Surah Al-Hajj
Surah Al-Hajj (The Pilgrimage) is Surah 22 of the Holy Quran, a Medinan Surah with 78 verses, available here in Assamese.
Verse 22:1
یٰۤاَیُّهَا النَّاسُ اتَّقُوْا رَبَّكُمْ ۚ اِنَّ زَلْزَلَةَ السَّاعَةِ شَیْءٌ عَظِیْمٌ ۟
Yaaaʹayyuhan naasut taq̣oo Rabbakum! ʹInna zalzalatas Saaʻati shayʹun ʻaz̤̣eem!
হে মানৱজাতি! তোমালোকে নিজ প্ৰতিপালকৰ তাক্বৱা অৱলম্বন কৰা। নিশ্চয় কিয়ামতৰ প্ৰকম্পন এটা বৰ ভয়ংকৰ বিষয়!
Verse 22:2
یَوْمَ تَرَوْنَهَا تَذْهَلُ كُلُّ مُرْضِعَةٍ عَمَّاۤ اَرْضَعَتْ وَتَضَعُ كُلُّ ذَاتِ حَمْلٍ حَمْلَهَا وَتَرَی النَّاسَ سُكٰرٰی وَمَا هُمْ بِسُكٰرٰی وَلٰكِنَّ عَذَابَ اللّٰهِ شَدِیْدٌ ۟
Yawma tarawnahaa taẓhalu kullu murḍiʻatin ʻammaaa ʹarḍaʻat wa-taḍaʻu kullu ẓaati ḥamlin ḥamlahaa wa-taran naasa sukaaraa wa-maa hum̃ bisukaaraa wa-laakinna ʻaẓaabal laahi shadeed.
যিদিনা তোমালোকে সেয়া দেখিবলৈ পাবা সেইদিনা প্ৰত্যেক পিয়াহ খুউৱা তিৰোতাই নিজৰ কেঁচুৱাক পাহৰি যাব আৰু প্ৰত্যেক গৰ্ভৱতী নাৰীয়ে গৰ্ভপাত কৰিব; আৰু তুমি মানুহক নিচাগ্ৰস্ত সদৃশ দেখিবলৈ পাবা, অথচ সিহঁত নিচাগ্ৰস্ত নহয়। বৰং আল্লাহৰ শাস্তি অতি কঠিন।
Verse 22:3
وَمِنَ النَّاسِ مَنْ یُّجَادِلُ فِی اللّٰهِ بِغَیْرِ عِلْمٍ وَّیَتَّبِعُ كُلَّ شَیْطٰنٍ مَّرِیْدٍ ۟ۙ
Wa-minan naasi mañy yujaadilu fil laahi big̣ayri ʻilmiñw Wayattabiʻu kulla shayṭaanim mareed!
মানুহৰ মাজত কিছুমান এনেকুৱা মানুহো আছে যিবিলাকে নাজানি আল্লাহ সম্পৰ্কে বাক-বিতণ্ডা কৰে আৰু সি প্ৰত্যেক বিদ্ৰোহী চয়তানৰ অনুসৰণ কৰে,
Verse 22:4
كُتِبَ عَلَیْهِ اَنَّهٗ مَنْ تَوَلَّاهُ فَاَنَّهٗ یُضِلُّهٗ وَیَهْدِیْهِ اِلٰی عَذَابِ السَّعِیْرِ ۟
Kutiba ʻalayhi ʹannahoo mañ tawallaahu faʹannahoo yuḍilluhoo wa-yahdeehi ʹilaa ʻAẓaabis Saʻeer.
তাৰ বিষয়ে লিখি দিয়া হৈছে যে, যিয়ে তাৰ লগত বন্ধুত্ব কৰিব সি নিশ্চয় তাক পথভ্ৰষ্ট কৰিব আৰু তাক প্ৰজ্জ্বলিত অগ্নিৰ শাস্তিৰ পিনে পৰিচালিত কৰিব।
Verse 22:5
یٰۤاَیُّهَا النَّاسُ اِنْ كُنْتُمْ فِیْ رَیْبٍ مِّنَ الْبَعْثِ فَاِنَّا خَلَقْنٰكُمْ مِّنْ تُرَابٍ ثُمَّ مِنْ نُّطْفَةٍ ثُمَّ مِنْ عَلَقَةٍ ثُمَّ مِنْ مُّضْغَةٍ مُّخَلَّقَةٍ وَّغَیْرِ مُخَلَّقَةٍ لِّنُبَیِّنَ لَكُمْ ؕ وَنُقِرُّ فِی الْاَرْحَامِ مَا نَشَآءُ اِلٰۤی اَجَلٍ مُّسَمًّی ثُمَّ نُخْرِجُكُمْ طِفْلًا ثُمَّ لِتَبْلُغُوْۤا اَشُدَّكُمْ ۚ وَمِنْكُمْ مَّنْ یُّتَوَفّٰی وَمِنْكُمْ مَّنْ یُّرَدُّ اِلٰۤی اَرْذَلِ الْعُمُرِ لِكَیْلَا یَعْلَمَ مِنْ بَعْدِ عِلْمٍ شَیْـًٔا ؕ وَتَرَی الْاَرْضَ هَامِدَةً فَاِذَاۤ اَنْزَلْنَا عَلَیْهَا الْمَآءَ اهْتَزَّتْ وَرَبَتْ وَاَنْۢبَتَتْ مِنْ كُلِّ زَوْجٍ بَهِیْجٍ ۟
Yaaaʹayyuhan naasu ʹiñ kuñtum fee raybim minal Baʻs̤i faʹinnaa khalaq̣naakum miñ turaabiñ s̤umma min nuṭfatiñ s̤umma min ʻalaq̣atiñ s̤umma mim muḍg̣atim mukhallaq̣atiñw wag̣ayri mukhallaq̣atil linubayyina lakum. Wa-nuq̣irru fil ʹarḥaami maa- nashaaaʹu ʹilaaa ʹajalim musammañ s̤umma nukhrijukum ṭiflañ s̤umma litablug̣ooo ʹashuddakum; wa-miñkum mañy yutawaffaa wa-miñkum mañy yuraddu ʹilaaa ʹarẓalil ʻumuri likaylaa yaʻlama mim baʻdi ʻilmiñ shayʹaa. Wa-taral ʹarḍa haamidatañ faʹiẓaaa ʹañzalnaa ʻalayhal maaaʹah tazzat wa-rabat wa-ʹambatat miñ kulli zawjim baheej.
হে মানৱজাতি! যদি তোমালোকে পুনৰুত্থান সম্পৰ্কে সন্দেহত আছা তেন্তে জানি থোৱা, আমি তোমালোকক সৃষ্টি কৰিছোঁ মাটিৰ পৰা, তাৰ পিছত শুক্ৰকীটৰ পৰা, তাৰ পিছত আলাক্বা (ৰক্তপিণ্ড)ৰ পৰা, তাৰ পিছত পূৰ্ণাকৃতি অথবা অপূৰ্ণাকৃতি মাংসপিণ্ডৰ পৰা—যাতে আমি বিষয়টো তোমালোকৰ ওচৰত সুস্পষ্টৰূপে প্ৰকাশ কৰি দিব পাৰোঁ। আমাৰ ইচ্ছানুসৰি তাক (শুক্ৰকীটক) এটা নিৰ্দিষ্ট সময়ৰ বাবে মাতৃগৰ্ভত স্থিত ৰাখোঁ, তাৰ পিছত আমি তোমালোকক শিশুৰূপে উলিয়াই আনো। যাতে তোমালোকে প্ৰাপ্তবয়সত উপনীত হ’ব পাৰা। তোমালোকৰ মাজৰ কিছুমানক (আগতেই) মৃত্যু দিয়া হয়, আকৌ আন কিছুমানক বুঢ়া বয়সৰ জৰাজীৰ্ণ অৱস্থালৈ প্ৰত্যাৰ্পণ কৰা হয়, যাৰ ফলত সি জনাৰ পিছতো একো নজনা হৈ পৰে। তুমি দেখা পোৱা যে, ভূমিডৰা শুকান হৈ পৰি আছে, তাৰ পিছত আমি তাত পানী বৰ্ষণ কৰোঁ, ফলত সেই ভূমি সজীৱ হৈ ঠন ধৰি উঠে আৰু সকলো ধৰণৰ সুদৃশ্য উদ্ভিদ উৎপন্ন হয়;
Verse 22:6
ذٰلِكَ بِاَنَّ اللّٰهَ هُوَ الْحَقُّ وَاَنَّهٗ یُحْیِ الْمَوْتٰی وَاَنَّهٗ عَلٰی كُلِّ شَیْءٍ قَدِیْرٌ ۟ۙ
Ẓaalika biʹannal laaha Huwal Ḥaq̣q̣u wa-ʹannahoo yuḥyil mawtaa wa-ʹannahoo ʻalaa kulli shayʹiñ Q̣adeer.
এইটো এইকাৰণে যে, আল্লাহেই সত্য আৰু তেৱেঁই মৃতক জীৱিত কৰে আৰু তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান;
Verse 22:7
وَّاَنَّ السَّاعَةَ اٰتِیَةٌ لَّا رَیْبَ فِیْهَا ۙ وَاَنَّ اللّٰهَ یَبْعَثُ مَنْ فِی الْقُبُوْرِ ۟
Wa-ʹannas Saaʻata ʹaatiyatul laa rayba feeha wa-ʹannal laaha yabʻas̤u mañ fil q̣uboor.
লগতে এইকাৰণেও যে, নিশ্চয় কিয়ামত আহিব, ইয়াত কোনো সন্দেহ নাই; আৰু যিসকল কবৰত আছে নিশ্চয় আল্লাহে তেওঁলোককো পুনৰুত্থিত কৰিব।
Verse 22:8
وَمِنَ النَّاسِ مَنْ یُّجَادِلُ فِی اللّٰهِ بِغَیْرِ عِلْمٍ وَّلَا هُدًی وَّلَا كِتٰبٍ مُّنِیْرٍ ۟ۙ
Wa-minan naasi mañy yujaadilu fil laahi big̣ayri ʻilmiñw walaa Hudañw Walaa Kittabim Muneer,
আৰু মানুহৰ মাজত এনেকুৱা কিছুমান মানুহো আছে, যিসকলৰ কোনো জ্ঞান নাই, পথনিৰ্দেশও নাই আৰু দীপ্তিমান কোনো পুথিও নাই। তথাপিও আল্লাহ সম্পৰ্কে বাক-বিতণ্ডা কৰে।
Verse 22:9
ثَانِیَ عِطْفِهٖ لِیُضِلَّ عَنْ سَبِیْلِ اللّٰهِ ؕ لَهٗ فِی الدُّنْیَا خِزْیٌ وَّنُذِیْقُهٗ یَوْمَ الْقِیٰمَةِ عَذَابَ الْحَرِیْقِ ۟
S̤aaniya ʻiṭfihee liyuḍilla ʻañ Sabeelil laah: lahoo fid dunyaa khizyuñw wanuẓeeq̣uhoo Yawmal Q̣iyaamati ʻAẓaabal Ḥareeq̣.
এনেকুৱা স্বভাৱৰ ব্যক্তিয়ে মানুহক আল্লাহৰ পথৰ পৰা পথভ্ৰষ্ট কৰিবলৈ অহংকাৰ কৰি দাং খাই উঠে। এনেকুৱা লোকৰ বাবে পৃথিৱীত আছে লাঞ্ছনা আৰু কিয়ামতৰ দিনা আমি তাক ভোগ কৰাম দহন যন্ত্ৰণা।
Verse 22:10
ذٰلِكَ بِمَا قَدَّمَتْ یَدٰكَ وَاَنَّ اللّٰهَ لَیْسَ بِظَلَّامٍ لِّلْعَبِیْدِ ۟۠
Ẓaalika bimaa q̣addamat yadaaka wa-ʹannal laaha laysa biz̤̣allaamil lilʻabeed.
(সেইদিনা তাক কোৱা হ’ব) ‘এইটো তোমাৰেই কৃতকৰ্মৰ ফল, নিশ্চয় আল্লাহে বান্দাসকলৰ প্ৰতি বিন্দুমাত্ৰও অন্যায় নকৰে’।
Verse 22:11
وَمِنَ النَّاسِ مَنْ یَّعْبُدُ اللّٰهَ عَلٰی حَرْفٍ ۚ فَاِنْ اَصَابَهٗ خَیْرُ طْمَاَنَّ بِهٖ ۚ وَاِنْ اَصَابَتْهُ فِتْنَةُ نْقَلَبَ عَلٰی وَجْهِهٖ ۚ۫ خَسِرَ الدُّنْیَا وَالْاٰخِرَةَ ؕ ذٰلِكَ هُوَ الْخُسْرَانُ الْمُبِیْنُ ۟
Wa-minan naasi mañy yaʻbudul laaha ʻalaa ḥarf: faʹin ʹaṣaabahoo khayruniṭ maʹanna bih; wa-ʹin ʹaṣaabathu fitnatuniñ q̣alaba ʻalaa wajhih; khasirad dunyaa wal-ʹAakhirah; ẓaalika huwal khusraanul Mubeen.
মানুহৰ মাজত কিছুমান এনেকুৱা মানুহো আছে, যিসকলে দ্বিধাৰ সৈতে আল্লাহৰ ইবাদত কৰে; তাৰ মঙ্গল হ’লে তেতিয়া সি প্ৰশান্তি লাভ কৰে আৰু কোনো বিপৰ্যয় ঘটিলে সি তাৰ পূৰ্বৰ চেহেৰালৈ উভতি যায়। সি ক্ষতিগ্ৰস্ত হয় পৃথিৱীত আৰু আখিৰাততো; এইটোৱেই হৈছে সুস্পষ্ট ক্ষতি।
Verse 22:12
یَدْعُوْا مِنْ دُوْنِ اللّٰهِ مَا لَا یَضُرُّهٗ وَمَا لَا یَنْفَعُهٗ ؕ ذٰلِكَ هُوَ الضَّلٰلُ الْبَعِیْدُ ۟ۚ
Yadʻoo miñ doonil laahi maa laa- yaḍurruhoo wamaa laa- yañfaʻuh: ẓaalika huwaḍ ḍalaalul baʻeed!
সি আল্লাহৰ পৰিবৰ্তে সেইবোৰক আহ্বান কৰে যিবোৰে তাৰ কোনো ক্ষতিও কৰিব নোৱাৰে আৰু তাৰ কোনো উপকাৰো কৰিব নোৱাৰে; এইটোৱে হৈছে চৰম পথভ্ৰষ্টতা!
Verse 22:13
یَدْعُوْا لَمَنْ ضَرُّهٗۤ اَقْرَبُ مِنْ نَّفْعِهٖ ؕ لَبِئْسَ الْمَوْلٰی وَلَبِئْسَ الْعَشِیْرُ ۟
Yadʻoo lamañ ḍarruhooo ʹaq̣rabu min nafʻih: labiʹsal mawlaa wa-labiʹsal ʻasheer!
সি যিবোৰক আহ্বান কৰে সেইবোৰৰ ক্ষতি তাৰ লাভতকৈও বেছি। কিমান যে নিকৃষ্ট এই অভিভাৱক আৰু কিমান যে নিকৃষ্ট এই সহচৰ!
Verse 22:14
اِنَّ اللّٰهَ یُدْخِلُ الَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ جَنّٰتٍ تَجْرِیْ مِنْ تَحْتِهَا الْاَنْهٰرُ ؕ اِنَّ اللّٰهَ یَفْعَلُ مَا یُرِیْدُ ۟
ʹInnal laaha yudkhilul laẓeena ʹaamanoo wa-ʻamiluṣ Ṣaaliḥaati Jannaatiñ tajree miñ taḥtihal ʹanhaar: ʹinnal laaha yafʻalu maa- yureed.
নিশ্চয় যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে আল্লাহে তেওঁলোকক জান্নাতত প্ৰৱেশ কৰাব, যাৰ পাদদেশত নদীসমূহ প্ৰবাহিত; নিশ্চয় আল্লাহে যি ইচ্ছা কৰে সেইটোৱেই কৰে।
Verse 22:15
مَنْ كَانَ یَظُنُّ اَنْ لَّنْ یَّنْصُرَهُ اللّٰهُ فِی الدُّنْیَا وَالْاٰخِرَةِ فَلْیَمْدُدْ بِسَبَبٍ اِلَی السَّمَآءِ ثُمَّ لْیَقْطَعْ فَلْیَنْظُرْ هَلْ یُذْهِبَنَّ كَیْدُهٗ مَا یَغِیْظُ ۟
Mañ kaana yaz̤̣unnu ʹal lañy yañṣurahul laahu fid dunyaa wal-ʹAakhirati fal-yamdud bisababin ʹilas samaaaʹi s̤ummal yaq̣ṭaʻ falyañz̤̣ur hal yuẓhibanna kayduhoo maa- yag̣eez̤̣!
যিয়ে ধাৰণা কৰে যে, আল্লাহে তেওঁক (ৰাছুলক) কেতিয়াও ইহকাল আৰু পৰকালত সহায় নকৰিব, সি আকাশৰ ফালে এটা ৰছী প্ৰসাৰিত কৰক, তাৰ পিছত তাক কাটি দিয়ক, তাৰ পিছত চাওক তাৰ এই কৌশলে তাৰ আক্ৰোশ দূৰ কৰে নে নাই।
Verse 22:16
وَكَذٰلِكَ اَنْزَلْنٰهُ اٰیٰتٍ بَیِّنٰتٍ ۙ وَّاَنَّ اللّٰهَ یَهْدِیْ مَنْ یُّرِیْدُ ۟
Wa-kaẓaalika ʹañzalnaahu ʹAayaatim Bayyinaatiñw Waʹannal laaha yahdee mañy yureed!
এইদৰেই আমি সুস্পষ্ট নিদৰ্শন হিচাপে ইয়াক অৱতীৰ্ণ কৰিছোঁ। নিশ্চয় আল্লাহে যাক ইচ্ছা কৰে হিদায়ত প্ৰদান কৰে।
Verse 22:17
اِنَّ الَّذِیْنَ اٰمَنُوْا وَالَّذِیْنَ هَادُوْا وَالصّٰبِـِٕیْنَ وَالنَّصٰرٰی وَالْمَجُوْسَ وَالَّذِیْنَ اَشْرَكُوْۤا ۖۗ اِنَّ اللّٰهَ یَفْصِلُ بَیْنَهُمْ یَوْمَ الْقِیٰمَةِ ؕ اِنَّ اللّٰهَ عَلٰی كُلِّ شَیْءٍ شَهِیْدٌ ۟
ʹInnal laẓeena ʹaamanoo wallaẓeena haadoo waṣ-Ṣaabiʹeena wan-Naṣaaraa wal-Majoosa wallaẓeena ʹashrakooo ʹinnal laaha yafṣilu baynahum Yawmal Q̣iyaamah: ʹinnal laaha ʻalaa kulli shayʹiñ Shaheed.
নিশ্চয় যিসকলে ঈমান আনিছে আৰু যিসকলে ইয়াহুদী হৈছে, আৰু যিসকলে ছাবেয়ী, খ্ৰীষ্টান আৰু অগ্নিপূজক হৈছে লগতে যিবিলাকে মুশ্বৰিক হৈছে, কিয়ামতৰ দিনা আল্লাহে সিহঁতৰ মাজত ফয়চালা কৰি দিব। নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত সম্যক প্ৰত্যক্ষকাৰী।
Verse 22:18
اَلَمْ تَرَ اَنَّ اللّٰهَ یَسْجُدُ لَهٗ مَنْ فِی السَّمٰوٰتِ وَمَنْ فِی الْاَرْضِ وَالشَّمْسُ وَالْقَمَرُ وَالنُّجُوْمُ وَالْجِبَالُ وَالشَّجَرُ وَالدَّوَآبُّ وَكَثِیْرٌ مِّنَ النَّاسِ ؕ وَكَثِیْرٌ حَقَّ عَلَیْهِ الْعَذَابُ ؕ وَمَنْ یُّهِنِ اللّٰهُ فَمَا لَهٗ مِنْ مُّكْرِمٍ ؕ اِنَّ اللّٰهَ یَفْعَلُ مَا یَشَآءُ ۟
ʹAlam tara ʹannal laaha yasjudu lahoo mañ fis samaawaati wa-mañ fil ʹarḍi washshamsu walq̣amaru wan-nujoomu wal-jibaalu washshajaru wad-dawaaabbu wa-kas̤eerum minan naas? Wa-kas̤eerun ḥaq̣q̣a ʻalayhil ʻAẓaab. Wa-mañy yuhinil laahu famaa lahoo mim mukrim: ʹinnal laaha yafʻalu maa- yashaaaʹ.
তুমি দেখা নাইনে যে, আকাশসমূহত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলোৱে আল্লাহকেই ছাজদাহ কৰে, আৰু সূৰ্য, চন্দ্ৰ, নক্ষত্ৰমণ্ডলী, পৰ্বতৰাজি, বৃক্ষলতা, জীৱ-জন্তু লগতে বহুতো মানুহেও ছাজদাহ কৰে? আনহাতে বহুতৰে প্ৰতি সাব্যস্ত হৈছে শাস্তি। আল্লাহে যাক অপমানিত কৰে তাক সন্মানদাতা কোনো নাই; নিশ্চয় আল্লাহে যি ইচ্ছা কৰে সেইটোৱে কৰে। (ছাজদাহ)
Verse 22:19
هٰذٰنِ خَصْمٰنِ اخْتَصَمُوْا فِیْ رَبِّهِمْ ؗ فَالَّذِیْنَ كَفَرُوْا قُطِّعَتْ لَهُمْ ثِیَابٌ مِّنْ نَّارٍ ؕ یُصَبُّ مِنْ فَوْقِ رُءُوْسِهِمُ الْحَمِیْمُ ۟ۚ
Haaẓaani khaṣmaanikh taṣamoo fee Rabbihim: fal-laẓeena kafaroo q̣uṭṭiʻat lahum s̤iyaabum min Naar: yuṣabbu miñ fawq̣i ruʹoosihimul ḥameem.
এই দুটা বিবদমান পক্ষ, সিহঁতে নিজ প্ৰতিপালক সম্পৰ্কে বিতৰ্কত লিপ্ত হৈছে; এতেকে যিসকলে কুফৰী কৰিছে সিহঁতৰ বাবে জুইৰ কাপোৰ কাটি পোছাক তৈয়াৰ কৰা হৈছে, সিহঁতৰ মূৰত ঢালি দিয়া হ’ব উতলা পানী।
Verse 22:20
یُصْهَرُ بِهٖ مَا فِیْ بُطُوْنِهِمْ وَالْجُلُوْدُ ۟ؕ
Yuṣharu bihee maa- fee buṭoonihim waljulood.
ইয়াৰ দ্বাৰা সিহঁতৰ পেটৰ ভিতৰত যি আছে তাক, লগতে সিহঁতৰ ছালবোৰক বিগলিত কৰা হ’ব।
Verse 22:21
وَلَهُمْ مَّقَامِعُ مِنْ حَدِیْدٍ ۟
Wa-lahum maq̣aamiʻu min ḥadeed.
আৰু সিহঁতৰ বাবে থাকিব লোৰ হাতুৰী।
Verse 22:22
كُلَّمَاۤ اَرَادُوْۤا اَنْ یَّخْرُجُوْا مِنْهَا مِنْ غَمٍّ اُعِیْدُوْا فِیْهَا ۗ وَذُوْقُوْا عَذَابَ الْحَرِیْقِ ۟۠
Kullamaaa ʹaraadooo ʹañy yakhrujoo minhaa min g̣ammin ʹuʻeedoo feehaa wa-ẓooq̣oo ʻaẓaabal Ḥareeq̣!
যেতিয়াই সিহঁতে যন্ত্ৰণাত কাতৰ হৈ জাহান্নামৰ পৰা ওলাব বিচাৰিব, তেতিয়াই সিহঁতক তালৈকে ওভতাই দিয়া হ’ব; আৰু (সিহঁতক কোৱা হ’ব,) ‘ভোগ কৰা দহন যন্ত্ৰণা’।
Verse 22:23
اِنَّ اللّٰهَ یُدْخِلُ الَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ جَنّٰتٍ تَجْرِیْ مِنْ تَحْتِهَا الْاَنْهٰرُ یُحَلَّوْنَ فِیْهَا مِنْ اَسَاوِرَ مِنْ ذَهَبٍ وَّلُؤْلُؤًا ؕ وَلِبَاسُهُمْ فِیْهَا حَرِیْرٌ ۟
ʹInnal laaha yudkhilul laẓeena ʹaamanoo wa-ʻamiluṣ Ṣaaliḥaati Jannaatiñ tajree miñ taḥtihal ʹanhaaru yuḥallawna feehaa min ʹasaawira miñ ẓahabiñw waluʹluʹaa: wa-libaasuhum feehaa ḥareer.
নিশ্চয় যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে আল্লাহে তেওঁলোকক এনেকুৱা জান্নাতত প্ৰৱেশ কৰাব, যাৰ পাদ দেশত নদীসমূহ প্ৰবাহিত; তাত তেওঁলোকক অলংকৃত কৰা হ’ব সোণৰ খাৰু আৰু মুকুতাৰ দ্বাৰা, আৰু তাত তেওঁলোকৰ পোছাক হ’ব ৰেচমৰ।
Verse 22:24
وَهُدُوْۤا اِلَی الطَّیِّبِ مِنَ الْقَوْلِ ۖۚ وَهُدُوْۤا اِلٰی صِرَاطِ الْحَمِیْدِ ۟
Wa-hudooo ʹilaṭ Ṭayyibi minal Q̣awli wa-hudooo ʹilaa Ṣiraaṭil Ḥameed.
তেওঁলোকক পৱিত্ৰ বাক্যৰ অনুগামী কৰা হৈছিল আৰু তেওঁলোক পৰিচালিত হৈছিল পৰম প্ৰশংসিত আল্লাহৰ পথত।
Verse 22:25
اِنَّ الَّذِیْنَ كَفَرُوْا وَیَصُدُّوْنَ عَنْ سَبِیْلِ اللّٰهِ وَالْمَسْجِدِ الْحَرَامِ الَّذِیْ جَعَلْنٰهُ لِلنَّاسِ سَوَآءَ لْعَاكِفُ فِیْهِ وَالْبَادِ ؕ وَمَنْ یُّرِدْ فِیْهِ بِاِلْحَادٍ بِظُلْمٍ نُّذِقْهُ مِنْ عَذَابٍ اَلِیْمٍ ۟۠
ʹInnal laẓeena kafaroo wa-yaṣuddoona ʻañ Sabeelil laahi wal-Masjidil Ḥaraamil laẓee jaʻalnaahu linnaasi sawaaaʹanil ʻaakifu feehi walbaad. Wa-mañy yurid feehi biʹilḥaadim biz̤̣ulmin nuẓiq̣hu min ʻAẓaabin ʹaleem.
নিশ্চয় যিসকলে কুফৰী কৰিছে সিহঁতে আল্লাহৰ পথৰ পৰা লগতে মছজিদে হাৰামৰ পৰা মানুহক বাধা দিয়ে, য’ত আমি স্থানীয় আৰু বহিৰাগত সকলো মানুহৰ বাবেই সম অধিকাৰ দান কৰিছোঁ, তাত যিয়ে অন্যায়ভাৱে ইলহাদ তথা দ্বীনবিৰোধী পাপ কৰ্মৰ ইচ্ছা কৰে, আমি তাক যন্ত্ৰণাদায়ক শাস্তি ভোগ কৰাম।
Verse 22:26
وَاِذْ بَوَّاْنَا لِاِبْرٰهِیْمَ مَكَانَ الْبَیْتِ اَنْ لَّا تُشْرِكْ بِیْ شَیْـًٔا وَّطَهِّرْ بَیْتِیَ لِلطَّآىِٕفِیْنَ وَالْقَآىِٕمِیْنَ وَالرُّكَّعِ السُّجُوْدِ ۟
Wa-ʹiẓ bawwaʹnaa liʹIbraaheema Makaanal Bayti ʹal laa tushrik bee shayʹañw waṭahhir Baytiya liṭ-Ṭaaaʹifeena wal-Q̣aaaʹimeena war-Rukkaʻis Sujood.
আৰু স্মৰণ কৰা, যেতিয়া আমি ইব্ৰাহীমৰ বাবে ঘৰৰ (বাইতুল্লাহৰ) স্থান নিৰ্ধাৰণ কৰি দিছিলোঁ, তেতিয়া কৈছিলোঁ, ‘মোৰ লগত আন কাকো অংশী নকৰিবা আৰু মোৰ ঘৰখনক তাৱাফকাৰীসকলৰ বাবে, ছালাত আদায়কাৰীসকলৰ বাবে আৰু ৰুকু-ছাজদাকাৰীসকলৰ বাবে পৱিত্ৰ কৰি ৰাখিবা।
Verse 22:27
وَاَذِّنْ فِی النَّاسِ بِالْحَجِّ یَاْتُوْكَ رِجَالًا وَّعَلٰی كُلِّ ضَامِرٍ یَّاْتِیْنَ مِنْ كُلِّ فَجٍّ عَمِیْقٍ ۟ۙ
Wa-ʹaẓẓin fin naasi bil-Ḥajji yaʹtooka rijaalañw wa-ʻalaa kulli ḍaamiriñy yaʹteena miñ kulli fajjin ʻameeq̣;
‘আৰু মানুহৰ মাজত হজ্জৰ বাবে ঘোষণা কৰি দিয়া, তেওঁলোকে তোমাৰ ওচৰলৈ আহিব খোজকাঢ়ি আৰু সকলো ধৰণৰ উটৰ পিঠিত আৰোহণ কৰি, তেওঁলোক আহিব দূৰ-দূৰণিৰ পথ অতিক্ৰম কৰি;
Verse 22:28
لِّیَشْهَدُوْا مَنَافِعَ لَهُمْ وَیَذْكُرُوا اسْمَ اللّٰهِ فِیْۤ اَیَّامٍ مَّعْلُوْمٰتٍ عَلٰی مَا رَزَقَهُمْ مِّنْ بَهِیْمَةِ الْاَنْعَامِ ۚ فَكُلُوْا مِنْهَا وَاَطْعِمُوا الْبَآىِٕسَ الْفَقِیْرَ ۟ؗ
Liyashhadoo manaafiʻa lahum wa-yaẓkurus mal laahi feee ʹAyyaamim Maʻloomaatin ʻalaa maa- razaq̣ahum mim baheematil ʹanʻaam: fakuloo minhaa wa-ʹaṭʻimul baaaʹisal faq̣eer.
‘যাতে তেওঁলোকে নিজৰ কল্যাণৰ ঠাইবোৰত উপস্থিত হ’ব পাৰে আৰু আল্লাহে তেওঁলোকক চতুষ্পদ জন্তুৰ পৰা যিবোৰ জীৱিকা হিচাপে দান কৰিছে সেইবোৰৰ ওপৰত নিৰ্দিষ্ট দিনবোৰত আল্লাহৰ নাম উচ্চাৰণ (কৰি জবেহ) কৰিব পাৰে। এতেকে (সেই কুৰাবনীৰ পৰা) তোমালোকে নিজে খোৱা আৰু দুখীয়া-নিচলা, অভাৱগ্ৰস্তক আহাৰ কৰোৱা।
Verse 22:29
ثُمَّ لْیَقْضُوْا تَفَثَهُمْ وَلْیُوْفُوْا نُذُوْرَهُمْ وَلْیَطَّوَّفُوْا بِالْبَیْتِ الْعَتِیْقِ ۟
S̤ummal yaq̣ḍoo tafas̤ahum wal-yoofoo nuẓoorahum wal-yaṭṭawwafoo bil-Baytil ʻAteeq̣.
‘তাৰ পিছত তেওঁলোকে যেন অপৰিচ্ছন্নতা দূৰ কৰে আৰু তেওঁলোকৰ মানত পূৰ্ণ কৰে, লগতে প্ৰাচীন (কা’বা) ঘৰৰ তাৱাফ কৰে’।
Verse 22:30
ذٰلِكَ ۗ وَمَنْ یُّعَظِّمْ حُرُمٰتِ اللّٰهِ فَهُوَ خَیْرٌ لَّهٗ عِنْدَ رَبِّهٖ ؕ وَاُحِلَّتْ لَكُمُ الْاَنْعَامُ اِلَّا مَا یُتْلٰی عَلَیْكُمْ فَاجْتَنِبُوا الرِّجْسَ مِنَ الْاَوْثَانِ وَاجْتَنِبُوْا قَوْلَ الزُّوْرِ ۟ۙ
Ẓaalika wa-mañy yuʻaz̤̣z̤̣im Ḥurumaatil laahi fahuwa khayrul lahoo ʻiñda Rabbih. Wa-ʹuḥillat lakumul ʹanʻaamu ʹillaa maa- yutlaa ʻalaykum fajtanibur rijsa minal ʹaws̤aani wajtaniboo q̣awlaz zoor
এইটোৱে বিধান, যিয়ে আল্লাহৰ সন্মানিত বিধানাৱলীৰ প্ৰতি সন্মান কৰিব তেন্তে তাৰ প্ৰতিপালকৰ ওচৰত তাৰ বাবে এইটোৱে উত্তম। তোমালোকৰ বাবে (ঘৰচীয়া) চতুষ্পদ জন্তুবোৰ হালাল কৰা হৈছে কিন্তু সেইবোৰৰ বাহিৰে যিবোৰৰ বিষয়ে তোমালোকক তিলাৱত কৰি (নিষিদ্ধ বুলি) জনোৱা হৈছে। সেয়ে তোমালোকে মূৰ্তিপূজাৰ অপৱিত্ৰতাৰ পৰা আঁতৰি থাকা আৰু মিছা কথা বৰ্জন কৰা।
Verse 22:31
حُنَفَآءَ لِلّٰهِ غَیْرَ مُشْرِكِیْنَ بِهٖ ؕ وَمَنْ یُّشْرِكْ بِاللّٰهِ فَكَاَنَّمَا خَرَّ مِنَ السَّمَآءِ فَتَخْطَفُهُ الطَّیْرُ اَوْ تَهْوِیْ بِهِ الرِّیْحُ فِیْ مَكَانٍ سَحِیْقٍ ۟
Ḥunafaaaʹa lillaahi g̣ayra mushrikeena bih: wa-mañy yushrik billaahi fakaʹannamaa kharra minas samaaaʹi fatakhṭafuhut ṭayru ʹaw tahwee bihir reeḥu fee makaaniñ saḥeeq̣.
আল্লাহৰ প্ৰতি একনিষ্ঠ হৈ আৰু তেওঁৰ লগত আনক অংশীদাৰ নকৰি (উক্ত কামবোৰ কৰা)। কাৰণ যিয়ে আল্লাহৰ লগত অংশীদাৰ স্থাপন (শ্বিৰ্ক) কৰে, (তাৰ অৱস্থা হৈছে এনেকুৱা) সি যেনিবা আকাশৰ পৰা পৰিল আৰু চৰাইয়ে তাক থাপ মাৰি লৈ গ’ল, নাইবা বতাহে তাক উৰুৱাই নি কোনো দূৰৱৰ্তী ঠাইত নিক্ষেপ কৰিলে।
Verse 22:32
ذٰلِكَ ۗ وَمَنْ یُّعَظِّمْ شَعَآىِٕرَ اللّٰهِ فَاِنَّهَا مِنْ تَقْوَی الْقُلُوْبِ ۟
Ẓaalik: wa-mañy yuʻaz̤̣z̤̣im shaʻaaaʹiral laahi faʹinnahaa miñ taq̣wal q̣uloob.
এইটোৱে হৈছে আল্লাহৰ বিধান, আৰু যিয়ে আল্লাহৰ নিদৰ্শনাৱলীক সন্মান কৰে, নিঃসন্দেহে সেইটো হৈছে তাৰ হৃদয়ৰ তাক্বৱাৰ বহিঃপ্ৰকাশ।
Verse 22:33
لَكُمْ فِیْهَا مَنَافِعُ اِلٰۤی اَجَلٍ مُّسَمًّی ثُمَّ مَحِلُّهَاۤ اِلَی الْبَیْتِ الْعَتِیْقِ ۟۠
lakum feehaa manaafiʻu ʹilaaa ʹajalim musammañ s̤umma maḥilluhaaa ʹilal Baytil ʻAteeq̣.
এই (ঘৰচীয়া) চতুষ্পদ জন্তুবোৰৰ মাজত তোমালোকৰ বাবে নানাবিধ উপকাৰ আছে এটা নিৰ্দিষ্ট সময়লৈকে; তাৰ পিছত এইবোৰৰ কুৰবানীৰ স্থান হৈছে প্ৰাচীন ঘৰখনৰ নিকটৱৰ্তী ঠাইত।
Verse 22:34
وَلِكُلِّ اُمَّةٍ جَعَلْنَا مَنْسَكًا لِّیَذْكُرُوا اسْمَ اللّٰهِ عَلٰی مَا رَزَقَهُمْ مِّنْ بَهِیْمَةِ الْاَنْعَامِ ؕ فَاِلٰهُكُمْ اِلٰهٌ وَّاحِدٌ فَلَهٗۤ اَسْلِمُوْا ؕ وَبَشِّرِ الْمُخْبِتِیْنَ ۟ۙ
Wa-likulli ʹummatiñ jaʻalnaa mañsakal liyaẓkurus mal laahi ʻalaa maa- razaq̣ahum mim baheematil ʹanʻaam. FaʹIlaahukum ʹIlaahuñw Waaḥiduñ falahooo ʹaslimoo: wa-bashshiril Mukhbiteen,
আৰু আমি প্ৰত্যেক সম্প্ৰদায়ৰ বাবে কুৰবানীৰ নিয়ম বনাই দিছোঁ; আমি সিহঁতক জীৱনোপকৰণ হিচাপে যিবোৰ চতুষ্পদ জন্তু প্ৰদান কৰিছোঁ, (জবেহ কৰাৰ সময়ত) সেইবোৰৰ ওপৰত যাতে তেওঁলোকে আল্লাহৰ নাম উচ্চাৰণ কৰে। এতেকে তোমালোকৰ ইলাহ হৈছে কেৱল একক ইলাহ, সেয়ে তোমালোকে কেৱল তেওঁৰ ওচৰতেই আত্মসমৰ্পণ কৰা, আৰু সুসংবাদ দিয়া বিনীত লোকসকলক,
Verse 22:35
الَّذِیْنَ اِذَا ذُكِرَ اللّٰهُ وَجِلَتْ قُلُوْبُهُمْ وَالصّٰبِرِیْنَ عَلٰی مَاۤ اَصَابَهُمْ وَالْمُقِیْمِی الصَّلٰوةِ ۙ وَمِمَّا رَزَقْنٰهُمْ یُنْفِقُوْنَ ۟
ʹAllaẓeena ʹiẓaa ẓukiral laahu wajilat q̣uloobuhum waṣ-Ṣaabireena ʻalaa maaa ʹaṣaabahum walmuq̣eemiṣ Ṣalaati wa-mimmaa razaq̣naahum yuñfiq̣oon.
যিসকলৰ ওচৰত আল্লাহৰ কথা উল্লেখ কৰা হ’লে তেওঁলোকৰ হৃদয় ভয়তে কম্পিত হয়, যিসকলে নিজৰ বিপদ-আপদত ধৈৰ্য্য ধাৰণ কৰে আৰু ছালাত কায়েম কৰে, লগতে আমি তেওঁলোকক যি জীৱিকা দান কৰিছোঁ তাৰ পৰা দান কৰে।
Verse 22:36
وَالْبُدْنَ جَعَلْنٰهَا لَكُمْ مِّنْ شَعَآىِٕرِ اللّٰهِ لَكُمْ فِیْهَا خَیْرٌ ۖۗ فَاذْكُرُوا اسْمَ اللّٰهِ عَلَیْهَا صَوَآفَّ ۚ فَاِذَا وَجَبَتْ جُنُوْبُهَا فَكُلُوْا مِنْهَا وَاَطْعِمُوا الْقَانِعَ وَالْمُعْتَرَّ ؕ كَذٰلِكَ سَخَّرْنٰهَا لَكُمْ لَعَلَّكُمْ تَشْكُرُوْنَ ۟
Walbudna jaʻalnaahaa lakum miñ Shaʻaaaʹiril laahi lakum feehaa khayr: faẓkurus mal laahi ʻalayhaa ṣawaaaff: faʹiẓaa wajabat junoobuhaa fakuloo minhaa wa-ʹaṭʻimul q̣aaniʻa walmuʻtarr: kaẓaalika sakhkharnaahaa lakum laʻallakum tashkuroon.
আৰু (কুৰবানীৰ) উটক আমি আল্লাহৰ (দ্বীনৰ) প্ৰতীকসমূহৰ মাজত অন্যতম প্ৰতীক বনাইছোঁ, তোমালোকৰ বাবে তাৰ মাজত বহুতো কল্যাণ আছে। সেয়ে এটা ভৰি বান্ধি আৰু বাকী তিনিটা ভৰিত থিয় দি থকা অৱস্থাত তোমালোকে তাৰ ওপৰত আল্লাহৰ নাম উচ্চাৰণ (কৰি নহৰ) কৰা। তাৰ পিছত যেতিয়া সিহঁত কাতি হৈ পৰি যাব, তেতিয়া তোমালোকে তাৰ পৰা (মাংস) খোৱা আৰু আহাৰ কৰোৱা ধৈৰ্য্যশীল অভাৱগ্ৰস্তক লগতে সহায়প্ৰাৰ্থী নিচলাসকলক; এইদৰেই আমি সেইবোৰক তোমালোকৰ বশীভূত কৰি দিছোঁ যাতে তোমালোকে কৃতজ্ঞতা প্ৰকাশ কৰা।
Verse 22:37
لَنْ یَّنَالَ اللّٰهَ لُحُوْمُهَا وَلَا دِمَآؤُهَا وَلٰكِنْ یَّنَالُهُ التَّقْوٰی مِنْكُمْ ؕ كَذٰلِكَ سَخَّرَهَا لَكُمْ لِتُكَبِّرُوا اللّٰهَ عَلٰی مَا هَدٰىكُمْ ؕ وَبَشِّرِ الْمُحْسِنِیْنَ ۟
Lañy yanaalal laaha luḥoomuhaa wa-laa dimaaaʹuhaa wa-laakiñy yanaaluhut Taq̣waa miñkum; kaẓaalika sakhkharahaa lakum litukabbirul laaha ʻalaa maa- hadaakum: wa-bashshiril Muḥsineen.
সেইবোৰ পশুৰ তেজ আৰু মাংস আল্লাহৰ ওচৰলৈ একোৱেই গৈ নাপায়, বৰং তেওঁৰ ওচৰলৈ গৈ পায় কেৱল তোমালোকৰ তাক্বৱা। এইদৰেই তেওঁ এইবোৰক তোমালোকৰ বশীভূত কৰি দিছে যাতে তোমালোকে আল্লাহৰ শ্ৰেষ্ঠত্ব ঘোষণা কৰা, কাৰণ তেৱেঁই তোমালোকক হিদায়ত কৰিছে, সেয়ে তুমি সুসংবাদ দিয়া সৎকৰ্মপৰায়ণসকলক।
Verse 22:38
اِنَّ اللّٰهَ یُدٰفِعُ عَنِ الَّذِیْنَ اٰمَنُوْا ؕ اِنَّ اللّٰهَ لَا یُحِبُّ كُلَّ خَوَّانٍ كَفُوْرٍ ۟۠
ʹInnal laaha yudaafiʻu ʻanil laẓeena ʹaamanoo: ʹinnal laaha laa- yuḥibbu kulla khawwaaniñ kafoor.
নিশ্চয় আল্লাহে মুমিনসকলক (তেওঁলোকৰ শত্ৰুৰ পৰা) প্ৰতিৰক্ষা দি থাকে, নিশ্চয় তেওঁ কোনো বিশ্বাসঘাতক, অকৃতজ্ঞ ব্যক্তিক পছন্দ নকৰে।
Verse 22:39
اُذِنَ لِلَّذِیْنَ یُقٰتَلُوْنَ بِاَنَّهُمْ ظُلِمُوْا ؕ وَاِنَّ اللّٰهَ عَلٰی نَصْرِهِمْ لَقَدِیْرُ ۟ۙ
ʹUẓina lillaẓeena yuq̣aataloona biʹannahum z̤̣ulimoo; wa-ʹinnal laaha ʻalaa naṣrihim la-Q̣adeer;
যুদ্ধৰ অনুমতি দিয়া হ’ল তেওঁলোকক, যিসকলে আক্ৰান্ত হৈছে, কাৰণ তেওঁলোকক নিৰ্যাতন কৰা হৈছে। নিশ্চয় আল্লাহে তেওঁলোকক সহায় কৰিবলৈ সম্যক সক্ষম;
Verse 22:40
لَّذِیْنَ اُخْرِجُوْا مِنْ دِیَارِهِمْ بِغَیْرِ حَقٍّ اِلَّاۤ اَنْ یَّقُوْلُوْا رَبُّنَا اللّٰهُ ؕ وَلَوْلَا دَفْعُ اللّٰهِ النَّاسَ بَعْضَهُمْ بِبَعْضٍ لَّهُدِّمَتْ صَوَامِعُ وَبِیَعٌ وَّصَلَوٰتٌ وَّمَسٰجِدُ یُذْكَرُ فِیْهَا اسْمُ اللّٰهِ كَثِیْرًا ؕ وَلَیَنْصُرَنَّ اللّٰهُ مَنْ یَّنْصُرُهٗ ؕ اِنَّ اللّٰهَ لَقَوِیٌّ عَزِیْزٌ ۟
ʹAllaẓeena ʹukhrijoo miñ diyaarihim̃ big̣ayri ḥaq̣q̣in ʹillaaa ʹañy yaq̣ooloo Rabbunallaah. Wa-law laa- dafʻul laahin naasa baʻḍahum̃ bibaʻḍil lahuddimat ṣawaamiʹu wa-biyaʻuñw waṣalawaatuñw wamasaajidu yuẓkaru feehas mul laahi kas̤eeraa. Wa-layañṣurannal laahu mañy yañṣuruh; ʹinnal laaha la-Q̣awiyyun ʻAzeez.
তেওঁলোকক নিজৰ ঘৰ-বাৰীৰ পৰা অন্যায়ভাৱে বহিষ্কাৰ কৰা হৈছে, তেওঁলোকৰ অপৰাধ কেৱল এইটোৱে আছিল যে, তেওঁলোকে কয়, ‘আমাৰ প্ৰতিপালক হৈছে আল্লাহ’। আল্লাহে যদি মানুহৰ এটা দলক আন এটা দলৰ দ্বাৰা প্ৰতিহত নকৰিলেহেঁতেন, তেন্তে বিধ্বস্ত হৈ গ’লহেঁতেন খৃষ্টান সন্যাসীসকলৰ উপাসনালয়, গীৰ্জা, ইয়াহুদীসকলৰ উপাসনালয় লগতে মছজিদসমূহ—য’ত বেছি বেছি আল্লাহৰ নাম স্মৰণ কৰা হয়। নিশ্চয় আল্লাহে তাক সহায় কৰে যিয়ে আল্লাহক সহায় কৰে। নিশ্চয় আল্লাহ মহাশক্তিমান, পৰাক্ৰমশালী।
Verse 22:41
اَلَّذِیْنَ اِنْ مَّكَّنّٰهُمْ فِی الْاَرْضِ اَقَامُوا الصَّلٰوةَ وَاٰتَوُا الزَّكٰوةَ وَاَمَرُوْا بِالْمَعْرُوْفِ وَنَهَوْا عَنِ الْمُنْكَرِ ؕ وَلِلّٰهِ عَاقِبَةُ الْاُمُوْرِ ۟
ʹAllaẓeena ʹim makkannaahum fil ʹarḍi ʹaq̣aamuṣ Ṣalaata wa-ʹaatawuz Zakaata wa-ʹamaroo bilmaʻroofi wa-nahaw ʻanil muñkar: wa-lillaahi ʻaaq̣ibatul ʹumoor.
এওঁলোকেই হৈছে সেইসকল লোক যিসকলক আমি পৃথিৱীৰ বুকুত প্ৰতিষ্ঠিত কৰিলে তেওঁলোকে ছালাত কায়েম কৰিব, যাকাত প্ৰদান কৰিব আৰু সৎকৰ্মৰ নিৰ্দেশ দিব লগতে অসৎকৰ্ম নিষেধ কৰিব; আৰু সকলো কৰ্মৰ চূড়ান্ত পৰিণতি আল্লাহৰ ইখতিয়াৰত।
Verse 22:42
وَاِنْ یُّكَذِّبُوْكَ فَقَدْ كَذَّبَتْ قَبْلَهُمْ قَوْمُ نُوْحٍ وَّعَادٌ وَّثَمُوْدُ ۟ۙ
Wa-ʹiñy yukaẓẓibooka faq̣ad kaẓẓabat q̣ablahum Q̣awmu Nooḥiñw waʻAaduñw wa-S̤amood;
আৰু সিহঁতে যদি তোমাক অস্বীকাৰ কৰে, তেন্তে (এয়া কোনো নতুন কথা নহয়) সিহঁতৰ পূৰ্বেও নূহ, আদ আৰু ছামূদ সম্প্ৰদায়েও অস্বীকাৰ কৰিছিল,
Verse 22:43
وَقَوْمُ اِبْرٰهِیْمَ وَقَوْمُ لُوْطٍ ۟ۙ
Wa-Q̣awmu ʹIbraaheema wa-Q̣awmu Looṭ;
লগতে ইব্ৰাহীম আৰু লূতৰ সম্প্ৰদায়েও (অস্বীকাৰ কৰিছিল),
Verse 22:44
وَّاَصْحٰبُ مَدْیَنَ ۚ وَكُذِّبَ مُوْسٰی فَاَمْلَیْتُ لِلْكٰفِرِیْنَ ثُمَّ اَخَذْتُهُمْ ۚ فَكَیْفَ كَانَ نَكِیْرِ ۟
Wa-ʹAṣḥaabu madyan; wa-kuẓẓiba Moosaa faʹamlaytu lilkaafireena s̤umma ʹakhaẓtuhum: fakayfa kaana nakeer!
আৰু মাদাইনৰ অধিবাসীবিলাকেও (অস্বীকাৰ কৰিছিল)। এইদৰে অস্বীকাৰ কৰা হৈছিল মুছাকো। এতেকে কাফিৰসকলক মই অৱকাশ দিছিলোঁ, তাৰ পিছতহে আমি সিহঁতক ধৰিছিলোঁ। এতেকে (প্ৰত্যক্ষ কৰা) মোৰ প্ৰত্যাখ্যান (শাস্তি) কেনেকুৱা (ভয়ংকৰ) আছিল!
Verse 22:45
فَكَاَیِّنْ مِّنْ قَرْیَةٍ اَهْلَكْنٰهَا وَهِیَ ظَالِمَةٌ فَهِیَ خَاوِیَةٌ عَلٰی عُرُوْشِهَا وَبِئْرٍ مُّعَطَّلَةٍ وَّقَصْرٍ مَّشِیْدٍ ۟
Fakaʹayyim miñ q̣aryatin ʹahlaknaahaa wa-hiya z̤̣aalimatuñ fahiya khaawiyatun ʻalaa ʻurooshihaa wa-biʹrim muʻaṭṭalatiñw waq̣aṣrim masheed?
আৰু আমি কিমান যে জনপদ ধ্বংস কৰিছোঁ যিবোৰৰ অধিবাসীবিলাক আছিল যালিম। ফলত এইবোৰ জনপদে সিহঁতৰ ঘৰৰ চাদৰ সৈতে ধ্বংসস্তূপত পৰিণত হৈছে। এইদৰে কিমান যে কুঁৱা পৰিত্যক্ত হৈছে আৰু কিমান যে সুদৃঢ় প্ৰাসাদ ধ্বংস হৈছে!
Verse 22:46
اَفَلَمْ یَسِیْرُوْا فِی الْاَرْضِ فَتَكُوْنَ لَهُمْ قُلُوْبٌ یَّعْقِلُوْنَ بِهَاۤ اَوْ اٰذَانٌ یَّسْمَعُوْنَ بِهَا ۚ فَاِنَّهَا لَا تَعْمَی الْاَبْصَارُ وَلٰكِنْ تَعْمَی الْقُلُوْبُ الَّتِیْ فِی الصُّدُوْرِ ۟
ʹAfalam yaseeroo fil ʹarḍi fatakoona lahum q̣uloobuñy yaʻq̣iloona bihaaa ʹaw ʹaaẓaanuñy yasmaʻoona bihaa? Faʹinnahaa laa- taʻmal ʹabṣaaru wa-laakiñ taʻmal q̣uloobul latee fiṣ ṣudoor.
সিহঁতে পৃথিৱীত ভ্ৰমণ কৰা নাইনে? তেতিয়াহে সিহঁতে জ্ঞান বুদ্ধি সম্পন্ন হৃদয় আৰু শ্ৰুতিশক্তি সম্পন্ন শ্ৰৱণৰ অধিকাৰী হ’ব পাৰিলেহেঁতেন। প্ৰকৃততে চকু অন্ধ নহয়, বৰং অন্ধ হৈছে বুকুৰ মাজত অৱস্থিত হৃদয়।
Verse 22:47
وَیَسْتَعْجِلُوْنَكَ بِالْعَذَابِ وَلَنْ یُّخْلِفَ اللّٰهُ وَعْدَهٗ ؕ وَاِنَّ یَوْمًا عِنْدَ رَبِّكَ كَاَلْفِ سَنَةٍ مِّمَّا تَعُدُّوْنَ ۟
Wa-yastaʻjiloonaka bilʻAẓaabi wa-lañy yukhlifal laahu waʻdaḥ Wa-ʹinna yawman ʻiñda Rabbika kaʹalfi sanatim mimmaa taʻuddoon.
আৰু সিহঁতে শাস্তি আনিবলৈ তোমাক খৰখেদা কৰিবলৈ কয়, অথচ আল্লাহে তেওঁৰ প্ৰতিশ্ৰুতি কেতিয়াও ভঙ্গ নকৰে। নিশ্চয় তোমালোকৰ প্ৰতিপালকৰ ওচৰত এদিন, তোমালোকৰ গণনাত সেয়া এহেজাৰ বছৰৰ সমান;
Verse 22:48
وَكَاَیِّنْ مِّنْ قَرْیَةٍ اَمْلَیْتُ لَهَا وَهِیَ ظَالِمَةٌ ثُمَّ اَخَذْتُهَا ۚ وَاِلَیَّ الْمَصِیْرُ ۟۠
Wa-kaʹayyim miñ q̣aryatin ʹamlaytu lahaa wa-hiya z̤̣aalimatuñ s̤umma ʹakhaẓtuhaa. Wa-ʹilayyal maṣeer.
আৰু আমি বহুতো জনপদক অৱকাশ দিছিলোঁ অথচ সিহঁত আছিল অত্যাচাৰী, তাৰ পিছত আমি সিহঁতক গ্ৰেপ্তাৰ কৰিছিলোঁ, আৰু আমাৰ ওচৰতেই প্ৰত্যাৱৰ্তনস্থল।
Verse 22:49
قُلْ یٰۤاَیُّهَا النَّاسُ اِنَّمَاۤ اَنَا لَكُمْ نَذِیْرٌ مُّبِیْنٌ ۟ۚ
Q̣ul Yaaaʹayyuhan naasu ʹinnamaaa ʹana lakum naẓeerum mubeen.
কোৱা, ‘হে মানৱ সম্প্ৰদায়! মই কেৱল তোমালোকৰ বাবে এজন সুস্পষ্ট সতৰ্ককাৰীহে’;
Verse 22:50
فَالَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ لَهُمْ مَّغْفِرَةٌ وَّرِزْقٌ كَرِیْمٌ ۟
Fallaẓeena ʹaamanoo wa-ʻamiluṣ Ṣaaliḥaati lahum mag̣hfiratuñw warizq̣uñ kareem.
এতেকে যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকৰ বাবে আছে ক্ষমা আৰু সন্মানজনক জীৱিকা;
Verse 22:51
وَالَّذِیْنَ سَعَوْا فِیْۤ اٰیٰتِنَا مُعٰجِزِیْنَ اُولٰٓىِٕكَ اَصْحٰبُ الْجَحِیْمِ ۟
Wallaẓeena saʻaw feee ʹAayaatinaa muʻaajizeena ʹulaaaʹika ʹAṣḥaabul Jaḥeem.
আৰু যিসকলে আমাৰ আয়াতসমূহক ব্যৰ্থ কৰিবলৈ চেষ্টা কৰে, সিহঁতেই হ’ব জাহান্নামৰ অধিবাসী।
Verse 22:52
وَمَاۤ اَرْسَلْنَا مِنْ قَبْلِكَ مِنْ رَّسُوْلٍ وَّلَا نَبِیٍّ اِلَّاۤ اِذَا تَمَنّٰۤی اَلْقَی الشَّیْطٰنُ فِیْۤ اُمْنِیَّتِهٖ ۚ فَیَنْسَخُ اللّٰهُ مَا یُلْقِی الشَّیْطٰنُ ثُمَّ یُحْكِمُ اللّٰهُ اٰیٰتِهٖ ؕ وَاللّٰهُ عَلِیْمٌ حَكِیْمٌ ۟ۙ
Wa-maaa ʹarsalnaa miñ q̣ablika mir rasooliñw walaa nabiyyin ʹillaaa ʹiẓaa tamannaaa ʹalq̣ash Shayṭaanu feee ʹumniyyatih: fayañsakhul laahu maa- yulq̣ish Shayṭaanu s̤umma yuḥkimul laahu ʹAayaatih: wallaahu ʻAleemun Ḥakeem:
আৰু আমি তোমাৰ পূৰ্বে যি ৰাছুল অথবা নবী প্ৰেৰণ কৰিছোঁ, তেওঁলোকৰ কোনোবাই যেতিয়া (অহীৰ বাণী) তিলাৱত কৰিছে, তেতিয়াই চয়তানে তেওঁলোকৰ তিলাৱতত (কিবা) নিক্ষেপ কৰিছে, কিন্তু চয়তানে যি নিক্ষেপ কৰে আল্লাহে সেয়া বিদূৰিত কৰে। তাৰ পিছত আল্লাহে তেওঁৰ আয়াতসমূহক সুপ্ৰতিষ্ঠিত কৰে, আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।
Verse 22:53
لِّیَجْعَلَ مَا یُلْقِی الشَّیْطٰنُ فِتْنَةً لِّلَّذِیْنَ فِیْ قُلُوْبِهِمْ مَّرَضٌ وَّالْقَاسِیَةِ قُلُوْبُهُمْ ؕ وَاِنَّ الظّٰلِمِیْنَ لَفِیْ شِقَاقٍ بَعِیْدٍ ۟ۙ
Liyajʻala maa- yulq̣ish Shayṭaanu fitnatal lillaz̤̣eena fee q̣uloobihim maraḍuñw walq̣aasiyati q̣uloobuhum: wa-ʹinnaz̤̣ z̤̣aalimeena lafee shiq̣aaq̣im baʻeed:
এইটো এইকাৰণে যে, চয়তানে যি প্ৰক্ষিপ্ত কৰে, সেইটোক তেওঁ সেইসকল লোকৰ বাবে পৰীক্ষাৰ বস্তু বনাই দিয়ে যিসকলৰ অন্তৰত ব্যাধি আছে আৰু যিসকলৰ অন্তৰ অতি কঠোৰ। নিশ্চয় যালিমসকল ঘোৰ বিৰোধিতাত লিপ্ত হৈ আছে।
Verse 22:54
وَّلِیَعْلَمَ الَّذِیْنَ اُوْتُوا الْعِلْمَ اَنَّهُ الْحَقُّ مِنْ رَّبِّكَ فَیُؤْمِنُوْا بِهٖ فَتُخْبِتَ لَهٗ قُلُوْبُهُمْ ؕ وَاِنَّ اللّٰهَ لَهَادِ الَّذِیْنَ اٰمَنُوْۤا اِلٰی صِرَاطٍ مُّسْتَقِیْمٍ ۟
Wa-liyaʻlamal laẓeena ʹootul ʻllma ʹannahul Ḥaq̣q̣u mir Rabbika fayuʹminoo bihee fatukhbita lahoo q̣uloobuhum: wa-ʹinnal laaha la-Haadil laẓeena ʹaamanooo ʹilaa Ṣiraaṭim Mustaq̣eem.
আৰু এইটো এইবাবেও যে, যিসকলক জ্ঞান দিয়া হৈছে তেওঁলোকে যেন জানিব পাৰে যে, এইটো তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰেৰিত সত্য; ফলত তেওঁলোকে যেন ইয়াৰ ওপৰত বিশ্বাস স্থাপন কৰে আৰু তেওঁলোকৰ অন্তৰ যেন ইয়াৰ প্ৰতি বিনয়াৱনত হয়। নিশ্চয় যিসকলে ঈমান আনিছে আল্লাহে তেওঁলোকক সৰল পথ দেখুৱাব।
Verse 22:55
وَلَا یَزَالُ الَّذِیْنَ كَفَرُوْا فِیْ مِرْیَةٍ مِّنْهُ حَتّٰی تَاْتِیَهُمُ السَّاعَةُ بَغْتَةً اَوْ یَاْتِیَهُمْ عَذَابُ یَوْمٍ عَقِیْمٍ ۟
Wa-laa yazaalul laẓeena kafaroo fee miryatim minhu ḥattaa taʹtiyahumus Saaʻatu bag̣tatan ʹaw yaʹtiyahum ʹaẓaabu Yawmin ʻAq̣eem.
আৰু যিসকলে কুফৰী কৰিছে সিহঁতে ইয়াৰ প্ৰতি সন্দেহ পোষণ কৰিয়েই থাকিব, সিহঁতৰ ওচৰলৈ আকস্মিকভাৱে কিয়ামত নহালৈকে অথবা সিহঁতৰ ওচৰলৈ এটা বন্ধ্যা দিনৰ শাস্তি নহালৈকে।
Verse 22:56
اَلْمُلْكُ یَوْمَىِٕذٍ لِّلّٰهِ ؕ یَحْكُمُ بَیْنَهُمْ ؕ فَالَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ فِیْ جَنّٰتِ النَّعِیْمِ ۟
ʹAl-Mulku Yawmaʹiẓil lillaah: yaḥkumu baynahum: fallaẓeena ʹaamanoo wa-ʻamiluṣ Ṣaaliḥaati fee Jannaatin Naʻeem.
সেইদিনা কেৱল আল্লাহৰেই আধিপত্য থাকিব; তেৱেঁই সিহঁতৰ মাজত বিচাৰ কৰিব। এতেকে যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকে নিয়ামতপূৰ্ণ জান্নাতত অৱস্থান কৰিব।
Verse 22:57
وَالَّذِیْنَ كَفَرُوْا وَكَذَّبُوْا بِاٰیٰتِنَا فَاُولٰٓىِٕكَ لَهُمْ عَذَابٌ مُّهِیْنٌ ۟۠
Wallaẓeena kafaroo wa-kaẓẓaboo biʹAayaatinaa faʹulaaaʹika lahum ʻAẓaabum muheen.
আনহাতে যিসকলে কুফৰী কৰিছে আৰু আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে, সিহঁতৰ বাবেই আছে লাঞ্ছনাদায়ক শাস্তি।
Verse 22:58
وَالَّذِیْنَ هَاجَرُوْا فِیْ سَبِیْلِ اللّٰهِ ثُمَّ قُتِلُوْۤا اَوْ مَاتُوْا لَیَرْزُقَنَّهُمُ اللّٰهُ رِزْقًا حَسَنًا ؕ وَاِنَّ اللّٰهَ لَهُوَ خَیْرُ الرّٰزِقِیْنَ ۟
Wallaẓeena haajaroo fee Sabeelil laahi s̤umma q̣utilooo ʹaw maatoo layarzuq̣annahumul laahu Rizq̣an ḥasanaa: wa-ʹinnal laaha la-Huwa Khayrur raaziq̣een.
আৰু যিসকলে আল্লাহৰ পথত হিজৰত কৰিছে, তাৰ পিছত (শত্ৰুৰ হাতত) নিহত হৈছে নাইবা মৃত্যুবৰণ কৰিছে, তেওঁলোকক নিশ্চিতভাৱে আল্লাহে উৎকৃষ্ট জীৱিকা প্ৰদান কৰিব; আৰু নিশ্চয় আল্লাহ, তেৱেঁই হৈছে সৰ্বোৎকৃষ্ট জীৱিকাদাতা।
Verse 22:59
لَیُدْخِلَنَّهُمْ مُّدْخَلًا یَّرْضَوْنَهٗ ؕ وَاِنَّ اللّٰهَ لَعَلِیْمٌ حَلِیْمٌ ۟
Layudkhilannahum mud-khalañy yarḍawnah: wa-ʹinnal laaha laʻAleemun Ḥaleem.
তেওঁ নিশ্চয় তেওঁলোকক এনেকুৱা এটা স্থানত প্ৰৱেশ কৰাব, যিটোক তেওঁলোকে পছন্দ কৰিব। নিশ্চয় আল্লাহ মহাজ্ঞানী, পৰম সহনশীল।
Verse 22:60
ذٰلِكَ ۚ وَمَنْ عَاقَبَ بِمِثْلِ مَا عُوْقِبَ بِهٖ ثُمَّ بُغِیَ عَلَیْهِ لَیَنْصُرَنَّهُ اللّٰهُ ؕ اِنَّ اللّٰهَ لَعَفُوٌّ غَفُوْرٌ ۟
Ẓaalika. Wa-man ʻaaq̣aba bimis̤li maa- ʻooq̣iba bihee s̤umma bug̣iya ʻalayhi layañṣurannahul laah: ʹinnal laaha laʻAfuwwun G̣afoor.
এইটোৱেই হৈছে প্ৰকৃত ৰীতি, আৰু যি ব্যক্তিয়ে নিৰ্যাতিত হৈ তাৰ সমপৰিমাণ প্ৰতিশোধ গ্ৰহণ কৰে, তাৰ পিছত পুনৰ (যদি) সি নিৰ্যাতিত হয় তেন্তে নিশ্চয় আল্লাহে তেওঁক সহায় কৰিব; নিশ্চয় আল্লাহ পাপ মোচনকাৰী, ক্ষমাশীল।
Verse 22:61
ذٰلِكَ بِاَنَّ اللّٰهَ یُوْلِجُ الَّیْلَ فِی النَّهَارِ وَیُوْلِجُ النَّهَارَ فِی الَّیْلِ وَاَنَّ اللّٰهَ سَمِیْعٌ بَصِیْرٌ ۟
Ẓaalika biʹannal laaha yoolijul layla fin nahaari wa-yoolijun nahaara fil layli wa-ʹannal laaha Sameeʻum Baṣeer.
এইটো এইকাৰণে যে, নিশ্চয় আল্লাহে ৰাতিক দিনৰ মাজত প্ৰৱেশ কৰায় আৰু দিনক প্ৰৱেশ কৰায় ৰাতিৰ মাজত। নিশ্চয় আল্লাহ সৰ্ব শ্ৰোতা, সৰ্ব দ্ৰষ্টা,
Verse 22:62
ذٰلِكَ بِاَنَّ اللّٰهَ هُوَ الْحَقُّ وَاَنَّ مَا یَدْعُوْنَ مِنْ دُوْنِهٖ هُوَ الْبَاطِلُ وَاَنَّ اللّٰهَ هُوَ الْعَلِیُّ الْكَبِیْرُ ۟
Ẓaalika biʹannal laaha Huwal Ḥaq̣q̣u wa-ʹanna maa- yadʻoona miñ doonihee huwal Baaṭilu wa-ʹannal laaha Huwal ʻAliyyul Kabeer.
আৰু এইকাৰণেও যে, নিশ্চয় আল্লাহ, কেৱল তেৱেঁই সত্য আৰু তেওঁৰ বাহিৰে সিহঁতে যিবোৰক আহ্বান কৰে, সেই সকলোবোৰ হৈছে অসত্য। নিশ্চয় আল্লাহ, তেৱেঁই সুউচ্চ, সুমহান।
Verse 22:63
اَلَمْ تَرَ اَنَّ اللّٰهَ اَنْزَلَ مِنَ السَّمَآءِ مَآءً ؗ فَتُصْبِحُ الْاَرْضُ مُخْضَرَّةً ؕ اِنَّ اللّٰهَ لَطِیْفٌ خَبِیْرٌ ۟ۚ
ʹAlam tara ʹannal laaha ʹañzala minas samaaaʹi maaaʹañ fatuṣbiḥul ʹarḍu mukhḍarrah? ʹInnal laaha Laṭeefun Khabeer.
তুমি লক্ষ্য কৰা নাইনে যে, আল্লাহে আকাশৰ পৰা পানী বৰ্ষণ কৰে? যাৰ ফলত পৃথিৱী সেউজীয়া হৈ উঠে? নিশ্চয় আল্লাহ সুক্ষ্মদৰ্শী, সম্যক অৱহিত।
Verse 22:64
لَهٗ مَا فِی السَّمٰوٰتِ وَمَا فِی الْاَرْضِ ؕ وَاِنَّ اللّٰهَ لَهُوَ الْغَنِیُّ الْحَمِیْدُ ۟۠
Lahoo Maa- fis samaawaati wa-maa fil ʹarḍ: wa-ʹinnal laaha la-Huwal G̣aniyyul Ḥameed.
আকাশসমূত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো তেওঁৰেই। নিশ্চয় আল্লাহ, তেৱেঁই অভাৱমুক্ত, পৰম প্ৰশংসিত।
Verse 22:65
اَلَمْ تَرَ اَنَّ اللّٰهَ سَخَّرَ لَكُمْ مَّا فِی الْاَرْضِ وَالْفُلْكَ تَجْرِیْ فِی الْبَحْرِ بِاَمْرِهٖ ؕ وَیُمْسِكُ السَّمَآءَ اَنْ تَقَعَ عَلَی الْاَرْضِ اِلَّا بِاِذْنِهٖ ؕ اِنَّ اللّٰهَ بِالنَّاسِ لَرَءُوْفٌ رَّحِیْمٌ ۟
ʹAlam tara ʹannal laaha sakhkhara lakum maa fil ʹarḍi wal-fulka tajree fil baḥri biʹamrih? Wa-yumsikus samaaaʹa ʹañ taq̣aʻa ʻalal ʹarḍi ʹillaa biʹiẓnih: ʹinnal laaha binnaasi la-Raʹoofur Raḥeem.
তুমি লক্ষ্য কৰা নাইনে, পৃথিৱীত যি আছে সেই সকলোবোৰক আল্লাহে তোমালোকৰ কল্যাণত নিয়োজিত কৰিছে আৰু নৌযানসমূহকো, যিবোৰ তেওঁৰ নিৰ্দেশতেই সাগৰত বিচৰণ কৰে? আৰু তেৱেঁই আকাশক ধৰি ৰাখিছে, যাতে তেওঁৰ অনুমতি নোহোৱাকৈ পৃথিৱীৰ ওপৰত পৰি নাযায়। নিশ্চয় আল্লাহ মানুহৰ প্ৰতি স্নেহশীল, পৰম দয়ালু।
Verse 22:66
وَهُوَ الَّذِیْۤ اَحْیَاكُمْ ؗ ثُمَّ یُمِیْتُكُمْ ثُمَّ یُحْیِیْكُمْ ؕ اِنَّ الْاِنْسَانَ لَكَفُوْرٌ ۟
Wa-Huwal laẓeee ʹaḥyaakum s̤umma yumeetukum s̤umma yuḥyeekum: ʹinnal ʹiñsaana lakafoor!
তেৱেঁই তোমালোকক জীৱিত কৰিছে আৰু তেৱেঁই তোমালোকৰ মৃত্যু ঘটাব, আকৌ তেৱেঁই পুনৰ তোমালোকক জীৱিত কৰিব। নিশ্চয় মানুহ বৰ বেছি অকৃতজ্ঞ।
Verse 22:67
لِكُلِّ اُمَّةٍ جَعَلْنَا مَنْسَكًا هُمْ نَاسِكُوْهُ فَلَا یُنَازِعُنَّكَ فِی الْاَمْرِ وَادْعُ اِلٰی رَبِّكَ ؕ اِنَّكَ لَعَلٰی هُدًی مُّسْتَقِیْمٍ ۟
Likulli ʹummatiñ jaʻalnaa mañsakan hum naasikoohu falaa yunaaziʻunnaka fil ʹamri wadʻu ʹilaa Rabbik; ʹinnaka laʻalaa Hudam Mustaq̣eem.
আমি প্ৰত্যেক উম্মতৰ বাবে ইবাদতৰ নিয়ম-পদ্ধতি নিৰ্ধাৰণ কৰি দিছোঁ যিটো সিহঁতে পালন কৰে। এতেকে সিহঁতে যেন এই বিষয়ে তোমাৰ লগত বিতৰ্ক নকৰে। তুমি তোমাৰ প্ৰতিপালকৰ পিনে আহ্বান কৰা। নিশ্চয় তুমি সৰল পথত প্ৰতিষ্ঠিত।
Verse 22:68
وَاِنْ جٰدَلُوْكَ فَقُلِ اللّٰهُ اَعْلَمُ بِمَا تَعْمَلُوْنَ ۟
Wa-ʹiñ jaadalooka faq̣ulil laahu ʹAʻlamu bimaa taʻmaloon.
আৰু সিহঁতে যদি তোমাৰ লগত বিতৰ্ক কৰে তেন্তে কোৱা, ‘তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক অৱগত’।
Verse 22:69
اَللّٰهُ یَحْكُمُ بَیْنَكُمْ یَوْمَ الْقِیٰمَةِ فِیْمَا كُنْتُمْ فِیْهِ تَخْتَلِفُوْنَ ۟
ʹAllaahu yaḥkumu baynakum Yawmal Q̣iyaamati feema kuñtum feehi takhtalifoon.
‘তোমালোকে যি বিষয়ে মতানৈক্য কৰিছা আল্লাহে কিয়ামতৰ দিনা সেই বিষয়ে তোমালোকৰ মাজত বিচাৰ-মীমাংসা কৰি দিব’।
Verse 22:70
اَلَمْ تَعْلَمْ اَنَّ اللّٰهَ یَعْلَمُ مَا فِی السَّمَآءِ وَالْاَرْضِ ؕ اِنَّ ذٰلِكَ فِیْ كِتٰبٍ ؕ اِنَّ ذٰلِكَ عَلَی اللّٰهِ یَسِیْرٌ ۟
ʹAlam taʻlam ʹannal laaha yaʻlamu maa- fis samaaaʹi wal-ʹarḍ? ʹInna ẓaalika fee Kitaab: ʹinna ẓaalika ʻalal laahi yaseer.
তুমি নাজানানে যে, আকাশ আৰু পৃথিৱীত যি আছে সেই সকলো বিষয়ে আল্লাহ অৱগত। নিশ্চয় সেই সকলো (লিখা) আছে এখন পুথিত। নিশ্চয় আল্লাহৰ ওচৰত এয়া অতি সহজ।
Verse 22:71
وَیَعْبُدُوْنَ مِنْ دُوْنِ اللّٰهِ مَا لَمْ یُنَزِّلْ بِهٖ سُلْطٰنًا وَّمَا لَیْسَ لَهُمْ بِهٖ عِلْمٌ ؕ وَمَا لِلظّٰلِمِیْنَ مِنْ نَّصِیْرٍ ۟
Wa-yaʻbudoona miñ doonil laahi maa- lam yunazzil bihee sulṭaanañw wamaa laysa lahum̃ bihee ʻilm: wa-maa liz̤̣z̤̣aalimeena min naṣeer.
আৰু সিহঁতে আল্লাহৰ পৰিবৰ্তে এনেকুৱা বস্তুৰ ইবাদত কৰে যিবোৰৰ বিষয়ে তেওঁ কোনো দলিল-প্ৰমাণ অৱতীৰ্ণ কৰা নাই, আৰু যাৰ বিষয়ে সিহঁতৰ কোনো জ্ঞানো নাই। (জানি থোৱা) যালিমসকলৰ কোনো সহায়কাৰী নাই।
Verse 22:72
وَاِذَا تُتْلٰی عَلَیْهِمْ اٰیٰتُنَا بَیِّنٰتٍ تَعْرِفُ فِیْ وُجُوْهِ الَّذِیْنَ كَفَرُوا الْمُنْكَرَ ؕ یَكَادُوْنَ یَسْطُوْنَ بِالَّذِیْنَ یَتْلُوْنَ عَلَیْهِمْ اٰیٰتِنَا ؕ قُلْ اَفَاُنَبِّئُكُمْ بِشَرٍّ مِّنْ ذٰلِكُمْ ؕ اَلنَّارُ ؕ وَعَدَهَا اللّٰهُ الَّذِیْنَ كَفَرُوْا ؕ وَبِئْسَ الْمَصِیْرُ ۟۠
Wa-ʹiẓaa tutlaa ʻalayhim ʹAayaatunaa Bayyinaatiñ taʻrifu fee wujoohil laẓeena kafarul muñkar! Yakaadoona yasṭoona bil-laẓeena yatloona ʻalayhim ʹAayaatinaa. Q̣ul ʹa-faʹunabbiʹukum̃ bisharrim miñ ẓaalikum? ʹAn-Naar! Waʻadahal laahul laẓeena kafaroo! Wa-biʹsal maṣeer.
আৰু সিহঁতৰ ওচৰত আমাৰ সুস্পষ্ট আয়াতসমূহ তিলাৱত কৰা হ’লে তুমি কাফিৰসকলৰ মুখমণ্ডলত অসন্তুষ্ট ভাৱ দেখিবলৈ পাবা। যিসকলে আমাৰ আয়াতসমূহক সিহঁতৰ ওচৰত তিলাৱত কৰে, তেওঁলোকক সিহঁতে আক্ৰমণ কৰিবলৈ উদ্যত হয়। কোৱা, ‘মই তোমালোকক ইয়াতকৈও নিকৃষ্ট বস্তুৰ সংবাদ দিমনে?--- সেয়া হ’ল জুই (জাহান্নাম)। যিসকলে কুফৰী কৰিছে আল্লাহে সিহঁতক ইয়াৰ প্ৰতিশ্ৰুতি দিছে। এইটো কিমান যে নিকৃষ্ট প্ৰত্যাৱৰ্তনস্থল!’
Verse 22:73
یٰۤاَیُّهَا النَّاسُ ضُرِبَ مَثَلٌ فَاسْتَمِعُوْا لَهٗ ؕ اِنَّ الَّذِیْنَ تَدْعُوْنَ مِنْ دُوْنِ اللّٰهِ لَنْ یَّخْلُقُوْا ذُبَابًا وَّلَوِ اجْتَمَعُوْا لَهٗ ؕ وَاِنْ یَّسْلُبْهُمُ الذُّبَابُ شَیْـًٔا لَّا یَسْتَنْقِذُوْهُ مِنْهُ ؕ ضَعُفَ الطَّالِبُ وَالْمَطْلُوْبُ ۟
Yaaaʹayyuhan naasu ḍuriba mas̤aluñ fastamiʻoo lah! ʹInnal laẓeena tadʻoona miñ doonil laahi lañy yakhluq̣oo ẓubaabañw walawij tamaʻoo lah! Wa-ʹiñy yaslubhumuẓ ẓubaabu shayʹal laa yastañq̣iẓoohu minh. Ḍaʻufaṭ ṭaalibu wal-maṭloob!
হে মানৱ সম্প্ৰদায়! এটা উদাহৰণ দাঙি ধৰা হৈছে, তোমালোকে মনোযোগ সহকাৰে শুনাঃ তোমালোকে আল্লাহৰ পৰিবৰ্তে যিবোৰক আহ্বান কৰা সিহঁতে আটায়ে মিলি কেতিয়াও এটা মাখিও সৃষ্টি কৰিব নোৱাৰে। বৰং মাখিয়ে যদি সিহঁতৰ পৰা কোনো বস্তু এটা কাঢ়ি নিয়ে, তথাপিও সিহঁতে তাৰ পৰা সেই বস্তুটোক উদ্ধাৰ কৰিব নোৱাৰিব। প্ৰাৰ্থনাকাৰী আৰু যাৰ ওচৰত প্ৰাৰ্থনা কৰা হয় সিহঁত উভয়েই দুৰ্বল।
Verse 22:74
مَا قَدَرُوا اللّٰهَ حَقَّ قَدْرِهٖ ؕ اِنَّ اللّٰهَ لَقَوِیٌّ عَزِیْزٌ ۟
Maa- q̣adarul laaha ḥaq̣q̣a q̣adrih: ʹinnal laaha la-Q̣awiyyun ʻAzeez!
সিহঁতে আল্লাহক যথাযোগ্য মৰ্যাদা দিয়া নাই যেনেকুৱা মৰ্যাদা দিয়া উচিত আছিল। নিশ্চয় আল্লাহ ক্ষমতাৱান, মহাপৰাক্ৰমশালী।
Verse 22:75
اَللّٰهُ یَصْطَفِیْ مِنَ الْمَلٰٓىِٕكَةِ رُسُلًا وَّمِنَ النَّاسِ ؕ اِنَّ اللّٰهَ سَمِیْعٌ بَصِیْرٌ ۟ۚ
ʹAllaahu yasṭafee minal malaaaʹikati Rusulañw Waminan naas: ʹinnal laaha Sameeʻum Baṣeer.
আল্লাহে ফিৰিস্তাসকলৰ মাজৰ পৰা আৰু মানুহৰ মাজৰ পৰা ৰাছুল মনোনীত কৰে। নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সম্যক দ্ৰষ্টা।
Verse 22:76
یَعْلَمُ مَا بَیْنَ اَیْدِیْهِمْ وَمَا خَلْفَهُمْ ؕ وَاِلَی اللّٰهِ تُرْجَعُ الْاُمُوْرُ ۟
Yaʻlamu maa- bayna ʹaydeehim wa-maa khalfahum: wa-ʹilal laahi turjaʻul ʹumoor.
তেওঁলোকৰ সন্মুখত আৰু পিছত যি যি আছে সেই সকলো তেওঁ জানে, আৰু সকলো বিষয় আল্লাহৰ ওচৰতেই প্ৰত্যাৱৰ্তিত কৰা হ’ব।
Verse 22:77
یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوا ارْكَعُوْا وَاسْجُدُوْا وَاعْبُدُوْا رَبَّكُمْ وَافْعَلُوا الْخَیْرَ لَعَلَّكُمْ تُفْلِحُوْنَ ۟
Yaaaʹayyuhal laẓeena ʹaamanur kaʻoo wasjudoo waʻbudoo Rabbakum wafʻalul khayra laʻallakum tufliḥoon.
হে মুমিনসকল! তোমালোকে ৰুকু কৰা, ছাজদাহ কৰা আৰু তোমালোকৰ প্ৰতিপালকৰ ইবাদত কৰা, লগতে সৎকৰ্ম কৰা, যাতে তোমালোকে সফল হ’ব পাৰা।(ছাজদাহ)
Verse 22:78
وَجَاهِدُوْا فِی اللّٰهِ حَقَّ جِهَادِهٖ ؕ هُوَ اجْتَبٰىكُمْ وَمَا جَعَلَ عَلَیْكُمْ فِی الدِّیْنِ مِنْ حَرَجٍ ؕ مِلَّةَ اَبِیْكُمْ اِبْرٰهِیْمَ ؕ هُوَ سَمّٰىكُمُ الْمُسْلِمِیْنَ ۙ۬ مِنْ قَبْلُ وَفِیْ هٰذَا لِیَكُوْنَ الرَّسُوْلُ شَهِیْدًا عَلَیْكُمْ وَتَكُوْنُوْا شُهَدَآءَ عَلَی النَّاسِ ۖۚ فَاَقِیْمُوا الصَّلٰوةَ وَاٰتُوا الزَّكٰوةَ وَاعْتَصِمُوْا بِاللّٰهِ ؕ هُوَ مَوْلٰىكُمْ ۚ فَنِعْمَ الْمَوْلٰی وَنِعْمَ النَّصِیْرُ ۟۠
Wa-jaahidoo fil laahi ḥaq̣q̣a jihaadih. Huwaj tabaakum wa-maa jaʻala ʻalaykum fid deeni min ḥaraj; Millata ʹabeekum ʹIbraaheem. Huwa sammaakumul Muslimeen. Miñ q̣ablu wa-fee haaẓaa liyakoonar Rasoolu shaheedan ʻalaykum wa-takoonoo shuhadaaaʹa ʻalan naas! Faʹaq̣eemuṣ Ṣalaata wa-ʹaatuz Zakaata waʻtaṣimoo billaah! Huwa Mawlaakum faniʻmal Mawlaa wa-niʻman Naṣeer.
আৰু আল্লাহৰ পথত জিহাদ কৰা যেনেকৈ জিহাদ কৰা উচিত। তেওঁ তোমালোকক মনোনীত কৰিছে। তেওঁ দ্বীন সম্পৰ্কে তোমালোকৰ ওপৰত কোনো কঠোৰতা আৰোপ কৰা নাই। এইটো তোমালোকৰ পিতা ইব্ৰাহীমৰ দ্বীন। তেৱেঁই তোমালোকক ইয়াৰ পূৰ্বেই নামকৰণ কৰিছে ‘মুছলিম’ হিচাপে, আৰু এই কিতাবতো (এই নামেৰে নামকৰণ কৰা হৈছে); যাতে ৰাছুল তোমালোকৰ বাবে সাক্ষী হয় আৰু তোমালোকে মানৱজাতিৰ বাবে সাক্ষী হোৱা। সেয়ে তোমালোকে ছালাত কায়েম কৰা, যাকাত প্ৰদান কৰা আৰু আল্লাহক মজবুতকৈ অৱলম্বন কৰা; তেৱেঁই তোমালোকৰ অভিভাৱক, তেওঁ কিমান যে উত্তম অভিভাৱক আৰু কিমান যে উত্তম সহায়কাৰী!