Home  /  Quran  /  Surah
Loading...
بِسْمِ ٱللَّهِ ٱلرَّحْمَـٰنِ ٱلرَّحِيمِ

Surah At-Tawbah

Surah At-Tawbah (The Repentance) is Surah 9 of the Holy Quran, a Medinan Surah with 129 verses, available here in Assamese.

Surah 9 Medinan 129 verses Assamese

Verse 9:1

بَرَآءَةٌ مِّنَ اللّٰهِ وَرَسُوْلِهٖۤ اِلَی الَّذِیْنَ عٰهَدْتُّمْ مِّنَ الْمُشْرِكِیْنَ ۟ؕ

BARAAAʹATUM MINAL LAAHI wa-Rasooliheee ʹilal laẓeena ʻaahattum minal Mushrikeen:―

এইটো আল্লাহ আৰু তেওঁৰ ৰাছুলৰ তৰফৰ পৰা সম্পৰ্কচ্ছেদৰ ঘোষণা, সেই সকল মুশ্বৰিকৰ প্ৰতি যিসকলৰ লগত তোমালোকে পাৰস্পৰিক চুক্তিত আৱদ্ধ হৈছিলা।

Verse 9:2

فَسِیْحُوْا فِی الْاَرْضِ اَرْبَعَةَ اَشْهُرٍ وَّاعْلَمُوْۤا اَنَّكُمْ غَیْرُ مُعْجِزِی اللّٰهِ ۙ وَاَنَّ اللّٰهَ مُخْزِی الْكٰفِرِیْنَ ۟

Faseeḥoo fil ʹarḍi ʹarbaʻata ʹashhuriñw waʻlamooo ʹannakum g̣ayru muʻjizil laahi wa-ʹannal laaha mukhzil kaafireen.

এতেকে (হে মুশ্বৰিকসকল) তোমালোকে দেশত চাৰি মাহলৈকে (নিৰাপদে) বিচৰণ কৰা আৰু জানি থোৱা, তোমালোকে (কদাপিও) আল্লাহক হীনবল কৰিব নোৱাৰিবা, আৰু নিশ্চয় আল্লাহেই কাফিৰসকলক অপদস্থ কৰিব।

Verse 9:3

وَاَذَانٌ مِّنَ اللّٰهِ وَرَسُوْلِهٖۤ اِلَی النَّاسِ یَوْمَ الْحَجِّ الْاَكْبَرِ اَنَّ اللّٰهَ بَرِیْٓءٌ مِّنَ الْمُشْرِكِیْنَ ۙ۬ وَرَسُوْلُهٗ ؕ فَاِنْ تُبْتُمْ فَهُوَ خَیْرٌ لَّكُمْ ۚ وَاِنْ تَوَلَّیْتُمْ فَاعْلَمُوْۤا اَنَّكُمْ غَیْرُ مُعْجِزِی اللّٰهِ ؕ وَبَشِّرِ الَّذِیْنَ كَفَرُوْا بِعَذَابٍ اَلِیْمٍ ۟ۙ

Wa-ʹaẓaanum minal laahi wa-Rasooliheee ʹilan naasi yawmal Ḥajjil ʹAkbari ʹannal laaha bareeeʹum minal mushrikeena wa-Rasooluh. Faʹiñ tubtum fahuwa khayrul lakum: wa-ʹiñ tawallaytum faʻlamooo ʹannakum g̣ayru muʻjizil laah. Wa-bashshiril laẓeena kafaroo biʻaẓaabin ʹaleem:

মহান হজ্জৰ দিনা আল্লাহ আৰু তেওঁৰ ৰাছুলৰ তৰফৰ পৰা মানুহৰ প্ৰতি এইটো এটা ঘোষণা যে, নিশ্চয় আল্লাহৰ সৈতে মুশ্বৰিকসকলৰ কোনো সম্পৰ্ক নাই লগতে তেওঁৰ ৰাছুলৰো (কোনো সম্পৰ্ক) নাই। এতেকে তোমালোকে যদি তাওবা কৰা তেন্তে সেয়া তোমালোকৰ বাবে কল্যাণকৰ হ’ব আৰু যদি মুখ ঘূৰাই লোৱা তেন্তে জানি থোৱা যে, তোমালোকে (কদাপিও) আল্লাহক অক্ষম কৰিব নোৱাৰিবা। আৰু (হে নবী!) কাফিৰসকলক যন্ত্ৰণাদায়ক শাস্তিৰ সুসংবাদ দিয়া।

Verse 9:4

اِلَّا الَّذِیْنَ عٰهَدْتُّمْ مِّنَ الْمُشْرِكِیْنَ ثُمَّ لَمْ یَنْقُصُوْكُمْ شَیْـًٔا وَّلَمْ یُظَاهِرُوْا عَلَیْكُمْ اَحَدًا فَاَتِمُّوْۤا اِلَیْهِمْ عَهْدَهُمْ اِلٰی مُدَّتِهِمْ ؕ اِنَّ اللّٰهَ یُحِبُّ الْمُتَّقِیْنَ ۟

ʹIllal laẓeena ʻaahattum minal mushrikeena s̤umma lam yañq̣uṣookum shayʹañw walam yuz̤̣aahiroo ʻalaykum ʹaḥadañ faʹatimmooo ʹilayhim ʻahdahum ʹilaa muddatihim: ʹinnal laaha yuḥibbul Muttaq̣een.

কিন্তু মুশ্বৰিকসকলৰ মাজৰ যিসকলৰ সৈতে তোমালোকৰ চুক্তি আছে, এতেকে সিহঁতে তোমালোকৰ চুক্তি ৰক্ষাত কোনো ত্ৰুটিও কৰা নাই আৰু তোমালোকৰ বিৰুদ্ধে আনক সহায়ও কৰা নাই, তেন্তে তোমালোকে সিহঁতৰ লগত নিৰ্দিষ্ট ম্যাদ পৰ্যন্ত চুক্তি পালন কৰা; নিশ্চয় আল্লাহে মুত্তাক্বীসকলক পছন্দ কৰে।

Verse 9:5

فَاِذَا انْسَلَخَ الْاَشْهُرُ الْحُرُمُ فَاقْتُلُوا الْمُشْرِكِیْنَ حَیْثُ وَجَدْتُّمُوْهُمْ وَخُذُوْهُمْ وَاحْصُرُوْهُمْ وَاقْعُدُوْا لَهُمْ كُلَّ مَرْصَدٍ ۚ فَاِنْ تَابُوْا وَاَقَامُوا الصَّلٰوةَ وَاٰتَوُا الزَّكٰوةَ فَخَلُّوْا سَبِیْلَهُمْ ؕ اِنَّ اللّٰهَ غَفُوْرٌ رَّحِیْمٌ ۟

Faʹiẓañ salakhal ʹAshhurul Ḥurumu faq̣tulul mushrikeena ḥays̤u wajattumoohum wa-khuẓoohum waḥṣuroohum waq̣ʻudoo lahum kulla marṣad. Faʹiñ taaboo wa-ʹaq̣aamuṣ Ṣalaata wa-ʹaatawuz Zakaata fakhalloo sabeelahum: ʹinnal laaha G̣afoorur Raḥeem.

এতেকে নিষিদ্ধ মাহসমূহ অতিবাহিত হৈ যোৱাৰ পিছত তোমালোকে মুশ্বৰিকসকলক য’তেই পাবা হত্যা কৰিবা, সিহঁতক গ্ৰেপ্তাৰ কৰিবা, অৱৰোধ কৰিবা আৰু ঘাঁটিয়ে ঘাঁটিয়ে সিহঁতৰ বাবে খাপ পাতি ৰৈ থাকিবা। কিন্তু যদি সিহঁতে তাওবা কৰে, ছালাত কায়েম কৰে আৰু যাকাত প্ৰদান কৰে তেন্তে সিহঁতৰ পথ এৰি দিবা; নিশ্চয় আল্লাহ অতিশয় ক্ষমাশীল, পৰম দয়ালু।

Verse 9:6

وَاِنْ اَحَدٌ مِّنَ الْمُشْرِكِیْنَ اسْتَجَارَكَ فَاَجِرْهُ حَتّٰی یَسْمَعَ كَلٰمَ اللّٰهِ ثُمَّ اَبْلِغْهُ مَاْمَنَهٗ ؕ ذٰلِكَ بِاَنَّهُمْ قَوْمٌ لَّا یَعْلَمُوْنَ ۟۠

Wa-ʹin ʹaḥadum minal mushrikeenas tajaaraka faʹajirhu ḥattaa yasmaʻa Kalaamal laahi s̤umma ʹablig̣hu maʹmanah. Ẓaalika biʹannahum q̣awmul laa yaʻlamoon.

আৰু মুশ্বৰিকসকলৰ মাজৰ কোনোবাই যদি তোমাৰ ওচৰত আশ্ৰয় বিচাৰে তেন্তে তুমি তাক আশ্ৰয় দিয়া, যাতে সি আল্লাহৰ বাণী শুনিব পাৰে, তাৰ পিছত তাক নিৰাপদ স্থানলৈ পৌঁচাই দিবা; কাৰণ সিহঁত এনেকুৱা এটা সম্প্ৰদায় যিসকলে একোৱে নাজানে।

Verse 9:7

كَیْفَ یَكُوْنُ لِلْمُشْرِكِیْنَ عَهْدٌ عِنْدَ اللّٰهِ وَعِنْدَ رَسُوْلِهٖۤ اِلَّا الَّذِیْنَ عٰهَدْتُّمْ عِنْدَ الْمَسْجِدِ الْحَرَامِ ۚ فَمَا اسْتَقَامُوْا لَكُمْ فَاسْتَقِیْمُوْا لَهُمْ ؕ اِنَّ اللّٰهَ یُحِبُّ الْمُتَّقِیْنَ ۟

Kayfa yakoonu lilmushrikeena ʻahdun ʻiñdal laahi wa-ʻiñda Rasooliheee ʹillal laẓeena ʻaahattum ʻiñdal Masjidil Ḥaraam? Famas taq̣aamoo lakum fastaq̣eemoo lahum: ʹinnal laaha yuḥibbul Muttaq̣een.

আল্লাহ আৰু তেওঁৰ ৰাছুলৰ ওচৰত মুশ্বৰিকসকলৰ চুক্তি কেনেকৈ বলৱৎ থাকিব? কিন্তু যিসকলৰ সৈতে মছজিদুল হাৰামৰ সন্নিকটত তোমালোকে পাৰস্পাৰিক চুক্তিত আবদ্ধ হৈছিলা, যেতিয়ালৈকে সিহঁতে তোমালোকৰ চুক্তিত স্থিৰ থাকিব, তোমালোকেও সিহঁতৰ চুক্তিত স্থিৰ থাকিবা, নিশ্চয় আল্লাহে মুত্তাক্বীসকলক পছন্দ কৰে।

Verse 9:8

كَیْفَ وَاِنْ یَّظْهَرُوْا عَلَیْكُمْ لَا یَرْقُبُوْا فِیْكُمْ اِلًّا وَّلَا ذِمَّةً ؕ یُرْضُوْنَكُمْ بِاَفْوَاهِهِمْ وَتَاْبٰی قُلُوْبُهُمْ ۚ وَاَكْثَرُهُمْ فٰسِقُوْنَ ۟ۚ

Kayfa wa-ʹiñy yaz̤̣haroo ʻalaykum laa- yarq̣uboo feekum ʹillañw Walaa ẓimmah? Yurḍoonakum̃ biʹafwaahihim wa-taʹbaa q̣uloobuhum; wa-ʹaks̤aruhum faasiq̣oon.

কেনেকৈ চুক্তি বলৱৎ থাকিব? অথচ সিহঁতে যদি তোমালোকৰ ওপৰত বিজয় লাভ কৰে তেন্তে সিহঁতে তোমালোকৰ আত্মীয়তাৰ আৰু অঙ্গীকাৰৰ কোনো মৰ্যাদা নিদিব; সিহঁতে কেৱল মুখেৰেহে তোমালোকক সন্তুষ্ট কৰে; কিন্তু সিহঁতৰ হৃদয়ে সেয়া অস্বীকাৰ কৰে; আৰু সিহঁতৰ অধিকাংশই হৈছে ফাছিক্ব।

Verse 9:9

اِشْتَرَوْا بِاٰیٰتِ اللّٰهِ ثَمَنًا قَلِیْلًا فَصَدُّوْا عَنْ سَبِیْلِهٖ ؕ اِنَّهُمْ سَآءَ مَا كَانُوْا یَعْمَلُوْنَ ۟

ʹIshtaraw biʹAayaatil laahi s̤amanañ q̣aleelañ faṣaddoo ʻañ Sabeelih: ʹinnahum saaaʹa maa- kaanoo yaʻmaloon.

সিহঁতে আল্লাহৰ আয়াতসমূহক তুচ্ছ মূল্যত বিক্ৰী কৰি দিছে ফলত সিহঁতে মানুহক তেওঁৰ পথৰ পৰা নিবৃত্ত কৰিছে, নিশ্চয় সিহঁতে যি কৰিছে সেয়া অতি নিকৃষ্ট!

Verse 9:10

لَا یَرْقُبُوْنَ فِیْ مُؤْمِنٍ اِلًّا وَّلَا ذِمَّةً ؕ وَاُولٰٓىِٕكَ هُمُ الْمُعْتَدُوْنَ ۟

Laa- yarq̣uboona fee Muʹminin ʹillañw Walaa ẓimmah. Wa-ʹulaaaʹika humul muʻtadoon.

সিহঁতে কোনো মুমিনৰ সৈতে আত্মীয়তাৰ আৰু অঙ্গীকাৰৰ মৰ্যাদা ৰক্ষা নকৰে, আৰু সিহঁতেই হৈছে সীমালংঘনকাৰী।

Verse 9:11

فَاِنْ تَابُوْا وَاَقَامُوا الصَّلٰوةَ وَاٰتَوُا الزَّكٰوةَ فَاِخْوَانُكُمْ فِی الدِّیْنِ ؕ وَنُفَصِّلُ الْاٰیٰتِ لِقَوْمٍ یَّعْلَمُوْنَ ۟

Faʹiñ taaboo wa-ʹaq̣aamuṣ Ṣalaata wa-ʹaatawuz Zakaata faʹikhwaanukum fid Deen: wa-nufaṣṣilul ʹAayaati liq̣awmiñy yaʻlamoon.

এতেকে সিহঁতে যদি তাওবা কৰে, ছালাত কায়েম কৰে আৰু যাকাত প্ৰদান কৰে, তেন্তে সিহঁত হ’ব তোমালোকৰ দ্বীনি ভাই; আৰু আমি জ্ঞানী সম্প্ৰদায়ৰ বাবে আয়াতসমূহ স্পষ্টভাৱে বৰ্ণনা কৰোঁ।

Verse 9:12

وَاِنْ نَّكَثُوْۤا اَیْمَانَهُمْ مِّنْ بَعْدِ عَهْدِهِمْ وَطَعَنُوْا فِیْ دِیْنِكُمْ فَقَاتِلُوْۤا اَىِٕمَّةَ الْكُفْرِ ۙ اِنَّهُمْ لَاۤ اَیْمَانَ لَهُمْ لَعَلَّهُمْ یَنْتَهُوْنَ ۟

Wa-ʹin nakas̤ooo ʹaymaanahum mim baʻdi ʻahdihim waṭaʻanoo fee Deenikum faq̣aatilooo ʹaʹimmatal kufri ʹinnahum laaa ʹaymaana lahum laʻallahum yañtahoon.

আৰু যদি সিহঁতে সিহঁতৰ চুক্তিৰ পিছত নিজৰ প্ৰতিশ্ৰুতি ভংগ কৰে আৰু তোমালোকৰ দ্বীন সম্পৰ্কে কটুক্তি কৰে, তেন্তে কুফৰৰ নেতাসকলৰ লগত যুদ্ধ কৰা; নিশ্চয় সিহঁত হৈছে এনেকুৱা লোক, যিসকলৰ কোনো প্ৰতিশ্ৰুতি (বা শপত) নাই; যাতে সিহঁতে বিৰত থাকে।

Verse 9:13

اَلَا تُقَاتِلُوْنَ قَوْمًا نَّكَثُوْۤا اَیْمَانَهُمْ وَهَمُّوْا بِاِخْرَاجِ الرَّسُوْلِ وَهُمْ بَدَءُوْكُمْ اَوَّلَ مَرَّةٍ ؕ اَتَخْشَوْنَهُمْ ۚ فَاللّٰهُ اَحَقُّ اَنْ تَخْشَوْهُ اِنْ كُنْتُمْ مُّؤْمِنِیْنَ ۟

ʹAlaa tuq̣aatiloona q̣awman nakas̤ooo ʹaymaanahum wa-hammoo biʹikhraajir Rasooli wa-hum̃ badaʹookum ʹawwala marrah? ʹAtakhshawnahum? Fallaahu ʹaḥaq̣q̣u ʹañ takhshawhu ʹiñ kuñtum Muʹmineen.

তোমালোকে সেই সম্প্ৰদায়ৰ লগত যুদ্ধ নকৰিবানে, যিসকলে নিজৰ প্ৰতিশ্ৰুতি ভংগ কৰিছে আৰু ৰাছুলক বহিষ্কাৰ কৰাৰ সংকল্প কৰিছে? আৰু সিহঁতেই প্ৰথমে তোমালোকৰ লগত (যুদ্ধ) আৰম্ভ কৰিছে। তোমালোকে সিহঁতক ভয় কৰা নেকি? আল্লাহক ভয় কৰাহে তোমালোকৰ বাবে বেছি সমীচীন, যদি তোমালোকে (প্ৰকৃত) মুমিন হোৱা।

Verse 9:14

قَاتِلُوْهُمْ یُعَذِّبْهُمُ اللّٰهُ بِاَیْدِیْكُمْ وَیُخْزِهِمْ وَیَنْصُرْكُمْ عَلَیْهِمْ وَیَشْفِ صُدُوْرَ قَوْمٍ مُّؤْمِنِیْنَ ۟ۙ

Q̣aatiloohum yuʻaẓẓibhumul laahu biʹaydeekum wa-yukhzihim wa-yañṣurkum ʻalayhim wa-yashfi ṣudoora q̣awmim Muʹmineen.

তোমালোকে সিহঁতৰ লগত যুদ্ধ কৰা। তোমালোকৰ হাতেৰে আল্লাহে সিহঁতক শাস্তি দিব, সিহঁতক অপদস্থ কৰিব, সিহঁতৰ ওপৰত তোমালোকক জয়যুক্ত কৰিব আৰু মুমিন সম্প্ৰদায়ৰ অন্তৰসমূহক প্ৰশান্তি দান কৰিব,

Verse 9:15

وَیُذْهِبْ غَیْظَ قُلُوْبِهِمْ ؕ وَیَتُوْبُ اللّٰهُ عَلٰی مَنْ یَّشَآءُ ؕ وَاللّٰهُ عَلِیْمٌ حَكِیْمٌ ۟

Wa-yuẓhib g̣ayz̤̣a q̣uloobihim. Wa-yatoobul laahu ʻalaa mañy yashaaaʹ; wallaahu ʻAleemun Ḥakeem.

আৰু তেৱেঁই তেওঁলোকৰ অন্তৰৰ ক্ষোভ দূৰ কৰিব আৰু আল্লাহে যাক ইচ্ছা কৰিব তাৰেই তাওবা কবুল কৰিব। কাৰণ আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।

Verse 9:16

اَمْ حَسِبْتُمْ اَنْ تُتْرَكُوْا وَلَمَّا یَعْلَمِ اللّٰهُ الَّذِیْنَ جٰهَدُوْا مِنْكُمْ وَلَمْ یَتَّخِذُوْا مِنْ دُوْنِ اللّٰهِ وَلَا رَسُوْلِهٖ وَلَا الْمُؤْمِنِیْنَ وَلِیْجَةً ؕ وَاللّٰهُ خَبِیْرٌ بِمَا تَعْمَلُوْنَ ۟۠

ʹAm ḥasibtum ʹañ tutrakoo wa-lammaa yaʻlamil laahul laẓeena jaahadoo miñkum wa-lam yattakhiẓoo miñ doonil laahi wa-laa Rasoolihee wa-lal Muʹmineena waleejah? Wallaahu khabeerum bimaa taʻmaloon.

তোমালোকে এইটো ধাৰণা কৰিছা নেকি যে, তোমালোকক এনেই এৰি দিয়া হ’ব? অথচ আল্লাহে এতিয়াও প্ৰকাশ কৰা নাই যে, তোমালোকৰ মাজৰ কোনে জিহাদ কৰিছে আৰু কোনে আল্লাহ আৰু তেওঁৰ ৰাছুল লগতে মুমিনসকলৰ বাহিৰে আন কাকো অন্তৰঙ্গ বন্ধু হিচাপে গ্ৰহণ কৰা নাই; আৰু তোমালোকে যি কৰা সেই বিষয়ে আল্লাহ সম্যক অৱগত।

Verse 9:17

مَا كَانَ لِلْمُشْرِكِیْنَ اَنْ یَّعْمُرُوْا مَسٰجِدَ اللّٰهِ شٰهِدِیْنَ عَلٰۤی اَنْفُسِهِمْ بِالْكُفْرِ ؕ اُولٰٓىِٕكَ حَبِطَتْ اَعْمَالُهُمْ ۖۚ وَفِی النَّارِ هُمْ خٰلِدُوْنَ ۟

Maa- kaana lil-Mushrikeena ʹañy yaʻmuroo masaajidal laahi shaahideena ʻalaaa ʹañfusihim̃ bilkufr. ʹUlaaaʹika ḥabiṭat ʹaʻmaaluhum wa-fin Naari hum khaalidoon.

মুশ্বৰিকসকলৰ কোনো অধিকাৰ নাই যে, সিহঁতে আল্লাহৰ মছজিদসমূহৰ তত্বাৱধায়ক হ’ব, যিহেতু সিহঁত নিজেই নিজৰ কুফুৰীৰ সাক্ষ্য দিছে। সিহঁতৰ সকলো আমল বিনষ্ট হৈছে আৰু সিহঁত জাহান্নামতেই স্থায়ীভাৱে অৱস্থান কৰিব।

Verse 9:18

اِنَّمَا یَعْمُرُ مَسٰجِدَ اللّٰهِ مَنْ اٰمَنَ بِاللّٰهِ وَالْیَوْمِ الْاٰخِرِ وَاَقَامَ الصَّلٰوةَ وَاٰتَی الزَّكٰوةَ وَلَمْ یَخْشَ اِلَّا اللّٰهَ فَعَسٰۤی اُولٰٓىِٕكَ اَنْ یَّكُوْنُوْا مِنَ الْمُهْتَدِیْنَ ۟

ʹInnamaa yaʻmuru masaajidal laahi man ʹaamana billaahi wal-Yawmil ʹAakhiri wa-ʹaq̣aamaṣ Ṣalaata wa-ʹaataz Zakaata wa-lam yakhsha ʹillal laah. Faʻasaaa ʹulaaaʹika ʹañy yakoonoo minal Muhtadeen.

একমাত্ৰ তেওঁলোকেই আল্লাহৰ মছজিদসমূহক সুচাৰুৰূপে পৰিচালনা কৰিব তথা তত্বাৱধান ল'ব, যিসকলে ঈমান আনিছে আল্লাহৰ প্ৰতি আৰু শেষ দিৱসৰ প্ৰতি, ছালাত কায়েম কৰে আৰু যাকাত প্ৰদান কৰে লগতে আল্লাহৰ বাহিৰে আন কাকো ভয় নকৰে। এতেকে আশা কৰা যায় যে, তেওঁলোকেই হ’ব সৎপথ প্ৰাপ্তসকলৰ অন্তৰ্ভুক্ত।

Verse 9:19

اَجَعَلْتُمْ سِقَایَةَ الْحَآجِّ وَعِمَارَةَ الْمَسْجِدِ الْحَرَامِ كَمَنْ اٰمَنَ بِاللّٰهِ وَالْیَوْمِ الْاٰخِرِ وَجٰهَدَ فِیْ سَبِیْلِ اللّٰهِ ؕ لَا یَسْتَوٗنَ عِنْدَ اللّٰهِ ؕ وَاللّٰهُ لَا یَهْدِی الْقَوْمَ الظّٰلِمِیْنَ ۟ۘ

ʹAjaʻaltum siq̣aayatal Ḥaaajji wa-ʻimaaratal Masjidil Ḥaraami kaman ʹaamana billaahi wal-Yawmil ʹAakhiri wa-jaahada fee Sabeelil laah? Laa- yastawoona ʻiñdal laah: wallaahu laa- yahdil q̣awmaz̤̣ z̤̣aalimeen.

হাজীসকলক পানী পান কৰোৱা আৰু মছজিদুল হাৰামৰ তত্বাৱধান কৰা কাৰ্যক তোমালোকে সেই ব্যক্তিৰ দৰে ধাৰণা কৰা নেকি, যিয়ে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান আনিছে আৰু আল্লাহৰ পথত জিহাদ কৰিছে? সিহঁত আল্লাহৰ ওচৰত সমান নহয়। আল্লাহে যালিম সম্প্ৰদায়ক হিদায়ত নকৰে।

Verse 9:20

اَلَّذِیْنَ اٰمَنُوْا وَهَاجَرُوْا وَجٰهَدُوْا فِیْ سَبِیْلِ اللّٰهِ بِاَمْوَالِهِمْ وَاَنْفُسِهِمْ ۙ اَعْظَمُ دَرَجَةً عِنْدَ اللّٰهِ ؕ وَاُولٰٓىِٕكَ هُمُ الْفَآىِٕزُوْنَ ۟

ʹAllaẓeena ʹaamanoo wa-haajaroo wa-jaahadoo fee Sabeelil laahi biʹamwaalihim wa-ʹañfusihim ʹaʻz̤̣amu darajatan ʻiñdal laah: wa-ʹulaaaʹika humul faaaʹizoon.

যিসকলে ঈমান আনিছে, হিজৰত কৰিছে আৰু নিজৰ সম্পদ আৰু নিজৰ জীৱনৰ দ্বাৰা আল্লাহৰ পথত জিহাদ কৰিছে, তেওঁলোক হৈছে আল্লাহৰ ওচৰত শ্ৰেষ্ঠ মৰ্যাদাৰ অধিকাৰী, আৰু তেওঁলোকেই সাফল্যমণ্ডিত।

Verse 9:21

یُبَشِّرُهُمْ رَبُّهُمْ بِرَحْمَةٍ مِّنْهُ وَرِضْوَانٍ وَّجَنّٰتٍ لَّهُمْ فِیْهَا نَعِیْمٌ مُّقِیْمٌ ۟ۙ

Yubashshiruhum Rabbuhum̃ biraḥmatim minhu wa-riḍwaaniñw wa-Jannaatil lahum feehaa naʻeemum muq̣eem;

তেওঁলোকৰ প্ৰতিপালকে তেওঁলোকক সুসংবাদ দিছে, তেওঁৰ দয়া আৰু সন্তুষ্টিৰ আৰু এনেকুৱা জান্নাতৰ য’ত আছে তেওঁলোকৰ বাবে স্থায়ী নিয়ামত।

Verse 9:22

خٰلِدِیْنَ فِیْهَاۤ اَبَدًا ؕ اِنَّ اللّٰهَ عِنْدَهٗۤ اَجْرٌ عَظِیْمٌ ۟

Khaalideena feehaaa ʹabadaa. ʹInnal laaha ʻiñdahooo ʹajrun ʻaz̤̣eem.

তাত তেওঁলোক চিৰস্থায়ী হ’ব। নিশ্চয় আল্লাহৰ ওচৰত আছে মহা পুৰস্কাৰ।

Verse 9:23

یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا لَا تَتَّخِذُوْۤا اٰبَآءَكُمْ وَاِخْوَانَكُمْ اَوْلِیَآءَ اِنِ اسْتَحَبُّوا الْكُفْرَ عَلَی الْاِیْمَانِ ؕ وَمَنْ یَّتَوَلَّهُمْ مِّنْكُمْ فَاُولٰٓىِٕكَ هُمُ الظّٰلِمُوْنَ ۟

Yaaaʹayyuhal laẓeena ʹaamanoo laa- tattakhiẓooo ʹaabaaaʹakum wa-ʹikhwaanakum ʹawliyaaaʹa ʹinis taḥabbul kufra ʻalal ʹeemaan. Wa-mañy yatawal-lahum miñkum faʹulaaaʹika humuz̤̣ z̤̣aalimoon.

হে ঈমান্দাৰসকল! তোমলোকৰ পিতৃবৰ্গ আৰু ভাতৃবৃন্দই যদি ঈমানৰ মুকাবিলাত কুফুৰীক পছন্দ কৰে, তেন্তে সিহঁতক অভিভাৱকৰূপে গ্ৰহণ নকৰিবা। তোমালোকৰ মাজৰ যিসকলে সিহঁতক অভিভাৱকৰূপে গ্ৰহণ কৰে সিহঁতেই হৈছে যালিম।

Verse 9:24

قُلْ اِنْ كَانَ اٰبَآؤُكُمْ وَاَبْنَآؤُكُمْ وَاِخْوَانُكُمْ وَاَزْوَاجُكُمْ وَعَشِیْرَتُكُمْ وَاَمْوَالُ قْتَرَفْتُمُوْهَا وَتِجَارَةٌ تَخْشَوْنَ كَسَادَهَا وَمَسٰكِنُ تَرْضَوْنَهَاۤ اَحَبَّ اِلَیْكُمْ مِّنَ اللّٰهِ وَرَسُوْلِهٖ وَجِهَادٍ فِیْ سَبِیْلِهٖ فَتَرَبَّصُوْا حَتّٰی یَاْتِیَ اللّٰهُ بِاَمْرِهٖ ؕ وَاللّٰهُ لَا یَهْدِی الْقَوْمَ الْفٰسِقِیْنَ ۟۠

Q̣ul ʹiñ kaana ʹaabaaaʹukum wa-ʹabnaaaʹukum wa-ʹikhwaanukum wa-ʹazwaajukum wa-ʻasheeratukum wa-ʹamwaaluniq̣ taraftumoohaa wa-tijaaratuñ takhshawna kasaadahaa wa-masaakinu tarḍawnahaaa ʹaḥabba ʹilaykum minal laahi wa-Rasoolihee wa-Jihaadiñ fee Sabeelihee fatarabbaṣoo ḥattaa yaʹtiyallaahu bi ʹAmrih. Wallaahu laa- yahdil q̣awmal faasiq̣een.

কোৱা, ‘তোমালোকৰ ওচৰত যদি আল্লাহ, তেওঁৰ ৰাছুল আৰু তেওঁৰ (আল্লাহৰ) পথত জিহাদ কৰাতকৈ বেছি প্ৰিয় হয় তোমালোকৰ পিতৃবৰ্গ, তোমালোকৰ সন্তান-সন্ততি, তোমালোকৰ ভাতৃসকল, তোমালোকৰ স্ত্ৰীসকল, তোমালোকৰ নিজ বংশগোত্ৰ, তোমালোকৰ অৰ্জিত সম্পদ, তোমালোকৰ ব্যৱসায়-বাণিজ্য যাৰ ক্ষতিৰ আশংকা তোমালোকে কৰা আৰু তোমালোকৰ বাসস্থান যিটোক তোমালোকে ভাল পোৱা তেন্তে অপেক্ষা কৰা আল্লাহে তেওঁৰ নিৰ্দেশ লৈ নহালৈকে’; আৰু আল্লাহে ফাছিক্ব সম্প্ৰদায়ক হিদায়ত নিদিয়ে।

Verse 9:25

لَقَدْ نَصَرَكُمُ اللّٰهُ فِیْ مَوَاطِنَ كَثِیْرَةٍ ۙ وَّیَوْمَ حُنَیْنٍ ۙ اِذْ اَعْجَبَتْكُمْ كَثْرَتُكُمْ فَلَمْ تُغْنِ عَنْكُمْ شَیْـًٔا وَّضَاقَتْ عَلَیْكُمُ الْاَرْضُ بِمَا رَحُبَتْ ثُمَّ وَلَّیْتُمْ مُّدْبِرِیْنَ ۟ۚ

Laq̣ad naṣarakumul laahu fee mawaaṭina kas̤eeratiñw wayawma Ḥunaynin ʹiẓ ʹaʻjabatkum kas̤ratukum falam tug̣ni ʻañkum shayʹañw waḍaaq̣at ʻalaykumul ʹarḍu bimaa raḥubat s̤umma wallaytum mudbireen!

নিশ্চয় আল্লাহে তোমালোকক বহু ক্ষেত্ৰত সহায় কৰিছে আৰু হুনাইনৰ যুদ্ধৰ দিনা যেতিয়া তোমালোকৰ সংখ্যাগৰিষ্ঠতাই তোমালোকক উৎফুল্ল কৰিছিল, কিন্তু সেয়া তোমালোকৰ কোনো কামত অহা নাছিল আৰু পৃথিৱী প্ৰশস্ত হোৱা সত্বেও তোমালোকৰ বাবে সংকীৰ্ণ হৈ গৈছিল। তাৰ পিছত তোমালোকে পৃষ্ঠ প্ৰদৰ্শন কৰি পলায়ন কৰিছিলা।

Verse 9:26

ثُمَّ اَنْزَلَ اللّٰهُ سَكِیْنَتَهٗ عَلٰی رَسُوْلِهٖ وَعَلَی الْمُؤْمِنِیْنَ وَاَنْزَلَ جُنُوْدًا لَّمْ تَرَوْهَا وَعَذَّبَ الَّذِیْنَ كَفَرُوْا ؕ وَذٰلِكَ جَزَآءُ الْكٰفِرِیْنَ ۟

S̤umma ʹañzalal laahu sakeenatahoo ʻalaa Rasoolihee wa-ʻalal Muʹmineena wa-ʹañzala junoodal lam tarawhaa: wa-ʻaẓẓabal laẓeena kafaroo. Wa-ẓaalika jazaaaʹul kaafireen.

তাৰ পিছত আল্লাহে তেওঁৰ ফালৰ পৰা তেওঁৰ ৰাছুলৰ ওপৰত আৰু মুমিনসকলৰ ওপৰত প্ৰশান্তি নাযিল কৰিছিল আৰু এনেকুৱা এটা সৈন্য বাহিনী অৱতীৰ্ণ কৰিছিল যিটো তোমালোকে দেখা পোৱা নাছিলা, আৰু তেৱেঁই কাফিৰসকলক শাস্তি দিছিল, এইটোৱেই আছিল কাফিৰসকলৰ প্ৰতিফল।

Verse 9:27

ثُمَّ یَتُوْبُ اللّٰهُ مِنْ بَعْدِ ذٰلِكَ عَلٰی مَنْ یَّشَآءُ ؕ وَاللّٰهُ غَفُوْرٌ رَّحِیْمٌ ۟

S̤umma yatoobul laahu mim baʻdi ẓaalika ʻalaa mañy yashaaaʹ: wallaahu G̣afoorur Raḥeem.

ইয়াৰ পিছতো যাৰ প্ৰতি ইচ্ছা আল্লাহে তাৰ তাওবা কবুল কৰিব; আৰু আল্লাহ অতি ক্ষমাশীল, পৰম দয়ালু।

Verse 9:28

یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْۤا اِنَّمَا الْمُشْرِكُوْنَ نَجَسٌ فَلَا یَقْرَبُوا الْمَسْجِدَ الْحَرَامَ بَعْدَ عَامِهِمْ هٰذَا ۚ وَاِنْ خِفْتُمْ عَیْلَةً فَسَوْفَ یُغْنِیْكُمُ اللّٰهُ مِنْ فَضْلِهٖۤ اِنْ شَآءَ ؕ اِنَّ اللّٰهَ عَلِیْمٌ حَكِیْمٌ ۟

Yaaaʹayyuhal laẓeena ʹaamanooo ʹinnamal Mushrikoona najasuñ falaa yaq̣rabul Masjidal Ḥaraama baʻda ʻaamihim haaẓaa. Wa-ʹin khiftum ʻaylatañ fasawfa yug̣neekumul laahu miñ faḍliheee ʹiñ shaaaʹ. ʹInnal laaha ʻAleemun Ḥakeem.

হে ঈমান্দাৰসকল! নিশ্চয় মুশ্বৰিকসকল হৈছে অপৱিত্ৰ, গতিকে এই বছৰৰ পিছত সিহঁতে যাতে মছজিদুল হাৰামৰ নিকটৱৰ্তী নহয়; আৰু যদি তোমালোকে দৰিদ্ৰতাৰ আশংকা কৰা তেন্তে আল্লাহে ইচ্ছা কৰিলে তেওঁৰ নিজ অনুগ্ৰহত তোমালোকক অভাৱমুক্ত কৰিব। নিশ্চয় আল্লাহ মহাজ্ঞানী, প্ৰজ্ঞাময়।

Verse 9:29

قَاتِلُوا الَّذِیْنَ لَا یُؤْمِنُوْنَ بِاللّٰهِ وَلَا بِالْیَوْمِ الْاٰخِرِ وَلَا یُحَرِّمُوْنَ مَا حَرَّمَ اللّٰهُ وَرَسُوْلُهٗ وَلَا یَدِیْنُوْنَ دِیْنَ الْحَقِّ مِنَ الَّذِیْنَ اُوْتُوا الْكِتٰبَ حَتّٰی یُعْطُوا الْجِزْیَةَ عَنْ یَّدٍ وَّهُمْ صٰغِرُوْنَ ۟۠

Q̣aatilul laẓeena laa- yuʹminoona billaahi wa-laa bil-yawmil ʹAakhiri wa-laa yuḥarrimoona maa- ḥarramal laahu wa-Rasooluhoo wa-laa yadeenoona Deenal Ḥaq̣q̣i minal laẓeena ʹootul Kitaaba ḥattaa yuʻṭul Jizyata ʻañy yadiñw wahum ṣaag̣iroon.

যিসকলক কিতাব প্ৰদান কৰা হৈছিল সিহঁতৰ মাজৰ যিসকলে আল্লাহৰ প্ৰতি বিশ্বাস নকৰে আৰু শেষ দিৱসৰ প্ৰতিও ঈমান পোষণ নকৰে, লগতে আল্লাহ আৰু তেওঁৰ ৰাছুলে যি হাৰাম কৰিছে তাক হাৰাম বুলি গণ্য নকৰে; আৰু সত্য দ্বীনৰ অনুসৰণ নকৰে; সিহঁতে নত হৈ নিজ হাতে জিযিয়া (কৰ) নিদিয়ালৈকে সিহঁতৰ লগত যুদ্ধ কৰা।

Verse 9:30

وَقَالَتِ الْیَهُوْدُ عُزَیْرُ بْنُ اللّٰهِ وَقَالَتِ النَّصٰرَی الْمَسِیْحُ ابْنُ اللّٰهِ ؕ ذٰلِكَ قَوْلُهُمْ بِاَفْوَاهِهِمْ ۚ یُضَاهِـُٔوْنَ قَوْلَ الَّذِیْنَ كَفَرُوْا مِنْ قَبْلُ ؕ قٰتَلَهُمُ اللّٰهُ ؗۚ اَنّٰی یُؤْفَكُوْنَ ۟

Wa-q̣aalatil Yahoodu ʻUzayrunib nul laahi wa-q̣aalatin Naṣaaral Maseeḥub nul laah. Ẓaalika q̣awluhum̃ biʹafwaahihim. Yuḍaahiʹoona q̣awlal laẓeena kafaroo miñ q̣abl. Q̣aatalahumul laah; ʹannaa yuʹfakoon!

আৰু ইয়াহুদীসকলে কয়, ‘উযাইৰ হৈছে আল্লাহৰ পুত্ৰ’, আৰু খ্ৰীষ্টানসকলে কয়, ‘মছীহ হৈছে আল্লাহৰ পুত্ৰ’। এইটো হৈছে কেৱল সিহঁতৰ মুখৰ কথা। পূৰ্বে যিসকলে কুফুৰী কৰিছিল সিহঁতৰ দৰেই ইহঁতে কথা কয়। আল্লাহে ইহঁতক ধ্বংস কৰক। কোন পিনে ইহঁতক ওভতাই নিয়া হৈছে!

Verse 9:31

اِتَّخَذُوْۤا اَحْبَارَهُمْ وَرُهْبَانَهُمْ اَرْبَابًا مِّنْ دُوْنِ اللّٰهِ وَالْمَسِیْحَ ابْنَ مَرْیَمَ ۚ وَمَاۤ اُمِرُوْۤا اِلَّا لِیَعْبُدُوْۤا اِلٰهًا وَّاحِدًا ۚ لَاۤ اِلٰهَ اِلَّا هُوَ ؕ سُبْحٰنَهٗ عَمَّا یُشْرِكُوْنَ ۟

ʹIttakhaẓooo ʹaḥbaarahum wa-ruhbaanahum ʹarbaabam miñ doonil laahi wal-Maseeḥab na Maryam. Wa-maaa ʹumirooo ʹillaa liyaʻbudooo ʹIlaahañw Waa-ḥidaa. Laaa ʹilaaha ʹillaa Hoo. Subḥaanahoo ʻammaa yushrikoon.

সিহঁতে আল্লাহৰ বাহিৰে সিহঁতৰ পণ্ডিত আৰু সংসাৰ-বিৰাগীসকলক সিহঁতৰ প্ৰভু বনাই লৈছে আৰু মাৰয়ামৰ পুত্ৰ মছীহকো। অথচ সিহঁতক এক ইলাহৰ ইবাদত কৰাৰ বাবেই আদেশ কৰা হৈছিল। যাৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। সিহঁতে যি অংশী স্থাপন কৰে তাৰ পৰা তেওঁ অতি পৱিত্ৰ!

Verse 9:32

یُرِیْدُوْنَ اَنْ یُّطْفِـُٔوْا نُوْرَ اللّٰهِ بِاَفْوَاهِهِمْ وَیَاْبَی اللّٰهُ اِلَّاۤ اَنْ یُّتِمَّ نُوْرَهٗ وَلَوْ كَرِهَ الْكٰفِرُوْنَ ۟

Yureedoona ʹañy yuṭfiʹoo Nooral laahi biʹafwaahihim wa-yaʹbal laahu ʹillaaa ʹañy yutimma Noorahoo wa-law karihal Kaafiroon.

সিহঁতে নিজৰ মুখেৰে ফুঁ মাৰি আল্লাহৰ নূৰক নুমাই দিব বিচাৰে। কিন্তু আল্লাহে তেওঁৰ নূৰ পৰিপূৰ্ণ কৰাৰ বাহিৰে আন একো নিবিচাৰে। যদিও কাফিৰসকলে ইয়াক অপছন্দ কৰে।

Verse 9:33

هُوَ الَّذِیْۤ اَرْسَلَ رَسُوْلَهٗ بِالْهُدٰی وَدِیْنِ الْحَقِّ لِیُظْهِرَهٗ عَلَی الدِّیْنِ كُلِّهٖ ۙ وَلَوْ كَرِهَ الْمُشْرِكُوْنَ ۟

Huwal laẓeee ʹarsala Rasoolahoo bil-Hudaa wa-Deenil Ḥaq̣q̣i liyuz̤̣hirahoo ʻalad deeni kullihee wa-law karihal Mushrikoon.

তেৱেঁই সেই সত্ত্বা যিজনে তেওঁৰ ৰাছুলক হিদায়ত আৰু সত্য দ্বীনসহ প্ৰেৰণ কৰিছে, যাতে তেওঁ ইয়াক সকলো দ্বীনৰ ওপৰত জয়যুক্ত কৰিব পাৰে, যদিও মুশ্বৰিকসকলে এইটো অপছন্দ কৰে।

Verse 9:34

یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْۤا اِنَّ كَثِیْرًا مِّنَ الْاَحْبَارِ وَالرُّهْبَانِ لَیَاْكُلُوْنَ اَمْوَالَ النَّاسِ بِالْبَاطِلِ وَیَصُدُّوْنَ عَنْ سَبِیْلِ اللّٰهِ ؕ وَالَّذِیْنَ یَكْنِزُوْنَ الذَّهَبَ وَالْفِضَّةَ وَلَا یُنْفِقُوْنَهَا فِیْ سَبِیْلِ اللّٰهِ ۙ فَبَشِّرْهُمْ بِعَذَابٍ اَلِیْمٍ ۟ۙ

Yaaaʹayyuhal laẓeena ʹaamanooo ʹinna kas̤eeram minal ʹaḥbaari warruhbaani layaʹkuloona ʹamwaalan naasi bil-baaṭili wa-yaṣuddoona ʻañ Sabeelil laah. Wallaẓeena yaknizoonaẓ ẓahaba wal-fiḍḍata wa-laa yuñfiq̣oonahaa fee Sabeelil laahi fabashshirhum̃ biʻaẓaabin ʹaleem.

হে ঈমান্দাৰসকল! পণ্ডিত আৰু সংসাৰ-বিৰাগীসকলৰ মাজৰ বহুতেই জনসাধাৰণৰ ধন-সম্পদ অন্যায়ভাৱে ভক্ষণ কৰে আৰু মানুহক আল্লাহৰ পথৰ পৰা নিবৃত্ত কৰে। যিসকলে সোণ-ৰূপ সঞ্চয় কৰে আৰু সেয়া আল্লাহৰ পথত ব্যয় নকৰে, তুমি সিহঁতক যন্ত্ৰণাদায়ক শাস্তিৰ সুসংবাদ দিয়া।

Verse 9:35

یَّوْمَ یُحْمٰی عَلَیْهَا فِیْ نَارِ جَهَنَّمَ فَتُكْوٰی بِهَا جِبَاهُهُمْ وَجُنُوْبُهُمْ وَظُهُوْرُهُمْ ؕ هٰذَا مَا كَنَزْتُمْ لِاَنْفُسِكُمْ فَذُوْقُوْا مَا كُنْتُمْ تَكْنِزُوْنَ ۟

Yawma yuḥmaa ʻalayhaa fee Naari Jahannama fatukwaa bihaa jibaahuhum wa-junoobuhum waz̤̣uhooruhum. Haaẓaa maa- kanaztum liʹañfusikum faẓooq̣oo maa- kuñtum taknizoon.

যিদিনা সেইবোৰক জাহান্নামৰ অগ্নিত উত্তপ্ত কৰা হ’ব আৰু সেইবোৰেৰে সিহঁতৰ কপাল, শৰীৰৰ দুয়োকাষে আৰু পিঠিত দাগ দিয়া হ’ব, (লগতে কোৱা হ’ব), ‘এইবোৰেই হৈছে তোমালোকৰ সেইবোৰ সম্পদ যিবোৰক তোমালোকে নিজৰ বাবে সঞ্চয় কৰিছিলা। গতিকে তোমালোকে যি সঞ্চয় কৰিছিলা তাৰ সোৱাদ উপভোগ কৰা’।

Verse 9:36

اِنَّ عِدَّةَ الشُّهُوْرِ عِنْدَ اللّٰهِ اثْنَا عَشَرَ شَهْرًا فِیْ كِتٰبِ اللّٰهِ یَوْمَ خَلَقَ السَّمٰوٰتِ وَالْاَرْضَ مِنْهَاۤ اَرْبَعَةٌ حُرُمٌ ؕ ذٰلِكَ الدِّیْنُ الْقَیِّمُ ۙ۬ فَلَا تَظْلِمُوْا فِیْهِنَّ اَنْفُسَكُمْ وَقَاتِلُوا الْمُشْرِكِیْنَ كَآفَّةً كَمَا یُقَاتِلُوْنَكُمْ كَآفَّةً ؕ وَاعْلَمُوْۤا اَنَّ اللّٰهَ مَعَ الْمُتَّقِیْنَ ۟

ʹInna ʻiddatash shuhoori ʻiñdal laahis̤ naa ʻashara shahrañ fee Kitaabil laahi yawma khalaq̣as samaawaati wal-ʹarḍa minhaaa ʹarbaʻatun ḥurum: ẓaalikad Deenul Q̣ayyim. Falaa taz̤̣limoo feehinna ʹañfusakum; wa-q̣aatilul Mushrikeena kaaaffatañ kamaa yuq̣aatiloonakum kaaaffah. Waʻlamooo ʹannal laaha maʻal Muttaq̣een.

নিশ্চয় আকাশসমূহ আৰু পৃথিৱী সৃষ্টিৰ দিনৰ পৰাই আল্লাহৰ বিধানত মাহবোৰৰ গণনা হৈছে বাৰটা। তাৰে চাৰিটা মাহ হৈছে নিষিদ্ধ (পৱিত্ৰ বা সন্মানীয়), এইটোৱে হৈছে প্ৰতিষ্ঠিত দ্বীন। এতেকে এই মাহবোৰত তোমালোকে নিজৰ প্ৰতি যুলুম নকৰিবা, আৰু তোমালোকে মুশ্বৰিকসকলৰ লগত সৰ্বাত্মকভাৱে যুদ্ধ কৰা, যেনেকৈ সিহঁতে তোমালোকৰ বিৰুদ্ধে সৰ্বাত্মকভাৱে যুদ্ধ কৰি থাকে; আৰু জানি থোৱা, নিশ্চয় আল্লাহ মুত্তাক্বীসকলৰ লগত আছে।

Verse 9:37

اِنَّمَا النَّسِیْٓءُ زِیَادَةٌ فِی الْكُفْرِ یُضَلُّ بِهِ الَّذِیْنَ كَفَرُوْا یُحِلُّوْنَهٗ عَامًا وَّیُحَرِّمُوْنَهٗ عَامًا لِّیُوَاطِـُٔوْا عِدَّةَ مَا حَرَّمَ اللّٰهُ فَیُحِلُّوْا مَا حَرَّمَ اللّٰهُ ؕ زُیِّنَ لَهُمْ سُوْٓءُ اَعْمَالِهِمْ ؕ وَاللّٰهُ لَا یَهْدِی الْقَوْمَ الْكٰفِرِیْنَ ۟۠

ʹInnaman naseeeʹu ziyaadatuñ fil kufri yuḍallu bihil laẓeena kafaroo yuḥillunahoo ʻaamañw Wayuḥarrimoonahoo ʻaamal liyuwaaṭiʹoo ʻiddata maa- ḥarramal laahu fayuḥilloo maa- harramal laah. Zuyyina lahum soooʹu ʹaʻmaalihim. Wallaahu laa- yahdil q̣awmal Kaafireen.

(এই মাহবোৰৰ পৱিত্ৰতাক) অন্য কোনো মাহলৈ পিছুৱাই দিয়াটো হৈছে কেৱল কুফৰীত বৃদ্ধি সাধন কৰা, ইয়াৰ দ্বাৰা কাফিৰসকলক বিভ্ৰান্ত কৰা হয়। সিহঁতে ইয়াক কোনো বছৰত বৈধ কৰে আকৌ কোনো বছৰত অবৈধ কৰে, যাতে সিহঁতে আল্লাহে যিবোৰক নিষিদ্ধ কৰিছে সেইবোৰৰ গণনা পূৰ্ণ কৰিব পাৰে; ফলত আল্লাহে যি হাৰাম কৰিছে সেয়া সিহঁতে হালাল কৰে। সিহঁতৰ বেয়া কৰ্মবোৰ সিহঁতৰ বাবে শোভনীয় কৰি দিয়া হৈছে, আৰু আল্লাহে কাফিৰ সম্প্ৰদায়ক হিদায়ত নিদিয়ে।

Verse 9:38

یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا مَا لَكُمْ اِذَا قِیْلَ لَكُمُ انْفِرُوْا فِیْ سَبِیْلِ اللّٰهِ اثَّاقَلْتُمْ اِلَی الْاَرْضِ ؕ اَرَضِیْتُمْ بِالْحَیٰوةِ الدُّنْیَا مِنَ الْاٰخِرَةِ ۚ فَمَا مَتَاعُ الْحَیٰوةِ الدُّنْیَا فِی الْاٰخِرَةِ اِلَّا قَلِیْلٌ ۟

Yaaaʹayyuhal laẓeena ʹaamanoo maa- lakum ʹiẓaa q̣eela lakumuñ firoo fee Sabeelil laahis̤ s̤aaq̣altum ʹilal ʹarḍ? ʹAraḍeetum̃ bilḥayaatid dunyaa minal ʹAakhirah? Famaa mataaʻul ḥayaatid dunyaa fil ʹAakhirati ʹillaa q̣aleel.

হে ঈমান্দাৰসকল! তোমালোকৰ কি হ’ল, তোমালোকক যেতিয়া আল্লাহৰ পথত কোনো অভিযানত ওলাবলৈ কোৱা হয়, তেতিয়া কিয় তোমালোকে ভাৰাক্ৰান্ত হৈ মাটিক সাৱটি ধৰা? তোমালোকে আখিৰাতৰ পৰিবৰ্তে পাৰ্থিৱ জীৱনত সন্তুষ্ট হৈছা নেকি? আখিৰাতৰ তুলনাত পাৰ্থিৱ জীৱনৰ ভোগৰ উপকৰণ অতি নগণ্য।

Verse 9:39

اِلَّا تَنْفِرُوْا یُعَذِّبْكُمْ عَذَابًا اَلِیْمًا ۙ۬ وَّیَسْتَبْدِلْ قَوْمًا غَیْرَكُمْ وَلَا تَضُرُّوْهُ شَیْـًٔا ؕ وَاللّٰهُ عَلٰی كُلِّ شَیْءٍ قَدِیْرٌ ۟

ʹIllaa tañfiroo yuʻaẓẓibkum ʻaẓaaban ʹaleemañw Wayastabdil q̣awman g̣ayrakum wa-laa taḍurroohu shayʹaa. Wal-laahu ʻalaa kulli shayʹiñ Q̣adeer.

যদি তোমালোকে অভিযানলৈ ওলাই নোযোৱা, তেন্তে তেওঁ তোমালোকক যন্ত্ৰণাদায়ক শাস্তি প্ৰদান কৰিব আৰু অন্য এটা জাতিক তোমালোকৰ পৰিবৰ্তে প্ৰতিষ্ঠিত কৰিব আৰু তোমালোকে তেওঁৰ কোনো ক্ষতি কৰিব নোৱাৰিবা। কাৰণ আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।

Verse 9:40

اِلَّا تَنْصُرُوْهُ فَقَدْ نَصَرَهُ اللّٰهُ اِذْ اَخْرَجَهُ الَّذِیْنَ كَفَرُوْا ثَانِیَ اثْنَیْنِ اِذْ هُمَا فِی الْغَارِ اِذْ یَقُوْلُ لِصَاحِبِهٖ لَا تَحْزَنْ اِنَّ اللّٰهَ مَعَنَا ۚ فَاَنْزَلَ اللّٰهُ سَكِیْنَتَهٗ عَلَیْهِ وَاَیَّدَهٗ بِجُنُوْدٍ لَّمْ تَرَوْهَا وَجَعَلَ كَلِمَةَ الَّذِیْنَ كَفَرُوا السُّفْلٰی ؕ وَكَلِمَةُ اللّٰهِ هِیَ الْعُلْیَا ؕ وَاللّٰهُ عَزِیْزٌ حَكِیْمٌ ۟

ʹIllaa tañṣuroohu faq̣ad naṣarahul laahu ʹiẓ ʹakhrajahul laẓeena kafaroo S̤aaniyas̤ nayni ʹiẓ humaa fil G̣aari ʹiẓ yaq̣oolu li-Ṣaaḥibihee ˹Laa taḥzan ʹinnal laaha maʻanaa. Faʹañzalal laahu sakeenatahoo ʻalayhi wa-ʹayyadahoo bijunoodil lam tarawhaa wa-jaʻala kalimatal laẓeena kafarus suflaa; wa-Kalimatul laahi hiyal ʻUlyaa: wallaahu ʻAzeezun Ḥakeem.

যদি তোমালোকে তেওঁক (আল্লাহৰ ৰাছুলক) সহায় নকৰা, তেন্তে আল্লাহেই (তেওঁক সহায় কৰিব যিদৰে তেওঁ) তেওঁক সহায় কৰিছিল যেতিয়া কাফিৰসকলে তেওঁক (মক্কাৰ পৰা) বহিষ্কাৰ কৰিছিল আৰু তেওঁ আছিল দুজনৰ দ্বিতীয়জন, যেতিয়া তেওঁলোক উভয়ে গুহাৰ মাজত আছিল, তেতিয়া তেওঁ নিজৰ লগৰজনক কৈছিল, ‘বিষণ্ণ নহ’বা, আল্লাহ আছে আমাৰ লগত’। তাৰ পিছত আল্লাহে তেওঁৰ ওপৰত নিজৰ প্ৰশান্তি অৱতীৰ্ণ কৰিছিল আৰু তেওঁক শক্তিশালী কৰিছিল এনেকুৱা এটা সৈন্য বাহিনীৰ দ্বাৰা যিসকলক তোমালোকে দেখা পোৱা নাছিলা আৰু তেওঁ কাফিৰসকলৰ কথাক তল পেলাই দিছিল; আৰু আল্লাহৰ কথাই সমুন্নত আৰু আল্লাহ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।

Verse 9:41

اِنْفِرُوْا خِفَافًا وَّثِقَالًا وَّجَاهِدُوْا بِاَمْوَالِكُمْ وَاَنْفُسِكُمْ فِیْ سَبِیْلِ اللّٰهِ ؕ ذٰلِكُمْ خَیْرٌ لَّكُمْ اِنْ كُنْتُمْ تَعْلَمُوْنَ ۟

ʹIñfiroo khifaafañw was̤iq̣aalañw wajaahidoo biʹamwaalikum wa-ʹañfusikum fee Sabeelil laah. Ẓaalikum khayrul lakum ʹiñ kuñtum taʻlamoon.

অভিযানলৈ ওলাই পৰা, পাতল অৱস্থাতেই হওক নাইবা গধূৰ অৱস্থাত আৰু জিহাদ কৰা আল্লাহৰ পথত তোমালোকৰ সম্পদ আৰু জীৱনৰ দ্বাৰা। এইটোৱে হৈছে তোমালোকৰ বাবে উত্তম, যদি তোমালোকে জানিলাহেঁতেন!

Verse 9:42

لَوْ كَانَ عَرَضًا قَرِیْبًا وَّسَفَرًا قَاصِدًا لَّاتَّبَعُوْكَ وَلٰكِنْ بَعُدَتْ عَلَیْهِمُ الشُّقَّةُ ؕ وَسَیَحْلِفُوْنَ بِاللّٰهِ لَوِ اسْتَطَعْنَا لَخَرَجْنَا مَعَكُمْ ۚ یُهْلِكُوْنَ اَنْفُسَهُمْ ۚ وَاللّٰهُ یَعْلَمُ اِنَّهُمْ لَكٰذِبُوْنَ ۟۠

Law kaana ʻaraḍañ q̣areebañw wasafarañ q̣aaṣidal lattabaʻooka wa-laakim baʻudat ʻalayhimush shuq̣q̣ah. Wa-sayaḥlifoona billaahi lawis taṭaʻnaa lakharajnaa maʻakum. Yuhlikoona ʹañfusahum; wal-laahu yaʻlamu ʹinnahum lakaaẓiboon.

যদি সহজতে সম্পদ লাভৰ আশা থাকিলহেঁতেন আৰু ভ্ৰমণ সুগম হ’লহেঁতেন তেন্তে নিশ্চয় সিহঁতে তোমাৰ অনুসৰণ কৰিলেহেঁতেন; কিন্তু সিহঁতে যাত্ৰাপথক সুদীৰ্ঘ বুলি ভাবিছিল, আৰু অনতিপলমে সিহঁতে আল্লাহৰ শপত লৈ ক’ব, ‘আমাৰ সাধ্য থাকিলে আমি নিশ্চয় তোমালোকৰ লগত ওলাই গ’লোঁহেঁতেন’। দৰাচলতে সিহঁতে (মিছা কথা কৈ) নিজেই নিজকে ধ্বংস কৰে, আৰু আল্লাহে জানে যে, নিশ্চয় সিহঁত মিছলীয়া।

Verse 9:43

عَفَا اللّٰهُ عَنْكَ ۚ لِمَ اَذِنْتَ لَهُمْ حَتّٰی یَتَبَیَّنَ لَكَ الَّذِیْنَ صَدَقُوْا وَتَعْلَمَ الْكٰذِبِیْنَ ۟

ʻAfal laahu ʻañka Lima ʹaẓiñta lahum ḥattaa yatabayyana lakal laẓeena ṣadaq̣oo wa-taʻlamal kaaẓibeen.

আল্লাহে তোমাক ক্ষমা কৰিছে। কোনসকল লোক সত্যবাদী সেয়া তোমাৰ ওচৰত স্পষ্ট নোহোৱালৈকে আৰু কোনসকল লোক মিছলীয়া সেই কথা তুমি নজনালৈকে কিয় সিহঁতক অব্যাহতি প্ৰদান কৰিলা?

Verse 9:44

لَا یَسْتَاْذِنُكَ الَّذِیْنَ یُؤْمِنُوْنَ بِاللّٰهِ وَالْیَوْمِ الْاٰخِرِ اَنْ یُّجَاهِدُوْا بِاَمْوَالِهِمْ وَاَنْفُسِهِمْ ؕ وَاللّٰهُ عَلِیْمٌۢ بِالْمُتَّقِیْنَ ۟

Laa- yastaʹẓinukal laẓeena yuʹminoona billaahi wal-Yawmil ʹAakhiri ʹañy yujaahidoo biʹamwaalihim wa-ʹañfusihim. Wallaahu ʻAleemum bil-Muttaq̣een.

যিসকলে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান পোষণ কৰে, তেওঁলোকে নিজৰ সম্পদ আৰু জীৱনৰ দ্বাৰা জিহাদ কৰাৰ পৰা অব্যাহতি পাবলৈ তোমাৰ পৰা অনুমতি নিবিচাৰিব; আৰু আল্লাহ মুত্তাক্বীসকলৰ বিষয়ে সবিশেষ অৱগত।

Verse 9:45

اِنَّمَا یَسْتَاْذِنُكَ الَّذِیْنَ لَا یُؤْمِنُوْنَ بِاللّٰهِ وَالْیَوْمِ الْاٰخِرِ وَارْتَابَتْ قُلُوْبُهُمْ فَهُمْ فِیْ رَیْبِهِمْ یَتَرَدَّدُوْنَ ۟

ʹInnamaa yastaʹẓinukal laẓeena laa- yuʹminoona billaahi wal-Yawmil ʹAakhiri wartaabat q̣uloobuhum fahum fee raybihim yataraddadoon.

তোমাৰ ওচৰত অব্যাহতি বিচাৰে কেৱল সেইসকল লোকে যিসকলে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান পোষণ নকৰে। কাৰণ সিহঁতৰ অন্তৰসমূহ সংশয়গ্ৰস্ত হৈ গৈছে, এতেকে সিহঁতে নিজৰ সংশয়ত দ্বিধাগ্ৰস্ত।

Verse 9:46

وَلَوْ اَرَادُوا الْخُرُوْجَ لَاَعَدُّوْا لَهٗ عُدَّةً وَّلٰكِنْ كَرِهَ اللّٰهُ انْۢبِعَاثَهُمْ فَثَبَّطَهُمْ وَقِیْلَ اقْعُدُوْا مَعَ الْقٰعِدِیْنَ ۟

Wa-law ʹaraadul khurooja laʹaʻaddoo lahoo ʻuddatañw Walaakiñ karihal laahum biʻaas̤ahum fas̤abbaṭahum wa-q̣eelaq̣ ʻudoo maʻal q̣aaʻideen.

আৰু যদি সিহঁতে ওলাবলৈ ইচ্ছা কৰিলেহেঁতেন তেন্তে নিশ্চয় সিহঁতে তাৰ বাবে প্ৰস্তুতিৰ ব্যৱস্থা কৰিলেহেঁতেন, কিন্তু সিহঁতৰ অভিযাত্ৰাক আল্লাহে অপছন্দ কৰিছে। সেয়ে তেওঁ সিহঁতক অলসতাৰ মাধ্যমত বিৰত ৰাখিছে আৰু সিহঁতক কোৱা হ’ল, ‘বহি থাকা (অক্ষম) লোকসকলৰ সৈতে তোমালোকেও বহি থাকা’।

Verse 9:47

لَوْ خَرَجُوْا فِیْكُمْ مَّا زَادُوْكُمْ اِلَّا خَبَالًا وَّلَاۡاَوْضَعُوْا خِلٰلَكُمْ یَبْغُوْنَكُمُ الْفِتْنَةَ ۚ وَفِیْكُمْ سَمّٰعُوْنَ لَهُمْ ؕ وَاللّٰهُ عَلِیْمٌۢ بِالظّٰلِمِیْنَ ۟

Law kharajoo feekum maa zaadookum ʹillaa khabaalañw walaʹawḍaʻoo khilaalakum yabg̣oonakumul fitnah; wa-feekum sammaaʻoona lahum. Wallaahu ʻAleemum biz̤̣z̤̣aalimeen.

যদি সিহঁত তোমালোকৰ সৈতে ওলালহেঁতেন, তেন্তে তোমালোকৰ অশান্তি অসুবিধাহে বৃদ্ধি কৰিলেহেঁতেন আৰু তোমালোকৰ মাজত ফিতনা সৃষ্টি কৰিবলৈ যথাসাধ্য চেষ্টা কৰিলেহেঁতেন। লগতে তোমালোকৰ মাজত সিহঁতৰ কিছুমান অনুগত (গুপ্তচৰ) আছে। আল্লাহ যালিমসকলৰ বিষয়ে সবিশেষ অৱগত।

Verse 9:48

لَقَدِ ابْتَغَوُا الْفِتْنَةَ مِنْ قَبْلُ وَقَلَّبُوْا لَكَ الْاُمُوْرَ حَتّٰی جَآءَ الْحَقُّ وَظَهَرَ اَمْرُ اللّٰهِ وَهُمْ كٰرِهُوْنَ ۟

Laq̣adib tag̣awul fitnata miñ q̣ablu wa-q̣allaboo lakal ʹumoora ḥattaa jaaaʹal Ḥaq̣q̣u waz̤̣ahara ʹAmrul laahi wa-hum kaarihoon.

নিশ্চয় সিহঁতে ইয়াৰ আগতেও ফিতনা সৃষ্টি কৰিব বিচাৰিছিল আৰু সিহঁতে তোমাৰ বহুতো কাম ওলট-পালট কৰিছিল, অৱশেষত সত্য সমাগত হ’ল আৰু আল্লাহৰ আদেশ জয়যুক্ত হ’ল, যদিও সিহঁতে ইয়াক অপছন্দ কৰিছিল।

Verse 9:49

وَمِنْهُمْ مَّنْ یَّقُوْلُ ائْذَنْ لِّیْ وَلَا تَفْتِنِّیْ ؕ اَلَا فِی الْفِتْنَةِ سَقَطُوْا ؕ وَاِنَّ جَهَنَّمَ لَمُحِیْطَةٌ بِالْكٰفِرِیْنَ ۟

Wa-minhum mañy yaq̣ooluʹ ẓal lee wa-laa taftinnee. ʹAlaa fil fitnati saq̣aṭoo? Wa-ʹinna Jahannama lamuḥeeṭatum bil-Kaafireen.

আৰু সিহঁতৰ মাজত এনেকুৱা মানুহো আছে যিয়ে কয়, ‘মোক (যুদ্ধত অংশ গ্ৰহণ নকৰিবলৈ) অনুমতি দিয়ক আৰু মোক ফিতনাত পতিত নকৰিব’। সাৱধান! সিহঁত ফিতনাতেই পতিত হৈ আছে; আৰু নিশ্চয় জাহান্নামে কাফিৰসকলক বেষ্টন কৰিয়ে আছে।

Verse 9:50

اِنْ تُصِبْكَ حَسَنَةٌ تَسُؤْهُمْ ۚ وَاِنْ تُصِبْكَ مُصِیْبَةٌ یَّقُوْلُوْا قَدْ اَخَذْنَاۤ اَمْرَنَا مِنْ قَبْلُ وَیَتَوَلَّوْا وَّهُمْ فَرِحُوْنَ ۟

ʹIñ tuṣibka ḥasanatuñ tasuʹhum; wa-ʹiñ tuṣibka muṣeebatuñy yaq̣ooloo q̣ad ʹakhaẓnaaa ʹamranaa miñ q̣ablu wa-yatawallaw wahum fariḥoon.

যদি তোমাৰ কোনো মঙ্গল হয় তেন্তে এইটোৱে সিহঁতক কষ্ট দিয়ে, আৰু তোমাৰ বিপদ ঘটিলে সিহঁতে কয়, ‘আমি আগতেই আমাৰ নিজৰ বিষয়ে সতৰ্কতা অৱলম্বন কৰিছিলোঁ’, আৰু সিহঁতে উৎফুল্ল চিত্তে মুখ ঘূৰাই লয়।

Verse 9:51

قُلْ لَّنْ یُّصِیْبَنَاۤ اِلَّا مَا كَتَبَ اللّٰهُ لَنَا ۚ هُوَ مَوْلٰىنَا ۚ وَعَلَی اللّٰهِ فَلْیَتَوَكَّلِ الْمُؤْمِنُوْنَ ۟

Q̣ul lañy yuṣeebanaaa ʹillaa maa- katabal laahu lanaa Huwa Mawlaanaa: wa-ʻalal laahi fal-yatawakkalil Muʹminoon.

কোৱা, ‘আমাৰ লগত কেৱল সেইটোৱে ঘটিব যিটো আল্লাহে আমাৰ বাবে লিখি ৰাখিছে; তেৱেঁই আমাৰ অভিভাৱক; আৰু আল্লাহৰ ওপৰতেই মুমিনসকলে নিৰ্ভৰ কৰা উচিত’।

Verse 9:52

قُلْ هَلْ تَرَبَّصُوْنَ بِنَاۤ اِلَّاۤ اِحْدَی الْحُسْنَیَیْنِ ؕ وَنَحْنُ نَتَرَبَّصُ بِكُمْ اَنْ یُّصِیْبَكُمُ اللّٰهُ بِعَذَابٍ مِّنْ عِنْدِهٖۤ اَوْ بِاَیْدِیْنَا ۖؗ فَتَرَبَّصُوْۤا اِنَّا مَعَكُمْ مُّتَرَبِّصُوْنَ ۟

Q̣ul hal tarabbaṣoona binaaa ʹillaaa ʹiḥdal ḥusnayayn? Wa-naḥnu natarabbaṣu bikum ʹañy yu-ṣeebakumul laahu biʻaẓaabim min ʻiñdiheee ʹaw biʹaydeenaa. Fatarabbaṣooo ʹinnaa maʻakum mutarabbiṣoon.

কোৱা, ‘তোমালোকে কেৱল আমাৰ বাবে দুটা কল্যাণৰ পৰা যিকোনো এটাৰ অপেক্ষা কৰি আছা, আৰু আমি প্ৰতীক্ষা কৰি আছোঁ যে, আল্লাহে তোমালোকক তেওঁৰ নিজৰ ফালৰ পৰা অথবা আমাৰ হতুৱাই শাস্তি প্ৰদান কৰিব। এতেকে তোমালোকে প্ৰতীক্ষা কৰা, আমিও তোমালোকৰ লগত প্ৰতীক্ষা কৰি আছোঁ’।

Verse 9:53

قُلْ اَنْفِقُوْا طَوْعًا اَوْ كَرْهًا لَّنْ یُّتَقَبَّلَ مِنْكُمْ ؕ اِنَّكُمْ كُنْتُمْ قَوْمًا فٰسِقِیْنَ ۟

Q̣ul ʹañfiq̣oo ṭawʻan ʹaw karhal lañy yutaq̣abbala miñ-kum: ʹinnakum kuñtum q̣awmañ faasiq̣een.

কোৱা, ‘তোমালোকে ইচ্ছাকৃতভাৱে দান কৰা অথবা অনিচ্ছাকৃতভাৱে, তোমালোকৰ পৰা সেই দান কেতিয়াও গ্ৰহণ কৰা নহ’ব, নিশ্চয় তোমালোক হৈছা ফাছিক্ব সম্প্ৰদায়’।

Verse 9:54

وَمَا مَنَعَهُمْ اَنْ تُقْبَلَ مِنْهُمْ نَفَقٰتُهُمْ اِلَّاۤ اَنَّهُمْ كَفَرُوْا بِاللّٰهِ وَبِرَسُوْلِهٖ وَلَا یَاْتُوْنَ الصَّلٰوةَ اِلَّا وَهُمْ كُسَالٰی وَلَا یُنْفِقُوْنَ اِلَّا وَهُمْ كٰرِهُوْنَ ۟

Wa-maa manaʻahum ʹañ tuq̣bala minhum nafaq̣aatuhum ʹillaaa ʹannahum kafaroo billaahi wa-bi-Rasoolihee wa-laa yaʹtoonaṣ Ṣalaata ʹillaa wa-hum kusaalaa wa-laa yuñfiq̣oona ʹillaa wa-hum kaarihoon.

আৰু সিহঁতৰ অৰ্থসাহায্য গ্ৰহণ কৰিবলৈ নিষেধ কৰা হৈছে এই কাৰণে যে, সিহঁতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সৈতে কুফুৰী কৰিছে লগতে সিহঁতে ছালাতত উপস্থিত হয় কেৱল শৈথিল্যৰ সৈতে, আৰু দান কৰে কেৱল অনিচ্ছাকৃতভাৱে।

Verse 9:55

فَلَا تُعْجِبْكَ اَمْوَالُهُمْ وَلَاۤ اَوْلَادُهُمْ ؕ اِنَّمَا یُرِیْدُ اللّٰهُ لِیُعَذِّبَهُمْ بِهَا فِی الْحَیٰوةِ الدُّنْیَا وَتَزْهَقَ اَنْفُسُهُمْ وَهُمْ كٰفِرُوْنَ ۟

Falaa tuʻjibka ʹamwaaluhum wa-laaa ʹawlaaduhum. ʹInnamaa yureedul laahu liyuʻaẓẓibahum̃ bihaa fil ḥayaatid dunyaa wa-tazhaq̣a ʹañfusuhum wa-hum kaafiroon.

এতেকে সিহঁতৰ সম্পদ আৰু সন্তান-সন্ততিয়ে যাতে তোমাক বিমুগ্ধ নকৰে, আল্লাহে এইবোৰৰ দ্বাৰাই সিহঁতক পাৰ্থিৱ জীৱনত শাস্তি দিব বিচাৰে; আৰু কাফিৰ অৱস্থাতেই সিহঁতৰ আত্মাই দেহ ত্যাগ কৰিব।

Verse 9:56

وَیَحْلِفُوْنَ بِاللّٰهِ اِنَّهُمْ لَمِنْكُمْ ؕ وَمَا هُمْ مِّنْكُمْ وَلٰكِنَّهُمْ قَوْمٌ یَّفْرَقُوْنَ ۟

Wa-yaḥlifoona billaahi ʹinnahum lamiñkum; wa-maa hum miñkum wa-laakinnahum q̣awmuñy yafraq̣oon.

আৰু সিহঁতে আল্লাহৰ নামত শপত খাই কয় যে, সিহঁত তোমালোকৰেই অন্তৰ্ভুক্ত, অথচ সিহঁত তোমালোকৰ অন্তৰ্ভুক্ত নহয়; প্ৰকৃততে সিহঁত হৈছে এটা ভীতু সম্প্ৰদায়।

Verse 9:57

لَوْ یَجِدُوْنَ مَلْجَاً اَوْ مَغٰرٰتٍ اَوْ مُدَّخَلًا لَّوَلَّوْا اِلَیْهِ وَهُمْ یَجْمَحُوْنَ ۟

Law yajidoona maljaʹan ʹaw mag̣aaraatin ʹaw muddakhalal lawallaw ʹilayhi wa-hum yajmaḥoon.

যদি সিহঁতে কোনো আশ্ৰয়স্থল নাইবা কোনো গিৰি-গুহা অথবা লুকাই থাকিবলৈ কোনো প্ৰৱেশস্থল পায় তেন্তে সিহঁতে সেইফালেই দ্ৰুত গতিত দৌৰি লুকাব।

Verse 9:58

وَمِنْهُمْ مَّنْ یَّلْمِزُكَ فِی الصَّدَقٰتِ ۚ فَاِنْ اُعْطُوْا مِنْهَا رَضُوْا وَاِنْ لَّمْ یُعْطَوْا مِنْهَاۤ اِذَا هُمْ یَسْخَطُوْنَ ۟

Wa-minhum mañy yalmizuka fiṣ ṣadaq̣aat: faʹin ʹuʻṭoo minhaa raḍoo wa-ʹil lam yuʻṭaw minhaaa ʹiẓaa hum yaskhaṭoon!

আৰু সিহঁতৰ মাজত এনেকুৱা মানুহো আছে, যিয়ে ছাদাক্বা বন্টন সম্পৰ্কে তোমাক দোষাৰোপ কৰে, এতেকে যদি সিহঁতক ইয়াৰ পৰা কিছু দিয়া হয় তেন্তে সিহঁত সন্তুষ্ট হয়, আৰু যদি ইয়াৰ পৰা কিবা দিয়া নহয় তেন্তে লগে লগে বিক্ষুব্ধ হয়।

Verse 9:59

وَلَوْ اَنَّهُمْ رَضُوْا مَاۤ اٰتٰىهُمُ اللّٰهُ وَرَسُوْلُهٗ ۙ وَقَالُوْا حَسْبُنَا اللّٰهُ سَیُؤْتِیْنَا اللّٰهُ مِنْ فَضْلِهٖ وَرَسُوْلُهٗۤ ۙ اِنَّاۤ اِلَی اللّٰهِ رٰغِبُوْنَ ۟۠

Wa-law ʹannahum raḍoo maaa ʹaataahumul laahu wa-Rasooluhoo wa-q̣aaloo ḥasbunal laahu sayuʹteenal laahu miñ faḍlihee wa-Rasooluhooo ʹinnaaa ʹilal laahi raag̣iboon.

ভাল হ’লহেঁতেন আল্লাহ আৰু তেওঁৰ ৰাছুলে সিহঁতক যি প্ৰদান কৰিছে তাত যদি সিহঁতে সন্তুষ্ট থাকিলহেঁতেন আৰু যদি ক’লেহেঁতেন, ‘আল্লাহেই আমাৰ বাবে যথেষ্ট, অচিৰেই আল্লাহে আমাক তেওঁৰ নিজ অনুগ্ৰহেৰে প্ৰদান কৰিব আৰু তেওঁৰ ৰাছুলেও (দান কৰিব); নিশ্চয় আমি আল্লাহৰেই প্ৰতি অনুৰক্ত’।

Verse 9:60

اِنَّمَا الصَّدَقٰتُ لِلْفُقَرَآءِ وَالْمَسٰكِیْنِ وَالْعٰمِلِیْنَ عَلَیْهَا وَالْمُؤَلَّفَةِ قُلُوْبُهُمْ وَفِی الرِّقَابِ وَالْغٰرِمِیْنَ وَفِیْ سَبِیْلِ اللّٰهِ وَابْنِ السَّبِیْلِ ؕ فَرِیْضَةً مِّنَ اللّٰهِ ؕ وَاللّٰهُ عَلِیْمٌ حَكِیْمٌ ۟

ʹInnamaṣ Ṣadaq̣aatu lilfuq̣araaaʹi walmasaakeeni wal-ʻaamileena ʻalayhaa wal-muʹallafati q̣uloobuhum wa-fir riq̣aabi walg̣aarimeena wa-fee Sabeelil laahi wabnis sabeel: fareeḍatam minal laah, wal-laahu ʻAleemun Ḥakeem.

(ফৰজ) ছাদাক্বা হৈছে কেৱল ফকীৰ, মিছকীন আৰু ছাদাক্বা আদায়ৰ কামত নিয়োজিত কৰ্মচাৰীসকলৰ বাবে, আৰু যাৰ অন্তৰ (সত্যৰ প্ৰতি) আকৃষ্ট কৰাৰ আৱশ্যক তাৰ বাবে, দাসমুক্তিৰ বাবে, ঋণগ্ৰস্তসকলৰ বাবে, আল্লাহৰ পথৰ বাবে লগতে (বিপদগ্ৰস্ত) মুছাফিৰসকলৰ বাবে। এইটো হৈছে আল্লাহৰ তৰফৰ পৰা নিৰ্ধাৰিত (ফৰজ বিধান)। আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।

Verse 9:61

وَمِنْهُمُ الَّذِیْنَ یُؤْذُوْنَ النَّبِیَّ وَیَقُوْلُوْنَ هُوَ اُذُنٌ ؕ قُلْ اُذُنُ خَیْرٍ لَّكُمْ یُؤْمِنُ بِاللّٰهِ وَیُؤْمِنُ لِلْمُؤْمِنِیْنَ وَرَحْمَةٌ لِّلَّذِیْنَ اٰمَنُوْا مِنْكُمْ ؕ وَالَّذِیْنَ یُؤْذُوْنَ رَسُوْلَ اللّٰهِ لَهُمْ عَذَابٌ اَلِیْمٌ ۟

Wa-minhumul laẓeena yuʹẓoonan Nabiyya wa-yaq̣ooloona Huwa ʹuẓun. Q̣ul ʹuẓunu khayril lakum yuʹminu billaahi wa-yuʹminu lil-muʹmineena wa-Raḥmatul lil-laẓeena ʹaamanoo miñkum. Wallaẓeena yuʹẓoona Rasoolal laahi lahum ʻaẓaabun ʹaleem.

আৰু সিহঁতৰ মাজত এনেকুৱা কিছুমান মানুহো আছে যিসকলে নবীক কষ্ট দিয়ে আৰু কয়, ‘এওঁ দেখোন প্ৰত্যেক কথাতে কৰ্ণপাত কৰে’। কোৱা, ‘তোমালোকৰ বাবে যি মঙ্গল তেওঁ কেৱল সেইটোৱে শুনে’। তেওঁ আল্লাহৰ ওপৰত বিশ্বাস কৰে আৰু মুমিনসকলকো বিশ্বাস কৰে; আৰু তোমালোকৰ মাজৰ যিসকলে ঈমান আনিছে তেওঁলোকৰ বাবে তেওঁ হৈছে ৰহমত। যিসকলে আল্লাহৰ ৰাছুলক কষ্ট দিয়ে, সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।

Verse 9:62

یَحْلِفُوْنَ بِاللّٰهِ لَكُمْ لِیُرْضُوْكُمْ ۚ وَاللّٰهُ وَرَسُوْلُهٗۤ اَحَقُّ اَنْ یُّرْضُوْهُ اِنْ كَانُوْا مُؤْمِنِیْنَ ۟

Yaḥlifoona billaahi lakum liyurḍookum: wallaahu wa-Rasooluhooo ʹaḥaq̣q̣u ʹañy yurzoohu ʹiñ kaanoo Muʹmineen.

সিহঁতে তোমালোকক সন্তুষ্ট কৰিবলৈহে তোমালোকৰ ওচৰত আল্লাহৰ শপত লয়। অথচ আল্লাহ আৰু তেওঁৰ ৰাছুলকহে বেছি সন্তুষ্ট কৰা উচিত, যদিহে সিহঁত প্ৰকৃত মুমিন।

Verse 9:63

اَلَمْ یَعْلَمُوْۤا اَنَّهٗ مَنْ یُّحَادِدِ اللّٰهَ وَرَسُوْلَهٗ فَاَنَّ لَهٗ نَارَ جَهَنَّمَ خَالِدًا فِیْهَا ؕ ذٰلِكَ الْخِزْیُ الْعَظِیْمُ ۟

ʹAlam yaʻlamooo ʹannahoo mañy yuḥaadidil laaha wa-Rasoolahoo faʹanna lahoo naara Jahannama khaalidañ feehaa. Ẓaalikal khizyul ʻaz̤̣eem.

সিহঁতে নাজানে নেকি যে, যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰোধিতা কৰিব তাৰ বাবে আছে জাহান্নামৰ জুই, য’ত সি চিৰকাল থাকিব? এইটোৱেই হৈছে চৰম লাঞ্ছনা।

Verse 9:64

یَحْذَرُ الْمُنٰفِقُوْنَ اَنْ تُنَزَّلَ عَلَیْهِمْ سُوْرَةٌ تُنَبِّئُهُمْ بِمَا فِیْ قُلُوْبِهِمْ ؕ قُلِ اسْتَهْزِءُوْا ۚ اِنَّ اللّٰهَ مُخْرِجٌ مَّا تَحْذَرُوْنَ ۟

Yaḥẓarul Munaafiq̣oona ʹañ tunazzala ʻalayhim sooratuñ tunabbiʹuhum̃ bimaa fee q̣uloobihim. Q̣ulis tahziʹoo! ʹInnal laaha mukhrijum maa taḥẓaroon.

মুনাফিকসকলে (সদায়) আশংকা কৰে যে, জানোচা সিহঁতৰ বিষয়ে এনে কোনো ছুৰা অৱতীৰ্ণ হয়েই নেকি, যিটোৱে সিহঁতৰ অন্তৰৰ কথাবোৰ প্ৰকাশ কৰি দিব! কোৱা, ‘তোমালোকে বিদ্ৰূপ কৰি থাকা; তোমালোকে যিটো বিষয়ক ভয় কৰি আছা নিশ্চয় আল্লাহে সেইটো প্ৰকাশ কৰি দিব’।

Verse 9:65

وَلَىِٕنْ سَاَلْتَهُمْ لَیَقُوْلُنَّ اِنَّمَا كُنَّا نَخُوْضُ وَنَلْعَبُ ؕ قُلْ اَبِاللّٰهِ وَاٰیٰتِهٖ وَرَسُوْلِهٖ كُنْتُمْ تَسْتَهْزِءُوْنَ ۟

Wa-laʹiñ saʹaltahum layaq̣oolunna ʹinnamaa kunnaa nakhooḍu wa-nalʻab. Q̣ul ʹabillaahi wa-ʹAayaatihee wa-Rasoolihee kuñtum tastahziʹoon.

আৰু যদি তুমি সিহঁতক সোধা তেন্তে নিশ্চয় সিহঁতে ক’ব, ‘আমি কেৱল আলাপ-আলোচনা আৰু হাঁহি-ধেমালিহে কৰিছিলোঁ’। কোৱা, ‘তোমালোকে আল্লাহ আৰু তেওঁৰ আয়াতসমূহক লগতে তেওঁৰ ৰাছুলকেই বিদ্ৰূপ কৰিবলৈ পালানে’?

Verse 9:66

لَا تَعْتَذِرُوْا قَدْ كَفَرْتُمْ بَعْدَ اِیْمَانِكُمْ ؕ اِنْ نَّعْفُ عَنْ طَآىِٕفَةٍ مِّنْكُمْ نُعَذِّبْ طَآىِٕفَةًۢ بِاَنَّهُمْ كَانُوْا مُجْرِمِیْنَ ۟۠

Laa- taʻtaẓiroo q̣ad kafartum baʻda ʹeemaanikum. ʹIn naʻfu ʻañ ṭaaaʹifatim miñkum nuʻaẓẓib ṭaaaʹifatam biʹannahum kaanoo mujrimeen.

‘তোমালোকে এতিয়া ওজৰ-আপত্তি নকৰিবা। (কাৰণ) নিশ্চয় তোমালোকে ঈমান পোষণ কৰাৰ পিছত আকৌ কুফুৰী কৰিছা। আমি তোমালোকৰ মাজৰ কিছুমানক ক্ষমা কৰিলেও আন কিছুমানক শাস্তি প্ৰদান কৰিমেই—কাৰণ নিশ্চিতভাৱে সিহঁত হৈছে অপৰাধী’।

Verse 9:67

اَلْمُنٰفِقُوْنَ وَالْمُنٰفِقٰتُ بَعْضُهُمْ مِّنْ بَعْضٍ ۘ یَاْمُرُوْنَ بِالْمُنْكَرِ وَیَنْهَوْنَ عَنِ الْمَعْرُوْفِ وَیَقْبِضُوْنَ اَیْدِیَهُمْ ؕ نَسُوا اللّٰهَ فَنَسِیَهُمْ ؕ اِنَّ الْمُنٰفِقِیْنَ هُمُ الْفٰسِقُوْنَ ۟

ʹAl-Munaafiq̣oona wal-Munaafiq̣aatu baʻḍuhum mim baʻḍ. Yaʹmuroona bilmuñkari wa-yanhawna ʻanil maʻroofi wa-yaq̣biḍoona ʹaydiyahum. Nasul laaha fanasiyahum. ʹInnal Munaafiq̣eena humul faasiq̣oon.

মুনাফিক পুৰুষ আৰু মুনাফিক নাৰীসকল ইজনে সিজনৰ অনুৰূপ, সিহঁতে অসৎকৰ্মৰ আদেশ দিয়ে আৰু সৎকৰ্মৰ পৰা বিৰত ৰাখে, লগতে সিহঁতে (আল্লাহৰ পথত ব্যয় কৰাৰ ক্ষেত্ৰত) নিজৰ হাত সংকুচিত কৰি ৰাখে, দৰাচলতে সিহঁতে আল্লাহক পাহৰি গৈছে, ফলত আল্লাহেও সিহঁতক এৰি দিছে; নিশ্চয় মুনাফিকসকল হৈছে ফাছিক্ব (অতি অবাধ্য)।

Verse 9:68

وَعَدَ اللّٰهُ الْمُنٰفِقِیْنَ وَالْمُنٰفِقٰتِ وَالْكُفَّارَ نَارَ جَهَنَّمَ خٰلِدِیْنَ فِیْهَا ؕ هِیَ حَسْبُهُمْ ۚ وَلَعَنَهُمُ اللّٰهُ ۚ وَلَهُمْ عَذَابٌ مُّقِیْمٌ ۟ۙ

Waʻadal laahul Munaafiq̣eena wal-Munaafiq̣aati wal-Kuffaara naara Jahannama khaalideena feehaa. Hiya ḥasbuhum: wa-laʻanahumul laah, wa-lahum ʻaẓaabum muq̣eem.

আল্লাহে মুনাফিক পুৰুষ, মুনাফিক নাৰী আৰু কাফিৰসকলক জাহান্নামৰ অগ্নিৰ প্ৰতিশ্ৰুতি দিছে। য’ত সিহঁতে চিৰকাল থাকিব, এইটোৱে সিহঁতৰ বাবে যথেষ্ট; আৰু আল্লাহে সিহঁতক অভিশাপ কৰিছে আৰু সিহঁতৰ বাবে আছে স্থায়ী শাস্তি;

Verse 9:69

كَالَّذِیْنَ مِنْ قَبْلِكُمْ كَانُوْۤا اَشَدَّ مِنْكُمْ قُوَّةً وَّاَكْثَرَ اَمْوَالًا وَّاَوْلَادًا ؕ فَاسْتَمْتَعُوْا بِخَلَاقِهِمْ فَاسْتَمْتَعْتُمْ بِخَلَاقِكُمْ كَمَا اسْتَمْتَعَ الَّذِیْنَ مِنْ قَبْلِكُمْ بِخَلَاقِهِمْ وَخُضْتُمْ كَالَّذِیْ خَاضُوْا ؕ اُولٰٓىِٕكَ حَبِطَتْ اَعْمَالُهُمْ فِی الدُّنْیَا وَالْاٰخِرَةِ ۚ وَاُولٰٓىِٕكَ هُمُ الْخٰسِرُوْنَ ۟

Kallaẓeena miñ q̣ablikum kaanooo ʹashadda miñkum q̣uwwatañw waʹaks̤ara ʹamwaalañw Waʹawlaadaa. Fastamtaʻoo bikhalaaq̣ihim fastamtaʻtum̃ bikhalaaq̣ikum kamas tamtaʻal laẓeena miñ q̣ablikum̃ bikhalaaq̣ihim wa-khuḍtum kallaẓee khaaḍoo. ʹUlaaaʹika ḥabiṭat ʹaʻmaaluhum fid dunyaa wal-ʹAakhirah; wa-ʹulaaaʹika humul khaasiroon.

(তোমালোকেও) সিহঁতৰ দৰেই, যিসকল তোমালোকৰ পূৰ্বে আছিল, সিহঁত শক্তি-সামৰ্থত তোমালোকতকৈও অধিক প্ৰবল আছিল আৰু সিহঁতৰ ধন-সম্পদ তথা সন্তান-সন্ততি আছিল তোমালোকতকৈও বেছি। এতেকে সিহঁতৰ ভাগ্যত যি আছিল সেইটো সিহঁতে ভোগ কৰিছে; আৰু তোমালোকেও তোমালোকৰ ভাগ্যত যি আছিল সেইটো উপভোগ কৰিলা, যেনেকৈ তোমালোকৰ পূৰ্বৱৰ্তীসকলে সিহঁতৰ ভাগ্যত যি আছিল ভোগ কৰিছে। তোমালোকেও সেইদৰেই অনৰ্থক আলাপ-আলোচনাত লিপ্ত আছা যেনেকুৱা অনৰ্থক আলাপ-আলোচনাত সিহঁত লিপ্ত আছিল। সিহঁতৰ (নেক) আমলসমূহ পৃথিৱী আৰু আখিৰাতত নিষ্ফল হৈ গৈছে, আৰু সিহঁতেই হৈছে ক্ষতিগ্ৰস্ত।

Verse 9:70

اَلَمْ یَاْتِهِمْ نَبَاُ الَّذِیْنَ مِنْ قَبْلِهِمْ قَوْمِ نُوْحٍ وَّعَادٍ وَّثَمُوْدَ ۙ۬ وَقَوْمِ اِبْرٰهِیْمَ وَاَصْحٰبِ مَدْیَنَ وَالْمُؤْتَفِكٰتِ ؕ اَتَتْهُمْ رُسُلُهُمْ بِالْبَیِّنٰتِ ۚ فَمَا كَانَ اللّٰهُ لِیَظْلِمَهُمْ وَلٰكِنْ كَانُوْۤا اَنْفُسَهُمْ یَظْلِمُوْنَ ۟

ʹAlam yaʹtihim naba ʹullaẓeena miñ q̣ablihim q̣awmi Nooḥiñw WaʻAadiñw wa-S̤amooda wa-q̣awmi ʹIbraaheema wa-ʹAṣḥaabi Madyana wal-Muʹtafikaat. ʹAtathum rusuluhum̃ bilbayyinaat. Famaa kaanal laahu liyaz̤̣limahum wa-laakiñ kaanooo ʹañfusahum yaz̤̣limoon.

সিহঁতৰ ওচৰলৈ সিহঁতৰ পূৰ্বৱৰ্তী সম্প্ৰদায়সমূহ যেনে নূহ, আদ আৰু ছামূদ সম্প্ৰদায়, লগতে ইব্ৰাহীমৰ সম্প্ৰদায় আৰু মাদয়ানৰ অধিবাসীসকলৰ লগতে বিধ্বস্ত নগৰৰ অধিবাসীসকলৰ সংবাদ অহা নাইনে? সিহঁতৰ ওচৰলৈ সিহঁতৰ ৰাছুলসকলে স্পষ্ট প্ৰমাণ লৈ আহিছিল। এতেকে আল্লাহে সিহঁতৰ ওপৰত অন্যায় কৰা নাই বৰং সিহঁত নিজেই নিজৰ প্ৰতিহে অন্যায় কৰিছিল।

Verse 9:71

وَالْمُؤْمِنُوْنَ وَالْمُؤْمِنٰتُ بَعْضُهُمْ اَوْلِیَآءُ بَعْضٍ ۘ یَاْمُرُوْنَ بِالْمَعْرُوْفِ وَیَنْهَوْنَ عَنِ الْمُنْكَرِ وَیُقِیْمُوْنَ الصَّلٰوةَ وَیُؤْتُوْنَ الزَّكٰوةَ وَیُطِیْعُوْنَ اللّٰهَ وَرَسُوْلَهٗ ؕ اُولٰٓىِٕكَ سَیَرْحَمُهُمُ اللّٰهُ ؕ اِنَّ اللّٰهَ عَزِیْزٌ حَكِیْمٌ ۟

Wal-Muʹminoona Wal-Muʹminaatu baʻḍuhum ʹawliyaaaʹu baʻḍ. Yaʹmuroona bilmaʻroofi wa-yanhawna ʻanil muñkari wa-yuq̣eemoonaṣ Ṣalaata wa-yuʹtoonaz Zakaata wa-yuṭeeʻoonal laaha wa-Rasoolah. ʹUlaaaʹika sayarḥamuhumul laah; ʹinnal laaha ʻAzeezun Ḥakeem.

মুমিন পুৰুষ আৰু মুমিনা নাৰী হৈছে ইজনে সিজনৰ অভিভাৱক, তেওঁলোকে সৎকৰ্মৰ আদেশ দিয়ে আৰু অসৎকৰ্মৰ পৰা বাধা প্ৰদান কৰে, ছালাত কায়েম কৰে, যাকাত প্ৰদান কৰে, লগতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰে; এওঁলোকৰ ওপৰতেই আল্লাহে অনতিপলমে দয়া কৰিব। নিশ্চয় আল্লাহ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।

Verse 9:72

وَعَدَ اللّٰهُ الْمُؤْمِنِیْنَ وَالْمُؤْمِنٰتِ جَنّٰتٍ تَجْرِیْ مِنْ تَحْتِهَا الْاَنْهٰرُ خٰلِدِیْنَ فِیْهَا وَمَسٰكِنَ طَیِّبَةً فِیْ جَنّٰتِ عَدْنٍ ؕ وَرِضْوَانٌ مِّنَ اللّٰهِ اَكْبَرُ ؕ ذٰلِكَ هُوَ الْفَوْزُ الْعَظِیْمُ ۟۠

Waʻadal laahul Muʹ-mineena wal-Muʹminaati Jannaatiñ tajree miñ taḥtihal ʹanhaaru khaalideena feehaa wa-masaakina ṭayyibatañ fee Jannaati ʻAdn. Wa-Riḍwaanum minal laahi ʹakbar: ẓaalika huwal fawzul ʻaz̤̣eem.

আল্লাহে মুমিন পুৰুষ আৰু মুমিনা নাৰীসকলক এনেকুৱা জান্নাতৰ প্ৰতিশ্ৰুতি দিছে—যাৰ তলত নদীসমূহ প্ৰবাহিত, তাত তেওঁলোক স্থায়ী হ’ব; আৰু (প্ৰতিশ্ৰুতি দিছে) স্থায়ী জান্নাতসমূহত উত্তম বাসস্থানৰ, আৰু আল্লাহৰ সন্তুষ্টিয়েই হৈছে সৰ্বশ্ৰেষ্ঠ। এইটোৱেই হৈছে মহাসফলতা।

Verse 9:73

یٰۤاَیُّهَا النَّبِیُّ جَاهِدِ الْكُفَّارَ وَالْمُنٰفِقِیْنَ وَاغْلُظْ عَلَیْهِمْ ؕ وَمَاْوٰىهُمْ جَهَنَّمُ ؕ وَبِئْسَ الْمَصِیْرُ ۟

Yaaaʹayyuhan Nabiyyu jaahidil kuffaara wal-Munaafiq̣eena wag̣luz̤̣ ʻalayhim. Wa-maʹwaahum Jahannam: wa-biʹsal maṣeer.

হে নবী! কাফিৰ আৰু মুনাফিকসকলৰ বিৰুদ্ধে তুমি জিহাদ কৰা, সিহঁতৰ প্ৰতি কঠোৰ হোৱা; সিহঁতৰ আবাসস্থল হৈছে জাহান্নাম, আৰু সেইটো কিমান যে নিকৃষ্ট প্ৰত্যাৱৰ্তনস্থল!

Verse 9:74

یَحْلِفُوْنَ بِاللّٰهِ مَا قَالُوْا ؕ وَلَقَدْ قَالُوْا كَلِمَةَ الْكُفْرِ وَكَفَرُوْا بَعْدَ اِسْلَامِهِمْ وَهَمُّوْا بِمَا لَمْ یَنَالُوْا ۚ وَمَا نَقَمُوْۤا اِلَّاۤ اَنْ اَغْنٰىهُمُ اللّٰهُ وَرَسُوْلُهٗ مِنْ فَضْلِهٖ ۚ فَاِنْ یَّتُوْبُوْا یَكُ خَیْرًا لَّهُمْ ۚ وَاِنْ یَّتَوَلَّوْا یُعَذِّبْهُمُ اللّٰهُ عَذَابًا اَلِیْمًا ۙ فِی الدُّنْیَا وَالْاٰخِرَةِ ۚ وَمَا لَهُمْ فِی الْاَرْضِ مِنْ وَّلِیٍّ وَّلَا نَصِیْرٍ ۟

Yaḥlifoona billaahi maa- q̣aaloo. Wa-laq̣ad q̣aaloo kalimatal kufri wa-kafaroo baʻda ʹIslaamihim wa-hammoo bimaa lam yanaaloo: wa-maa naq̣amooo ʹillaaa ʹan ʹag̣naahumul laahu wa-Rasooluhoo miñ faḍlih! Faʹiñy yatooboo yaku khayral lahum; wa-ʹiñy yatawal-law yuʻaẓẓibhumul laahu ʻaẓaaban ʻaleemañ fid dunyaa wal-ʹAakhirah; wa-maa lahum fil ʹarḍi miñw waliyyiñw walaa naṣeer.

সিহঁতে আল্লাহৰ শপত খাই কয় যে, সিহঁতে একো কোৱা নাই; অথচ সিহঁতে কুফুৰী বাক্য কৈছে আৰু ইছলাম গ্ৰহণৰ পিছত আকৌ কুফুৰী কৰিছে; সিহঁতে এনেকুৱা বিষয়ৰ সংকল্প কৰিছিল যিটো সিহঁতে কাৰ্যকৰী কৰিব পৰা নাই। আল্লাহ আৰু তেওঁৰ ৰাছুলে নিজ অনুগ্ৰহত তেওঁলোকক (মুছলিমসকলক) অভাৱমুক্ত কৰিছিল বুলিয়ে সিহঁতে (কাফিৰ-মুনাফিকসকলে) বিৰোধিতা কৰিছিল। এতেকে যদি সিহঁতে তাওবা কৰে তেন্তে সিহঁতৰ বাবে কল্যাণকৰ হ’ব, আৰু যদি সিহঁতে মুখ ঘূৰাই লয় তেন্তে আল্লাহে পৃথিৱী আৰু আখিৰাতত সিহঁতক যন্ত্ৰণাদায়ক শাস্তি দিব; ভূ-পৃষ্ঠত সিহঁতৰ কোনো অভিভাৱক নাই, আৰু কোনো সাহায্যকাৰীও নাই।

Verse 9:75

وَمِنْهُمْ مَّنْ عٰهَدَ اللّٰهَ لَىِٕنْ اٰتٰىنَا مِنْ فَضْلِهٖ لَنَصَّدَّقَنَّ وَلَنَكُوْنَنَّ مِنَ الصّٰلِحِیْنَ ۟

Wa-minhum man ʻaahadal laaha laʹin ʹaataanaa miñ faḍlihee lanaṣṣaddaq̣anna wa-lanakoonanna minaṣ Ṣaaliḥeen.

আৰু সিহঁতৰ কিছুমানে আল্লাহৰ ওচৰত অঙ্গীকাৰ কৰিছিল যে, ‘আল্লাহে নিজ কৃপাত আমাক দান কৰিলে আমি নিশ্চয় ছাদাক্বা কৰিম তথা সৎকৰ্মশীলসকলৰ অন্তৰ্ভুক্ত হম’।

Verse 9:76

فَلَمَّاۤ اٰتٰىهُمْ مِّنْ فَضْلِهٖ بَخِلُوْا بِهٖ وَتَوَلَّوْا وَّهُمْ مُّعْرِضُوْنَ ۟

Falammaaa ʹaataahum miñ faḍlihee bakhiloo bihee wa-tawallaw wahum muʻriḍoon.

তাৰ পিছত যেতিয়া তেওঁ সিহঁতক নিজ অনুগ্ৰহৰ পৰা দান কৰিলে, তেতিয়া সিহঁতে এই বিষয়ে কৃপণতা কৰিলে আৰু বিমুখ হৈ উভতি গ'ল।

Verse 9:77

فَاَعْقَبَهُمْ نِفَاقًا فِیْ قُلُوْبِهِمْ اِلٰی یَوْمِ یَلْقَوْنَهٗ بِمَاۤ اَخْلَفُوا اللّٰهَ مَا وَعَدُوْهُ وَبِمَا كَانُوْا یَكْذِبُوْنَ ۟

Faʹaʻq̣abahum nifaaq̣añ fee q̣uloobihim ʹilaa yawmi yalq̣awnahoo bimaaa ʹakhlaful laaha maa- waʻadoohu wa-bimaa kaanoo yakẓiboon.

পৰিণামস্বৰূপে তেওঁ সিহঁতৰ অন্তৰত নিফাক্ব ৰাখি দিলে সেই দিৱসলৈকে যিদিনা সিহঁতে আল্লাহৰ লগত সাক্ষাৎ কৰিব। কাৰণ সিহঁতে আল্লাহৰ সৈতে কৰা অঙ্গীকাৰ ভংগ কৰিছিল, লগতে মিছা কৈছিল।

Verse 9:78

اَلَمْ یَعْلَمُوْۤا اَنَّ اللّٰهَ یَعْلَمُ سِرَّهُمْ وَنَجْوٰىهُمْ وَاَنَّ اللّٰهَ عَلَّامُ الْغُیُوْبِ ۟ۚ

ʹAlam yaʻlamooo ʹannal laaha yaʻlamu sirrahum wa-najwaahum wa-ʹannal laaha ʻAllaamul g̣uyoob.

সিহঁতে নাজানে নেকি যে, নিশ্চয় আল্লাহে সিহঁতৰ অন্তৰৰ গোপন কথা আৰু সিহঁতৰ গোপন পৰামৰ্শৰ বিষয়ে জানে? আৰু নিশ্চয় আল্লাহ গায়েব সম্পৰ্কে সম্যক অৱগত।

Verse 9:79

اَلَّذِیْنَ یَلْمِزُوْنَ الْمُطَّوِّعِیْنَ مِنَ الْمُؤْمِنِیْنَ فِی الصَّدَقٰتِ وَالَّذِیْنَ لَا یَجِدُوْنَ اِلَّا جُهْدَهُمْ فَیَسْخَرُوْنَ مِنْهُمْ ؕ سَخِرَ اللّٰهُ مِنْهُمْ ؗ وَلَهُمْ عَذَابٌ اَلِیْمٌ ۟

ʹAllaẓeena yalmizoonal muṭṭawwiʻeena minal Muʹmineena fiṣ ṣadaq̣aati wallaẓeena laa- yajidoona ʹillaa juhdahum fayaskharoona minhum,― sakhiral laahu minhum: wa-lahum ʻaẓaabun ʹaleem.

মুমিনসকলৰ মাজৰ যিসকলে স্বতঃস্ফূৰ্তভাৱে ছাদাক্বা দিয়ে আৰু যিসকলে নিজ শ্ৰমৰ বাহিৰে একোৱে নাপায়, তেওঁলোকক যিসকলে দোষাৰোপ কৰে। তাৰ পিছত সিহঁতক লৈ উপহাস কৰে, (এনে প্ৰকৃতিৰ লোকক) আল্লাহে উপহাস কৰে আৰু সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।

Verse 9:80

اِسْتَغْفِرْ لَهُمْ اَوْ لَا تَسْتَغْفِرْ لَهُمْ ؕ اِنْ تَسْتَغْفِرْ لَهُمْ سَبْعِیْنَ مَرَّةً فَلَنْ یَّغْفِرَ اللّٰهُ لَهُمْ ؕ ذٰلِكَ بِاَنَّهُمْ كَفَرُوْا بِاللّٰهِ وَرَسُوْلِهٖ ؕ وَاللّٰهُ لَا یَهْدِی الْقَوْمَ الْفٰسِقِیْنَ ۟۠

ʹIstag̣fir lahum ʹaw laa- tastag̣fir lahum: ʹiñ tastag̣fir lahum sabʻeena marratañ falañy yag̣firal laahu lahum. Ẓaalika biʹannahum kafaroo billaahi wa-Rasoolih: wallaahu laa- yahdil q̣awmal faasiq̣een.

তুমি সিহঁতৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা বা নকৰা একেই কথা; তুমি যদি সিহঁতৰ বাবে সত্তৰ বাৰো ক্ষমা প্ৰাৰ্থনা কৰা তথাপিও আল্লাহে সিহঁতক কেতিয়াও ক্ষমা নকৰে। এইটো এই কাৰণে যে, সিহঁতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সৈতে কুফুৰী কৰিছে; আৰু আল্লাহে ফাছিক্ব সম্প্ৰদায়ক হিদায়ত নিদিয়ে।

Verse 9:81

فَرِحَ الْمُخَلَّفُوْنَ بِمَقْعَدِهِمْ خِلٰفَ رَسُوْلِ اللّٰهِ وَكَرِهُوْۤا اَنْ یُّجَاهِدُوْا بِاَمْوَالِهِمْ وَاَنْفُسِهِمْ فِیْ سَبِیْلِ اللّٰهِ وَقَالُوْا لَا تَنْفِرُوْا فِی الْحَرِّ ؕ قُلْ نَارُ جَهَنَّمَ اَشَدُّ حَرًّا ؕ لَوْ كَانُوْا یَفْقَهُوْنَ ۟

Fariḥal mukhallafoona bimaq̣ʻadihim khilaafa Rasoolil laahi wa-karihooo ʹañy yujaahidoo biʹamwaalihim wa-ʹañfusihim fee Sabeelil laahi waq̣aaloo laa- tañfiroo fil ḥarr. Q̣ul Naaru Jahannama ʹashaddu ḥarraa: Law kaanoo yafq̣ahoon!

(তাবুকৰ অভিযানত) পিছত ৰৈ যোৱা লোকসকলে আল্লাহৰ ৰাছুলৰ বিৰুদ্ধাচৰণ কৰি বহি থকাকে আনন্দবোধ কৰিলে আৰু সিহঁতৰ ধন-সম্পদ আৰু জীৱনৰ দ্বাৰা আল্লাহৰ পথত জিহাদ কৰাক অপছন্দ কৰিলে। ইয়াৰ ওপৰিও সিহঁতে ক’লে, ‘গৰমৰ মাজত তোমালোকে অভিযানলৈ ওলাই নাযাবা’। কোৱা, ‘জাহান্নামৰ জুই ইয়াতকৈও বেছি উত্তপ্ত’, যদি সিহঁতে বুজিলেহেঁতেন!

Verse 9:82

فَلْیَضْحَكُوْا قَلِیْلًا وَّلْیَبْكُوْا كَثِیْرًا ۚ جَزَآءً بِمَا كَانُوْا یَكْسِبُوْنَ ۟

Falyaḍḥakoo q̣aleelañw walyabkoo kas̤eeraa: jazaaaʹam bimaa kaanoo yaksiboon.

দৰাচলতে সিহঁতে যি অৰ্জন কৰিছে তাৰ প্ৰতিফল হিচাপে সিহঁতে কমকৈ হঁহা উচিত আৰু বেছিকৈ কান্দা উচিত।

Verse 9:83

فَاِنْ رَّجَعَكَ اللّٰهُ اِلٰی طَآىِٕفَةٍ مِّنْهُمْ فَاسْتَاْذَنُوْكَ لِلْخُرُوْجِ فَقُلْ لَّنْ تَخْرُجُوْا مَعِیَ اَبَدًا وَّلَنْ تُقَاتِلُوْا مَعِیَ عَدُوًّا ؕ اِنَّكُمْ رَضِیْتُمْ بِالْقُعُوْدِ اَوَّلَ مَرَّةٍ فَاقْعُدُوْا مَعَ الْخٰلِفِیْنَ ۟

Faʹir rajaʻakal laahu ʹilaa ṭaaaʹifatim minhum fastaʹẓanooka lilkhurooji faq̣ul lañ takhrujoo maʻiya ʹabadañw Walañ tuq̣aatiloo maʻiya ʻaduwwaa. ʹInnakum raḍeetum̃ bilq̣uʻoodi ʹawwala marratiñ faq̣ʻudoo maʻal khaalifeen.

এতেকে যদি আল্লাহে তোমাক (মাদীনালৈ) সিহঁতৰ কোনো দলৰ ওচৰত ঘূৰাই আনে আৰু সিহঁতে (কোনো অভিযানত) ওলাবলৈ তোমাৰ ওচৰত অনুমতি বিচাৰে, তেতিয়া তুমি (সিহঁতক) ক’বা, ‘তোমালোকে মোৰ লগত কেতিয়াও ওলাব নোৱাৰা আৰু তোমালোকে মোৰ সংগী হৈও কেতিয়াও শত্ৰুৰ লগত যুদ্ধ কৰিব নোৱাৰিবা। তোমালোকে প্ৰথমেই বহি থকাক পছন্দ কৰিছিলা; সেয়ে তোমালোকে পিছত ৰৈ যোৱাবিলাকৰ লগত বহি থাকা’।

Verse 9:84

وَلَا تُصَلِّ عَلٰۤی اَحَدٍ مِّنْهُمْ مَّاتَ اَبَدًا وَّلَا تَقُمْ عَلٰی قَبْرِهٖ ؕ اِنَّهُمْ كَفَرُوْا بِاللّٰهِ وَرَسُوْلِهٖ وَمَاتُوْا وَهُمْ فٰسِقُوْنَ ۟

Wa-laa tuṣalli ʻalaaa ʹaḥadim minhum maata ʹabadañw Walaa taq̣um ʻalaa q̣abrih. ʹInnahum kafaroo billaahi wa-Rasoolihee wa-maatoo wa-hum faasiq̣oon.

আৰু সিহঁতৰ মাজৰ কাৰোবাৰ মৃত্যু হ’লেও তুমি কেতিয়াও তাৰ জানাযাৰ ছালাত নপঢ়িবা আৰু তাৰ কবৰৰ ওচৰতো থিয় নহ’বা; নিশ্চয় সিহঁতে আল্লাহ আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰিছিল আৰু ফাছিক্ব অৱস্থাতেই সিহঁতৰ মৃত্যু হৈছে।

Verse 9:85

وَلَا تُعْجِبْكَ اَمْوَالُهُمْ وَاَوْلَادُهُمْ ؕ اِنَّمَا یُرِیْدُ اللّٰهُ اَنْ یُّعَذِّبَهُمْ بِهَا فِی الدُّنْیَا وَتَزْهَقَ اَنْفُسُهُمْ وَهُمْ كٰفِرُوْنَ ۟

Wa-laa tuʻjibka ʹamwaaluhum wa-ʹawlaaduhum! ʹInnamaa yureedul laahu ʹañy yuʻaẓẓibahum̃ bihaa fid dunyaa wa-tazhaq̣a ʹañfusuhum wa-hum kaafiroon.

সিহঁতৰ ধন-সম্পদ আৰু সন্তান-সন্ততিয়ে যাতে তোমাক বিমুগ্ধ নকৰে, আল্লাহে এইবোৰৰ দ্বাৰাই সিহঁতক পাৰ্থিৱ জীৱনত শাস্তি দিব বিচাৰে; আৰু সিহঁতৰ আত্মাই কাফিৰ অৱস্থাতেই দেহ ত্যাগ কৰিব।

Verse 9:86

وَاِذَاۤ اُنْزِلَتْ سُوْرَةٌ اَنْ اٰمِنُوْا بِاللّٰهِ وَجَاهِدُوْا مَعَ رَسُوْلِهِ اسْتَاْذَنَكَ اُولُوا الطَّوْلِ مِنْهُمْ وَقَالُوْا ذَرْنَا نَكُنْ مَّعَ الْقٰعِدِیْنَ ۟

Wa-ʹiẓaaa ʹuñzilat Sooratun ʹan ʹaaminoo billaahi wa-jaahidoo maʻa Rasoolihis taʹẓanaka ʹuluṭ ṭawli minhum wa-q̣aaloo ẓarnaa nakum maʻal q̣aaʻideen.

আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা আৰু ৰাছুলৰ সংগী হৈ জিহাদ কৰা—এই বিষয়ে যেতিয়া কোনো ছুৰা অৱতীৰ্ণ হয় তেতিয়া সিহঁতৰ মাজৰ যিসকলৰ শক্তি-সামৰ্থ আছে সিহঁতে তোমাৰ ওচৰলৈ আহি অনুমতি বিচাৰি কয়, ‘আমাক ৰেহাই দিয়ক, আমি বহি থকা ব্যক্তিসকলৰ লগতে থাকিম’।

Verse 9:87

رَضُوْا بِاَنْ یَّكُوْنُوْا مَعَ الْخَوَالِفِ وَطُبِعَ عَلٰی قُلُوْبِهِمْ فَهُمْ لَا یَفْقَهُوْنَ ۟

Raḍoo biʹañy yakoonoo maʻal khawaalifi waṭubiʻa ʻalaa q̣uloobihim fahum laa- yafq̣ahoon.

সিহঁতে অন্তঃপুৰ নিবাসিনীসকলৰ লগত অৱস্থান কৰাকেই পছন্দ কৰিলে আৰু সিহঁতৰ অন্তৰত মোহৰ মাৰি দিয়া হ’ল; ফলত সিহঁতে একো বুজি নাপায়।

Verse 9:88

لٰكِنِ الرَّسُوْلُ وَالَّذِیْنَ اٰمَنُوْا مَعَهٗ جٰهَدُوْا بِاَمْوَالِهِمْ وَاَنْفُسِهِمْ ؕ وَاُولٰٓىِٕكَ لَهُمُ الْخَیْرٰتُ ؗ وَاُولٰٓىِٕكَ هُمُ الْمُفْلِحُوْنَ ۟

Laakinir Rasoolu wal-laẓeena ʹaamanoo maʻahoo jaahadoo biʹamwaalihim wa-ʹañfusihim. Wa-ʹulaaaʹika lahumul khayraat: wa-ʹulaaaʹika humul Mufliḥoon.

কিন্তু ৰাছুল আৰু তেওঁৰ লগত যিসকলে ঈমান আনিছে তেওঁলোকে নিজৰ সম্পদ আৰু জীৱনৰ দ্বাৰা আল্লাহৰ পথত জিহাদ কৰিছে; তেওঁলোকৰ বাবেই আছে যাৱতীয় কল্যাণ আৰু তেওঁলোকেই হৈছে সাফল্যমণ্ডিত।

Verse 9:89

اَعَدَّ اللّٰهُ لَهُمْ جَنّٰتٍ تَجْرِیْ مِنْ تَحْتِهَا الْاَنْهٰرُ خٰلِدِیْنَ فِیْهَا ؕ ذٰلِكَ الْفَوْزُ الْعَظِیْمُ ۟۠

ʹAʻaddal laahu Lahum Jannaatiñ tajree miñ taḥtihal ʹanhaaru khaalideena feehaa: ẓaalikal fawzul ʻaz̤̣eem.

আল্লাহে তেওঁলোকৰ বাবে জান্নাত প্ৰস্তুত কৰি ৰাখিছে, যাৰ তলত প্ৰবাহিত আছে নদীসমূহ, তেওঁলোকে তাত (সেই জান্নাতত) চিৰকাল থাকিব; এইটোৱেই হৈছে মহাসফলতা।

Verse 9:90

وَجَآءَ الْمُعَذِّرُوْنَ مِنَ الْاَعْرَابِ لِیُؤْذَنَ لَهُمْ وَقَعَدَ الَّذِیْنَ كَذَبُوا اللّٰهَ وَرَسُوْلَهٗ ؕ سَیُصِیْبُ الَّذِیْنَ كَفَرُوْا مِنْهُمْ عَذَابٌ اَلِیْمٌ ۟

Wa-jaaaʹal muʻaẓẓiroona minal ʹAʻraabi liyuʹẓana lahum wa-q̣aʻadal laẓeena kaẓabul laaha wa-Rasoolah. Sayuṣeebul laẓeena kafaroo minhum ʻaẓaabun ʹaleem.

আৰু মৰুবাসীসকলৰ মাজৰ কিছুমান লোকে অজুহাত লৈ আহিল যাতে সিহঁতকো অব্যাহতি দিয়া হয় আৰু যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সৈতে মিছা কৈছিল, সিহঁতে বহিয়ে থাকিল; সিহঁতৰ মাজৰ যিসকলে কুফুৰী কৰিছে অচিৰেই সিহঁতে যন্ত্ৰণাদায়ক শাস্তি পাব।

Verse 9:91

لَیْسَ عَلَی الضُّعَفَآءِ وَلَا عَلَی الْمَرْضٰی وَلَا عَلَی الَّذِیْنَ لَا یَجِدُوْنَ مَا یُنْفِقُوْنَ حَرَجٌ اِذَا نَصَحُوْا لِلّٰهِ وَرَسُوْلِهٖ ؕ مَا عَلَی الْمُحْسِنِیْنَ مِنْ سَبِیْلٍ ؕ وَاللّٰهُ غَفُوْرٌ رَّحِیْمٌ ۟ۙ

Laysa ʻalaḍ ḍuʻafaaaʹi wa-laa ʻalal marḍaa wa-laa ʻalal laẓeena laa- yajidoona maa- yuñfiq̣oona ḥarajun ʹiẓaa naṣaḥoo lillaahi wa-Rasoolih: maa- ʻalal Muḥsineena miñ sabeel: wallaahu G̣afoorur Raḥeem.

কোনো দোষ নাই দুৰ্বলসকলৰ, অসুস্থসকলৰ আৰু যিসকল অৰ্থ ব্যয় কৰিবলৈ অসমৰ্থ, যদি সিহঁত আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি হিতাকাঙ্ক্ষী হয়। মুহছিনসকলৰ বিৰুদ্ধে অভিযোগৰ কোনো পথ নাই; আৰু আল্লাহ ক্ষমাশীল, পৰম দয়ালু।

Verse 9:92

وَّلَا عَلَی الَّذِیْنَ اِذَا مَاۤ اَتَوْكَ لِتَحْمِلَهُمْ قُلْتَ لَاۤ اَجِدُ مَاۤ اَحْمِلُكُمْ عَلَیْهِ ۪ تَوَلَّوْا وَّاَعْیُنُهُمْ تَفِیْضُ مِنَ الدَّمْعِ حَزَنًا اَلَّا یَجِدُوْا مَا یُنْفِقُوْنَ ۟ؕ

Wa-laa ʻalal laẓeena ʹiẓaa maaa ʹatawka litaḥmilahum q̣ulta laaa ʹajidu maaa ʹaḥmilukum ʻalayhi tawallaw waʹaʻyunuhum tafeeḍu minad damʻi ḥazanan ʹallaa yajidoo maa- yuñfiq̣oon.

আৰু সেইসকল লোকৰো কোনো দোষ নাই, যিসকলে তোমাৰ ওচৰলৈ বাহন পোৱাৰ আশাত আহিছিল, তুমি কৈছিলা, ‘তোমালোকৰ বাবে মই কোনো বাহন পোৱা নাই’; তেতিয়া তেওঁলোকে বাধ্য হৈ চকুলো টুকি উভতি গৈছিল এই দুখত যে, তেওঁলোকৰ ওচৰত ব্যয় কৰিব পৰা একো নাই।

Verse 9:93

اِنَّمَا السَّبِیْلُ عَلَی الَّذِیْنَ یَسْتَاْذِنُوْنَكَ وَهُمْ اَغْنِیَآءُ ۚ رَضُوْا بِاَنْ یَّكُوْنُوْا مَعَ الْخَوَالِفِ ۙ وَطَبَعَ اللّٰهُ عَلٰی قُلُوْبِهِمْ فَهُمْ لَا یَعْلَمُوْنَ ۟

ʹInnamas sabeelu ʻalal laẓeena yastaʹẓinoonaka wa-hum ʹag̣niyaaaʹ. Raḍoo biʹañy yakoonoo maʻal khawaalifi waṭabaʻal laahu ʻalaa q̣uloobihim fahum laa- yaʻlamoon.

কিন্তু যিসকল লোকে অভাৱমুক্ত হৈও (যুদ্ধত নোযোৱাৰ) অনুমতি বিচাৰিছিল, নিশ্চয় সিহঁতৰ বিৰুদ্ধে অভিযোগৰ কাৰণ আছে। সিহঁতে অন্তঃপুৰ নিবাসিনীসকলৰ লগত থকাকেই পছন্দ কৰিছিল। সেয়ে আল্লাহে সিহঁতৰ অন্তৰত মোহৰ মাৰি দিছে, ফলত সিহঁতে জ্ঞান লাভ কৰিব নোৱাৰে।

Verse 9:94

یَعْتَذِرُوْنَ اِلَیْكُمْ اِذَا رَجَعْتُمْ اِلَیْهِمْ ؕ قُلْ لَّا تَعْتَذِرُوْا لَنْ نُّؤْمِنَ لَكُمْ قَدْ نَبَّاَنَا اللّٰهُ مِنْ اَخْبَارِكُمْ ؕ وَسَیَرَی اللّٰهُ عَمَلَكُمْ وَرَسُوْلُهٗ ثُمَّ تُرَدُّوْنَ اِلٰی عٰلِمِ الْغَیْبِ وَالشَّهَادَةِ فَیُنَبِّئُكُمْ بِمَا كُنْتُمْ تَعْمَلُوْنَ ۟

Yaʻtaẓiroona ʹilaykum ʹiẓaa rajaʻtum ʹilayhim. Q̣ul laa taʻtaẓiroo lan nuʹmina lakum q̣ad nabbaʹanal laahu min ʹakhbaarikum: wa-sayaral laahu ʻamalakum wa-Rasooluhoo s̤umma turaddoona ʹilaa ʻAalimil g̣aybi washshahaadati fayunabbiʹukum̃ bimaa kuñtum taʻmaloon.

যেতিয়া তোমালোকে সিহঁতৰ ওচৰলৈ উভতি যাবা, তেতিয়া সিহঁতে তোমালোকৰ ওচৰত অজুহাত দেখুৱাব। কোৱা, ‘তোমালোকে অজুহাত নেদেখুৱাবা, আমি তোমালোকক কেতিয়াও বিশ্বাস নকৰোঁ; নিশ্চয় আল্লাহে আমাক তোমালোকৰ বিষয়ে জনাই দিছে আৰু (ভৱিষ্যতেও) আল্লাহে তোমালোকৰ কাৰ্যকলাপ পৰ্যবেক্ষণ কৰিব আৰু তেওঁৰ ৰাছুলেও। তাৰ পিছত তোমালোকক অদৃশ্য আৰু প্ৰকাশ্য সম্পৰ্কে অৱগত মহাজ্ঞানীৰ ওচৰলৈকে ওভতাই নিয়া হ’ব, তেতিয়া তেৱেঁই তোমালোকক জনাব তোমালোকে কি কৰিছিলা’।

Verse 9:95

سَیَحْلِفُوْنَ بِاللّٰهِ لَكُمْ اِذَا انْقَلَبْتُمْ اِلَیْهِمْ لِتُعْرِضُوْا عَنْهُمْ ؕ فَاَعْرِضُوْا عَنْهُمْ ؕ اِنَّهُمْ رِجْسٌ ؗ وَّمَاْوٰىهُمْ جَهَنَّمُ ۚ جَزَآءً بِمَا كَانُوْا یَكْسِبُوْنَ ۟

Sayaḥlifoona billaahi lakum ʹiẓañ q̣alabtum ʹilayhim lituʻriḍoo ʻanhum. Faʹaʻriḍoo ʻanhum: ʹinnahum rijsuñw wamaʹwaahum Jahannam,― jazaaaʹam bi maakaanoo yaksiboon.

তোমালোকে যেতিয়া সিহঁতৰ ওচৰলৈ উভতি যাবা, অচিৰেই সিহঁতে তোমালোকৰ সন্মুখত আল্লাহৰ শপত খাব, যাতে তোমালোকে সিহঁতক উপেক্ষা কৰা। সেয়ে তোমালোকেও সিহঁতক উপেক্ষা কৰা; নিশ্চয় সিহঁত অপৱিত্ৰ আৰু সিহঁতৰ কৃতকৰ্মৰ ফলস্বৰূপে জাহান্নামেই হৈছে সিহঁতৰ আবাসস্থল।

Verse 9:96

یَحْلِفُوْنَ لَكُمْ لِتَرْضَوْا عَنْهُمْ ۚ فَاِنْ تَرْضَوْا عَنْهُمْ فَاِنَّ اللّٰهَ لَا یَرْضٰی عَنِ الْقَوْمِ الْفٰسِقِیْنَ ۟

Yaḥlifoona lakum litarḍaw ʻanhum. Faʹiñ tarḍaw ʻanhum faʹinnal laaha laa- yarḍaa ʻanil q̣awmil faasiq̣een.

সিহঁতে তোমালোকৰ সন্মুখত শপত কৰিব, যাতে তোমালোকে সিহঁতৰ প্ৰতি সন্তুষ্ট হোৱা। এতেকে তোমালোকে সিহঁতৰ প্ৰতি সন্তুষ্ট হ’লেও আল্লাহে ফাছিক্ব সম্প্ৰদায়ৰ প্ৰতি কেতিয়াও সন্তুষ্ট নহয়।

Verse 9:97

اَلْاَعْرَابُ اَشَدُّ كُفْرًا وَّنِفَاقًا وَّاَجْدَرُ اَلَّا یَعْلَمُوْا حُدُوْدَ مَاۤ اَنْزَلَ اللّٰهُ عَلٰی رَسُوْلِهٖ ؕ وَاللّٰهُ عَلِیْمٌ حَكِیْمٌ ۟

ʹAlʹaʻraabu ʹashaddu kufrañw wanifaaq̣añw waʹajdaru ʹallaa yaʻlamoo ḥudooda maaa ʹañzalal laahu ʻalaa Rasoolih: wallaahu ʻAleemun Ḥakeem.

আ’ৰাব বা মৰুবাসীসকল কুফুৰী আৰু নিফাক্বত দৃঢ়তৰ; আৰু আল্লাহে তেওঁৰ ৰাছুলৰ ওপৰত যি অৱতীৰ্ণ কৰিছে, তাৰ সীমাৰেখা সম্পৰ্কে অজ্ঞ থকাৰ সিহঁতে অধিক উপযুক্ত; আৰু (জানি থোৱা) আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।

Verse 9:98

وَمِنَ الْاَعْرَابِ مَنْ یَّتَّخِذُ مَا یُنْفِقُ مَغْرَمًا وَّیَتَرَبَّصُ بِكُمُ الدَّوَآىِٕرَ ؕ عَلَیْهِمْ دَآىِٕرَةُ السَّوْءِ ؕ وَاللّٰهُ سَمِیْعٌ عَلِیْمٌ ۟

Wa-minal ʹAʻraabi mañy yatṭakhiẓu maa- yuñfiq̣u mag̣ramañw wayatarabbaṣu bikumud dawaaaʹir: ʻalayhim daaaʹiratus sawʹ: wallaahu sameeʻun ʻAleem.

আৰু মৰুবাসীসকলৰ মাজত এনেকুৱা কিছুমান মানুহো আছে যিসকলে আল্লাহৰ পথত ব্যয় কৰা দানক জৰিমনা বুলি গণ্য কৰে, লগতে তোমালোকৰ প্ৰতি (কালৰ) আৱৰ্তন (দুঃসময়)ৰ প্ৰতীক্ষা কৰে। সিহঁতৰ ওপৰতেই হওক নিকৃষ্ট বিপৰ্যয়; আৰু আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞানী।

Verse 9:99

وَمِنَ الْاَعْرَابِ مَنْ یُّؤْمِنُ بِاللّٰهِ وَالْیَوْمِ الْاٰخِرِ وَیَتَّخِذُ مَا یُنْفِقُ قُرُبٰتٍ عِنْدَ اللّٰهِ وَصَلَوٰتِ الرَّسُوْلِ ؕ اَلَاۤ اِنَّهَا قُرْبَةٌ لَّهُمْ ؕ سَیُدْخِلُهُمُ اللّٰهُ فِیْ رَحْمَتِهٖ ؕ اِنَّ اللّٰهَ غَفُوْرٌ رَّحِیْمٌ ۟۠

Wa-minal ʹAʻraabi mañy yuʹminu billaahi wal-Yawmil ʹAakhiri Wayattakhiẓu maa- yuñfiq̣u q̣urubaatin ʻiñdal laahi wa-Ṣalawaatir Rasool. ʹAlaaa ʹinnahaa q̣urbatul lahum: Sayudkhiluhumul laahu fee Raḥmatih: ʹinnal laaha G̣afoorur Raḥeem.

আৰু মৰুবাসীসকলৰ মাজত এনেকুৱা ব্যক্তিও আছে যিয়ে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান পোষণ কৰে লগতে যি ব্যয় কৰে তাক আল্লাহৰ সান্নিধ্য আৰু ৰাছুলৰ দুআ লাভৰ উপায় বুলি গণ্য কৰে। জানি থোৱা, নিঃসন্দেহে তেওঁলোকৰ এই দান হৈছে (আল্লাহৰ) সান্নিধ্য লাভৰ উপায়; অচিৰেই আল্লাহে তেওঁলোকক নিজৰ ৰহমতত প্ৰৱেশ কৰাব। নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।

Verse 9:100

وَالسّٰبِقُوْنَ الْاَوَّلُوْنَ مِنَ الْمُهٰجِرِیْنَ وَالْاَنْصَارِ وَالَّذِیْنَ اتَّبَعُوْهُمْ بِاِحْسَانٍ ۙ رَّضِیَ اللّٰهُ عَنْهُمْ وَرَضُوْا عَنْهُ وَاَعَدَّ لَهُمْ جَنّٰتٍ تَجْرِیْ تَحْتَهَا الْاَنْهٰرُ خٰلِدِیْنَ فِیْهَاۤ اَبَدًا ؕ ذٰلِكَ الْفَوْزُ الْعَظِیْمُ ۟

Was-saabiq̣oonal ʹAwwaloona minal Muhaajireena wal-ʹAñṣaari wallaẓeenat tabaʻoohum̃ biʹiḥsaanir raḍiyal laahu ʻanhum wa-raḍoo ʻanhu wa-ʹaʻadda lahum Jannaatiñ tajree taḥtahal ʹanhaaru khaalideena feehaaa ʹabadaa: ẓaalikal fawzul ʻAz̤̣eem.

মুহাজিৰ আৰু আনছাৰসকলৰ মাজত যিসকল (ঈমান পোষণ কৰাৰ ক্ষেত্ৰত) প্ৰথম অগ্ৰগামী, লগতে যিসকলে ইহছানৰ সৈতে তেওঁলোকক অনুসৰণ কৰে, আল্লাহে তেওঁলোকৰ প্ৰতি সন্তুষ্ট হৈছে আৰু তেওঁলোকেও আল্লাহৰ প্ৰতি সন্তুষ্ট হৈছে। আল্লাহে তেওঁলোকৰ বাবে প্ৰস্তুত কৰিছে জান্নাত, যাৰ তলত নদীসমূহ প্ৰবাহিত, তাত তেওঁলোক চিৰস্থায়ী হ’ব। এইটোৱে হৈছে মহাসফলতা।

Verse 9:101

وَمِمَّنْ حَوْلَكُمْ مِّنَ الْاَعْرَابِ مُنٰفِقُوْنَ ۛؕ وَمِنْ اَهْلِ الْمَدِیْنَةِ ؔۛ۫ مَرَدُوْا عَلَی النِّفَاقِ ۫ لَا تَعْلَمُهُمْ ؕ نَحْنُ نَعْلَمُهُمْ ؕ سَنُعَذِّبُهُمْ مَّرَّتَیْنِ ثُمَّ یُرَدُّوْنَ اِلٰی عَذَابٍ عَظِیْمٍ ۟ۚ

Wa-mimman ḥawlakum minal ʹAʻraabi Munaafiq̣oon. Wa-min ʹahlil Madeenati maradoo ʻalan nifaaq̣: laa- taʻlamuhum: naḥnu naʻlamuhum: sanuʻaẓẓibuhum marratayni s̤umma yuraddoona ʹilaa ʻaẓaabin ʻAz̤̣eem.

মৰুবাসীসকলৰ মাজৰ যিসকলে তোমালোকৰ ওচৰে পাঁজৰে আছে সিহঁতৰ কিছুমান হৈছে মুনাফিক, লগতে মদীনাবাসীৰ মাজতো আছে (কিছুমান মুনাফিক), সিহঁতে নিফাক্বৰ চৰম সীমাত উপনীত হৈছে। তুমি সিহঁতক নাজানা; কিন্তু আমি সিহঁতক চিনি পাওঁ। অনতিপলমে আমি সিহঁতক দুবাৰ শাস্তি প্ৰদান কৰিম তাৰ পিছত সিহঁতক মহাশাস্তিৰ পিনে প্ৰত্যাৱৰ্তন কৰোৱা হ’ব।

Verse 9:102

وَاٰخَرُوْنَ اعْتَرَفُوْا بِذُنُوْبِهِمْ خَلَطُوْا عَمَلًا صَالِحًا وَّاٰخَرَ سَیِّئًا ؕ عَسَی اللّٰهُ اَنْ یَّتُوْبَ عَلَیْهِمْ ؕ اِنَّ اللّٰهَ غَفُوْرٌ رَّحِیْمٌ ۟

Wa-ʹaakharoo naʻtarafoo biẓunoobihim khalaṭoo ʻamalañ ṣaaliḥañw waʹaakhara sayyiʹaa. ʻAsal laahu ʹañy yatooba ʻalayhim; ʹinnal laaha G̣afoorur Raḥeem.

আৰু আন কিছুমান লোকে নিজৰ অপৰাধ নিজে স্বীকাৰ কৰিছে, সিহঁতে এটা সৎকৰ্মৰ লগত আন এটা অসৎকৰ্মৰ মিশ্ৰণ ঘটাইছে; সম্ভৱতঃ আল্লাহে সিহঁতক ক্ষমা কৰিব, নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।

Verse 9:103

خُذْ مِنْ اَمْوَالِهِمْ صَدَقَةً تُطَهِّرُهُمْ وَتُزَكِّیْهِمْ بِهَا وَصَلِّ عَلَیْهِمْ ؕ اِنَّ صَلٰوتَكَ سَكَنٌ لَّهُمْ ؕ وَاللّٰهُ سَمِیْعٌ عَلِیْمٌ ۟

Khuẓ min ʹamwaalihim ṣadaq̣atañ tuṭahhiruhum wa-tuzakkeehim̃ bihaa waṣalli ʻalayhim. ʹInna ṣalaataka sakanul lahum: wallaahu Sameeʻun ʻAleem.

তুমি সিহঁতৰ সম্পদৰ পৰা চাদাক্বা গ্ৰহণ কৰা। ইয়াৰ দ্বাৰা তুমি সিহঁতক পৱিত্ৰ কৰিবা আৰু পৰিশোধিত কৰিবা। লগতে তুমি সিহঁতৰ বাবে দুআ কৰা। নিঃসন্দেহে তোমাৰ দুআ হৈছে সিহঁতৰ বাবে প্ৰশান্তিকৰ; আৰু আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞানী।

Verse 9:104

اَلَمْ یَعْلَمُوْۤا اَنَّ اللّٰهَ هُوَ یَقْبَلُ التَّوْبَةَ عَنْ عِبَادِهٖ وَیَاْخُذُ الصَّدَقٰتِ وَاَنَّ اللّٰهَ هُوَ التَّوَّابُ الرَّحِیْمُ ۟

ʹAlam yaʻlamooo ʹannal laaha Huwa yaq̣balut TAWBATA ʻan ʻibaadihee wa-yaʹkhuẓuṣ ṣadaq̣aati wa-ʹannal laaha Huwat Tawwaabur Raḥeem.

সিহঁতে নাজানে নেকি যে, নিশ্চয় আল্লাহেই তেওঁৰ বান্দাসকলৰ তাওবা কবুল কৰে আৰু চাদাক্বাহ গ্ৰহণ কৰে? আৰু নিশ্চয় আল্লাহ তাওবা কবুলকাৰী, পৰম দয়ালু।

Verse 9:105

وَقُلِ اعْمَلُوْا فَسَیَرَی اللّٰهُ عَمَلَكُمْ وَرَسُوْلُهٗ وَالْمُؤْمِنُوْنَ ؕ وَسَتُرَدُّوْنَ اِلٰی عٰلِمِ الْغَیْبِ وَالشَّهَادَةِ فَیُنَبِّئُكُمْ بِمَا كُنْتُمْ تَعْمَلُوْنَ ۟ۚ

Wa-q̣ul iʻmaloo fasayaral laahu ʻamalakum wa-Rasooluhoo wal-Muʹminoon: wa-saturaddoona ʹilaa ʻAalimil g̣aybi washshahaadati fayunabbiʹukum̃ bimaa kuñtum taʻmaloon.

আৰু কোৱা, ‘তোমালোকে আমল কৰা, আল্লাহে তোমালোকৰ আমল দেখিব আৰু তেওঁৰ ৰাছুলেও আৰু মুমিনসকলেও (দেখিব)। অনতিপলমে তোমালোকক ওভতাই নিয়া হ’ব অদৃশ্য আৰু প্ৰকাশ্য সম্পৰ্কে সৰ্বজ্ঞ সত্ত্বা (আল্লাহ)ৰ ওচৰলৈ; অৱশেষত তেৱেঁই তোমালোকক জনাই দিব তোমালোকে কি কৰিছিলা’।

Verse 9:106

وَاٰخَرُوْنَ مُرْجَوْنَ لِاَمْرِ اللّٰهِ اِمَّا یُعَذِّبُهُمْ وَاِمَّا یَتُوْبُ عَلَیْهِمْ ؕ وَاللّٰهُ عَلِیْمٌ حَكِیْمٌ ۟

Wa-ʹaakharoona murjawna liʹamril laahi ʹimmaa yuʻaẓẓibuhum wa-ʹimmaa yatoobu ʻalayhim: wallaahu ʻAleemun Ḥakeem.

আৰু আন কিছুমান লোকৰ বিষয়ে সিদ্ধান্ত আল্লাহৰ আদেশৰ অপেক্ষাত পিছুৱাই দিয়া হ’ল --- তেৱেঁই সিহঁতক শাস্তি দিব নহ’লে ক্ষমা কৰিব। আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।

Verse 9:107

وَالَّذِیْنَ اتَّخَذُوْا مَسْجِدًا ضِرَارًا وَّكُفْرًا وَّتَفْرِیْقًا بَیْنَ الْمُؤْمِنِیْنَ وَاِرْصَادًا لِّمَنْ حَارَبَ اللّٰهَ وَرَسُوْلَهٗ مِنْ قَبْلُ ؕ وَلَیَحْلِفُنَّ اِنْ اَرَدْنَاۤ اِلَّا الْحُسْنٰی ؕ وَاللّٰهُ یَشْهَدُ اِنَّهُمْ لَكٰذِبُوْنَ ۟

Wallaẓeenat takhaẓoo masjidañ ḍiraarañw wakufrañw watafreeq̣am baynal Muʹmineena wa-ʹirṣaadal liman ḥaarabal laaha wa-Rasoolahoo miñ q̣abl. Wa-la-yaḥlifunna ʹin ʹaradnaaa ʹillal ḥusnaa; wallaahu yashhadu ʹinnahum lakaaẓiboon.

আৰু (কিছুমান আছে) যিসকলে ক্ষতিসাধন কৰাৰ উদ্দেশ্যে, কুফুৰী কৰাৰ উদ্দেশ্যে আৰু মুমিনসকলৰ মাজত বিভেদ সৃষ্টি কৰাৰ উদ্দেশ্যে, লগতে ইতিপূৰ্বে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰুদ্ধে যিসকলে যুদ্ধ কৰিছিল সিহঁতৰ গোপন ঘাঁটি হিচাপে ব্যৱহাৰৰ উদ্দেশ্যে (এখন নতুন) মছজিদ নিৰ্মাণ কৰিছে । সিহঁতে নিশ্চয় শপত খাই ক’ব, ‘আমি কেৱল কল্যাণহে কামনা কৰিছিলোঁ’; আৰু আল্লাহে সাক্ষ্য দিয়ে যে, নিঃসন্দেহে সিহঁত মিছলীয়া।

Verse 9:108

لَا تَقُمْ فِیْهِ اَبَدًا ؕ لَمَسْجِدٌ اُسِّسَ عَلَی التَّقْوٰی مِنْ اَوَّلِ یَوْمٍ اَحَقُّ اَنْ تَقُوْمَ فِیْهِ ؕ فِیْهِ رِجَالٌ یُّحِبُّوْنَ اَنْ یَّتَطَهَّرُوْا ؕ وَاللّٰهُ یُحِبُّ الْمُطَّهِّرِیْنَ ۟

Laa- taq̣um feehi ʹabadaa. Lamasjidun ʹussisa ʻalat taq̣waa min ʹawwali yawmin ʹaḥaq̣q̣u ʹañ taq̣ooma feeh. Feehi rijaaluñy yuḥibboona ʹañy yataṭahharoo, wallaahu yuḥibbul Muṭṭahhireen.

তুমি তাত কেতিয়াও (ছালাতৰ বাবে) থিয় নহ’বা; (আনহাতে) যি মছজিদৰ ভিত্তি প্ৰথম দিনাৰ পৰাই স্থাপিত হৈছে তাক্বৱাৰ ওপৰত, সেইখনতহে ছালাতৰ বাবে থিয় হোৱা তোমাৰ বাবে বেছি উপযুক্ত। তাত এনেকুৱা লোক আছে যিসকলে উত্তমৰূপে পৱিত্ৰতা অৰ্জন কৰিবলৈ ভালপায়, আৰু পৱিত্ৰতা অৰ্জনকাৰীসকলক আল্লাহে ভালপায়।

Verse 9:109

اَفَمَنْ اَسَّسَ بُنْیَانَهٗ عَلٰی تَقْوٰی مِنَ اللّٰهِ وَرِضْوَانٍ خَیْرٌ اَمْ مَّنْ اَسَّسَ بُنْیَانَهٗ عَلٰی شَفَا جُرُفٍ هَارٍ فَانْهَارَ بِهٖ فِیْ نَارِ جَهَنَّمَ ؕ وَاللّٰهُ لَا یَهْدِی الْقَوْمَ الظّٰلِمِیْنَ ۟

ʹAfaman ʹassasa bunyaanahoo ʻalaa taq̣waa minal laahi wa-Riḍwaanin khayrun ʹam man assasa bunyaanahoo ʻalaa shafaa jurufin haariñ fanhaara bihee fee naari Jahannam. Wallaahu laa- yahdil q̣awmaz̤̣ z̤̣aalimeen.

এতেকে যি ব্যক্তিয়ে তাৰ ঘৰৰ ভিত্তি আল্লাহৰ তাক্বৱা আৰু সন্তুষ্টিৰ ওপৰত স্থাপন কৰিছে সি উত্তম নে সেই ব্যক্তি উত্তম যিয়ে তাৰ ঘৰৰ ভিত্তি স্থাপন কৰিছে খহি পৰিব ধৰা গৰাৰ কাষত? ফলত ই তাকলৈ জাহান্নামৰ অগ্নিত খহি পৰিল; আৰু আল্লাহে যালিম সম্প্ৰদায়ক হিদায়ত নিদিয়ে।

Verse 9:110

لَا یَزَالُ بُنْیَانُهُمُ الَّذِیْ بَنَوْا رِیْبَةً فِیْ قُلُوْبِهِمْ اِلَّاۤ اَنْ تَقَطَّعَ قُلُوْبُهُمْ ؕ وَاللّٰهُ عَلِیْمٌ حَكِیْمٌ ۟۠

Laa- yazaalu bunyaanuhumul laẓee banaw reebatañ fee q̣uloobihim ʹillaaa ʹañ taq̣aṭṭaʻa q̣uloobuhum. Wal-laahu ʻAleemun Ḥakeem.

সিহঁতৰ নিৰ্মিত গৃহ, সিহঁতৰ অন্তৰত সদায় সন্দেহৰ কাৰণ হৈ থাকিব, যেতিয়ালৈকে সিহঁতৰ অন্তৰ ছিন্ন-বিছিন্ন হৈ নাযায়। আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।

Verse 9:111

اِنَّ اللّٰهَ اشْتَرٰی مِنَ الْمُؤْمِنِیْنَ اَنْفُسَهُمْ وَاَمْوَالَهُمْ بِاَنَّ لَهُمُ الْجَنَّةَ ؕ یُقَاتِلُوْنَ فِیْ سَبِیْلِ اللّٰهِ فَیَقْتُلُوْنَ وَیُقْتَلُوْنَ ۫ وَعْدًا عَلَیْهِ حَقًّا فِی التَّوْرٰىةِ وَالْاِنْجِیْلِ وَالْقُرْاٰنِ ؕ وَمَنْ اَوْفٰی بِعَهْدِهٖ مِنَ اللّٰهِ فَاسْتَبْشِرُوْا بِبَیْعِكُمُ الَّذِیْ بَایَعْتُمْ بِهٖ ؕ وَذٰلِكَ هُوَ الْفَوْزُ الْعَظِیْمُ ۟

ʹInnal laahash taraa minal Muʹmineena ʹañfusahum wa-ʹamwaalahum biʹanna lahumul Jannah: yuq̣aatiloona fee Sabeelil laahi fayaq̣tuloona wa-yuq̣taloon: waʻdan ʻalayhi Ḥaq̣q̣añ fit Tawraati wal-ʹIñjeeli wal-Q̣urʹaan: wa-man ʹawfaa biʻAhdihee minal laahi fastabshiroo bibayʻikumul laẓee baayaʻtum̃ bih: waẓaalika huwal fawzul ʻaz̤̣eem.

নিশ্চয় আল্লাহে মুমিনসকলৰ পৰা তেওঁলোকৰ জীৱন আৰু সম্পদ জান্নাতৰ বিনিময়ত কিনি লৈছে। তেওঁলোকে আল্লাহৰ পথত যুদ্ধ কৰে, ফলত তেওঁলোকে (শত্ৰুক) হত্যা কৰে আৰু নিজেও নিহত হয়। এতেকে তাওৰাত, ঈঞ্জীল আৰু কোৰআনত এই বিষয়ে সত্য প্ৰতিশ্ৰুতি আছে; প্ৰতিজ্ঞা পালনত আল্লাহতকৈ শ্ৰেষ্ঠ আন কোন আছে? সেয়ে তোমালোকে আল্লাহৰ লগত যি বেচা-কিনা কৰিছা তাৰ বাবে সুসংবাদ গ্ৰহণ কৰা; কিয়নো এইটোৱেই হৈছে মহাসফলতা।

Verse 9:112

اَلتَّآىِٕبُوْنَ الْعٰبِدُوْنَ الْحٰمِدُوْنَ السَّآىِٕحُوْنَ الرّٰكِعُوْنَ السّٰجِدُوْنَ الْاٰمِرُوْنَ بِالْمَعْرُوْفِ وَالنَّاهُوْنَ عَنِ الْمُنْكَرِ وَالْحٰفِظُوْنَ لِحُدُوْدِ اللّٰهِ ؕ وَبَشِّرِ الْمُؤْمِنِیْنَ ۟

ʹAt-Taaaʹiboonal ʻaabidoonal ḥaamidoonas saaaʹiḥoonar raakiʻoonas saajidoonal ʹaamiroona bilmaʻroofi wannaahoona ʻanil muñkari walḥaafiz̤̣oona liḥudoodil laah. Wa-bashshiril Muʹmineen.

তেওঁলোক হৈছে তাওবাকাৰী, ইবাদতকাৰী, আল্লাহৰ প্ৰশংসাকাৰী, ছিয়াম পালনকাৰী, ৰুকুকাৰী, ছাজদাকাৰী, সৎকৰ্মৰ আদেশদাতা, অসৎকৰ্মৰ নিষেধকাৰী আৰু আল্লাহৰ নিৰ্ধাৰিত সীমাৰেখা সংৰক্ষণকাৰী, আৰু তুমি মুমিনসকলক শুভ সংবাদ দিয়া।

Verse 9:113

مَا كَانَ لِلنَّبِیِّ وَالَّذِیْنَ اٰمَنُوْۤا اَنْ یَّسْتَغْفِرُوْا لِلْمُشْرِكِیْنَ وَلَوْ كَانُوْۤا اُولِیْ قُرْبٰی مِنْ بَعْدِ مَا تَبَیَّنَ لَهُمْ اَنَّهُمْ اَصْحٰبُ الْجَحِیْمِ ۟

Maa- kaana lin-Nabiyyi wallaẓeena ʹaamanooo ʹañy yastag̣firoo lil-Mushrikeena wa-law kaanooo ʹulee q̣urbaa mim baʻdi maa- tabayyana lahum ʹannahum ʹaṣḥaabul Jaḥeem.

নবী আৰু যিসকলে ঈমান আনিছে তেওঁলোকৰ বাবে উচিত নহয় মুশ্বৰিকসকলৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা, যদিও সিহঁত নিকটাত্মীয় নহওক কিয়, যেতিয়া এই কথা সুস্পষ্ট হৈ গৈছে যে, নিশ্চয় সিহঁত প্ৰজ্বলিত অগ্নিৰ অধিবাসী।

Verse 9:114

وَمَا كَانَ اسْتِغْفَارُ اِبْرٰهِیْمَ لِاَبِیْهِ اِلَّا عَنْ مَّوْعِدَةٍ وَّعَدَهَاۤ اِیَّاهُ ۚ فَلَمَّا تَبَیَّنَ لَهٗۤ اَنَّهٗ عَدُوٌّ لِّلّٰهِ تَبَرَّاَ مِنْهُ ؕ اِنَّ اِبْرٰهِیْمَ لَاَوَّاهٌ حَلِیْمٌ ۟

Wa-maa kaanas tig̣faaru ʹIbraaheema liʹabeehi ʹillaa ʻam mawʻidatiñw waʻadahaaa ʹiyyaah. Falammaa tabayyana lahooo ʹannahoo ʻaduwwul lillaahi tabarraʹa minh: ʹinna ʹIbraaheema laʹawwaahun ḥaleem.

আৰু ইব্ৰাহীমে তেওঁৰ পিতৃৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিছিল এটা প্ৰতিশ্ৰুতিৰ কাৰণে, তাৰ পিছত যেতিয়া এইটো তেওঁৰ ওচৰত স্পষ্ট হ’ল যে, তেওঁ (ৰ পিতা হৈছে) আল্লাহৰ শত্ৰু, তেতিয়া ইব্ৰাহীমে তাৰ লগত সম্পৰ্ক বিছিন্ন কৰিছিল। নিশ্চয় ইব্ৰাহীম আছিল অধিক কোমল হৃদয়ৰ অধিকাৰী, সহনশীল।

Verse 9:115

وَمَا كَانَ اللّٰهُ لِیُضِلَّ قَوْمًا بَعْدَ اِذْ هَدٰىهُمْ حَتّٰی یُبَیِّنَ لَهُمْ مَّا یَتَّقُوْنَ ؕ اِنَّ اللّٰهَ بِكُلِّ شَیْءٍ عَلِیْمٌ ۟

Wa-maa kaanal laahu liyuḍilla q̣awmam baʻda ʹiẓ hadaahum ḥattaa yubayyina lahum maa yattaq̣oon,― ʹinnal laaha bikulli shayʹin ʻAleem.

আৰু আল্লাহ এনেকুৱা নহয় যে, তেওঁ কোনো সম্প্ৰদায়ক হিদায়ত দিয়াৰ পিছত সিহঁতে বিৰত থাকিবলগীয়া বিষয়সমূহ বিতংভাৱে জনাই নিদিয়াৰ আগতেই সিহঁতক বিভ্ৰান্ত কৰিব। নিশ্চয় আল্লাহ সকলো বিষয়ে সৰ্বজ্ঞ।

Verse 9:116

اِنَّ اللّٰهَ لَهٗ مُلْكُ السَّمٰوٰتِ وَالْاَرْضِ ؕ یُحْیٖ وَیُمِیْتُ ؕ وَمَا لَكُمْ مِّنْ دُوْنِ اللّٰهِ مِنْ وَّلِیٍّ وَّلَا نَصِیْرٍ ۟

ʹInnal laaha lahoo mulkus samaawaati wal-ʹarḍ. Yuḥyee wa-yumeet. Wa-maa lakum miñ doonil laahi miñw waliyyiñw walaa naṣeer.

নিশ্চয় আকাশসমূহ আৰু পৃথিৱীৰ ৰাজত্ব একমাত্ৰ আল্লাহৰেই; তেৱেঁই জীৱন দান কৰে আৰু তেৱেঁই মৃত্যু ঘটায়। আল্লাহৰ বাহিৰে তোমালোকৰ আন কোনো অভিভাৱকো নাই আৰু কোনো সহায়কাৰীও নাই।

Verse 9:117

لَقَدْ تَّابَ اللّٰهُ عَلَی النَّبِیِّ وَالْمُهٰجِرِیْنَ وَالْاَنْصَارِ الَّذِیْنَ اتَّبَعُوْهُ فِیْ سَاعَةِ الْعُسْرَةِ مِنْ بَعْدِ مَا كَادَ یَزِیْغُ قُلُوْبُ فَرِیْقٍ مِّنْهُمْ ثُمَّ تَابَ عَلَیْهِمْ ؕ اِنَّهٗ بِهِمْ رَءُوْفٌ رَّحِیْمٌ ۟ۙ

Laq̣at taabal laahu ʻalan Nabiyyi wal-Muhaajireena wal-ʹAñṣaaril laẓeenat tabaʻoohu fee saaʻatil ʻusrati mim baʻdi maa- kaada yazeeg̣u q̣uloobu fareeq̣im minhum s̤umma taaba ʻalayhim: ʹinnahoo bihim Raʹoofur Raḥeem.

নিশ্চয় আল্লাহে নবীৰ, মুহাজিৰ আৰু আনছাৰসকলৰ তাওবা কবুল কৰিছে, যিসকলে সংকটময় মুহূৰ্তত তেওঁৰ অনুসৰণ কৰিছিল– আনকি তেওঁলোকৰ মাজৰ এটা দলৰ হৃদয় সত্যচুত হোৱাৰ উপক্ৰম হৈছিল। তাৰ পিছত আল্লাহে তেওঁলোকৰ তাওবা কবুল কৰিছে; নিশ্চয় আল্লাহ তেওঁলোকৰ প্ৰতি অতি স্নেহশীল, পৰম দয়ালু।

Verse 9:118

وَّعَلَی الثَّلٰثَةِ الَّذِیْنَ خُلِّفُوْا ؕ حَتّٰۤی اِذَا ضَاقَتْ عَلَیْهِمُ الْاَرْضُ بِمَا رَحُبَتْ وَضَاقَتْ عَلَیْهِمْ اَنْفُسُهُمْ وَظَنُّوْۤا اَنْ لَّا مَلْجَاَ مِنَ اللّٰهِ اِلَّاۤ اِلَیْهِ ؕ ثُمَّ تَابَ عَلَیْهِمْ لِیَتُوْبُوْا ؕ اِنَّ اللّٰهَ هُوَ التَّوَّابُ الرَّحِیْمُ ۟۠

Wa-ʻalas̤ s̤alaas̤atil laẓeena khullifoo: ḥattaaa ʹiẓaa ḍaaq̣at ʻalayhimul ʹarḍu bimaa raḥubat wa-ḍaaq̣at ʻalayhim ʹañfusuhum waz̤̣annooo ʹal laa maljaʹa minal laahi ʹillaaa ʹilayh. S̤umma taaba ʻalayhim liyatooboo: ʹinnal laaha Huwat Tawwaabur Raḥeem.

আৰু সেই তিনিজন ব্যক্তিৰো তেওঁ তাওবা কবুল কৰিলে, যিসকলৰ বিষয়ে সিদ্ধান্ত গ্ৰহণ স্থগিত ৰখা হৈছিল, আনকি পৃথিৱী প্ৰশস্ত হোৱা সত্বেও তেওঁলোকৰ বাবে সংকীৰ্ণ হৈ গৈছিল আৰু তেওঁলোকৰ জীৱন তেওঁলোকৰ বাবে দুৰ্বিষহ হৈ পৰিছিল আৰু তেওঁলোকে নিশ্চিত উপলব্ধি কৰিছিল যে, আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা পাবলৈ তেওঁৰ বাহিৰে আন কোনো আশ্ৰয়স্থল নাই। তাৰ পিছত তেওঁ তেওঁলোকৰ তাওবা কবুল কৰিলে যাতে তেওঁলোকে তাওবাত স্থিৰ থাকে। নিশ্চয় আল্লাহ অধিক তাওবা কবুলকাৰী, পৰম দয়ালু।

Verse 9:119

یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوا اتَّقُوا اللّٰهَ وَكُوْنُوْا مَعَ الصّٰدِقِیْنَ ۟

yaaaʹayyuhal laẓeena ʹaamanut taq̣ul laaha wa-koonoo maʻaṣ Ṣaadiq̣een.

হে মুমিনসকল! তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু সত্যবাদীসকলৰ সংগী হোৱা।

Verse 9:120

مَا كَانَ لِاَهْلِ الْمَدِیْنَةِ وَمَنْ حَوْلَهُمْ مِّنَ الْاَعْرَابِ اَنْ یَّتَخَلَّفُوْا عَنْ رَّسُوْلِ اللّٰهِ وَلَا یَرْغَبُوْا بِاَنْفُسِهِمْ عَنْ نَّفْسِهٖ ؕ ذٰلِكَ بِاَنَّهُمْ لَا یُصِیْبُهُمْ ظَمَاٌ وَّلَا نَصَبٌ وَّلَا مَخْمَصَةٌ فِیْ سَبِیْلِ اللّٰهِ وَلَا یَطَـُٔوْنَ مَوْطِئًا یَّغِیْظُ الْكُفَّارَ وَلَا یَنَالُوْنَ مِنْ عَدُوٍّ نَّیْلًا اِلَّا كُتِبَ لَهُمْ بِهٖ عَمَلٌ صَالِحٌ ؕ اِنَّ اللّٰهَ لَا یُضِیْعُ اَجْرَ الْمُحْسِنِیْنَ ۟ۙ

Maa- kaana liʹahlil Madeenati wa-man ḥawlahum minal ʹAʻraabi ʹañy yatakhallafoo ʻar Rasoolil laahi wa-laa yarg̣aboo biʹañfusihim ʻan nafsih: ẓaalika biʹannahum laa- yuṣeebuhum z̤̣amaʹuñw walaa naṣabuñw walaa makhmaṣatuñ fee sabeelil laahi wa-laa yaṭaʹoona mawṭiʹañy yag̣eez̤̣ul kuffaara wa-laa yanaaloona min ʻaduwwin naylan ʹillaa kutiba lahum̃ bihee ʻamaluñ ṣaaliḥ: ʹinnal laaha laa- yuḍeeʻu ʹajral Muḥsineen.

আল্লাহৰ ৰাছুলৰ লগত যোৱাৰ পৰা বিৰত থাকি পিছত ৰৈ যোৱা আৰু ৰাছুলৰ জীৱনতকৈ নিজৰ জীৱনক বেছি গুৰুত্ব দিয়াটো মদীনাবাসী আৰু তেওঁলোকৰ ওচৰে-পাঁজৰে থকা মৰুবাসীসকলৰ বাবে উচিত নহয়; কাৰণ আল্লাহৰ পথত তেওঁলোকৰ যি তৃষ্ণা, ক্লান্তি আৰু ভোক লাগে আৰু কাফিৰসকলৰ ক্ৰোধ উদ্ৰেক কৰা ঠাইত গমণ কৰা তেওঁলোকৰ প্ৰতিটো পদক্ষেপ যিটোৱে শত্ৰুসকলক কোনো কষ্ট প্ৰদান কৰে, সেইবোৰ তেওঁলোকৰ বাবে সৎকৰ্মৰূপে লিপিবদ্ধ কৰা হয়। নিশ্চয় আল্লাহ মুহছিনসকলৰ কৰ্মৰ প্ৰতিফল বিনষ্ট নকৰে।

Verse 9:121

وَلَا یُنْفِقُوْنَ نَفَقَةً صَغِیْرَةً وَّلَا كَبِیْرَةً وَّلَا یَقْطَعُوْنَ وَادِیًا اِلَّا كُتِبَ لَهُمْ لِیَجْزِیَهُمُ اللّٰهُ اَحْسَنَ مَا كَانُوْا یَعْمَلُوْنَ ۟

Wa-laa yuñfiq̣oona nafaq̣atañ ṣag̣eeratañw walaa kabeeratañw walaa yaq̣ṭaʻoona waadiyan ʹillaa kutiba lahum liyajziyahumul laahu ʹaḥsana maa- kaanoo yaʻmaloon.

তেওঁলোকে সৰু-ডাঙৰ যিটোৱে ব্যয় নকৰক কিয় আৰু যিকোনো উপত্যকাই অতিক্ৰম নকৰক কিয় সেইটোৱে তেওঁলোকৰ বাবে লিপিবদ্ধ কৰি থোৱা হয় – যাতে আল্লাহে তেওঁলোকক তেওঁলোকৰ কৰ্মৰ উৎকৃষ্ট পুৰস্কাৰ প্ৰদান কৰিব পাৰে।

Verse 9:122

وَمَا كَانَ الْمُؤْمِنُوْنَ لِیَنْفِرُوْا كَآفَّةً ؕ فَلَوْلَا نَفَرَ مِنْ كُلِّ فِرْقَةٍ مِّنْهُمْ طَآىِٕفَةٌ لِّیَتَفَقَّهُوْا فِی الدِّیْنِ وَلِیُنْذِرُوْا قَوْمَهُمْ اِذَا رَجَعُوْۤا اِلَیْهِمْ لَعَلَّهُمْ یَحْذَرُوْنَ ۟۠

Wa-maa kaanal Muʹminoona li-Yañfiroo kaaaffah: falawlaa nafara miñ kulli firq̣atim minhum ṭaaaʹifatul liyatafaq̣q̣ahoo fid deeni wa-liyuñẓiroo q̣awmahum ʹiẓaa rajaʻooo ʹilayhim laʻallahum yaḥẓaroon.

আৰু মুমিনসকলে সকলোৱে একেলগে অভিযানত ওলোৱা উচিত নহয়। এতেকে তেওঁলোকৰ প্ৰত্যেক দলৰ পৰা একাংশই কিয় নোলায়, যাতে তেওঁলোকে দ্বীনৰ গভীৰ জ্ঞান অৰ্জন কৰিব পাৰে, আৰু যেতিয়া তেওঁলোকে নিজ সম্প্ৰদায়ৰ ওচৰলৈ উভতি আহিব তেতিয়া তেওঁলোকক ভীতিপ্ৰদৰ্শন কৰিব পাৰে, যাতে তেওঁলোকো সতৰ্ক হ’ব পাৰে।

Verse 9:123

یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا قَاتِلُوا الَّذِیْنَ یَلُوْنَكُمْ مِّنَ الْكُفَّارِ وَلْیَجِدُوْا فِیْكُمْ غِلْظَةً ؕ وَاعْلَمُوْۤا اَنَّ اللّٰهَ مَعَ الْمُتَّقِیْنَ ۟

Yaaaʹayyuhal laẓeena ʹaamanoo q̣aatilul laẓeena yaloonakum minal kuffaari walyajidoo feekum g̣ilz̤̣ah: waʻlamooo ʹannal laaha maʻal Muttaq̣een.

হে ঈমান্দাৰসকল! তোমালোকৰ ওচৰে-পাঁজৰে থকা কাফিৰসকলৰ বিৰুদ্ধে যুদ্ধ কৰা আৰু সিহঁতে যেন তোমালোকৰ মাজত কঠোৰতা দেখিবলৈ পায়। জানি থোৱা, নিশ্চয় আল্লাহ মুত্তাক্বীসকলৰ লগত আছে।

Verse 9:124

وَاِذَا مَاۤ اُنْزِلَتْ سُوْرَةٌ فَمِنْهُمْ مَّنْ یَّقُوْلُ اَیُّكُمْ زَادَتْهُ هٰذِهٖۤ اِیْمَانًا ۚ فَاَمَّا الَّذِیْنَ اٰمَنُوْا فَزَادَتْهُمْ اِیْمَانًا وَّهُمْ یَسْتَبْشِرُوْنَ ۟

Wa-ʹiẓaa maaa uñzilat sooratuñ faminhum mañy yaq̣oolu ʹayyukum zaadathu haaẓiheee ʹeemaanaa? Faʹammal laẓeena ʹaamanoo fazaadathum ʹeemaanañw wahum yastabshiroon.

আৰু যেতিয়াই কোনো ছুৰা অৱতীৰ্ণ হয় তেতিয়াই সিহঁতৰ কিছুমানে কয়, ‘এই ছুৰাই তোমালোকৰ মাজৰ কাৰ ঈমান বৃদ্ধি কৰিলে’? এতেকে (কোৱা) যিসকলে ঈমান আনিছে (এই ছুৰাই) তেওঁলোকৰেই ঈমান বৃদ্ধি কৰিছে আৰু তেওঁলোকেই আনন্দিত হয়।

Verse 9:125

وَاَمَّا الَّذِیْنَ فِیْ قُلُوْبِهِمْ مَّرَضٌ فَزَادَتْهُمْ رِجْسًا اِلٰی رِجْسِهِمْ وَمَاتُوْا وَهُمْ كٰفِرُوْنَ ۟

Wa-ʹammal laẓeena fee q̣uloobihim maraḍuñ fazaadathum rijsan ʹilaa rijsihim wa-maatoo wa-hum kaafiroon.

আনহাতে যিসকলৰ অন্তৰত ব্যাধি আছে, এই ছুৰাই সিহঁতৰ কলুষৰ লগত অধিক কলুষ বৃদ্ধি কৰিছে; আৰু সিহঁতে কাফিৰ অৱস্থাতেই মৃত্যুবৰণ কৰে।

Verse 9:126

اَوَلَا یَرَوْنَ اَنَّهُمْ یُفْتَنُوْنَ فِیْ كُلِّ عَامٍ مَّرَّةً اَوْ مَرَّتَیْنِ ثُمَّ لَا یَتُوْبُوْنَ وَلَا هُمْ یَذَّكَّرُوْنَ ۟

ʹAwalaa yarawna ʹannahum yuftanoona fee kulli ʻaamim marratan ʹaw marratayni s̤umma laa- yatooboona wa-laa hum yaẓẓakkaroon.

সিহঁতে দেখা নাপায়নে যে, সিহঁতক প্ৰতি বছৰে এবাৰ বা দুবাৰকৈ বিপৰ্যস্ত কৰা হয়? ইয়াৰ পিছতো কিয় সিহঁতে তাওবা নকৰে আৰু উপদেশ গ্ৰহণ নকৰে।

Verse 9:127

وَاِذَا مَاۤ اُنْزِلَتْ سُوْرَةٌ نَّظَرَ بَعْضُهُمْ اِلٰی بَعْضٍ ؕ هَلْ یَرٰىكُمْ مِّنْ اَحَدٍ ثُمَّ انْصَرَفُوْا ؕ صَرَفَ اللّٰهُ قُلُوْبَهُمْ بِاَنَّهُمْ قَوْمٌ لَّا یَفْقَهُوْنَ ۟

Wa-ʹiẓaa maaa ʹuñzilat sooratun naz̤̣ara baʻḍuhum ʹilaa baʻḍ: hal yaraakum min ʹaḥadiñ s̤ummañ ṣarafoo: ṣarafal laahu q̣uloobahum̃ biʹannahum q̣awmul laa yafq̣ahoon.

আৰু যেতিয়াই কোনো ছুৰা অৱতীৰ্ণ হয় তেতিয়াই সিহঁতে ইজনে সিজনৰ প্ৰতি দৃষ্টিপাত কৰি কয়, ‘তোমালোকক কোনোবাই লক্ষ্য কৰা নাইতো’? তাৰ পিছত সিহঁত আঁতৰি যায়। আল্লাহে সিহঁতৰ হৃদয়ক সত্যবিমুখ কৰি দিছে; কাৰণ সিহঁত এনেকুৱা এটা সম্প্ৰদায় যিসকলৰ বোধশক্তি নাই।

Verse 9:128

لَقَدْ جَآءَكُمْ رَسُوْلٌ مِّنْ اَنْفُسِكُمْ عَزِیْزٌ عَلَیْهِ مَا عَنِتُّمْ حَرِیْصٌ عَلَیْكُمْ بِالْمُؤْمِنِیْنَ رَءُوْفٌ رَّحِیْمٌ ۟

Laq̣ad jaaaʹakum Rasoolum min ʹañfusikum ʻazeezun ʻalayhi maa- ʻanittum ḥareeṣun ʻalaykum̃ bil-Muʹmineena raʹoofur raḥeem.

নিশ্চয় তোমালোকৰ ওচৰলৈ তোমালোকৰ মাজৰ পৰাই এজন ৰাছুল আহিছে, তোমালোকৰ যি দুখ-কষ্ট হয় তেওঁ তাৰ বাবে বৰ মনোকষ্ট পায়। তেওঁ তোমালোকৰ হিতাকাংক্ষী, মুমিনসকলৰ প্ৰতি তেওঁ কৰুণাশীল আৰু অতি দয়ালু।

Verse 9:129

فَاِنْ تَوَلَّوْا فَقُلْ حَسْبِیَ اللّٰهُ ۖۗؗ لَاۤ اِلٰهَ اِلَّا هُوَ ؕ عَلَیْهِ تَوَكَّلْتُ وَهُوَ رَبُّ الْعَرْشِ الْعَظِیْمِ ۟۠

Faʹiñ tawallaw faq̣ul Ḥasbiyal laahu Laaa ʹilaaha ʹillaa Hoo: ʻalayhi tawakkaltu wa-Huwa Rabbul ʻArshil ʻAz̤̣eem!

এতেকে সিহঁতে যদি আঁতৰি যায় তেন্তে তুমি কোৱা, ‘মোৰ বাবে আল্লাহেই যথেষ্ট, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। মই তেওঁৰ ওপৰতেই নিৰ্ভৰ কৰিছোঁ আৰু তেৱেঁই হৈছে মহা আৰছৰ প্ৰতিপালক’।