Surah An-Najm
Surah An-Najm (The Star) is Surah 53 of the Holy Quran, a Meccan Surah with 62 verses, available here in Assamese.
Verse 53:1
وَالنَّجْمِ اِذَا هَوٰی ۟ۙ
Wan-NAJMI ʹiẓaa hawaa,―
শপত নক্ষত্ৰৰ, যেতিয়া ই অস্তমিত হয়,
Verse 53:2
مَا ضَلَّ صَاحِبُكُمْ وَمَا غَوٰی ۟ۚ
Maa- ḍalla Ṣaaḥibukum wa-maa g̣awaa,
তোমালোকৰ সঙ্গী বিভ্ৰান্ত হোৱা নাই, আৰু বিপথগামীও হোৱা নাই,
Verse 53:3
وَمَا یَنْطِقُ عَنِ الْهَوٰی ۟ؕ
Wa-maa yañṭiq̣u ʻanil hawaa.
আৰু তেওঁ মনে সজা কথা নকয়।
Verse 53:4
اِنْ هُوَ اِلَّا وَحْیٌ یُّوْحٰی ۟ۙ
ʹIn huwa ʹillaa Waḥyuñy yooḥaa:
এয়া হৈছে কেৱল অহী, যিটো তেওঁৰ প্ৰতি অহীৰূপে প্ৰেৰণ কৰা হয়,
Verse 53:5
عَلَّمَهٗ شَدِیْدُ الْقُوٰی ۟ۙ
ʻAllamahoo Shadeedul Q̣uwaa,―
তেওঁক শিক্ষা দান কৰে, প্ৰবল শক্তিধৰ (ফিৰিস্তা জিব্ৰীলে),
Verse 53:6
ذُوْ مِرَّةٍ ؕ فَاسْتَوٰی ۟ۙ
Ẓoo Mirratiñ fastawaa,
সৌন্দৰ্যপূৰ্ণ সত্ত্বা। তাৰ পিছত তেওঁ স্থিৰ হৈছিল,
Verse 53:7
وَهُوَ بِالْاُفُقِ الْاَعْلٰی ۟ؕ
Wa-huwa bil-ʹufuq̣il ʹaʻlaa:
আৰু তেওঁ আছিল ঊৰ্দ্ধদিগন্তত,
Verse 53:8
ثُمَّ دَنَا فَتَدَلّٰی ۟ۙ
S̤umma danaa fatadallaa,
তাৰ পিছত তেওঁ (ৰাছুলৰ) নিকটৱৰ্তী হ’ল, অতি নিকটৱৰ্তী,
Verse 53:9
فَكَانَ قَابَ قَوْسَیْنِ اَوْ اَدْنٰی ۟ۚ
Fakaana Q̣aaba q̣awsayni ʹaw ʹadnaa.
ফলত উভয়ৰ মাজত দুখন ধেনুৰ দুৰত্ব ৰ’ল, অথবা তাতোকৈ কম।
Verse 53:10
فَاَوْحٰۤی اِلٰی عَبْدِهٖ مَاۤ اَوْحٰی ۟ؕ
Faʹawḥaaa ʹilaa ʻAbdihee maaa ʹawḥaa.
তেতিয়া আল্লাহে তেওঁৰ বান্দাৰ প্ৰতি যি অহী কৰিবলগীয়া আছিল সেয়া অহী কৰিলে।
Verse 53:11
مَا كَذَبَ الْفُؤَادُ مَا رَاٰی ۟
Maa- kaẓabal fuʹaadu maa- raʹaa.
তেওঁ যি দেখিছে, তেওঁৰ অন্তৰে সেইবোৰক অস্বীকাৰ কৰা নাই;
Verse 53:12
اَفَتُمٰرُوْنَهٗ عَلٰی مَا یَرٰی ۟
ʹAfatumaaroonahoo ʹalaa maa- yaraa?
তেওঁ যি দেখিছে, সেই সম্পৰ্কে তোমালোকে তেওঁৰ লগত বিতৰ্ক কৰিবা নেকি?
Verse 53:13
وَلَقَدْ رَاٰهُ نَزْلَةً اُخْرٰی ۟ۙ
Wa-laq̣ad raʹaahu nazlatan ʹukhraa,
আৰু নিশ্চয় তেওঁক তেওঁ আৰু এবাৰ দেখিছিল।
Verse 53:14
عِنْدَ سِدْرَةِ الْمُنْتَهٰی ۟
ʻIñda Sidratil muñtahaa:
ছিদৰাতুল মুনতাহাৰ ওচৰত,
Verse 53:15
عِنْدَهَا جَنَّةُ الْمَاْوٰی ۟ؕ
ʻIñdahaa Jannatul Maʹwaa.
যাৰ ওচৰত জান্নাতুল মা’ওৱা অৱস্থিত।
Verse 53:16
اِذْ یَغْشَی السِّدْرَةَ مَا یَغْشٰی ۟ۙ
ʹIẓ yag̣shas Sidrata maa- yag̣shaa!
যেতিয়া ছিদৰাই যি আচ্ছাদিত কৰাৰ সেয়া আচ্ছাদিত কৰিছিল,
Verse 53:17
مَا زَاغَ الْبَصَرُ وَمَا طَغٰی ۟
Maa- zaag̣al baṣaru wa-maa ṭag̣aa!
তেওঁৰ দৃষ্টি বিভ্ৰম হোৱা নাই, আৰু সীমাও অতিক্ৰম কৰা নাই।
Verse 53:18
لَقَدْ رَاٰی مِنْ اٰیٰتِ رَبِّهِ الْكُبْرٰی ۟
Laq̣ad raʹaa min ʹAayaati Rabbihil Kubraa!
নিশ্চয় তেওঁ নিজ প্ৰতিপালকৰ কিছুমান মহান নিদৰ্শনাৱলী দেখিছিল;
Verse 53:19
اَفَرَءَیْتُمُ اللّٰتَ وَالْعُزّٰی ۟ۙ
ʹAfaraʹaytumul Laata wal-ʻUzzaa,
এতেকে তোমালোকে লাত আৰু উজ্ঝা সম্পৰ্কে কি কোৱা?
Verse 53:20
وَمَنٰوةَ الثَّالِثَةَ الْاُخْرٰی ۟
Wa-Manaatas̤ s̤aalis̤atal ʹukhraa?
আৰু তৃতীয় আন এটা মানাত সম্পৰ্কে?
Verse 53:21
اَلَكُمُ الذَّكَرُ وَلَهُ الْاُ ۟
ʹA-lakumuẓ ẓakaru wa-lahul ʹuñs̤aa?
এইটো কেনে ধৰণৰ কথা, তোমালোকৰ বাবে পুত্ৰ সন্তান আৰু আল্লাহৰ বাবে কন্যা সন্তান?
Verse 53:22
تِلْكَ اِذًا قِسْمَةٌ ضِیْزٰی ۟
Tilka ʹiẓañ q̣ismatuñ ḍeezaa!
তেনেহ’লে এয়া দেখোন এটা অসঙ্গত বণ্টন।
Verse 53:23
اِنْ هِیَ اِلَّاۤ اَسْمَآءٌ سَمَّیْتُمُوْهَاۤ اَنْتُمْ وَاٰبَآؤُكُمْ مَّاۤ اَنْزَلَ اللّٰهُ بِهَا مِنْ سُلْطٰنٍ ؕ اِنْ یَّتَّبِعُوْنَ اِلَّا الظَّنَّ وَمَا تَهْوَی الْاَنْفُسُ ۚ وَلَقَدْ جَآءَهُمْ مِّنْ رَّبِّهِمُ الْهُدٰی ۟ؕ
ʹIn hiya ʹillaaa ʹasmaaaʹuñ sammaytumoohaaa ʹañtum wa-ʹaabaaaʹukum maaa ʹañzalal laahu bihaa miñ sulṭaan. ʹIñy yattabiʻoona ʹillaz̤̣ z̤̣anna wa-maa tahwal ʹañfus!- Walaq̣ad jaaaʹahum mir Rabbihimul Hudaa!
দৰাচলতে এইবোৰ কিছুমান নামৰ বাহিৰে আন একো নহয়, যিবোৰ নাম তোমালোকে আৰু তোমালোকৰ পিতৃপুৰুষসকলে নিজেই ৰাখিছা, যাৰ সমৰ্থনত আল্লাহে কোনো দলীল-প্ৰমাণ অৱতীৰ্ণ কৰা নাই। সিহঁতে কেৱল অনুমান আৰু নিজৰ প্ৰবৃত্তিৰহে অনুসৰণ কৰে, অথচ নিশ্চয় সিহঁতৰ ওচৰলৈ সিহঁতৰ প্ৰতিপালকৰ তৰফৰ পৰা হিদায়ত আহি পৰিছে।
Verse 53:24
اَمْ لِلْاِنْسَانِ مَا تَمَنّٰی ۟ؗۖ
ʹAm lil-ʹiñsaani maa- tamannaa?
মানুহে যি বিচাৰে সেইটোৱে সি পায়নে?
Verse 53:25
فَلِلّٰهِ الْاٰخِرَةُ وَالْاُوْلٰی ۟۠
Falillahil ʹAakhiratu wal-ʹoolaa.
প্ৰকৃততে আখিৰাত আৰু দুনিয়া আল্লাহৰেই।
Verse 53:26
وَكَمْ مِّنْ مَّلَكٍ فِی السَّمٰوٰتِ لَا تُغْنِیْ شَفَاعَتُهُمْ شَیْـًٔا اِلَّا مِنْ بَعْدِ اَنْ یَّاْذَنَ اللّٰهُ لِمَنْ یَّشَآءُ وَیَرْضٰی ۟
Wa-kam mim malakiñ fis samaawaati laa- tug̣nee shafaaʻatuhum shayʹan ʹillaa mim baʻdi ʹañy yaʹẓanal laahu limañy yashaaaʹu wa-yarḍaa.
আৰু আকাশসমূহত অসংখ্য ফিৰিস্তা আছে, যিসকলৰ মধ্যস্থতা কোনো কামত নাহিব, কিন্তু আল্লাহে যাক ইচ্ছা কৰে আৰু যাৰ প্ৰতি তেওঁ সন্তুষ্ট হয় তাক অনুমতি দিলে (তাৰ বিষয়টো সুকীয়া)।
Verse 53:27
اِنَّ الَّذِیْنَ لَا یُؤْمِنُوْنَ بِالْاٰخِرَةِ لَیُسَمُّوْنَ الْمَلٰٓىِٕكَةَ تَسْمِیَةَ الْاُ ۟
ʹInnal laẓeena laa- yuʹminoona bil-ʹAakhirati layusammoonal malaaaʹikata tasmiyatal ʹuñs̤aa.
নিশ্চয় যিসকলে আখিৰাতক বিশ্বাস নকৰে, সিহঁতেই ফিৰিস্তাসকলক নাৰীবাচক নামেৰে নামকৰণ কৰে;
Verse 53:28
وَمَا لَهُمْ بِهٖ مِنْ عِلْمٍ ؕ اِنْ یَّتَّبِعُوْنَ اِلَّا الظَّنَّ ۚ وَاِنَّ الظَّنَّ لَا یُغْنِیْ مِنَ الْحَقِّ شَیْـًٔا ۟ۚ
Wa-maa lahum̃ bihee min ʻilm. ʹIñy yattabiʻoona ʹillaz̤̣ z̤̣ann: wa-ʹinnaz̤̣ z̤̣anna laa- yug̣nee minal Ḥaq̣q̣i shayʹaa.
অথচ এই বিষয়ে সিহঁতৰ কোনো জ্ঞানেই নাই। সিহঁত কেৱল অনুমানৰহে অনুসৰণ কৰে; আৰু নিশ্চয় সত্যৰ মুকাবিলাত অনুমানৰ কোনো মূল্য নাই।
Verse 53:29
فَاَعْرِضْ عَنْ مَّنْ تَوَلّٰی ۙ۬ عَنْ ذِكْرِنَا وَلَمْ یُرِدْ اِلَّا الْحَیٰوةَ الدُّنْیَا ۟ؕ
Faʹaʻriḍ ʻam mañ tawallaa ʻañ ẓikrinaa wa-lam yurid ʹillal ḥayaatad dunyaa.
এতেকে তুমি সেই ব্যক্তিক উপেক্ষা কৰা, যিয়ে আমাৰ স্মৰণৰ পৰা বিমুখ হয় আৰু অকল পৃথিৱীৰ জীৱনকেই কামনা কৰে।
Verse 53:30
ذٰلِكَ مَبْلَغُهُمْ مِّنَ الْعِلْمِ ؕ اِنَّ رَبَّكَ هُوَ اَعْلَمُ بِمَنْ ضَلَّ عَنْ سَبِیْلِهٖ ۙ وَهُوَ اَعْلَمُ بِمَنِ اهْتَدٰی ۟
Ẓaalika mablag̣uhum minal ʻilm. ʹInna Rabbaka Huwa ʹaʻlamu bimañ ḍalla ʻañ sabeelihee wa-Huwa ʹaʻlamu bimanih tadaa.
এইটোৱে হৈছে সিহঁতৰ জ্ঞানৰ শেষ সীমা। নিশ্চয় তোমাৰ প্ৰতিপালক, তেৱেঁই আটাইতকৈ ভালদৰে জানে, কোন তেওঁৰ পথৰ পৰা বিচ্যুত হৈছে আৰু তেৱেঁই ভালদৰে জানে কোন হিদায়তপ্ৰাপ্ত হৈছে।
Verse 53:31
وَلِلّٰهِ مَا فِی السَّمٰوٰتِ وَمَا فِی الْاَرْضِ ۙ لِیَجْزِیَ الَّذِیْنَ اَسَآءُوْا بِمَا عَمِلُوْا وَیَجْزِیَ الَّذِیْنَ اَحْسَنُوْا بِالْحُسْنٰی ۟ۚ
Walillaahi maa- fis samaawaati wa-maa fil ʹarḍi liyajziyal laẓeena ʹasaaaʹoo bimaa ʻamiloo wa-yajziyal laẓeena ʹaḥsanoo bilḥusnaa.
আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো আল্লাহৰেই। যাতে তেওঁ সেইসকল লোকক বেয়া প্ৰতিফল দিব পাৰে যিসকলে বেয়া কৰ্ম কৰে, আৰু যাতে সেইসকল লোকক উত্তম পুৰস্কাৰ দিব পাৰে যিসকলে সৎকৰ্ম কৰে,
Verse 53:32
اَلَّذِیْنَ یَجْتَنِبُوْنَ كَبٰٓىِٕرَ الْاِثْمِ وَالْفَوَاحِشَ اِلَّا اللَّمَمَ ؕ اِنَّ رَبَّكَ وَاسِعُ الْمَغْفِرَةِ ؕ هُوَ اَعْلَمُ بِكُمْ اِذْ اَنْشَاَكُمْ مِّنَ الْاَرْضِ وَاِذْ اَنْتُمْ اَجِنَّةٌ فِیْ بُطُوْنِ اُمَّهٰتِكُمْ ۚ فَلَا تُزَكُّوْۤا اَنْفُسَكُمْ ؕ هُوَ اَعْلَمُ بِمَنِ اتَّقٰی ۟۠
ʹAllaẓeena yajtaniboona kabaaaʹiral ʹis̤mi walfawaaḥisha ʹillal lamam,― ʹinna Rabbaka Waasiʻul Mag̣firah. Huwa ʹaʻlamu bikum ʹiz ʹañshaʹakum minal ʹarḍi wa-ʹiz ʹañtum ʹajinnatuñ fee buṭooni ʹummahaatikum. Falaa tuzakkooo ʹañfusakum: Huwa ʹaʻlamu bimanit taq̣aa.
যিসকলে সৰু-সুৰা দোষ-ত্ৰুটিৰ বাহিৰে ডাঙৰ ডাঙৰ পাপকৰ্ম আৰু অশ্লীল কাৰ্যকলাপৰ পৰা বিৰত থাকে। নিশ্চয় তোমাৰ প্ৰতিপালকৰ ক্ষমা অপৰিসীম; তেওঁ তোমালোকৰ বিষয়ে সম্যক অৱগত—(স্মৰণ কৰা) যেতিয়া তেওঁ তোমালোকক মাটিৰ পৰা সৃষ্টি কৰিছিল আৰু যেতিয়া তোমালোক মাতৃগৰ্ভত ভ্ৰুণৰূপে আছিলা। এতেকে তোমালোকে আত্মপ্ৰশংসা নকৰিবা, কোনে তাক্বৱা অৱলম্বন কৰিছে সেই বিষয়ে তেৱেঁই সম্যক অৱগত।
Verse 53:33
اَفَرَءَیْتَ الَّذِیْ تَوَلّٰی ۟ۙ
ʹAfaraʹaytal laẓee tawallaa,
তুমি সেই ব্যক্তিক দেখিছানে, যিয়ে মুখ ঘূৰাই লৈছে?
Verse 53:34
وَاَعْطٰی قَلِیْلًا وَّاَكْدٰی ۟
Wa-ʹaʻṭaa q̣aleelañw waʹakdaa?
আৰু কিঞ্চিতহে দান কৰে, তাৰ পিছত বন্ধ কৰি দিয়ে?
Verse 53:35
اَعِنْدَهٗ عِلْمُ الْغَیْبِ فَهُوَ یَرٰی ۟
ʹAʻiñdahoo ʻilmul g̣aybi fahuwa yaraa?
তাৰ ওচৰত কিবা গায়েবৰ জ্ঞান আছে নেকি, যিটো সি প্ৰত্যক্ষ কৰে?
Verse 53:36
اَمْ لَمْ یُنَبَّاْ بِمَا فِیْ صُحُفِ مُوْسٰی ۟ۙ
ʹAm lam yunabbaʹ bimaa fee Ṣuḥufi Moosaa.
অথবা মূছাৰ ছহীফাত যি আছে, সেই সম্পৰ্কে তাক অৱহিত কৰা হোৱা নাইনে?
Verse 53:37
وَاِبْرٰهِیْمَ الَّذِیْ وَ ۟ۙ
Wa-ʹIbraaheemal laẓee waffaa?―
আৰু ইব্ৰাহীমৰ ছহীফাত, যিজনে পূৰ্ণ কৰিছিল (তেওঁৰ অঙ্গীকাৰ)?
Verse 53:38
اَلَّا تَزِرُ وَازِرَةٌ وِّزْرَ اُخْرٰی ۟ۙ
ʹAllaa taziru waaziratuñw wizra ʹukhraa;
এতেকে কোনো বোজা বহনকাৰীয়েই আনৰ বোজা বহন নকৰিব,
Verse 53:39
وَاَنْ لَّیْسَ لِلْاِنْسَانِ اِلَّا مَا سَعٰی ۟ۙ
Wa-ʹal laysa lil-ʹiñsaani ʹillaa maa- saʻaa;
জানি থোৱা, মানুহে সেইটোৱে পায়, যিটো সি চেষ্টা কৰে,
Verse 53:40
وَاَنَّ سَعْیَهٗ سَوْفَ یُرٰی ۪۟
Wa-ʹanna saʻyahoo sawfa yuraa;
আৰু তাৰ প্ৰচেষ্টাৰ ফল অতিশীঘ্ৰেই দেখুৱা হ’ব---
Verse 53:41
ثُمَّ یُجْزٰىهُ الْجَزَآءَ الْاَوْفٰی ۟ۙ
S̤umma yujzaahul jazaaa ʹal-ʹawfaa;
তাৰ পিছত তাক দিয়া হ’ব পূৰ্ণ প্ৰতিদান,
Verse 53:42
وَاَنَّ اِلٰی رَبِّكَ الْمُنْتَهٰی ۟ۙ
Wa-ʹanna ʹilaa Rabbikal Muñtahaa;
আৰু নিশ্চয় তোমাৰ প্ৰতিপালকৰ ওচৰতেই হৈছে শেষ গন্তব্য,
Verse 53:43
وَاَنَّهٗ هُوَ اَضْحَكَ وَاَبْكٰی ۟ۙ
Wa-ʹannahoo Huwa ʹaḍḥaka wa-ʹabkaa;
আৰু নিশ্চয় তেৱেঁই হঁহুৱায় আৰু তেৱেঁই কন্দুৱায়,
Verse 53:44
وَاَنَّهٗ هُوَ اَمَاتَ وَاَحْیَا ۟ۙ
Wa-ʹannahoo Huwa ʹamaata wa-ʹaḥyaa;
আৰু নিশ্চয় তেৱেঁই মৃত্যু প্ৰদান কৰে আৰু তেৱেঁই জীৱন দান দিয়ে,
Verse 53:45
وَاَنَّهٗ خَلَقَ الزَّوْجَیْنِ الذَّكَرَ وَالْاُ ۟ۙ
Wa-ʹannahoo khalaq̣az zawjayniẓ ẓakara wal-ʹuñs̤aa,
আৰু নিশ্চয় তেৱেঁই সৃষ্টি কৰিছে যোৰ-যোৰকৈ পুৰুষ আৰু নাৰী,
Verse 53:46
مِنْ نُّطْفَةٍ اِذَا تُمْنٰی ۪۟
Min nuṭfatin ʹiẓaa tumnaa;
শুক্ৰবিন্দুৰ পৰা, যেতিয়া ই স্খলিত হয়,
Verse 53:47
وَاَنَّ عَلَیْهِ النَّشْاَةَ الْاُخْرٰی ۟ۙ
Wa-ʹanna ʻalayhin Nashʹatal ʹUkhraa;
আৰু নিশ্চয় পুনৰুত্থান ঘটোৱাৰ দায়িত্বও তেওঁৰেই,
Verse 53:48
وَاَنَّهٗ هُوَ اَغْنٰی وَاَقْنٰی ۟ۙ
Wa-ʹannahoo Huwa ʹag̣naa wa-ʹaq̣naa;
আৰু নিশ্চয় তেৱেঁই অভাৱমুক্ত কৰে আৰু সম্পদ প্ৰদান কৰে,
Verse 53:49
وَاَنَّهٗ هُوَ رَبُّ الشِّعْرٰی ۟ۙ
Wa-ʹannahu Huwa Rabbush Shiʻraa;
আৰু নিশ্চয় তেৱেঁই আশ্ব-শ্বি’ৰা (লুব্ধক) নক্ষত্ৰৰ প্ৰতিপালক।
Verse 53:50
وَاَنَّهٗۤ اَهْلَكَ عَادَا لْاُوْلٰی ۟ۙ
Wa-ʹannahooo ʹahlaka ʻAadanil ʹOolaa,
আৰু তেৱেঁই প্ৰাচীন ‘আদ জাতিক ধ্বংস কৰিছে,
Verse 53:51
وَثَمُوْدَاۡ فَمَاۤ اَبْقٰی ۟ۙ
Wa-S̤amooda famaaa ʹabq̣aa,
আৰু ছামূদ জাতিকো (ধ্বংস কৰিছে)। সিহঁতৰ এজনকো অৱশিষ্ট ৰখা নাই।
Verse 53:52
وَقَوْمَ نُوْحٍ مِّنْ قَبْلُ ؕ اِنَّهُمْ كَانُوْا هُمْ اَظْلَمَ وَاَطْغٰی ۟ؕ
Wa-q̣awma Nooḥim miñ q̣ablu ʹinnahum kaanoo hum ʹaz̤̣lama wa-ʹaṭg̣aa;
আৰু ইয়াৰ পূৰ্বে নূহৰ সম্প্ৰদায়কো (তেৱেঁই ধ্বংস কৰিছে)। নিশ্চয় সিহঁত আছিল অতিশয় যালিম আৰু চৰম অবাধ্য।
Verse 53:53
وَالْمُؤْتَفِكَةَ اَهْوٰی ۟ۙ
Wal-muʹtafikata ʹahwaa,
আৰু তেৱেঁই ওলোটাই দিয়া আবাসভূমিক নিক্ষেপ কৰিছিল,
Verse 53:54
فَغَشّٰىهَا مَا غَشّٰی ۟ۚ
Fag̣ashshaahaa maa- g̣ashshaa.
তাৰ পিছত সেইটোক আচ্ছন্ন কৰিছিল যি আচ্ছন্ন কৰিবলগীয়া আছিল।
Verse 53:55
فَبِاَیِّ اٰلَآءِ رَبِّكَ تَتَمَارٰی ۟
Fabiʹayyi ʹaalaaaʹi Rabbika tatamaaraa?
এতেকে তুমি তোমাৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক সন্দেহ কৰিবা?
Verse 53:56
هٰذَا نَذِیْرٌ مِّنَ النُّذُرِ الْاُوْلٰی ۟
Haaẓaa Naẓeerum minan nuẓuril ʹoolaa!
অতীতৰ সতৰ্ককাৰীসকলৰ দৰেই, এই নবীও এজন সতৰ্ককাৰী।
Verse 53:57
اَزِفَتِ الْاٰزِفَةُ ۟ۚ
ʹAzifatil ʹAazifah:
কিয়ামত নিকটৱৰ্তী।
Verse 53:58
لَیْسَ لَهَا مِنْ دُوْنِ اللّٰهِ كَاشِفَةٌ ۟ؕ
Laysa lahaa miñ doonil laahi kaashifah.
আল্লাহৰ বাহিৰে কোনেও ইয়াক প্ৰকাশ কৰিবলৈ সক্ষম নহয়।
Verse 53:59
اَفَمِنْ هٰذَا الْحَدِیْثِ تَعْجَبُوْنَ ۟ۙ
ʹAfamin haaẓal ḥadees̤i taʻjaboon?
তোমালোকে এই কথাত বিস্ময়বোধ কৰিছা নেকি?
Verse 53:60
وَتَضْحَكُوْنَ وَلَا تَبْكُوْنَ ۟ۙ
Wa-taḍḥakoona wa-laa tabkoon,―
আৰু হাঁহি-ঠাট্টা কৰি আছা! কন্দা নাই?
Verse 53:61
وَاَنْتُمْ سٰمِدُوْنَ ۟
Wa-ʹañtum saamidoon?
তোমালোক হৈছা উদাসীন,
Verse 53:62
فَاسْجُدُوْا لِلّٰهِ وَاعْبُدُوْا ۟
Fasjudoo lillaahi waʻbudoo!
এতেকে তোমালোকে আল্লাহক ছাজদা কৰা আৰু তেওঁৰেই ইবাদত কৰা।