa yawmun ʻaṣeeb.

আৰু যেতিয়া আমাৰ প্ৰেৰিত ফিৰিস্তাসকল লূতৰ ওচৰলৈ গৈ উপস্থিত হ’ল, তেতিয়া তেওঁলোকৰ আগমনত তেওঁ বিষণ্ন হ’ল আৰু তেওঁলোকৰ (সুৰক্ষাৰ) বিষয়টোক চিন্তা কৰি তেওঁৰ হৃদয় সংকুচিত হৈ গ’ল আৰু ক’লে, ‘আজিৰ দিনটো বৰ বিপদৰ দিন’!

Verse 11:78

وَجَآءَهٗ قَوْمُهٗ یُهْرَعُوْنَ اِلَیْهِ ؕ وَمِنْ قَبْلُ كَانُوْا یَعْمَلُوْنَ السَّیِّاٰتِ ؕ قَالَ یٰقَوْمِ هٰۤؤُلَآءِ بَنَاتِیْ هُنَّ اَطْهَرُ لَكُمْ فَاتَّقُوا اللّٰهَ وَلَا تُخْزُوْنِ فِیْ ضَیْفِیْ ؕ اَلَیْسَ مِنْكُمْ رَجُلٌ رَّشِیْدٌ ۟

Wa-jaaaʹahoo q̣awmuhoo yuhraʻoona ʹilayh. Wa-miñ q̣ablu kaanoo yaʻmaloonas sayyiʹaat. Q̣aala yaa-q̣awmi haaaʹulaaaʹi banaatee hunna ʹaṭharu lakum fattaq̣ul laaha wa-laa tukhzooni fee ḍayfee! ʹAlaysa miñkum rajulur rasheed?

আৰু তেওঁৰ সম্প্ৰদায়ৰ লোকসকলে তেওঁৰ ওচৰলৈ উদ্ভ্ৰান্ত হৈ দৌৰি আহিল আৰু আগৰ পৰাই সিহঁত অসৎকৰ্মত লিপ্ত আছিল। তেওঁ (লূতে) ক’লে, ‘হে মোৰ সম্প্ৰদায়! ইহঁত মোৰ কন্যা, তোমালোকৰ বাবে ইহঁতহে বেছি পৱিত্ৰ। গতিকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ অতিথি সম্বন্ধে মোক লজ্জিত নকৰিবা। তোমালোকৰ মাজত কোনো ভাল মানুহ নাইনে’?

Verse 11:79

قَالُوْا لَقَدْ عَلِمْتَ مَا لَنَا فِیْ بَنٰتِكَ مِنْ حَقٍّ ۚ وَاِنَّكَ لَتَعْلَمُ مَا نُرِیْدُ ۟

Q̣aaloo laq̣ad ʻalimta maa- lanaa fee banaatika min ḥaq̣q̣: wa-ʹinnaka lataʻlamu maa- nureed!

সিহঁতে ক’লে, ‘তুমিতো জানাই, তোমাৰ কন্যাসকলৰ প্ৰতি আমাৰ কোনো আগ্ৰহ নাই; আৰু আমি যিটো বিচাৰোঁ সেইটোও তুমি নিশ্চয় জানা’।

Verse 11:80

قَالَ لَوْ اَنَّ لِیْ بِكُمْ قُوَّةً اَوْ اٰوِیْۤ اِلٰی رُكْنٍ شَدِیْدٍ ۟

Q̣aala law ʹanna lee bikum q̣uwwatan ʹaw aaweee ʹilaa rukniñ shadeed.

তেওঁ ক’লে, ‘হায়! তোমালোকৰ ওপৰত যদি মোৰ শক্তি থাকিলহেঁতেন অথবা মই যদি কোনো সুদৃঢ় স্তম্ভৰ আশ্ৰয় লব পাৰিলোঁহেঁতেন’!

Verse 11:81

قَالُوْا یٰلُوْطُ اِنَّا رُسُلُ رَبِّكَ لَنْ یَّصِلُوْۤا اِلَیْكَ فَاَسْرِ بِاَهْلِكَ بِقِطْعٍ مِّنَ الَّیْلِ وَلَا یَلْتَفِتْ مِنْكُمْ اَحَدٌ اِلَّا امْرَاَتَكَ ؕ اِنَّهٗ مُصِیْبُهَا مَاۤ اَصَابَهُمْ ؕ اِنَّ مَوْعِدَهُمُ الصُّبْحُ ؕ اَلَیْسَ الصُّبْحُ بِقَرِیْبٍ ۟

Q̣aaloo Yaa-Looṭu ʹinnaa Rusulu Rabbika lañy yaṣilooo ʹilayk: faʹasri biʹahlika biq̣iṭʻim minal layli wa-laa yaltafit miñkum ʹaḥadun ʹillam raʹatak: ʹinnahoo muṣeebuhaa maaa ʹaṣaabahum. ʹInna mawʻidahumuṣ ṣubḥ. ʹAlaysaṣ ṣubḥu biq̣areeb?

তেওঁলোকে (ফিৰিস্তাসকলে) ক’লে, ‘হে লূত! নিশ্চয় আমি আপোনাৰ প্ৰতিপালকৰ ফালৰ পৰা প্ৰেৰিত ফিৰিস্তা। সিহঁতে কেতিয়াও আপোনাৰ ওচৰলৈকে আহিব নোৱাৰিব। গতিকে আপুনি ৰাতিৰ কোনো এটা ভাগত আপোনাৰ পৰিয়ালবৰ্গকলৈ ওলাই যাওক আৰু আপোনালোকৰ কোনোৱেই যেন পিছফালে ঘূৰি নাচায়। কেৱল আপোনাৰ স্ত্ৰীৰ বাহিৰে, কাৰণ তাইৰ ওপৰতো সেই শাস্তি আহিব যিটো সিহঁতৰ ওপৰত আহিব। নিশ্চয় প্ৰভাত হৈছে সিহঁতৰ (শাস্তিৰ) বাবে নিৰ্ধাৰিত সময়। প্ৰভাতৰ সময় অতি নিকটৱৰ্তী নহয়নে বাৰু’?

Verse 11:82

فَلَمَّا جَآءَ اَمْرُنَا جَعَلْنَا عَالِیَهَا سَافِلَهَا وَاَمْطَرْنَا عَلَیْهَا حِجَارَةً مِّنْ سِجِّیْلٍ ۙ۬ مَّنْضُوْدٍ ۟ۙ

Falammaa jaaaʹa ʹamrunaa jaʻalnaa ʻaaliyahaa saafilahaa wa-ʹamṭarnaa ʻalayhaa ḥijaaratam miñ sijjeelim mañḍood,―

এতেকে যেতিয়া আমাৰ (শাস্তিৰ) আদেশ আহি পৰিল তেতিয়া আমি জনপদক তল-ওপৰ কৰি দিলোঁ আৰু সিহঁতৰ ওপৰত ক্ৰমাগত বৰ্ষণ কৰিলোঁ পকা মাটিৰ শিল,

Verse 11:83

مُّسَوَّمَةً عِنْدَ رَبِّكَ ؕ وَمَا هِیَ مِنَ الظّٰلِمِیْنَ بِبَعِیْدٍ ۟۠

Musawwamatan ʻiñda Rabbik: wa-maa hiya minaz̤̣ z̤̣aalimeena bibaʻeed!

যিটো তোমাৰ প্ৰতিপালকৰ ওচৰত (বিশেষভাৱে) চিহ্নিত আছিল; আৰু এইটো যালিমসকলৰ পৰা বেছি আঁতৰত নাছিল।

Verse 11:84

وَاِلٰی مَدْیَنَ اَخَاهُمْ شُعَیْبًا ؕ قَالَ یٰقَوْمِ اعْبُدُوا اللّٰهَ مَا لَكُمْ مِّنْ اِلٰهٍ غَیْرُهٗ ؕ وَلَا تَنْقُصُوا الْمِكْیَالَ وَالْمِیْزَانَ اِنِّیْۤ اَرٰىكُمْ بِخَیْرٍ وَّاِنِّیْۤ اَخَافُ عَلَیْكُمْ عَذَابَ یَوْمٍ مُّحِیْطٍ ۟

Wa-ʹilaa Madyana ʹakhaahum Shuʻaybaa: q̣aala yaa-q̣awmiʻ budul laaha maa- lakum min ʹilaahin g̣ayruh. Wa-laa tañq̣uṣul mikyaala walmeezaana ʹinneee ʹaraakum̃ bikhayriñw waʹinneee ʹakhaafu ʻalaykum ʻaẓaaba Yawmim Muḥeeṭ.

আৰু মাদিয়ানবাসীসকলৰ ওচৰলৈ সিহঁতৰ ভাতৃ শ্বুআইবক (নবী হিচাপে) প্ৰেৰণ কৰিছিলোঁ। তেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে কেৱল আল্লাহৰ ইবাদত কৰা, তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো সত্য ইলাহ নাই; আৰু (শুনা) জোখ-মাখত কম নকৰিবা; নিশ্চয় মই তোমালোকক সচ্ছল অৱস্থাত দেখি আছোঁ, কিন্তু মই তোমালোকৰ বিষয়ে এটা সৰ্বগ্ৰাসী দিনৰ শাস্তিৰ আশংকা কৰিছোঁ’।

Verse 11:85

وَیٰقَوْمِ اَوْفُوا الْمِكْیَالَ وَالْمِیْزَانَ بِالْقِسْطِ وَلَا تَبْخَسُوا النَّاسَ اَشْیَآءَهُمْ وَلَا تَعْثَوْا فِی الْاَرْضِ مُفْسِدِیْنَ ۟

Wayaaq̣awmi ʹawful mikyaala walmeezaana bilq̣isṭi wa-laa tabkhasun naasa ʹashyaaaʹahum wa-laa taʻs̤aw fil ʹarḍi mufsideen.

‘হে মোৰ সম্প্ৰদায়! তোমালোকে ন্যায়-সংগতভাৱে জোখ-মাখ কৰিবা, মানুহক সিহঁতৰ প্ৰাপ্য বস্তু কম নিদিবা আৰু পৃথিৱীত অশান্তি সৃষ্টি কৰি নুফুৰিবা’।

Verse 11:86

بَقِیَّتُ اللّٰهِ خَیْرٌ لَّكُمْ اِنْ كُنْتُمْ مُّؤْمِنِیْنَ ۚ۬ وَمَاۤ اَنَا عَلَیْكُمْ بِحَفِیْظٍ ۟

Baq̣eeyatul laahi khayrul lakum ʹiñ kuñtum Muʹmineen! Wa-maaa ʹana ʻalaykum̃ bi-Ḥafeez̤̣!

যদি তোমালোকে মুমিন হোৱা তেন্তে আল্লাহ প্ৰদত্ত অৱশিষ্ট (লাভাংশ)খিনিয়ে হৈছে তোমালোকৰ বাবে উত্তম; আৰু মই তোমালোকৰ তত্ত্বাৱধায়ক নহয়।

Verse 11:87

قَالُوْا یٰشُعَیْبُ اَصَلٰوتُكَ تَاْمُرُكَ اَنْ نَّتْرُكَ مَا یَعْبُدُ اٰبَآؤُنَاۤ اَوْ اَنْ نَّفْعَلَ فِیْۤ اَمْوَالِنَا مَا نَشٰٓؤُا ؕ اِنَّكَ لَاَنْتَ الْحَلِیْمُ الرَّشِیْدُ ۟

Q̣aaloo yaa-Shuʻaybu ʹaṣalaatuka taʹmuruka ʹan natruka maa- yaʻbudu ʹaabaaaʹunaaa ʹaw ʹan nafʻala feee ʹamwaalinaa maa- nashaaaʹ? ʹInnaka laʹañtal ḥaleemur Rasheed!

সিহঁতে ক’লে, ‘হে শ্বুআইব! তোমাৰ ছালাতে তোমাক এই নিৰ্দেশ দিয়ে নেকি যে, আমাৰ পিতৃ-পুৰুষসকলে যিসকলৰ ইবাদত কৰিছিল আমি সিহঁতক বৰ্জন কৰিব লাগিব আৰু আমি আমাৰ ধন-সম্পদত নিজৰ ইচ্ছামতে যি কৰোঁ সেয়াও (বৰ্জন কৰিব লাগিব নেকি)? কেৱল তুমিহে সহিষ্ণু, সদাচাৰী’!

Verse 11:88

قَالَ یٰقَوْمِ اَرَءَیْتُمْ اِنْ كُنْتُ عَلٰی بَیِّنَةٍ مِّنْ رَّبِّیْ وَرَزَقَنِیْ مِنْهُ رِزْقًا حَسَنًا ؕ وَمَاۤ اُرِیْدُ اَنْ اُخَالِفَكُمْ اِلٰی مَاۤ اَنْهٰىكُمْ عَنْهُ ؕ اِنْ اُرِیْدُ اِلَّا الْاِصْلَاحَ مَا اسْتَطَعْتُ ؕ وَمَا تَوْفِیْقِیْۤ اِلَّا بِاللّٰهِ ؕ عَلَیْهِ تَوَكَّلْتُ وَاِلَیْهِ اُنِیْبُ ۟

Q̣aala yaaq̣awmi ʹaraʹaytum ʹiñ kuñtu ʻalaa Bayyinatim mir Rabbee wa-razaq̣anee minhu rizq̣an ḥasanaa? Wa-maaa ʹureedu ʹan ʹukhaalifakum ʹilaa maaa ʹanhaakum ʻanh. ʹIn ʹureedu ʹillal ʹiṣlaaḥa mas taṭaʻt; wa-maa tawfeeq̣eee ʹillaa billaah. ʻAlayhi tawakkaltu wa-ʹilayhi ʹuneeb.

তেওঁ ক’লে, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে ভাবিছানে, মই যদি মোৰ প্ৰতিপালকৰ প্ৰেৰিত স্পষ্ট প্ৰমাণৰ ওপৰত প্ৰতিষ্ঠিত থাকোঁ আৰু তেওঁ যদি মোক তেওঁৰ তৰফৰ পৰা উৎকৃষ্ট জীৱিকা দান কৰে (তথাপিও মই মোৰ কৰ্তব্যৰ পৰা বিৰত থাকিমনে?) আৰু মই তোমালোকক যিটো নিষেধ কৰোঁ, মই নিজেও তাৰ বিপৰীত কৰিবলৈ ইচ্ছুক নহয়। মই কেৱল মোৰ সক্ষম অনুযায়ী সংস্কাৰহে কৰিব বিচাৰোঁ। মোৰ কাৰ্যসাধন কেৱল আল্লাহৰ তাওফীকত; মই কেৱল তেওঁৰ ওপৰতেই নিৰ্ভৰ কৰোঁ আৰু মই তেওঁৰেই অভিমুখী’।

Verse 11:89

وَیٰقَوْمِ لَا یَجْرِمَنَّكُمْ شِقَاقِیْۤ اَنْ یُّصِیْبَكُمْ مِّثْلُ مَاۤ اَصَابَ قَوْمَ نُوْحٍ اَوْ قَوْمَ هُوْدٍ اَوْ قَوْمَ صٰلِحٍ ؕ وَمَا قَوْمُ لُوْطٍ مِّنْكُمْ بِبَعِیْدٍ ۟

Wa-yaaq̣awmi laa- yajrimannakum shiq̣aaq̣eee ʹañy yuṣeebakum mis̤lu maaa ʹaṣaaba q̣awma Nooḥin ʹaw q̣awma Hoodin ʹaw q̣awma Ṣaaliḥ: wa-maa q̣awmu Looṭim miñkum̃ bibaʻeed!

‘আৰু হে মোৰ সম্প্ৰদায়! মোৰ লগত কৰা বৈৰিতাই যেন তোমালোকক কেতিয়াও এনে অপৰাধ কৰিবলৈ প্ৰৰোচিত নকৰে যাৰ ফলত তোমালোকৰ ওপৰতো সেইদৰেই বিপদ আপতিত হ’ব যিদৰে আপতিত হৈছিল নূহৰ সম্প্ৰদায়ৰ ওপৰত অথবা হূদৰ সম্প্ৰদায়ৰ ওপৰত নাইবা ছলেহৰ সম্প্ৰদায়ৰ ওপৰত; আৰু লূত সম্প্ৰদায় তোমালোকৰ পৰা বেছি দূৰত নাছিল’।

Verse 11:90

وَاسْتَغْفِرُوْا رَبَّكُمْ ثُمَّ تُوْبُوْۤا اِلَیْهِ ؕ اِنَّ رَبِّیْ رَحِیْمٌ وَّدُوْدٌ ۟

Wastag̣firoo Rabbakum s̤ummaa toobooo ʹilayh: ʹinna Rabbee Raḥeemuñw wadood.

‘আৰু তোমালোকে নিজ প্ৰতিপালকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা আৰু তেওঁৰ পিনে উভতি আহা। নিশ্চয় মোৰ প্ৰতিপালক পৰম দয়ালু, অতি স্নেহশীল’।

Verse 11:91

قَالُوْا یٰشُعَیْبُ مَا نَفْقَهُ كَثِیْرًا مِّمَّا تَقُوْلُ وَاِنَّا لَنَرٰىكَ فِیْنَا ضَعِیْفًا ۚ وَلَوْلَا رَهْطُكَ لَرَجَمْنٰكَ ؗ وَمَاۤ اَنْتَ عَلَیْنَا بِعَزِیْزٍ ۟

Q̣aaloo yaa-Shuʻaybu maa- nafq̣ahu kas̤eeram mimmaa taq̣oolu wa-ʹinnaa lanaraaka feenaa ḍaʻeefaa! Wa-lawlaa rahṭuka larajamnaak! Wa-maaa ʹañta ʻalaynaa biʻazeez!

সিহঁতে ক’লে, ‘হে শ্বুআইব! তুমি যি কোৱা তাৰে বহু কথা আমি বুজিয়ে নাপাওঁ, আৰু নিঃসন্দেহে আমি তোমাক আমাৰ মাজত দুৰ্বল বুলিহে গম পাওঁ। তোমাৰ আত্মীয়-স্বজন নাথাকিলে আমি তোমাক শিলগুটি দলিয়াই মাৰি পেলালোঁহেঁতেন। কাৰণ তুমি আমাতকৈ বেছি শক্তিশালী নহয়’।

Verse 11:92

قَالَ یٰقَوْمِ اَرَهْطِیْۤ اَعَزُّ عَلَیْكُمْ مِّنَ اللّٰهِ ؕ وَاتَّخَذْتُمُوْهُ وَرَآءَكُمْ ظِهْرِیًّا ؕ اِنَّ رَبِّیْ بِمَا تَعْمَلُوْنَ مُحِیْطٌ ۟

Q̣aala yaa-q̣awmi ʹarahṭeee ʹaʻazzu ʻalaykum minal laah? Wattakhaẓtumoohu waraaaʹakum z̤̣ihriyyaa. ʹInna Rabbee bimaa taʻmaloona Muḥeeṭ!

তেওঁ ক’লে, ‘হে মোৰ সম্প্ৰদায়! তোমালোকৰ ওচৰত মোৰ আত্মীয়-স্বজন আল্লাহতকৈ বেছি শক্তিশালী নেকি? অথচ তোমালোকে তেওঁক সম্পূৰ্ণৰূপে আওকাণ কৰিছা। তোমালোকে যি কৰা নিশ্চয় মোৰ প্ৰতিপালকে সেয়া পৰিবেষ্টন কৰি আছে’।

Verse 11:93

وَیٰقَوْمِ اعْمَلُوْا عَلٰی مَكَانَتِكُمْ اِنِّیْ عَامِلٌ ؕ سَوْفَ تَعْلَمُوْنَ ۙ مَنْ یَّاْتِیْهِ عَذَابٌ یُّخْزِیْهِ وَمَنْ هُوَ كَاذِبٌ ؕ وَارْتَقِبُوْۤا اِنِّیْ مَعَكُمْ رَقِیْبٌ ۟

Wa-yaaq̣awmiʻ maloo ʻalaa makaanatikum ʹinnee ʻaamil: sawfa taʻlamoona mañy yaʹteehi ʻaẓaabuñy yukhzeehi wa-man huwa kaaẓib! Wartaq̣ibooo ʹinnee maʻakum raq̣eeb.

‘হে মোৰ সম্প্ৰদায়! তোমালোকে নিজ নিজ অৱস্থানত কাম কৰি যোৱা, ময়ো মোৰ কাম কৰি আছোঁ। তোমালোকে শীঘ্ৰেই জানিব পাৰিবা কাৰ ওপৰত আহিব লাঞ্ছনাদায়ক শাস্তি আৰু কোন হৈছে মিছলীয়া। এতেকে তোমালোকে প্ৰতীক্ষা কৰা, ময়ো তোমালোকৰ লগত প্ৰতীক্ষা কৰি আছোঁ।

Verse 11:94

وَلَمَّا جَآءَ اَمْرُنَا نَجَّیْنَا شُعَیْبًا وَّالَّذِیْنَ اٰمَنُوْا مَعَهٗ بِرَحْمَةٍ مِّنَّا وَاَخَذَتِ الَّذِیْنَ ظَلَمُوا الصَّیْحَةُ فَاَصْبَحُوْا فِیْ دِیَارِهِمْ جٰثِمِیْنَ ۟ۙ

Wa-lammaa jaaaʹa ʹamrunaa najjaynaa Shuʻaybañw wal-laẓeena ʹaamanoo maʻahoo bi-Raḥmatim minnaa wa-ʹakhaẓatil laẓeena z̤̣alamuṣ Ṣayhatu faʹaṣbaḥoo fee diyaarihim jaas̤imeen,―

আৰু যেতিয়া আমাৰ (শাস্তিৰ) আদেশ আহি পালে তেতিয়া আমি শ্বুআইব আৰু তেওঁৰ লগত যিসকলে ঈমান আনিছিল তেওঁলোকক আমাৰ অনুগ্ৰহত ৰক্ষা কৰিলোঁ; আৰু যিসকলে অন্যায় কৰিছিল সিহঁতক এটা ভীষণ শব্দই আঘাত কৰিলে, ফলত সিহঁত নিজ নিজ ঘৰতে নতজানু হৈ (মৃত অৱস্থাত) পৰি থাকিল।

Verse 11:95

كَاَنْ لَّمْ یَغْنَوْا فِیْهَا ؕ اَلَا بُعْدًا لِّمَدْیَنَ كَمَا بَعِدَتْ ثَمُوْدُ ۟۠

Kaʹal lam yag̣naw feehaa! ʹAlaa buʻdal li-Madyana kamaa baʻidat S̤amood!

যেনিবা সিহঁতে কেতিয়াও তাত বসবাস কৰাই নাছিল। জানি থোৱা! ধ্বংসই আছিল মাদিয়ানবাসীৰ পৰিণাম, যেনেকৈ ধ্বংস হৈছিল ছামূদ সম্প্ৰদায়।

Verse 11:96

وَلَقَدْ اَرْسَلْنَا مُوْسٰی بِاٰیٰتِنَا وَسُلْطٰنٍ مُّبِیْنٍ ۟ۙ

Wa-laq̣ad ʹarsalnaa Moosaa biʹAayaatinaa wa-sulṭaanim mubeen.

আৰু নিশ্চয় আমিয়েই মুছাক আমাৰ নিদৰ্শনাৱলী তথা স্পষ্ট প্ৰমাণসহ প্ৰেৰণ কৰিছিলোঁ।

Verse 11:97

اِلٰی فِرْعَوْنَ وَمَلَاۡىِٕهٖ فَاتَّبَعُوْۤا اَمْرَ فِرْعَوْنَ ۚ وَمَاۤ اَمْرُ فِرْعَوْنَ بِرَشِیْدٍ ۟

ʹIlaa firʻawna wa-malaʹihee fattabaʻooo ʹamra Firʻawna, wa-maaa ʹamru Firʻawna bi-Rasheed.

ফিৰআউন আৰু তাৰ নেতৃবৃন্দসকলৰ ওচৰলৈ। কিন্তু নেতাসকলে ফিৰআউনৰ কাৰ্যকলাপৰ অনুসৰণ কৰিছিল; অথচ ফিৰআউনৰ কাৰ্যকলাপ সঠিক নাছিল।

Verse 11:98

یَقْدُمُ قَوْمَهٗ یَوْمَ الْقِیٰمَةِ فَاَوْرَدَهُمُ النَّارَ ؕ وَبِئْسَ الْوِرْدُ الْمَوْرُوْدُ ۟

Yaq̣dumu q̣awmahoo Yawmal Q̣iyaamati faʹawradahumun Naar: wa-biʹsal wirdul mawrood!

ক্বিয়ামতৰ দিনা সি তাৰ সম্প্ৰদায়ৰ সন্মুখত থাকিব। তাৰ পিছত সিয়েই সিহঁতক জুইত উপনীত কৰিব। য’ত সিহঁত উপনীত হ’ব সেইটো অত্যন্ত নিকৃষ্ট উপনীত হোৱাৰ স্থান!

Verse 11:99

وَاُتْبِعُوْا فِیْ هٰذِهٖ لَعْنَةً وَّیَوْمَ الْقِیٰمَةِ ؕ بِئْسَ الرِّفْدُ الْمَرْفُوْدُ ۟

Wa-ʹutbiʻoo fee haaẓihee laʻnatañw wa-Yawmal Q̣iyaamah: biʹsar rifdul marfood!

আৰু অভিশাপে সিহঁতক এই পৃথিৱীতো লগ এৰা নাছিল আৰু ক্বিয়ামতৰ দিনাও নেৰিব। সেইটো কিমান যে নিকৃষ্ট পুৰস্কাৰ যিটো সিহঁতক প্ৰদান কৰা হ’ব!

Verse 11:100

ذٰلِكَ مِنْ اَنْۢبَآءِ الْقُرٰی نَقُصُّهٗ عَلَیْكَ مِنْهَا قَآىِٕمٌ وَّحَصِیْدٌ ۟

Ẓaalika min ʹambaaaʹil q̣uraa naq̣uṣṣuhoo ʻalayka minhaa q̣aaaʹimuñw waḥaṣeed.

এইবোৰ হৈছে জনপদসমূহৰ কিছুমান সংবাদ, যিবোৰ আমি তোমাৰ ওচৰত বৰ্ণনা কৰিলোঁ। এইবোৰৰ কিছুমান এতিয়াও বিদ্যমান আছে আৰু কিছুমান নিৰ্মূল হৈছে।

Verse 11:101

وَمَا ظَلَمْنٰهُمْ وَلٰكِنْ ظَلَمُوْۤا اَنْفُسَهُمْ فَمَاۤ اَغْنَتْ عَنْهُمْ اٰلِهَتُهُمُ الَّتِیْ یَدْعُوْنَ مِنْ دُوْنِ اللّٰهِ مِنْ شَیْءٍ لَّمَّا جَآءَ اَمْرُ رَبِّكَ ؕ وَمَا زَادُوْهُمْ غَیْرَ تَتْبِیْبٍ ۟

Wa-maa z̤̣alamnaahum wa-laakiñ z̤̣alamooo ʹañfusahum famaaa ʹag̣nat ʻanhum ʹaalihatuhumul latee yadʻoona miñ doonil laahi miñ shayʹil lammaa jaaaʹa ʹamru Rabbik: wa-maa zaadoohum g̣ayra tatbeeb!

আমি সিহঁতৰ প্ৰতি অকণো অন্যায় কৰা নাছিলোঁ, সিহঁত নিজেই নিজৰ অন্যায় কৰিছিল। দৰাচলতে যেতিয়া তোমাৰ প্ৰতিপালকৰ (শাস্তিৰ) নিৰ্দেশ আহি পাইছিল, তেতিয়া আল্লাহৰ বাহিৰে সিহঁতে যিবোৰ উপাস্যৰ ইবাদত কৰিছিল সেইবোৰ সিহঁতৰ কোনো কামত অহা নাছিল; ওলোটা সিহঁতে সিহঁতৰ ধ্বংসৰ বাহিৰে আন একো বৃদ্ধি কৰা নাছিল।

Verse 11:102

وَكَذٰلِكَ اَخْذُ رَبِّكَ اِذَاۤ اَخَذَ الْقُرٰی وَهِیَ ظَالِمَةٌ ؕ اِنَّ اَخْذَهٗۤ اَلِیْمٌ شَدِیْدٌ ۟

Wa-Kaẓaalika ʹakhẓu Rabbika ʹiẓaaa ʹakhaẓal q̣uraa wa-hiya z̤̣aalimah: ʹinna ʹakhẓahooo ʹaleemuñ shadeed.

যেতিয়া তোমাৰ প্ৰতিপালকে কোনো অন্যায়কাৰী জনপদক আক্ৰমণ কৰে তেতিয়া এইদৰেই আক্ৰমণ কৰে। নিঃসন্দেহে তেওঁৰ আক্ৰমণ অতি যন্ত্ৰণাদায়ক, মহাকঠিন।

Verse 11:103

اِنَّ فِیْ ذٰلِكَ لَاٰیَةً لِّمَنْ خَافَ عَذَابَ الْاٰخِرَةِ ؕ ذٰلِكَ یَوْمٌ مَّجْمُوْعٌ ۙ لَّهُ النَّاسُ وَذٰلِكَ یَوْمٌ مَّشْهُوْدٌ ۟

ʹInna fee ẓaalika laʹAayatal liman khaafa ʻaẓaabal ʹAakhirah: ẓaalika Yawmum majmooʻul lahun naasu waẓaalika Yawmum Mashhood.

নিশ্চয় ইয়াত আছে সেই ব্যক্তিৰ বাবে নিদৰ্শন, যিয়ে আখিৰাতক ভয় কৰে। সেইটো হ’ব এনেকুৱা এটা দিন যিদিনা সকলো মানুহকে একত্ৰিত কৰা হ’ব; আৰু সেইদিনা সকলোকে উপস্থিত কৰা হ’ব;

Verse 11:104

وَمَا نُؤَخِّرُهٗۤ اِلَّا لِاَجَلٍ مَّعْدُوْدٍ ۟ؕ

Wa-maa nuʹakhkhiruhooo ʹillaa liʹajalim maʻdood.

আৰু আমি সেইটোক কেৱল নিৰ্দিষ্ট এটা সময়ৰ বাবে বিলম্বিত কৰিছোঁ।

Verse 11:105

یَوْمَ یَاْتِ لَا تَكَلَّمُ نَفْسٌ اِلَّا بِاِذْنِهٖ ۚ فَمِنْهُمْ شَقِیٌّ وَّسَعِیْدٌ ۟

Yawma yaʹti laa- takallamu nafsun ʹillaa biʹiẓnih: faminhum shaq̣iyyuñw wasaʻeed.

যেতিয়া সেই দিৱসটো আহিব তেতিয়া আল্লাহৰ অনুমতি অবিহনে কোনেও কথাও ক’ব নোৱাৰিব; এতেকে সিহঁতৰ মাজৰ কিছুমান হ’ব দুৰ্ভগীয়া আৰু কিছুমান হ’ব সৌভাগ্যৱান।

Verse 11:106

فَاَمَّا الَّذِیْنَ شَقُوْا فَفِی النَّارِ لَهُمْ فِیْهَا زَفِیْرٌ وَّشَهِیْقٌ ۟ۙ

Faʹammal laẓeena shaq̣oo fafin naari lahum feehaa zafeeruñw washaheeq̣.

ফলত যিসকল দুৰ্ভগীয়া হ’ব সিহঁত থাকিব (জাহান্নামৰ) জুইত, আৰু তাত সিহঁতে ভীষণ চিঞৰ আৰু আৰ্তনাদ কৰি থাকিব।

Verse 11:107

خٰلِدِیْنَ فِیْهَا مَا دَامَتِ السَّمٰوٰتُ وَالْاَرْضُ اِلَّا مَا شَآءَ رَبُّكَ ؕ اِنَّ رَبَّكَ فَعَّالٌ لِّمَا یُرِیْدُ ۟

Khaalideena feehaa maa- daamatis samaawaatu wal-ʹarḍu ʹillaa maa- shaaaʹa Rabbuk: ʹinna Rabbaka faʻ-ʻaalul limaa yureed.

তাত সিহঁত চিৰকাল থাকিব, যিমান দিন আকাশসমূহ আৰু পৃথিৱী বিদ্যমান থাকিব, অৱশ্যে তোমাৰ প্ৰতিপালকে বেলেগ কোনো ইচ্ছা নকৰালৈকে; নিশ্চয় তোমাৰ প্ৰতিপালকে সেইটোৱেই কৰে যিটো তেওঁ ইচ্ছা কৰে।

Verse 11:108

وَاَمَّا الَّذِیْنَ سُعِدُوْا فَفِی الْجَنَّةِ خٰلِدِیْنَ فِیْهَا مَا دَامَتِ السَّمٰوٰتُ وَالْاَرْضُ اِلَّا مَا شَآءَ رَبُّكَ ؕ عَطَآءً غَیْرَ مَجْذُوْذٍ ۟

Wa-ʹammal laẓeena suʻidoo fafil Jannati khaalideena feehaa maa- daamatis samaawaatu wal-ʹarḍu ʹillaa maa- shaaaʹa Rabbuk: ʻaṭaaaʹan g̣ayra majẓooẓ.

আনহাতে যিসকল সৌভাগ্যৱান তেওঁলোক থাকিব জান্নাতত। তাত তেওঁলোক চিৰস্থায়ী হ’ব, যিমান দিন আকাশসমূহ আৰু পৃথিৱী বিদ্যমান থাকিব, অৱশ্যে তোমাৰ প্ৰতিপালকে বেলেগ কোনো ইচ্ছা নকৰালৈকে; এইটো এটা নিৰৱচ্ছিন্ন পুৰস্কাৰ।

Verse 11:109

فَلَا تَكُ فِیْ مِرْیَةٍ مِّمَّا یَعْبُدُ هٰۤؤُلَآءِ ؕ مَا یَعْبُدُوْنَ اِلَّا كَمَا یَعْبُدُ اٰبَآؤُهُمْ مِّنْ قَبْلُ ؕ وَاِنَّا لَمُوَفُّوْهُمْ نَصِیْبَهُمْ غَیْرَ مَنْقُوْصٍ ۟۠

Falaa taku fee miryatim mimmaa yaʻbudu haaaʹulaaaʹ. Maa- yaʻbudoona ʹillaa kamaa yaʻbudu ʹaabaaaʹuhum miñ q̣abl: wa-ʹinnaa lamuwaffoohum naṣeebahum g̣ayra mañq̣ooṣ.

এতেকে সিহঁতে যিবোৰৰ ইবাদত কৰে সেই বিষয়ে তুমি সংশয়ত নপৰিবা, সিহঁতেও সেইদৰেই (মিছা উপাস্যৰ) উপাসনা কৰে যিদৰে সিহঁতৰ পিতৃ-পুৰুষসকলে কৰিছিল। নিশ্চয় আমি সিহঁতক সিহঁতৰ প্ৰাপ্য সম্পূৰ্ণৰূপে প্ৰদান কৰিম--- অকণো হ্ৰাস নকৰোঁ।

Verse 11:110

وَلَقَدْ اٰتَیْنَا مُوْسَی الْكِتٰبَ فَاخْتُلِفَ فِیْهِ ؕ وَلَوْلَا كَلِمَةٌ سَبَقَتْ مِنْ رَّبِّكَ لَقُضِیَ بَیْنَهُمْ ؕ وَاِنَّهُمْ لَفِیْ شَكٍّ مِّنْهُ مُرِیْبٍ ۟

Wa-laq̣ad ʹaataynaa Moosal Kitaaba fakhtulifa feeh: wa-lawlaa kalimatuñ sabaq̣at mir Rabbika laq̣uḍiya baynahum: wa-ʹinnahum lafee shakkim minhu mureeb.

আৰু নিশ্চয় আমি মুছাক কিতাব প্ৰদান কৰিছিলোঁ, তাৰ পিছত তাত মতভেদ ঘটিছিল। তোমাৰ প্ৰতিপালকৰ পূৰ্ব সিদ্ধান্ত নাথাকিলে সিহঁতৰ মীমাংসা হৈয়ে গ’’লহেঁতেন। নিশ্চয় সিহঁত এই (কোৰআন) সম্পৰ্কে বিভ্ৰান্তিকৰ সন্দেহত নিপতিত।

Verse 11:111

وَاِنَّ كُلًّا لَّمَّا لَیُوَفِّیَنَّهُمْ رَبُّكَ اَعْمَالَهُمْ ؕ اِنَّهٗ بِمَا یَعْمَلُوْنَ خَبِیْرٌ ۟

Wa-ʹinna kullal lammaa layuwaffiyannahum Rabbuka ʹaʻmaalahum: ʹinnahoo bimaa yaʻmaloona Khabeer.

আৰু নিশ্চয় তোমাৰ প্ৰতিপালকে সিহঁতৰ প্ৰত্যেককে তাৰ কৰ্মফল সম্পূৰ্ণৰূপে প্ৰদান কৰিব। সিহঁতে যি কৰে তেওঁ সেই বিষয়ে সবিশেষ অৱহিত।

Verse 11:112

فَاسْتَقِمْ كَمَاۤ اُمِرْتَ وَمَنْ تَابَ مَعَكَ وَلَا تَطْغَوْا ؕ اِنَّهٗ بِمَا تَعْمَلُوْنَ بَصِیْرٌ ۟

Fastaq̣im kamaaa ʹumirta wa-mañ taaba maʻaka wa-laa taṭg̣aw: ʹinnahoo bimaa taʻmaloona Baṣeer.

এতেকে তুমি যিদৰে আদিষ্ট হৈছা তাত অবিচল থাকা আৰু তোমাৰ সৈতে যিসকলে তাওবা কৰিছে তেওঁলোকেও; আৰু তোমালোকে সীমালংঘন নকৰিবা, তোমালোকে যি কৰা নিশ্চয় তেওঁ সেই বিষয়ে সম্যক দ্ৰষ্টা।

Verse 11:113

وَلَا تَرْكَنُوْۤا اِلَی الَّذِیْنَ ظَلَمُوْا فَتَمَسَّكُمُ النَّارُ ۙ وَمَا لَكُمْ مِّنْ دُوْنِ اللّٰهِ مِنْ اَوْلِیَآءَ ثُمَّ لَا تُنْصَرُوْنَ ۟

Wa-laa tarkanooo ʹilal laẓeena z̤̣alamoo fatamassakumun Naaru,― wa-maa lakum miñ doonil laahi min ʹawliyaaaʹa s̤umma laa- tuñṣaroon.

আৰু যিসকলে অন্যায় কৰিছে সিহঁতৰ প্ৰতি তোমালোকে ঢাল নাখাবা; এনে কৰিলে তোমালোকক জুয়ে স্পৰ্শ কৰিব। তেনে অৱস্থাত আল্লাহৰ বাহিৰে তোমালোকৰ আন কোনো সহায়ক নাথাকিব। ফলত তোমালোকক কোনো সহায় কৰা নহ’ব।

Verse 11:114

وَاَقِمِ الصَّلٰوةَ طَرَفَیِ النَّهَارِ وَزُلَفًا مِّنَ الَّیْلِ ؕ اِنَّ الْحَسَنٰتِ یُذْهِبْنَ السَّیِّاٰتِ ؕ ذٰلِكَ ذِكْرٰی لِلذّٰكِرِیْنَ ۟ۚ

Wa-ʹaq̣imiṣ Ṣalaata ṭarafayin nahaari wa-zulafam minal layl: ʹinnal ḥasanaati yuẓhibnas sayyiʹaat: ẓaalika ẓikraa liẓ-ẓaakireen:

আৰু তুমি ছালাত কায়েম কৰা, দিনৰ দুয়ো প্ৰান্তভাগত আৰু ৰাতিৰ প্ৰথমাংশত। নিশ্চয় সৎকৰ্মই অসৎকৰ্মক দূৰ কৰে। উপদেশ গ্ৰহণকাৰীসকলৰ বাবে এইটো এটা উপদেশ।

Verse 11:115

وَاصْبِرْ فَاِنَّ اللّٰهَ لَا یُضِیْعُ اَجْرَ الْمُحْسِنِیْنَ ۟

Waṣbir faʹinnal laaha laa- yuḍeeʻu ʹajral Muḥsineen.

আৰু তুমি ধৈৰ্য্য ধাৰণ কৰা, কাৰণ নিশ্চয় আল্লাহে সৎকৰ্মশীলসকলৰ প্ৰতিদান বিনষ্ট নকৰে।

Verse 11:116

فَلَوْلَا كَانَ مِنَ الْقُرُوْنِ مِنْ قَبْلِكُمْ اُولُوْا بَقِیَّةٍ یَّنْهَوْنَ عَنِ الْفَسَادِ فِی الْاَرْضِ اِلَّا قَلِیْلًا مِّمَّنْ اَنْجَیْنَا مِنْهُمْ ۚ وَاتَّبَعَ الَّذِیْنَ ظَلَمُوْا مَاۤ اُتْرِفُوْا فِیْهِ وَكَانُوْا مُجْرِمِیْنَ ۟

Falawlaa kaana minal q̣urooni miñ q̣ablikum ʹUloo baq̣iyyatiñy yanhawna ʻanil fasaadi fil ʹarḍi ʹillaa q̣aleelam mimman ʹañjaynaa minhum? Wattabaʻal laẓeena z̤̣alamoo maaa ʹutrifoo feehi wa-kaanoo mujrimeen.

এতেকে তোমালোকৰ পূৰ্বে যিবোৰ প্ৰজন্ম অতিবাহিত হৈছে সিহঁতৰ মাজত এনেকুৱা প্ৰজ্ঞাৱান কিয় হোৱা নাই, যিসকলে পৃথিৱীত অশান্তি সৃষ্টিৰ পৰা নিষেধ কৰিলেহেঁতেন? কিছুসংখ্যক লোকৰ বাহিৰে, যিসকলক আমি সিহঁতৰ মাজৰ পৰা ৰক্ষা কৰিছিলোঁ। আনহাতে যিসকলে অন্যায় কৰিছিল, সিহঁতে বিলাসিতাৰ পিছত পৰি আছিল, আৰু সিহঁত আছিল অপৰাধী।

Verse 11:117

وَمَا كَانَ رَبُّكَ لِیُهْلِكَ الْقُرٰی بِظُلْمٍ وَّاَهْلُهَا مُصْلِحُوْنَ ۟

Wa-maa kaana Rabbuka liyuhlikal q̣uraa biz̤̣ulmiñw waʹahluhaa muṣliḥoon.

আৰু তোমাৰ প্ৰতিপালক এনেকুৱা নহয় যে, তেওঁ অন্যায়ভাৱে কোনো জনপদক ধ্বংস কৰিব, অথচ তাৰ অধিবাসীসকল হৈছে সংশোধনকাৰী।

Verse 11:118

وَلَوْ شَآءَ رَبُّكَ لَجَعَلَ النَّاسَ اُمَّةً وَّاحِدَةً وَّلَا یَزَالُوْنَ مُخْتَلِفِیْنَ ۟ۙ

Wa-law shaaaʹa Rabbuka lajaʻal annaasa ʹUmmatañw waa-ḥidatañw walaa yazaaloona mukhtalifeen.

আৰু তোমাৰ প্ৰতিপালকে ইচ্ছা কৰিলে সকলো মানুহকেই এটা উম্মতত পৰিণত কৰিব পাৰিলেহঁতেন, কিন্তু সিহঁতে সদায় মত-বিৰোধহে কৰি থাকিব,

Verse 11:119

اِلَّا مَنْ رَّحِمَ رَبُّكَ ؕ وَلِذٰلِكَ خَلَقَهُمْ ؕ وَتَمَّتْ كَلِمَةُ رَبِّكَ لَاَمْلَـَٔنَّ جَهَنَّمَ مِنَ الْجِنَّةِ وَالنَّاسِ اَجْمَعِیْنَ ۟

ʹIllaa mar raḥima Rabbuk: wa-liẓaalika khalaq̣ahum: wa-tammat Kalimatu Rabbika laʹamlaʹanna Jahannama minal jinnati wannaasi ʹajmaʻeen.

কিন্তু তেওঁলোক নহয়, যিসকলক তোমাৰ প্ৰতিপালকে দয়া কৰিছে। কাৰণ এই বাবেই তেওঁলোকক তেওঁ সৃষ্টি কৰিছে, লগতে তোমাৰ প্ৰতিপালকৰ এই কথাও চূড়ান্ত হৈছে যে, ‘নিশ্চিতভাৱে আমি জ্বিন আৰু মানৱ উভয়ৰ দ্বাৰা জাহান্নাম পূৰ্ণ কৰিম’।

Verse 11:120

وَكُلًّا نَّقُصُّ عَلَیْكَ مِنْ اَنْۢبَآءِ الرُّسُلِ مَا نُثَبِّتُ بِهٖ فُؤَادَكَ ۚ وَجَآءَكَ فِیْ هٰذِهِ الْحَقُّ وَمَوْعِظَةٌ وَّذِكْرٰی لِلْمُؤْمِنِیْنَ ۟

Wa-kullan naq̣uṣṣu ʻalayka min ʹambaaaʹir rusuli maa- nus̤abbitu bihee fuʹaadak: wa-jaaaʹaka fee haaẓihil Ḥaq̣q̣u wa-mawʻiz̤̣atuñw waẓikraa lil-Muʹmineen.

আৰু ৰাছুলসকলৰ এইবোৰ সংবাদ আমি তোমাৰ ওচৰত বৰ্ণনা কৰিছোঁ, যাৰ দ্বাৰা আমি তোমাৰ মনক সুদৃঢ় কৰোঁ, ইয়াৰ মাধ্যমত তোমাৰ ওচৰলৈ আহিছে সত্য আৰু মুমিনসকলৰ ওচৰলৈ আহিছে উপদেশ আৰু স্মৰণ।

Verse 11:121

وَقُلْ لِّلَّذِیْنَ لَا یُؤْمِنُوْنَ اعْمَلُوْا عَلٰی مَكَانَتِكُمْ ؕ اِنَّا عٰمِلُوْنَ ۟ۙ

Waq̣ul lillaẓeena laa- yuʹminoo naʻmaloo ʻalaa makaanatikum: ʹinnaa ʻaamiloon;

আৰু (হে নবী!) যিসকলে ঈমান পোষণ নকৰে সিহঁতক কোৱা, ‘তোমালোকে নিজৰ নিজৰ অৱস্থানত কাম কৰি যোৱা, আমিও আমাৰ কাম কৰি আছোঁ’।

Verse 11:122

وَانْتَظِرُوْا ۚ اِنَّا مُنْتَظِرُوْنَ ۟

Wañtaz̤̣iroo! ʹinnaa muñ-taz̤̣iroon.

‘এতেকে তোমালোকেও প্ৰতীক্ষা কৰা, আমিও প্ৰতীক্ষা কৰি আছোঁ’।

Verse 11:123

وَلِلّٰهِ غَیْبُ السَّمٰوٰتِ وَالْاَرْضِ وَاِلَیْهِ یُرْجَعُ الْاَمْرُ كُلُّهٗ فَاعْبُدْهُ وَتَوَكَّلْ عَلَیْهِ ؕ وَمَا رَبُّكَ بِغَافِلٍ عَمَّا تَعْمَلُوْنَ ۟۠

Wa-lillaahi g̣aybus samaawaati wal-ʹarḍi wa-ʹilayhi yurjaʻul ʹamru kulluhoo faʻbudhu wa-tawakkal ʻalayh: wa-maa Rabbuka big̣aafilin ʻammaa taʻmaloon.

আকাশসমূহ আৰু পৃথিৱীৰ গায়েব (ৰ সংবাদ) কেৱল আল্লাহৰেই কৰ্তৃত্বাধীন আৰু তেওঁৰ ওচৰতেই সকলো বিষয় প্ৰত্যাৱৰ্তন কৰোৱা হ’ব। সেয়ে তুমি কেৱল তেওঁৰেই ইবাদত কৰা আৰু তেওঁৰ ওপৰতেই নিৰ্ভৰ কৰা। কাৰণ তোমালোকে যি কৰা সেই বিষয়ে তোমাৰ প্ৰতিপালক অমনোযোগী নহয়।